বিষ্ণু প্ৰসাদ ৰাভাৰ ৰচনাত নৃতাত্ত্বিক চেতনা

বিষ্ণু প্ৰসাদ ৰাভাৰ ৰচনাত নৃতাত্ত্বিক চেতনা

ড০ অখিল কুমাৰ গগৈ

অসমৰ বৈপ্লবিক আৰু সাহিত্য-সংস্কৃতিৰ সমকক্ষ হিচাপে থিয় দিব পৰা পুৰোধা ব্যক্তি হ’ল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। ৰাভাৰ আভাৰে আলোকিত হৈ সাহিত্য আৰু সংস্কৃতিৰ পথাৰ দুখনত বীজসমূহ লহপহকৈ বাঢ়িছিল। সাহিত্য আৰু সংস্কৃতিৰ পথাৰত ৰোপণ কৰি যোৱা বৃক্ষৰ পাত আজিকোপতি সেউজীয়া হৈ আছে। বিষ্ণুৰাভাৰ চিন্তা-চেতনাত নানান দিশ প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়। স্বদেশ-স্বজাতিৰ উন্নতি কল্পে চিন্তা কৰা ৰাভাদেৱৰ চিন্তা-চেতনাত বিৰিঙি উঠিছে স্বজাতিৰ সৃষ্টিৰ পাতনিৰ কথা। গীত, কবিতা, নাটক তথা বৈপ্লৱিক সৃষ্টিৰাজিৰ মাজতে ৰাভাদেৱৰ নৃতাত্ত্বিক চেতনাৰ আভাসো বিচাৰি পোৱা যায়। এনে ধৰণৰ বাৰেৰহণীয়া চিন্তা আৰু চেতনাৰে কলাগুৰু জনাৰ মহান ব্যক্তিত্ব অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখনত আজিও প্ৰজ্বলিত হৈ আছে। বিষ্ণুৰাভাৰ তেজত চিৰপ্ৰবাহিত বিপ্লৱৰ সোঁত, নিৰ্মল প্ৰেমৰ অনাবিল ধাৰা লগতে মানৱ জাতিৰ সৃষ্টিতত্ত্ব তথা নৃতাত্ত্বিক চেতনাক অতি মনোজ্ঞ ৰূপত কবিতাৰ ভাষা আৰু গদ্যৰ ছন্দত অতি সাৱলীলভাৱে প্ৰকাশ কৰিছে।

এই পৃথিৱীলৈ আগমন ঘটা মানৱ জাতিৰ সৃষ্টিৰ ৰহস্য বিকাশৰ আৰু বিস্তাৰৰ কথা সবিস্তাৰে আৰু অতি মনোজ্ঞ ৰূপত কৰা বৰ্ণনা বিষ্ণুৰাভাৰ ৰচনাত পোৱ যায়। তেওঁৰ বিশাল ৰচনা সম্ভাৰৰ মাজত বিবিধ চিন্তাৰে পৈণত কথা শিল্পীক বিচাৰি পোৱা যায়। বিষ্ণু ৰাভাৰ অন্যান্য ৰচনাৰ লগতে নৃতাত্ত্বিক চেতনা প্ৰকাশ পোৱা লেখা কেইটাত আদিম মানৱৰ সৃষ্টি আৰু বিকাশ সম্বন্ধে অতি মনোজ্ঞ আৰু তথ্য সম্বলিত বিশ্লেষণ আগবঢ়াইছে।

‘নৃ’-মানে মানুহ আৰু ‘তত্ত্ব’ মানে সভ্যতা, স্বৰূপ যথাৰ্থতা সম্পৰ্কে অধ্যয়ন কৰাটোৱেই হ’ল – নৃতত্ত্ব। অৰ্থাৎ মানৱ জাতিৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোৱে হ’ল ‘নৃতত্ত্ব’ বা ‘এনথ্ৰ’প’ল’জী”। The study of human beings and their ancestors through time and space and in relation to physical character, environmental and social relations and culture.

আদিম মানুহ সম্পৰ্কে সম্যক ধাৰণা ঃ
এতিয়াৰ পৰা ২০ লাখ বছৰৰো আগেয়ে পৃথিৱীত মানুহৰ প্ৰথম আবিৰ্ভাৱ ঘটিছিল। আদিম মানুহ আৰু পশুৰ মাজত থকা প্ৰধান পাৰ্থক্য হ’ল মানুহে তাৰ শ্ৰমৰ আহিলাবোৰ তৈয়াৰ কৰাৰ ক্ষমতা অৰ্জন কৰিছিল। আদিম মানুহৰ প্ৰথম কাৰ্যকলাপ আছিল সংগ্ৰহ বৃত্তি আৰু চিকাৰ। যেতিয়াৰ পৰা জুইৰ ব্যৱহাৰ শিকিলে তাৰ পাছৰ পৰাই আদিম মানুহ আৰু পশুৰ মাজত থকা তাৰতম্য বা পাৰ্থক্য বাঢ়ি যাবলৈ ধৰিলে। অৰ্থাৎ মানুহে বহুত কাম শিকিলে বা বিৱৰ্তন ঘটিলে।
আদিম মানুহে দলবদ্ধ হৈ বসবাস কৰিছিল। এনেদৰে দলবদ্ধ হৈ বসবাস কৰিব পাৰিছিল কেৱল উষ্ণ বা গৰম দেশসমূহত য’ত বনজ সম্পদেৰে প্ৰকৃতি চহকী আৰু য’ত কাপোৰ কানি অথবা বাসস্থানৰ প্ৰয়োজন নাছিল। আদিম মানুহৰ বিভিন্ন পৰিচয় আফ্ৰিকা, এছিয়া আৰু ইউৰোপ মহাদেশত পোৱা গৈছে। ঊনৈছ শতিকাৰ শেষ ভাগত দক্ষিণ-পূব এছিয়াৰ জাভা দ্বীপত লাখ লাখ বছৰৰ পূৰ্বে থকা মানুহৰ হাড় আৰু দাঁত বিচাৰি পাইছিল। সেই আৱিষ্কাৰৰ ওপৰত ভিত্তি কৰিয়েই বিজ্ঞানীসকলে আদিম মানুহৰ প্ৰতিকৃতি নিৰ্মাণ কৰিছিল। সেই মানুহৰ নাম দিয়া হৈছিল “পিথেকানথ্ৰোপুছ” (Java Man (Homo erectus, formerly also Anthropopithecus erectus, Pithecanthropus erectus) is an early human fasil discovered in 1891 and 1892 on the island of Java (Dutch East Indies, now part of Indonesia) অৰ্থাৎ বান্দৰ মানুহ। বহুত যুগ ধৰি এই সকলকেই পৃথিৱীৰ আদিম মানুহ বুলি গণ্য বৰা হয়। কিন্তু কুৰি শতিকাৰ মাজভাগত আফ্ৰিকাৰ পূৰ্বাঞ্চলত তাতোকৈ পুৰণিকলীয়া মানুহৰ হাড় আৰু তেওঁলোকৰ ব্যৱহৃত অধিক আদিম ধৰণৰ শিলৰ সঁজুলি আৱিষ্কাৰ হৈছে। এই আদিম মানুহক বোলা হয় হোমো ইৰেক্টাছ (Homo Erectus), অৰ্থাৎ পোন মেৰুদণ্ডৰ মানুহ। বিজ্ঞানীসকলে দেখুৱাইছে যে এই মানুহ জীৱিত আছিল দহলাখ বছৰৰো আগেয়ে। অৱশ্যে অধিকাংশ বিজ্ঞানীয়েই আদিম মানুহৰ কঙ্কাল বা জঁকা আৱিষ্কাৰ কৰিছিল। জাভাত পোৱা মানুহৰ জঁকাতকৈ এই জঁকাবিলাক ওখ আৰু মত্তিষ্কৰ খোলাটো জাভাৰ মানুহৰ মস্তিষ্কৰ চাৰিভাগৰ এভাগ আছিল বুলি পণ্ডিতসকলে মত পোষণ কৰিছে। নৃতাত্ত্বিক পণ্ডিতসকলৰ মতে পাইথেকান থ্ৰেপাচ মানুহতকৈ চিনান থ্ৰোপাচ পিকিনেচন (Sinanthropus Pekinanus) মানুহ অলপ উন্নতৰ। এই চিনান থ্ৰোপাচ মানুহখিনি দলবান্ধি ফুৰিছিল, খোৱা-বোৱা, চিকাৰ কৰা আৰু আত্মৰক্ষাৰ বাবে সকলোৱে সকলোৱে দলবান্ধি ফুৰিছিল।

অষ্ট্ৰালপিথেচাছ (Australopithecus) ঃ আদিম মানুহ ক্ৰমাৎ উন্নত হৈ এই অষ্ট্ৰ্যালেপিথেকাচ আফ্ৰিকাচ পৰ্যায়ত বাস্তৱত উপনীত হৈছিল। এনে মানুহৰ মূৰৰ খোলা এটা ১৯২৫ চনত কেপকোলোনীত পোৱা যায়। অষ্ট্ৰ্যালেপিথেকাচ মানুহবোৰে আজিৰ মানুহৰ দৰেই অষ্ট্ৰ্যালেপিথেকাচ মানুহবোৰে ঘূৰি ফুৰিব পাৰিছিল।

হোমো হেইদেলবাৰ্গেন্‌চিচ (Homo Heidelbergeninsis) ঃ এই হোমো হেইদেলবাৰ্গেন্‌চিচ মানুহবোৰ প্ৰায় মানুহৰ দৰেই আহিল অৰ্থাৎ আজিৰ মানুহৰ লগত বেছি পাৰ্থক্য নাছিল। এই মানুহবোৰৰ তলৰ পাৰি দাঁতৰ হাড়দাল মানুহৰ নিচিনাই আছিল আৰ দাঁত বিলাকো আজিৰ মানুহৰ দৰেই আছিল বুলি নৃতাত্ত্বিক পণ্ডিতসকলে মন্তব্য কৰি গৈছে। এনে মানুহৰ কঙ্কাল পোৱা গৈছিল ১৯০৭ চনত হেইদেলবাৰ্গ নামৰ ঠাইত। এনে মানুহ প্ৰাক প্ৰস্তৰ যুগত এইবাসোপযোগী পৃথিৱীত বসবাস কৰিছিল। আত্মৰক্ষাৰ সংগ্ৰামত তেওঁলোকে যেনেকৈ আদিম বৰ্বৰ মস্তিষ্ক আৰু অঙ্গ পৰিচালনা কৰিছিল তাৰ পৰাই এই হোমো হেঁইদেলবাৰ্গেন্‌চিচ মানুহৰ ৰূপ আৰু গুণৰো পৰিবৰ্তন হৈছিল।

