ফল-মূল খাই কেনেকৈ সুস্থ হৈ থাকিব পাৰি ?

ফল-মূল খাই কেনেকৈ সুস্থ হৈ থাকিব পাৰি ?

 

ঘনকান্ত বৈৰাগী

ব্যস্ত জীৱনৰ হুলস্থুল বাঢ়ি অহাৰ লগে লগে সমান্তৰালভাবে ৰোগ, অসুস্থতা আৰু ভাগৰো বাঢ়ি আহিছে। কাৰোবাৰ যদি কলেষ্টেৰল তেন্তে আন কাৰোবাৰ মেদবহুলতাৰ সমস্যা। আৰু উচ্চ ৰক্তচাপ বা চেনিৰ সমস্যাতো এতিয়া ঘৰে ঘৰে বুলিব পাৰি। কিন্তু আপুনি জানেনে, দৈনন্দিন খাদ্যৰ তালিকাত বতৰৰ বিভিন্ন ধৰণৰ ফল ৰাখিব পাৰিলে বহু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি ?

ফল খোৱাটো কিয় গুৰুত্বপূৰ্ণ?

১.  ফলত উচ্চ ৰক্তচাপ বা হৃদযন্ত্ৰৰ সমস্যা হ’ব পৰা
কোনো ধৰণৰ বেয়া কলেষ্টেৰল নাথাকে । মাংস বা দুগ্ধজাত সামগ্ৰীৰ দৰে প্ৰাণীৰ প্ৰটিনত বেয়া কলেষ্টেৰল বেছি থাকে। যিসকলৰ বংশগত হৃদৰোগ আছে, বা যিসকলে মেদবহুলতাৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ বাবে প্ৰতিদিনে খাদ্যত এবিধ ফল থকাটো অতি প্ৰয়োজনীয়। তেনে ক্ষেত্ৰত ছাইট্ৰাছ ফলৰ বাহিৰেও বিভিন্ন ৰঙৰ বিভিন্ন ফল ৰাখিব পাৰে। আৰু বিভিন্ন ঋতুত পোৱা বিশেষ ফল, খাদ্যত ৰাখিব লাগিব। ইয়াত আপুনি বতৰৰ পৰিৱৰ্তনৰ সৈতে যুঁজিবলৈ প্ৰতিৰোধ ক্ষমতা লাভ কৰিব। লগতে ৰুচিৰ সামান্য পৰিৱৰ্তন হ’ব।

২. ফলৰ আন এটা নাম হ’ল ‘ব্ৰেইন ফুৱেল’’। মগজুক সক্ষম আৰু সক্ৰিয় কৰি ৰাখিবলৈ ফলৰ কোনো বিকল্প নাই। ফলৰ অন্যতম উপাদান হ’ল প্ৰাকৃতিক চেনি, যাৰ দ্বাৰা আমাৰ স্মৃতিশক্তি আৰু চিন্তা কৰাৰ ক্ষমতা বৃদ্ধি পায়।

৩.  প্ৰাকৃতিক আঁহ ফলৰ এক বিশেষ উপাদান। দিনটোত কমেও ২৫ৰ পৰা ৩০ গ্ৰাম ফল-মূল খালে শৰীৰে প্ৰয়োজনীয় আঁহ লাভ কৰিব পাৰে। মেদবহুলতা, হৃদৰোগ, তেজৰ চেনি, কোষ্ঠকাঠিন্য আঁহৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰি।

৪.  ওজন কমোৱাত ফলমূলে সহায় কৰে। ফল খালে শৰীৰত জমা হোৱা চৰ্বি আৰু বিষাক্ত পদাৰ্থ ক্ৰমান্বয়ে নষ্ট হৈ যায়। ফলত শৰীৰৰ ওজন নিয়ন্ত্ৰণলৈ আহে। ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত ছাইট্ৰাছ ফলৰ ৰস খালে
ডিটক্সিফিকেশ্যনৰ কাম কৰে।

৫. ফলে শৰীৰৰ শক্তি যোগানো বৃদ্ধি কৰে। গতিকে গুৰু আহাৰ খোৱাৰ ১-২ ঘণ্টাৰ পিছত যদি পুনৰ লঘু ভোক অনুভৱ হয় তেন্তে ফল-মূল খাব পাৰে।

৬.  এই ফলে শৰীৰৰ কলাবোৰৰ সঠিক বৃদ্ধি আৰু গঠনত সহায় কৰে। তদুপৰি ভিটামিন চি যুক্ত ফলবোৰে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে আৰু শৰীৰত ক্ষতিকাৰক পদাৰ্থ বৃদ্ধি হ’বলৈ নিদিয়ে।

৭.  অধ্যয়নত পোৱা গৈছে যে নিয়মিতভাৱে ফলমূল খোৱাসকলে আতংক, হতাশা আৰু উদ্বেগ আদি সমস্যাৰ পৰা আঁতৰি থাকিব পাৰে। ফল-মূলে মগজুক সস্তম কৰি ৰখাত সহায় কৰে।

৮.  ভিন ভিন ৰঙৰ ফল মূলৰ নিৰ্দিষ্ট পুষ্টিকৰ গুণ থাকে, যিয়ে কেন্সাৰ, হৃদৰোগ, টাইপ ২ ডায়েবেটিছ আদি আঁতৰাই ৰাখে।

ফল কেনেকৈ খাব লাগে

১.  দিনটোত কমেও তিনিবাৰকৈ কিছু ফল-মূল খাব লাগে।

২.  দিনটোত কমেও ১ গিলাচ ফলৰ ৰস খাব লাগে। কিন্তু চেনি নিদিব। ৰাতিপুৱা সাৰ পোৱাৰ পিছত খালে ভাল ফলাফল পাব।

৩.  ভাত বা ৰুটিৰ লগত ফল নাখাবলৈ চেষ্টা কৰক। যিকোনো খাদ্য খোৱাৰ আগতে বা পিছত ফল-মূল খাব লাগে। আনাৰসৰ দুই এটুকুৰা সম্পূৰ্ণ আহাৰ খোৱাৰ পিছত খাব পাৰে।

৪.  ফলবোৰ কাটি ফ্ৰীজত বায়ুবন্ধ পাত্ৰত থৈ দিব। অৱশ্যে মাছ, মাংস, কণী বা সাগৰীয় খাদ্য ফ্ৰীজৰ ওচৰত নাৰাখিব।

৫.  বজাৰৰ পেকেটত ভৰোৱা ফলৰ ৰস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। তাৰ পৰিৱৰ্তে ঘৰতে বনোৱা ফলৰ ৰস খাব লাগে।

৬.  খোলাত আপেল, নাচপতি খাব। খোলাটোৱে ৰুক্ষ খাদ্যৰ কাম কৰিব।

৭.  কাটিবৰ আগতে ফলবোৰ ধুব লাগে। কাটি লোৱাৰ পিছত ধুব নালাগে।

খাদ্য পৰিকল্পনা

১. পুৱাৰ আহাৰ

আপেল, কল, ষ্ট্ৰবেৰী, আনাৰস কাটি ওটছ বা কৰ্ণফ্লেকছৰ লগত মিহলাই ল’ব পাৰে।

দৈত আম, কিচমিচ আদি দি সুস্বাদু ডিপ বনাব পাৰে।

ডাঙৰ গিলাচত আঙুৰ বা কমলাৰ ৰস খাবলৈ নাপাহৰিব ।

২. দুপৰীয়াৰ আহাৰ

আনাৰস, কল, আপেল, পকা অমিতা, তৰমুজ, আঙুৰ আদিৰে ফলৰ চালাড বনাওক।

অফিচত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত এটা কল বা এটা আপেল খাব পাৰে।

শুকান ফল, ডালিম আদি এটা বাকচত ৰাখিব। কাম কৰি থাকোঁতে খাব পাৰে।

৩. জলপান

কমলা, আনাৰস, আঙুৰ, কল আদিৰে সতেজ ফলৰ স্মুদি বনাওক। ই হ’ব চাহ বা কফিতকৈ অধিক পুষ্টিকৰ।

আপেল বেক কৰি পাই বনাব পাৰে। বিভিন্ন ফল থেতেলিয়াই কাষ্টাৰ্ড বা পুডিংও বনাব পাৰে।

আলমণ্ড, শসা, টমেটো, পিয়াঁজৰ লগত মুৰিমাখা খাব পাৰে।

৪. নৈশ আহাৰ

আনাৰস, কল, চেৰী, পীচ গুড়ি কৰি ফলৰ কাবাব বনাব পাৰি।

টুকুৰা টুকুৰ কৰা ফ্ৰ’জেন ফলৰ ওপৰত বাদামৰ মাখন সানি লওক।

ডেজাৰ্ট হিচাপে ফলৰ টপিং থকা পেনকেক খাব পাৰে।

সুস্থতা আৰু ফল

হৃদযন্ত্ৰৰ সমস্যা — আপেল, আঙুৰ, কমলা, এপ্ৰিকোট

কৰ্কট ৰোগ — কমলা, মুছাম্বি, আঙুৰ, অমিতা, আখৰোট

ডায়েবেটিছ — অমিতা, ক’লা জাম, আপেল

অষ্টিঅ’পৰ’ছিছ — আপেল, আলমণ্ড, ডালিম, আঙুৰ

গেষ্ট্ৰাইটিছ — বগৰী, নাচপতি, আঙুৰ ।

 

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *