কোমল হাতৰ যত্ন

কোমল হাতৰ যত্ন

 

ৰমিলা দেৱী নাথ

সঘনাই এলকহলযুক্ত চেনিটাইজাৰ ব্যৱহাৰ কৰে নেকি? হাতৰ যত্নৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ টিপছ ইয়াত দিয়া হ’ল…

হাতৰ যত্ন মূলতঃ ভৰিৰ যত্নৰ সৈতে একে। কিন্তু যিহেতু এতিয়া আপুনি সঘনাই এলক’হলযুক্ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰে বা সঘনাই চাবোনেৰে হাত চাফা কৰে, সেয়েহে হাতৰ কথা আহিলে মনত ৰাখিব লগা অতিৰিক্ত কেইটামান কথা আছে।

* চেনিটাইজাৰ এতিয়া সকলোৰে বাবে অপৰিহাৰ্য আৰু এলক’হল মুক্ত চেনিটাইজাৰৰ বিকল্প নাই। গতিকে দিনটোৰ আৰম্ভণি আৰু শেষত অতিৰিক্ত সাৱধানতাৰে হাতদুখন মইশ্চাৰাইজ কৰাৰ প্ৰয়োজন। আলমণ্ড অইল আৰু অলিভ অইল মালিচ কৰিব পাৰি। হাত দুখন বহুদিনলৈ মইশ্ব’ৰাইজ হৈ থাকিব।

* হাত ধুবলৈ চাবোনৰ সলনি কোমল হেণ্ড ৱাছ ব্যৱহাৰ কৰিব লাগে। বিশেষকৈ যিসকলে বাহিৰলৈ ওলাই গৈ সঘনাই হাত ধুই থাকে, তেওঁলোকে যিমান কম চাবোন ব্যৱহাৰ কৰে সিমানেই ভাল।

* অতিৰিক্ত পানী ক্ষয় বা ঘামৰ ফলত হাতৰ ছালত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। ইয়াৰ পৰা হাত সাৰিবলৈ হাতত গ্লভছ লৈ কাম কৰিব পাৰে। যদি সেয়া সম্ভৱ নহয়, বা সমস্যাটো স্থায়ী হৈ থাকে, তেন্তে কিছু নাৰিকল তেল লগাই লব পাৰে ।

* হাত কোমল কৰি ৰাখিবলৈ হেণ্ডপেক এটা প্ৰস্তুত কৰিব পাৰে। পকা কল ১ চামুচ দুয়োহাতত লগাব। পাঁচ মিনিট ৰাখি ধুই পেলাওক।
এটা টমেটো আধা কাটি হাতৰ উপৰিভাগত ঘঁহি লওক। ইয়াৰ দ্বাৰা টেনটোও পাতল হ’ব, আৰু হাতৰ ছালখন মসৃণ হ’ব।

* কেতিয়াবা অতিৰিক্ত পানী বা ঘামৰ অভাৱত হাতত বেয়া গোন্ধ ওলায়। কিছু কোশ্বাৰ নিমখ বা সাগৰীয় নিমখ, বা অলপ মোটা নিমখেৰে হাতদুখন নিমখৰ দানাবোৰ সম্পূৰ্ণৰূপে দ্ৰৱীভূত নোহোৱালৈকে ঘঁহিব। হাত ধুলে দেখিব যে গোন্ধ নাইকিয়া হৈ গৈছে।

* সবাতোকৈ ডাঙৰ কথা ঘৰতো দৈনিক ছানস্ক্ৰীণ লগাব লাগে। আনকি পাকঘৰৰ জুইৰ গৰমৰ পৰাও ছালৰ যথেষ্ট ক্ষতি হয়। ছানস্ক্ৰীনেও সেই গৰমৰ পৰা ছালখনক ৰক্ষা কৰিব।

শৰীৰৰ সবাতোকৈ বেছি ব্যৱহৃত অংগ হৈছে আমাৰ হাত দুখন । মানুহৰ পৰা কিবা লওতে বা কাৰোবাক কিবা দিওতে আমি হাতদুখনকে আগবঢ়াই দিব লগা হয় । মলিয়ন, ৰুগ্ন বা বিকৃত হাতৰ মানুহ এগৰাকী যিমানেই সুন্দৰ বা সুন্দৰী নহওক কিয়, প্ৰথম দৃষ্টিতে দেখোতাৰ মনত এক বিৰূপ অনুভৱ আহি যোৱাটোৱে স্বাভাৱিক । সেয়ে মুখমণ্ডলৰ সমানেই সৌন্দৰ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত হাতদুখনৰ সৌন্দৰ্যৰ প্ৰতিও ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *