বিন্দু সখিৰ চ’ৰা July 2024

বিন্দু সখিৰ চ’ৰা July 2024

 

পৰিচালকঃ আৰতি তালুকদাৰ

 

উঃ কি গৰম…

এক কথাত ক’বলৈ গ’লে এই অসহ্য গৰমত এচি অবিহনে ঘৰখন শীতল কৰি ৰখাটো অসম্ভৱ৷ কিন্তু আৰ্থিক কাৰণতে এচি চলোৱাটো সকলোৰে বাবে সম্ভৱ নহয়৷ তদুপৰি সকলো সময়তে এচিৰ ঠান্দা লোৱাটো স্বাস্থ্যসন্মতও নহয়৷ গতিকে এচি অবিহনে ঘৰখন শীতল কৰি ৰাখিবলৈ কিছু অন্যধৰণৰ পদক্ষেপ নিশ্চয় ল’ব পাৰি৷ নহয়নে?

বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা মাজে মাজে বৰষুণৰ সতৰ্কবাণীৰ ৰেড এলাৰ্ট, গ্ৰিণ এলাৰ্ট আহি থকাৰ পিছতো সমগ্ৰ ভাৰততে এতিয়া গৰমৰ প্ৰচণ্ড উত্তাপ অব্যাহত আছে৷ অভিলেখ হিচাপত চলি আছে এচিৰ বিক্ৰী৷ ফলত পৰিৱেশৰ যথেষ্ট ক্ষতি হৈছে, আৰু বিদ্যুতৰ বিলৰ পাৰাস্তম্ভ বৃদ্ধি পাইছে৷ গোটেই দিনটো এচিত থাকিলে শৰীৰত বহু ধৰণৰ ৰোগেও বাহ লয়৷ তদুপৰি বহুতৰে বাবে এয়াৰ কণ্ডিচনাৰ এতিয়াও বিলাসীতাৰ নাম মাথোঁ৷ গতিকে অগ্নীসম গৰমত অলপ শান্তিৰ বাবে আমি বিকল্প ব্যৱস্থা এটা বিচাৰিব লাগিব৷ সেয়ে ঘৰটো ঠাণ্ডা কৰি ৰাখিবলৈ ইয়াত কেইটামান টিপচ আগবঢ়োৱা হৈছে৷

পৰ্দাৰ ব্যৱহাৰ

খিৰিকী আৰু দুৱাৰত পাতল পৰ্দাৰ সলনি ডাঠ পৰ্দা ব্যৱহাৰ কৰক৷ ইয়াৰ ফলত কোঠাটোত সোমোৱা সূৰ্যৰ পোহৰত সামান্য বাধাৰ সৃষ্টি হয়৷ পৰ্দা হিচাপে শীতলপাটিৰ কোনো বিকল্প নাই৷ আগৰ দিনতো গৰম প্ৰতিৰোধৰ বাবে এইধৰণৰ পাটিৰ ব্যৱহাৰ বহুলভাৱে প্ৰচলিত হৈছিল৷ বাহিৰত যদি প্ৰচণ্ড গৰমৰ ঢৌ থাকে তেন্তে পাটিবোৰ ঠান্দা পানীৰে ভিজায়ো দিব পাৰি যাৰ ফলত এক বাতানুকুল পৰিৱেশৰ সৃষ্টি হয়৷ পাতল ৰঙৰ গাৰুৰ গিলিপ বাবেৰিবাং বা বিছনা চাদৰ ব্যৱহাৰ কৰক৷ বিছনাত শীতল পাটি পাৰি লওক, অগ্নীসম গৰমৰ মাজতো অদ্ভুত প্ৰশান্তি অনুভৱ হ’ব৷

ৰঙৰ ব্যৱহাৰ

কোঠাত বিশেষকৈ বগা ৰং ব্যৱহাৰ কৰিব লাগে৷ বগা ৰঙত সূৰ্যৰ পোহৰ প্ৰতিফলিত হৈ ঘূৰি যোৱাত সুবিধা হয়৷ ক’লা ৰঙত গৰম বেছি, ক’লা ৰঙৰ ছাতি লৈ নোলাব বা পোছাকো পৰিধান নকৰিব৷ লগতে কোঠাত বেছি লাইট ব্যৱহাৰ নকৰিব৷ টিউব লাইটৰ সলনি এল ই ডি লাইটে কোঠাটো কম গৰম কৰে৷

ফেন ব্যৱহাৰ

কোঠাটোৰ পৰা গৰম বতাহ আঁতৰাবলৈ এক্সজেষ্ট ফেন ব্যৱহাৰ কৰক৷ দুপৰীয়া দুৱাৰ বা খিৰিকীত তিতা টাৱেল ওলোমাই দিব পাৰি, ইয়াৰ দ্বাৰা কোঠাটোও আৰামদায়ক হৈ পৰিব৷ কোঠাটোৰ উষ্ণতা কম ৰাখিবলৈ ভিজা কাপোৰেৰে কেইবাবাৰো কোঠাটো মপ কৰক৷ কেৱল মজিয়াখনেই নহয়, খিৰিকীৰ কাঁচখবোৰো মচিব৷

গছৰ ছাঁত

ঘৰত বা খিৰিকীৰ সন্মুখত কিছুমান গছ ৰোপণ কৰক৷ গছ-গছনিয়ে ঘৰত থকা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি ঘৰৰ ভিতৰৰ উষ্ণতা বৃদ্ধি হ্ৰাস কৰে৷ ইয়াৰ উপৰিও গ্ৰীষ্মকালত গছৰ ব্যৱহাৰেও ভিতৰৰ অংশত কোমলতা আৰু শীতলতাৰ ছাঁ দিয়ে৷ স্নেক প্ল্যাণ্ট, স্পাইডাৰ প্ল্যাণ্ট, পিচ লিলি, মিনিপ্ল্যাণ্ট প্ৰভৃতি গছ এয়াৰ পিউৰিফায়াৰ হিচাপে ৰোপণ কৰিব পাৰে৷

বৰফৰ ঠাণ্ডা

ষ্টেণ্ড ফেনৰ সন্মুখত বৰফেৰে ভৰা পাত্ৰ এটা ৰাখক৷ ফলত গোটেই ঘৰখনতে শীতল পৰিবেশৰ সৃষ্টি হ’ব৷ বৰফ গলি যোৱাৰ পিছতো গোটেই ঘৰটোত এই শীতল পৰিৱেশটো থাকিব৷ এই সময়ত কোঠাটোৰ খিৰিকী-দুৱাৰ বন্ধ কৰি দিব৷

গ্ৰীষ্মকালৰ চৰিত্ৰ সলনি হৈছে৷ আগৰ দিনত এখন ফেনেৰেই জেঠ- আহাৰ পাৰ হৈছিল৷ আজি এনে পৰিবেশ নাই৷ ফেনেও এতিয়া কাম নকৰে৷ অৱশ্যে উক্ত সৰু সৰু ব্যৱস্থাবোৰৰ যোগেদি আপুনি এচিৰ বিকল্প লাভ কৰিব আৰু তীব্ৰ গৰমৰ পৰা নিজকে যথেষ্ট সকাহ দিবলৈ সক্ষম হ’ব৷

ননষ্টিক কেৰাহী কেনেকৈ ব্যৱহাৰ কৰিব?

ননষ্টিকৰ পাত্ৰত ৰন্ধা-বঢ়াৰ কেইবাটাও সুবিধা আছে৷ ইয়াত যিকোনো বস্তু ভাজিবলৈ কম তেলৰ প্ৰয়োজন হয় অথচ সোৱাদো হয় অনুপম৷ তদুপৰি ননষ্টিক কেৰাহীত জুইৰ তাপ সমানে বিয়পি পৰে, যাৰ ফলত দ্ৰুতভাৱে ৰন্ধা হয় আৰু গেছৰ ব্যৱহাৰ কম হয়৷ সেয়ে বহু ৰান্ধনীৰ বাবে ই পচন্দৰ বস্তু৷ কিন্তু এই ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰোঁতে যদি কিছুমান নিয়ম মানি চলে তেন্তে ই বহুদিনলৈ ভালে থাকে অৰ্থাত বহু দিন পৰ্যন্ত ব্যৱহাৰযোগ্য হৈ থাকে৷

ননষ্টিক ৰন্ধন সামগ্ৰী গেছৰ পৰা নমাই আনিয়েই পানীত জুবুৰীয়াই নিদিব৷ তেনে কৰিলে আৱৰণ ফাটি যাব৷ ঠাণ্ডা হ’লেহে ননষ্টিক কেৰাহী পৰিষ্কাৰ কৰিব৷ যদি আৱৰণ ফাটি যায়, তেন্তে ৰন্ধা সময়ত সমভাবে হিট ডিষ্ট্ৰিবিউশ্যনো সম্ভৱ নহয়৷ ননষ্টিক ৰন্ধন সামগ্ৰী এব্ৰেচিভ, ষ্টীল বা ধাতুৰ সামগ্ৰীৰে পৰিষ্কাৰ নকৰিব৷ পৰিষ্কাৰ কৰিবলৈ প্লাষ্টিকৰ জাল বা কোমল স্পঞ্জ ব্যৱহাৰ কৰক৷ চাফা কৰাৰ আগতে ননষ্টিক ৰন্ধন পাত্ৰ পানীত কিছু সময় তিয়াই থওক৷ জমা হোৱা খাদ্যৰ কণাবোৰ কোমল হ’লে কুহুমীয়া পানী, কোমল চাবোন বা কোমল কাপোৰেৰে পৰিষ্কাৰ কৰিব লাগে৷ ননষ্টিক ৰন্ধন সামগ্ৰী ধোৱাৰ পিছত অতিৰিক্ত তেলীয়াতা নাথাকেগৈ৷

বজাৰত উপলব্ধ ডিচ ওৱাচ ডিটাৰজেণ্টবোৰ ননষ্টিক বাচন পৰিষ্কাৰ কৰাৰ বাবে উপযোগী নহয়৷ ননষ্টিক আৱৰণ সহজে নষ্ট হোৱাৰ আশংকা থাকে৷ কোমল চাবোন বা তৰল চাবোন ব্যৱহাৰ কৰক৷ হাতেৰে পৰিষ্কাৰ কৰক৷ ননষ্টিক কেৰাহীটো সম্পূৰ্ণ শুকাই গ’লে শুকান কাপোৰেৰে মচি দিব৷ মাছ, কণী ভাজি বা পেনকেক বনাওতে কাঠ, প্লাষ্টিক বা ছিলিকনৰ হেণ্ডেল বা চামুচ ব্যৱহাৰ কৰিব লাগে৷ ষ্টীলৰ হেতাৰে খাদ্যখিনি লৰচৰ কৰিলে কাঁটাচামুচেৰে ওলোটা ফালে খোঁচ মাৰিব৷ যদি ননষ্টিক কেৰাহীত পিজ্জা বনাইছে তেন্তে কেৰাহীটো অলপ হেলনীয়া কৰি পিজ্জাটো কাঠৰ ফলকত থৈ দিব৷ তাৰ পিছত কাটি পৰিবেশন কৰক৷ ননষ্টিক কেৰাহীত তৈয়াৰী ডেজাৰ্ট বা মিটলফ কাটি উলিয়াওঁতে ৰবৰ বা ছিলিকন স্পেটুলা ব্যৱহাৰ কৰক৷ ধাতুৰ চুৰী বা চামুচেৰে কাটিব নালাগে৷
ননষ্টিক কেৰাহীত খাদ্য প্ৰস্তুত কৰোঁতে কম বা মধ্যমীয়া জুই ব্যৱহাৰ কৰিব৷ বেছি জুইত ৰন্ধা-বঢ়া কৰিলে আৱৰণৰ লগতে পাত্ৰটোৰ মসৃণতা নষ্ট হয়৷ পাত্ৰটো কিনোতে পাত্ৰটোৰ লগত অহা নিৰ্দেশনা মানি চলাটোৱেই উত্তম৷ ৰন্ধা বঢ়া কৰি উঠি ননষ্টিক কেৰাহী নোধোৱাকৈ বেছি সময় নাৰাখিব৷ তদুপৰি এনে ৰন্ধন পাত্ৰত অতি এচিডিক খাদ্য ৰান্ধিব নালাগে৷ ইয়াৰ ফলত ননষ্টিক আৱৰণ সোনকালে ক্ষয় যায়৷ ননষ্টিক ৰন্ধন সামগ্ৰী ষ্টীল বা এলুমিনিয়ামৰ ৰন্ধন সামগ্ৰীৰ সৈতে একেলগে মিহলাই নাৰাখিব৷ বাচন-বৰ্তনবোৰৰ মাজত পৰস্পৰ ঘঁহনি খাই আঁচোৰ পৰিব পাৰে৷ সাৱধান হওক যাতে আন কোনো সৰু ধাতুৰ ঢাকনি কেৰাহীত আবদ্ধ হৈ নাথাকে৷ ঢাকিবলৈ কেৱল ননষ্টিক পেন কভাৰ ব্যৱহাৰ কৰক৷ ননষ্টিক কুকৱেৰ কিনাৰ সময়ত ৰন্ধন পাত্ৰৰ পৃষ্ঠভাগ আঙুলিৰ মূৰেৰে দুবাৰ ঘঁহি চাব লাগে৷ খহটা লাগিলে কিনিব নালাগে৷ মসৃণ হ’লেহে কিনিব৷ প্ৰথমবাৰৰ বাবে ননষ্টিক কেৰাহী ব্যৱহাৰ কৰাৰ আগতে ননষ্টিক কেৰাহীটো কুহুমীয়া পানী আৰু তৰল চাবোনেৰে ধুব লাগে৷ তাৰ পিছত কোমল কপাহী কাপোৰেৰে শুকুৱাই মচি দিব৷ অলপ তেল দি গ্ৰীজ কৰিব৷ ননষ্টিক কেৰাহী খাদ্য বা তেল নিদিয়াকৈ কেৱল জুইত ৰাখিব নালাগে৷ কেইবাবাৰো ব্যৱহাৰ কৰাৰ পিছত ননষ্টিক কেৰাহীত বগা দাগ ওলালে আধা কেৰাহী পানী লৈ তাত ভিনেগাৰ মিহলাই লওক৷ অতি কম জুইত প্ত-১০ মিনিট ৰাখিব৷ তাৰ পিছত কাঠৰ হেণ্ডেলেৰে লৰাই থাকিব৷ ঠাণ্ডা হ’বলৈ দি কোমল চাবোনেৰে ধুব৷ শুকানকৈ মচি পেলাব৷ ননষ্টিক বাচন ধোৱাৰ পিছত শ্বেলফত ওলোমাই থওক৷ এনে সুবিধা নাপালে বাচন-বৰ্তন কোমল কাপোৰ বা টাৱেলেৰে মেৰিয়াই ৰাখিব লাগে৷

জোতাযোৰ সুৰক্ষিত ৰাখক

আপুনি সহজেই আপোনাৰ প্ৰিয় জোতাৰ ৰেকটো ফ্লেটৰ প্ৰৱেশদ্বাৰৰ সন্মুখত বা ড্ৰয়িং ৰুমৰ দুৱাৰৰ পিছফালে ৰাখিব পাৰে৷ কিন্তু কেতিয়াবা জোতাৰ ৰেক চাফা কৰাৰ বাহিৰেও কিছু বিশেষ যত্ন লোৱাৰ প্ৰয়োজন হয়৷

ঘৰ বা ফ্লেটটোৰ ওপৰত এটা ভাল ইমপ্ৰেশ্যন পাবলৈ প্ৰৱেশদ্বাৰত বিশেষ গুৰুত্ব দিয়ক৷ প্ৰৱেশদ্বাৰৰ সন্মুখত যিমান পাৰি বেছি বস্তু নাৰাখিলে ভাল৷ কিন্তু আজিকালি কণ্টেমপোৰাৰী ইণ্টিৰিয়াৰৰ তাগিদাত ঘৰৰ সকলো বস্তু পৃথকে পৃথকে চোৱাচিতা কৰা সম্ভৱ৷ যেনে, জোতা৷ জোতাযোৰ ৰক্ষণাবেক্ষণৰ অন্যতম উপায় হ’ল ঘৰত জোতাৰ ৰেক থকাটো৷ আজিকালি বজাৰত বহুতো আধুনিক ডিজাইনৰ জোতাৰ ৰেক পোৱা যায়৷ আপুনি সহজেই আপোনাৰ প্ৰিয় জোতাৰ ৰেকটো ফ্লেটৰ প্ৰৱেশদ্বাৰৰ সন্মুখত বা ড্ৰয়িং ৰুমৰ দুৱাৰৰ পিছফালে ৰাখিব পাৰে৷ আৰু যদি আপোনাৰ বিভিন্ন ধৰণৰ জোতাৰ প্ৰতি আকৰ্ষণ আছে, তেন্তে আপুনি জোতাৰ ৰেক ব্যৱহাৰ কৰি ইযোৰৰ পিছত সিযোৰ উলিয়াই নিজৰ প্ৰিয় জোতাযোৰ পদ্ধতিগতভাৱে বাছি ল’ব পাৰিব৷ তেতিয়া গোটেই ঘৰত জোতা সিঁচৰতি হৈ নাথাকিব৷ এটা কমপেক্ট স্থানত একেলগে থাকিব৷

ৰেকৰ যত্ন লোৱা

‘জোতাহে থাকে’ বুলিয়েই জোতাৰ ৰেকটোক অৱহেলা কৰাটো উচিত নহয়৷ বৰঞ্চ ঘৰৰ আন যিকোনো বস্তুৰ দৰে জোতাৰ ৰেকটোত নিয়মিতভাৱে ডাষ্টিং কৰিব লাগে৷ জোতাৰ ৰেকৰ পৰা সকলো জোতা উলিয়াই সপ্তাহত এবাৰ হ’লেও ভালদৰে পৰিষ্কাৰ কৰিব লাগে৷ যদি আপোনাৰ জোতাৰ ৰেকটো লোহাৰ হয় তেন্তে চাবোনেৰে তিয়াই থোৱা কোমল কাপোৰেৰে মচিব লাগে৷ তাৰ পিছত শুকান টাৱেলেৰে শুকানকৈ মচি দিব৷ বহু সময়ত জোতাৰ ৰেকখন বেছি সময় চাফা নকৰিলে বেয়া গোন্ধ ওলাবলৈ আৰম্ভ কৰে৷ এই দুৰ্গন্ধ কম কৰিবলৈ ভিনেগাৰৰ বটল এটা লৈ খালী জোতাৰ ৰেকত স্প্ৰে কৰিব লাগে৷ ১০ মিনিটৰ পিছত ভিজা কাপোৰেৰে মচি পেলাওক৷ মাহত এবাৰ ভিনেগাৰ স্প্ৰে কৰিলেও কীট-পতংগ কমোৱাত সহায় হয়৷ পিন্ধিবলৈ এৰা যিকোনো জোতা ৰেকৰ পৰা পেলাই দিয়াটোৱেই ভাল৷ পুৰণি জোতাবোৰ প্ৰায়ে ফাটি যায় আৰু ৰেকটো আৰু লেতেৰা হৈ পৰে৷ সাৱধান হওক যাতে কাঠৰ জোতাৰ ৰেকত পানী নপৰে৷ মচিবলৈ কোমল পৰিষ্কাৰ কাপোৰ ব্যৱহাৰ কৰিব লাগে৷ কাঠৰ লেমিনেটেড ৰেকত কোনো ধৰণৰ টেপ বা আঠা লগাব নালাগে৷

গুৰুত্বপূৰ্ণ টিপছ

কাঠৰ জোতাৰ ৰেক প্লাষ্টিকৰ তুলনাত বেছি দিন টিকে৷
জোতাৰ ৰেকত থকা স্নিকাৰ্চবোৰ লেতেৰা হ’লে পৰিষ্কাৰ কৰাটো ভাল৷
জোতাৰ ৰেকটো প্ৰতিদিনে কেইঘণ্টামান খোলা ৰাখিব লাগে যাতে আদ্ৰৰ্তা কম হয়৷

ঘৰতে নিজৰ জিম

জিমলৈ যাবলৈ সময় নাপালে ঘৰতে নিজৰ ব্যক্তিগত জিম বনাওক৷ মাত্ৰ অলপ ঠাই আৰু পৰিকল্পনাৰ প্ৰয়োজন৷

কিছুদিন ব্যায়াম কৰিবলৈ পাহৰি বাহিৰত খোৱা হৈছিল৷ বহু কষ্টেৰে কমোৱা দেহৰ ওজন পুনৰ তেল, মছলা আৰু আৰামৰ ফলত ঘূৰি আহিছে! ইফালে স্কুল-কলেজ-অফিচৰ হেঁচাত জিমলৈ যোৱাৰ সময়ো নাথাকে৷ তেনেহলে কি কৰিব? চিন্তাৰ প্ৰয়োজন নাই৷ যদি ঘৰত কিছু মুকলি ঠাই থাকে তেন্তে তাত নিজৰ ব্যক্তিগত জিম নিজে বনাই লওক! তাৰ আগতে অৱশ্যেই কিছুমান কথা মনত ৰাখিব লাগিব৷

বাজেট
ঘৰতে জিম বনালে বহুত খৰচ কৰিব লাগিব, তেনেকুৱা কথা একেবাৰে নহয়! ঘৰুৱা জিমৰ বাবে বিশাল, দামী জিম ইকুইপমেণ্ট কিনাৰ একেবাৰেই প্ৰয়োজন নাই৷ এতিয়া সেইবোৰ আপোনাৰ কামতো নাহিব আৰু প্ৰশিক্ষক অবিহনে এনে ইকুইপমেণ্টত ব্যায়াম কৰাটো বিপদজনকো হ’ব৷ সৰু সৰু সঁজুলিবোৰ নতুনকৈ কিনিব পাৰি, কিন্তু অলপ বেছি দামী সঁজুলিৰ বাবে ছেকেণ্ড হেণ্ড কিনিব, যাৰ দাম আধাতকৈও কম হ’ব৷ সৰুৰে পৰা আৰম্ভ কৰক, পিছত আপুনি প্ৰয়োজন আৰু সামৰ্থ অনুসৰি আহিলা বৃদ্ধি কৰিব পাৰিব৷

বাতাবৰণ
ব্যক্তিগত জিমৰ পৰিৱেশ এনেকুৱা হোৱা উচিত যিয়ে আপোনাক ব্যায়াম কৰিবলৈ উৎসাহিত কৰিব৷ আপোনাৰ প্ৰিয় বস্তুৰে কোঠাটো সজাই লওক৷ ঠাই যিমানেই সৰু নহওক কিয়, প্ৰতিটো সঁজুলিৰ বাবে নিৰ্দিষ্ট ঠাই থকা প্ৰয়োজন৷ জিমত যথেষ্ট পৰিমাণৰ টাৱেল আৰু পানীৰ বটল ৰাখিব লাগে৷ বহুতে জিম কৰি থাকোঁতে গান শুনি ভাল পায়৷ গতিকে স্পীকাৰো জিমত ৰাখিব পাৰি৷

ফ্ল’ৰিং আৰু মিৰ’ৰ
জিম প্লেনিঙৰ সময়ত এইটো অন্যতম গুৰুত্বপূৰ্ণ কাৰক৷ জিমৰ মজিয়া এনেkgৱা হ’ব লাগে যাতে ইয়াৰ দ্বাৰা ঘৰৰ মজিয়া সুৰক্ষিত হয় আৰু জিমৰ সঁজুলিসমূহৰ আয়ুস বৃদ্ধি পায়৷ এই ক্ষেত্ৰত বাণিজ্যিক গ্ৰেডৰ ফেন মজিয়া আদৰ্শস্বৰূপ৷ বেৰত ডাঙৰ আইনা এখন ৰাখক৷ ব্যায়াম কৰাৰ সময়ত যদি নিজকে দেখা পাই থাকে তেন্তে ভুলবোৰ সহজেই শুধৰাই ল’ব পৰা যাব৷ যিহেতু প্ৰশিক্ষক নাই, সেয়েহে নিজে নিজৰ ফৰ্ম ঠিক কৰিবলৈ আইনাখনৰ সন্মুখত ব্যায়াম কৰাটো ভাল৷

প্ৰয়োজনীয় সঁজুলি
ঘৰুৱা জিমৰ বাবে কিনিব পৰা মৌলিক সঁজুলিসমূহ হ’ল যোগা মেট, ডাম্বেল, বেঞ্চ, ৰেক, ট্ৰেডমিল, স্পিন বাইক আৰু জিম বল৷ পিছত আপুনি ছাচপেনচন ট্ৰেইনাৰ আৰু পাঞ্চিং বেগ যোগ কৰিব পাৰে৷

মনত ৰাখিব যে আপুনি যিহেতু ঘৰুৱা জিমত অকলে ব্যায়াম কৰিব তেনেক্ষেত্ৰত যদি আপুনি সঁজুলিসমূহৰ ব্যৱহাৰ কৰাৰ সঠিক পদ্ধতি নাজানে তেন্তে এফালে দুৰ্ঘটনাৰ আশংকা থাকিব, আনফালে সঁজুলিসমূহৰ ক্ষতি হোৱাৰ আশংকাও থাকিব৷ ফিটনেছ ভিডিঅ’ চাব পাৰেদ্ৰ কিন্তু প্ৰথমে জিম ট্ৰেইনাৰ এজনক এটা চেচনৰ বাবে মাতিলে ভাল হ’ব যাতে সকলো মেচিন কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকিব পাৰে৷

বুক কেয়াৰ
কোৱা হয় যে কিতাপতকৈ ভাল বন্ধু আৰু কোনো নাই৷ কিন্তু সকলো বন্ধুৱে বিচৰাৰ দৰে কিতাপেও আপোনাৰ পৰা কিছু সময় আৰু মনোযোগ বিচাৰে৷ কিতাপৰ যত্ন কেনেদৰে ল’ব জানি লও আহক৷

দিনটোৰ সকলো চিন্তা, কামৰ ডেডলাইন, সামাজিক উদ্বেগ, ছ’চিয়েল মিডিয়া আদিৰ পৰা বিৰতি লৈ কিতাপ এখনৰ পৃষ্ঠাত হেৰাই যোৱাতকৈ ভাল হয়তো অন্য একোৱেই নাই৷ শেহতীয়া এক প্ৰতিবেদনত কোৱা হৈছে যে ৩০ মিনিটৰ পঢ়াৰ অভ্যাসে ৰক্তচাপ আৰু হৃদস্পন্দন নিয়ন্ত্ৰণত ৰাখে৷ লগতে, মানসিক চাপ কমাবলৈ, স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ, নতুন শব্দৰ সৈতে পৰিচিত হ’বলৈ কিতাপৰ কোনো বিকল্প নাই৷ কিন্তু সমস্যাটো হ’ল এয়ে যে আমি কিতাপ পঢ়াৰ কথা যিমান কওঁ কিতাপ এখন যত্নেৰে ৰখাৰ কথা সিমান পাতো নে? উপযুক্ত যত্নৰ অভাৱত আমাৰ কত যে আপুৰুগীয়া গ্ৰন্থৰ আয়ুস কমি যায়!

