কবিতাৰ শৰাই July 2024

কবিতাৰ শৰাই July 2024

শিল্পীৰ পাৰ্থক্য

শতাব্দী শৰ্মা

এজন শিল্পীয়ে ৰাস্তাত সাহায্য বিচাৰি অহৰহ প্ৰতিবাদ কৰিছে,
আনজন শিল্পীয়ে মঞ্চত গীত গোৱাৰ অচিলাত অভদ্ৰামি কৰি জনপ্ৰিয়তা বুটলিছে৷
এজন শিল্পীয়ে সম্মানৰ খাতিৰত নিজৰ আৰ্থিক অচলাৱস্থাক লুকুৱাইছে,
আনজন শিল্পীয়ে জনপ্ৰিয়তাৰ ধামখুমীয়াত উটি সম্মানৰ শ্ৰাদ্ধ পাতিছে৷

এজন শিল্পীয়ে পুৰণি গীতৰ সোণালী সুদিনক পাহৰিব নোৱাৰি জনপ্ৰিয়তা হেৰুৱাইছে,
আনজন শিল্পীয়ে অসমীয়া গীতৰ মাজত হিন্দী শব্দৰ ব্যভিচাৰী বাৰেভচহু মেহফিল পাতিছে৷

এজন শিল্পীৰ খ্যাতি অবিহনে হাড়ত বন গজিল,
আনজন শিল্পীয়ে জাকজমকতাৰ বাহুল্যতাত মাটিৰ শিপাডালকে উঘালি পেলাইছে৷

এইয়াই শিল্পীৰ পাৰ্থক্য!

কবিৰ ঠিকনা
আমোলাপট্ৰী, নগাঁও

 

জীৱন
অনুবাদ কবিতা
কবি —অমৃতা প্ৰীতম
মূল হিন্দী—-জিন্দেগী
অসমীযা অনুবাদ – কিৰণ দাস৷

জীৱন এটা নিশা
উজাগৰে থাকিলোঁ
কিন্তু ভাগ্য
শুই পৰিল৷

মৃত্যুক মই চিনি
পাওঁ সহজে
জীৱনে সততে
তাৰেই কথা ভাৱে৷

নিজৰ কথাওঁ
মনলৈ আহে,
যেতিয়া সন্মুখৰ আকাশত
খহি পৰে
পপীয়া তৰা
মোৰ আকাশত৷

কবিৰ দূৰভাষ
৯৯৫৪৭-৮৬৪৬০

 

নিশকতীয়া

ৱাহিদ আহমেদ

নিমাতে থাকি হয়তো অনুভৱ কৰিছা
বহু প্ৰশ্ন মনলৈ অহাটো স্বাভাৱিক
আহিবই দিয়াচোন!
কেতিয়াও চিনি নোপোৱা এজনৰ
কথাবোৰে অলপ খেলিমেলি কৰি দিয়ে,
তাত সঁচা অনুভূতিবোৰে
লাহে লাহে থিতাপি লয়

আজি মন গৈছে কাপোৰ সলাই পিন্ধিছা
তোমাৰ লগত থকাবোৰে সহায় কৰিব,
তোমাৰ পৰা সহানুভূতি পোৱালৈকে
সকলোৱে আপোন বুলি ভাবিয়েই থাকিব,
কাইলৈ তুমি এলাগী হৈ যাবা
তোমাৰ লগত থকাবোৰ নাইকিয়া হৈ যাব
তোমাৰ কাইলৈ বিপদ হ’লে
কাকো বিচাৰি নাপাবা,
আজি যাৰ ওচৰত তোমাৰ মনৰ কথা কৈছা
তেওঁ আহিবলৈ সময় নাপাব
অথচ তোমাৰ ঘৰৰ ওচৰত তেওঁ থাকিব
তুমি ফোন কৰিবা জোৰেৰে চিঞৰিবা
নুশুনাকৈ তোমাক দূৰত ৰাখিব
মনটোক সুধিবা কৰবাত তুমি ভুল কৰিলা নেকি

তুমি সুযোগ পাইছিলা জীৱনৰ মাজৰাতি
বুজিয়েই নাপালা কেনেকৈ আদৰ কৰে,
আত্মসন্মান কি তুমি নুবুজা,
আত্মবিশ্বাসী হ’লেও আত্মবিশ্লেষণৰ প্ৰয়োজন
উপলব্ধি কৰিবা সেইদিনা
যিদিনা তুমি অকলশৰীয়া হৈ পৰিবা
তোমাৰ তেজৰ সম্পৰ্কবোৰে তোমাক এৰিব
তুমি কি ভাবিছা তুমি সদায় এনেকৈয়ে
আত্মীয়ৰ বুকুৰ মৰম পাই থাকিবা!
এইখন পৃথিৱীত নিজৰ মানুহবোৰেই
এদিন তোমাৰ শত্ৰু হৈ থিয় দিব
তুমি উজুটি খাই পৰিলেও কোনো নাহে
এন্ধাৰত অকলে পেলাই থৈ যাব

তোমাক ঘৰৰ মাজত সৰু বুলি মৰম দিছে
তোমাক কোলাত তুলি লৈছে
অলপ দিনৰ পাছত চাবা সকলো বদলি হৈ যাব
তুমি আকৌ কান্দিবা
তুমি আকৌ এখন সংগ্ৰাম কৰিবা
জীৱনটো উপভোগ কৰিবলৈ কঠিন হ’ব
জীৱনৰ প্ৰতি বিতৃষ্ণা জাগিব
অলপ হ’লেও এতিয়া হাঁহিছা নহয়
এদিন ধিক্কাৰ দিবলৈও সময় নাপাবা
ধৈৰ্য এনেকুৱা এক অস্ত্ৰ
বন্দুক বাৰুদে বশ কৰিব নোৱাৰা হৃদয়খন
মৰমেৰে গলাব পাৰি…

কবিৰ ঠিকনা
কাটাৰ, ডোহা
ূ৯৭৪৩১২০৪৫৭১
wahidahmed৫১১ঞ্ঝyahoo.com

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *