ৰুমী কলিতা দত্ত
গান্ধীজীয়ে এষাৰ কথা কৈছিল-“মোৰ জীৱনেই মোৰ বাণী৷ “
এই পৃথিৱীত আমাৰ প্ৰত্যেকজন মানুহৰে জীৱনৰ বহু মূল্য আছে৷ আমি আমাৰ জীৱনৰ মূল্য সঠিকভাবে ৰূপায়ণ কৰিব পাৰিলেহে জীৱন ধন্য হ’ব৷
আমি ভাল ভাল লেখকৰ গ্ৰন্থ অধ্যয়ন কৰাৰ লগতে এই মহৎলোকসকলৰ জীৱনী পঢ়াটো অতি প্ৰয়োজন৷ এই মহান লোকসকলে নিজৰ কৰ্মৰ মাজেৰে আদৰ্শক জীয়াই ৰাখি থৈ যায়৷ আমি তেখেতসকলৰ পৰা এই সৎ গুণবিলাক আঁকোৱালি ল’বলৈ চেষ্টা কৰিব লাগে৷ তেখেতসকলৰ এই ব্যস্ততাপুৰ্ণ জীৱনৰ কৰ্মৰ মাজতে নিহিত হৈ থাকে মহান আদৰ্শবিলাক৷ আমি সেয়েহে তেখেতসকলৰ কৰ্মময় জীৱনৰ বিশ্লেষণ পঢ়াতো অতি প্ৰয়োজনীয়৷
এই পৃথিৱীত বহুজনে অতি কম সময়ৰ বাবে পৃথিৱীলৈ আহি জীৱন-লীলাৰ যৱনিকা পেলাইছে৷ কিন্তু তেখেতসকলে আমাৰ সমাজলৈ বহু অৱদান আগবঢ়াই গৈছে৷ উদাপৰণ স্বৰূপে- আনন্দৰাম বৰুৱা, আনন্দৰাম ঢেকীয়াল ফুকন, গণেশ গগৈ দৰে বহুতে দুকুৰি বছৰৰ দেওনা পাৰ হ’বলৈ নাপাওঁতেই এই জাতিৰ ভাষা সাহিত্যৰ ভঁৰাললৈ বহু অৱদান আগবঢ়ালে৷ এই সকলৰ কৰ্ম.আদৰ্শই তেওঁলোকক সদায় জীয়াই ৰাখিব৷ সেয়ে কোৱা হয়-জীৱনৰ মূল্য কৃতকৰ্মত, দীৰ্ঘায়ুত ইয়াৰ প্ৰমাণ নহয়৷
পৃথিৱীত মানুহৰ জীৱনৰ মূল্য সময়েৰেও জোখে আৰু কৰ্মৰ দ্বাৰাও জোখা হয়৷
বহুলোকে কয় -“সুখ-শান্তিৰে ভৰপূৰ হৈ থকা দীৰ্ঘতম জীৱনবোৰহে বহু ভাল জীৱন৷ সেয়া হ’ব নোৱাৰে, কাৰণ কৰ্ম্মময় জীৱনহে প্ৰকৃত আৰু সুন্দৰ জীৱন৷ পৃথিৱীত দীৰ্ঘায়ু জীৱন পোৱা বহু লোক আছে পিছে সেই জীৱনে সমাজৰ কিমান উপকাৰ সাধন কৰিছে? কিমানজনে সৎ কৰ্মৰ মাজেৰে বিখ্যাত হৈ পৰিছে?
কিমানজনে এই সময় বালিত খোজ ৰাখি যাব পাৰিছে? আমাৰ জীৱনৰ প্ৰতিটো স্তৰত মহৎ সম্ভাৱনা লুকাই থাকে৷ আমি জীৱনৰ তাৎপৰ্য উপলদ্ধি কৰা বৰ প্ৰয়োজন৷ আমি আমাৰ অমূল্য সময়ৰ কিছু অংশ ঘৰখনৰ বাবে আৰু কিছু জনগণৰ কল্যাণৰ বাবে নিয়োজিত কৰিব পাৰিলেহে জীৱন ধন্য হয়৷
আমাৰ মহৎ সম্ভাৱনাবোৰে তেতিয়াহে ন-ৰূপ ল’ব পাৰে৷ আমাৰ জীৱনৰ মূল্যবোধক আমি জগাব লাগিব৷ এজন সৎ লোকেহে বুজি পায় এই সময়ৰ মূল্য কিমান আৰু তেওঁৰ জীৱনৰ মূল্য কিমান?
আমি প্ৰতিটো মুহূৰ্তৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকোঁ আহক৷ এই সুন্দৰ পৃথিৱীখনত ঋষি-মুনি, বীৰ-বীৰাঙ্গনা আৰু ৰজা-মহাৰজাই জীৱনৰ মূল্য আৰু মহত্ত্ব কিমান? তাৰ উদাহৰণ আমাক দি গৈছে৷
এজন মহান মুনিৰ ভিতৰত দধিচী মুনিৰ কথা হয়তো সকলোৱে জানে৷ অসুৰবিলাকক নিধন কৰি স্বৰ্গৰাজ্য উদ্ধাৰ কৰিবলৈ দধিচীয়ে বুকুৰ হাড়কো দেৱতাসকলক উপহাৰ দিছিল৷
এইবিলাক ত্যাগ আৰু মহৎ সেৱা৷ মানুহৰ জীৱনৰ মূল্য ধন-সম্পদেৰে জুখি চাব পাৰি জানো? বহু ৰজা-মহাৰজাই ৰাজমুকুট দলিয়াই সাধনাত ব্ৰতী হৈছিল৷ যি জীৱনে অঙ্গীকাৰবদ্ধ হৈ পৃথিৱীলৈ আহে সেই জীৱনে অঙ্গীকাৰ পূৰ্ণ কৰি বন্ধনৰ পৰা মুক্ত হৈ যায়৷
আমি নিজৰ লগতে আনৰ জীৱনকো প্ৰকৃত জীৱন হিচাপে গঢ়ি তুলিবলৈ যত্নপৰ হ’ব লাগে৷
আমাৰ বংশ-পৰিয়াল, আত্মীয়-স্বজন, ওচৰ -চুবুৰীয়া সকলোৰে প্ৰতি কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰিব লাগে৷
আমি উপযুক্ত স্থানত উপযুক্ত মানুহ হৈ উপাৰ্জনশীল কাম কৰি পৰিয়াল পোহপাল দি দায়িত্ববিলাক পালন কৰিব লাগে৷ আমাৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিবই লাগে৷ আমি আমাৰ পিতৃ-মাতৃৰ পৰা ঋণমুক্ত হ’বলৈ কৰ্মঠ হৈ উঠিব লাগিব৷
আমাক জ্ঞানৰ পোহৰ দিওঁতা শিক্ষকসকলে বহু ত্যাগ কৰিবলগীয়া হয়৷ তেখেতসকলে আন্ধাৰৰ বাট পোহৰাই তোলে৷ সেয়ে আমি তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাবান আৰু কৃতজ্ঞ হ’ব লাগে৷ সমাজ বাদ দি কোনো মানুহ জীয়াই থাকিব নোৱাৰে৷ প্ৰতিজন ব্যক্তি সচেতন হ’লেহে সমাজ আগুৱাই যাব পাৰে৷ ব্যক্তিৰ বিকাশৰ দ্বাৰাই সমাজৰো বিকাশ ঘটি আহিছে৷ সমাজ বাদ দিলে আধুনিক সভ্যতাই ঠন ধৰি উঠিব নোৱাৰে৷
সমাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ মহান ব্যক্তিসকলৰ বৰ প্ৰয়োজন হয়৷ পৃথিৱীত কিমানজনে সন্মানৰ মুকুট পিন্ধিব পাৰিছে?
কিন্তু আমি সকলোৱে এই মুকুট পিন্ধিবলৈ চেষ্টা কৰিব লাগে৷
‘সৃষ্টিৰ দিনৰে পৰা নিয়তিৰ স’তে হেৰা
মানুহৰ সংগ্ৰাম অক্ষয়,
আমি তাৰ স্মৃতিস্তমভ সোঁৱৰাই মানুহৰ
বীৰ্য আৰু নিয়তিৰ জয়৷ ’
প্ৰেৰণাৰ মহান উৎস, নিৰ্ভীকতাৰ জীৱন্ত প্ৰতীক হৈ মহান আদৰ্শৰে জীৱন গঢ়োঁ আহক৷
ছন্দময় জীৱনৰ সুৰৰ লহৰে লহৰে উচ্ছসিত হওক প্ৰাণৰ উচ্ছাস৷ জিলিকি উঠক মহিমামণ্ডিত এটি নাম৷ নিজৰ প্ৰতিভাৰে সমগ্ৰ বিশ্বৰ হওক সৰ্বশ্ৰেষ্ঠ মনীষী৷
স্বদেশ প্ৰেমৰ অনুপ্ৰেৰণাৰে হওক স্বদেশ প্ৰেমিক৷ জীৱনৰ প্ৰতিটো ক্ষণতে সত্যৰ অন্বেষন কৰিলৈ কৰি যাওক জীৱন সাধনা৷ দেশৰ শান্তি-প্ৰগতি জাতীয় জীৱনৰ মংগল-মন্দিৰ৷ বিখ্যাত ব্যক্তিসকলৰ পদচিহ্নই এই পৃথিৱীৰ কক্ষপথ হৈ ৰওক৷
লেখিকাৰ ঠিকনা
গাঁও-২ নং কেন্দুগুৰি, ডাক-ধমন, জিলা-ডিব্ৰুগড়
পিন- ৭৮৬৬১০
দূৰভাষ- ৯৩৬৫৩-৭৫৩০৩