হাৰ্ড কভাৰৰ ব্যৱহাৰ
গতানুগতিক কাগজৰ কভাৰৰ সলনি হাৰ্ড কভাৰৰ কিতাপ ব্যৱহাৰ কৰক৷ যদি কিতাপখন অতি জীৰ্ণ বা পুৰণি হয় তেন্তে কিতাপখন বান্ধিবলৈ চেষ্টা কৰক৷ তেতিয়া কিতাপখনৰ আয়ুস বাঢ়ি যায়৷ ফলত কিতাপখনৰ ভিতৰত ধূলি আৰু মলি সহজে সোমাব নোৱাৰে৷

পৰিষ্কাৰ হাতেৰে কিতাপখন ধৰিব
বহুতৰে খাদ্য খোৱাৰ সময়ত কিতাপ পঢ়াৰ অভ্যাস আছে৷ এই ধৰণৰ অভ্যাস কিতাপৰ বাবে একেবাৰেই ভাল নহয়৷ ইয়াৰ ফলত পাতত দাগ লাগিলে কেতিয়াও আঁতৰি নাযায়৷ তদুপৰি ইয়াৰ ফলত কিতাপত পোক-পৰুৱা আৰু মকৰা আদিৰ উপদ্ৰৱ বৃদ্ধি পাব পাৰে৷ গতিকে হাত চাফা কৰাৰ পিছতহে কিতাপখনৰ পৃষ্ঠাবোৰ লুটিয়াব লাগে৷

বুকমাৰ্কৰ ব্যৱহাৰ
বহুতৰে কিতাপৰ পৃষ্ঠা ভাঁজ কৰাৰ অভ্যাস আছে৷ কিছু সময় বিৰতি লৈ কিতাপ এখন পঢ়িবৰ বাবে বহুতে ওলোটাকৈ থৈ যায় বা পেঞ্চিল বা কলম ৰাখি বন্ধ কৰি দিয়ে৷ ইয়াত কিতাপখনৰ বান্ধনি ক্ষতিগ্ৰস্ত হয়, পৃষ্ঠাবোৰ ঢিলা হৈ পৰে৷ গতিকে কিতাপ পঢ়াটো যদি অভ্যাস হয়, তেন্তে বুকমাৰ্কৰ ব্যৱহাৰো অভ্যাস হিচাপে গঢ়ি তুলিব লাগে৷

আঠাৰ ব্যৱহাৰৰ পৰিৱৰ্তন
কিতাপ এখনৰ পৃষ্ঠাবোৰ ফাটি গ’লে বহুতে আঠা ব্যৱহাৰ কৰি সেইবোৰ একেলগে লগাই দিয়ে৷ তেনেকুৱা নকৰিব৷ বহুতে খুলি যোৱা কিতাপ বান্ধিবলৈ আঠা ব্যৱহাৰ কৰে৷ সেইটোও ক্ষতিকাৰক৷ কাৰণ বহুতো পোক-পৰুৱা আছে যাৰ খাদ্য এই আঠা৷ ফলত ইয়াৰ গোন্ধে তেওঁলোকক আকৰ্ষণ কৰে৷ গতিকে কিতাপখন ঠিক কৰিবলৈ স্বচ্ছ টেপ ব্যৱহাৰ কৰক৷

বুকশ্বেলফ্‌ কেয়াৰ
কেৱল কিতাপৰ যত্ন ল’লেই কাম নহ’ব৷ কিতাপৰ কোঠাটোৰো যত্ন ল’ব লাগে৷ বন্ধ আলমাৰীত কিতাপ ৰাখিবলৈ চেষ্টা কৰক৷ কিতাপৰ আলমাৰী খোলা থাকিলে প্ৰতি সপ্তাহত ধূলি পৰিষ্কাৰ কৰিব লাগে৷ কিতাপত থকা পৰুৱা, মকৰা আদিৰ আক্ৰমণৰ ওপৰত চকু ৰাখিব৷ পোক-পৰুৱাৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ নিমৰ পাত বা কৰ্পূৰ আলমাৰীত ৰাখিব লাগে৷ বহুতে বিভিন্ন আকাৰৰ কিতাপ একেলগে ৰাখে৷ ইয়াৰ ফলত শ্বেলফবোৰ আভজা যেন লাগে৷ বৰঞ্চ একে আকাৰৰ কিতাপ একেলগে ৰাখক৷ কিতাপবোৰ যেনেকৈ ভাল দেখা যাব, কিতাপৰ আলমাৰীটোও ভাল দেখা যাব৷
নিসংগ দিনৰ আটাইতকৈ নিৰ্ভৰযোগ্য বন্ধু হৈছে কিতাপ৷ তদুপৰি কিতাপৰ উপস্থিতি আৰু ইয়াৰ মৰ্যাদাপূৰ্ণ ৰক্ষণাবেক্ষণ তথা সাজ-সজ্জাই ঘৰ এখনক আভিজাত্যৰ ছাপো প্ৰদান কৰে৷ এনে বন্ধুক ভালদৰে ৰাখিবলৈ হ’লে তেওঁৰ কিছু যত্নতো ল’বই লাগিব৷ নহয়নে?

 

দৈনন্দিন বিভিন্ন সাংসাৰিক সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান সহজ ঘৰুৱা উপায় অৱলম্বন কৰো আহক

পৰিয়াল এটা চলাবলৈ যাওঁতে দিনে-নিশাই নানা ঝামেলা থাকিবই৷ বাথৰুমৰ টাইলছ বা পাকঘৰৰ চিঙ্কত দাগ, ৱাশ্বিং মেচিনত বেয়া গোন্ধ—এইবোৰ যেন আমাৰ দৈনন্দিন জীৱনৰ এৰাব নোৱাৰা সমস্যা৷ জীৱনৰ পঞ্চাশ শতাংশ সময় যদি মজিয়াৰ দাগ চাফা কৰাতেই খৰচ হ’ব লাগিল, তেন্তে সেয়া কিবা কথা হ’ল নে বাৰু? কিন্তু স্মাৰ্ট গৃহিণীসকলৰ বাবে এই সমস্যাবোৰ তেনেই তুচ্ছ৷ অলপ বুদ্ধি খৰচ কৰিলে বগা বাথটাবৰ ৰং পুনৰ পূৰ্বৰ উজ্জ্বলতা ঘূৰাই পাব পাৰে৷ জ্বলি যোৱা কেৰাহীটোৰ দাগবোৰ গুচি এইমাত্ৰ বজাৰৰ পৰা কিনি অনা যেন হৈ পৰিব পাৰে৷ এই বিৰক্তিকৰ সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান সহজ ঘৰুৱা উপায় চেষ্টা কৰো আহক৷

ৰন্ধা সময়ত কেৰাহীখন জ্বলি ক’লা হৈ গ’লে কেৰাহীখন চাবোন আৰু পানীৰে ভৰ্তি কৰি পোন্ধৰ মিনিটমান উতলাওক৷ কঠিন হোৱা জ্বলা-পোৰাৰ চিনবোৰ অতি সোনকালে উঠি যাব৷
বাথৰুমৰ টাইলছত দীৰ্ঘদিনীয়া দাগ আঁতৰোৱাটো কঠিন হ’ব পাৰে৷ কাপোৰ ধোৱাৰ বাবে ব্যৱহাৰ কৰা নীলৰ সৈতে চাবোন মিহলাই এই পানীৰে টাইলছ পৰিষ্কাৰ কৰক৷ দেখিব ই আপোনাৰ বাথৰুমত কেনে সুন্দৰ স্পাৰ্কলিং এফেক্ট আনে৷
বগা বাথটাব বা বেচিনত প্ৰায়ে হালধীয়া ৰঙৰ দাগ পৰে৷ বাথটাব বা বেচিনটো টাৰ্পিন অইলৰ লগত অলপ নিমখ মিহলাই মচি দিব৷ বগা ৰং ঘূৰি আহিব৷
ৱাচিং মেচিন পৰিষ্কাৰ কৰি ৰাখিবলৈ আৰু দুৰ্গন্ধ দূৰ কৰিবলৈ অলপ গৰম পানীত ভিনেগাৰ একাপ মিহলাই লওক৷ এতিয়া মেচিনটো চলাই দিলেই সকলো মলি ওলাই যাব৷
পাকঘৰৰ ষ্টীলৰ চিঙ্কত পানীৰ দাগ পৰিলেও ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে৷ পানীৰ দাগবোৰৰ ওপৰত ভিনেগাৰেৰে কোমল টাৱেল এখন ঘঁহি দিব৷
কণী সিজোৱা পানী পেলাই নিদিব, বৰঞ্চ বাৰীত থকা গছৰ গুৰিৰ চাৰিওফালে ঢালি দিব৷ ইয়াৰ পৰা গছে অত্যাৱশ্যকীয় খনিজ পদাৰ্থ পাব৷
কাঠৰ ফাৰ্নিচাৰ পলিচত বগা দাগ পৰিলে অলপ তেল দি ঘঁহিব৷ ই লাহে লাহে পলিচৰ ৰং ঘূৰাই আনিব৷ ……

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *