১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ
জ্যোতিষী- শ্ৰীৰেৱন দেৱ শৰ্মা
দূৰভাষ- ৯৮৬৪৫-১৩৮৪৫
মেষ ৰাশি [অ, ল] ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ কাৰ্যত আৰ্থিক দিশত বাধাৰ সন্মুখীন হ’ব লাগিব৷ ভাতৃ আত্মীয়ৰ পৰা সহায়তা লাভ কৰিব৷ গৃহ পৰিৱেশ অনুকূল৷ বিদ্যাৰ্থীয়ে নতুন যোগাযোগ লাভ কৰিব৷ গোপন শত্ৰুৰ পৰা কাৰ্যত হানি হ’ব পাৰে৷ পুৰণি ৰোগ বৃদ্ধি৷ ব্যৱসায়ত শুভাশুভ৷ উপাস্য দেৱতা বগলামুখী৷
বৃষ ৰাশি [ই, উ, ব] ঃ শৰীৰ মধ্যম৷ ধন সম্পদ প্ৰাপ্তিৰ যোগ দেখা যায়৷ ভাতৃ ক্লেশ৷ গৃহ কাৰ্যৰ উন্নয়নৰ পৰিকল্পনা৷ বিদ্যাৰ্থীয়ে আশা কৰা কাৰ্যত বাধাৰ সন্মুখীন হ’ব লাগিব৷ আধ্যাত্মিক, মাংগলিক কাৰ্যত শুভ সংযোগ লাভ কৰিব৷ কৰ্মত সমস্যা সমাধানত সুখ প্ৰাপ্তি যদিও পুৰণি সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ সাহিত্য, সংস্কৃতিৰ লগত জড়িত ব্যক্তিৰ সুনাম অৰ্জন৷ দূৰ ভ্ৰমণত সচেতন হ’ব৷ উপাস্য দেৱতা ভুৱনেশ্বৰী৷
মিথুন ৰাশি [ক, ছ] ঃ শৰীৰৰ প্ৰতি সচেতন হ’ব৷ ধন সম্পদ প্ৰাপ্তিৰ যোগ দেখা যায়৷ গৃহ কাৰ্যত অশান্তি বাঢ়িব৷ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ বিদ্যাৰ্থীৰ জ্ঞান অৰ্জন৷ ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ আত্মীয়ৰ দুঃসংবাদৰ বাবে মনোকষ্ট বাঢ়িব৷ ব্যৱসায়ত শুভ সংযোগ লাভ কৰিব৷ আধ্যাত্মিক, সামাজিক কাৰ্যত ব্যস্ততা বাঢ়িব৷ কৰ্মত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হ’ব৷ সামাজিক কাৰ্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব৷ দূৰ ভ্ৰমণত সতৰ্ক হ’ব৷ উপাস্য দেৱতা ত্ৰিপুৰা সুন্দৰী৷
কৰ্কট ৰাশি [ড, হ] ঃ শৰীৰ মধ্যম৷ ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ ভাতৃ আত্মীয়ৰ লগত মনোমালিন্য হ’ব পাৰে৷ গৃহ পৰিৱেশত সামান্য মনোকষ্ট বাঢ়িব৷ বিদ্যাৰ্থীৰ শুভ সংযোগ লাভ৷ যানবাহন চলাচলত সতৰ্ক হ’ব৷ কোনো কাৰ্যত অপমানিত হ’ব পাৰে৷ বিশ্বাস ভাজন ব্যক্তিৰ পৰা প্ৰতাৰিত হ’ব পাৰে৷ প্ৰেম প্ৰীতিত মানসিক উদ্বেগ বাঢ়িব৷ ব্যৱসায়ত নতুন কাৰ্যৰ সংযোজন হ’ব পাৰে৷ সামাজিক কাৰ্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব৷ কৰ্মত হঠাৎ শুভ বাৰ্তা লাভ কৰিব পাৰে৷ উপাস্য দেৱতা কমলা৷
সিংহ ৰাশি [ম, ট] ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ খাদ্য গ্ৰহণত সতৰ্ক হ’ব৷ ধন খৰচৰ পৰিমাণ বাঢ়িব৷ কাৰ্যত ভাতৃ-আত্মীয়ৰ পৰা সহায়তা লাভ কৰিব৷ গৃহ কাৰ্যত উন্নয়নত সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে৷ ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ বিদ্যাৰ্থীৰ বন্ধুৰ সংস্পৰ্শত লাভান্বিত হ’ব৷ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ গোপন শত্ৰুৰ পৰা ক্ষতিৰ সম্ভাবনা৷ দূৰ ভ্ৰমণত সতৰ্ক হ’ব৷ সামাজিক দিশত ব্যস্ততা বাঢ়িব৷ ব্যৱসায়ত মিশ্ৰিত ফল৷ উপাস্য দেৱতা মাতঙ্গী৷
কন্যা ৰাশি [প, ঠ] ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ বাত বিষ ৰোগত ভুগিব লাগিব৷ সঞ্চিত ধন হঠাৎ খৰচ হ’ব পাৰে৷ গৃহ পৰিৱেশ অনুকূল৷ ঘৰুৱা উন্নয়নৰ কাৰ্যত মনোমালিন্য হ’ব পাৰে৷ পাবলগীয়া ধন সম্পদ প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ বিদ্যাৰ্থীৰ মনৰ উৎসাহ হ্ৰাস৷ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ মূল্যৱান সম্পদৰ ক্ষতি হ’ব পাৰে৷ দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তিৰ যোগ দেখা যায়৷ সাহিত্য, ক্ৰীড়াৰ লগত জড়িত ব্যক্তিয়ে প্ৰশংসা লাভ কৰিব৷ উপাস্য দেৱতা ত্ৰিপুৰা সুন্দৰী৷
তুলা ৰাশি [ৰ, ত] ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হ’ব৷ ধন খৰচৰ পৰিমাণ বাঢ়িব৷ গৃহ কাৰ্যৰ উন্নয়নত সুখ প্ৰাপ্তি৷ বিদ্যাৰ্থীৰ সৌভাগ্য প্ৰাপ্তিৰ যোগ দেখা যায়৷ গোপন শত্ৰুৰ দ্বাৰা ক্ষতিৰ সম্ভাৱনা৷ বিবাদ নিষ্পত্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে৷ আধ্যাত্মিক, সামাজিক কাৰ্যত সন্মানিত হ’ব৷ উপাস্য দেৱতা ভুৱনেশ্বৰী৷
বৃশ্চিক ৰাশি [ন, য] ঃ শৰীৰৰ সামান্য উন্নতি৷ ধন সঞ্চিত হ’ব৷ ভাতৃ বন্ধুৰ লগত কোনো কাৰ্যত ভাতৃ আত্মীয় ক্লেশ৷ গৃহ কাৰ্যত অশান্তি বাঢ়িব৷ বিদ্যাৰ্থীৰ ভয় শংকা বাঢ়িব৷ বিশ্বাস ভাজন ব্যক্তিৰ পৰা প্ৰতাৰিত হ’ব পাৰে৷ মাংগলিক কাৰ্যত শুভ সংযোগ লাভ কৰিব পাৰে৷ সাংস্কৃতিক আৰু সামাজিক দিশৰ লগত জড়িত ব্যক্তি প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা যায়৷ ব্যৱসায়িক কাৰ্যত মিশ্ৰিত ফল৷ উপাস্য দেৱতা বগলামুখী৷
ধনু ৰাশি [ধ, ফ, ভ] ঃ শৰীৰ মধ্যম৷ হাতত থকা ধন হঠাৎ খৰচ হ’ব পাৰে৷ আত্মীয় বন্ধুৰ লগত কোনো কাৰ্যত মতভেদ হ’ব পাৰে৷ ভাতৃ ভগ্নী ক্লেশ৷ পিতৃ -মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ বিদ্যাৰ্থীযে শুভ সংযোগ লাভ কৰিব৷ শত্ৰুৰ পৰাজয়৷ সামাজিক কাৰ্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব৷ কৰ্মত সামান্য মনোকষ্ট বাঢ়িব পাৰে৷ ভ্ৰমণত সুখ প্ৰাপ্তি৷ ব্যৱসায়ত শুভাশুভ৷
উপাস্য দেৱতা তাৰা৷
মকৰ ৰাশি [খ, জ] ঃ শৰীৰ মধ্যম৷ আনৰ বাবে হঠাৎ ধন খৰচ হ’ব পাৰে৷ ভাতৃ ভগ্নীৰ লগতে আত্মীয় ক্লেশ৷ বিদ্যাৰ্থীৰ উচ্ছ শিক্ষাত অগ্ৰসৰ৷ কৰ্মৰ স্থান পৰিৱৰ্তন হ’ব পাৰে৷ অৱশ্যে পুৰণি সমস্যা সমাধানৰ শুভ বাৰ্তা লাভ কৰিব৷ বিপৰীত লিঙ্গৰ পৰা কাৰ্যত সতৰ্ক হ’ব৷ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব লাগিব৷ দূৰ ভ্ৰমণত সচেতন হ’ব৷ ব্যৱসায়ত নতুন যোগাযোগ লাভ কৰিব৷ উপাস্য দেৱতা দক্ষিণা কালী৷
কুম্ভ ৰাশি [গ, শ, স] স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হ’ব৷ ধন খৰচৰ পৰিমাণ বাঢ়িব৷ ভাতৃ ভগ্নী লগতে পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ আত্মীয়ৰ দুঃসংবাদ পাব পাৰে৷ গৃহ কাৰ্যৰ উন্নয়নত সুখ প্ৰাপ্তি৷ বিদ্যাৰ্থীৰ কৃতিত্ব অৰ্জন৷ আধ্যাত্মিক, সামাজিক কাৰ্যত সন্মানিত হ’ব৷ কৰ্ম ক্ষেত্ৰত বন্ধুৰ পৰা সহায়তা লাভ কৰিব৷ প্ৰেমত উদ্বেগ বাঢ়িব৷ পুৰণি ৰোগ আৰু সমস্যাৰ বাবে মানসিক অশান্তি বাঢ়িব৷ ব্যৱসায়িক কাৰ্যত মিশ্ৰিত ফল৷ উপাস্য দেৱতা দক্ষিণাকালী৷
মীন ৰাশি [দ, চ] ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ যি কোনো খাদ্য গ্ৰহণ আৰু দূৰণীবতীয়া যাত্ৰাত সতৰ্ক হ’ব৷ সঞ্চিত ধন হঠাৎ খৰচ হ’ব পাৰে৷ গৃহ উন্নয়নৰ পৰিকল্পনা৷ মাংগলিক কাৰ্যত সুখ শান্তি বাঢ়িব৷ বিদ্যাৰ্থীয়ে সুযোগ লাভ কৰিব৷ পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব পাৰে৷ প্ৰেম প্ৰীতিত মতানৈক্য৷ সৌভাগ্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে৷ কোনো ব্যক্তিৰ পৰা কায্যত প্ৰতাৰিত হব পাৰে৷ সন্তানৰ কৃতিত্বত আনন্দ প্ৰাপ্তি৷ উপাস্য দেৱতা তাৰা৷