পিল্টডাউন স্কাল (Piltdown Skull) বা ইয়োৱানথোপাচ অথবা আদি মানৱ ঃ ১৯১২ চনত ইংলেণ্ডৰ পিল্ট ডাউনচাছেক্সত পোৱা গৈছিল। প্ৰকৃততে ই কঙ্কাল নহৈ মূৰৰ খোলাহে আছিল। যীশুখ্ৰীষ্টৰ জন্মৰ পঞ্চাশ হাজাৰ বছৰৰো আগতে এই ধৰণৰ মানুহে বা পিল্ট ডাউন স্কাল বা ইয়োৱান থ্ৰোপাচ্‌ মানুহে বসবাস কৰিছিল। নৃতাত্ত্বিক পণ্ডিতসকলৰ লগতে বিষ্ণুৰাভাইও এই পিল্ট ডাউন স্কাল বা ইয়োৱান থ্ৰোপাচ মানুহকেই আদি মানৱ বুলি মন্তব্য কৰিছে।

নিয়নডাৰ্থলি (Neanderthal) ঃ ১৯৫৭ চনত জাৰ্মান দেশৰ ডুছেল ডৰফৰ ওচৰত থকা নিয়ানডাৰ্থল নামে ঠাইত এনে মানুহৰ চিন পোৱা গৈছিল। সেই কাৰণে সেই যুগৰ মানুহক সেই ঠাই অনুযায়ী নিয়ানডাৰ্থল বুলি অভিহিত কৰিছিল। নৃতত্ত্ববিদ পণ্ডিতসকলে মানৱ জাতিৰ স্তৰৰ নাম দিছিল য’ত য’ত মানুহৰ বিশেষ স্তৰৰ জঁকা উদ্ধাৰ হৈছিল, সেই ঠাইৰ নাম অনুযায়ী। এই জাতৰ মানুহৰ মূৰ দীঘলীয়া আছিল। এই মানৱ জাতিয়েই নৰ-পশুৰ শাৰীৰ পৰা নৰসমাজৰ শাৰীলৈ ক্ৰমবিৱৰ্তন হৈছিল। ধ্ৰীষ্টজন্ম পঞ্চাশ হাজাৰ বছৰৰো পূৰ্বৰ এই মানুহবোৰেই শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। এইসময়তে শিল, পাথৰ বা প্ৰস্তৰৰ বস্তু তৈয়াৰ হৈছিল বাবে বুৰঞ্জীবিদসকলে এই যুগক আদিপ্ৰস্তৰ যুগ বুলি মত পোষণ কৰি গৈছে।

হোমো প্ৰিমিজেনিয়াচ (Homo Premigeneous) ঃ এই জাতৰ মানুহৰ চিন পোৱা গৈছিল ১৮৯৫ চন আৰু ১৯০৬ চনত। খ্ৰীষ্টপূৰ্ব ৩৫০০০ বছৰৰ পৰা ১৫০০০ বছৰলৈকে এই মানুহবোৰে পৃথিবীত বাস কৰিছিল। আদি স্তৰৰ যুগতে এই মানুহবোৰে হাতত শিলৰ অস্ত্ৰ লৈ ফুৰিছিল, যুঁজিছিল আৰু চিকাৰ কৰিছিল।
ইয়াতে বিষ্ণুৰাভাই এযাৰ কথা কৈছে যে মানুহৰ ক্ৰমবিকাশৰ যিটোৰ ওপৰত নৃতত্ত্ববিদসকলৰ মত দিয়া হ’ল, তাত যি মানৱৰ স্তৰৰ আয়ুকাল উল্লেখ কৰা হ’ল; বুৰঞ্জীবিদসকলে কিন্তু বেলেগ ধৰণেহে ব্যাখ্যা কৰে।
বিষ্ণুৰাভাই মানুহৰ আদিম পৰ্যায়ৰ পৰা পৃথক পৃথক স্তৰৰ মাজেদি কেনেকৈ ক্ৰমবিবৰ্তনৰ মাজেদি আহি প্ৰস্তৰ যুগত উপনীত হোৱালৈকে অতি তথ্যসমৃদ্ধভাৱে বিশ্লেষণ আগবঢ়াইছে। প্ৰস্তৰ যুগৰ বিষয়ে কৈছে যে মানৱ জাতিৰ বিকাশৰ লগে লগে আদি মানৱে নিজৰ আত্মৰক্ষাৰ কাৰণে শিল, পাথৰ বা প্ৰস্তৰ ব্যৱহাৰ কৰিছিল। এই প্ৰস্তৰ যুগৰ প্ৰথম স্তৰক ঊষা স্তৰ (Dolothic or Down of the stone age) বুলি কৈছিল। এই ঊষা প্ৰস্তৰ যুগৰ আয়ুস আছিল ৬০ লাখ বছৰৰ পৰা খ্ৰীষ্টপূৰ্ব ৪ লাখ বছৰলৈকে অৰ্থাৎ ৫৬ লাখ বছৰ আছিল বুলি পণ্ডিতসকলে কয়। এনেধৰণৰ তথ্যপূৰ্ণ বৰ্ণনাৰ লগতে বিষ্ণুৰাভাই আদিম কালত কেনেদৰে মানৱ জাতিৰ মাজত সাম্যবাদী সমাজ অথবা গোষ্ঠী সমাজ গঠন গৈছিল তাৰ সবিশেষ বৰ্ণনা কৰি গৈছে। তেওঁ ‘মানৱজাতি’ প্ৰবন্ধত কৈছে দল বা গোষ্ঠী হিচাপেহে আদিম নৰপশু মানৱে বাস কৰিছিল। পুৰুষ তিৰোতা সকলোৱে হাবিৰ পশুৰ নিচিনাকৈ হাবিয়ে-বননিয়ে ঘূৰি গছে গছে বগাই বগাই নিজৰ আহাৰ বিচাৰিছিল। উৎপাদনৰ সঁজুলি হিচাপে শিলৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল, পুৰুষে-তিৰোতাই সমানে সমানে একেলগে মিলি হাতত অস্ত্ৰ লৈ আহাৰ বিচাৰিছিল, বনৰীয়া পশুৰ লগত যুঁজিছিল আৰু আত্মৰক্ষা কৰিছিল।

প্ৰাক প্ৰস্তৰ যুগ ঃ
প্ৰাক প্ৰস্তৰ যুগৰ কথা বৰ্ণনা কৰিবলৈ গৈ কেছে যে এই যুগ খ্ৰীষ্টপূৰ্ব চাৰিলাখ বছৰৰ পৰা একলাখ বছৰলৈকে ব্যাপি আছিল। এই যুগত পুৰুষ-তিৰোতা সকলোৱে একেলগে আছিল। পুৰুষ-তিৰোতা মিলনৰ কোনো বাধ্য-বাধকতা বা হকা-বাধা নাছিল। মাকৰ মামেৰেহে ল’ৰা-ছেৱালীৰ পৰিচয় পোৱা গৈছিল। ভাৰতৰ আৰ্যসকলৰ আদিম সমাজতে মাতৃসত্তা (মাতৃ-তান্ত্ৰিক সমাজ) সমাজ পৰিচালনাৰ কথা পোৱা যায়। আজিও পৃথিৱীত এনে মাতৃ সত্তা বা মাতৃ তান্ত্ৰিক সমাজৰ বহুতো চিন গোৱা যায়। অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ খাচী, ৰাতা, তিন্তেং জাতিৰ মাজত আজিও মাতৃসত্তা সমাজ প্ৰচলন থকা দেখা হায়।
এই যুগত মানুহৰ মস্তিষ্কৰ পৰিচালনা আৰু অঙ্গ প্ৰত্যঙ্গৰ চালনাই বেলেগ ৰূপ লৈছিল, মানুহৰ গঢ়-গতিও বেলেগ হৈছিল; স্বভাৱৰো পৰিবৰ্তন হৈছিল।

মধ্য যুগ বা মেচোলিথিক (Mesolithic) যুগ ঃ এই যুগ খ্ৰীষ্টপূৰ্ব একলাখ বছৰৰ পৰা খ্ৰীষ্টপূৰ্ব দহ হাজাৰ বছৰলৈকে নবৈব হাজাৰ বছৰ আছিল। এই যুগত মানৱ জাতিৰ ক্ৰমবিকাশৰ ফলত পিল্ট ডাউন স্কাল বা য়োৱান থ্ৰোপাচ আদি মানৱ আৰু নিয়ানভাৰ্থল আদিম মানুহে বাস কৰিছিল। প্ৰায় যাঠী হাজাৰ বছৰ আগতে শিলে শিলে ঘঁহাই জুইৰ আৱিস্কাৰ কৰিছিল। এই জুই আৱিষ্কাৰ মানৱ জাতিৰ ক্ৰমবিবৰ্তনৰ গতিপথত এক যুগান্তকাৰী ঘটনা।

এইদৰে মানৱ জাতিৰ বিভিন্ন স্তৰৰ মাজেদি ক্ৰমবিৱৰ্তন বা বিকাশ লাভ কৰি আৰু লগতে মগজুৰ বিকাশ আৰু দৈহিক পৰিৱৰ্তন হৈ আজিৰ মানৱ ৰূপত পৰিণত হৈছেহি। এনেধৰণৰ সৃষ্টিৰাজিৰ মাজত বিষ্ণুৰাভাৰ নৃতাত্ত্বিক চেতনা অতি স্পষ্টৰূপত ধৰা পৰিছে।
‘মানুহ’ নামৰ এটা প্ৰবন্ধত বিষ্ণু ৰাভাই লিখিছে যে অতি প্ৰাচীন যুগত যি সভ্যতা পোন প্ৰথমে বুৰঞ্জীয়ে প্ৰকাশ কৰিলে সেই সভ্যতাত প্ৰাগ ঐতিহাসিক যুগৰ পৰা ক্ৰমবৰ্দ্ধমানৰ ফলতহে হৈছিল। মানৱ জাতি এসময়ত কেনেতৈ বাস কৰিছিল এই কথা বিচাৰ কৰাৰ লগে লগে মানৱ জাতিয়ে কি উপাদানৰ ওপৰত জীৱিকা আহৰণ কৰিছিল – এই তথ্য আৰু লক্ষ্যৰ ওপৰতো বিষ্ণুৰাভাই গুৰুত্ব দিছে। মানৱ জাতিৰ তিনিটা পৰ্যায় বা স্তৰ দেখা যায় – বন্য, ববৰ্বৰ আৰু সভ্য। এই তিনিতা স্তৰত ভাগ কৰি মানৱ জাতিৰ বিকাশৰ ধাৰাটো সবিত্বাৰে বিশ্লেষণ কৰি দেখুৱাইছে।

বিষ্ণু ৰাভাই বৰ্ণনা কৰা মতে বন্য যুগ বা Savage পৰ্যায়টো একেধাৰে নিম্নস্তৰ আছিল। এই যুগত মানুহে হাবিতলীয়া ফলমূল, পাত আৰু জীৱ-জন্তুৰ ওপৰত নিৰ্ভৰ কৰিছিল। খেতি কৰিব নাজানিছিল। খাদ্য বা আহাৰৰ নাটনি হ’লে সেই ঠাই এৰি আন ঠাইলৈ গৈছিল। শেষৰ ফালে তেওঁলোকে অস্ত্ৰ প্ৰহৰণ কৰিবলৈ শিকিছিল যদিও তেতিয়াও ধাতুৰ ব্যৱহাৰ হোৱা নাছিল। সেইয়েহে বুৰঞ্জীবিদ বা নৃতত্ত্ববিদ পণ্ডিতসকলে এই যুগটোক প্ৰস্তৰ যুগ বুলি অভিহিত কৰিছিল।

মানুহে যেতিয়াৰ পৰা খেতি কৰিবলৈ শিকিলে তেতিয়াৰ পৰা বৰ্বৰ যুগ আৰম্ভ হৈছিল। এই বৰ্বৰ যুগত মানুহে খেতি কৰি শস্যাদি জমা কৰি থ’বলৈ শিকিছিল আৰু তেতিয়াৰ পৰাই গাঁও, বসতি নাইবা চহৰৰ সৃষ্টি হ’ল। ইয়াৰ ফলত শিল্পকলা, জ্ঞান ব্যৱহাৰ আৰু শাসন ব্যৱস্থাৰ সৃষ্টি হৈছিল। পশুপালনৰ জৰিয়তে গাখীৰ আৰু মাংস ব্যৱহাৰ কৰিবলৈ শিকিলে। তাৰ পাছতে ধাতু যুগ আৰম্ভ হৈছিল। শেষৰফালে সভ্য যুগত লিপিৰ আৱিষ্কাৰ হ’ল আৰু ইয়াৰ লগে লগে বুৰঞ্জী, আইন জ্ঞান আৰু ধৰ্ম বিষয়ক কথাবোৰ লিপিবদ্ধ হৈছিল। যাৰ ফলত বুদ্ধি আৰু নীতি সম্পৰ্কীয় উন্নয়নৰ সাধিত হৈছিল আৰু অতীত ভৱিষ্যৎ শৃংখলিত হ’ল। মানৱ কৃষ্টিৰ এই তিনিটা যুগ বা স্তৰে মানৱৰ বিকাশ আৰু ক্ৰমবিৱৰ্তনৰ ধাৰাটোত এক উল্লেখযোগ্য ভূমিকা লৈছিল আৰু বাস্তৱত এই যুগ বা স্তৰ তিনিটাক লৈ ভাবিবলৈ, বিশ্লেষণ কৰিবলৈ আৰু গৱেষণা কৰিবলৈ সুবিধা পালে। এই অধ্যায়ৰ শেষৰ ফালে বিষ্ণুৰাভাই এষাৰ গুৰুত্বপূৰ্ণ দিশ উনুকিয়াই গৈছে। আজিৰ এই পৃথিৱীত এই তিনিটা স্তৰ বা যুগ – বন্য, ববৰ্বৰ আৰু সভ্য যুগৰ বহুতো প্ৰমাণ সিঁচৰতি হৈ আছে। ব্ৰাজিল (Brazil) ৰ হাবিৰ এজন বন্য মানুহ নিউজিলেণ্ডৰ নাইবা অসমৰ পাহাৰীয়া জনজাতি নগা, কুকিসকলৰ মাজত ববৰ্বৰ জাতিৰ প্ৰমাণ বিচাৰি পোৱা যায় অৰ্থাৎ এই বিলাকেই তিনি যুগৰ মানৱ জাতিৰ প্ৰমাণ দিয়ে। শিক্ষাৰ্থীসকলৰ বাবে বিষ্ণুৰাভাই দিছে অধ্যয়নৰ সমল আৰু তেওঁ কৈছে যে এইবোৰেই প্ৰমাণ মানৱসভ্যতাৰ ক্ৰমবিকাশৰ সাক্ষ্য। শিক্ষাৰ্থীসকলক সতৰ্ক কৰি দিছে আৰু কৈছে— তুলনামূলক গৱেষণা পথ-প্ৰদৰ্শকহে তাত সম্পূৰ্ণ ব্যাখ্যা নহয়।

আদম আৰু ইভক বিষ্ণুৰাভাই অসমৰ আদিম ট্ৰাইবেল বুলি অভিহিত কৰিছে আৰু উক্ত শীৰ্ষক বা শিৰোনামাৰে কাব্য ৰচনা কৰিছে। আদম আৰু ইভক অসম ৰাজ্যৰ বুকুলৈ আনিছে অসমৰ প্ৰথম আদিম নৰ-নাৰী বুলি উল্লেখ কৰিছে। আদাম আৰু ইভৰ মাজত প্ৰেমৰ, সুৰৰ-গানৰ আবেগ আৰু আবেশ ঢালি দিছে—

তয়ে হেৰ’ অসমৰ ‘আদাম’ ‘ইভ’ক ল’ব বুকুত সাৱতি
অসমীয়া ইভা, তয়ো টোপনি জালত যাৱ
চাপি তাৰ কাষ
অসমৰ ‘আদাম’ৰ বাহ নাগ-পাশ
… … … … …
অসমৰ আদিম ট্ৰাইবেল !
তেনেহ’লে স্ৰজিলি এয়ে প্ৰেম-ভাষা গান
পাশব শিকলি ছিঙি পোনতে পাতিলি তয়ে
মানৱৰ মুকুতিৰ মেল।
প্ৰণয়ৰ খেল।

আদিম কালতে গুহাত বাস কৰা আদি মানৱ আদম আৰু ই’ভৰ মাজেৰে প্ৰেম-সংগীতৰ মূৰ্চ্ছনা তুলিছে। এই আদম আৰু ই’ভেই পাইথেকান থ্ৰোপাছ, চিনান থ্ৰোপাছ নিয়ান ভাৰ্থল আদিৰ স্তৰৰ আদিম মানৱৰ দৰেই গুহাত বাস কৰি, গছৰ ফলমূল খাই জন্তু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল। খেতি কৰিবলৈ আৰম্ভ কৰিছিল, শিল, পাথৰে, গছৰ ডালেৰে জন্তুৰ হাড়েৰে অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিছিল আৰু শিলে শিলে ঘঁহাই জুই আৱিষ্কাৰ কৰিছিল।

অসমীৰ কোলা শুৱনীয়া
আজি তয়ে অসমী জননী আই চিৰ পূজনীয়া
তয়েই আদিম অসমীয়া।
শুৱাই আছিল তোৰ আদিম বুকুত
আদি ট্ৰাইবেল নাৰী শুৱনীয়া
গুহাত টঙীত থাকি ফলমূল খাই
আছিলি জীয়াই
শেষত শিলৰ জোং, দা:যাঠী লৈ প্ৰহৰণ
হাবি বননিয়ে ফুৰি পশুৰ লগত কৰি ৰণ
তাকে খাই কেঁচাই কেঁচাই
আছিলি জীয়াই।
আকৌ শিল ঘঁহি জুই আৱিষ্কাৰ কৰাৰ কথা কৈছে—
আলফুলকৈ সৰু সৰু শিল বুটলি
তোৰ সেই কোমল হাততে
দুডোখৰ সৰু সৰু ঘঁহোতে ঘঁহোতে
উলিয়াই তয়েই অগনি

আদিম নৰ-নাৰী আদাম আৰু ইভ অসমীয়া সভ্যতাৰ প্ৰথম সোপান। এই আদিম নৰ-নাৰীৰ হাততে হৈছিল çুমখেতিৰ আৱিষ্কাৰ—

তেতিয়াৰ পৰা হ’ল জুম আদি খেতিৰ প্ৰসাৰ
হাবি জুৰি গছ কাটি শিলৰ সঁজুলি –
-লই খুলিলি পথাৰ।
ট্ৰাইবেল নাৰী।
আজি তই তেনেই আবৰি।
এদিনা আছিলি তয়ে অসমৰ কৃষক প্ৰথমা –
অতি নিৰুপমা! –

কাব্যৰ আন এটি অংশ ‘উভয় পুনৰ’ ৰচনাটিত সেই আদম আৰু ইভৰ কথাকে কোৱা হৈছে। কাব্যাংশত থকা আদম-ইভৰ কাহিনীভাগ প্ৰথম পুৰুষত বৰ্ণিত হৈছে। এই কাব্যাংশটো বিষু্ণৰাভাই আদি মানৱ আদম আৰু ইভৰ জীৱন পৰিক্ৰমা, খেতি-বাতি, পশুপালন, চিকাৰ আদিৰ কথা মনোজ্ঞ ৰূপত সাৱলীলভাৱে বৰ্ণনা কৰিছে।

প্ৰকৃতিৰ ৰমনীয়, লীলা নিকেতন।
তাৰ পিছে, নেজসৰা বান্দৰেই হ’লো আদিমৰ
অসত্য বৰ্ষৰ আদি প্ৰস্তুৰ যুগৰ।
প্ৰথম মানৱ শিশু, আদিম ‘আদম’
… … … … … … … … …

এই কাব্যাংশত আদম-ইভে হাবিয়ে-বননিয়ে ঘূৰি ফুৰোতে, গুহাত জীৱন কাল কটাওঁতে বিভিন্ন আদিম জীৱৰ মুখা-মুখি হৈছিল –

প্ৰকৃতি আছিল তেৱে উচ্ছৃংখল
চউপাশে চৰিছিল মেন্মথজ্ঞ বাইচন আদি অতিকায়
জীৱ-জন্তু হিংস্ৰ মহাবল
সিহঁতৰ স’তে নিতে যুঁজিছিলোঁ লই হাতে
একমাত্ৰ অস্ত্ৰবল শিলৰ সম্বল
খাইছিলো বননিৰ পাত-মূল-ফল
পৰ্বত-কন্দৰ-গুহা থকা ঘৰ হ’ল
সি যুগতে হ’ল অগনিৰ হ’ল আৱিষ্কাৰ যাদুকৰী
ঘটিলে ঘটনা এক মহা যুগান্তৰী।
… … … … … … … … … … … …
সেই শিল ভাঙোতে ঘঁহোতে
ওলাল চিটিকি অগনিৰ ফিৰিঙতি অকস্মাতে।
পালো অগ্নি ঘৰ্ষণৰ উত্তাপ ফলত
প্ৰকৃতিৰ সূপ্ত হৃদয়ত।

 

এই পৃথিৱীৰ পৰা কিছুমান জীৱ একেবাৰে লুপ্ত হৈ গ’ল আৰু কিছুমান স্থানান্তৰ হ’ল প্ৰাকৃতিক দুৰ্যোগৰ বাবে—

এচিয়াৰ ধুনীয়া সুন্দৰ কিছু ভূমি
গ্ৰাসিলে উত্তপ্ত মৰুভূমি
তাৰ পৰিণামে সেই ‘মেম্মথ, বাইচন, বল্গা
হৰিণ যত প্ৰাণী
গুচি গ’ল ঠায়ে ঠায়ে, হ’ল
মেন্মথৰ বৰ হানি,
শেষত নিশ্চিহ্ন হই জগতৰ পৰা ল’লে মেন্মথে মেলানি

এই ‘উভয় পুনৰ’ নামৰ কাব্যাংশত আদিম মানৱ আদম আৰু ইভৰ জীৱন পৰিক্ৰমা, জীৱন ধাৰণ প্ৰণালী, খেতি-বাতি, আহাৰ সন্ধান, পশু চিকাৰ, অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ, জুইৰ আৱিষ্কাৰ আৰু গোষ্ঠী বা দল বান্ধি থকা অভ্যাসৰ পৰা সমাজ, তাৰ পাছত গাঁও, নগৰ-চহৰ আদি সভ্যতাৰ উদ্ভাৱন হোৱা মৰম মনোজ্ঞ বৰ্ণনা বিষু্ণৰাভাই কৰি গৈছে। কাব্যৰ ছন্দেৰে মানৱ জাতিৰ ইতিহাস আদি মানৱ আদম আৰু ইভৰ জৰিয়তে মানৱ জাতিৰ ক্ৰমবিকাশ অথবা ক্ৰমবিৱৰ্তন আৰু মানৱ সভ্যতাৰ উত্তৰণ আদি দিশবোৰ অতি সৰস ৰূপত কৰিছে। গদ্য আৰু কাব্যৰ মাধ্যমত মানৱ জাতিৰ ইতিহাস, ক্ৰমবিকাশ তথা ক্ৰমবিৱৰ্তনৰ এই সৰস আৰু তথ্যপূৰ্ণ ৰচনাই আমাক অধ্যয়নৰ নতুন দিশ উন্মোচিত কৰি দিব।

উপসংহাৰ ঃ
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সমগ্ৰ সৃষ্টিৰাজিয়ে শিল্পীজনাৰ মাজত লুকাই থকা মহান কলা-কুশলতাৰ অতি স্পষ্টৰূপত প্ৰজ্জ্বলিত হৈ আছে। গীত, নাট, কবিতা, গল্প, উপন্যাসৰ লগতে বিপ্লৱী শিল্পীজনাই সকলোকে আকৰ্ষিত কৰিছে। তেওঁৰ অন্যান্য ৰচনাৰ মাজতে ‘নৃতত্ত্ব’ সম্পৰ্কীয় ৰচনাসমূহো অতি নিটোল ৰূপত ব্যাখ্যা হৈছে। এই নৃতত্ত্ব সম্বন্ধীয় ৰচনাসমূহ অধ্যয়নৰ পৰা কেতবোৰ দিশ উন্মোচিত হৈছে।
মানৱ জাতি আদিতে তথা সৃষ্টিৰ প্ৰাৰম্ভণিত বান্দৰ সদৃশ আছিল। ব্যন্দৰ বা বানৰ (বা-মানে হাবি আৰু ‘নৰ’ মানে মানুহ-অৰ্থাৎ হাবিত থকা মানুহ)ৰ পৰা মানুহ হওঁতে লক্ষ্য লক্ষ্য বছৰ লাগিছিল। বান্দৰৰ ক্ৰমবিকাশত আদিম মানবৰ সৃষ্টি হ’ল।
পৃথিৱীৰ আদিম মানব আছিল পাইথেকান থ্ৰোপুচবা থ্ৰোপাচ (Pithecan thrpus erectus) গুহাই আছিল আদিম মানৱৰ প্ৰথম বাসস্থান। গুহাত থাকি বান্দৰ সদৃশ মানুহে শিল বা পাথৰ, গছ-গছনি আদিৰ পৰা আত্মৰক্ষা আৰু জীৱন নিৰ্বাহৰ বাবে চিকাৰ কৰিবলৈ অস্ত্ৰ নিৰ্মাণ কৰিছিল। প্ৰয়োজনৰ তাগিদাত আদিম মানৱে জুইৰ আৱিষ্কাৰ কৰিছিল, খেতি কৰিবলৈ শিকিছিল আৰু সমাজ পাতি বা দল বান্ধি থাকিবলৈ শিকিছিল।

আদিম মানৱৰ ক্ৰমবিৱৰ্তন বা বিকাশৰ ক্ৰম অনুযায়ী কেইটামান স্তৰ নৃতাত্ত্বিক পণ্ডিতসকলে নিৰ্ণয় কৰি গৈছে। সেই স্তৰসমূহ এনেধৰণৰ ঃ

১। পাইছেকান থ্ৰোপুচ বা পাইথেকান থ্ৰোপাচ ইৰেষ্ট×াচ বা হোমো ইৰেক্টাচ
২। চিনান থ্ৰোপাচ
৩। অষ্ট্ৰ্যালেপিথেকাচ
৪। হোমো হেইদেলবাৰ্গেনচিচ
৫। পিŒটডাউন স্কাল বা ইয়োৱানথ্ৰোপাচ
৬। নিয়ন ডাৰ্থলি
৭। হোমো প্ৰিমিকেনিয়াচ

এইকেহটা ভৰৰ উপৰিও আজিৰ পৰা প্ৰায় ৩০,০০০ বছৰৰ পূৰ্বতে মানুহৰ যিটো স্তৰ আছিল সেই স্তৰৰ মানুহক নৃতাত্ত্বিক পণ্ডিতসকলে ‘হেমো চেপিয়নচ’ (Homo sapiens) বুলি মত পোষণ কৰিছে। মানুহৰ বৈজ্ঞানিক নাম সেইবাবে ‘হেমো চেপিয়নচ’ বুলি কোৱা হয়।
এইকেইটা স্তৰৰ লগতে বিষু্ণৰাভাই তেওঁৰ ৰচনাৰ আন এঠাইত বন্য, বৰ্বৰ আৰু সভ্য নাম তিনিটা যুগৰ কথা উল্লেখ কৰিছে। এই তিনিটা যুগ মানুহৰ ক্ৰমবিকাশৰ অন্য ৰূপ তথা স্তৰ।

বিষু্ণ ৰাভাৰ নৃতত্ত্ব সম্বন্ধীয় তথ্যপূৰ্ণ মননশীল ৰচনা (গদ্য)ৰ উপৰিও কাব্যৰ ভাষাটো শিল্পী, বিপ্লৱী, লেখক-সাহিত্যিকজনৰ নৃতাত্ত্বিক চেতনা প্ৰকাশ পাইছে। বিষ্ণু ৰাভাৰ কাব্যাংশত অন্তৰ্ভূক্ত ‘১১০’ (এশ দহ) সংখ্যক আৰু ‘উভয় পুনৰ’ কাব্যাংশত বিষ্ণু ৰাভাই কৰা মানৱ জাতিৰ স্তৰ বিভাজন, মানৱ জাতিৰ ক্ৰমবিকাশ বা ক্ৰমবিৱৰ্তন, জীৱন ধাৰণ প্ৰণালী, খেতি-বাতি, অস্ত্ৰ-শস্ত্ৰ, জুইৰ আৱিষ্কাৰ, গোষ্ঠী বা দল বিভাজনৰ ইত্যাদিৰ উপস্থাপনে এই দিশটো অধিক স্পষ্ট কৰি তোলে।

এই অধ্যয়নৰ জৰিয়তে নৃতত্ত্ব সম্বন্ধীয় কেতবোৰ নতুন দিশ উন্মোচিত হৈছে। তেনেধণৰ কেতবোৰ দিশ হ’ল ঃ

১। মানৱ জাতি ঃ সৃষ্টি, ক্ৰমবিৱৰ্তন আৰু উদ্ভাৱনা
২। আদিম ভূ-প্ৰকৃতি ঃ সৃষ্টি, বিলুপ্তি আৰু অন্যান্য প্ৰসংগয
৩। আদিম মানৱৰ মৃতকৰ সৎকাৰ, সংস্কৃতি আৰু ক্ৰমবিকাশ
৪। আদিম কালৰ কৃষি ব্যৱস্থা, পশু-পালন আৰু মানৱৰ জীৱন-ধাৰণ প্ৰণালী।

গ্ৰন্থ পঞ্জী ঃ
দাস, যোগেশ (মুখ্য সম্পা.) ঃ বিষু্ণপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ (প্ৰথম খণ্ড) ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, তেজপুৰ, ২০০৮
—ঃ বিষু্ণপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ (দ্বিতীয় খণ্ড), ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, তেজপুৰ, ২০০৮
প্ৰাচীন জগতৰ ইতিহাস, ফিতদৰক কৰোভকিন, প্ৰগতি প্ৰকাশন মস্কো – ১৯৮৯
গৰীয়সী, বসন্ত উৎসৱ সংখ্যা, এপ্ৰিল ২০০৬
ষষ্ঠ বছৰ, তৃতীয় সংখ্যা, ডিচেম্বৰ ১৯৯৮
তৃতীয় বছৰ নৱম সংখ্যা, জুন, ১৯৯৬
জনসাধাৰণ – বসন্ত উপচাৰ ২০০৯ চন
English জ্ঞ Britannica-Ready Reference Encyclopedia
1. Vol.-5, Page-57
2. Vol.-5, Page-57
3. Vol.-7, Page-81

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *