✍️ কুসুমাঞ্জলি চাংমাই
বহু চেষ্টাৰ পিছতো ওজন কমি যোৱা নাই। ওজন কমিলেও কিছুদিনৰ পাছত আকৌ বাঢ়ে । ইফালে নিয়ন্ত্ৰিত খাদ্য তালিকাই আপোনাৰ জীৱনৰ প্ৰায় সকলো সুখ নোহোৱা কৰি পেলাইছে । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, খাদ্য আৰু ৱৰ্কআউটৰ বিষয়ে কিছুমান ভুল ধাৰণা অনুসৰণ কৰাৰ বাবেই আপোনাৰ এই অৱস্থা !
মিথ: গৰম পানী খালে ওজন কমি যায়।
সত্যঃ হজম শক্তি লেহেমীয়া হোৱা লোকৰ বাবে গৰম পানী উপকাৰী। খোৱাৰ পিছত গৰম পানী খালে লঘু অনুভৱ হয়। কিন্তু গৰম পানী সেৱনৰ লগত শৰীৰত জমা হোৱা চৰ্বিৰ ভাণ্ডাৰৰ কোনো সম্পৰ্ক নাই। চৰ্বি আচলতে ইন্ধন। সেই ইন্ধন শৰীৰৰ কামত ব্যৱহাৰ কৰা হয়। গৰম পানী খাই চৰ্বি কেতিয়াও কমাব নোৱাৰি।
মিথ: স্বাস্থ্যসন্মত খাদ্যত কিমান খাদ্য খায় সেইটো চোৱাৰ প্ৰয়োজন নাই।
সত্য: কম চৰ্বি, কম চেনি, কম বেড কাৰ্ব আৰু অধিক শাক-পাচলি আৰু ফল-মূলৰ খাদ্য নিশ্চিতভাৱে স্বাস্থ্যকৰ খাদ্য। কিন্তু এনেবোৰ খাদ্য পদাৰ্থৰ অত্যধিক ব্যৱহাৰেও ওজন বৃদ্ধি কৰিব পাৰে। সেয়েহে খাদ্য নিয়ন্ত্ৰণ অতি প্ৰয়োজনীয়। অন্যথা ইঞ্চি আৰু ওজন দুয়োটাই বৃদ্ধি পাব।
মিথ: ৱৰ্কআউটৰ আগতে আৰু পিছত হাই এনাৰ্জি ড্ৰিংকছ সেৱন কৰাটো গুৰুত্বপূৰ্ণ।
সত্য: মিছা। তাৰ পৰিৱৰ্তে ঘৰৰ সাধাৰণ উষ্ণতাত পানী আৰু পুষ্টিকৰ খাদ্য খাব লাগে। বটলৰ পানীয় যিমান পাৰি পৰিহাৰ কৰাটোৱেই উত্তম। ইয়াত প্রিজ়ারভেটিভ, কৃত্ৰিম ৰং, ৰাসায়নিক পদাৰ্থ আৰু বহুতো অবাঞ্চিত বস্তু থাকে।
মিথ: নিখুঁত ফিগাৰ পাবলৈ ফেড ডায়েট প্ৰয়োজনীয়।
সত্য: এটকিন্স, গ্লাইচেমিক ইনডেক্স, হাৰ্বেল লাইফ বা জেনেৰেল মটৰ্ছ ডায়েট— যিয়েই নহওক কিয়, এইবোৰৰ পৰা আপোনাৰ শৰীৰে কম পুষ্টিকৰ উপাদান পাব। আৰু এই খাদ্যই দীৰ্ঘম্যাদী ভিত্তিত কামো নকৰে। আপুনি দেখিব, ডায়েটৰ শেষত, আপুনি আগতকৈ বেছি মোটাহে হৈ গৈছে ! তাতকৈ কম চৰ্বিযুক্ত, কম চেনিযুক্ত খাদ্যৰ বৈজ্ঞানিক পৰিকল্পনা কৰক । ফল-মূল, শাক-পাচলি, বাদাম আদি খাওক আৰু ব্যায়াম কৰক।
মিথ: পেশীৰ ভৰ গঢ়ি তোলাৰ বাবে অধিক প্ৰটিন গ্ৰহণৰ প্ৰয়োজন হয়।
সত্য: আপুনি জানেনে যে নিৰামিষভোজীয়েও প্ৰয়োজনতকৈ দুগুণৰ পৰা তিনিগুণ বেছি প্ৰটিন খায়? অতিৰিক্ত প্ৰটিনে বৃক্কৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত শৰীৰত কেলচিয়ামৰ অভাৱ হয়। আৰু অতিৰিক্ত প্ৰটিন শৰীৰত চৰ্বি হিচাপে জমা হৈ থাকে! ইনটেন্স ট্রেনিঙেও সংৰক্ষিত প্ৰটিন ভাঙিব নোৱাৰে।
মিথ: ওজন কমাবলৈ ফলমূল আৰু শাক-পাচলিৰ ৰস বেছিকৈ খাব লাগিব।
সত্য: গোটা ফল খাব। পাচলিৰ ৰসৰ সলনি চালাড খাব। ইয়ে খাদ্যৰ পৰিমাপ সঠিক ৰাখিব। অধিক পুষ্টিকৰ খাদ্য খালেও শৰীৰত জমা হোৱা চৰ্বি হিচাপে থাকিব।
মিথ: ডায়েট পিলৰ ফলত অতিৰিক্ত ওজন কমি যায়।
সত্য: ডায়েট পিল একেবাৰে পৰিহাৰ কৰক। ইয়াত এম্ফেটামাইন নামৰ উদ্দীপক পদাৰ্থ থাকে। যদিও ইয়াৰ ফলত সাময়িকভাৱে ওজন কমি যায়, পিছলৈ ইয়াৰ কোনো প্ৰভাৱ নপৰে। ইয়াৰ উপৰিও Zyte বড়িয়ে অনিদ্ৰা, উচ্চ ৰক্তচাপ, মূৰৰ বিষ আদি বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।