বিন্ডদু যুগপ্ৰভা বঁটা প্ৰাপক ড০ স্নেহলতা অধিকাৰী চহৰীয়াৰ আত্মলেখা

বিন্ডদু যুগপ্ৰভা বঁটা প্ৰাপক ড০ স্নেহলতা অধিকাৰী চহৰীয়াৰ আত্মলেখা

*অনুপম এই জীৱন*

 

প্ৰাপ্তি-অপ্ৰাপ্তি, সুখ-দুখৰ ধাৰণা আপেক্ষিক; ই নিৰ্ভৰ কৰে জীৱনবোধৰ ওপৰত। যোগাত্মক দৃষ্টিভংগীৰ লোকসকল সকলো ক্ষেত্ৰতে সন্তুষ্ট হয় যদিও এচাম মানুহৰ বাবে ই হৈছে আকাশ কুসুম, পৰ্বত সমান প্ৰাপ্তিৰ পিছতো তেওঁলোক সদা অসন্তুষ্ট হৈ ৰয় । পোৱা নোপোৱাৰ হিচাপ কৰোতে আনৰ সফলতাই আহি যদি প্ৰভাবিত কৰে তেন্তে তেতিয়াই নিজৰ বিফলতাবোৰে আহি ধৰা দিয়ে । চৰাইবোৰ আকাশত উৰে, মানুহে নোৱাৰে । উৰিব নোৱাৰাৰ দুখত হয়তো মানুহ কোনোদিন শোকত ভাগি পৰা নাই । বৰঞ্চ সেই অপাৰগতাক প্ৰত্যাহ্বান হিচাপে গ্ৰহন কৰি মানুহে সময়ত চৰাইতকৈয়ো বেগত উৰিব পৰা হ’ল, চৰাইতকৈয়ো ওপৰত গা ঘেলাব পৰা হ’ল ।

মোৰো আছে অপ্ৰাপ্তিৰ বেদনা । পাই হেৰুওৱাৰ বেদনা । কিন্তু সেই বেদনাৰ বাৰিধিত মই কোনো দিন নিজক সমৰ্পন কৰা নাই । সাঁতুৰিছো, পাৰ পাম নে নাপাম, পাৰত মোৰ বাবে কিহে অপেক্ষা কৰি আছে সেয়া মই কাহানিও ভবা নাই ।

মোৰ জন্মঃ
পৃথিৱীৰ আন শিশুবোৰৰ দৰেই ময়ো এদিন মাতৃ গৰ্ভৰ অন্ধকাৰ ফালি ভূমিস্থ হৈছিলো এই পৃথিৱীত । সেই দিনটো আছিল ১৯৭৬ চনৰ ১৬ জুন তাৰিখে। দেউতাৰ নাম আক্ষয় কুমাৰ আধিকাৰী আৰু মাতৃৰ নাম আছিল হিৰণ বালা অধিকাৰী । দেউতা আছিল আৰক্ষী বিভাগৰ চাকৰিয়াল ।মা সহজ সৰল সাধাৰণ গৃহিনী । ঘৰখনৰ বাবে, পৰিয়ালটোৰ বাবে বিশেষকৈ দেউতাৰ বাবে সেই দিনটো আছিল আনন্দ উল্লাসৰ দিন । এক অনামি আবেগৰ উষ্ণ আঙুলিৰে চুই গৈছিল যেন সকলোৰে হৃদয়ৰ অন্তঃস্থল । কিয়নো পাঁচটাকৈ ল’ৰা সন্তানৰ পিছত মই ছোৱালী সন্তান হৈ পদাৰ্পন কৰিছিলো ঘৰখনত । অৱশ্যে ইয়াৰ মাজতে বাইদেউ এজনী আছিল যদিও নুমলীয়াকৈ মোৰ আগমনে সকলোৰে চকুত আনি দিছিল যেন পৰিতৃপ্তিৰ লোতক । মৰমতে সকলোৱে নাম দিছিল নুমলী । হয়, মই নুমলীজনী হৈ একলা দুকলা বাঢ়ি আহিছিলো মাৰ চেনেহী কোলাত, দেউতাৰ বহল বুকুৰ আশ্ৰয়ত, দাদাহঁতৰ মৰমসনা অনুশাশন-আবদাৰত ।

মোৰ জন্মগাওখনৰ নাম আছিল তেতিয়া অবিভক্ত গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰঙাপানী নামৰ গাঁও এখনত । ই আছিল এটা মূলতঃ চৰ অঞ্চল । এতিয়া ই বঙাইগাঁও জিলাৰ অভয়াপুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত । অসমৰ আন দহখন গাঁওৰ দৰেই ৰঙাপানীতো ওখ ওখ তামোল নাৰিকলৰ পাতৰ ফাঁকেৰে সূৰ্যোদয় হৈছিল । গছ লতিকাৰ সেউজীয়া পাতে ৰিব্ ৰিব্ মলয়া বোৱাইছিল । আন হেজাৰটা শিশুৰ দৰে ময়ো নাচি ভাগি দেওদি ফুৰিছিলো চুবুৰীৰ আলি পদুলিয়ে, পথাৰে সমাৰে । ..
যদিও কৈছো আন দহখন অসমীয়া গাঁওৰ সৈতে আমাৰ গাঁখন একে আছিল বুলি তথাপি এটা ক্ষেত্ৰত ই ব্যতিক্ৰমো আছিল । চাৰিওফালে বেছিভাগ ইছলামধৰ্মী লোকৰ পৰিয়ালৰ মাজত আমাৰ হিন্দু ধৰ্মাৱলম্বী পৰিয়ালৰ সংখ্যা আছিল মাথো আশীটা । ততাপি কোনো ধৰ্মীয় অসহিষ্ণুতাৰ পৰিৱেশ নাছিল । বৰঞ্চ পৰস্পৰৰ ধৰ্মীয় উৎসৱ পাৰ্বনত পৰস্পৰে সহায়ক হৈ ঠিয় দিছিল । প্ৰতি বছৰে উদযাপিত হোৱা নাৰায়ণ দাস ঠাকুৰ আতাৰ অনুষ্টানত ইছলামধৰ্মী লোকসকলেও নেতৃত্ব লৈছিল । এই অনুষ্ঠানতে মঞ্চত গান গোৱাৰ প্ৰথম অভিজ্ঞতা হৈছিল মোৰ । এনে সম্প্ৰীতিৰ বাতাবৰণ আজিৰ প্ৰেক্ষাপটত চাবলৈ গ’লে যেন এক বিৰল ঘটনা হৈ পৰিছে ।

শিক্ষা জীৱনঃ
মোৰ আনুষ্ঠানিক শিক্ষা জীৱন আৰম্ভ হৈছিল গাঁওখনতে থকা ৰঙাপানী প্ৰাথমিক । বিদ্যালয়ত । ইয়াতো দুয়োটা ধৰ্মৰ ছাত্ৰ ছাত্ৰীৰ সমাহাৰ ঘটিছিল । হাইস্কুল আৰু এম ই স্কুল আছিল ৰঙাপানী পৰমেশ্বৰ মেম’ৰিয়েল স্কুল । এই স্কুলৰ পৰাই মই ১৯৯২ চনত হাইস্কুল শিক্ষান্ত পৰিক্ষাত উত্তিৰ্ণ হও । ইয়াৰ পিছতে মোৰ বিয়া হৈ যায়; যাৰ ফলত পঢ়া জীৱনত কিছু হ’লেও যতি পৰিব লাগিছিল যদিও মোৰ স্বামীয়ে সেইটো হ’ব নিদিলে । মোৰ ইচ্ছা বুলিয়ে কেবল নহয়শিক্ষাৰ প্ৰতি তীব্ৰ যোগাত্মক দৃষ্টিভংগীৰ গৰাকী আছিল তেওঁ যাৰ বাবে বিয়াৰ পিছতে তেওঁ মোক স্থানীয় ছিপাঝাৰ কলেজত নাম ভৰ্তি কৰাই দিলে আৰু পঢ়া কাম কন্টিনিউ কৰি যাবলৈ উৎসাহ যোগালে । এনেকৈয়ে মই হায়াৰ চেকেণ্ডাৰী সম্পূৰ্ণ কৰো । তাৰপিছত নিত্যান্তই ইচ্ছা থকা কাৰণেও মই পঢ়া বন্ধ কৰিব লগা হয়; কিয়নো ইতিমধ্যে আমাৰ জীৱনলৈ ডাঙৰটো সন্তান আহে । তাৰ পিছত দ্বিতীয়টো সন্তান । দৈনন্দিন জীৱনৰ সাংসাৰিক ঝামেলাও বাঢ়ি আহিছিল । কিন্তু পঢ়াৰ অদম্য হেঁপাহ থকা বাবেই হয়তো সুদীৰ্ঘ বিৰতিৰ অন্তত মই মোৰ ডাঙৰটো ল’ৰাৰ সৈতে একেলগে পৰীক্ষাত অৱতীৰ্ণ হৈ স্নাতক ডিগ্ৰী লাভ কৰো । ইয়াৰ পিছত “বাংগালোৰ ভাৰত ভৰ্চুৱেল ইউনিভাৰ্চিতিয়ে গোৱালপৰীয়া লোকগীত আৰু সামগ্ৰীকভাবে অসমৰ লোকসংস্কৃতিৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে । সেই দিনটো মোৰ বাবে সদায় অবিস্মৰণীয় হৈ ৰ’ব ।

বৈবাহিক জীৱন
মোৰ কন্যাকাল প্ৰাপ্তি হৈছিল সপ্তম শ্ৰেণীত থাকোতে । সেয়া হৈছিল মোৰ বাইদেউৰ ঘৰত ফুৰিবলৈ যাওঁতে । তেনেকুৱা অৱস্থাত ঘৰলৈ ঘূৰি অহাতো সম্ভৱপৰ নাছিল । সেয়ে বাইদেউৰ ঘৰতে নিয়ম-নীতিৰে তোলনি বিয়া পতা হৈছিল । সেই সময়ত বাইদেউৰ ঘৰৰ ওচৰতে কেইজনমান ৰাজহ বিভাগত চাকৰি কৰা ডেকাই ঘৰ ভাৰা লৈ আছিল । তাৰে এজন আছিল মোৰ সৰুদাৰ খুব ভাল বন্ধু । তেওঁ এবাৰ কথাৰ পাকতে দেউতাক কলে – ‘নুমলীক আমাৰ মংগলদৈৰ বোৱাৰী কৰি নিম । আনফালে নিদিব ।’
ডেকাজন আছিল মংগলদৈৰ সুদৰ্শন পুৰুষ .নৰেশ্বৰ চহৰীয়া ।
সেয়া ঢেমালি আছিল নে কি জনাৰ উপাই নাছিল । কিন্তু মই মেট্ৰিক পৰীক্ষা দিয়াৰ আগে আগে তেওঁ এদিন দেউতাৰ আগত প্ৰত্যক্ষভাবে মোক পাত্ৰী হিচাপে বিচাৰি প্ৰস্থাৱ দিলেহি । পাত্ৰ তেওঁ নিজে ।
তেতিয়া মোৰ বয়স আছিল ১৪/১৫ বছৰ মাথো । দেউতাই নিজৰ আলাসৰ নুমলী ছোৱালীজনীক ইমান কম বয়সতে উলিয়াই দিয়াৰ পক্ষপাতি নাছিল । তদুপৰি তেওঁ আছিল মোতকৈ বয়সত কুৰি বছৰে ডাঙৰ । সেয়ে মৃদুভাবে আপত্তি কৰিছিল । কিন্তু সৰুদা আছিল তেওঁৰ ভাল বন্ধু । তেওঁৰ স্বভাৱ-চৰিত্ৰ, মাৰ্জিত আচৰণ আৰু স্পষ্টবাদীতা সম্পৰ্কে ভালদৰেই জ্ঞাত আছিল সৰুদা । এনে উপযুক্ত ল’ৰা এজনলৈ স্বাভাৱিকতে উৎসুক আছিল সৰুদা । অৱশেষত যেনিবা দেউতা মান্তি হৈছিল । আৰু মোৰ মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ মাজতে জোৰোণ হৈ গ’ল । মোৰ আপত্তি কৰিব লগা নাছিল । সকলোৰে ওপৰত মোৰ একান্ত ভৰসা আছিল । দেউতা বা দাদাহঁতে মোৰ অহিত চিন্তা নিশ্চয় নকৰে । সেইমতেই মেট্ৰিক পৰীক্ষাৰ ৫ দিন পিছতে কপালত ৰঙা সেন্দূৰৰ ৰেঘা আঁকি পালোহি শহুৰৰ ঘৰ । বিয়াত বহিবলৈ ওলোৱা ছোৱালীক মিতিৰ কুটুমবোৰে এসাজ খাবলৈ মতাটো অসমীয়া সমাজৰ নিয়ম । মোৰ ক্ষেত্ৰতো হৈছিল । জোৰোনৰ দিনাৰ পিছৰ পৰাই আৰম্ভ হৈছিল আৰ ঘৰে তাৰ ঘৰে নিমন্ত্ৰণ ৰক্ষা কৰা কাম । মোৰ এতিয়াও মনত আছে, মেট্ৰিক পৰীক্ষা দি থকা দিনকেইতো এনে নিমন্ত্ৰণ ৰক্ষা কৰিব লগা হৈছিল মই ।
যি নহওক অৱশেষত কৈশোৰ যৌৱনৰ সন্ধি কালতে, জীৱন নো কি বুজাৰ আগতেই ফুল-তৰা-পখিলাৰ পৃথিৱী এৰি আদৰি ললো এখন নতুন পৃথিৱী । নতুন পৰিৱেশৰ নতুন মায়াই মোক আদৰি ললে । মই হলো এখন ঘৰৰ বোৱাৰী, কাৰোবাৰ বৌ, কাৰোবাৰ খুৰীমা…. আৰু এজনৰ দীঘল বাটৰ লগৰী ।…..

যি নহওঁক; সকলোৰে মৰম আবদাৰত দিন আগবাঢ়িছিল যদিও কিছুমান অসুবিধাৰো সমুখীন হৈছিলো । বিশেষকৈ গোৱালপাৰাৰ গাওৰ পৰা আহি দৰঙৰ গাঁও এখনত মিলি যাবলৈ কিছু সময় লাগিছিল । আচাৰ-আচৰণ, মাত-কথা, শব্দৰ উচ্চাৰণ, খাদ্যাভ্যাস আদিৰ মাজত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছিল । এনে কথাবোৰে মাজে মাজে মোক অস্বস্তিত পেলাইছিল যদিও মোৰ মৰমীয়াল স্বামীৰ সহযোগত সকলোবোৰ এডজাষ্ট কৰি ল’ব পাৰিছিলো । এটা কথাই মোক অনুপ্ৰাণিত কৰিছিল । গোৱালপাৰা হ’ল স্বকীয় সাংস্কৃতিক ঐতিহ্যৰে পূৰ্ণ এখন ঠাই । সেই কথা অসমৰ সকলোৱে জানে । আনহাতে দৰং হৈছে একপ্ৰকাৰ অসমৰ সাংস্কৃতিক ৰাজধানী স্বৰূপ । নাগাৰ নাম, বিহু, ঢুলীয়া, খুলিয়া, কালিয়া, ওজাপালি আদি বাৰে ৰহণীয়া থলুৱা কৃষ্টি-সংস্কৃতিৰে পৰিপূৰ্ণ দৰঙৰ সাংস্কৃতিক বাতাবৰণে মোক আপ্লুট কৰিছিল । মোৰ ভিতৰত সুপ্ত হৈ থকা শিল্পী প্ৰাণটো জাগ্ৰত কৰি ৰখাৰ ক্ষেত্ৰত স্বামীৰ পৰাও পাইছিলো বহুত অনুপ্ৰেৰণা ।
মোৰ স্বামী আছিল মোতকৈ ২০ বছৰে বয়সত ডাঙৰ, এই কথা কৈ আহিছোৱে ওপৰত । মোৰ জন্মৰ বছৰটোত অৰ্থাৎ ১৯৭৬ চনত তেও মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল । গতিকে বয়সৰ পাৰ্থক্য যথেষ্ট আছিল । ইয়ে আমাৰ মাজত অসুবিধাৰ সৃষ্টি কৰা নাছিল; বৰঞ্চ মই স্বামীৰ উপৰিও তেওঁৰ ওচৰতে বিচাৰি পাইছিলো এজন দাদাক, দেউতাক। তেওঁ আছিল মোৰ জীৱনৰ ফিলোচফাৰ আৰু গাইড ।

ঘৰখন আছিল এখন ভৰা গৃহস্থালী । এটা ডাঙৰ যৌথ পৰিয়াল । দুজনী শাহুৰ লগতে শহুৰ দেউতা, তিনিজন দেওৰ, তিনিজনী ননদ । প্ৰথম শাহু নিঃসন্তান হোৱা বাবে তেওঁৰ আপোন ভনীয়েকক পত্নী হিচাপে গ্ৰহণ কৰিছিল শহুৰ দেউতাই ।

বিয়াৰ এবছৰ পিছতে মই মাতৃ হৈছিলো । এটা দেৱ শিশুৱে মোৰ কোলা শুৱনি কৰিছিল । তাৰ দুবছৰ পিছত দ্বিতীয়টো ল’ৰা । যশোদা হোৱাৰ অভিজ্ঞতাও হ’ল মোৰ জীৱনত । মোৰ স্বামীৰ বিয়াৰ আগতেই ডাঙৰ দেওৰজনে বিয়া কৰাইছিল । তেওঁ ঘৰৰ পৰা কিছু দূৰৈৰ পাম এখনত থাকিছিল । তেওঁৰ ল’ৰা সন্তান এটাও আমাৰ লগতে আছিল যাক মই নিজৰ সন্তান দুটাৰ লগত একলগেলালন পালন কৰি ডাঙৰ কৰিছিলো । ডাঙৰ হলত এদিন সি আঁতৰি গ’ল নিজ মাতৃৰ ওচৰলৈ । দৈৱকীৰ ওচৰলৈ কৃষ্ণ আঁতৰি গৈছিল যশোদাৰ বুকু শুদা কৰি । সি যোৱাৰ সময়ত মোৰ যশোদালৈ মনত পৰিছিল ।

দিনবোৰ গৈ আছিল । দুটাকৈ দেৱ শিশুৱে আমাৰ জীৱন আনন্দমুখৰ কৰি ৰাখিছিল । মাতৃত্বৰ অনুভুতিয়ে মোক যেন অন্য এখন জগতলৈ লৈ গৈছিল । কিমান যে সপোন… কিমান কল্পনা সিঁহতক লৈ..।

আৰু এদিন হঠাৎ সকলো ঠানবান হৈ গৈছিল । মূৰৰ আকাশখন যেন খহি পৰিছিল । সূৰ্য নুমাই গৈছিল । বতাহ স্তব্ধ হৈছিল ।…. ঘোৰ অমানিশাৰ আন্ধাৰে গ্ৰাস কৰি পেলাইছিল মোৰ সমুখৰ পথ ।
হয়, তেনেকুৱাই হৈছিল মোৰ জীৱনত । কাহানিও নভবা কাহানিও কামনা নকৰা সেই দিন … সেই ক্ষণ…। মই স্বামী হাৰা হলো ।

দীৰ্ঘদিন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত 2003 চনৰ 5 আগষ্ট তাৰিখে মোৰ জীৱন লগৰীয়ে মোক অথাই সাগৰত এৰি দূৰণীৰ দেশলৈ আঁতৰি গুচি গ’ল । ….

সেই দিনবোৰৰ কথা ভাবিলে এতিয়াও মই ভীষণভাৱে অস্থিৰ হৈ পৰো । ইখনৰ পিছত সিখন মেডিকেল ঢপলিয়াই ফুৰোতে মোৰ ভৰিৰ তলত মাটি নাছিল । কিমান অসহায় আছিলো মই !! স্বামীক জীয়াই ৰাখিবলৈ, মনৰ মানুহজনক, প্ৰাণৰ আপোনজনক চিৰদিন কাষতে পাই থাকিবলৈ কি দুৰ্দমনীয় হাবিয়াস মানুহৰ । কিন্তু নিয়তিয়ে জানো কাৰোবাৰ আকূতি ভ্ৰূক্ষেপ কৰে ? ….
অকলশৰীয়া হৈ পৰিছিলো । হেৰাই গৈছিল জীৱনৰ আঁত । লুকাই লুকাই বহুদিনলৈ কান্দিলো… অলিক সপোনো দেখিলো বহুত… তেওঁ যেন উভতি আহিছে আকৌ মোৰ ওচৰলৈ…. সাবিত্ৰী সত্যবান, বেউলা লক্ষিন্দৰ আদিৰ কাহিনীয়ে মোক সাময়ীকভাবে অনুপ্ৰাণিত কৰিছিল । এটা মুহূৰ্তৰ বাবে হ’লেও তেনে কিবা এটা চমৎকাৰ যেন মোৰ ক্ষেত্ৰতো ঘটিব…. কিন্তু সেয়া শাস্ত্ৰৰ কাহিনী…আজিৰ বাবে অবাস্তৱ, অলীক ।

স্বামীহাৰা মানেই বৈধব্য জীৱন । তেতিয়া মোৰ বয়স মাথো ২৭ বছৰ । আজিৰ সময়ত বিয়াৰ বাবে উপযুক্ত হৈছিলোহে । কি কৰিম ? ভৰ যৌৱনটোৰে এহাল কণ কণ শিশুক বুকুত সাবতি মই কেনেকৈ সাঁতোৰো সংসাৰৰ অথাই সাগৰত ?
ভাৰতবৰ্ষৰ দৰে তৃতীয় বিশ্বৰ ৰক্ষণশীল সমাজখনত নাৰীয়ে কিমান সীমাবদ্ধ জীৱন অতিবাহিত কৰিব লাগে সেয়া সকলোৱে জানে । তাতে যদি নাৰীগৰাকী হয় বিধবা তেতিয়াতো কথাই নাই । বিধবা হোৱাৰ দুখতো থাকেই, উপৰঞ্চি হিচাপে কত গৰিহণা, গঞ্জনা.. লাঞ্ছনা থাকে সেয়া ভূক্তভূগিয়েহে জানে । তাতে আকৌ আছে নৰখাদক । এগৰাকী গাভৰু বিধবা আৰু বাঘৰ অৰণ্যত হৰিণা- সেয়া যেন একে কথা । অকলশৰীয়া নাৰী দেখিলো বহু পুৰুষৰ মায়া ওপজে । বিধবা এগৰাকী সততে দুটা দিশৰ পৰা পীড়িত হয় । ৰক্ষণশীল সমাজৰ বাধ্যবাধকতা আৰু এচাম লালায়িত পুৰুষৰ ললুপ দৃষ্টি । এই দুয়োটাৰ মাজৰ অমসৃন- ঠেক আলিটোৰে পাৰ কৰিব লাগে নিজক ।

যি নহওক, সেই দূৰ্ভাগ্যপূৰ্ণ দিনটো আছিল ২০০৩ চনৰ ৫ আগষ্ট । ডাঙৰটো বাবাৰ পাঁচ বছৰ, সৰুটোৰ আঢ়ৈ বছৰ । ইতিমধ্যে এবছৰমান আগত ভাই ককাইৰ মাজত ভাগ বতৰা হৈ গৈছিল । আমাৰো বেলেগে ঘৰ হৈছিল । ইতিমধ্যে শহৰ দেউতা আৰু শাহুমাও স্বৰ্গগামী হৈছিল । মানুহজন আছিল মোৰ পথ প্ৰদৰ্শক । ভৰসা, সাহস সকলো আছিল তেওঁ । তেওঁৰ অবিহনে যেন মোৰ জীৱনটো গুৰিয়ালবিহীন নাওৰ দৰে হৈ পৰিল । কোনোদিনে জীৱন সম্পৰ্কে নভৱা মানুহজনীৰ বাবে যেন জীৱন এক প্ৰত্যাহ্বান যেন হৈ পৰিল ।
বৈধ্যব্য জীৱনৰ যন্ত্ৰনা আৰু সংগ্ৰামৰ কথা বহলাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই । অনাহাৰ-অনিদ্ৰা, গৰিহণা-গঞ্জনা, প্ৰশ্ৰয় প্ৰাৰ্থী আৰু মিছা প্ৰণয়প্ৰাৰ্থীৰ লোলুপ দৃষ্টি…. এইবোৰেই আমাৰ সমাজৰ অকলশৰীয়া নাৰীৰ লগৰী । মই ভাগি নপৰিলো । পিছলৈ নিজকে প্ৰকৃতিস্থ কৰি যুঁজাৰ বাবে প্ৰস্তুত কৰি ললো নিজক । সন্তান দুটিক মানুহ কৰাৰ সংকল্পেৰে নিজকে জেদী ৰূপত সজাই তুলিলো ।

 

সংগীত জীৱন

অতিক্ৰমী অহা দিনবোৰৰ সংঘাটবোৰ সুঁৱৰি নিজক দুখৰ সাগৰত নিমজ্জিত কৰি ৰখাৰ পক্ষপাতি মই নহয় । অকলশৰীয়া স্বামীহাৰা নাৰী এগৰাকীৰ দুখ বেদনাৰ কথা পুংখানুপুংখ বৰ্ণনা কৰাৰ নিশ্চয় প্ৰয়োজন নহয় । আচল কথাটো হ’ল সেই দুৰ্দশাপূৰ্ণ সময়ৰ কবলৰ পৰা নিজক মুক্ত কৰি উলিয়াই আনিব পৰাটোহে । ময়ো বহুত সংগ্ৰাম কৰিলো । এতিয়াও সেই সংগ্ৰাম অব্যাহত আছে । নিজক সদায় সৃষ্টিশীল কামত নিয়োজিত কৰি ৰাখিবলৈ যৎপৰোনাষ্টি প্ৰয়াস কৰি আহিছো । সংগীত মোৰ হৃদয়ত আছিলেই । লাহে লাহে মোৰ ভিতৰৰ সেই সংগীতময়তাক অধিক প্ৰাণ দিবলৈ যত্ন কৰিলো ।
স্কুলৰ বাৰ্ষিক বঁটা বিতৰণী সভাত আমি সকলোৱে গোৱালপৰীয়া লোকগীত, পল্লী গীত আদি পৰিৱেশন কৰিছিলো । নাৰায়ণ দাস ঠাকুৰ আতাৰ অনুষ্ঠানৰ বাহিৰেও গীত পৰিৱেশন কৰাৰ সুবিধা এই বঁটা বিতৰণী সভাতেই পাইছিলো । মোৰ কণ্ঠটোক বহুতে প্ৰশংসা কৰা শুনিছিলো । সেয়ে হয়তো ওচৰ পাজৰত কেতিয়াবা কিবা অনুষ্ঠান আদি অনুস্থিত হ’লে গীত গোৱাৰ বাবে নিমন্ত্ৰণ দি মাতি পঠাইছিল । এগৰাকী ভাল কণ্ঠশিল্পী হোৱাৰ সপোন এটাই হয়তো সেই দিনবোৰতে গজালি মেলিছিল ।
ৰেডিঅ’ আছিল দেউতাৰ পৰম বন্ধু সদৃশ । সকলো সময়তে তেওঁ ৰেডিঅ’টো কাষত ৰাখিছিল আৰু ইয়াত প্ৰচাৰ হোৱা সকলো অনুষ্ঠান মনোযোগেৰে শুনিছিল । সেয়ে হয়তো আমাৰো প্ৰিয় হৈ পৰিছিল ৰেডিঅ’টো । বিশেষকৈ ইয়াত প্ৰচাৰ হোৱা সংগীতানুষ্ঠানসমূহ মোৰ বৰ প্ৰিয় হৈ উঠিছিল । ৰেডিঅৰ লগে লগে ময়ো গানবোৰ আওৰাব লৈছিলো । এনেকৈয়ে মোৰ গানৰ চৰ্চা আৰম্ভ হৈছিল কিজানি নিজৰ অজানিতে । দেউতাই গানৰ প্ৰতি থকা মোৰ আগ্ৰহটোক ভাল পাইছিল আৰু উৎসাহিত কৰিছিল । ক্লাছ এইটত পঢ়ি থাকোতে এগৰাকী শিক্ষকে মোক টিউশ্যন কৰিছিল । সংগীতৰো জ্ঞান আছিল তেওঁৰ যথেষ্ট । মোৰ গান শুনাৰ পিছত আৰু মোৰ গানৰ প্ৰতি থকা ৰাপ দেখি তেওঁ হয়তো মোৰ ভিতৰত কিবা এক সম্ভাৱনাৰ বীজ দেখিছিল যাৰ বাবে তেওঁ বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰিবলৈ আগবাঢ়ি আহিছিল । তেওঁৰ নাম আছিল হবিবুৰ ৰহমান । তেওঁৰ হাতৰ আখৰৰ কেবাটাও গানৰ বহী মই এতিয়াও সাঁচি ৰাখিছো অবিকল ৰূপত । আজি মই যিখিনি কৰিছো তাৰ অন্তৰালত হবিবুৰ ৰহমান ছাৰৰ যথেষ্ট অৰিহণা আছে । ক’ব গ’লে মোৰ হৃদয়ৰ সংগীতৰ ভেটিটো সাৰ পানী দি নিৰ্মাণ কৰিছিল এই হবিবুৰ ৰহমান ছাৰেই ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত যেতিয়া বিয়া হৈ মই দৰং জিলালৈ আহো তেতিয়া মোৰ দুচকুত অপাৰ বিস্ময় । কি নাই দৰং জিলাত ! ওপৰত উল্লেখ কৰি আহিছো যে ই এখন সাংস্কৃতিক ৰাজধানী স্বৰূপ ঠাই । গোৱালপাৰা জীয়ৰী হিচাপে সাংস্কৃতিক দিশত গোৱালপাৰাও যে কোনো গুণে কম নহয় সেয়াও অকপটে স্বীকাৰ কৰাই নহয় গৌৰৱবোধো কৰো । কিন্তু দৰং যেন থলুৱা লোক সংস্কৃতিৰ সমাহাৰ । বিয়া হৈ আহিয়ে এই ৰহণীয়া কৃষ্টি-সংস্কৃতিৰ সোৱাদ লবৰ বাবে যেন মই উদগ্ৰীৱ হৈ পৰিছিলো । নাগাৰা নাম, ওজাপালী, ঢুলীয়া-খুলীয়া, কালিয়া, বিহু-হুচৰী, আইনাম, ধাই নাম, মণিৰাম দেৱানৰ গীত, ফুলকোঁৱৰৰ গীত, বাৰমাহী গীত…. কৈ শেষ কৰিব নোৱাৰা অনুপম সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ এই দৰঙৰ ছিপাঝাৰ অঞ্চল । ইয়াত মহিলাই নাগাৰা নাম গায়, ওজাপালি গায়, বিহু হুচৰীৰতো কথাই নাই । সেইবোৰত প্ৰত্যক্ষভাবে জৰিত হ’বলৈ মন গৈছিল যদিও সাংসাৰি দায়-দায়িত্বৰ বাবে সম্পূৰ্ণভাবে জৰিত হোৱাত কিছু সমস্যা আছিল প্ৰথমাৱস্থাত । তথাপি মাজে মাজে গৈ অংশ লোৱাৰ পৰা নিজক বিৰত ৰাখিব পৰা নাছিলো ।

মোৰ বান্ধোন মানিব নোখোজা মনটোৰ উমান নিশ্চয় পাইছিল মোৰ স্বামীয়ে । সেয়ে বিয়াৰ কিছুদিন পিছতে ওচৰৰে প্ৰাথমিক বিদ্যালয় এখনত ‘মালিনী’ হিচাপে যোগদান কৰিবলৈ ব্যৱস্থা কৰি দিয়ে । মনে বিচৰা ধৰণৰে কাম আছিল সেইটো । কণ কণ ল’ৰা-ছোৱালীবোৰৰ মাজত নিজক বিলীন কৰি দিয়াৰ সুযোগ পাইছিলো । সিহঁতক গান শিকাইছিলো । সাধু কৈছিলো । পিছে সেয়া বেছি দিনলৈ নাপালো, জইন কৰাৰ পাঁচটা বছৰ পিছতে যেতিয়া স্বামীৰ পৰলোক হ’ল তেতিয়া মই এই কামটো এৰি দিব লগা হয় ।
স্বামীৰ উৎসাহ আৰু সহযোগত ১৯৯৫ চনতে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰত কণ্ঠ পৰীক্ষা দি উত্তীৰ্ণ হওঁ (B-High)! ১৯৯৮ চনত ভাৰত গীত-নাট বিভাগে মোক নিয়মীয়া শিল্পী হিচাপে স্বীকৃতি দিয়ে আৰু আজি ২৫ বছৰ ধৰি তেওঁলোকৰ লগত জৰিত হৈ ভাৰতৰ বিভিন্ন ৰাজ্যত গীত পৰিৱেশন কৰি আহিছো । স্বামীৰ মৃত্যুৰ পিছত গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰো নিয়মীয়া শিল্পীৰ স্বীকৃতি পাওঁ আৰু তাত সময়ে সময়ে অনুষ্ঠান কৰি আহিছো ।
অসম চৰকাৰৰ গুৰু বঁটাও মই লাভ কৰো । বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত ছাত্ৰ ছাত্ৰীবোৰক গোৱালপৰীয়া লোকগীতৰ শিক্ষাও প্ৰদান কৰি আহিছো ।

সস্তিয় জনপ্ৰিয়তাৰ প্ৰতি কোনো মোহ নাই বাবেই দৰং তথা গোৱালপাৰাৰ এলাগি হ’ব ধৰা থলুৱা কৃষ্টি-সংস্কৃতিৰ উত্তৰণ, সংৰক্ষণ আৰু সংবৰ্ধনৰ কামত আশাশুধিয়াকৈ লাগি আছো । পচিমীয়া বতাহছাতি ৰং-বিৰঙে নতুন প্ৰজন্মক যাতে গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে নিজক ঐকান্তিকতাৰে নিজক আত্মনিয়োগ কৰি ৰাখিবলৈ যত্ন কৰি আহিছো । তাৰ বাবে বিভিন্ন অঞ্চলত কৰ্মশালা আদিও কৰি আহিছো । মোৰ ঘৰটো নিয়মীয়াকৈ এইবোৰৰ প্ৰশিক্ষন দি আছো । বিশেষকৈ নামনি অসমৰ আধ্যাত্মিক সংস্কৃতি নাগাৰা নামক কেনেকৈ সমাজৰ সৰ্নস্তৰৰ বাবে গ্ৰহণযোগ্য আৰু বিশ্বমুখি কৰি তুলিব পাৰি তাৰ বাবে স্বামী জীয়াই থকা কালৰ পৰাই লাগি আছো । নগাৰা নাম পৰিৱেশন বিদ্যা আয়ত্ব কৰাটো সহজসাধ্য কথা নহয় । ইয়াৰ বাবে পাঠক এগৰাকী হ’ব লাগিব বহুমুখি প্ৰতিভাৰ অধিকাৰী । তেওঁ হ’ব লাগিব সুদক্ষ অভিনেতা, সুমধূৰ কণ্ঠশিল্পী, থাকিব লাগিব নৃত্যৰ জ্ঞান, মুখস্থ বিদ্যা আৰু নেতৃত্ব দিয়াৰ দক্ষতা । মোৰ ভিতৰত কি আছিল নাজানো, এই সকলোবোৰ আয়ত্ব কৰোতে মোৰ বেছি দিন নালাগিল । সেই দিন ধৰি আজিলৈ মই বহুতকে প্ৰশিক্ষণ দি আহিছো । গানৰ দৰে নাগাৰা নাম আজিও মই শিকাও আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত পৰিৱেশন কৰো ।

 

ভৱিষ্যৎ পৰিকল্পনাঃ
পৰিকল্পনা বহুত । তাৰ মাজতে প্ৰধানতঃ থলুৱা কৃষ্টি-সংস্কৃতি ৰক্ষণাবেক্ষন আৰু চৰ্চা কেন্দ্ৰ এটা প্ৰতিষ্ঠা কৰি নতুন প্ৰজন্মৰ মাজত এটা জাগৰণ অনাৰ প্ৰচেষ্টা হাতত ল’ম বুলি আশা পুহি ৰাখিছো । এই কাৰ্য একক প্ৰচেষ্টাৰে অসম্ভৱ । সকলোৰে আশীৰ্বাদ, শুভেচ্ছা আৰু আন্তৰিক সহযোগৰ প্ৰয়োজন হ’ব । দেখা গোৱালপৰীয়া লোকগীতক আধাৰ হিচাপে লৈ অসমৰ সকলো জনগোষ্ঠীৰ লোকসংগীতৰ মাজত সমন্বয় সাধন কৰি এক নতুন ধৰণৰ সংগীত সৃষ্টিৰ তাগিদা এটা অনুভৱ কৰি আছো বহুদিনৰে পৰা । এই বিষয়ে বিশেষ ব্যক্তি কিছুমানৰ লগত কথা বতৰা পতাও আৰম্ভ কৰিছো । দেখা যাওক কি হয় ।

সাহিত্যৰ জীৱনঃ
শৈশৱ-কৈশোৰৰে পৰা বাহিৰা কিতাপৰ প্ৰতি আগ্ৰহ আছিল । মৌচাক, সঁফুৰা আদি নিয়মীয়াকৈ নহলেও যেতিয়াই সংগ্ৰহ কৰিব পাৰিছিলো তেতিয়াই মনোযোগেৰে পঢ়িছিলো । সাপ্তাহিক নতুবা দৈনিক কাকতবোৰৰ শিশু শিতানবোৰো মোৰ অতি প্ৰিয় আছিল । সেইবোৰত ফুল তৰা পখিলা আদিক বিষয়বস্তু হিচাপে লৈ লিখা কবিতাও পঠাইছিলো । চেগাচোৰোকাকৈ অ’ত- ত’ত প্ৰকাশো হৈছিল । নিজে লিখা কিবা এটা কৰবাত যেতিয়া প্ৰকাশ পায় তেতিয়া মনত কেনে অনুভূতি জাগ্ৰত হয় সেই অভিজ্ঞতাৰ স্বাদ সেই দিনবোৰতে পাইছিলো ।
হাইস্কুলত পঢ়ি থকাকালত লুকাই লুকাই ৰহস্য, বিস্ময় আদি পঢ়িবলৈ লৈছিলো । হিতেশ ডেকা, ৰঞ্জু হাজৰিকা আদিৰ উপন্যাসো প্ৰিয় হৈ উঠিছিল ।

বিয়াৰ পিছত হায়াৰ চেকেণ্ডাৰী পঢ়ি থকা কালত শ্ৰীময়ী, পূৱালী আদি নাৰী বিষয়ক আলোচনীৰ উপৰি কাকত আলোচনীৰ নাৰী শিতানত ব্যক্তিগত অভিজ্ঞতা কিছুমানক লিখি প্ৰকাশ কৰিছিলো । স্বামীৰ পৰা এই ক্ষেত্ৰত যথেষ্ট উৎসাহ আৰু অনুপ্ৰেৰণা পাইছিলো ।

স্বামীৰ মৃত্যুৰ পিছত বেছ কিছু বছৰ কলম স্তব্ধ হৈ ৰৈছিল মোৰ । ভাত কাপোৰৰ চিন্তা, কণমানি সন্তান দুটিৰ চিন্তাই যেন মোক অসহায় কৰি ৰাখিছিল । অনিশ্চিত ভৱিষ্যৎ এটাই যেন মোক দূৰৈৰ পৰা চাই চাই অট্টহাস্য কৰিবলৈ লৈছিল । কোনোবাই মাতিলে মাত্ৰ পঞ্চাশ টকাটো গান গাবলৈ গৈছিলো । মানুহৰ সন্দেহৰ চাৱনি হজম কৰি লোকৰ ঘৰত বন বাৰীও কৰি দিছিলো । বৈধ্যব্য জীৱনৰ মানসিক যন্ত্ৰণাবোৰক লৈ “অমাবস্যাৰ জোন” নামেৰে এখন উপন্যাস লিখি উলিয়াইছিলো । প্ৰকাশৰ বাবে গুৱাহাটীৰ প্ৰকাশন গোষ্ঠী এটাৰ সৈতে কথা বতৰা হৈছিল । কিন্তু খ ক’ম কোনে পতিয়াব ! প্ৰকাশকক পাণ্ডুলিপিটো জমা দিবলৈ যাওতে বেগে সৈতে সেইখন হেৰুৱালো । ২ বছৰীয়া পৰিশ্ৰমেৰে লিখি উলিওৱা মোৰ আন এটা সন্তানকহে যেন হেৰুৱালো । সেই সময়ত মোৰ মানসিক অৱস্থা কেনে হৈছিল সেয়া মই আজি বুজাব নোৱাৰো । ঘটনাটোৰ বিষয়ে খুব ক’ম সংখ্যক মানুহে জানে । ময়ো কাৰোবাক কোৱাতো বাদেই আনকি নিজেই ভাবিবলৈ এৰিছিলো । মন বিষণ্ন কৰা বিষয় এটানো বাৰু কিয় কঢ়িয়াই লৈ ফুৰো । উপন্যাসখন পঢ়ি সৰুকৈ পাতনি এটা লিখি দিছিল মাহেকীয়া ৰহস্য আলোচনীৰ সম্পাদক ৰাতুল দাস শৰণীয়া দেৱে । মাজে মাজে তেখেতে ঘটনাটোকলৈ এতিয়াও ক্ষোভ প্ৰকাশ কৰি থাকে ।

লাহে লাহে দিন যোৱাৰ লগে লগে প্ৰকৃতিস্থ হলো যদিও দুনাই কিবা এটা লিখাৰ মানসিক শক্তি যেন গোটাব নোৱাৰা হলো কেবা বছৰলৈ । কিন্তু সাহিত্যৰ অনুষ্ঠানবোৰৰ সৈতে পুণৰ ঘনিষ্ঠতা বাঢ়ি আহিল । বিভিন্ন অনুষ্ঠানে আয়োজন কৰা কবিচক্ৰ, সাহিত্য আলোচনা আদিত সঞ্চালিকা হৈ নতুবা অন্য প্ৰকাৰে জৰিত হৈ পৰিলো পুনৰ । বৰ্তমান আজি চাৰি বছৰ ধৰি অসমৰ এটা অগ্ৰণী সাহিত্যৰ অনুষ্ঠান “সমন্বয় সাহিত্য পৰিষদ” অধ্যক্ষ হৈ কাৰ্যনিৰ্বাহ কৰি আছো ।

ভৱিষ্যৎ পৰিকল্পনাঃ
কবিৰ ভাষাত–দুখৰ অৰণ্য নাথাকিলে ক’ত আহি জিৰাব সুখৰ চৰাই ! হয়, দুখৰ পলসতেতো গজি উঠে সুখৰ শস্য । ইমান আকস্মিক ঘটনা পৰিঘটনাই জোকাৰি যোৱাৰ পিছতো পুনৰ কলম তুলি লৈছো ময়ো । ইতিমধ্যে দুখনকৈ কিতাপ লিখি উলিয়াইছো; এখন হৈছে “মহিয়সী নাৰীৰ জীৱন গাঁথা” আৰু আনখন হৈছে “উৰ্মিলা” । ইয়াৰে প্ৰথমখন কেইগৰাকীমান মহিয়সী নাৰীক কেন্দ্ৰ কৰি যুগুত কৰা প্ৰৱন্ধ সংকলন । দ্বিতীয়খন নাৰী সম্পৰ্কীয় লেখাৰ প্ৰৱন্ধ সংকলন । সুযোগ-সুবিধা হ’লে প্ৰকাশৰ অপেক্ষাত দুয়োখন কিতাপ । আন পৰিকল্পনাও বহুত আছে । সেইবোৰ সময়ত নিশ্চয় সকলোৱে জানিব ।

উপসংহাৰ
সেই কণমানি বয়সতে পিতৃহাৰা হোৱা সন্তান দুটি এতিয়া বুজন হৈছে । সিহঁতে মোক বুজে, মোৰ সংগ্ৰামী জীৱনৰ প্ৰতি সিহঁত শ্ৰদ্ধাশীল । মই সিহঁতক কোনোদিন অৰ্থনৈতিকভাবে প্ৰতাপী বা বিত্তবান হোৱাৰ পাঠ পঢ়োৱা নাই । সিহঁতক মানুহ হিচাপে গঢ় দিয়াৰ পৰিকল্পনাৰেই দিন ৰাতি একাকাৰ কৰি আহিছো জীৱনৰ । …
নিজৰ কথাবোৰ, বিশেষকৈ দুখময় অতীতটোক আনৰ ওচৰত উদঙাই কিমান দূৰলৈকে তুলি ধৰিব পাৰি নাজানো । সম্ভৱপৰ সকলোখিনি তুলি ধৰিবলৈ যত্ন কৰিছো । মোৰ কথাই কাৰোবাক কষ্ট দিলে তাৰ বাবে মই ক্ষমা বিচাৰিছো ।

***********************:

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *