*কথা কবিতা– আধৰুৱা দস্তাবেজ*

*কথা কবিতা– আধৰুৱা দস্তাবেজ*
  1. অনামিকা বৰা

সময়বোৰ পাৰ হৈ গৈ আছে । এই যান্ত্ৰিকতাৰ মাজতো উনুকিয়াও অতীতৰ কিছু স্মৃতিৰ মধুৰ পৃষ্ঠাশিলা । য’ত নাছিল কোনো তিক্ততা, নাছিল কোনো ব্যৰ্থতা, নাছিল কোনো নীৰৱ হুমুনিয়াহ, নাছিল কোনো ভগ্ন হৃদয়ৰ বিচ্ছেদগাঁথা । তোমাৰ বাৰু মনত আছেনে বসন্তৰ প্ৰথম জাক কিনকিনিয়া বৰষুণত আমি যে চাইকেলৰ পৰা পিছলি পৰিছিলো ? তেতিয়াই হয়তো আমাৰ হাঁহিৰ লাজুকীয়া দৃষ্টিত নীৰৱ মনৰ মাজত সংগোপনে পোখা মেলিছিল কিছু মিঠা অনুভৱৰ । সময়ৰ লগে লগে মাজে মাজে হোটেল- ৰেস্তোঁৰাত গৰম চাহ আৰু গৰম পৰঠাৰ জুতিত আৰম্ভ হৈছিল আমাৰ খোৱাৰ আড্ডাবোৰ । কিন্তু সেই মনমুগ্ধ দিনবোৰ এতিয়া অতীতৰ বুকুত বিলীন হৈ গ’ল, যান্ত্ৰিকতাৰ পৃথিৱীখনত তুমি হেৰাই যোৱা আজি বহু দিনেই হ’ল । পিছে বুকুৰ একোনত বিষ এটা এতিয়াও অনুভৱ হয় । এখন ছবি, অজস্ৰ ছবি এতিয়াও কঢ়িয়াই লৈয়ে ফুৰিছো, যাক পাহৰিব পৰই নাই; কিয়নো তুমি যে মোৰ আজন্ম প্ৰেমিক । সময়বোৰ কেতিয়াবা বৰকৈ মনত পৰে, অকলে হাঁহো, অকলে কান্দো, মৌন হৈ ৰৈ যাওঁ । কেতিয়াবা ভাবো, অপেক্ষাও কৰো আকৌ উভতিবা বুলি তুমি মোৰ নিৰ্ভেজাল হৃধয়ৰ খালী কোঠালিত ।….

আৱেগৰ পৃষ্ঠাবোৰ মাজে মাজে আকৌ লুটিয়াই চাওঁ
কিজানিবা আহিনৰ সেই শেৱালিজোপাৰ সুবাস এতিয়াও বিছাৰিয়ে পাওঁ,
ক’তা এতিয়াতো সেই আহিন বাগৰি গ’ল, ফাগুনৰ পছোৱা জাকে শেৱালিৰ সুবাসবোৰো উৰুৱাই লৈ গ’ল, নোকোৱা সাধুৰ শেষ পাঠ সুৱৰি যে তেওঁ ফাগুনৰ মাজত কাহানিবাই বিলীন হৈ গ’ল।….

 

প্ৰাক্তন ছাত্ৰী
পূৱ কামৰূপ মহাবিদ্যালয়,
ভূগোল বিজ্ঞান বিভাগ
বাইহাটা চাৰিআলি।
দূৰভাষ নং ৮১৩৫৮০০৬২

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *