ৰেখামণি চাৰিঙীয়া
তিনিচুকীয়া (অসম)
চাওঁতে চাওঁতে শীতৰ দিনবোৰ পাৰ হৈ আকৌ আহিল জহ।এই সময়ত ছালৰ যতন পুনৰ বেলেগ ধৰণে ল’ব লগা হয়।সূৰ্যৰ ৰশ্মি প্ৰখৰ হৈ অহাৰ লগে লগে ছালখনক আমি কিছু বেলেগ ধৰণে সুৰক্ষা দিবলগীয়া হয়।ছানস্ক্ৰিনৰ ব্যৱহাৰ হৈ পৰে অত্যাৱশকীয়।ছাতি,ছানগ্লাছৰ সহায় লোৱাৰ উপৰি বাৰে বাৰে মুখখন ধুই পৰিষ্কাৰ কৰিবলগীয়া হয় ঘামৰ বাবে।আনহাতে বিশেষকৈ কৰ্মৰতা মহিলাসকলক অকণমান মেকআপৰ প্ৰয়োজন হয়েই।প্ৰকৃততে এইখিনি সময়ত মেকআপৰ দ্বাৰা ছালখন আবৃত কৰি ৰাখিব পাৰিলে ভাল।কাৰণ সূৰ্য্যৰ ৰশ্মিয়ে পোনপটীয়াভাৱে ছালখনক নষ্ট কৰিব পাৰে।সাধাৰণতে জহকালিৰ মেক-আপ বুলিলে আমি সকলোৱে ভাৰপাওঁ অকণমান মাৰ্জিত তথা অনুজ্বল মেক-আপ।কাৰণ দিনত সকলোৰে চকুত পৰে।এই সকলোবোৰ কথা মনত ৰাখিয়েই আহকচোন জানো জহৰ দিনত নিজৰ যতন কিদৰে ল’ব তথা দেখিবলৈ কেনেকৈ ধুনীয়া হৈ থাকিব।
সাধাৰণতে ছাল পৰিষ্কাৰ থাকিলে মেকআপ কৰাৰ আগতে ফাউণ্ডেশ্যন ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই।আনহাতে অধিক তেলেতীয়া ছালত এষ্ট্ৰিনজেন্ট ব্যৱহাৰ কৰিব লাগিব।
লোশ্যন লগোৱাৰ পাছত কমপেক্ট পাউডাৰ ছালৰ লগত খাপ খোৱাকৈ(আজিকালি বজাৰত কিনিবলৈ পোৱা যায়)লগাওক।চকুৰ চাৰিওকাষে পাউডাৰ নলগাব।
দুপৰীয়া ব্লাছাৰ নলগোৱাই ভাল।যদি বেছি প্ৰয়োজনবোধ কৰে তেনে’হলে পাতলকৈ অকণমান লগাব পাৰে।
চকুৰ মেকআপৰ বাবে-কাজল ব্যৱহাৰ নকৰি পেঞ্চিল ব্যৱহাৰ কৰক।কাপোৰসাজৰ লগত খাপ খোৱাকৈ যিকোনো ৰংৰ পেঞ্চিল ব্যৱহাৰ কৰিব পাৰে।অৱশ্যে গাৰ বৰণৰ সৈতেও মিলিব লাগিব।পাতলকৈ মাছকাৰা লগালে চকুকেইটা আৰু উজ্বল হৈ পৰিব।
এইবাৰ আহিল লিপষ্টিকৰ ৰং বাছনি কৰা।আন আন মেকআপৰ দৰে লিপষ্টিকৰ ৰঙো পাতলকৈ লগাওক।লিপষ্টিকৰ সলনি কালাৰড গ্ল’ছ পোৱা যায়।।
জহত সন্ধিয়া সময়ত দুপৰীয়াতকৈ কিছু গৰম কমি আহে যদিও বহু সময়লৈকে পোহৰ হৈ থাকে।সন্ধিয়াৰ মেকআপত কিছু ফ্ৰেছলুক দিয়াটো প্ৰয়োজন।
জহকালি পাৰ্টি,বিবাহ আদিলৈ যাবলে হ’লে মেকআপ কৰিবলগীয়া হয়।
১/মুখৰ বৰণৰ লগত খাপ খোৱাকৈ ফাউণ্ডেশ্যন সানক,কেইটোপালমান পানী মিহলাই লৈ।
২/গ্ল’ৰ বাবে ব্লাছাৰ(পাউডাৰযুক্ত) লগাওক।
৩/ব্ৰাছেৰে আউটওৱাৰ্ড ষ্ট্ৰক দিয়ক।
৪/মনত ৰাখক পাতল ৰঙেই ব্যৱহাৰ কৰিব লাগিব।
৫/গালত যদি পাতল গুলপীয়া ব্লাছাৰ ব্যৱহাৰ কৰে চকুৰ পতাত ব্ৰাউন আইশ্বেড ব্যৱহাৰ কৰিব পাৰে।
৬/চকুত মাছকাৰা লগাওক।
৭/লিপষ্টিকৰ বাছনিৰ ক্ষেত্ৰত ৰাতিৰ বাবে অলপ গাঢ় ৰং ব্যৱহাৰ কৰিব পাৰে।
মেকআপ সুন্দৰকৈ ৰাখিবলৈ-
১/তেলেতীয়া ছালৰ বাবে প্ৰথমে এষ্ট্ৰিনজেন্ট লোশ্যন লগাই লওক।কিছুপৰ অপেক্ষা কৰাৰ পাছত ফাউণ্ডেশ্যন সানক।
২/জহৰ বাবে মুখৰ নোমকোপসমূহ খোলা হৈ থাকে।বন্ধ কৰিবলৈ এখন ৰুমালত আইচ কিউব বান্ধি মুখমণ্ডলত লগাব পাৰে।
৩/লিপষ্টিক বেছিপৰলৈ ৰাখিবলৈ প্ৰথমে ওঁঠত ফাউণ্ডেশ্যন লগাই লওক।লিপষ্টিক লগোৱাৰ পাছত পাতলকৈ অলপ পাউডাৰৰ বোল দিয়ক।তাৰ ওপৰত পুনৰ লিপষ্টিক লগাই লওক।
ছালৰ যতনৰ বাবে-
১/খাওক প্ৰচুৰ পৰিমাণৰ পানী।
২/ছালখন পৰিষ্কাৰ কৰি ৰখাত আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব।
৩/সময়ত কৰাওক আপোনাৰ বাবে প্ৰয়োজন হোৱা ফেচিয়েল।
৪/ছাল পোৰা সমস্যাৰ বাবে বিশেষজ্ঞৰ সহায় লৈ আপোনাৰ কৰণীয়াখিনি ভালদৰে বুজি লওক।
৫/মাজে-মাজে ঘৰুৱা পেক কিছুমানেৰেও ছালৰ যতন লবলৈ চেষ্টা কৰক।
৬/এই সময়ত ওলোৱা বিভিন্ন ফল-মূলসমূহ খোৱাৰ উপৰি ফলৰ ৰস মুখত লগাব পাৰে।
কিছু ঘৰুৱা যতন-
১/জহত বাহিৰলৈ ওলোৱাৰ লগে লগে শৰীৰৰ নিৰাভৰণ অংশসমূহ ৰ’দত পোৰে।গতিকে বাহিৰৰ পৰা অহাৰ পাছত এই অংশসমূহত দৈ লগাই কিছুসময়ৰ পাছত ধোৱক।
২/পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰক।ঘৰুৱাভাৱে নেমুৰ চৰবত,ঘৰত পতা দৈ,ডাৱৰ পানী,তৰমুজ,তিয়ঁহ,বন্ধাকবি লাউ আদি খোৱাৰ অভ্যাস কৰক।
৩/বাহিৰৰ ৰ’দৰ পৰা অহাৰ পাছত চকুৰ পতাত আলু বা তিয়ঁহ চকলিয়াই লগাব পাৰে।
৪/মুখত তিয়ঁহ,বিলাহীৰ ৰস সানিব পাৰে।
৫/জহকালি ঘামৰ বাবে মুখমণ্ডল বাৰে-বাৰে ধোৱাৰ ফলত ময়শ্বৰাইজাৰ নোহোৱা হয়।সেয়ে পকা অমিতা বা কল পিটিকি সপ্তাহত দুবাৰ তিনিবাৰকৈ লগাওক।
৬/সপ্তাহত এবাৰ অটচ আৰু পকা অমিতা মিহলাই মাস্ক তৈয়াৰ কৰি লগাওক।মুখত থকা দাগ কিছু পৰিমাণে হলেও কমিব।
৭/ছালত স্থিতিস্থাপকতা বজাই ৰাখিবলৈ জহকালত প্ৰয়োজন হোৱা ফেচিয়েল কৰি মাস্ক লগাবলৈ নাপাহৰিব।এনে সময়ত ছালখনে যেন ঠাণ্ডা অনুভৱ কৰে,তেনেধৰণৰ মাস্ক লগাবলৈ যত্ন কৰক।
৮/ঠাণ্ডা পানীৰ ঠাইত দৈ বা ডাৱৰ পানী খাওক।
৯/এইসময়ত ওলোৱা ফল-মূল,তৰমুজ আদি বেছিকৈ খাওক।
১০/বজাৰত পোৱা খোলা অৱস্থাত ৰখা কোনো বস্তুৱেই নাখাব।
জহত লগাব পৰা কেইটামান এন্টি-এজিং পেক-
১/ৰ’দে পোৰা অংশত বিলাহীৰ ৰস আৰু দৈ একেলগে মিহলাই বাহিৰৰ পৰা অহাৰ পাছত সদায় সানক।
২/দুটা কণীৰ কুহুমৰ লগত আধা চামুচ মৌ আৰু কেইটোপালমান বাদাম তেল একেলগে ভালকৈ মিহলাই মুখত সানি থওক,শুকালে ঠাণ্ডাপানীৰে ধোৱক।
৩/মৌৰ লগত অলপমান কুহুমীয়া গৰম পানী মিহলাই গোটেই গাতে সানক,ছালখন কোমল হ’ব।এনেদৰে দহ/পোন্ধৰ মিনিট সময় ৰাখিব।
৪/ছালখনত স্থিতিস্থাপকতা বজাই ৰাখিবলৈ তিহঁয় ৰুকি বা ৰস উলিয়াই এটা কণীৰ বগা অংশ আৰু কেইটোপালমান নেমুৰ ৰস মিহলাই মুখত লগাওক।শুকালে পানীৰে ধোৱক।
৫/পকা বিলাহীৰ ৰসৰ লগত সমপৰিমাণৰ নেমুৰ ৰস আৰু গোলাপজল মিহলাই হাত দুখনত মাছাজ কৰক।।
সহায় লৈ (সংগৃহীত)।