ৰেখামণি চাৰিঙীয়া
–
ঠাণ্ডা ঠাণ্ডা সোৱাদ
বেলৰ চৰ্বত-
উপকৰণ-
বেলৰ ৰস-১কাপ।
চেনী-ডেৰ কাপ।
পানী-ডেৰ কাপ।
কমলা ৰং-সামান্য।
চাইট্ৰিক এচিড-২চামুচ।
কে.মে.এচ-(সংৰক্ষক) ১/৫চামুচ।
প্ৰণালী-
ফলখিনি পানীত ভালকৈ ধুই বাকলি গুচাই ৰসখিনি উলিয়াই লব।ৰসখিনি কাপোৰৰে চেকি এটা বটলত ভৰাই থওক।এতিয়া চেনী পানী আৰু চাইট্ৰিক এচিড মিহলাই উতলাওক।উতলিলে কাপোৰেৰে চেকি লৈ চেঁচা কৰক।এতিয়া চেচাঁ চেনীৰ ৰস ফলৰ ৰসৰ লগত মিহলাই দিয়ক।আন্দাজমতে কমলাৰ ৰং দিয়ক।সংৰক্ষকখিনি অলপ গৰম পানীত ভালকৈ গুলি লৈ চৰ্বতত মিহলাই দিয়ক।পৰিষ্কাৰ শুকান বটলত ভৰাই থ’ব।বটলৰ মুখত এক ইঞ্চিমান খালী ঠাই ৰাখিব।চৰ্বত খাওতে এক ভাগত তিনি ভাগ পানী মিহলাই খাব।
চকলেট আইচক্ৰীম-
উপকৰণ-
গাখীৰ-২৫০ মিলিলিটাৰ।
চেনী-৩ টেবুল চামুচ।
জি.এম.এচ-আধা চাহ চামুচ।
চি.এম.চি.-আধা চাহ চামুচ।
চাইনা গ্ৰাছ-আধা চাহ চামুচ।
কৰ্ণ ফ্লাৱাৰ-আধা চাহ চামুচ।
ক্ৰীম-আধা কাপ।
পাউদাৰ গাখীৰ-১টেবুল চামুচ।
চকলেট পাউদাৰ-১চাহ চামুচ।
ক’ক পাউদাৰ-১চাহ চামুচ।
৪টোপাল চকলেট এচেন্স।
প্ৰণালী-
ঠাণ্ডা গাখীৰত,চেনী, পাউদাৰ গাখীৰ, চকলেট পাউদাৰ,ক’ক পাউদাৰ, চি.এম.চি, জি.এম.এচ,আৰু কৰ্ণ ফ্লালাৰ মিলাই গৰম হবলৈ দিয়ক।সেইখিনি উতলিলে তাত চাইনা গ্ৰাছখিনি দি তৎক্ষণাত উঠাই থওক।গাখীৰখিনি ঠাণ্ডা হলে ক্ৰীম আৰু চকলেট এচেন্স দি মিক্সাৰত মাৰি ফ্ৰিজত ছেট হবলৈ দিয়ক।এবাৰ ছেট হোৱাৰ পাছত পুনৰ মিক্সাৰত মাৰি দ্বিতীয়বাৰ ছেট হবলৈ দিয়ক।এইবাৰ ছেট হোৱাৰ পাছত আইচক্ৰীমখিনি পৰিৱেশন কৰক।
ভেনিলা আইচক্ৰীম-
উপকৰণ-
গাখীৰ-২৫০মিলিলিটাৰ।
চেনি-৩টেবুল চামুচ।
জি.এম.এচ-আধা চাহ চামুচ।
চি.এম.চি-আধা চাহ চামুচ।
চাইনাগ্ৰাছ-আধা চাহ চামুচ।
কৰ্ণ ফ্লাৱাৰ-আধা চাহ চামুচ।
ক্ৰীম-আধা কাপ।
৪/৫টোপাল ভেনিলাৰ গোন্ধ।
প্ৰণালী-
ঠাণ্ডা গাখীৰত চেনী, জি.এম.এচ, চি.এম.চি,আৰু কৰ্ণফ্লাৱাৰ মিহলাই গৰম হবলৈ দিয়ক।সেইখিনি উতলিলে তাত চাইনা গ্ৰাছখিনি দি তৎক্ষণাত সেইখিনি নমাই ৰাখক।এতিয়া গাখীৰখিনি ঠাণ্ডা কৰি তাত ক্ৰীম আৰু ভেনিলাৰ গোন্ধখিনি দি মিক্সাৰত মাৰি লওক আৰু ফ্ৰিজত সেইখিনি ছেট হবলৈ দিয়ক।সেইখিনি ছেট হোৱাৰ পাছত পুনৰ মিক্সাৰত মাৰি আকৌ ছেট হ’বলৈ দিয়ক।এইবাৰ ছে’ট হলে-সেইখিনি পৰিৱেশন কৰক।।
পুঞ্চ-
উপকৰণ-
নেমু-১টা।
মৌচুমী টেঙা-১টা।
আঙুৰ-১০০গ্ৰাম।
চেনী-৪চাহ চামুচ।
আদা-১৫গ্ৰাম।
প্ৰণালী-
নেমু,মৌচুমী,আঙুৰৰ ৰস উলিয়াই লওক।আদাখিনি পিহি তাৰ ৰসখিনি চেনীৰ লগত ২৫০মিলিলিটাৰ পানীত উতলিবলৈ দিয়ক।সেইখিনি ঠাণ্ডা হ’লে তাতে উলিয়াই ৰখা ফলৰ ৰসখিনি মিহলাওক আৰু গিলাছত বৰফৰ লগত ৰসখিনি দি পৰিৱেশন কৰক।।
লেখিকাৰ ঠিকনা
তিনিচুকীয়া(অসম)।