এই সংখ্যাৰ অতিথি বিশিষ্ট লেখিকা তথা শিক্ষয়িত্ৰী বিজু দেৱী

এই সংখ্যাৰ অতিথি বিশিষ্ট লেখিকা তথা শিক্ষয়িত্ৰী  বিজু দেৱী

সাক্ষাৎগ্ৰহণকাৰীঃ ৰাতুল দাস শৰণীয়া

বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ জন্ম, শিক্ষা, দাম্পত্য জীৱন ইত্যাদি৷

বিজু দেৱীঃ নমস্কাৰ। প্ৰথমে মই আপোনাৰ লগতে বিন্দু আলোচনী খনৰ লগত জড়িত সকলো ব্যক্তিলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
মোৰ জন্ম দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ পাতিদৰং নামৰ গাঁৱত। মোৰ দেউতা হাইস্কুলৰ এজন শিক্ষক আছিল। সৰুৰে পৰা এখন আদৰ্শৱান ঘৰত ডাঙৰ-দীঘল হৈছিলো।প্ৰাথমিক শিক্ষা গাঁৱৰে বিদ্যালয় খনতে লোৱা হয় ।আৰু পাতিদৰং গাঁৱ খনৰ পৰা কিছু দূৰৈত দেওমৰনৈ হায়াৰ চেকেণ্ডেৰী স্কুলত হাইস্কুলীয়া শিক্ষা লাভ কৰিছিলো। তাৰ পিছত মঙ্গলদৈ কলেজৰ পৰা সংস্কৃত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰোঁ। পৰবৰ্তী সময়ত noise ৰ পৰা ডি,এল,এড, কম্পিউটাৰ ডিচিএ কৰ্চ আৰু অসমীয়া আৰু হিন্দীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ। মোৰ বিবাহ সম্পন্ন হয় ব্যৱসায়ী শ্ৰীমান শশীন শৰ্মাৰ লগত।

বিন্দুঃ আপোনাৰ কৰ্মজীৱনৰ বিষয়ে কওকচোন ! কেতিয়াৰ পৰা শিক্ষকতা কৰিবলৈ ললে ?

বিজু দেৱীঃ মোৰ কৰ্ম জীৱনৰ কৰ্মস্থলী হৈছে গুৱাহাটী পাঞ্জাবাৰী (বাঘৰবৰি) স্থিত গুণেশ্বৰী মেধি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল । মই ২০১৬ চনৰ পৰা উক্ত বিদ্যালয়খনত শিক্ষকতা কৰি আহিছোঁ।

বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো৷ কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল?

বিজু দেৱীঃ মই অতি কম বয়সৰ পৰা সাহিত্যৰ প্ৰতি আকৰ্ষিত আছিলোঁ। হাইস্কুলৰ আলোচনীত কবিতা, মহাবিদ্যালয়ৰ হোষ্টেলৰ আলোচনীত গল্প প্ৰকাশ, নানা অনুষ্ঠান, প্ৰতিষ্ঠানৰ আলোচনীত বিভিন্ন প্ৰবন্ধ, লেখা প্ৰকাশ পাইছিল । তাৰ মাজতে ২০০৬ চনত সাদিন বাতৰি কাকত‌খনত‌ ৰাইজৰ চিঠিত মোৰ এটা হাঁহিৰ ওপৰত লেখা প্ৰবন্ধই অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছিল। তাৰপিছত বিভিন্ন আলোচনী, যেনে সাহিত্য সভাৰ পত্ৰিকা, আৰক্ষীৰ তিনীমহীয়া আলোচনী অনুসন্ধান, কামৰূপ জ্যোতি, ইত্যাদি ইত্যাদি। মোৰ প্ৰথম সামাজিক উপন্যাস “ধুমুহাৰ আঁৰত ৰ’দৰ ৰেঙণি”, গল্প পুথি “সীমান্ত প্ৰহৰী” ইতিমধ্যে প্ৰকাশ হোৱাৰ লগতে জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছে। অলপতে ইন্দ্ৰধনু সাংস্কৃতিক নাট্য গোষ্ঠীয়ে মোৰ এটাগল্প “বিজয়া দশমী ” নাট্য ৰূপ দিয়ে। তাৰোপৰি এখন উপন্যাস আৰু কবিতা পুথি প্ৰকাশৰ পথত।

বিন্দুঃ এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে? অলপ বিস্তাৰিতভাবে কওকচোন!

বিজু দেৱীঃ এতিয়ালৈকে মই সাহিত্যৰ দিশটোত সদস্যা হিচাপে বহু কাম কৰি আহিছোঁ। তথাপিও লেখত ল’বলগীয়া হিচাপে গুৱাহাটীৰ এটি সাহিত্য সভাৰ শাখা বৃহত্তৰ পাঞ্জাবাৰী সাহিত্য সভাৰ সহকাৰী‌ সম্পাদিকা, আলোচনী সম্পাদিকা হৈছো। বৰ্তমান মই গুৱাহাটী অন্যতম জনপ্ৰিয় শাখা “পাঞ্জাবাৰী পঞ্চৰত্ন শতদল সাহিত্য সভা”ৰ সম্পাদিকা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছো।

বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি? বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে তেওঁলোকে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে?

বিজু দেৱীঃ মোৰ দৃষ্টিত সাহিত্য হৈছে সমাজৰ এনেকুৱা এটা বিষয় যাৰ জৰিয়তে সমাজ খনক আবেগিক, মানসিক ভাৱে সকলোকে এদাল এনাজৰীৰে বান্ধ খোৱাই ৰখাব পৰা শক্তি নিহিত থকা পথ।
কম বেছি পৰিমাণে নহয়। কাৰণ ঠিকে ঠাকে থকা বুলি একেষাৰতে ক’ব নোৱাৰি। কাৰণ পূৰ্বৰ গীত, কাহিনী আদিৰ ৰচনাত একোটা সুকীয়া আমেজ আছিল।যিটো কাহিনীয়ে আমৰণ সোঁৱৰাই দিয়ে। কিন্তু বৰ্তমান প্ৰায় বোৰ গীতএবাৰ শুনাৰ পিছত পাহৰি যোৱা হয়।এই কাৰণে ক’ব পাৰি গীতিকাৰ সুৰকাৰ সকলে আধুনিকতাত লীন নহৈ কিছু সাধনাৰ প্ৰয়োজন আছে।

বিন্দুঃ সচেতন লেখিকা হিচাপে আপুনি আপোনাৰ লেখাত কোনবোৰ কথাক প্ৰাধান্য দিয়ে?

বিজু দেৱীঃ সচেতন লেখিকা হিচাপে মোৰ লেখা বোৰত সমাজৰ সমস্যা বোৰ উদঙাই তাৰ সমাধান বিচাৰি লিখা হয়।
যেনেকৈ মোৰ প্ৰথম সামাজিক উপন্যাস “ধুমুহাৰ আঁৰত ৰদৰ ৰেঙণি ” সেইখন অধ্যয়ন কৰিলে পাব তাত বিমল হতে শৈশৱত পোৱা ঘন ভয়াল অৰণ্যখন কেনেকৈ বিলুপ্ত ঘটিছিল। ঠিক তেনেকৈ মোৰ গল্প পুথি “সীমান্ত প্ৰহৰী”খনৰ প্ৰত্যেকটো গল্পতে একোটা সমাজৰ আদৰ্শ আৰু পাঠক সমাজলৈ মেচেজ সোমাই আছে । শেহতীয়া ভাৱে আৰু এখন উপন্যাস প্ৰকাশৰ পথত য’ত গুৱাহাটীবাসীৰ পানী সমস্যাৰ সমাধান বিচাৰি লিখা হৈছে।

বিন্দু ঃ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ অধিক প্ৰশস্ত হৈছে বুলি ভাবেনে? আপোনাৰ দৃষ্টিত সামাজিক মাধ্যমৰ এটা ভাল দিশ আৰু এটা বেয়া দিশৰ বিষয়ে কওকচোন৷

বিজু দেৱীঃ একেবাৰে এই ক্ষেত্ৰত নুই কৰিব পৰা নায়ায়। কাৰণ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট অধিক জনপ্ৰিয় আৰু প্ৰশস্ত হোৱাত সহায়ক হৈছে বুলি ভাবোঁ। ভাল দিশ হৈছে ই কম সময়ৰ ভিতৰতে প্ৰচাৰ হয়। বেয়া দিশটো হৈছে প্ৰচাৰৰ খৰখেদাত নৈতিকতা, যোগ্যতাৰ দিশটোত কম গুৰুত্ব দিয়া হয়।

বিন্দুঃ অসমীয়া পাঠকে কিতাপ কিনি নপঢ়ে- এয়া এক বহুদিনীয়া অভিযোগ । বৰ্তমান সামাজিক মাধ্যমৰ আগমনে কথাটো যেন অধিক প্ৰাসংগিক কৰি তুলিছে ! আপুনি কি দেখিছে ? বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাহিৰা কিতাপ অধ্যয়নৰ স্পৃহা কমিছে নে বাঢ়িছে বুলি ভাবে আপুনি ?

বিজু দেৱীঃ এইটো অভিযোগ সম্পূৰ্ণ সঁচা নহয়। কাৰণ উৎকৃষ্ট মানদণ্ডৰ লেখা বৰ্তমানেও অসমীয়া মানুহে সামাজিক মাধ্যমত চৰ্চাৰ জৰিয়তে অধিক মূল্যৰ বিনিময়ত কিনা দেখা যায়।
বিশেষকৈ ছাত্ৰ ছাত্ৰী‌ সকলে পূৰ্বতকৈ বাহিৰা কিতাপ অধ্যয়নৰ স্পৃহা কমা বুলিও ক’ব নোৱাৰি কাৰণ মোৰ উপন্যাস ধুমুহাৰ আঁৰত ৰদৰ ৰেঙণি খন বহু কেইজনে লগৰ পৰা জানি মূল্য দি নিছে। কিন্তু লেখক সমাজৰ এটি কৰণীয় দায়িত্ব আছে । আদৰ্শ হীন কিতাপ যাতে তেওঁলোকে প্ৰকাশ নকৰে।

বিন্দুঃ “পঢ়ায়, পঢ়ে, ৰোৱে পাণ/ ই তিনি নিচিন্তে আন”- এগৰাকী শিক্ষক হিচাপে উক্ত আপ্তবাক্যষাৰী আপুনি কেনেদৰে গ্ৰহণ কৰি আহিছে ?

বিজু দেৱীঃ এজনী শিক্ষয়িত্ৰী হিচাপে উক্ত আপ্ত বাক্যষাৰী হৃদয়েৰে গ্ৰহণ কৰো। কাৰণ তিনিওটা বিষয়েই অতি গুৰুত্বপূৰ্ণ। সেয়েহে খুব মনোযোগেৰে সম্পাদন কৰিব যত্ন কৰো।

বিন্দুঃ শিক্ষকতা এক পৱিত্ৰ বৃত্তি । এক কথাত শিক্ষকসকল হৈছে ভিৱিষ্যত সমাজৰ নিৰ্মাতা । কিন্তু এই ক্ষেত্ৰত সমৰ্পিত ভাবেৰে কাম কৰিবলৈ নিশ্চয় শিক্ষকসকলে পাব লাগিব এক চাপহীন মুকলি পৰিৱেশ । শিক্ষক সমাজে পাইছেনে সেই পৰিৱেশ ? আপুনি কি ভাবে ?

বিজু দেৱীঃ হয়। অতি প্ৰাচীন কালৰ পৰা উক্ত বৃত্তিটো প্ৰচলিত। প্ৰথমে গুৰু‌ গৃহৰ আশ্ৰমত তাৰ পিছত টোল, মাদ্ৰাছা, স্কুল, মহাবিদ্যালয়লৈ পৰ্যবসিত হ’ল। নিশ্চয়।এশ শতাংশ শুদ্ধ কথা । গোটেই শিক্ষক সমাজ বুলিলে ভুল কোৱা হ’ব। হয়তো সমাজৰ দুই এজন শিক্ষক কেতিয়াবা বাধাৰ সন্মুখীন হোৱা দেখা যায়। মই ভাবো এই ক্ষেত্ৰত অভিভাৱক, সমাজ, লগতে বিদ্যালয়ৰ সকলো শিক্ষকৰে দায়বদ্ধতা আছে। কাৰণ এতিয়াও গোটেই ছাত্ৰ সমাজ বেয়া হোৱা নাই । তাৰ মাজৰ কিছু সংখ্যক বিপথে পৰিচালিত হৈছে। সঠিক পথলৈ অনাতো পৰোক্ষভাৱে শিক্ষক সমাজৰো দায়িত্ব আছে বুলি মই‌ ভাৱো।

বিন্দুঃ অসমৰ সমাজ জীৱনত নাৰীৰ মৰ্যাদা সম্পৰ্কে আপোনাৰ অভিজ্ঞতা কেনেকুৱা? আজিৰ আধুনিক নাৰী সুৰক্ষিত নে?

বিজু দেৱীঃ অসমৰ সমাজ জীৱনত নাৰীৰ এক সুকীয়া আসন আছে। য’ত নেকি দেৱী পূজা কৰা হয় । কিন্তু আজিৰ আধুনিক নাৰী একেবাৰে সুৰক্ষিত নহয়।

বিন্দুঃ নাৰীৰ “সমঅধিকাৰ“ শব্দটোক আপুনি কেনেদৰে গ্ৰহণ কৰে? সমঅধিকাৰ বিচৰা মানেই নিশ্চিতভাবে কিবা অধিকাৰৰ পৰা বঞ্চিত থকা৷ নাৰী বঞ্চিত নে? যদি হয় তাৰ বাবে কোন জগৰীয়া আপোনাৰ মতে? পুৰুষ?

বিজু দেৱীঃ নাৰী সম অধিকাৰ বিচৰা মানে নিশ্চয় অধিকাৰৰ পৰা বঞ্চিত। ইয়াৰ বাবে অকল পুৰুষ জৰিত বুলি ক’ব পৰা নাযায় পৰোক্ষভাৱে সমাজৰ কিছুমান নীতি নিয়ম জৰিত।

বিন্দুঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব?

বিজু দেৱীঃ সকলো পুৰুষ একে নহয়। মই যিমান পুৰুষ লগ পাইছোঁ যেনে দেউতা, স্বামী, দাদা, বিদ্যালয়ৰ সঞ্চালক,ভিনদেউ, সহকৰ্মী প্ৰায় বোৰ পুৰুষ মোৰ দৃষ্টিত ত্যাগী আৰু আদৰ্শ বান‌ ব্যক্তি।

বিন্দুঃ একাংশ লোকে ক’ব বিচাৰে যে ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়ে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীতা আনি দিছে৷ আপুনি কি ভাবে? বৃদ্ধাৱস্থাটোক সৰ্বতোপ্ৰকাৰে সুখী কৰিব পৰাকৈ পৰিৱেশ ৰচনা কৰি বৃদ্ধাশ্ৰমবোৰ যদি পৰিকল্পিতভাবে গঢ়ি তুলিব পৰা যায় আৰু পৰিয়ালৰ লোকসকল প্ৰতিদিনে এবাৰ হলেও তেওঁলোকক সংগ দিবলৈ বাধ্য থাকে তেন্তে আপুনি বিষয়টো কেনেদৰে গ্ৰহণ কৰিব?

বিজু দেৱীঃ এই কথাটো কম বেছি পৰিমাণে সত্য বুলিও ক’ব পাৰি আৰু নোৱাৰিও। কাৰণ অপ্ৰিয় হলেও সত্য যে বৃদ্ধাশ্ৰমত থকা বেছিভাগ লোকৰ সন্তানবোৰ শিক্ষিত। কিন্তু খাতিখোৱা লোকৰ পিতৃ- মাতৃ বৃদ্ধাশ্ৰমত নগণ্য সংখ্যকহে আছে। পৰিয়ালৰ লোকে সদায় এবাৰ হলেও বৃদ্ধাশ্ৰমত গৈ নিজৰ পিতৃ মাতৃক দেখা কৰিব লগা নিয়ম হলে হয়তো বৃদ্ধাশ্ৰম শব্দটো ক্ৰমান্বয়ে নোহোৱা হৈ আহিব।

বিন্দুঃ ল’ৰা সন্তানৰ সমানে কন্যা সন্তানকো ভাৰতীয় আইনে পৈতৃক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিবাহিতা কন্যা সন্তানে পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বৰ পৰা আঁতৰি থাকে৷ কি ক’ব আপুনি?

বিজু দেৱীঃ- সকলো কথা আইনৰ অধীনত হলেও মানুহৰ মানসিকতাই মুখ্য ভূমিকা গ্ৰহণ কৰে। মানসিকতা ভাল হ’লে লৰা-ছোৱালীৰ কথা আহি নপৰে।

বিন্দুঃ আমাৰ দেশৰ বাবে ধৰ্ষণ এক সামাজিক ব্যাধী স্বৰূপ হৈ পৰিছে । বৰ্তমান সময়ত কলিকতাৰ আৰ. জি. কৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসক এগৰাকীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাই উত্তাল কৰি ৰাখিছে সমগ্ৰ দেশ । এনেবোৰ কাৰ্যকলাপ ৰোধৰ বাবে কি পৰামৰ্শ দিব আপুনি ?

বিজু দেৱীঃ বৰ্তমান সময়ত এইটো এটা সামাজিক ব্যাধিৰ দৰে হৈছে।এই ক্ষেত্ৰত দোষী সকলৰ হৈ সহানুভূতি বা কেইটামান টকাৰ বাবে কিছুমান উকীল জড়িত হয়।এই ভয়ানক ৰূপ লোৱা ব্যাধিৰ ক্ষেত্ৰৰ যদি সকলো মানুহে আতৰি থাকে তেতিয়া হলে কিছুমান দুষ্টলোক এইবোৰৰ পৰা আঁতৰি থাকিব। এইক্ষেত্ৰত ঘৰুৱা শিক্ষা আৰু উচ্ছ মানসিকতাৰ প্ৰয়োজনীয়তা আছে।

বিন্দুঃ গতিশীল সময়ৰ হাত ধৰি বহু নতুন চিন্তা, নতুন ধাৰণাৰ আমদানী হয়৷ সময়ৰ গতিৰ সৈতে ছন্দ মিলাব নোৱাৰাজনকে পুৰণি বুলি কোৱা হয়৷ সেই সময়ৰ হাত ধৰিয়েই আমাৰ সমাজলৈও সোমাই আহিব ধৰিছে লিভ ইন টুগেদাৰ ব্যৱস্থা৷ আপুনি কেনেদৰে চাইছে বিষয়টো?

বিজু দেৱীঃ মানুহৰ জীৱন নিৰ্বাহৰ বাবে অতীত আৰু বৰ্তমান লগ হৈ ভবিষ্যত দেখা যায়। ভাৰতীয় দৰ্শন তথা সভ্যতা পৃথিৱীৰ পুৰণি সভ্যতা। এইবোৰ সাধাৰণতে অকলশৰীয়া বিশৃংখল মনৰ পৰিচায়ক তথা বিত্তীয় অহংকাৰী মনোভাৱ।

বিন্দুঃ শেহতীয়াভাৱে বাল্য বিবাহ, বহু বিবাহ, তালাক ব্যৱস্থা আদি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিবোৰ সংস্কাৰকামী ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে সিবোৰৰ প্ৰতি আপোনাৰ অভিমত কি?

বিজু দেৱীঃ কুসংস্কাৰ তথা কিছুমান গোড়া মনোভাৱৰ বাবে কিছুমান লোকে এই কুসংস্কাৰৰ কামবোৰৰ উচতনি দিয়া দেখা যায়। চৰকাৰী ভাৱে যি সিদ্ধান্ত বা আইন আনিছে এই ক্ষেত্ৰত চৰকাৰে উচিত প্ৰদক্ষেপ গ্ৰহন কৰিছে।

বিন্দুঃ শাহু আৰু বোৱাৰীৰ মাজৰ সংঘাত বা দ্বন্দ্ব্ব আমাৰ সমাজত চিৰাচৰিতভাবে চলি আহিছে৷ এগৰাকী বোৱাৰী বা শাহু হিচাপে আপোনাৰ ব্যক্তিগত অভিজ্ঞতা?

বিজু দেৱীঃ ভাৰতৰ প্ৰাচীন কালৰে পৰা শাহু বোৱাৰীৰ মাজত সোমাই থকা এখন অঘোষিত যুদ্ধ।এই যুঁজত লৰা তথা স্বামীৰ কৰনিয় থাকে।তাৰ বাহিৰেও নিজৰ ছোৱালী আৰু নিজৰ মাতৃ হিচাপে গ্ৰহণ কৰিব পাৰিলে এই যুঁজ খন নহয়।মাক জীয়েক হিচাপে সম্পৰ্ক ৰক্ষা কৰিব লাগিব তেতিয়া একো অসুবিধা নহয়।লগতে কিছুমান এৰা ধৰাৰ মাজত থকা দৰকাৰ।

বিন্দুঃ আমাৰ সমাজত গাৰ্হস্থ্য হিংসা বা বোৱাৰী নিৰ্যাতনৰ যিসমূহ ঘটনা সংঘটিত হয় তাত স্বামীৰ পৰিয়ালৰ অন্যান্য নাৰীও জড়িত থকা সততে পৰিলক্ষিত হয়৷ ইয়ে নাৰীয়ে যে নাৰীৰ শত্ৰু সেইটোকে প্ৰতিপন্ন নকৰেনে? আপুনি কি ভাবে?

বিজু দেৱীঃ নাৰীৰ শত্ৰু নাৰীয়ে।গাৰ্হস্থ্য হিংসাৰ প্ৰথম আৰম্ভণি হয় সম্পৰ্কীয় বা স্বামী গৃহৰ নাৰী সকলৰ বাবে। ৰামায়ণ মহাভাৰত বা আন বহুতো গ্ৰন্থত নাৰীক নাৰীৰ শত্ৰু হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে।এই কথাটো একেবাৰে নহয় বুলি কোৱা অসুবিধা।বহুতো ক্ষেত্ৰত সচা হিচাপে দেখা পোৱা গৈছে।

বিন্দুঃ নাৰী নিৰ্যাতনৰ সমান্তৰালভাবে পুৰুষ নিৰ্যাতনৰ প্ৰসংগয়ো বৰ্তমান সময়ত চৰ্চা লাভ কৰিছে । কোৱা হয় বহু নিৰূপায় পুৰুষে এডজাষ্ট কৰি লয়, বহু নিৰ্যাতিত পুৰুষে নাৰীৰ এনে পীড়ণক স্বীকাৰ কৰি লয় সংসাৰখন ধৰি ৰখাৰ স্বাৰ্থত । আপুনি কি কয় ?

বিজু দেৱীঃ আত্মসন্মানৰ বাবে বহু পুৰুষে নিৰ্যাতনৰ বিষয়ে কোনো মানুহৰ লগত আলোচনা কৰা দেখা পোৱা নাই। নাৰী নিৰ্যাতনৰ বিষয়ে ঘৰৰ লগতে আত্মীয় সকলেও হুলস্থুল কৰা দেখা যায়, যাৰ বাবে সকলো ধৰণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰে।কিন্তু পুৰুষ এজনে সকলো কথা নিজে নিজেই সমাধান কৰিব বিচাৰে আৰু ঘৰ খনৰ লগতে নিজৰ আত্মসন্মান বজাই ৰাখিবলৈ চেষ্টা কৰে।

বিন্দুঃ ধনৰ বাবেই হওক অথবা যৌনক্ষুধা পুৰণৰ বাবেই হওক, প্ৰাপ্তবয়স্ক নাৰীক ভাৰতৰ আইনী ব্যৱস্থাই সম্পূৰ্ণ যৌন স্বাধীনতা প্ৰদান কৰিছে ! এই ক্ষেত্ৰত আপোনাৰ অভিমত ?

বিজু দেৱীঃ সামাজিক নীতি নিয়মৰ দায়বদ্ধতা নিজৰ মানসিকতা আৰু আত্মসন্মানবোধ থকা মানুহে এইবোৰ নকৰে। কিছুমান বিশেষ লোকৰ বাবে সহজে ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত মই ভাবোঁ নিজৰ নিজৰ মানসিকতা এইবোৰ।

বিন্দুঃ ৰাজনীতি এতিয়া সমাজৰ সৰ্বস্তৰলৈ বিয়পিছে । ইয়াক আপুনি শুভলক্ষণ বুলিব নে অন্য প্ৰকাৰে বাখ্যা আগবঢ়াব ? শিক্ষকসকল ৰাজনীতিৰ সৈতে জড়িত হোৱা কাৰ্যক আপুনি সমৰ্থন কৰেনে ?

বিজু দেৱীঃ ব্যক্তিগত স্বাৰ্থ, লাভ লোকচান, সামাজিক দ্বায়িত্ব নথকা ব্যক্তি সকলে ৰাজনীতি জগতৰ প্ৰবেশ কৰিলেও সমাজৰ একো উন্নতি সাধন নহয়। সামাজিক ভাৱে দ্বায়বদ্ধ আৰু শিক্ষিত লোক সকল জড়িত হলে ৰাজনৈতিক বাতাবৰণ ভাল হব।

বিন্দুঃ মূল্যবোধৰ ৰাজনীতি বুলিলে আপুনি কি বুজে ? বৰ্তমান সময়ৰ ৰাজনীতিক আপুনি কোনটো স্তৰত ৰাখিব বিচাৰিব ?

বিজু দেৱীঃ বৰ্তমান সময়ত মূল্যবোধৰ ৰাজনীতি দেখা পোৱা নাই।ব্যক্তি স্বাৰ্থ দেখা পোৱা যায়।সামাজিক দ্বায়বদ্ধ থকা দেখা পোৱা নাই।ৰাইজৰ বাবে ৰাজনীতি কৰা যেন অনুভৱ নহয়। বৰ্তমান সময়ৰ ৰাজনীতি ব্যক্তি স্বাৰ্থ আৰু ক্ষমতা কেন্দ্ৰীক।

বিন্দুঃ ধৰি লোৱা হ’ল আপোনাক এদিনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠীত কৰা হ’ল । প্ৰথম কামটো আপোনাৰ কি হ’ব ?

বিজু দেৱীঃ কৰ্ম সংস্কৃতিৰ অভাৱ তথা এলেহুৱা মানুহৰ মূখ্যমন্ত্ৰী হোৱাৰ মানসিকতা নাই যদিও শিক্ষা, স্বাস্থ্য আৰু আইন ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰা বিচাৰো।

বিন্দুঃ জীৱনৰ এনে এক আকাংক্ষাৰ কথা কওক যাক আপুনি আহৰণ কৰিব নোৱাৰিলে, যিটোৰ বাবে হয়তো গোপন মনে এতিয়াও মাজে মাজে ব্যাকুলতা অনুভৱ কৰে৷

বিজু দেৱীঃ দেশৰ হৈ খেল খেলিবলৈ বহুত মন আছিল যদিও সেইসময়ত ৰঙাফিটাৰ মেৰপেছৰ বাবে মোৰ সম্ভাৱনাৰ অকাল মৃত্যু হৈছিল।

বিন্দুঃ আপোনাক যদি এই মুহূৰ্তত ঈশ্বৰে তিনিটা বৰ দিব বিচাৰে তেন্তে আপুনি কি কি বিচাৰিব?

বিজু দেৱীঃ ১ম মোৰ সাহিত্য চৰ্চাৰ জৰিয়তে মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰিব পৰাৰ আৰ্শীবাদ।
২য় নবপ্ৰজন্মক নৈতিক শিক্ষা দিয়া আৰু দায়িত্ব বোধৰ আৰ্শীবাদ।
৩য় সকলো লোকে সামাজিক ভাৱে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব পৰা আৰ্শীবাদ।

বিন্দুঃ ধৰি লওক এটা জনপ্ৰাণীহীন দ্বীপত আপোনাক নিৰ্বাসন দিয়া হ’ল৷ লগত কি বিচাৰিব আপুনি?

বিজু দেৱীঃ মানুহ যিহেতু সাধাৰণতে সামাজিক ভাৱে জীয়াই থাকে, যদি এনেকুৱা এক পৰিস্থিতিৰ সন্মুখীন হব লগা হয় তেতিয়া হলে গান শুনা আৰু কিছু পৰিমাণে সাহিত্য সৃষ্টি কৰিব পৰাকৈ কাগজ কলম বিছাৰিম।

বিন্দুঃ কোৱা হয় এটা সুন্দৰ হাঁহিৰ আঁৰত কিছু বিষাদো থাকে ! আপোনাৰ হাঁহিটোও বৰ ধুনিয়া । সেই হাঁহিৰে আপুনি কিবা বিষাদ ঢাকিব বিচাৰে নেকি ?

বিজু দেৱীঃ সকলোৰে ক্ষেত্ৰত কিছুমান কথা একে নহয় যদিও বিষাদ শব্দটিৰ পৰা আতৰি আছোঁ বৰ্তমান সময়লৈকে। মানুহে নিজৰ নিজৰ কৰ্মব্যস্ততা, অৰ্থনৈতিক, শাৰীৰিক, মানসিক অস্থিৰতাৰ বাবে হাঁহিবলৈ পাহৰি গৈছে। হাহিটো শৰীৰৰ বাবে এক মহৌষধ।লক্ষ্মীনাথ বেজবৰুৱাৰ কথাৰে সকলোৱে হাঁহি থাকক, লৰা- ছোৱালী, ডেকা -বুঢ়া-বুঢ়ী, আনকি দাঁত নোহোৱায়ো হাঁহক।

বিন্দুঃ আগন্তুক দহটা বছৰৰ পিছত আপুনি নিজক কেনে অৱস্থাত পাব বিচাৰে?

বিজু দেৱীঃ এগৰাকী প্ৰতিস্থিত সাহিত্যিক হিচাপে।

বিন্দুঃ প্ৰিয় ফুল?
বিজু দেৱীঃ গোলাপ ।

বিন্দুঃ প্ৰিয় মানুহ?
বিজু দেৱীঃ মোক সকলো সময়তে উৎসাহ,সাহসেৰে জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া মোৰ স্বামী শশীন শৰ্মা।

বিন্দুঃ প্ৰিয় ৰাজনৈতিক নেতা?
বিজু দেৱীঃ প্ৰয়াত অটল বিহাৰী বাজপেয়ী আৰু ড০ মনোমোহন সিং।

বিন্দুঃ প্ৰিয় ৰং?
বিজু দেৱীঃ ৰঙা

বিন্দুঃ প্ৰিয় ঠাই?
বিজু দেৱীঃ মোৰ জন্ম স্থান তথা দৰং জিলা।

বিন্দুঃ প্ৰিয় কিতাপ?
বিজু দেৱীঃ অসীমত যাৰ হেৰাল সীমা।

বিন্দুঃ ভাল লগা গান ?
বিজু দেৱীঃ প্ৰয়াত জয়ন্ত হাজৰিকাই গোৱা “তোমাৰ মৰমে মোক ——–”

বিন্দুঃ প্ৰিয় সাহিত্যিক?
বিজু দেৱীঃ কাঞ্চন বৰুৱা

বিন্দুঃ প্ৰিয় ব্যঞ্জন?
বিজু দেৱীঃ ভাতৰ লগত কাঠফুলাৰ তৰকাৰী।

বিন্দুঃ প্ৰিয় সময়?
বিজু দেৱীঃ ৰাতিপুৱা

বিন্দুঃ আজৰি সময়ৰ কাম?
বিজু দেৱীঃ গান গুনগুনাই থকা আৰু নিদিষ্ট কিছুসংখ্যক বোলছবি চোৱা।

বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো৷ আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওক তাৰে কামনা কৰিছো৷

বিজু দেৱীঃ বিন্দু পৰিয়াললৈ মোৰ ফালৰ পৰাও থাকিল অশেষ ধন্যবাদ ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *