মহিলাৰ বাবে সঞ্চয়

মহিলাৰ বাবে সঞ্চয়

ৰেখামণি চাৰিঙীয়া

(১আগষ্টৰ মহিলা সঞ্চয় দিৱস উপলক্ষে)

মানুহৰ জীৱন অনেক ঘটনা আৰু পৰিঘটনাৰ সমষ্টি।জীৱনৰ আগন্তুক দিনবোৰত ঘটিবলগীয়া পৰিঘটনাসমূহৰ বিষয়ে সাধাৰণতে মানুহে অজ্ঞ হৈ থাকে।এই অজ্ঞতাৰ দোহাই দিয়েই অলেখ নভবা-নিচিন্তা ঘটনা বা বেমেজালিয়ে জীৱনটোক কোঙা কৰি তোলে।আনহাতে,ঠিক ইয়াৰ বিপৰীতে ইয়াৰ অনেক ক্ষেতত অলেখ সু-খবৰেও জীৱনটোক মহিয়ান কৰি তোলে যদিও এনে সু-খবৰৰ সংখ্যা সাধাৰণতে নিচেই নগণ্য সংখ্যক হয়।ইয়াৰ অৰ্থ এয়ে যে-মানৱ জীৱনত দুখ বা আকস্মিক বেমেজালিৰ সংখ্যাই সৰ্বাধিক।এনে বেমেজালি কঢ়িয়াই আনে বেমাৰ-আজাৰ,সাম্ভাব্য দুৰ্ঘটনা,সঠিক সময়তে মনে বিচৰা বস্তু এটা লোৱাৰ পৰা বঞ্চিত হোৱা আদি বিভিন্ন ধৰণৰ কাৰকসমূহে।এই ধৰণে সৃষ্টি হোৱা আকস্মিক বেমেজালি নিৰ্মূল কৰাৰ একমাত্ৰ আহিলা হৈছে ধন বা টকা-পইচা।ঠিক সেইদৰে ভৱিষ্যৎ নিৰাপত্তাৰ লগত সংগতি ৰাখি ৰাহি ধন সযতনে ৰাখি থোৱা ব্যৱস্থাকে সঞ্চয় বোলা হয়।
সঞ্চয় অদি দৰকাৰী ব্যৱস্থা।যিহেতুকে মানৱ জীৱনলৈ বিভিন্ন প্ৰকাৰৰ দুৰ্ঘটনাসমূহ অকস্মাতে সমাগত হয়।গতিকে সেই দুৰ্ঘটনাসমূহৰ পৰা নিস্কৃতি পোৱাৰ পথো তেনেই কঠিন হৈ পৰে।পৰিস্থিতিয়ে সৃষ্টি কৰা কঠিনতাক সহজভাৱেই নিৰ্মূল কৰিবলৈ আগতীয়া চিন্তাৰ আঁতডাল বৰ্তাই ৰাখে কেৱল সঞ্চয়ে।

