মনালিছা শইকীয়া, বোকাখাত
আমি সকলোৱে জানো যে এখন দেশৰ সৰ্বাংগীণ উন্নতি তেতিয়াহে সম্ভৱ হৈ উঠিব যেতিয়া দেশখনৰ সকলো নাগৰিক স্বাৱলম্বী হ’ব। অতি প্ৰাচীন কালৰেপৰা নাৰীক কেৱল অনা আৰ্থিক কামৰ আহিলাৰূপে গণ্য কৰি সহস্ৰ চকুৰ আগত যোগ্যতাৰ মাপকাঠিৰে জোখ-মাখ কৰা হৈছিল। নাৰীক ভোগ্য সামগ্ৰীৰূপে গণ্য কৰা হৈছিল। ইতিহাস তাৰ সাক্ষীহৈ আছে। পিতৃ গৃহত পিতৃৰ আৰু স্বামীৰ গৃহত স্বামীৰ কঠোৰ শাসনৰ মাজত অতিবাহিত হৈছিল নাৰীৰ জীৱন। নাৰীৰ সমস্ত চিন্তা চেতনাক ঘৰৰ চাৰি দুৱাৰৰ মাজত বন্দী কৰি ৰখা হৈছিল। সমাজত নাৰী উপাৰ্জনশীল হোৱা কথাতো হেয় দৃষ্টিৰে চোৱা হৈছিল। প্ৰকৃতাৰ্থত এনে কেতবোৰ কাৰণতে সামৰ্থ্য থাকিও নিজৰ সামৰ্থ্যৰে উন্নতিৰ জখলাডাল বগাবলৈ নাৰী অপাৰগ আছিল। এক কথাত বগাবলৈ সুবিধা দিয়া হোৱা নাছিল। অনা আৰ্থিক কাৰ্যত অধিক সময় ব্যস্ত হৈ থাকিব লগা হোৱাৰ বাবেই অৰ্থ উপাৰ্জন আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰাত তেওঁলোক সদায় পিছপৰি ৰৈছিল।
সাম্প্ৰতিক পৰিবেশ আৰু পৰিস্থিতিয়ে সমাজ জীৱনলৈ বহু পৰিবৰ্তন আনিলে। চেতনাৰ নৱ উন্মেষে নাৰীৰ জীৱনলৈ ৰূপান্তৰৰ ৰ’দ কাঁচলি কঢ়িয়াই আনিলে। “লাউ যিমানেই ডাঙৰ নহওঁক সদায় পাতৰ তল” বোলা প্ৰচলিত ধাৰণাটো এতিয়া ভুল বুলি প্রমানিত হৈছে। আজিৰ নাৰী আগৰ দৰে ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ নাথাকে। পুৰুষ মহিলা উভয়ে উপলব্ধি কৰে যে ঘৰ এখনৰ সকলো সদস্যই দুই হাতে আজুৰিলেহে অৰ্থনৈতিকভাৱে সবল হ’ব পাৰিব। অৰ্থনৈতিক সুস্থিৰতাইহে এখন সমাজ বা এখন ঘৰক শান্তিপূৰ্ণ অৱস্থান দিয়ে। ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। এই দেশৰ অৰ্থনৈতিক ভেটি আজিও সবল নহয়। তদুপৰি মহিলাৰ সবলীকৰনৰ বাবে স্বাধীনতাৰ পিছৰ কিছু বছৰলৈকে আমাৰ দেশৰ চৰকাৰ সমূহে বিশেষ কাৰ্যকৰী ব্যৱস্থাপনা গঢ়ি তুলিব পৰা নাছিল। কিন্তু পৰিবৰ্তনশীল চিন্তাধাৰাত চৰকাৰেই হওক বা প্ৰতিষ্ঠানেই হওক মহিলা সকলক সবল কৰি তুলিবলৈ আজি কিছু বছৰ আগৰপৰা সহায়ৰ হাত আগবঢ়াবলৈ লয়। আৰম্ভ হ’ল আত্মসহায়ক গোট গঠনৰ প্ৰক্ৰিয়া। পৰৱৰ্তী সময়ত এই আত্মসহায়ক গোট সমুহে নাৰী সকলক আত্মবিশ্বাসেৰে নিজৰ ভৰিত ঠিয় দিবলৈ সাহস দিলে।
‘আত্মসহায়’ শব্দটোৱে বিকাশ আৰু উন্নতিৰ সুযোগ দি এগৰাকী মহিলাক স্বাৱলম্বনৰ পথ তৈয়াৰ কৰি দিয়ে। যাৰ জৰিয়তে নিজৰ উদ্যমিতা আৰু দক্ষতা প্রতিফলন কৰিব পাৰি। শিক্ষাগত অৰ্হতা অবিহনেও এই ব্যৱস্থাই পাঠ দিয়ে কৰ্মই ধৰ্ম। সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা, বেংক বা কোনো কাৰ্যালয়ৰ দুৱাৰ গচকি নোপোৱা মহিলা সকলক আত্মসহায়ক গোটৰ ব্যৱস্থাই অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু শৈক্ষিকভাবে স্বাৱলম্বী কৰি তুলিলে। বেংকৰ জৰিয়তে পোৱা সঞ্চয় আৰু ঋণৰ সুবিধাই মহিলা সকলক গোলকীয় পৃথিৱীৰ ডিজিটেল ব্যৱস্থাপনাৰ জ্ঞান দিলে। কৰ্মক্ষেত্ৰত আৰ্জিত অভিজ্ঞতা প্রদৰ্শন কৰি সামূহিক ভাবে লক্ষ্যৰ দিশলৈ আগুৱাই যোৱাৰ সুযোগ পালে। আধুনিক চিন্তা চৰ্চাই মানুহক স্বাৱলম্বীতাৰ পাঠ শিকায়। আৰ্থিক ক্ষেত্ৰত পিছপৰি থকা নাৰী সমাজক আগবঢ়াই নিবলৈ চৰকাৰ তথা অনান্য অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন আঁচনি গ্ৰহণ কৰাত মহিলা সকল ক্ৰমান্বয়ে আৰ্থিক ক্ষেত্ৰত স্বাৱলম্বী হৈ উঠিছে।
আত্মসহায়ক গোট সমূহৰ জৰিয়তে মহিলা সকলে নিজক স্বাৱলম্বী কৰাত অধিক সফল হোৱা দেখা গৈছে। সৌসিদিনালৈকে বেংকৰ দুৱাৰ চিনি নোপোৱা মহিলা সকলক আত্মসহায়ক গোটৰ আঁচনিয়ে আজি অৰ্থনৈতিক দিশত সজাগ আৰু সচেতন কৰি তুলিছে। বৰ্তমান সময়ত চৰকাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানে মহিলাৰ আত্মসহায়ক গোট সমুহক যথেষ্ট পৰিমাণে সহায় সহযোগ কৰিছে। উদাহৰণস্বৰূপে বেংকৰ জৰিয়তে গ্ৰহণ কৰিব পৰা ঋণৰ ব্যৱস্থাৰ কথা ক’ব পাৰি। মহিলা সকলে লোৱা এই ঋণৰ সুদৰ হাৰ যথেষ্ট কম আৰু ঋণ লওঁতাৰ কিছু পৰিতোষক সাহায্যও থাকে। সাধাৰণতে এই ঋণ আত্মসহায়ক গোট এটাৰ সদস্য সকলক বোৱাকটা কৰা, গৰু-ছাগলী পালন কৰা, হাঁহ-কুকুৰা-গাহৰি পালন কৰা, থলুৱা সা-সামগ্ৰী উৎপাদন কৰি দোকান-বজাৰ দিয়া আদি কামৰ বাবে প্ৰদান কৰা হয়। যাৰ যোগেদি মহিলা সকল ঘৰতে থাকি স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰতো সামান্যতম হ’লেও অৱদান আগবঢ়াব পাৰে। প্ৰকৃতাৰ্থত মহিলাৰ জীৱন আৰু জীৱিকাৰ উত্তৰণে সমাজখনক প্ৰগতিৰ দিশত অগ্ৰসৰ হোৱাত সহায় কৰে।
বৰ্তমান আমাৰ দেশৰ অৰ্থনীতি টনকিয়াল কৰি তোলাত আত্মসহায়ক গোটসমূহৰ যথেষ্ট অৰিহণা আছে। এই ক্ষেত্ৰত আমি বাংলাদেশৰ অৰ্থনীতিৰ মূল চালিকা শক্তি সেই দেশৰ মহিলা আত্মসহায়ক গোট সমূহলৈও আঙুলিয়াব পাৰোঁ। বাংলাদেশৰ ভাঙি পৰা অৰ্থনীতি সুদৃঢ় কৰি তুলিছিল সেই দেশৰ মহিলাৰ আত্মসহায়ক গোট সমূহে। মূলতঃ এই গোট সমূহ হৈছে গ্ৰামাঞ্চলৰ স্থানীয় মহিলাসকল বা পুৰুষসকলৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এক সমমাত্ৰিক গোট। ১৯৩৫ চনত আমেৰিকাত ‘এলকহলিকছ এনানিমাছ’ নামৰ সংস্থাটো প্ৰতিষ্ঠা হোৱাৰ পৰাই ইয়াৰ ইতিহাস আৰম্ভ হৈছে। ভাৰতবৰ্ষত ১৯৮৫ চনত ‘মহীশূৰ পুনৰ সংস্থাপন আৰু এলেকা উন্নয়ন সংস্থা’ (MYRADA) গঠনৰ পদক্ষেপেৰে আত্মসহায়ক গোটৰ আন্দোলন আৰম্ভ হৈছিল। এই গোটৰ সদস্যসকল আৰ্থিকভাৱে পিচপৰা অত্যন্ত দুৰ্বল শ্ৰেণীৰ লোক। গোটৰ প্ৰত্যেকজন সদস্যই তেওঁলোকৰ উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত বেংকত জমা কৰি এটি সমূহীয়া পুঁজি গঠন কৰে আৰু প্ৰয়োজন সাপেক্ষে গোটৰ কোনো সদস্য বা গাঁৱৰ আন কোনো লোকলৈ সমূহীয়া পুঁজিৰ পৰা নিৰ্দিষ্ট সুতৰ বিনিময়ত টকা ঋণ হিচাপে যোগান ধৰে। দৰাচলতে আত্মসহায়ক গোট সমূহৰ মহিলা সকলক উন্নত মানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি ,এক সুপৰিকল্পিত আঁচনিৰ জৰিয়তে, আৰ্থিক ভাৱে টনকিয়াল কৰি এক ক্ষুদ্ৰতম বিত্তীয় সামাজিক অনুষ্ঠানলৈ পৰিবৰ্তিত কৰিবলৈ বিচৰা হৈছে।
ভাৰতীয় অৰ্থনীতিৰ মূল স্তম্ভৰূপে পৰিগণিত হৈছে গ্ৰাম্য অৰ্থনীতি। গ্ৰামীণ মহিলা সকলক সংগঠিত কৰি বিভিন্ন প্ৰকাৰৰ ঋনৰ ব্যৱস্থাৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ পথ দেখুৱাই গ্ৰাম্য অৰ্থনীতিৰ ভেটিটো সুদৃঢ় কৰিবলৈ বিচৰা ব্যৱস্থাটোৱেই হৈছে আত্মসহায়ক গোট গঠন। এই গোট সমূহৰ ঋণাত্মক দিশ থাকিলেও যোগাত্মক দিশৰ সংখ্যা অলেখ আছে। গোটৰ জৰিয়তে মহিলা সকলে একগোট হোৱাৰ সুযোগ পাইছে আৰু নিজৰ অভাৱ অভিযোগ সমূহৰ বিষয়ে আলোচনা কৰি সমাধানৰ পথ বিচাৰি লবলৈ এখন মঞ্চ লাভ কৰিছে। এগৰাকী মহিলাই অকলে কৰিব নোৱাৰা কামসমূহ দহজনে মিলি কৰিবলৈ সুবিধা পাইছে। সুদখোৰ মহাজন বা কাবুলীৱালাৰ ওচৰত হাত পতাৰ সলনি বেংকৰ যোগেদি ঋণ লাভ কৰি নিজকে স্বাৱলম্বী কৰিবলৈ সুযোগ পাইছে। স্বাধিকাৰ আৰু স্বাভিমান বৰ্তাই সৃজনধৰ্মী পাৰদৰ্শিতা সমূহ প্ৰদৰ্শন কৰি সেই অনুসাৰে নিজৰ জীৱিকা ঠিক কৰি লবলৈ এগৰাকী মহিলাই আত্মসহায়ক গোটৰ যোগেদিযে সুযোগ পাইছে তাত কাৰো দ্বিমত নাই। তদুপৰি গোট গঠনৰ পাছত বহু মহিলাই গাঁৱৰ পৰম্পৰাগত ৰক্ষণশীলতাৰ পৰা নিজকে মুক্ত কৰিবলৈ সুযোগ পাইছে আৰু পুৰুষৰ সহায়ক হবলৈ সুবিধা লাভ কৰিছে।
ল
গোটৰ প্ৰসাৰণে মহিলাৰ মাজত অনা আৰ্থিক কামতকৈ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিছে আৰু সকলোকে অকণমান হ’লেও সঞ্চয়ৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। মহিলা সকলৰ নেতৃত্ব সুলভ গুণৰ লগতে বাকপটুতাৰ বিকাশ ঘটিছে আৰু ইয়াৰ প্ৰতিফলন গ্ৰাম্য জীৱনৰ কামকাজ আৰু পঞ্চায়ত ব্যৱস্থাত দেখিবলৈ পোৱা গৈছে। ঘৰৰ চাৰি দুৱাৰৰ মাজত আৱদ্ধ হৈ থকা মহিলা সকলে গোট গঠন কৰি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা সমূহত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। ফলত তেওঁলোকৰ বাবে নতুন নতুন জীৱিকাৰ পথো উদ্ভাসিত হবলৈ ধৰিছে। ঘৰ এখনৰ মূল চালিকা শক্তি মহিলা। মহিলাৰ আত্মনিৰ্ভৰশীলতাই ঘৰখন সুখ আৰু সমৃদ্ধিশালী হোৱাত যথেষ্ট অৱদান আগবঢ়ায়। এই বাট প্ৰশস্ত কৰাত আত্মসহায়ক গোটৰ ভূমিকা অনস্বীকাৰ্য।