বাওঁ চকু লৰিছে তুমি চাগৈ আহিবা…

বাওঁ চকু লৰিছে তুমি চাগৈ আহিবা…

 

✍️ অংকুমণি দেৱী

চকুৰ পতা কঁপাটো বহুতৰ বাবে সম্ভাব্য কিবা ঘটনাৰ পূৰ্বাভাস বা ইংগিত । বহুতে ইয়াক পজিটিভ ভাবেৰে লয় যদিও আন একাংশৰ মতে ই আপদৰ আগজাননী । এই সম্পৰ্কত বিজ্ঞানে কি কয় বাৰু ?

আচলতে চকুৰ পতা কিয় কঁপে ?

চকুৰ পতা হৈছে আমাৰ শৰীৰৰ সবাতোকৈ পৰিশ্ৰমী মাংশপেশী যিয়ে প্ৰতিদিন গড়ে প্ৰায় ১৯০০০ বাৰ
পর্যন্ত পলক পেলায় । এই ঊর্ধ্বসীমা পাৰ হৈ গ’লেই সমস্যাৰ সূত্রপাত হয়। মনত ৰখা উচিত যে চকুৰ পলক পৰাৰ লগত আমাৰ ফেচ মাচোল বা মুখমণ্ডলৰ পেশী সঞ্চালন ওতোপ্রোতঃ ভাবে জড়িত। ফলত অকাৰণতে যদি চকুৰ পতা লৰে তেন্তে তাৰ অন্তৰালতো আছে বিজ্ঞানসন্মত কাৰণ । কু সংস্কাৰ বা অন্ধবিশ্বাসৰ পৰিধী অতিক্ৰমী অচল সত্যটি বুজি লোৱা খুবেই দৰকাৰ ।

১. ক্লান্তিৰ প্ৰভাৱ

টোপনিৰ অভাৱত আমাৰ শৰীৰত ভাগৰ বা ভাগৰুৱা অৱস্থাৰ সৃষ্টি হয়। একেদৰে চকু আৰু চকুৰ চৌপাশৰ পেশীবোৰো ভাগৰুৱা হ’ব পাৰে। যদি চশমাৰ চকুৰ শক্তি/নিৰ্দিষ্ট লেন্স শুদ্ধ নহয়, তেতিয়াও চকুটো টান হৈ থাকে। প্ৰয়োজনীয় সময়তকৈ কম চশমা পিন্ধিলেও একেধৰণৰ পৰিঘটনা হ’ব পাৰে।
যিসকলে দিনটোৰ বেছিভাগ সময় লেপটপ, ডেস্কটপ বা ডিজিটেল ডিভাইচত কাম কৰি কটায়, ঠিক তেনেদৰে তেওঁলোকৰ চকু দুটাও ‘চকুৰ ক্লান্তি’ ৰোগত আক্ৰান্ত হ’ব পাৰে, যাৰ প্ৰথম লক্ষণ হ’ব পাৰে চকুৰ পতা লৰি থকা।

২. খাদ্যাভ্যাস

অত্যধিক কফি, চাহ, ধূমপান, মদ্যপানে স্নায়ুত দীৰ্ঘদিনীয়া প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে, চকুৰ পতা অনিচ্ছাকৃতভাৱে কঁপি উঠা (অনিয়ন্ত্ৰিত কঁপনি) এটা প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

৩. ঔষধৰ পাৰ্শ্বক্ৰিয়া

আজিকালি যিকোনো বয়সতে সুস্থ হৈ থাকিবলৈ ঔষধৰ ব্যৱহাৰ লক্ষ্যণীয়। ইয়াৰ দীৰ্ঘদিনীয়া পাৰ্শ্বক্ৰিয়াও আছে। কেইবাটাও স্নায়ুৰ ঔষধ, মাইগ্ৰেইনৰ ঔষধৰ প্ৰভাৱত এনেকুৱা হয়। চিকিৎসকৰ পৰামৰ্শ অবিহনে বা অনিয়ন্ত্ৰিতভাৱে এই ঔষধসমূহ গ্ৰহণ নকৰিব।

৪. চকুৰ আভ্যন্তৰীণ সমস্যা

চকুৰ কনজাংটিভা নামৰ আৱৰণত কংক্ৰিচন বা সৰু সৰু পাথৰৰ দৰে সামগ্ৰী জমা হ’লে চকুত বিষ হ’ব পাৰে। লগতে মেইব’নিয়ান গ্ৰন্থিৰ অকাৰ্য্যকৰীতা, ব্লেফেৰাইটিছ, চকুৰ পতা সংক্ৰমণ বা চকুৰ ভিতৰত সোমাই থকা বাহিৰা বস্তু (ধূলি)ৰ ক্ষেত্ৰতো এনে হ’ব পাৰে। আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল কনটেক্ট লেন্সৰ অনুচিত ব্যৱহাৰ।   উদাহৰণস্বৰূপে, যদি কোনোবাই ভুলতে গোটেই ৰাতি লেন্স লগাই টোপনি যায়, তেন্তে কৰ্ণিয়াৰ ঘৰ্ষণ বা আঘাতৰ ফলত পিছলৈ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৫. স্নায়ুৰ সমস্যা

চকুৰ পতা অস্বাভাৱিকভাৱে লৰচৰ কৰাটো কিছুমান স্নায়ুজনিত বিকাৰৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। মাল্টিপল স্ক্লেৰচিছ, হেমিফেচিয়েল স্পাজম ইয়াৰ ভিতৰত অন্যতম।

৬. সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত

পিতৃ-মাতৃয়ে প্ৰায়ে চিন্তা কৰে যে শিশুটিয়ে অধিক চকু টিপিয়াই থকা যেন লাগে। যদি শিশুটিয়ে খাদ্য খোৱাৰ সময়ত চকুৰ পতা তললৈ নামি যায় তেন্তে ই মাৰ্কাছ গানৰ উইংকিং চিণ্ড্ৰমৰ লক্ষণও হ’ব পাৰে। বৃদ্ধৰ ক্ষেত্ৰত ইয়াক মুদ্ৰা দোষ হিচাপে দেখা যায়, কিন্তু দৈনন্দিন জীৱনত অসুবিধাৰ সৃষ্টি নকৰে।

কি কৰিব কি নকৰিব

১.  সাধাৰণতে ৫-৭ দিনৰ ভিতৰত পতা কঁপা নিজে নিজে বন্ধ হৈ যায়। এই ক্ষেত্ৰত ভয় কৰাৰ কোনো কাৰণ নাই। কিন্তু ইয়াৰ পিছতো যদি এই অৱস্থা স্থায়ী হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
ঘৰুৱা উপায় হিচাপে পৰিষ্কাৰ পানীৰে চকু ধুব পাৰে, চকুত অলপ গৰম পেষ্ট লগাব পাৰে ইত্যাদি। মানসিক চাপৰ পৰা উপশম পোৱাৰ বাবে ধ্যান সদায় উপযোগী। টিয়াৰ ড্ৰপ দিনে তিনিৰ পৰা চাৰিবাৰ ব্যৱহাৰ কৰিব পাৰি।
২.  আনহাতে, চকু দুটাত খচখচি হ’লেও দোকানৰ পৰা কিনা কোনো ধৰণৰ এন্টিবায়টিক বা ষ্টেৰইড ড্ৰপ নিদিব, কনটেক্ট লেন্স লগোৱাৰ পৰা বিৰত থাকিব, সমস্যা যদি হয়ো তেন্তে চশমা ব্যৱহাৰ কৰিব। টোপনিৰ বা স্নায়ুৰ ঔষধ নিজে ডাক্তৰ হৈ প্ৰয়োগ নকৰিব।

কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে?

১. যেতিয়া চকুত পতা কঁপাৰ লগতে চকু চেঁচা পৰে, জ্বলা-পোৰা কৰে বা পানী উলাই থাকে, বা বিষ হয়।

২.  যদি ৫-৭ দিনৰ পাছতো চকুৰ পতা কঁপনি বন্ধ নহয়, দিনটোৰ এটা নিৰ্দিষ্ট সময়ত বাৰে বাৰে এনেকুৱা হয়।

৩.  যদি মুখৰ জোকাৰণি বা মুখৰ পেশীৰ অনিয়ন্ত্ৰিত গতিবিধি পৰিলক্ষিত হয় ।

৪l যদি এচিঙৰ বাবে চকুৰ পতা খোলা ৰাখিব নোৱাৰি ।

৫.  সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত সম্পূৰ্ণ চকুৰ পৰীক্ষাত পলম নকৰিব।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *