জুলাই/২০২৪
বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ জন্ম, শিক্ষা, দাম্পত্য জীৱন ইত্যাদি৷
দেৱীনা পামেগাম পেগু ঃ হয়, নমস্কাৰ৷
মোৰ জন্ম লখিমপুৰ জিলাৰ বগীনদীত, বাৰীত আম – কঁঠাল, জামৰ সুগন্ধত মলমলাই থকা আহাৰ মাহৰ কোমল ৰ’দালিৰ মিঠা এটি সুন্দৰ পুৱা আইৰ কোলা শুৱনি কৰিছিলোঁ বোলে মই৷ মোৰ স্কুলীয়া শিক্ষা বগীনদীত, কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিছিলোঁ লক্ষ্মীমপুৰ বালিকা মাবিদ্যালয়ত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ আৰু লখিমপুৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা বি এড ডিগ্ৰী সম্পূৰ্ণ কৰিছিলোঁ৷ মই ফাট বিহুখ্যাত ঢকুৱাখনাৰ চাৰিকড়িয়া নদীৰ ইপাৰৰ মাতমৰা জাজীৰ পেগু বংশৰ শ্ৰীযুত ভৱকান্ত পেগুৰ সৈতে বিবাহ পাশত আবদ্ধ হওঁ৷ বৰ্তমান দুটি কন্যাৰে আৱৰি থকা আমাৰ দাম্পত্য জীৱন৷
বিন্দুঃ আপোনাৰ কৰ্মজীৱনৰ বিষয়ে কওকচোন৷ কেতিয়াৰ পৰা অধ্যাপনা কৰিবলৈ ল’লে? আমি জনাত আপুনি গৱেষণাৰ কামতো ব্যস্ত আছে৷
দেৱীনা পামেগাম পেগু ঃ হয়, মই ২০০৪ চনৰ পৰা চিলাপথাৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপনাৰ দৰে মানৱ সম্পদ গঢ়া মহান কৰ্মত নিয়োজিত হৈ আছোঁ৷ বৰ্তমান মই বৰপেটা জিলাৰ নসত্ৰৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত বুকুত মৰসাহ গোটাই গৱেষণাৰ কামত আত্মনিয়োগ কৰি আছোঁ৷
বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো৷ কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল?
দেৱীনা পামেগাম পেগু ঃ হয়, আচলতে মই এতিয়াও লেখক হৈ উঠা নাই, অসমীয়া সাহিত্যৰ পথাৰখনত মাত্ৰ নাম ভৰ্তিহে কৰিছোঁ৷ অৱশ্যে মই সৰুৰ পৰাই কবিতা লিখা, সাধুকথাৰ কিতাপ পঢ়া আদিৰ দৰে ভাল লগা কামবোৰ আৰম্ভ কৰিছিলোঁ৷ মোৰ দেউতা হৈছে স্বৰ্গীয় নন্দেশ্বৰ পামেগাম [বগীনদী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন তথা প্ৰতিষ্ঠাপক অধ্যক্ষ]৷ তেওঁ লেখা মেলাৰ লগতে বিভিন্ন কাকত আলোচনীৰ সতে জড়িত আছিল৷ সেই সূত্ৰে ময়ো কোনোবাখিনিত আকৰ্ষিত হৈছিলো৷ দেউতাই অনা বাতৰি কাকতৰ অকণিৰ শিতানবোৰে মোক বৰকৈ দৃষ্টি আকৰ্ষণ কৰিছিল৷ অলপ ডাঙৰ হৈ অহাৰ লগে লগে কবিতাই বুজাব নোৱাৰাকৈ মোক বিলীন কৰাইছিল ভাৱ সাগৰত৷ সেয়েহে সপ্তম শ্ৰেণীত থাকোঁতে চাওলুং চুকাফাৰ শিৰোনামাৰে এটি কবিতা লিখাৰ প্ৰয়াস কৰি সেই বছৰ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাত ঠাই পাইছিল৷ তথাপি কিয় জানো লিখি লিখি বহীত লুকাই ৰখাৰ বাদে বিশেষ একো কৰিব পৰা নাছিলোঁ৷ এটা সময়ত মনৰ কথাবোৰ মনৰ ভিতৰতে ৰৈ যোৱাৰ দৰে হৈছিল৷ বিশ্ববিদ্যালয়ত পঢ়াৰ সময়তো লিখি মাথোঁঁ ডায়েৰীৰ পাত শুৱনি কৰাৰ বাদে একোৱে কৰিব পৰা নাছিলোঁ৷ তাৰ কাৰণ বিচাৰিলে মই এটাই উত্তৰ পাওঁ৷ সেয়া মোৰ লাজকুৰীয়া স্বভাৱটোৰ বাহিৰে অন্য একো নহয়৷
দিনবোৰ বাগৰি বিবাহৰ দৰে পৱিত্ৰ বন্ধনত বান্ধ খোৱাৰ পাছত মোৰ স্বামীয়ে ডায়েৰীৰ পাতত এদিন মোৰ কবিতা দেখি কৈছিল, তুমি ইমান সখী নন্দিনী আদি আলোচনী আনি পঢ়ি থাকা, সেইবোৰলৈ দেখোন তোমাৰ লেখাবোৰ পঠিয়াই দিব পাৰা৷ মই পাছত ভাবিলো কথাটো মিছা নহয় আৰু সেইদিনাৰ পৰাই মোৰ লেখাবোৰ বিভিন্ন কাকত আলোচনীলৈ প্ৰেৰণ কৰিবলৈ যত্ন কৰিছিলোঁ৷ ঠিক সেইদৰে মোকো কোনো কাকত আলোচনীয়ে বিমুখ নকৰাকৈ এটা দুটাকৈ প্ৰকাশ কৰি মোৰ ভিতৰৰ মানুহজনীক আত্মবিশ্বাস বঢ়াই তুলিছিল৷ সেইয়াই যেন আৰম্ভণি৷
বিন্দুঃ এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে? অলপ বিস্তাৰিতভাবে কওকচোন?
দেৱীনা পামেগাম পেগু ঃ সঁচা কথা কবলৈ গ’লে সাহিত্যৰ দিশটোত চকুত লগাকৈ মই একোৱে কৰিব পৰা নাই মাত্ৰ আখৰাহে কৰি আছোঁ৷ অৱশ্যে আজিৰ দিনটোলৈকে মোৰ তিনিখন কাব্য সংকলন প্ৰকাশ পাইছে৷ প্ৰথমখন হৈছে “ঘাগৰৰ সিপাৰে মোৰ ঘৰ”, দ্বিতীয়খন “অনুপম জীৱনৰ ছন্দ” আৰু তৃতীয়খন “অবনৰীৰ পাৰৰ মিঠা অনুভব” [যৌথ ভাৱে]৷
কাকত আলোচনীত প্ৰকাশ পোৱাৰ ভিতৰত প্ৰান্তিক, গৰীয়সী, সখী, নন্দিনী, সঁফুৰা [শিশু আলোচনী], দৈনিক অসম, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা, সাপ্তাহিক প্ৰান্তৰ, অসম আদিত্য, আমাৰ অসম, দৈনন্দিন বাৰ্তা, তিনিদিনীয়া অগ্ৰদূত, দৈনিক অগ্ৰদূত আদিবোৰত প্ৰায়ে মোৰ লেখা প্ৰকাশ পাই থাকে৷ উল্লেখযোগ্য যে ৰহস্যত মোৰ এখন ধাৰাবাহিক উপন্যাস চলি আছে৷
বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি? বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে তেওঁলোকে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে?
দেৱীনা পামেগাম পেগু ঃ মোৰ মতে, সাহিত্য কি তাক এটা বাক্যৰে উত্তৰ দিয়াটো খুবেই কঠিন কাম৷ তথাপি অতি চমুকৈ ক’বলৈ গ’লে সাহিত্য হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ৷ এটা জাতিৰ বাবে এখন দাপোন স্বৰূপ য’ত প্ৰতিফলিত হয় এটা জাতিৰ আত্ম পৰিচয়৷ বৰ্তমান প্ৰেক্ষাপটত অসমৰ সাহিত্য -সংস্কৃতিৰ বিষয়ে সন্তুষ্ট অসন্তুষ্ট আদিক লৈ বিচাৰ কৰিব পৰা ধৃষ্টতা মোৰ এতিয়াও হোৱা নাই৷ তথাপি মই এটা ক্ষেত্ৰত সুখী অনুভৱ কৰোঁ কিয়নো বৰ্তমান অসমীয়া সাহিত্যৰ চৰ্চা কৰিবলৈ বহু উদীয়মান লেখক – লেখিকা আগুৱাই আহি সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ প্ৰয়াস কৰি আছে৷ বহুতে এই ক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰিবলৈও সুযোগ পাইছে৷ যাৰ বাবে আজি সাহিত্যনুৰাগীৰ সংখ্যা বাঢ়িছে; যিটো অসমীয়া জাতিটোৰ বাবে গৌৰৱৰ কাৰণ বুলিয়ে মই ভাবোঁ৷
শিক্ষা মানুহৰ জীৱনত অবিৰত এক প্ৰক্ৰিয়া৷ তেনে ক্ষেত্ৰত সাহিত্যৰ অধিক সাধনাই সকলোকে বেছি পৰিপক্ব কৰি তুলিব বুলি মই আশাবাদী৷
বিন্দুঃ সচেতন লেখিকা হিচাপে আপুনি আপোনাৰ লেখাত কোনবোৰ কথাক প্ৰাধান্য দিয়ে?
দেৱীনা পামেগাম পেগু ঃ হয়, মই বিশেষকৈ সমসাময়িক ঘটনাৰাজীৰ ওপৰত গুৰুত্ব দিও৷ মই নাৰীবাদী নহয় যদিও নাৰী বিষয়ক লেখাৰ ওপৰত বেছিকৈ প্ৰাধান্য দিও৷ নিজেও এগৰাকী নাৰী হিচাপে নাৰীয়ে বিভিন্ন দিশত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে সমাজৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰোঁ৷
সোণালী শৈৱৱৰ এটি এটি সুন্দৰ মুহূৰ্ত মোৰ মন গহনত প্ৰায়ে দোলা দি থাকে; সেয়ে পাখি লগা অতীতক ৰো¸মন্থন কৰি লেখাৰ মাজেৰে উভতি যাবলৈ চেষ্টা কৰোঁ, খনন কৰোঁ শৈশৱৰ সোণসেৰীয়া সৌন্দৰ্য, বিলীন হওঁ এটি এটি মধুৰ লগনত৷
বিন্দু ঃ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ অধিক প্ৰশস্ত হৈছে বুলি ভাবেনে? আপোনাৰ দৃষ্টিত সামাজিক মাধ্যমৰ এটা ভাল দিশ আৰু এটা বেয়া দিশৰ বিষয়ে কওকচোন৷
দেৱীনা পামেগাম পেগু ঃ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ নিশ্চিত ভাৱে প্ৰশস্ত হৈছে৷ আগতে যদিও মোৰ দৰে বহু মানুহ আছিল যিয়ে লিখাৰ প্ৰতি অত্যন্ত ইচ্ছা থকাৰ পাছতো প্ৰকাশৰ কোনো উপযুক্ত মাধ্যম নোপোৱাত মনৰ কথা মনতে সামৰি ৰাখিব লগা হৈছিল৷ বৰ্তমান বিভিন্ন মাধ্যমৰ জৰিয়তে অন্ততঃ মনৰ উক- মুকাই থকা কথাবোৰ লেখি প্ৰকাশ কৰাৰ এটা সুবিধা পাইছে৷
মোৰ দৃষ্টিত সমজিক মাধ্যমৰ এটা ভাল দিশ হৈছে একেলগে সাহিত্য চৰ্চা কৰাৰ বাবে বহু সময়ত বিজ্ঞজনৰ পৰা নজনা কথাবোৰ শিকিব পাৰিছে আৰু অসমৰ বিভিন্ন ন পুৰণি লেখক – লেখিকাসকলৰ মাজত এটা সু সম্পৰ্ক গঢ়ি উঠিছে৷ সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই উঠিছে সাম্প্ৰতিক সময়ৰ লেখক -লেখিকাসকল৷
নেতিবাচক দিশ বুলিলে সাধাৰণতে মই বিশেষকৈ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আমি সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চা কৰোঁতে ইজনে – আনজনক উৎসাহ, প্ৰেৰণা যোগাই আহিছোঁ হয় কিন্তু কৰবাত ভুল ভ্ৰান্তি যদি দেখা পাওঁ তাক শুধৰাই দিয়াৰ মানসিকতা আমাৰ বহুতৰ নাথাকে৷ কোনোবাই যদি শুধৰাই দিয়ে সেইজনকে বেয়া পোৱাৰ মানসিকতা এটাও গঢ় লৈ উঠে ফলত শিকিব লগা বহু মূল্যবান কথা ৰৈ যায়৷
বিন্দুঃ অসমীয়া পাঠকে কিতাপ কিনি নপঢ়ে- এয়া এক বহুদিনীয়া অভিযোগ৷ বৰ্তমান সামাজিক মাধ্যমৰ আগমনে কথাটো যেন অধিক প্ৰাসংগিক কৰি তুলিছে৷ আপুনি কি দেখিছে? বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাহিৰা কিতাপ অধ্যয়নৰ স্পৃহা কমিছে নে বাঢ়িছে বুলি ভাবে আপুনি?
দেৱীনা পামেগাম পেগু ঃ হয়, এই কথাষাৰ মই একে আষাৰে সহমত প্ৰকাশ কৰিব নোৱাৰোঁ; কাৰণ মই বৰ্তমান সময়ত জিলা ভিত্তিত আয়োজিত গ্ৰন্থমেলাবোৰত প্ৰায়ে দেখিছোঁ কিতাপৰ বিক্ৰীৰ হাৰ পূৰ্বতকৈ বহু গুণেই বেছি৷ সামাজিক মাধ্যমৰ জৰিয়তে পাঠক সমাজে প্ৰকাশিত ভাল কিতাপৰ তালিকাখন আগতে পায় যায়, সেই বাবে পূৰ্ব পৰিকল্পনা কৰি ক্ৰয় কৰাৰ সুবিধা হয়৷ অসমীয়া মানুহে আজি কালি প্ৰায়বোৰ মানুহৰ ঘৰতে সৰুকৈ হলেও আছুতীয়াকৈ একোণত এটা কিতাপৰ আলমাৰি সু সজ্জিত কৰি সজাই ৰাখিবলৈ প্ৰয়াস কৰিছে৷ সেয়াও নহয় জানো একপ্ৰকাৰৰ সাহিত্যৰ প্ৰতি বা কিতাপৰ প্ৰতি থকা তেওঁলোকৰ দুৰ্বলতা?
অৱশ্যে কিছুমান ছাত্ৰ- ছাত্ৰীৰ মাজত পূৰ্বৰ তুলনাত বাহিৰা কিতাপ পঢ়াৰ স্পৃহা কমি অহা যেন লাগে৷ কাৰণ আজি কালি অধিকাংশ ছাত্ৰ- ছাত্ৰীয়ে মোবাইল ফোন, টেলিভছন আৰু অন্যান্য আনুষংগিক কামত প্ৰায় ব্যস্ত হৈ থাকে৷
বিন্দুঃ “পঢ়ায়, পঢ়ে, ৰোৱে পাণয ই তিনি নিচিন্তে আন”- এগৰাকী অধ্যাপক হিচাপে উক্ত বাক্যষাৰী আপুনি কেনেদৰে গ্ৰহণ কৰি আহিছে?
দেৱীনা পামেগাম পেগু ঃ আমাৰ সমাজত প্ৰচলিত উক্ত ডাকৰ বচন ফাঁকিৰ যথাৰ্থতা নথকা নহয়৷ এক চিত্তে যিজনে অধ্যয়ন কৰে এদিন হলেও সফলতাৰ দুৱাৰ দেখিবলৈ পাব বুলি মোৰ মনে ধৰে৷ কিন্তু নিজৰ ক্ষেত্ৰত মনৰ একাগ্ৰতা মোৰ তেনেই কম৷
বিন্দুঃ শিক্ষকতা এক পৱিত্ৰ বৃত্তি৷ এক কথাত শিক্ষকসকল হৈছে ভৱিষ্যত সমাজৰ নিৰ্মাতা৷ কিন্তু এই ক্ষেত্ৰত সমৰ্পিত ভাবেৰে কাম কৰিবলৈ নি(য় শিক্ষকসকলে পাব লাগিব এক চাপহীন মুকলি পৰিৱেশ৷ শিক্ষক সমাজে পাইছেনে সেই পৰিৱেশ? আপুনি কি ভাবে?
দেৱীনা পামেগাম পেগু ঃ হয়, এই প্ৰশ্নটো আজিৰ দিনত সঁচাকৈ অতি প্ৰাসংগিক আৰু সময়োপযোগী প্ৰশ্ন হৈ পৰিছে সমগ্ৰ শিক্ষক সমাজৰ বাবে৷ মানৱ সম্পদ গঢ়িবৰ বাবে শিক্ষক সমাজৰ নিজৰো থাকে বহু শিকিবলগীয়া আৰু জানিবলগীয়া বিষয়; কিন্তু সময়ৰ অভাৱৰ বাবে কোনোবাখিনিত ইচ্ছা থাকিও পিঞ্জৰাবদ্ধ আজি শিক্ষক সমাজ৷ আজিৰ শিক্ষকসকল দিনক দিনে শ্ৰেণীকোঠাত শিক্ষাদানৰ বাহিৰেও জড়িত থাকিব লগা হৈছে দিনে প্ৰতিদিনে বিভিন্ন আনুষংগিক কামত৷ মই ভাবোঁ শিক্ষকসকলক অলপ চাপমুক্ত কৰি ৰাখিলে গবেষণামূলক কামত ভালকৈ মনোযোগ দি গঠনমূলক শিক্ষাৰে পৰিপুষ্টহৈ দিব পাৰিব এখন সুস্থ সবল সমাজ৷
বিন্দুঃ অসমৰ সমাজ জীৱনত নাৰীৰ মৰ্যাদা সম্পৰ্কে আপোনাৰ অভিজ্ঞতা কেনেকুৱা? আজিৰ আধুনিক নাৰী সুৰক্ষিত নে?
দেৱীনা পামেগাম পেগু ঃ অসমৰ সমাজ জীৱনত নাৰীৰ মৰ্যাদা এতিয়াও মোৰ মতে অৱদমিনিত হৈয়ে আছে৷ যিমান শিক্ষিত হলেও আজিও নাৰীক নাৰী হিচাপেই ব্যবহাৰ কৰি আহিছে৷ কৰ্মস্থানেই হওক নাইবা ৰাজহুৱা স্থান, আধ্যাত্মিক স্থান কিম্বা আপোন ঘৰতে হওক সকলোতে নাৰীক বেছি ভাগেই সম দৃষ্টিৰে চোৱা মই খুউব কমহে পাইছোঁ৷ আজিৰ বিশ্বায়নৰ যুগতো নাৰী সুৰক্ষিত হোৱা নাই৷ আজিও নাৰীয়ে নাৰীত্ব হেৰুৱাৰ আশংকাত, ভয় শঙ্কাৰ মাজত থাকি নিজক মুকলিকৈ উলিয়াই নিব পৰা নাই৷ বহু নাৰীৰ আকাশ চোৱাৰ সপোন আদ বাটতে মলঙি ৰৈছে৷
বিন্দুঃ নাৰীৰ “সমঅধিকাৰ” শব্দটোক আপুনি কেনেদৰে গ্ৰহণ কৰে? সমঅধিকাৰ বিচৰা মানেই নিশ্চিতভাবে কিবা অধিকাৰৰ পৰা বঞ্চিত থকা৷ নাৰী বঞ্চিত নে? যদি হয় তাৰ বাবে কোন জগৰীয়া আপোনাৰ মতে? পুৰুষ?
দেৱীনা পামেগাম পেগু ঃ নাৰীৰ সমধিকাৰ শব্দ মানেই মোৰ মতে এটাই আনটোৰ পৰিপূৰক৷ নাৰী পুৰুষ একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি৷ এটাক বাদ দি আনটো স্বয়ং সম্পূৰ্ণ নহয়৷
নিশ্চিত ভাৱে সম অধিকাৰ বিচৰা মানে কোনোবা খিনিত নাৰীসকল আমাৰ সমাজত বঞ্চিত বা অৱহেলিত, পদ দলিত হৈ আছে যাৰ বাবে সমধিকাৰ বিচৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ তাৰ বাবে মই আমাৰ পুৰুষতান্ত্ৰিকতা সমাজ ব্যবস্থাটোকে আঙুলিয়াব বিচাৰোঁ৷ আমাৰ গ্ৰাম্য অঞ্চলত পুৰুষতান্ত্ৰিকতাক দোহাই দি নাৰীৰ ওপৰত জাপি দিয়ে ৰীতি পৰম্পৰাৰ দৰে কিছুমান শাৰীৰিক আৰু মানসিক আতিশায্য৷ তাৰ বাবে অকল কোনোবা পুৰুষ বা নাৰী অকলৰীয়াকৈ জগৰীয়া নহয়, জগৰীয়া আমাৰ সমাজ ব্যবস্থা৷
বিন্দুঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব?
দেৱীনা পামেগাম পেগু ঃ যিজনে কেতিয়াও নাৰী – পুৰুষৰ লিংগ বিভাজন, শ্ৰম বিভাজনৰ কথা মনলৈ নানি এগৰাকী ভাৰতীয় নাগৰিকৰ দৃষ্টিৰে সকলোকে আপোন কৰিব পাৰে তেওঁৱেই আচল অৰ্থত এজন পুৰুষ৷ লাউ যিমানেই ডাঙৰ নহওক সদায় পাতৰ তলত, এই মানসিকতা থকা লোকৰ প্ৰতি যিমানেই শিক্ষিত নহওক, কিয় জানো মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা নাজাগে৷
বিন্দুঃ একাংশ লোকে ক’ব বিচাৰে যে ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়ে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীতা আনি দিছে৷ আপুনি কি ভাবে? বৃদ্ধাৱস্থাটোক সৰ্বতোপ্ৰকাৰে সুখী কৰিব পৰাকৈ পৰিৱেশ ৰচনা কৰি বৃদ্ধাশ্ৰমবোৰ যদি পৰিকল্পিতভাবে গঢ়ি তুলিব পৰা যায় আৰু পৰিয়ালৰ লোকসকল প্ৰতিদিনে এবাৰ হলেও তেওঁলোকক সংগ দিবলৈ বাধ্য থাকে তেন্তে আপুনি বিষয়টো কেনেদৰে গ্ৰহণ কৰিব?
দেৱীনা পামেগাম পেগু ঃ হয়, বহুতৰ ক্ষেত্ৰত বৰ্তমানৰ কৰ্মসংস্কৃতিৰ লগত নিজক ৰজিতা খুৱাই আগুৱাই যাব লগাত সময়ৰ অভাৱৰ বাবে আজি অনিশ্চা স্বত্বেও বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা যেন আহি পৰিছে৷
যদি সৰ্বতোপ্ৰকাৰে সুখী কৰিব পৰাকৈ পৰিকল্পিতভাৱে গঢ়ি তুলিব পৰা যায় আৰু পৰিয়ালৰ লোকসকলে প্ৰতিদিনে এবাৰ হলেও তেওঁলোকক আহি সুখ দুখৰ বাতৰি লয়, দুয়ো পক্ষৰ মাজত বুজাবুজি থাকে তেতিয়া হয়তো এবাৰ ভাবিব পাৰি, সৰ্ব সন্মতি ক্ৰমে, সন্তানৰ ব্যস্ত জীবনৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব পাৰি৷ কিন্তু অত্যন্ত অসুবিধা যদি নহয় এৰা ধৰাৰ মাধ্যমেৰে দৈনন্দিন জীবন প্ৰক্ৰিয়া চলাই নিব যদি পাৰি বৃদ্ধাশ্ৰমৰ কথা মনলৈ আনিব নালাগে বুলি ভাবোঁ৷
বিন্দুঃ ল’ৰা সন্তানৰ সমানে কন্যা সন্তানকো ভাৰতীয় আইনে পৈতৃক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিবাহিতা কন্যা সন্তানে পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বৰ পৰা আঁতৰি থাকে৷ কি ক’ব আপুনি?
দেৱীনা পামেগাম পেগু ঃ পুত্ৰ সন্তানৰ সমানে কন্যা সন্তানকো যদিও আমাৰ ভাৰতীয় আইনে পৈতৃক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছে তথাপিও আজিও কন্যা সন্তানে সেই পৈতৃক সম্পত্তিৰ ভাগ লোৱা আমাৰ সমাজত আঙুলিৰ মূৰত লিখিব পৰাকৈ ওলাব৷ ছোৱালীয়ে পিতৃ মাতৃৰ দায়িত্বৰ পৰা আচলতে আঁতৰি থাকিম বুলি নাথাকে, কিন্তু এগৰাকী ছোৱালী এখন ঘৰৰ পৰা আন এখন ঘৰলৈ ওলাই যোৱাৰ পাছত স্বামীৰ ঘৰৰ দায়িত্ব স্বয়ংক্ৰিয় ভাৱে মূৰ পাতি ল’ব লগা হয়; ফলত কেতিয়াবা মনত অদম্য ইচ্ছা থাকিও মাক দেউতাকৰ প্ৰতি কৰণীয়খিনি কৰাত থমকি ৰ’ৱ লগা হয়৷ আমি সকলোৱে মানি লোৱা উচিত যে সন্তান সদায় সন্তানেই, পুত্ৰই হওক বা কন্যা দুয়োটাৰে সমানে মাক দেউতাকৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য থাকিব লাগে৷
বিন্দুঃ গতিশীল সময়ৰ হাত ধৰি বহু নতুন চিন্তা, নতুন ধাৰণাৰ আমদানী হয়৷ সময়ৰ গতিৰ সৈতে ছন্দ মিলাব নোৱাৰাজনকে পুৰণি বুলি কোৱা হয়৷ সেই সময়ৰ হাত ধৰিয়েই আমাৰ সমাজলৈও সোমাই আহিব ধৰিছে লিভ ইন টুগেদাৰ ব্যৱস্থা৷ আপুনি কেনেদৰে চাইছে বিষয়টো?
দেৱীনা পামেগাম পেগু ঃ সেইটো আচলতে নিজৰ নিজৰ ব্যক্তিগত দৃষ্টিভঙ্গী৷ গতিশীল সময়ৰ লগত আমি বিলীন হ’ব লাগে হয় তথাপি যিবোৰ দিশ বা সংস্কৃতি আমি আঁকোৱালি নললেও হয় তেনেকুৱা কিছুমান দিশ আওকাণ কৰাই শ্ৰেষ্ঠ বুলি মই ভাবোঁ৷ আধুনিকতাৰ ঢৌত উটি আমি সকলো ৰীতি পৰম্পৰাক বিসৰ্জন দি প্ৰত্যেকটো ধাৰাকে নিজৰ জীৱনত সাঙুৰি ল’ব লাগে বুলি মোৰ মনে নধৰে৷
বিন্দু ঃ শেহতীয়াভাৱে বাল্য বিবাহ, বহু বিবাহ, তালাক ব্যৱস্থা আদি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিবোৰ সংস্কাৰকামী ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে সিবোৰৰ প্ৰতি আপোনাৰ অভিমত কি?
দেৱীনা পামেগাম পেগু ঃ বাল্যবিবাহ, বহু বিবাহ, তালাক আদিৰ দৰে সামাজিক ব্যাধিবোৰৰ ময়ো পৰিপন্থী৷ চৰকাৰৰ এই পদক্ষেপক মই সন্মান জনাও৷ সময়, স্থান, কাল পাত্ৰ চাই যিকোনো কাম কৰিলে বিঘিনিৰ সম্ভাৱনা কম দেখা যায়৷
বিন্দুঃ শাহু আৰু বোৱাৰীৰ মাজৰ সংঘাত বা দ্বন্দ্ব্ব আমাৰ সমাজত চিৰাচৰিতভাবে চলি আহিছে৷ এগৰাকী বোৱাৰী হিচাপে আপোনাৰ ব্যক্তিগত অভিজ্ঞতা?
দেৱীনা পামেগাম পেগু ঃ এগৰাকী শাহুৱে যদি বোৱাৰীগৰাকীক নিজৰ কন্যাসম মান্য কৰিব পাৰে, ঠিক তেনেকৈ বোৱাৰী গৰাকীয়েও নিজৰ শাহুমাক মাতৃসম দৃষ্টিৰে আঁকোৱালি লয় তেতিয়া সদায় শাহু-বোৱাৰীৰ সম্পৰ্কডাল সোণালী সূতাৰে বান্ধ খাই পৰিব৷
যদিও মই এগৰাকী বোৱাৰী হিচাপে এখন ঘৰৰ পৰা আন এখনলৈ আহিছিলোঁ মই মোৰ শাহুগৰাকীক সাদৰী, সহজ, সৰল মাতৃৰ দৰে পাইছিলো৷ মোৰ শাহুমাৰ আছিল গ্ৰাম্য জীৱনৰ কৃত্ৰিমতাই বাহ সাজিব নোৱাৰা এখন নিকা বহল হৃদয়৷ য’ত আমি চাৰিগৰাকী বোৱাৰীয়ে ইচ্ছানুসৰি সাজি লৈছিলোঁ নিজাববীয়াকৈ একোটাকৈ কোঠা তেওঁৰ বহল বুকুত৷
বিন্দুঃ আমাৰ সমাজত গাৰ্হস্থ্য হিংসা বা বোৱাৰী নিৰ্যাতনৰ যিসমূহ ঘটনা সংঘটিত হয় তাত স্বামীৰ পৰিয়ালৰ অন্যান্য নাৰীও জড়িত থকা সততে পৰিলক্ষিত হয়৷ ইয়ে নাৰীয়ে যে নাৰীৰ শত্ৰু সেইটোকে প্ৰতিপন্ন নকৰেনে? আপুনি কি ভাবে?
দেৱীনা পামেগাম পেগু ঃ হয় কিছু ক্ষেত্ৰত নোহোৱা নহয়, এগৰাকী নাৰীয়ে নাৰীৰ বিপৰীতে থিয় দি নিজৰ নাৰী জাতিৰ ওপৰতে প্ৰতিদ্বন্দ্ব্বিৰ ৰূপত দেখা দিয়ে৷ সমাজখন আগুৱাই যাবলৈ হ’লে আমি এগৰাকী নাৰী হিচাপে মনৰ পৰা হিংসা, বিদ্বেষ সকলো পৰাপক্ষত এৰাই চলিব পৰিলেহে আমাৰ ভবিষ্যত মসৃণ হ’ব৷
বিন্দুঃ নাৰী নিৰ্যাতনৰ সমান্তৰালভাবে পুৰুষ নিৰ্যাতনৰ প্ৰসংগয়ো বৰ্তমান সময়ত চৰ্চা লাভ কৰিছে৷ দুবছৰমান আগত দিল্লীৰ জন্তৰ মন্তৰত নিৰ্যাতিত পুৰুষ কিছুমানে ধৰ্ণা প্ৰদৰ্শনো কৰা দেখা গৈছিল৷ আইনে প্ৰদান কৰা বিশেষাধিকাৰসমূহ উদ্দেশ্যমূলকভাবে ব্যৱহাৰ কৰি এচাম নাৰীয়ে পুৰুষ নিৰ্যাতন চলাই আহিছে বুলি ভিন্ন সময়ত অভিযোগ উত্থাপিত হ’বলৈ লৈছে৷ এই অভিযোগ যদি সঁচা হয় তেন্তে ইয়ে নাৰীকেই ক্ষতিগ্ৰস্থ নকৰিব নে? আপুনি কি ভাবে?
দেৱীনা পামেগাম পেগু ঃ নি(য় ক্ষতি কৰিব৷ অসমীয়াত এষাৰি কথা আছে অতি বেছি হতশ্ৰী, অধিক মাত্ৰা সকলোৱে গ্ৰহণযোগ্য নহয়৷ অমৃতখিনিও বেছিকৈ গ্ৰহণ কৰিলে গৰললৈ পৰিবৰ্তন হয়৷
বিন্দুঃ ধনৰ বাবেই হওক অথবা যৌনক্ষুধা পুৰণৰ বাবেই হওক, প্ৰাপ্তবয়স্ক নাৰীক ভাৰতৰ আইনী ব্যৱস্থাই সম্পূৰ্ণ যৌন স্বাধীনতা প্ৰদান কৰিছে৷ এই ক্ষেত্ৰত আপোনাৰ অভিমত?
দেৱীনা পামেগাম পেগু ঃ স্বাধীনতা প্ৰদান কৰিলে বুলিয়েই, নিজৰ অস্তিত্ব পাহৰি যাব নালাগে৷ নিজৰ ব্যক্তিগত স্বাধীনতা উপভোগ কৰিবলৈ গৈ আনৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব নালাগে৷
বিন্দুঃ ৰাজনীতি এতিয়া সমাজৰ সৰ্বস্তৰলৈ বিয়পিছে৷ ইয়াক আপুনি শুভলক্ষণ বুলিব নে অন্য প্ৰকাৰে ব্যাখ্যা আগবঢ়াব? শিক্ষকসকল ৰাজনীতিৰ সৈতে জড়িত হোৱা কাৰ্যক আপুনি সমৰ্থন কৰেনে?
দেৱীনা পামেগাম পেগু ঃ ভাৰত এখন গণতান্ত্ৰিক দেশ হিচাপে নিশ্চিত ভাৱো সেয়া এক শুভ লক্ষণ৷ আমাৰ দেশত তৃণমূল পৰ্যায়ৰ পৰা ৰাজনীতিৰ আৰম্ভ গতিকে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণে ৰাজনৈতিক, সামাজিক আৰু আৰ্থনৈতিক দিশত সকলো পৰ্যায়ৰ জনসাধাৰণক সজাগ সচেতন কৰি তোলাত সহায়ক হ’ব৷
শিক্ষকসকলে জাতিগঠনৰ ক্ষেত্ৰত, মানব সম্পদ গঢ়াৰ ক্ষেত্ৰত যিহেতু ওতপ্ৰোতঃ ভাবে জড়িত থাকে তেনে ক্ষেত্ৰত শিক্ষক সমাজে সৰ্বসাধাৰণ জনসাধাৰণৰ অভাৱ অভিযোগ সকলো নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰে৷ সেই বাবে বৃহত্তৰ সমাজৰ স্বাৰ্থত শিক্ষকসকল ৰাজনীতিৰ সৈতে জড়িত থকাত আপত্তি থাকিব লাগে বুলি মই নাভাবো৷
বিন্দুঃ মূল্যবোধৰ ৰাজনীতি বুলিলে আপুনি কি বুজে? বৰ্তমান সময়ৰ ৰাজনীতিক আপুনি কোনটো স্তৰত ৰাখিব বিচাৰিব?
দেৱীনা পামেগাম পেগু ঃ মূল্যবোধৰ ৰাজনীতি বুলিলে সাধাৰণতে ৰাজনীতিত কি প্ৰয়োজনীয়তা বা গুৰূপূৰ্ণ সেই সম্পৰ্কে থকা মৌলিক বিশ্বাস৷ য’ত থাকে স্বাধীনতা, সমতা, ন্যায় আৰু নিৰাপত্তা আৰু যিয়ে নিৰ্দিষ্ট নীতি আৰু চৰকাৰী কাৰ্যৰ প্ৰতি এটা ইতিবাচক মনোভাৱ গঢ় দিয়ে৷
বৰ্তমান ৰাজনীতিত সৰ্ব সাধাৰণ জনতাৰ স্বাধীনতা ৰঙা ফিতাৰ মেৰ পাকত৷
বিন্দুঃ ধৰি লোৱা হ’ল আপোনাক এদিনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠীত কৰা হ’ল৷ প্ৰথম কামটো আপোনাৰ কি হ’ব?
দেৱীনা পামেগাম পেগু ঃ মই প্ৰথমতে ধৰ্ষণকাৰি আৰু পৰীক্ষাৰ সময়ত প্ৰশ্নকাকত ফাদিল কৰি কোমল হৃদয়ৰ শিক্ষাৰ্থীৰ আত্মবিশ্বাস হেৰুৱাই দিয়া অভিযুক্তসকলক ফাঁচীৰ কাঠত তুলি দিলোঁহেঁতেন৷
বিন্দুঃ জীৱনৰ এনে এক আকাংক্ষাৰ কথা কওক যাক আপুনি আহৰণ কৰিব নোৱাৰিলে, যিটোৰ বাবে হয়তো গোপন মনে এতিয়াও মাজে মাজে ব্যাকুলতা অনুভৱ কৰে৷
দেৱীনা পামেগাম পেগু ঃ জীৱনত মই বহু চেষ্টা কৰিও অংক বিষয়টো ভালকৈ মনৰ হেঁপাহেৰে আয়ত্ত কৰিব নোৱাৰিলোঁ৷ আজিও কিয় জানো নিজৰ সন্তানক পঢ়াই থাকোঁতে এক বিফলতাৰ অন্তদ্বৰ্ন্দ্বত ভুগি থাকোঁ৷ নিমিলা অংকৰ উত্তৰ বিচাৰি কোনোবাখিনিত হাবাথুৰি খাও৷
বিন্দুঃ আপোনাক যদি এই মুহূৰ্তত ঈশ্বৰে তিনিটা বৰ দিব বিচাৰে তেন্তে আপুনি কি কি বিচাৰিব?
দেৱীনা পামেগাম পেগু ঃ প্ৰথমে মই মোৰ শৈশৱকাললৈ ঘূৰি যাব বিচাৰিম৷ দ্বিতীয়তে, মোৰ জীৱনত নিজৰ ভুলৰ বাবে ৰৈ যোৱা কামসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম, তৃতীয়তে মোৰ প্ৰয়াত দেউতাৰ কন্যাৰূপে পুনৰ জনম লৈ তেওঁৰ মনত মোৰ প্ৰতি পঁুহি ৰখা আধৰুৱা আশাবোৰ পূৰণ কৰিবলৈ যিমান পাৰোঁ সিমান কষ্ট কৰিলোঁহেঁতেন৷
বিন্দুঃ ধৰি লওক এটা জনপ্ৰাণীহীন দ্বীপত আপোনাক নিৰ্বাসন দিয়া হ’ল৷ লগত কি বিচাৰিব আপুনি?
দেৱীনা পামেগাম পেগু ঃ এটা কলম আৰু এখন বহী, য’ত মই লিখি ৰাখিব পাৰিম নিৰ্জনতাৰ সুযোগত উৰ্বৰা হোৱা মোৰ স্পন্দিত হৃদয়ৰ এটি দুটি কবিতা কবিতা লগা বহু সপোনৰ আছুতীয়া কথা৷
বিন্দুঃ আগন্তুক দহটা বছৰৰ পিছত আপুনি নিজক কেনে অৱস্থাত পাব বিচাৰে?
দেৱীনা পামেগাম পেগু ঃ মই চেষ্টা কৰি আছোঁ, আখৰা কৰি আছোঁ…সময় আহিলে যদি নিৰাকাৰজনে কুশলে ৰাখে এদিন পূৰণ হ’লে ৰাজহুৱাকৈ জনাম … এতিয়া থাকক দিয়ক সুপ্ত হৃদয়ত গুপুতে অতি আলফুলে…৷
বিন্দুঃ প্ৰিয় ফুল?
দেৱীনা পামেগাম পেগু ঃশেৱালি
বিন্দুঃ প্ৰিয় মানুহ?
দেৱীনা পামেগাম পেগু ঃ যিজনে মোক নিস্বাৰ্থ ভাৱে আপোন ভাবেৰে ভুলবোৰ আঙুলিয়াই দিয়ে৷
বিন্দুঃ প্ৰিয় ৰাজনৈতিক নেতা?
দেৱীনা পামেগাম পেগু ঃ যি জনে লংকালৈ গৈয়ো ৰাৱণ হ’ব বিচৰা নাই, যি ব্যক্তিগত স্বাৰ্থতকৈ সৰ্ব সাধাৰণ জনতাৰ বাবে মাত মাতে, নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি যিয়ে পূৰাবলৈ অহৰহ চেষ্টা কৰে, দুৰ্যোগৰ সময়ত যি নিজৰ সমষ্টিত সদায় ছাঁটোৰ দৰে থিয় দি সাহস দিয়ে, মুঠৰ ওপৰত ৰাইজৰ সুখ – দুখত যিজনে একাকাৰ হ’ব পাৰে, সেইবোৰ গুণ যাৰ আছে সেইজনেই মোৰ বাবে প্ৰিয় ৰাজনৈতিক নেতা৷
বিন্দুঃ প্ৰিয় ৰং?
দেৱীনা পামেগাম পেগু ঃ নীলা৷
বিন্দুঃ প্ৰিয় ঠাই?
দেৱীনা পামেগাম পেগু ঃ মোৰ নিজৰ থকা ঠাইখন অৰ্থাৎ ধেমাজি য’ত সহজ সৰল নিজৰ চিনাকি মানুহবোৰে ওলাই যোৱাৰ লগে লগেই এমোকোৰা অকৃত্ৰিম হাঁহিৰে স’তে এষাৰ মৰমভৰা মাত শুনিবলৈ পাওঁ৷
বিন্দুঃ প্ৰিয় কিতাপ?
দেৱীনা পামেগাম পেগু ঃ বহুত আছে যদিও কাঞ্চন বৰুৱাৰ “অসীমত যাৰ হেৰাল সীমা” আৰু হোমেন বৰগোহাঞি ছাৰৰ “আত্মানুসন্ধান” মোৰ সদায় প্ৰিয়৷
বিন্দুঃ ভাল লগা গান?
দেৱীনা পামেগাম পেগু ঃ নব্বৈ দশকৰ প্ৰায়বোৰ অসমীয়া গীত মোৰ ভাল লাগে৷
বিন্দুঃ প্ৰিয় সাহিত্যিক?
দেৱীনা পামেগাম পেগু ঃ হোমেন বৰগোহাঞি ছাৰ
বিন্দুঃ প্ৰিয় ব্যঞ্জন?
দেৱীনা পামেগাম পেগু ঃ মাটি মাহৰ সতে গাহৰি মাংস
বিন্দুঃ প্ৰিয় সময়?
দেৱীনা পামেগাম পেগু ঃ সন্ধিয়া যেতিয়া আকাশত ঘৰমুৱা পক্ষী উৰে৷
বিন্দুঃ আজৰি সময়ৰ কাম?
দেৱীনা পামেগাম পেগু ঃ আজৰি সময়ত ঘৰুৱা বিশৃঙ্খল কামবোৰ শৃখলাবদ্ধ কৰাৰ, লগতে উকা কাগজত নীলা মুকুতাৰে কবিতাৰ আখৰা কৰোঁ৷
বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো৷ আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওক তাৰে কামনা কৰিছো৷
সাক্ষাৎগ্ৰহণকাৰীঃ ৰাতুল দাস শৰণীয়া
সম্পাদক, বিন্দু