চেপ্তেম্বৰ মাহৰ ৰাশিফল

চেপ্তেম্বৰ মাহৰ ৰাশিফল

ৰাশিফল চেপ্তেম্বৰ মাহ ২০২৪
১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ
জ্যোতিষী-শ্ৰী ৰেৱন দেৱ শৰ্মা দূৰভাষ-৯৮৬৪৫-১৩৮৪৫

মেষ ৰাশি (অ, ল) : শৰীৰৰ প্ৰতি সচেতন হব। যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হব। ধন খৰচৰ পৰিমাণ বাঢ়িব পাৰে। ভাতৃ ভগ্নীৰ লগত কোনো কাৰ্য্যত মতবিৰোধ হব পাৰে । গৃহ কাৰ্য্যৰ উন্নয়নত মানসিক সুখ প্ৰাপ্তি। গোপণ শত্ৰুৰ পৰা ক্ষতিৰ সম্ভাবনা। কৰ্মত সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। বিদ্যাৰ্থীৰ শুভ সংযোগ লাভ কৰিব। সামাজিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। উপাস্য দেৱতা মা বগলা।

বৃষ ৰাশি (ই, উ, ব): স্বাস্হ্যৰ প্ৰতি সচেতন হব। পুৰণা ৰোগৰ বাবে অশান্তি বাঢ়িব। হঠাৎ ধন খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হব। পাৰিবাৰিক সমস্যা সমাধানৰ বাবে শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থী সু হৃদয় ব্যক্তিৰ পৰা সহায়তা লাভ কৰিব। সাহিত্য, সাংস্কৃতিক দিশৰ লগত জড়িত ব্যক্তিৰ সুনাম অৰ্জন। উপাস্য দেৱতা ভূৱনেশ্বৰী।

মিথুন ৰাশি(ক,ছ): শৰীৰৰ প্ৰতি সচেতন হব। যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হব। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব । আত্মীয় স্বজনৰ দু: সংবাদ পাব পাৰে।মূল্যৱান সম্পদ হানি হব পাৰে। বিদ্যাৰ্থীৰ শৈক্ষিক দিশত অগ্ৰসৰ। আত্মীয়ৰ দু: সংবাদৰ বাবে মনোকষ্ট বাঢ়িব। ধন, সম্পদ মাটি বাৰী সম্পৰ্কীয় দিশত বিবাদৰ সন্মুখীন হব লাগিব। আধ্যাত্মিক কীৰ্তি চিহ্ন দৰ্শনত সৌভাগ্য প্ৰাপ্তি।ব্যৱসায়ত শুভ সংযোগ লাভ কৰিব। কৰ্মত ভয়, উদ্বেগ বাঢ়িব। সামাজিক কাৰ্য্যত দায়িত্ব বৃদ্ধি। উপাস্য দেৱতা ত্ৰিপুৰা সুন্দৰী।

কৰ্কট ৰাশি(ড ,হ): শৰীৰ মধ্যম। ন্যায্য প্ৰাপ্তিত মানসিক সুখ লাভ । আত্মীয় স্বজনৰ লগত মনোমালিন্য হব পাৰে। বন্ধুৰ পৰা কাৰ্য্যত সতৰ্ক হব। বিদ্যাৰ্থীৰ শুভ কাৰ্যত বাধাৰ সন্মুখীন হব পাৰে।
প্ৰেম প্ৰীতিত মানসিক উদ্বেগ বাঢ়িব। বিবাদ নিষ্পত্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। সামাজিক কাৰ্য্যত প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা যায়। হঠাৎ শুভ বাৰ্তা লাভ কৰিব পাৰে। ব্যৱসায়ত শুভাশুভ। উপাস্য দেৱতা কমলা।

সিংহ ৰাশি(ম,ট): স্বাস্হ্যৰ প্ৰতি সচেতন হব । সঞ্চিত ধন আনৰ হাতে বাবে হঠাৎ খৰছ হব পাৰে। খাদ্য গ্ৰহনত সতৰ্ক হব । ন্যায্য প্ৰাপ্তিত বাধাৰ সন্মুখীন হব লাগিব । বিদ্যাৰ্থীৰ সাহস আৰু কাৰ্য্যদক্ষাতা বাঢ়িব। পুৰণি সমস্যা সমাধানৰ শুভ সংবাদ লাভ কৰিব। মাটি বাৰী সম্পৰ্কীয় দিশত বিবাদৰ সন্মুখীন হব পাৰে। সাহিত্য অনুৰাগী শুভ সংযোগ লাভ কৰিব। ব্যৱসায়িক দিশত মিশ্ৰিত ফল। দূৰ ভ্ৰমণত সতৰ্ক হব।উপাস্য দেৱতা মাতঙ্গী ।

কন্যা ৰাশি (প,ঠ): স্বাস্হ্যৰ প্ৰতি সচেতন হব। যি কোনো খাদ্য গ্ৰহণ আৰু দূৰ ভ্ৰমণত সতৰ্ক হব। পাবলগীয়া ধন সম্পদ প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। মূল্যৱান সম্পদ ক্ৰয়ত মানসিক সুখ প্ৰাপ্তি। বিদ্যাৰ্থীৰ শিক্ষাগত দিশত মনৰ আশা পূৰণত বাধাৰ সন্মুখীন হব লাগিব। পিতৃ মাতৃৰ প্ৰতি দুশ্চিন্তা বাঢ়িব। পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব পাৰে। ব্যৱসায়ত নতুন চিন্তা চৰ্চা উপাস্য দেৱতা ত্ৰিপুৰা সুন্দৰী।

তুলা ৰাশি (ৰ, ত): শৰীৰৰ আৰোগ্য লাভ কৰিব। যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হব। গৃহ কাৰ্য্যৰ উন্নয়নত সুখ প্ৰাপ্তি। বিদ্যাৰ্থীৰ যশ মান প্ৰাপ্তিৰ যোগ দেখা যায়। পুৰণি ৰোগৰ বাবে অশান্তি বাঢ়িব।কৰ্মত গোপন শত্ৰুৰ পৰা ক্ষতিৰ সম্ভাবনা। আধ্যাত্মিক,মাংগলিক কাৰ্য্যত নতুন যোগাযোগ লাভ কৰিব। আৰ্থিক দিশত শুভ সংযোগ লাভ কৰিব। দূৰ ভ্ৰমণৰ পৰিকল্পনা। সামাজিক, আধ্যাত্মিক দিশত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। ব্যৱসায়ত মিশ্ৰিত ফল। প্ৰেম প্ৰীতিত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হব। উপাস্য দেৱতা ভূৱনেশ্বৰী।

বৃশ্চিক ৰাশি (ন,য): স্বাস্হ্যৰ প্ৰতি সচেতন হব। ধন সম্পদ প্ৰাপ্তিৰ যোগ দেখা যায়। ঘৰুৱা কাৰ্য্যত উন্নয়নৰ যোগ। অৱশ্যে মাটি বাৰী,সম্পদ সম্পৰ্কীয় দিশত বিবাদৰ সন্মুখীন হব পাৰে। বিদ্যাৰ্থীৰ এলাহ ভাৱ বাঢ়িব। যান বাহন চলাচলত সতৰ্ক হব। কৰ্মত আধৰুৱা কাৰ্য্যৰ সফলতা অর্জন। সামাজিক দিশৰ লগত জড়িত ব্যক্তিৰ সুনাম অর্জন। ব্যৱসায়িক কাৰ্য্যত শুভাশুভ। উপাস্য দেৱতা বগলামুখী।

ধনু ৰাশি (ধ,ফ,ভ) :শৰীৰ মধ্যম । ভাতৃ ভগ্নী ক্লেশ। গৃহ কাৰ্য্যৰ উন্নয়ণৰ নতুন পৰিকল্পনা । পিতৃ মাতৃৰ প্ৰতি দুশ্চিন্তা বাঢ়িব। বিদ্যাৰ্থীৰ পুৰণি সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। বিপৰীত লিংগৰ পৰা কাৰ্য্যত সতৰ্ক হব।কোনো কাৰ্য্যত প্ৰতাৰিত হব পাৰে। কৰ্মত পদ মৰ্যদা বাঢ়িব। সাহিত্য, সাংস্কৃতিক দিশত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। ব্যৱসায়ত নতুন যোগাযোগ লাভ কৰিব।
উপাস্য দেৱতা তাৰা ।

মকৰ ৰাশি(খ , জ) : শৰীৰ মধ্যম । পুৰণি ৰোগৰ বাবে অশান্তি বাঢ়িব। সঞ্চিত ধন হঠাৎ খৰচ হব পাৰে। ভাতৃ ভগ্নী ক্লেশ। কাৰ্য্যত আত্মীয় স্বজনৰ বিৰোধিতাৰ বাবে মনোকষ্ট বাঢ়িব। গৃহ কাৰ্য্যত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হব। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে আনৰ পৰা সহযোগিতা লাভ কৰিব। কৰ্মত উৎসাহ বৃদ্ধি। কোনো কাৰ্য্যত প্ৰৱঞ্চনাৰ সন্মুখীন হব পাৰে। পাৰিবাৰিক দিশত সামান্য মতবিৰোধ হব পাৰে। সৌভাগ্য প্ৰাপ্তিৰ পৰা বঞ্চিত হব পাৰে। ব্যৱসায়ত বিশেষ ব্যক্তিৰ পৰা শুভ সংযোগ প্ৰাপ্তিৰ যোগ দেখা যায়। উপাস্য দেৱতা দক্ষিণা কালী।

কুম্ভ ৰাশি(গ,শ ,স) স্বাস্হ্যৰ প্ৰতি সচেতন হব। খাদ্য গ্ৰহণ আৰু দূৰ ভ্ৰমণত সচেতন হব। আকস্মিক ভাৱে ধন খৰছৰ পৰিমাণ বাঢ়িব পাৰে। গৃহ কাৰ্য্যৰ সিদ্ধান্তত সতৰ্ক হব । বিদ্যাৰ্থীৰ আনৰ পৰা সহায়তা লাভ কৰিব। বিপৰীত লিংগৰ পৰা সতৰ্ক হব। কোনো কাৰ্য্যত অপবাদৰ সন্মুখীন হব পাৰে। আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। যান বাহন চলাচলত সতৰ্ক হব । বিদ্যাৰ্থীৰ বন্ধুৰ পৰা সহায়তা লাভ কৰিব। প্ৰেমত ভয়,উদ্বেগ বাঢ়িব। ব্যৱসায়িক কাৰ্য্যত মিশ্ৰিত ফল । উপাস্য দেৱতা দক্ষিণাকালী।

মীন ৰাশি (দ ,চ) :স্বাস্হ্যৰ প্ৰতি সচেতন হব। বাত বিষ, পেটৰ ৰোগ,মধুমেহ আদি ৰোগত ভূগোল পাৰে। সঞ্চিত ধন হঠাৎ খৰচ হব পাৰে। পিতৃ মাতৃৰ প্ৰতি দুশ্চিন্তা বাঢ়িব । ভাতৃ ভগ্নীৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। বিদ্যাৰ্থীৰ মিত্ৰ লাভ। কাৰ্য্যত বিশেষ ব্যক্তিৰ পৰা প্ৰতাৰিত হব পাৰে। পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব । কৰ্মৰ স্থান সলনি হব পাৰে। সামাজিক, সাংস্কৃতিক কাৰ্য্যত প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা যায়। দূৰ ভ্ৰমণত সচেতন হব।উপাস্য দেৱতা তাৰা।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *