বিশিষ্ট কবি, লেখিকা তথা শিক্ষয়িত্ৰী
মনালিছা শইকীয়া
বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ জন্ম, শিক্ষা, দাম্পত্য জীৱন ইত্যাদি৷
মনালিছা শইকীয়াঃ নমস্কাৰ। পোনপ্ৰথমে বিন্দুৰ পৰিয়ালবৰ্গলৈ কৃতজ্ঞতা আৰু শ্ৰদ্ধাসহকাৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৪ মাৰ্চ তাৰিখে গোলাঘাটত। পিতা স্বৰ্গীয় যোগেন শইকীয়া আৰু মাতৃ মালতী শইকীয়াসহ চাৰিজনী ভনীৰ সৈতে আমাৰ পৰিয়াল। জন্মসুত্ৰে মই দেৰগাঁৱৰ যদিও দেউতাৰ কৰ্মসুত্ৰে বোকাখাততে ডাঙৰ দীঘল হৈছো। তদুপৰি মোৰ মাৰ ঘৰখন বোকাখাততে হোৱা হেতু নিচেই সৰু কালৰে পৰা মই ককা, আইতা আৰু মাহীৰ মৰমত তেওলোকৰ লগত থাকি ডাঙৰ হ’লো। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰো বোকাখাতৰে মুঙ্গীলাল কৃষ্ণাদেৱী বালিকা বিদ্যালয় আৰু নামদৈয়াং প্ৰাথমিক বিদ্যালয়ত। মাধ্যমিক শিক্ষা গ্ৰহণ কৰিলোঁ বোকাখাত বালিকা বিদ্যালয়ত। বোকাখাতৰ জেদিএচজি মহাবিদ্যালয়ৰপৰা বুৰঞ্জীত সন্মানসহ স্নাতক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়তে ১৯৯৬ চনত স্নাতকোত্তৰ হৈ শিক্ষা জীৱন সামৰোঁ। ১৯৯৭ চনৰ ১ মাৰ্চ তাৰিখে বোকাখাতৰে শিক্ষক তথা ক্ষুদ্ৰ চাহ খেতিয়ক বিকুল শইকীয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হওঁ। বৰ্তমান আমাৰ দুটি সন্তানৰ প্ৰথমটিয়ে পদাৰ্থ বিজ্ঞান বিষয়ত সোণৰ পদকেৰে সন্মানিতহৈ কাজিৰঙা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ হৈছে আৰু ছোৱালীজনীয়ে কটন বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি আছে।
বিন্দুঃ আপোনাৰ কৰ্মজীৱনৰ বিষয়ে কওকচোন ! কেতিয়াৰ পৰা শিক্ষকতা কৰিবলৈ ললে ?
মনালিছা শইকীয়াঃ কৰ্মজীৱন আৰম্ভ কৰিছিলো স্নাতক শ্ৰেণীত পঢ়ি থাকোতে। ঘৰৰ ওচৰতে নতুনকৈ খোলা মধ্য ইংৰাজী বিদ্যালয় খনত কলেজৰ অফ পিৰিয়ডত পঢ়াই দিও। তাৰপিছত ডিব্ৰুগড়ত পঢ়িবলৈ গৈ আকাশবাণীৰ যুৱবাণী অনুষ্ঠানৰ অস্থায়ী ঘোষিকাৰূপে নিযুক্তি পাওঁ। তাত দুবছৰ কাম কৰি বহুখিনি অভিজ্ঞতা গোটালো। ঘৰলৈ উভতি আহিয়ে বিয়াত বহিলো। আচলতে স্নাতকোত্তৰ হ’লেও মোৰ শিক্ষকতা কৰাতকৈও সমাজ সেৱা কৰাৰহে অধিক মন আছিল। গৃহস্থৰ চাকৰি, খেতি-বাতি, সন্তান সকলো চম্ভালি লৈ এখন সুস্থিৰ আৰু সুসংহত ঘৰ নিয়াৰিকৈ পৰিচালনা কৰা আৰু লেখা মেলাৰ লগতে সমাজৰ নিৰ্যাতিত নাৰী আৰু শিশুৰ বাবে অকণমান কাম কৰাৰ মানসেৰে জীৱনটো আগবঢ়াই দিম বুলি ঠিক কৰিছিলোঁ যদিও কাৰ্যক্ষেত্ৰত তেনে নহ’লগৈ। ২০০০ চনত মোৰ এজন প্ৰিয় বন্ধু বিজয় শৰ্মাৰ তাগিদাত নুমলীগড় জুনিয়ৰ কলেজৰ বুৰঞ্জী বিভাগৰ বিষয় শিক্ষয়িত্ৰীৰূপে যোগদান কৰোঁ। সুদীৰ্ঘ বিছ বছৰ তাত মই কাম কৰিছিলোঁ আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বও লৈছিলোঁ। তদুপৰি বোকাখাত অঞ্চলত বুৰঞ্জী পঢ়োৱা মানুহৰ যথেষ্ট অভাৱ পৰিলক্ষিত হৈছিল। যাৰবাবে প্ৰায় চাৰিবছৰমান মই নুমলীগড় কলেজৰ পৰা সময় উলিয়াই আহি কাজিৰঙা মহাবিদ্যালয় আৰু জেদিএচজি মহাবিদ্যালয়তো অস্থায়ীৰূপত শিক্ষকতা কৰি বুৰঞ্জী বিষয়টো আগবঢ়াই দিব লগা হৈছিল। অৱশেষত এই সকলোখিনি পৰিত্যাগ কৰি কিছু দায়িত্ব আৰু আত্মিক সম্বন্ধৰবাবে ২০২০ চনত মই বোকাখাত জাতীয় বিদ্যালয়ত বুৰঞ্জী বিষয়ৰ শিক্ষয়িত্ৰীৰূপে যোগদান কৰিলোঁ। এই বিদ্যালয়খন প্ৰয়াস অধ্যয়ন চক্ৰৰ অধীনত ২০০৪ চনত স্থাপন কৰা হৈছিল। অন্যহাতেদি ১৯৯৬ চনত প্ৰতিষ্ঠা হোৱা অধ্যয়ন চক্ৰটিৰ সহযোগীৰূপে আমিও আছিলোঁ। সুদীৰ্ঘকাল কাৰ্যকৰ্তাৰূপে সেৱা আগবঢ়োৱাৰ পাছত নিজৰ বিদ্যালয়খনত শিক্ষয়িত্ৰীৰূপে সেৱা আগবঢ়াবলৈ পাই আজি মই অতিকে সুখী। এই সেৱাদানৰ যোগেদি জীৱন সাৰ্থক হোৱা যেন লাগিছে।
বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো৷ কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল?
মনালিছা শইকীয়াঃ লেখক হ’ব পাৰিছোনে নাই নাজানো। সেয়া সময়েহে নিৰূপণ কৰিব। কিন্তু লেখক হোৱাৰ আগতে মই আছিলোঁ পাঠক। চানা বান্ধি অনা কাগজখনো নপঢ়াকৈ পেলাই দিয়া নাছিলোঁ। লাগতিয়াল কথা থকা কাগজবোৰ সামৰি ৰাখিছিলো। নৱম শ্ৰেণী মানৰপৰা কবিতা আৰু গদ্য লিখিবলৈ লওঁ। সেই বহীখন এতিয়াও লগত আছে। সকলো কবিতাই অপ্ৰকাশিত। অৱশ্যে প্ৰকাশৰ উপযুক্তও নহয় সেয়া। তথাপিও সেয়াই আছিল আৰম্ভণি। সেয়ে আজিও লেখাখিনি বৰ আদৰৰ। ১৯৯২ চনত মহাবিদ্যালয়ৰ সাহিত্য প্ৰতিযোগিতাত কবিতা শিতানত শ্ৰেষ্ঠ প্ৰতিযোগী হ’লো। উৎসাহ পালোঁ। তাৰপিছত অহৰহ কচৰৎ। অৱশ্যে কেনেকৈ লেখক হোৱাৰ কচৰৎ অহৰহ কৰি আছিলো সেয়া ভাবিলে আজিও বৰ আচৰিত লাগে। কাৰণ আমাৰ পৰিয়ালত সকলো পঢ়া শুনা মানুহ যদিও লেখা কামটো কোনেও কৰা নাছিল। আনকি মোৰ কোনো বন্ধু বান্ধৱীও এই ক্ষেত্ৰখনৰ লগত সেই সময়ত জড়িত নাছিল। সকলোৱে পঢ়ি থকা, লেখি থকাৰবাবে মোক বেয়া পাইছিল বাবেই কামটো মনে মনে কৰিব লগা হৈছিল। যাৰবাবে হয়তো আজিও লোক চক্ষুৰ আঁৰতেই ৰৈ যাব লগা হ’ল।
বিন্দুঃ এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে? অলপ বিস্তাৰিতভাবে কওকচোন!
মনালিছা শইকীয়াঃ নৱম শ্ৰেণীতে যদিও কলম হাতত তুলি লৈছিলোঁ সেয়া জনচক্ষুৰ সন্মুখলৈ আহিছিল স্নাতক শ্ৰেণীত পঢ়ি থাকোঁতে। শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগীৰ কবিতাটো মহাবিদ্যালয়ৰ আলোচনীত প্ৰকাশ হ’ল। সেয়াই প্ৰথম ছপা আখৰত নিজৰ লেখা দেখিলো। তাৰপিছত নিৰৱচ্ছিন্ন চৰ্চা। দৈনিক জনমভূমি, সাপ্তাহিক জনমভূমি, অগ্ৰদূত, জনসাধাৰণ, সাদিন, আমাৰ অসম, প্ৰান্তিক, শ্ৰীময়ী, সাতসৰী, অসম আদিত্য, নিয়মীয়া বাৰ্তা, ৰহস্য, গৰীয়সী, বসুন্ধৰা, প্ৰান্তৰ, বাৰ্তাপখিলী, অবিৰাম, সংযোগ, পটভূমি আদি বিভিন্ন আলোচনীত লেখা প্ৰকাশলৈকে এক দীঘলীয়া যাত্ৰা। অসংখ্য স্মৃতিগ্ৰন্থতো প্ৰবন্ধ নিবন্ধ লিখিবলৈ প্ৰয়াস কৰিছো। কিমান সফল সেয়া নিৰ্ণয় কৰিব পাঠক সমাজে। মই মাত্ৰ লেখাৰ তাগিদাত লিখিহে আছো। লেখাৰ যোগেদি বহুজনৰ লগত চিনাকি হ’লো। বহুজনে এই লেখাৰ আবেগতে মৰমেৰে আৱৰি ৰাখিলে। যোগ্য বুলি ভাবি আগবঢ়োৱা বহুকেইটা সন্মানো লাভ কৰিলো। আজিলৈকে পোৱা বিভিন্ন সন্মানসমূহ হৈছে-
সদৌ অসম ভিত্তিত সন্ধানী লেখিকা সমাৰোহ সমিতি, ডিগবৈ কবি চক্ৰ, ৰংপুৰ শাখা সাহিত্য সভা, দৰং জিলা কবি চক্ৰ, অংকুৰণ প্ৰকাশন, সৃষ্টিৰ পদাতিক আদিয়ে অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাত শ্ৰেষ্ঠ কবিৰ সন্মান লাভ কৰিছো। লগতে
২০১৬ চনত ৰামধেনু কাব্যশ্ৰী বঁটা
২০১৯ চনত গোলাঘাট জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ গল্পকাৰ বঁটা
সোণাৰিৰ ‘প্ৰচেষ্টা’ৰদ্বাৰা আয়োজিত গল্প প্ৰতিযোগিতাত শ্ৰেষ্ঠ গল্পকাৰ বঁটা
২০২০ চনত আজিৰ কবিতা আৰু মেজাংকৰি প্ৰকাশনৰ কাব্য মহীয়সী বঁটা
২০২২ চনত দৰং জিলা কবি সমাজৰদ্বাৰা আয়োজিত কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাত শ্ৰেষ্ঠ পাণ্ডুলিপি বঁটা ২০২২ চনৰ অংকুৰণ প্ৰকাশনে আয়োজন কৰা প্ৰবন্ধ প্ৰতিযোগিতাত দ্বিতীয় স্থান প্ৰাপ্ত
কাব্যপুথিঃ
ডেও ডঁৰিকৰ হাঁহি
কাব্যশিল্প
দুহাতত দোলে সময়
বিলম্বিত লয় আৰু অনান্য কবিতা প্ৰবন্ধঃ
অসমৰ বৰ্ণিল সংস্কৃতিৰ ৰূপৰেখা জীৱনৰ পখৰুটং আৰু অনান্য
সম্পাদিত অনান্য গ্ৰন্থ
বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি? বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে তেওঁলোকে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে?
মনালিছা শইকীয়াঃ সাহিত্য কি বুলি ক’লে একে আষাৰে ক’ম যে সাহিত্য যিদৰে জাতিৰ দাপোনস্বৰূপ ঠিক তেনেদৰে লেখক এজনৰো মনৰ দাপোনস্বৰূপ। সাহিত্যৰ অন্তৰ্নিহিত অৰ্থ হৈছে জীৱনৰ জয়গান গোৱা। শব্দৰ যোগেদি লেখক এজনে সামাজিক দায়বদ্ধতা, কৰ্তব্যনিষ্ঠা, চিন্তা-চেতনা তথা মগজুৰ উৎকৰ্ষ সাধন কৰে। সৃষ্টিধৰ্মী আৰ্ট বা কলাৰূপে সাহিত্যই সমাজ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি ইতিহাস সমৃদ্ধিশালী কৰি তুলিছে। এই শিল্পকৰ্মক সাৰোগত কৰি লেখক সমাজো বৰ্তি আছে।
বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনত স্থান লাভৰ লগতে যি ব্যৱসায়িক প্ৰতিযোগিতা সেয়া জাতিটোৰবাবেই মহাসংকট যেন অনুভৱ হয়। লবীকেন্দ্ৰিক লেখক সমাজে কেনেকৈ কাক কোন মুহুৰ্তত লঠিয়াব পাৰে তাৰেই চিন্তাত থাকে। বঁটা-বাহনৰ পৰা আৰম্ভ কৰি লেখা প্ৰকাশলৈকে কেৱল লবী আৰু লবী। ব্যক্তিগত ভাবে মই লবীকেন্দ্ৰিকতাক ঘৃণা কৰো। সাহিত্য সাধনাৰ ফল। একেদিনাই লেখক হোৱাৰ সপোন দেখাতকৈ সাধনা কৰাৰ ফলেৰে আজীৱন সমৃদ্ধ হওক। আনৰ অহিত চিন্তা কৰি থকাতকৈ দুটা শব্দ লিখক। সেইসকলে কৃচ্ছসাধনা কৰিব নোৱাৰিলেও অন্ততঃ মনোসংযোগ আৰু ধ্যানৰ যোগেদি লেখাৰ সাধনা কৰা উচিত।
বিন্দুঃ সচেতন লেখিকা হিচাপে আপুনি আপোনাৰ লেখাত কোনবোৰ কথাক প্ৰাধান্য দিয়ে?
মনালিছা শইকীয়াঃ সচেতন লেখিকা হিচাপে সমাজ জীৱনৰ সকলো দিশতে চকু দিব বিচাৰোঁ। লাগিলে সেয়া নাৰী নিৰ্যাতনেই হওক বা শিশু নিগৃহীতই হওক। শ্ৰেণী বৈষম্যহীন সমাজ এখনৰ সপোন কঢ়িয়াই ফুৰিছো। মুক্ত মনেৰে, মুক্ত কণ্ঠৰে অন্যায়ৰ প্ৰতিবাদ কৰিছো। মানৱ প্ৰেম মোৰ লেখাৰ প্ৰধান উপজীব্য। মোৰ বিশ্বাস প্ৰেম অবিহনে সমাজ এখন সুন্দৰভাবে পৰিচালিত নহয়। প্ৰেমেই জীৱনলৈ অবিৰতভাবে আশা আৰু প্ৰত্যাশাৰ মেটমৰা বোজাবোৰ কঢ়িয়াই আনে।
বিন্দুঃ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ অধিক প্ৰশস্ত হৈছে বুলি ভাবেনে? আপোনাৰ দৃষ্টিত সামাজিক মাধ্যমৰ এটা ভাল দিশ আৰু এটা বেয়া দিশৰ বিষয়ে কওকচোন৷
মনালিছা শইকীয়াঃ সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ অধিক সুচল কৰিছে। এসময়ত লিখা মেলা কৰিলেও অনেকজনে সেইবোৰ ছপাবলৈ দিব পৰা নাছিল। কিয়নো ছপা মাধ্যমৰ কাষ চাপিবলৈ তেওলোকৰ বিভিন্ন অসুবিধা হৈছিল। লিখি লিখি দমাই গ’লেও সেইবোৰ ডাকত দিয়া, সম্পাদনা কৰা, কাকত আলোচনীৰ ঠিকনা বিচৰা আদি অনেক অসুবিধাৰ হেতু প্ৰকাশ কৰিবলৈ হয়তো সুবিধা নাপাইছিল। আৰু কোনোবা আবেগিক মুহুৰ্ত্তত জুইৰ লেলিহান শিখাৰ মাজত নতুবা চানাৱলাৰ দোকানত সেইবোৰে স্থান পাইছিল। কিন্তু এনড্ৰ’ইদ মোবাইলৰ জৰিয়তে তেনে অনেক অসুবিধাক দূৰলৈ থেলি বহুজনে লেখক হোৱাৰ যোগ্যতা অৰ্জন কৰিছে। অতি সহজতে ভুলে শুদ্ধই মনৰ অনুভৱ বোৰ প্ৰকাশ কৰাৰ সুযোগ পাইছে।
সামাজিক মাধ্যমৰ ভাল দিশ বহুত। জনাৰ ভাত মাছ আৰু নজনাৰ গলগ্ৰহ। সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰে সাহিত্যৰ কিমান উন্নতি সাধিছে সেই দিশটোলৈ আওকাণ কৰিও এটা কথা সঠিকভাবে ক’ব বিচাৰোঁ যে অসমীয়া ভাষাটোৰ দুৰ্যোগৰ কালত গাঁৱে ভূঁয়ে অসংখ্যজনে ভুলে শুদ্ধই ভাষাটোৰ চৰ্চা কৰিছে, কোনো দোষণীয় কাম নকৰি দুটা অসমীয়া শব্দৰ কচৰৎ কৰিছে এয়া অতিকে আনন্দৰ কথা। ভাব হয় সামাজিক মাধ্যমে জাতীয়তাবোধৰ সৃষ্টিত অনেকখিনি অৰিহণা যোগাইছে। অসংখ্য ভাল দিশৰ দৰে বেয়া দিশো বহুত আছে। সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰে মানুহৰ আত্মিক সম্পৰ্কত ব্যাঘাত জন্মাইছে। স্বকীয় ৰীতি-নীতি, পৰম্পৰাত তাৰ কুফল পৰিলক্ষিত হৈছে।
বিন্দুঃ অসমীয়া পাঠকে কিতাপ কিনি নপঢ়ে- এয়া এক বহুদিনীয়া অভিযোগ । বৰ্তমান সামাজিক মাধ্যমৰ আগমনে কথাটো যেন অধিক প্ৰাসংগিক কৰি তুলিছে ! আপুনি কি দেখিছে ? বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাহিৰা কিতাপ অধ্যয়নৰ স্পৃহা কমিছে নে বাঢ়িছে বুলি ভাবে আপুনি ?
মনালিছা শইকীয়াঃ মই তেনেদৰে নাভাবোঁ। সৰুৰেপৰাই সন্তানক যদি কিতাপ পঢ়িবলৈ আগ্ৰহী কৰি তোলা হয় তেনে সেই সন্তানে যিকোনো উপায়েৰে নিজে কিতাপ কিনিবলৈ আগ্ৰহী হ’ব। অৱশ্যে এই কথাও সত্যযে চহকী বহু অসমীয়া লোকে কিতাপ শ্ব’কেচত সজাবলৈ কিনে আৰু দুখীয়া জনে পঢ়িবলৈ কিনে। বাকী কিতাপ কিনা নিকিনাৰ প্ৰসংগটো সম্পূৰ্ণৰূপে এজন মানুহৰ বাজেটৰ ওপৰতো নিৰ্ভৰ কৰে। এনে মানুহো লগ পাইছো যি কেৱল কিতাপ কিনাৰ নামতে মাহৰ সমস্ত আৰ্জন আদায় কৰে।
কিতাপ কিনিবলৈ পইছাৰ প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীয়ে গোটাই থোৱা পইছাৰ সামান্য অংশ নাইবা হাত খৰচৰে এক অংশৰে মোবাইলৰ ৰিচাৰ্চ পেক ভৰাই বিভিন্ন এপৰ জৰিয়তে ইচ্ছা কৰিলে দহখন মান মনে বিচৰা কিতাপ পঢ়িব পাৰে। হয়তো এই কথাই ছপা কিতাপৰ বিক্ৰীতো যথেষ্ট প্ৰভাৱ পেলাইছে। তদুপৰি মোবাইলৰ অনেক সুবিধাই তেওঁলোকৰ মাজত অধ্যয়নৰ স্পৃহা যথেষ্ট কমাইছে বুলি ভাবো।
বিন্দুঃ “পঢ়ায়, পঢ়ে, ৰোৱে পাণ/ ই তিনি নিচিন্তে আন”- এগৰাকী শিক্ষক হিচাপে উক্ত আপ্তবাক্যষাৰী আপুনি কেনেদৰে গ্ৰহণ কৰি আহিছে ?
মনালিছা শইকীয়াঃ এই কথাষাৰ মই অন্ত:কৰণেৰে বিশ্বাস কৰোঁ। এই বিশ্বাসকে সাৰোগত কৰি ত্যাগৰ মনোবৃত্তিৰে আজিকোপতি শিক্ষাদান কাৰ্যত ব্ৰতী হৈ আছোঁ। সুদীৰ্ঘকাল বেচৰকাৰী খণ্ডত শিক্ষকতা কৰিও কোনোদিনে শিক্ষাদান কাৰ্যত ফাঁকি দিয়া নাই। সদায়ে ছাত্ৰ-ছাত্ৰীক ভাল পথ দেখুৱাই জীৱনৰ বাটত সুশৃংখল ভাবে আগবঢ়াই নিবলৈ যত্ন কৰোঁ। অৱশ্যে এটা কথা স্বীকাৰ কৰোঁ যে ‘শিক্ষাৰ ঘাই কঠিয়াতলী হৈছে ঘৰখন।’
বিন্দুঃ শিক্ষকতা এক পৱিত্ৰ বৃত্তি । এক কথাত শিক্ষকসকল হৈছে ভিৱিষ্যত সমাজৰ নিৰ্মাতা । কিন্তু এই ক্ষেত্ৰত সমৰ্পিত ভাবেৰে কাম কৰিবলৈ নিশ্চয় শিক্ষকসকলে পাব লাগিব এক চাপহীন মুকলি পৰিৱেশ । শিক্ষক সমাজে পাইছেনে সেই পৰিৱেশ ? আপুনি কি ভাবে ?
মনালিছা শইকীয়াঃ চৰকাৰীয়েই হওক বা বেচৰকাৰীয়েই হওক শিক্ষক সকলে চাপ মুক্তহৈ কাম কৰাৰ সুযোগ আৰু সুবিধা দুয়োটাৰে অভাৱত পৰে। মই ভাবো সু নাগৰিকৰ পাঠ পঢ়াই সমাজ নিৰ্মাণত আগভাগ লোৱা শিক্ষক সকলক সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ সুযোগ দিলে সমাজখন অধিক প্ৰাণৱন্তহৈ উঠিব।
বিন্দুঃ অসমৰ সমাজ জীৱনত নাৰীৰ মৰ্যাদা সম্পৰ্কে আপোনাৰ অভিজ্ঞতা কেনেকুৱা? আজিৰ আধুনিক নাৰী সুৰক্ষিত নে?
মনালিছা শইকীয়াঃ নাৰীৰ মৰ্যাদাৰ প্ৰসংগটো অতিশয় প্ৰাসংগিক হ’লেও এটা কথা স্পষ্টভাবে কওঁযে মৰ্যাদা নিজে অটুট ৰাখিব লাগিব। নাৰী নাৰীৰ প্ৰধান শত্ৰু। আত্মনিয়োগ, আত্মনিৰ্ভৰশীলতা আৰু আত্মসচেতনতাৰ যোগেদি নাৰী এগৰাকী মৰ্যাদাশালী হৈ উঠে। সমাজৰ ক্ষতি নোহোৱাকৈ ৰীতি-নীতি, পৰম্পৰাৰ মাজেৰে বিজ্ঞান মনস্কতাক সাৰোগত কৰি আগবাঢ়িলে নাৰী এগৰাকী সকলোৰে দৃষ্টিত সন্মানীয় হয়। এইক্ষেত্ৰত মোৰ অভিজ্ঞতা আজিৰ তাৰিখলৈকে অতি মনোৰম। কোনো কোনো ক্ষেত্ৰত আধুনিক নাৰী সুৰক্ষিত নহয়। তেওঁলোক অত্যধিক আলসুৱা আৰু দুৰ্বল হোৱাতকৈ নিজকে সাহসী আৰু কৌশলী কৰি তুলিবলৈ যত্ন কৰিব লাগে। কগতে তেওঁলোকে নিজৰ সুৰক্ষা বেহু তৈয়াৰ কৰাৰ কৌশল শিকি ল’ব লাগে।
বিন্দুঃ নাৰীৰ “সমঅধিকাৰ“ শব্দটোক আপুনি কেনেদৰে গ্ৰহণ কৰে? সমঅধিকাৰ বিচৰা মানেই নিশ্চিতভাবে কিবা অধিকাৰৰ পৰা বঞ্চিত থকা৷ নাৰী বঞ্চিত নে? যদি হয় তাৰ বাবে কোন জগৰীয়া আপোনাৰ মতে? পুৰুষ?
মনালিছা শইকীয়াঃ এই পৃথিৱীৰ সকলো অনা আৰ্থিক সম্পদৰ ওপৰত নাৰী আৰু পুৰুষৰ সমান অধিকাৰ আছে। বেলিয়ে কোনোদিনেই পুৰুষক বেছি পোহৰ দি মহিলাক কম পোহৰ দিয়া নাই। এই ক্ষেত্ৰত আৰ্থিক সবলতাই সম অধিকাৰ বিষয়টো নস্যাৎ কৰে যেন লাগে। সকলো নাৰীয়ে সম অধিকাৰৰ দাবী তোলাতকৈ সম কাৰ্য সমাপন কৰাত গুৰুত্ব দিয়া উচিত। তাৰবাবে কোনোদিন কোনো পুৰুষক জগৰীয়া নকৰোঁ।
বিন্দুঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব?
মনালিছা শইকীয়াঃ পুৰুষ সেইজন যিজনে এগৰাকী নাৰীক হাতে হাত ধৰি তেওঁৰ সৈতে সমানে খোজ দিয়াত সহায় কৰে। যি নিজৰ পৰিয়াল পৰিজনৰ লগতে সমাজৰ উন্নতিৰ হকে অহৰ্নিশে যুঁজ দিবলৈ কুণ্ঠাবোধ নকৰে।
বিন্দুঃ একাংশ লোকে ক’ব বিচাৰে যে ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়ে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীতা আনি দিছে৷ আপুনি কি ভাবে ? বৃদ্ধাৱস্থাটোক সৰ্বতোপ্ৰকাৰে সুখী কৰিব পৰাকৈ পৰিৱেশ ৰচনা কৰি বৃদ্ধাশ্ৰমবোৰ যদি পৰিকল্পিতভাবে গঢ়ি তুলিব পৰা যায় আৰু পৰিয়ালৰ লোকসকল প্ৰতিদিনে এবাৰ হলেও তেওঁলোকক সংগ দিবলৈ বাধ্য থাকে তেন্তে আপুনি বিষয়টো কেনেদৰে গ্ৰহণ কৰিব?
মনালিছা শইকীয়াঃ বৃদ্ধাশ্ৰম প্ৰসংগত মোৰ নিজস্ব এক মত আছে। আমি সন্তানৰ উত্তৰোত্তৰ কামনা কৰি সমগ্ৰ জীৱন প্ৰণিপাত কৰোঁ। সেই সন্তানক ভাল ঠাইত ভাল কৰ্মত নিয়োজিত হ’বলৈ অহৰহ উৎসাহ দিওঁ। তেনেক্ষেত্ৰত দূৰৈত থকা সন্তানটিয়ে সকলো এৰি উভতি অহাটো সম্ভৱ জানো? পিতৃ মাতৃয়ে সন্তানক জ্ঞান আৰু বীক্ষাৰ লগতে অনুভূতিপ্ৰৱণো কৰি তুলিব লাগিব। আমি আমাৰ সংসাৰখনত সন্মুখীন হোৱা সমস্যাবোৰ অনুধাৱন কৰি সন্তানক বুজিবলৈ, বুজাবলৈ যত্ন কৰিব লাগিব। তেতিয়াই হয়তো এই প্ৰসংগটোয়ে সকলোৰে মন জয় কৰিব।
বিন্দুঃ ল’ৰা সন্তানৰ সমানে কন্যা সন্তানকো ভাৰতীয় আইনে পৈতৃক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিবাহিতা কন্যা সন্তানে পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বৰ পৰা আঁতৰি থাকে৷ কি ক’ব আপুনি?
মনালিছা শইকীয়াঃ এই ক্ষেত্ৰত সম্পত্তিয়েই শেষ কথা নহয় বুলি ভাবোঁ। কিয়নো কন্যা সন্তানক এঘৰলৈ উলিয়াই দিয়া মানে আমি সমাজৰ এটা পৰিয়াল বৃদ্ধি কৰা। মাতৃ অবিহনে পৰিয়াল এটা বহু সমস্যাৰ সন্মুখীন হয়। সুবিধা হ’লে কন্যা সন্তানে পিতৃ মাতৃক নিজৰ সৈতে ৰাখিবলৈ অলপো কুণ্ঠাবোধ কৰিব নালাগে । লগতে পুত্ৰ সন্তানৰ দৰেই পিতৃ মাতৃৰ সেৱা শুশ্ৰূষাৰ দায়িত্ব গ্ৰহণ কৰিব লাগে।
বিন্দুঃ আমাৰ দেশৰ বাবে ধৰ্ষণ এক সামাজিক ব্যাধী স্বৰূপ হৈ পৰিছে । সৌ সিদিনা মাথো পাঁচ পাষণ্ডই মাজবাটত দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক টিউচনৰ পৰা অহাৰ বাটত নিৰ্মমভাবে ধৰ্ষণ কৰা কথা আমি সকলোৱে জানো । এনেবোৰ কাৰ্যকলাপ ৰোধৰ বাবে কি পৰামৰ্শ দিব আপুনি ?
মনালিছা শইকীয়াঃ ধৰ্ষণ আধুনিক মানসিকতাৰ পৰিপন্থী। ধৰ্ষণে সমাজৰ অৱক্ষয় জনচক্ষুৰ সন্মুখত তুলি ধৰে। সুস্থ মানসিকতা আৰু সুস্থিৰ জীৱন প্ৰণালীয়ে ধৰ্ষণৰ দৰে ব্যাধিবোৰ মষিমূৰ কৰিব বুলি ভাবোঁ। তাৰ লগতে প্ৰতিগৰাকী ছোৱালী আৰু মহিলা সমৰকলাত পাৰ্গত হ’বলৈ যত্ন কৰা উচিত।
বিন্দুঃ গতিশীল সময়ৰ হাত ধৰি বহু নতুন চিন্তা, নতুন ধাৰণাৰ আমদানী হয়৷ সময়ৰ গতিৰ সৈতে ছন্দ মিলাব নোৱাৰাজনকে পুৰণি বুলি কোৱা হয়৷ সেই সময়ৰ হাত ধৰিয়েই আমাৰ সমাজলৈও সোমাই আহিব ধৰিছে লিভ ইন টুগেদাৰ ব্যৱস্থা৷ আপুনি কেনেদৰে চাইছে বিষয়টো?
মনালিছা শইকীয়াঃ এইটো বৰ সংবেদনশীল বিষয় । আধুনিকতাৰ দোহাই দি আমি সামৰি ল’ব খোজা এই বিষয়টোয়ে আমাৰ সমাজৰ পৰিশীলিত জীৱন প্ৰৱাহত গুৰুতৰ প্ৰভাৱ পেলাইছে।
বিন্দু ঃ শেহতীয়াভাৱে বাল্য বিবাহ, বহু বিবাহ, তালাক ব্যৱস্থা আদি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিবোৰ সংস্কাৰকামী ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে সিবোৰৰ প্ৰতি আপোনাৰ অভিমত কি?
মনালিছা শইকীয়াঃ ভাৰতীয় নৱজাগৰণৰ পিতৃ ৰাজা ৰামমোহন ৰায়ৰ সবল নেতৃত্বত এচাম মহান ভাৰতীয়ই ৰক্ষণশীল ভাৰতবৰ্ষক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিবলৈ অহৰহ প্ৰয়াস কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত বৃটিছ আমোলত আইনো প্ৰণয়ন হৈছিল। কিন্তু দুখৰ বিষয় যে আইনৰ ব্যৱস্থাইও এই কুসংস্কাৰবোৰ সমাজৰপৰা আঁতৰাব নোৱাৰিলে। বৰ্তমানৰ চৰকাৰে এই ক্ষেত্ৰত অতি কঠোৰ ভাবে ব্যৱস্থা গ্ৰহণ কৰাত অত্যন্ত সুখী হৈছোঁ। আশা কৰিছো সকলো এদিন ভাল হ’ব।
বিন্দুঃ শাহু আৰু বোৱাৰীৰ মাজৰ সংঘাত বা দ্বন্দ্ব্ব আমাৰ সমাজত চিৰাচৰিতভাবে চলি আহিছে৷ এগৰাকী বোৱাৰী বা শাহু হিচাপে আপোনাৰ ব্যক্তিগত অভিজ্ঞতা?
মনালিছা শইকীয়াঃ আগতেই কৈছোঁ নাৰী নাৰীৰ প্ৰধান শত্ৰু। কৰবাত কাচিৎহে শাহু আৰু বোৱাৰী মাক জীয়েকলৈ ৰূপান্তৰ হোৱা দেখা যায়। তাৰবাবে দুয়োগৰাকীৰে মনোবৃত্তি ভাল হোৱা দৰকাৰ। বিয়া হৈ আহি শাহুক পোৱা নাই। খুৰী শাহুৱে টেকেলি ধৰি যিদৰে সাদৰেৰে আনিলে সেই সাদৰ আজিও অটুত আছে। সাতজনী জা-জোৱালিৰে আমাৰ বৃহৎ পৰিয়ালটো কামৰ তাগিদাত দূৰে দূৰে থাকে যদিও অত্যন্ত মৰম চেনেহ আৰু একতাৰ বান্ধোনেৰে আজিও বান্ধ খাই আছে।
বিন্দুঃ আমাৰ সমাজত গাৰ্হস্থ্য হিংসা বা বোৱাৰী নিৰ্যাতনৰ যিসমূহ ঘটনা সংঘটিত হয় তাত স্বামীৰ পৰিয়ালৰ অন্যান্য নাৰীও জড়িত থকা সততে পৰিলক্ষিত হয়৷ ইয়ে নাৰীয়ে যে নাৰীৰ শত্ৰু সেইটোকে প্ৰতিপন্ন নকৰেনে? আপুনি কি ভাবে?
মনালিছা শইকীয়াঃ কথাষাৰ মই সঁচা বুলি ভাবোঁ। যৌতুক, পৰকীয়া প্ৰেম, এলেহুৱা মনোবৃত্তি আদিয়েও এই ক্ষেত্ৰত প্ৰভাৱ পেলায়।
বিন্দুঃ নাৰী নিৰ্যাতনৰ সমান্তৰালভাবে পুৰুষ নিৰ্যাতনৰ প্ৰসংগয়ো বৰ্তমান সময়ত চৰ্চা লাভ কৰিছে । দুবছৰমান আগত দিল্লীৰ জন্তৰ মন্তৰত নিৰ্যাতিত পুৰুষ কিছুমানে ধৰ্ণা প্ৰদৰ্শনো কৰা দেখা গৈছিল । আইনে প্ৰদান কৰা বিশাষাধিকাৰসমূহ উদ্দেশ্যমূলকভাবে ব্যৱহাৰ কৰি এচাম নাৰীয়ে পুৰুষ নিৰ্যাতন চলাই আহিছে বুলি ভিন্ন সময়ত অভিযোগ উত্থাপিত হ’বলৈ লৈছে । এই অভিযোগ যদি সঁচা হয় তেন্তে ইয়ে নাৰীকেই ক্ষতিগ্ৰস্থ নকৰিব নে ? আপুনি কি ভাবে ?
মনালিছা শইকীয়াঃ নিশ্চয় ক্ষতি কৰিব। নাৰী অবিহনে পুৰুষ আৰু পুৰুষ অবিহনে নাৰী সম্পূৰ্ণ নহয়। তেনেক্ষেত্ৰত দুয়োৰে মাজত বুজাপৰা, মৰম চেনেহ, দয়া, ক্ষমা আৰু সহনশীলতাৰ অতি প্ৰয়োজন।
বিন্দুঃ ধনৰ বাবেই হওক অথবা যৌনক্ষুধা পুৰণৰ বাবেই হওক, প্ৰাপ্তবয়স্ক নাৰীক ভাৰতৰ আইনী ব্যৱস্থাই সম্পূৰ্ণ যৌন স্বাধীনতা প্ৰদান কৰিছে ! এই ক্ষেত্ৰত আপোনাৰ অভিমত ?
মনালিছা শইকীয়াঃ যৌন ক্ষুধাৰ লগতে পেটৰ ক্ষূধা নিবাৰণৰ হেতু চৰকাৰে কৰা ব্যৱস্থাৰ শলাগ লৈছোঁ। কিন্তু এই স্বাধীনতাৰ অপব্যৱহাৰে সমাজখন উচ্ছৃংখল কৰিবযে সেয়া ধুৰূপ।
বিন্দুঃ ৰাজনীতি এতিয়া সমাজৰ সৰ্বস্তৰলৈ বিয়পিছে । ইয়াক আপুনি শুভলক্ষণ বুলিব নে অন্য প্ৰকাৰে বাখ্যা আগবঢ়াব ? শিক্ষকসকল ৰাজনীতিৰ সৈতে জড়িত হোৱা কাৰ্যক আপুনি সমৰ্থন কৰেনে ?
মনালিছা শইকীয়াঃ ৰাজনীতিয়ে সমাজ জীৱনৰ সমস্যাবোৰ , আসোঁৱাহবোৰ দূৰ কৰিবলৈ চেষ্টা কৰে। এয়া শুভলক্ষণ। কিন্তু সৰ্বস্তৰলৈ বিয়পি পৰা ৰাজনীতিয়ে যেতিয়া মানৱীয় প্ৰমূল্যবোধত আঘাত হানে সেয়া অতি ৰুঢ় বাস্তৱ হৈ ধৰা দিয়ে। শিক্ষক সকল সমাজ নিৰ্মাতা। সেয়ে তেওঁলোকক ৰাজনীতিৰ পৰা আঁতৰত ৰখা উচিত।
বিন্দুঃ মূল্যবোধৰ ৰাজনীতি বুলিলে আপুনি কি বুজে ? বৰ্তমান সময়ৰ ৰাজনীতিক আপুনি কোনটো স্তৰত ৰাখিব বিচাৰিব ?
মনালিছা শইকীয়াঃ যি ৰাজনীতিয়ে আমাক দহৰ উপকাৰ সাধন কৰিবলৈ উৎসাহ যোগায়, য’ত টকাতকৈ জ্ঞানৰ আদৰ বেছি সেয়াই মূল্যবোধৰ ৰাজনীতি। বৰ্তমান সময়ৰ ৰাজনীতি তেনেই তৰল পৰ্যায়ৰ বুলি ভাবো
বিন্দুঃ ধৰি লোৱা হ’ল আপোনাক এদিনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠীত কৰা হ’ল । প্ৰথম কামটো আপোনাৰ কি হ’ব ?
মনালিছা শইকীয়াঃ সন্মান কৰিব নজনা, মহা ফটুৱা আৰু মুখৰ লেকাম নথকা মন্ত্ৰী কেইটাক আঁতৰ কৰিম
বিন্দুঃ জীৱনৰ এনে এক আকাংক্ষাৰ কথা কওক যাক আপুনি আহৰণ কৰিব নোৱাৰিলে, যিটোৰ বাবে হয়তো গোপন মনে এতিয়াও মাজে মাজে ব্যাকুলতা অনুভৱ কৰে৷
মনালিছা শইকীয়াঃ আকাংক্ষা বহু আছিল। তাৰে ভিতৰত সঁচা অৰ্থত এগৰাকী ভাল লেখিকা হোৱাৰ প্ৰত্যাশা আছিল। যাৰ বাবে জীৱনৰ অহোপুৰুষাৰ্থ চেষ্টা সদায় চলি আছে আৰু যিখিনি আচলতে একেবাৰেই আহৰণ কৰিব নোৱাৰিলো
বিন্দুঃ আপোনাক যদি এই মুহূৰ্তত ঈশ্বৰে তিনিটা বৰ দিব বিচাৰে তেন্তে আপুনি কি কি বিচাৰিব?
মনালিছা শইকীয়াঃ প্ৰথমতে জীৱনটো পুনৰাই আৰম্ভ কৰিবলৈ বিচাৰিম। দ্বিতীয়তে সমাজৰ দুৰ্নীতি পৰায়ণ মানুহবোৰ নোহোৱাৰ ব্যৱস্থা কৰিবলৈ কম। তৃতীয়তে পৃথিৱীখন সুজলা সুফলা কৰি ৰাখিবলৈ অনুৰোধ কৰিম।
বিন্দুঃ ধৰি লওক এটা জনপ্ৰাণীহীন দ্বীপত আপোনাক নিৰ্বাসন দিয়া হ’ল৷ লগত কি বিচাৰিব আপুনি?
মনালিছা শইকীয়াঃ ভাল লগা কিছু কিতাপ আৰু চানা পেকেট কেইটামান ।
বিন্দুঃ আগন্তুক দহটা বছৰৰ পিছত আপুনি নিজক কেনে অৱস্থাত পাব বিচাৰে?
মনালিছা শইকীয়াঃ অভিজ্ঞ আৰু নিপুণ মহিলাৰূপে
বিন্দুঃ প্ৰিয় ফুল?
মনালিছা শইকীয়াঃ কপৌফুল
বিন্দুঃ প্ৰিয় মানুহ?
মনালিছা শইকীয়াঃ অহং ভাব নথকা সৎ চৰিত্ৰৰ সকলো মানুহেই প্ৰিয় ।
বিন্দুঃ প্ৰিয় ৰাজনৈতিক নেতা?
মনালিছা শইকীয়াঃ অটল বিহাৰী বাজপেয়ী
বিন্দুঃ প্ৰিয় ৰং?
মনালিছা শইকীয়াঃবগা
বিন্দুঃ প্ৰিয় ঠাই?
মনালিছা শইকীয়াঃ জাতিংগা
বিন্দুঃ প্ৰিয় কিতাপ?
মনালিছা শইকীয়াঃ অসীমত যাৰ হেৰাল সীমা,
অন্তৰীপ, আত্মানুসন্ধান আৰু মায়াবৃত্ত ।
বিন্দুঃ ভাল লগা গান ?
মনালিছা শইকীয়াঃ জয়ন্ত হাজৰিকাৰ ‘সাৰপাম মই পুৱতি নিশাতে’
ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’
বিন্দুঃ প্ৰিয় সাহিত্যিক?
মনালিছা শইকীয়াঃ কাঞ্চন বৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, ৰীতা চৌধুৰী, হোমেন বৰগোহাঞি ।
বিন্দুঃ প্ৰিয় ব্যঞ্জন?
মনালিছা শইকীয়াঃ ৰুচিকৰ যিকোনো ব্যঞ্জন প্ৰিয়। মাছৰ টেঙা, মাটিদাইল অধিক প্ৰিয় ।
বিন্দুঃ প্ৰিয় সময়?
মনালিছা শইকীয়াঃ দোকমোকালি আৰু আবেলি
বিন্দুঃ আজৰি সময়ৰ কাম?
মনালিছা শইকীয়াঃ ফুলৰ যত্ন লোৱা, কিতাপ পঢ়া, উল গোঠা, লেখা-মেলা কৰা, গান শুনা, চিনেমা চোৱা আৰু কাষৰ পাজৰৰ মানুহ কেইঘৰলৈ গৈ সুখ দুখৰ বা-বাতৰি লোৱা ।
বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো৷ আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওক তাৰে কামনা কৰিছো৷
সাক্ষাৎগ্ৰহণঃ ৰাতুল দাস শৰণীয়া