আমাৰ সমাজৰ মূল পৰিগাঁথনি যিহেতুকে,কৃষিনিৰ্ভৰ।সেয়হে কৃষিভিত্তিক সঞ্চয়ৰ প্ৰতি সুদূৰ অতীতৰে পৰা আমাৰ সমাজৰ অধিকাংশ লোকৰ গুৰুত্ব দেখা গৈছিল।বছৰটোৰ নিদিষ্ট সময়ত উৎপাদন হোৱা ধান,মাহ,সৰিয়হ প্ৰভৃতি খাদ্য-শস্যবোৰ সযতনে ভৱিষ্যতৰ বাবে সাঁচি ৰখাৰ মানসিকতাৰ মাজেৰেই কৃষিজীৱী মানুহৰ মনত সঞ্চয়ৰ ভাৱধাৰাই গা-কৰি উঠিছিল।সমাজত আধুনিক অৰ্থনৈতিক ব্যৱস্থাই গা কৰি উঠাৰ প্ৰাক মুহুত্বত অৰ্থাৎ বিনিময় প্ৰথাৰ জৰিয়তে এজনে একোটা বস্তুৰ বিনিময়ত আন একোটা বস্তু বদলাই ল’ব পৰাৰ সময়ত খাদ-শস্যকে আদি কৰি বিভিন্ন পণ্য সামগ্ৰীৰ সঞ্চয়ত সমাজে গুৰুত্ব আৰোপ কৰিছিল।
সেই তেতিয়াৰে পৰাই অসমীয়া মহিলাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দি আহিছিল।ভঁৰালৰ ধান ৰ’দত শুকুৱাই ঢেঁকীতে বানি আটোমটোকাৰীকৈ বাৰিষাৰ দিনকেইটাৰ বাবে সাঁচি থোৱা,পিঠাগুড়ি খুন্দি ৰ’দত শুকুৱাই লৈ টেকেলিত ভৰাই ভৱিষ্যৎৰ বাবে জুহালৰ ওপৰত থৈ দিয়া,বৰষুণৰ বতৰৰ প্ৰতি দৃষ্টি ৰাখি খৰি,খেৰজাতীয় বস্তুবিলাক বৰচাঙৰ ওপৰত যতনাই থৈ দিয়াৰ মানসিকতাই আমাৰ মহিলা সমাজৰ সঞ্চয়ৰ মানসিকতাৰে পৰিচয় দিয়ে।লাহে লাহে বিভিন্ন কাৰণত প্ৰত্যক্ষ বিনিময় প্ৰথাই সমাজৰ পৰা মেলানি মাগিলে আৰু তাৰ ঠাইত মুদ্ৰাৰ বিনিময়ত আধুনিক বজাৰমুখী অৰ্থনীতিৰ সূচনা হ’ল।এনে অৱস্থাত মানুহে ভলিষ্যৎ নিৰাপত্তাৰ বাবে মুদ্ৰা সঞ্চয়ৰ ওপৰত গুৰুত্ব দিবলৈ ধৰিলে।
সঞ্চই ব্যৱস্থাই অৰ্থনৈতিক দিশত একোটা পৰিয়ালক যিদৰে নিৰাপত্তা দিয়ে,ঠিক সেইদৰে একোখন দেশৰ বা একোখন সমাজৰো সামূহিক নিৰাপত্তা সুনিশ্চিত কৰে।সেয়েহে দেশৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত সঞ্চয় প্ৰক্ৰিয়াৰ গুৰুত্ব সৰ্বাধিক।তেনে দেশৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমাৰ দেশত এই প্ৰক্ৰিয়াৰ শ্ৰীবৃদ্ধিৰ হকে অৰ্থাৎ জনসাধাৰণক সঞ্চয়ৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ অৰ্থে এই দিশত কিছুমান দীৰ্ঘম্যাদী আঁচনি চৰকাৰী তথ্য বেচৰকাৰীভাৱে গ্ৰহণ কৰা হৈছে।
চৰকাৰী সঞ্চয় আঁচনিৰ অধীনত দেশত স্বাধীনতাৰ কুৰি বছৰৰ পাছতে এক সুকীয়া সঞ্চয় মন্ত্ৰণালয় গঠন কৰা হৈছে।ইয়াৰ উপৰিও বেচৰকাৰীভাৱেও বেংক,বীমা প্ৰতিষ্ঠান প্ৰভৃতিৰ উন্নতিত উদগনি দি দেশত সঞ্চয় প্ৰক্ৰিয়াৰ শ্ৰীবৃদ্ধিত গুৰুত্ব দিয়া হৈছে।পিচলৈ অৱশ্যে বেংক,বীমা প্ৰতিষ্ঠান আদিক চৰকাৰীকৰণ কৰি তেনে আঁচনিৰ জৰিয়তে জমাকাৰীসকলক অধিক সুত অৰ্থাৎ লাভৰ সুবিধা দিয়া হৈছে।
আমাৰ মহিলাসকলে বিভিন্ন ধৰণে সঞ্চয় কৰিব পাৰে!অৰ্থাৎ বিভিন্ন উৎসত টকা-পইচা জমা থব পাৰে।এই ক্ষেত্ৰত টকা জমা থোৱা উৎসটো অৱশ্যেই নিৰ্ভৰযোগ্য আৰু বিশ্বাসী হ’ব লাগিব।ইয়াৰ অন্যথা মহিলাসকলে ঠগ খোৱাৰ সম্ভাৱনাই প্ৰৱল।আজিকালি অনেক প্ৰকাৰৰ ব্যক্তিগত খণ্ডৰ বেংক তথা বীমা প্ৰতিষ্ঠানৰো জন্ম হৈছে।যিবোৰে জনসাধাৰণক আৰম্ভণিতে অনেক চলাহি কথাৰে আভুৱা ভৰি পাচত শলঠেকত ফেলায়।গতিকে সঞ্চয় কৰাৰ প্ৰাক মুহুত্বত জমাকৰ্তা প্ৰতিষ্ঠানৰ স্থিতি সম্পৰ্কে জানি-বুজি ল’ব লাগে।

সঞ্চয়ৰ কেইটামান নিৰ্ভৰযোগ্য স্থল-

১/ৰাষ্ট্ৰীয়কৃত বেংকসমূহ
আমাৰ দেশৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহত বিভিন্ন ধৰণে টকা জমা থোৱাৰ সুবিধা আছে।কম-বেছি উভয় পৰিমাণৰ টকা মাহেকীয়া কিস্তিত এনেবোৰ বেংকত জমা থব পাৰি।তাৰে ভিতৰত ৰেকাৰিং ডিপোজিট,কাৰেন্ট ডিপোজিট,চেভিং ডিপোজিট তথা ফিক্সড ডিপোজিট স্কীমকেইটা প্ৰধান।এই স্কীমসমূহত জমাকাৰীসকলৰ বাবে সুকীয়া সুকীয়া সুতৰ সাৰ ধাৰ্য কৰা হৈছে।গতিকে আমাৰ মহিলাসকলেও নিজৰ সাধ্যৰ অনুকূলে টকা জমা থৈ উপকৃত হ’ব পাৰে।

২/ৰাষ্ট্ৰীয়কৃত বীমা প্ৰতিষ্ঠান-

বীমা প্ৰতিষ্ঠানত ধন সঞ্চয় কৰিলে দুই ধৰণে লাভাম্বিত হ’ব পাৰি।প্ৰথমে,এনে প্ৰতিষ্ঠান সাধাৰণ বেংকৰ দৰে,অৱশ্যে নিদিষ্ট দিনৰ মূৰত উলিয়াব পৰাকৈ ধন জমা থ’ব পাৰি।দ্বিতীয়তে,বীমা প্ৰতিষ্ঠানত ধন জমা থ’লে জমা থওঁতাই বিপদ-আপদৰ সময়তো ধন লাভ কৰে।আজিকালি বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডৰ বীমা প্ৰতিষ্ঠানো গঢ় লৈ উঠিছে।ব্যক্তিগত খণ্ডৰ বীমা প্ৰতিষ্ঠানতকৈ ৰাষ্ট্ৰীকৃত বীমাৈ প্ৰতিষ্ঠানত ধন জমা থোৱাই মংগল।ভাৰতীয় জীৱন বীমা নিগমে মহিলাৰ বাবে সুকীয়া সুতত ‘জীৱন স্নেন’ নামৰ এটি লাভজনক আঁচনি হাতত লৈছে।

৩/ক্ষুদ্য সঞ্চয়
সমগ্ৰ দেশতে গাঁও অঞ্চলৰ পিছ পৰা লোকসকলৰ উন্নতি সাধনৰ অৰ্থে ৰাষ্ট্ৰীয় সঞ্চয় আঁচনিৰ অধীনত প্ৰতিখন ৰাজ্যতে ক্ষুদ্ৰ সঞ্চয় গোট গঠন কৰা হৈছে।এই আঁচনিৰ অধীনত নিচেই ওচৰত থকা ডাকঘৰসমূহত টকা জমা থৈ আমাৰ মহিলাসকল লাভাম্বিত হ’ব পাৰে।ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অনীনত দেশৰ চুক-কোণত অৱস্থিত ডাকঘৰসমূহলৈকে বিকেন্দ্ৰীকৃত এই সঞ্চয় যোজনা অত্যন্ত নিৰ্ভৰযোগ্য আৰু লাভদায়ক ব্যৱস্থা।

৪/সঞ্চয় নিধি
শেহতীয়াকৈ আমাৰ নগৰ আৰু গাঁও উভয়তে জনপ্ৰিয় হৈ পৰা ব্যক্তিগত খণ্ডৰ সঞ্চয় পদ্ধতি হৈছে এই সঞ্চয় নিধি।সাধাৰণতে গাঁওৰ মহিলাসমিতি,যুৱ সংঘ বা আগৰণুৱা মহিলাসকৰে উদ্যোগ লৈ সঞ্চয় নিধি গঠন কৰিব পাৰে।সপ্তাহৰ একোটা নিৰ্দিষ্ট তাৰিখত মহিলাসকলে যৌথভাৱে মিলিত হৈ একোটা নিৰ্দিষ্ট পৰিমাণৰ টকা সংগ্ৰহ কৰে আৰু সেই টকা ওচৰৰ ৰাষ্ট্ৰীয়কৃত বেংকত নিধিৰ নিজা নামত জমা কৰে।প্ৰয়োজনবোধে নিধিৰ উৰ্পাজন বঢ়াবলৈ হ’লৈ জমা ধনৰ কোনো অংশ আনক নিৰ্ধাৰিত সুতৰ বিনিময়ত ধাৰলৈ দিব পাৰি।এইদৰে চলমান জীৱনৰ অন্যান্য কামৰ মাজেৰে সঞ্চয় নিধিৰ জৰিয়তে নগণ্য সংখ্যাত টকা জমা থৈয়েই সময়ত যথেষ্ট উপকৃত হ’ব পাৰি।

সঞ্চয় ব্যৱস্থাই অৰ্থনৈতিক দিশত একোটা পৰিয়ালক যিদৰে নিৰাপত্তা দিয়ে,ঠিক সেইদৰে একোখন দেশৰ বা একোখন সমাজৰো সামূহিক নিৰাপত্তা সুনিশ্চিত কৰে।সেয়হে দেশৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত সঞ্চয় প্ৰক্ৰিয়াৰ গুৰুত্ব সৰ্বাধিক।তেনে দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমাৰ দেশত এই প্ৰক্ৰিয়াৰ শ্ৰীবৃদ্ধিৰ হকে অৰ্থাৎ জনসাধাৰণক সঞ্চয়ৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ অৰ্থে এই দিশৰ কিছুমান দীৰ্ঘম্যাদী আঁচনি চৰকাৰী তথ্য বেচৰকাৰীভাৱে গ্ৰহণ কৰা হৈছে।।

মহিলাৰ বাবে সঞ্চয়ৰ দুটিমান টিপছ-

১/আপুনি যদি নিজে চাকৰিজীৱী নহয়,তেন্তে ঘৰৰ মাহেকীয়া বাজেট আপোনাৰ স্বামীৰ সৈতে বহি ধাৰ্য কৰক।

২/মাহেকীয়া বাজেটত সঞ্চয়ৰ বাবে কমকৈ হ’লেও ধন যোগ দিয়ক।

৩/স্বামীৰ উপাৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি,তেওঁকো মাহেকীয়াকৈ ধন সঞ্চয়ৰ বাবে কওঁক।ভৱিষ্যৎ নিৰাপত্তা সম্পৰ্কে বুজাই ক’লে তেওঁ নিশ্চয় বুজিব।

৪/মাহেকীয়া বজাৰ পৰাপক্ষত আপুনি নিজে কৰক।ৰাহি হোৱা টকাকেইটা অদৰকাৰী বস্তু কিনাতকৈ আপোনাৰ ওচৰৰ ডাকঘৰতে জমা থোৱাৰ অভ্যাস কৰক।

৫/আনক দেখি যিকোনো বস্তু কিনাৰ অভ্যাস ত্যাগ কৰক।যদিহে আপোনাৰ এটি ভৰসাযোগ্য বেংক বেলেঞ্চ নাই।এনে অভ্যাসে আপোনাক এসময়ত বিমোৰত পেলাব।

৬/আপোনাৰ ল’ৰাটোৰ বা ছোৱালীজনীৰ প্ৰথম জন্ম দিনত সিঁহতৰ নামত এটা একাউন্ট খোলাৰ ব্যৱস্থা কৰক।এনে একাউন্টত নিয়মীয়াকৈ জমা থোৱা ধনে ভৱিষ্যতে সিঁহতক পঢ়া-শুনা কৰাত বা উচ্চ শিক্ষা লোৱাত যথেষ্ট সহায় কৰিব।

৭/যথাৰ্থতে মিতব্যয়ী হওক।মিতব্যয়ীতা হ’ল আপোনাৰ অৰ্থনৈতিক উন্নতি তথা ভৱিষ্যৎ প্ৰগতিৰ একমাত্ৰ চাবি-কাঠি।।

লেখিকাৰ ঠিকনা
তিনিচুকীয়া-অসম।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *