গা ধোৱাৰ পিছতো মেক-আপ ঠিকে ৰখাৰ কৌশল

গা ধোৱাৰ পিছতো মেক-আপ ঠিকে ৰখাৰ কৌশল

গৰীমা ৰাজবংশী

মেকআপ প্ৰেমীসকলৰ বাবে শীতকাল হৈছে মন পচন্দৰ সময়৷ নহয়নে? ঘাম নাথাকে, গতিকে মেকআপ বিয়পি যোৱাৰ সমস্যা নাথাকে৷ ৰ’দৰ তীব্ৰতা নাথাকে, গতিকে Sun burn ৰ সমস্যাও নাথাকে৷ শীতল পৰিৱেশ এটাৰ অনুকূল সংস্পৰ্শই মেকআপত যেন সোণত সুৱগা চৰায়৷ কিন্তু এই ভাল দিনবোৰ গৰমকাল পৰিলেই শেষ হৈ যায়৷ গৰমৰ দিনবোৰত মেকআপ কৰাৰ আগতে যেন বহুত চিন্তা কৰিবলগীয়া হয়৷
গ্ৰীষ্মকালত আমাৰ ৰাজ্যৰ আদ্ৰৰ্তা অতি বেছি থাকে৷ আৰু সেইবাবেই এঘণ্টামানৰ ভিতৰতে মেকআপ চিন মোকাম নোহোৱাকৈ যেন মচ খাই যায়৷ ইয়াৰ উপৰি গৰমত ছালৰ বিভিন্ন সমস্যাও হ’ব পাৰে৷ গতিকে গ্ৰীষ্মকালীন মেকআপৰ কৌশল আপুনি শিকি ল’বই লাগিব৷

মেকআপ কৰাৰ আগতে মুখখন প্ৰস্তুত কৰি লোৱাটো অতিকৈ প্ৰয়োজনীয়৷ গতিকে প্ৰি-মেকআপ ষ্টেপ কেতিয়াও এৰি নচলিব৷ তাৰ বাবে প্ৰথমে মুখখন চাফা কৰক৷ তাৰ পিছত টোনাৰ ব্যৱহাৰ কৰক৷ এতিয়া মইশ্ব’ৰাইজাৰ লগাওক৷ জেল ভিত্তিক মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে৷ তাৰ পিছত মেকআপ আৰম্ভ কৰক৷

পাহৰি নাযাব
মেকআপ দীৰ্ঘ সময় ধৰি টিকি থকাটো বিচাৰে যদি আপুনি অৱশ্যেই এটা বুধি খটুৱাব লাগিব৷ প্ৰাইমাৰ হৈছে মেকআপৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ৷ বহু সময়ত আমি মেকআপ কৰাৰ সময়ত এই বস্তুটো পাহৰি যাওঁ বা এৰাই চলো৷ কিন্তু প্ৰাইমাৰৰ নিত্যান্তই প্ৰয়োজন আছে৷ বৰফ ভিত্তিক প্ৰাইমাৰ প্ৰয়োগ কৰিব৷ মুখমণ্ডলত ভালদৰে সানিব৷ তাৰ পিছতহে মেকআপৰ পৰৱৰ্তী পদক্ষেপ অনুসৰণ কৰিব৷

ফাউণ্ডেচনলৈ ঘূৰিও নাচাব
গৰমৰ দিনবোৰত আপুনি ৰাতিপুৱাতে ওলাই যায় নেকি? তেতিয়া কিন্তু কেতিয়াও ফাউণ্ডেচন ব্যৱহাৰ নকৰিব৷ আৰু যদি আপুনি অগত্যা ফাউণ্ডেচন ব্যৱহাৰ কৰিব বিচাৰে তেন্তে অতি কম পৰিমাণে মুখত লগাব পাৰে৷
ফাউণ্ডেচনৰ সলনি বি বি বা চি চি ক্ৰীম লগোৱাই উত্তম৷ চি চি ক্ৰীমৰ নিৰ্দিষ্ট পৰিমাণ এটা লৈ মুখত লগাওক৷ এতিয়া ব্লেণ্ডাৰৰ সহায়ত ব্লেণ্ড কৰক৷

কনচিলাৰ আৰু হাইলাইটাৰ
বেচ বনোৱাৰ পিছত কনচিলাৰ লগাব লাগে৷ চকুৰ তলত কনচিলাৰ লগাওক৷ আৰু মুখৰ কোনো অংশত ক’লা দাগ থাকিলে অলপ লগাব৷ ভালদৰে ব্লেণ্ড কৰিব৷
নাকৰ পাহি, ওপৰৰ ওঁঠ আৰু গালৰ হাড়ত হাইলাইটাৰ ব্যৱহাৰ কৰিব লাগে৷ ইয়ে আপোনাৰ লুকটোক এটা গ্লো দিব৷

ব্লাছ অন আৰু কাজল
আজিকালি মহিলাসকলে চকুৰ মেকআপক অতি গুৰুত্ব দিয়ে৷ ধোঁৱাময় [ধুসৰ] চকু বহুতৰে মাজত এতিয়া অতি জনপ্ৰিয়৷ নিজৰ ইচ্ছামতে চকুৰ মেকআপ লগাওক; কিন্তু গধুৰ মেকআপ নকৰাই ভাল৷
গালত ব্লাছ লগাওক৷ শেষত ইচ্ছামতে লিপষ্টিক লগাব৷
চেটিং পাউদাৰেৰে মেকআপ ছেট কৰাৰ পিছত ফিক্সিং স্প্ৰে’ লগাওক৷ গৰমৰ দিনতো আপোনাৰ মেকআপ সহজে ম্লান নহ’ব৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *