কবিতা
মাকো

ভাৰতী বসুমতাৰী

এটি সৰু মৰমলগা শব্দ–মাকো

মাকোৰ কাহিনী আমি কোনেনো নেজানো

নেজানো কোনেনো শিপিনীৰ বয়নশিল্পক

মাকো অবিহনে তাঁতশালৰ উশাহ ক’ত
তাঁতশাল অবিহনে শিপিনীৰ ঘৰ ক’ত

কেতিয়াবা মাকোৰো থাকে ঠেহ-পেচ,অভিযোগনামা
আছে আখ্যান
মাকোৱে সূতা চিঙিছে
কাপোৰত ঘন ঘনকৈ গাঁঠি পৰিছে

আজলি শিপিনী
তাঁতশাল শুৱনি
বুটা বাচি , ফুল তুলি, থুপি থুপি ৰঙৰ পৃথিৱী

কত মানুহৰ
কত ছন্দ
আদিৰপৰা অনাদিলৈ
মহুৰাৰ সূতাত সঞ্চাৰিত
এধানি বস্ত্ৰ
আটোম -টোকাৰিকৈ ঢাকি ৰাখে যিয়ে
শৰীৰৰ আলফুল অংগ

আপাতত কেৱল মানুহেহে জানে লাজক অনাবৃতৰপৰা আবৃত কৰিব।

কবিৰ ঠিকনা
ধেমাজী

চিঠিত তেজৰ দাগ

ৱাহিদ আহমেদ

তোমাৰ নামত আৰু কিমান চিঠি লিখিম
চিঠিবোৰ তুমি পাইছানে সেয়া মই নাজানো
চিঠিবোৰৰ উত্তৰো মই পোৱা নাই,
চিঠিবোৰ মোৰ ঠিকনালৈ ঘূৰিও অহা নাই
যদি পাইছা কিয় প্ৰাপ্তি স্বীকাৰ কৰা নাই
জানিব পাৰিম নে ?

আগতে প্ৰত্যেকখন চিঠিৰে উত্তৰ তুমি দিছিলা
খুব কম সময়ৰ ভিতৰতে উত্তৰ পাওঁ
এতিয়া দেখোন তিনিমাহৰ বেছি হ’ল
এখনৰো উত্তৰ নাহিল…
তোমাৰ ঘৰৰ ঠিকনাত আগতেও দিছিলোঁ
তেতিয়াতো তুমি সময়মতে পাইছিলা
এতিয়াও তোমাৰ ঘৰৰ ঠিকনা একেই আছে
পিন নাম্বাৰটো বদলি হোৱা নাই
তথাপিও চোন চিঠিৰ কোনো খবৰ নাই,

তুমি চিঠিকেইখন পঢ়ি উত্তৰ দিব পৰাৰ
সাহস গোটাব পৰা নাই
সেইবাবেই হয়তো উত্তৰ দিবলৈ অপাৰগ,
এনেকৈয়ে মৌনতাৰ ব্ৰত ৰাখি
বেছি দিনলৈ সুখেৰে থাকিব নোৱাৰা
তোমাৰ চিঠিকেইখনত লিখা শব্দকেইটাত
কিমান মৰম আছিল তুমি নাজানা
ৰঙা চিয়াঁহীৰ কলটোৱে জানে,
ৰাতি চিয়াঁহী শেষ হৈ যায় বাকী থকা শব্দকেইটা
লিখিবলৈ ব্লেডেৰে আঙুলি কাটি
তেজৰ চিয়াঁহীৰে লিখা চিঠিকেইখনে
দুৰ্ভাগ্য বশত আজিও উত্তৰ নাপালে…

তুমি এতিয়া উত্তৰ দিবা বুলি মই বাট নাচাওঁ
তোমাৰ ওচৰত মোৰ তেজৰ মূল্য নাই
তুমি মোৰ হৃদয়ৰ ভাষাই নুবুজিলা
চিয়াঁহীবোৰ শুকাই গ’ল
তোমাৰ অন্তৰখনে বিষ অনুভৱ নকৰে,
হাতৰ কটা দাগবোৰ আজিও তাজা হৈ আছে
তুমি নাহিলেও জীয়াই থাকিম পাৰিম
সৌজন্যতাবোধ থকা হ’লে তুমি
বহু আগতেই উত্তৰ দিব পাৰিলা হয়

কবিৰ ঠিকনা
কাটাৰ, ডোহা
+97431204571
wahidahmed511@yahoo.com

অণুগল্প

সহায়
অংশুমান ভূঞা

ছেগ বুজি আগুৱাই যাওঁতেই শাৰীটোৰ আগফালে থকা ল’ৰা দুটাই প্ৰতিবাদ কৰিলে।

‘এহ, তোমালোক ডেকা ল’ৰা। অলপ থিয় দিব পাৰা।’

‘বাইদেউ, আমিও কাম-বন এৰিয়েই ইয়াত ৰৈ আছোঁ।’ উপায় নাপাই মহিলাগৰাকীয়ে সেমেনাসেমেনি কৰি শাৰীত থিয় দিলে।

‘আপোনালোক ইয়ালৈ আহক। আমি তালৈ যাওঁ।’ ল’ৰা দুটাই নিজৰ পাল পৰাত এইমাত্ৰ আহি শাৰীটোৰ একেবাৰে শেষত থিয় হোৱা মহিলা দুগৰাকীক উদ্দেশ্যি ক’লে।

কৃতজ্ঞতাভৰা চাৱনিৰে মহিলা দুগৰাকীয়ে লগত অহা আশা কৰ্মীগৰাকীৰ সৈতে তেজ পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰলৈ সোমাই গ’ল।

গল্পকাৰৰ ঠিকনা
চামতা, নলবাৰী
৬০০২৯৯৪৯৮০

জ্যোতিষৰ পৰিকল্পনা
ৰুমী কলিতা দত্ত

ৰমেশে পথাৰত ভাগি যোৱা আলিবোৰত মাটি জাপি আছিল । কাষতে ওখ টিলা এটাত পুতেক জ্যোতিষে বহি কাষৰ পুখুৰীত চৰি থকা হাঁহকেইটাক লক্ষ্য কৰি আছে । মাজে মাজে বগলী দুটামান পৰে তাতে ।
হঠাৎ ঢপচ্‌কৈ পৰা শব্দ এটা শুনি ৰমেশে ঘূৰি চাালে । পুতেকক সেই ঠাইত নেদেখি পুখুৰীলৈ চকু পৰাত টুপুংকৈ কিবা এটা দেখি কাষ চাপি গ’ল । সি দেখিলে ,নিজৰ ল’ৰাটো !
পিছদিনা সুস্থ হৈ উঠা ল’ৰাটোক মাকে সুধিলে -“মইনা তুমি কেনেকৈ পৰি গ’লা ?”
সি ক’লে–“মা,হাঁহ এটাই তললৈ সোমাই গৈ ভুটুংকৈ আন এঠাইত ওলালেগৈ আৰু তাকে দেখি ময়ো …।
***********
গল্পকাৰৰ ঠিকনা
গাঁও-২ নং কেন্দুগুৰি,ডিব্ৰুগড়

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *