নিজৰ বাবেই জীয়াই থাকক
ৰঘুমলা বৰকৈ বাঢ়িছে
সাৰ পানী পাই হালিছে জালিছে
কোনোবা আপোন জনৰ ঘৰ ভেঁটি কাঢ়িবলৈ
আৰু এজাক ধুমুহা বলিছে।
নদীয়ে গৰা ভাঙে
নদীয়ে গতি সলনি কৰে
নদীৰ অবিহনেও এতিয়া
হুৰহুৰাই পানী সোমাই আহিব খুজিছে,
বাধা দিবলৈ
ৰঙা ফিটাৰ এখিলা বগা কাগজে
বাট ভেটি ৰাখিছে।।
মোৰ জীয়াই থকাৰ মন।
নিজৰ হৈ নিজৰ পৰিচয় লৈ
নিজৰ বাবে নিজৰ দৰে,,,,
ঢল জাক সোমাই যদি
লগত অনা মেটেকা বিহলঙনী
মোৰ শিপাত বহি
ৰঘূমলা হৈ
মোকেই দহে যদি,,,,,,
নৱযানী বৰুৱা শইকীয়া ডিগবৈ
তিনিচুকীয়া জিলা, অসম
9101768437
ভালপোৱা নে যন্ত্ৰনা
*******************
খিৰিকি মুখত উলাই আহাচোঁন
দুনয়নত এবাৰ দেখা দিয়াচোঁন,
তোমাক এপ’লক দেখা পালে
মই জীয়াই থকাৰ প্ৰেৰণা পাওঁ
মোক জীয়াই থাকিব দিয়াচোঁন ।।
হৰিণী নয়না তুমি !
ময়ূৰ পংখী চুলি কোচাঁ,
ভালপোৱা দিয়া নাই যদিওঁ
জীয়াই থকাৰ প্ৰেৰণাটো দিছা ।।
আঁতৰি যাব খুজিছাঁ আঁতৰি যোৱা!
সচাঁ কথাটো এবাৰ কৈ যোৱা,
সেয়া প্ৰেম আছিল নে তোমাৰ ?
আছিল ছলনা, এবাৰ কৈ যোৱা ।।
তুমি জানো দেখা নাই
কবিতাৰ ভাষা তুমি বুজা নাই,
এয়া কলমৰ চিয়াঁহী নে ?
মোৰ বুকুৰ কেচাঁ তেজ
তুমি জানো দেখা নাই ।।
মোৰ কলমৰ চিয়াঁহী শেষ হ’ব ধৰিছে;
চিয়াঁহীৰ ঠাইত তেজ ব’ব ধৰিছে
তোমালৈ থকা মৰম, অভিমানবোৰ
আজি ঘৃণালৈ ৰূপান্তৰ হব ধৰিছে ।।
বহুৰূপী মানুহৰ মুখৰ কথাত
অন্তৰ দেখা নাপালোঁ,
জীয়াই থাকিব লাগে বাবেই জীয়াই আছোঁ
এয়া মোৰ শৈল হে দেখিছা তুমি,
আত্মাক চিতাত কেতিয়াবাই
মুখাগ্নি কৰিছোঁ ।।।
✍️এচ.জামান (সুৰজ)
গুৱাহাটী
ম: ৮০৯৯২-৪১৩৬৬
কেতিয়াবা সুধিব দেউতাক
কেতিয়াবা সুধিব দেউতাক ?
কিমান বৰষুণ দিলে
দেউতাৰ গা তিতিব ।
কেতিয়াবা সুধিব দেউতাক ?
কিমান ৰ’দ দিলে
দেউতাৰ গা গৰম হব।
কেতিয়াবা সুধিব দেউতাক ?
কেনেধৰণৰ কথাই তেওঁক
থমকাই তুলিব ।
কেতিয়াবা সুধিব দেউতাক ?
কেনে পৰিশ্ৰমে তেওঁক
অবসাদ কৰিব।
কেতিয়াবা সুধিব দেউতাক ?
কেনে জোতা কিনিলে
পুৰণা জোতা যোৰ পিন্ধিবলৈ এৰিব ।
শ্ৰী কৃষ্ণ দাস।
তৃতীয় ষাণ্মাষিক
দূৰভাষ=600138810
অংকুৰণ
ৰুমালখনত তিয়াই থোৱা শব্দবোৰ
আইৰ কোলাত সন্তোষেৰে শুই ,
আশ্ৰয়ৰ এখন বিশাল আকাশলৈ
ৰূপান্তৰিত হ’ল ।
তাইৰ দুচকুত গজি উঠিছিল
এখন বাস্তৱ কিতাপৰ “দিঠকীয়” আখৰবোৰ
কিতাপখনে কেতিয়াবা উশাহ লয়
কেতিয়াবা নিশাহ এৰে শিল সম ঘনত্বৰে !
নাই , নাই , তাই তাইৰ শিপাডাল
কাহানিও নাপাহৰে
এতিয়া যে তাইজনী নৈ সদৃশ বুজন হ’ল !
শিলবোৰ গৰ্ভত ধাৰণ কৰি
সৰ্পিল পথেৰে আগুৱাই গৈ ,
স্বৰ্গ ঢুকিবলৈ জনা হ’ল , তাইৰ বুকুৰ ঢৌবোৰে
দুপাখিৰ আকাংক্ষাই আজি আৰু আমনি নকৰে
“পৰিধিত” হৈ হে , ৰক্তাশয়ে শান্তি পায়
আইৰ দুবাহুত আজিও সেই শব্দ প্ৰিয়াৰ শৈশৱে
ঘৰ ঘৰ খেলিব খোজে !
আসঃ শৈশৱ ,
উশাহে আৱৰা কেনে এক সন্মোহন !
কিন্তু সময় ,
ই যে পৰিৱৰ্তনৰ থল
ই যে বিৱৰ্তনৰ পট
শীৰ্ণ জীয়নতো , আজিও জীয়ন আছে
হেৰাই যোৱা নাই ।
✍️ সংগীতা ডেকা , ৰঙিয়া
ফোন নম্বৰ – ৯১০১০১১৮৬৫
আই
১. এন্ধাৰৰপৰা পোহৰলৈ কেইখোজৰ বাট
বাঢ়ি অহা বিষত সেয়া কেৱল আয়ে জানে
পৃথিৱীৰ প্ৰথম পোহৰ দেখাৰপৰা
ভৱিষ্যতৰ অনিশ্চিত গতিপথত
বকুলৰ পাহি হেন অলেখ খোজ
আই তোৰ কোলাত আকৌ শিতান পাতিম
তোৰ দুখৰ আঙুলিবোৰ উমলিব
মোৰ মেঘবৰ্ণ চুলিৰ ঢৌত
উভতি আহিবনে
আই দুখৰ দিনত সুখ
আঁজলিপাতি তুলি ধৰিম তোৰ মুখ
বিষাদবিহ্বল মুখত ফুলিবনে এপাহি ফুল
আই
তোৰ স’তে আকুল অন্তৰংগ হিয়া
সুখে দুখে তুমুৰলি আমাৰ কলিজা
দিনবোৰ গলি গলি শেষ হয়
দুখৰ ভৰত শোকৰ শেতেলী উজাগৰে ৰয়
তোকনো কি কওঁ আই
এতিয়াযে ময়ো ইহঁতবোৰৰ আই
২. আই
আমি নাৰী
জীৱনৰ কঠিন মাটিত
আমাৰ প্ৰতিটো খোজ
ৰ’দে বৰষুণে
কঢ়িয়াই ফুৰোঁ দুখৰ বোজা
সামৰি লওঁ যতমানে হা হুতাহ
শেলুৱৈ গজা শিল ধুই ধুই
আৰম্ভ কৰোঁ জাহ্নৱী যাত্ৰা
ওৰে জীৱন কি বিচাৰো আমি
এটা পোহৰময় সেন্দুৰীয়া বাট
অহেতুক হেঁপাহত এটা অমাতৰ মাত
আমি নাৰী
আমি নদী
অনাদৰী বিষন্ন জীৱন আমাৰ
সাতোৰঙী ৰামধেনুৰ হেঙুল হাইতাল
আমাৰ সপোনৰ পৃথিৱী জাৰজ
আমাৰ জীৱনৰ আকাশ অৰ্দ্ধ
সত্যৱতী আমি
মৎস্যগন্ধা আমি
আমাৰ দুহাতত দোলে
এই পৃথিৱীৰ আৰণ্যক সময়…
মনালিছা শইকীয়া
গাওঁ: ম’হমাইকী মণ্ডল গাওঁ
ডাক: বোকাখাত
জিলা: গোলাঘাট , অসম
ডাকসূচক সংখ্যা: ৭৮৫৬১২
দূৰভাষ: ৭০০২৯৩৮৮৩৬