“ফ্ৰি দ্য নিপল” মুভমেন্ট

“ফ্ৰি দ্য নিপল” মুভমেন্ট

ধ্ৰুৱজ্যোতি ধনন্তৰি

✔️ ছ’চিয়েল মিডিয়াত আজিকালি বহুতেই যুৱতী-মহিলাসকলে বক্ষযুগল প্ৰদৰ্শন কৰি প্ৰস্তুত কৰা ৰীলছক লৈ ক্ষুৰধাৰ সমালোচনাৰ লগতে তীব্ৰ আক্ৰমণাত্মক হৈ পৰা দেখা যায়। এনে লোকসকলৰ বহুতেই এই ধৰণৰ ৰীলছৰ বাবেই বৰ্তমানৰ নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱা বুলিও মন্তব্য আগবঢ়াই আহিছে। কোনো কোনোৱে আকৌ ভাৰত তথা অসমত ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ এয়াও এক অন্যতম কাৰণ বুলিও দাবী কৰা দেখা গৈছে। ইয়াৰ বিৰুদ্ধে এইসকল স্বয়ম্ভূ সচেতন লোকে ৰিপ’ৰ্ট কৰা বা ফেচবুক তথা ইনষ্টাগ্ৰামৰ উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত আপত্তি প্ৰদৰ্শন কৰিব বুলিও সময়ে সময়ে হুংকাৰ দি আহিছে। কিন্তু তেওঁলোকে নাজানে যে আজিৰ পৰা তিনিবছৰ পূৰ্বে ফেচবুক-ইনষ্টাগ্ৰামকে আদি কৰি অধিকাংশ আন্তঃৰ্জাতিক ছ’চিয়েল মিডিয়া প্লেটফৰ্মেই মহিলাৰ ‘টপলেছ নিউডিটি’কলৈ যথেষ্ট কঠোৰ আছিল যদিও সম্প্ৰতি সেই কঠোৰতা শিথিল হৈ পৰিছে আৰু এনে ফটো-ভিডিঅ’ ৰিপ’ৰ্ট কৰিলেও সেইবোৰ আগৰ দৰে এতিয়া আৰু আঁতৰাই নিদিয়ে। (ছেটিংছত গৈ নিজৰ টাইমলাইনত তেনে কণ্টেণ্ট যাতে Show নকৰে সেয়া কৰি থোৱাৰ ব্যৱস্থা আছে) ইয়াৰ মূল কাৰণ হৈছে সমগ্ৰ বিশ্বতে মহিলাসকলে আৰম্ভ কৰা ‘ফ্ৰি দ্য নিপল’ ম’ভমেণ্ট বা আন্দোলন। Body-equality আন্দোলন হিচাপে পৰিগণিত ‘ফ্ৰি দ্য নিপল’ আন্দোলনৰ মূল এয়াই যে পুৰুষসকলে যদিহে দেহৰ উৰ্ধাংশত পোছাক নিপিন্ধিলেও কোনো সমস্যা নহয় তেন্তে নাৰীৰ পীনোন্নত বক্ষযুগল থাকিল বুলিয়েই সেয়া গোপন কৰি ৰখা বা ঢাকি ৰখাৰ বাধ্যবাধকতা কিয়? পুৰুষসকল ইমানেই কামাতুৰ আৰু সেই কামভাৱ নিয়ন্ত্ৰণ কৰিব পৰাকৈ শক্তিহীন নেকি যে নাৰীৰ পীনোন্নত বক্ষযুগল দেখিলেই তেওঁলোকৰ কামভাৱ জাগি উঠিব আৰু নাৰীৰ ওপৰত দৈহিক আৰু মানসিকভাৱে ক্ষুধাতুৰ ৰাক্ষসৰ দৰে জপিয়াই পৰিবলৈ উদ্যত হৈ পৰিব? ‘ফ্ৰি দ্য নিপল’ শীৰ্ষক এই আন্দোলন সৰ্বপ্ৰথম আৰম্ভ হৈছিল ২০১২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত (পোষ্টটোৰ তলত সংলগ্ন কৰা ফটো সেই আন্দোলনৰেই)। এই ‘ফ্ৰি দ্য নিপল’ আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰে ২০২২ চনত। তেতিয়ালৈকে ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰে পুৰুষৰ বুুকুৰ ওপৰৰ অংশত কোনো পোছাক নাথাকিলেও আপত্তি প্ৰদৰ্শন কৰা নাছিল যদিও নাৰীৰ উৰ্ধাংশ সামান্যভাৱে উন্মুক্ত হ’লেই ‘নিউডিটি’ তথা আপত্তিজনক বুলি কৈ তেনে ফটো বা ভিডিঅ’ আঁতৰাই দিছিল। কিন্তু এই আন্দোলন আমেৰিকা, লেটিন আমেৰিকা আৰু ইউৰোপ মহাদেশত তীব্ৰতৰ হৈ পৰাত ২০২৩ চনত আন্তৰ্জাতিক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, ইউটিউব, টিকটক, এক্স, ইনষ্টাগ্ৰাম আদিয়ে আপত্তিজনক ফটো বা ভিডিঅ’ক লৈ থকা নিয়মৰ পৰিৱৰ্তন ঘটাবলৈ বাধ্য হৈ পৰে। এই অনুযায়ী ফেচবুক, ইনষ্টাগ্ৰাম আৰু ৰীলছৰ মালিকানাধীন কোম্পানী মেটাই মহিলাৰ নিউডিটি বা নগ্নতাক লৈ যি নিয়ম আছিল সেয়া শিথিল কৰিবলৈ বাধ্য হৈ পৰে। ইয়াৰ ফলস্বৰূপে ফেচবুক, ইনষ্টাগ্ৰাম, ৰীলছ আদিৰ দৰে প্লেটফৰ্মত মহিলাসকলেও পুৰুষসকলৰ দৰে খালী গাৰে দেহৰ উৰ্ধাংশ প্ৰদৰ্শন কৰিলেও সেয়া আপত্তিজনক হিচাপে গণ্য কৰিবলৈ এৰি দিয়ে। অৱশ্যে এই ক্ষেত্ৰত সন্তানক স্তনপান কৰোৱা ফটো বা ভিডিঅ’, কলাত্মকভাৱে বুকুৰ পীনোন্নত অংশ বা নিপল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰতহে মেটাই পূৰ্বে থকা আপত্তিজনক ফটো বা ভিডিঅ’ৰ নিষেধাজ্ঞা বিশ্বব্যাপী প্ৰত্যাহাৰ কৰে। ইয়াক লৈ মেটা সমালোচনাৰ সন্মুখীন হয় যদিও ‘ফ্ৰি দ্য নিপল’ আন্দোলনৰ নেতৃত্বই কয় যে পুৰুষসকলৰ দেহৰ মুক্ত প্ৰকাশে যদিহে মহিলাসকলক উত্তেজিত নকৰে তেন্তে মহিলাসকলৰ নিপল প্ৰত্যক্ষ কৰি পুৰুষসকল উত্তেজিত হৈ পৰাৰ বাবে পুৰুষসকলহে দায়ী, মহিলাসকল নহয়। আন্দোলনৰ নেতৃবৰ্গই পুৰুষসকলক নাৰীৰ দেহক লৈ থকা নিজৰ দৃষ্টিভংগী সলনি কৰিবলৈকো আহ্বান জনায়। আমেৰিকাল লছ এঞ্জেলছৰ ‘ফ্ৰি দ্য নিপ’ল’ মোভমেণ্টৰ এগৰাকী সমৰ্থক মিশ্বেল আৰ হাফে এই সন্দৰ্ভত কয়, ”নাৰীৰ উন্নত স্তনযুগলক একাংশ লোকে যৌনতাৰ প্ৰতীক কৰি তুলিছে। কিন্তু স্তনযুগল মানৱ সভ্যতাৰ আৰম্ভণিতে যৌনতাৰ প্ৰতীক নাছিল আৰু হোৱা উচিত নহয়। স্তন হৈছে স্তন্যপায়ী জন্তুৰ মূল, স্তন্যপায়ী জীৱৰ সন্তানৰ বাবে পৰম অমৃতস্বৰূপ। গতিকে নাৰীৰ স্তনযুগল ব্লাৰ কৰিবলগা বা ঢাকি ৰাখিবলগাকৈ কোনো আপত্তিজনক বস্তু নহয়। এনে নিয়মৰ পৰিৱৰ্তন হোৱা উচিত।’’ যি নহওক, ভাৰতকে আদি কৰি তৃতীয় বিশ্বৰ যিসমূহ দেশত এতিয়াও নাৰীৰ শৰীৰক পণ্য সামগ্ৰী হিচাপে গণ্য কৰা হয় আৰু চৰকাৰ প্ৰশাসনৰ পৰা আৰম্ভ কৰি সৰ্বত্ৰে পুৰুষতান্ত্ৰিক মানসিকতাৰ জয়-জয়কাৰ চলে তেনে দেশসমূহত ‘ফ্ৰি দ্য নিপল’ আন্দোলনৰ মৰ্মাৰ্থ পুৰুষ বাদেই নাৰীসকলেও যে উপলব্ধি নকৰে সেয়া নিশ্চিত। সেয়ে আজি আমাৰ মুলুকত ধৰ্ষণ বা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ’লেই নিজকে সচেতন বুলি দাবী কৰা পুৰুষ-নাৰী সকলোৱে ‘ফেচবুক-ইনষ্টাগ্ৰামত বুকু দেখুৱাই ফুৰিলে ৰেপকেছ নাবাঢ়িবই কিয়’ বুলি মন্তব্য কৰা দেখা যায়। এনে লোকসকলক সমগ্ৰ বিশ্বজুৰি আৰম্ভ হোৱা ‘ফ্ৰি দ্য নিপল’ৰ দৰে আন্দোলনৰ কথা কৈ লাভেই বা কি? বৰঞ্চ তেনে কথা ক’বলৈ গ’লে কোৱাজনকে চৰিত্ৰহীন তথা আন একাধিক তলখাপৰ বিভূষণেৰে বিভূষিত কৰাৰ সম্ভাৱনাই অধিক! অৱশ্যে এটা কথা ঠিক যে আমাৰ এই মুলুকৰ তথাকথিত অশ্লীল (!) ৰীলছ বনোৱা মহিলাসকলৰ অধিকাংশই এইবোৰ কথাৰ একো ভূকে পোৱা নাই। এই ম’ভমেণ্ট নে আন্দোলন আদি খায় নে পিন্ধে সেইবোৰো একোৱেই নাজানে আৰু জানিবলৈ চেষ্টাও নকৰে। তেওঁলোকে মাথো এটাই জানে যে কিবা ট্ৰেণ্ডিং চলিছে আৰু সেই ট্ৰেডিঙত উটি গৈ থাকিব লাগে! বাকী দেশ-দুনীয়াৰ ক’ত কি হয় বা হৈ আছে সেইবোৰক লৈ তেওঁলোক চূড়ান্ত মক্কেলৰ দৰেই নিৰ্বিকাৰ আৰু উদাসীন। ফলত তেওঁলোক সহজেই আনৰ চিকাৰ হৈ পৰে অথবা নিজেই নিজক এই পুৰুষতান্ত্ৰিক মানসিকতাৰ সমাজখনত ভোগৰ সামগ্ৰী কৰি তোলে।

(বিঃদ্ৰঃ এই লেখাটো পঢ়ি বহুতেই ক’ব পাৰে যে আমেৰিকাৰ কথা ভাৰত-অসমৰ মানুহক বুজাই কি লাভ? এইবোৰে আমাৰ সমাজখনক বিপথেহে পৰিচালিত কৰিব। কিন্তু কথা হ’ল এই বিশ্বায়নৰ যুগত আমি ভাৰত তথা অসম মুলুকত থাকিয়েই আমেৰিকা-ইংলেণ্ড তথা পশ্চিমীয়া সভ্যতাৰ প্ৰভাৱেৰে প্ৰভাৱিত ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি আহিছো। তাৰপিছতো যদি কোনোৱে বিশ্বায়নৰ এই প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰি ৰখাৰ শ্ল’গান আওৰাই তেন্তে সেয়া ডাব’ল ষ্টেণ্ডাৰ্ডৰ বাদে আন একো নহয়!)

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *