আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা
**********************************************
দেৱীনা পামেগাম পেগু
ধেমাজি।
ফোন : ৯৮৬৪১৬৮৮৬২
অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি ৰূপে পৰিচিত মিচিংসকল হ’ল অন্যতম জনজাতীয় জনগোষ্ঠী। কৃষিজীৱী মিচিংসকল সাধাৰণতে নদ নদীৰ পাৰে পাৰে আৰু হাবি জঙ্ঘলৰ কাষত বসবাস কৰি ভাল পায়। সেয়েহে কৃষি কাৰ্য্যক মুখ্য হিচাপে লৈ প্ৰাকৃতিক পৰিৱেশৰ লগত সহ অবস্থান কৰি থুৰতে পোৱা সামগ্ৰীৰে বিভিন্ন খাদ্য অভ্যাসৰ সতে কেনেকৈ খালে কিদৰে সুস্বাদু যুক্ত কৰি ৰান্ধি ভিতৰুৱা অঞ্চলত দীৰ্ঘস্থায়ী কৰি মহঙা দিনত খাব পাৰি তাৰে প্ৰচেষ্টা অব্যাহত কৰি আহিছে।
মিচিং সকলৰ প্ৰধান আহাৰ হ’ল ভাত। ভাতৰ লগত বিশেষকৈ মাছ ,মাংস খোৱাৰ অভ্যাস তেওঁলোকৰ অতীজৰে পৰাই অভ্যাস আছে। পূৰ্বতে চিকাৰ কৰি খোৱাৰ তেওঁলোকৰ এটা পৰম্পৰা আছে , চিকাৰত পোৱা মাংস শুকুৱাই ৰাখি সকলো গাঁৱৰ লোকক খোৱাৰ অভ্যাস আছে । ঠিক তেনেদৰে সমজুৱা ভাৱে মাছ মাৰি শুকুৱাই বহু দিনৰ বাবে সংৰক্ষণ কৰিছিল।
ৰঙীন কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ মিচিং সকলৰ মাজত যদিওঁ বিভিন্ন ধৰণৰ জনপ্ৰিয় খাদ্য প্ৰণালী আছে তাৰে ভিতৰত ” নামচিং” নামৰ এবিধ অতি সুস্বাদু আৰু জনপ্ৰিয় খাদ্য সম্ভাৰ এটি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। অৱশ্যে কিছুমান জনগোষ্ঠীৰ মাজতো তেনে ধৰণৰ সুস্বাদু যুক্ত খাদ্য সংৰক্ষণ কৰি খাদ্য বিধক ঠাই বিশেষে বেলেগ বেলেগ নামেৰে নামাঙ্কিত কৰা দেখা যায়। যেনে শুকতি, গুন্দুৰুক, শিদল, সুতকি মাছ আদি জাতি জনজাতি বিশেষকে নামাকৰণ হৈছে। নামচিং প্ৰধানকৈ সৰু সৰু মাছ যেনে – পুঠিমাছ , গৰৈ , চেঙেলি , শিঙৰা,শিঙি , ডৰিকনা,খলিহনা , বাটো আদি সৰু সৰু মাছৰ পৰা বা সংমিশ্ৰনৰ পৰা আৰু আৰু ডাঙৰ মাছৰ ভিতৰত কুঢ়ি, ৰৌ ,বৰালি আদি মাছৰ পৰা প্ৰস্তুত কৰা এবিধ শুকান খাদ্য সম্ভাৰ। প্ৰথমতে মাছবোৰ জুশালৰ চাং (p’erab) ত শুকান কৰি লয় আৰু সেই শুকুৱা মাছবোৰ উড়াল (ki : per)ত গুৰি হোৱাকৈ খুন্দি লোৱা হয় আৰু পাছত শুকান বাঁহৰ চুঙাত ভৰাই বহু দিন ,মাহ আনকি বছৰ পৰ্যন্ত ধোঁৱা চাঙত সংৰক্ষণ কৰি ৰখা হয়। সময় সাপেক্ষ ইয়াক চুঙাৰ পৰা প্ৰয়োজন অনুসৰি উলিয়াই তেল ,নিমখ ,পিয়াজ, জলকীয়া,আদা, নহৰু মচলা , ধনীয়া পাত ,পিয়াজ পাত ,নহৰু পাত আদিৰে ভাজি , পাততদি ভাতৰ সতে জুতি লগাকৈ খাব পাৰি।ৰুচি অনুসৰি কেতিয়াবা বিলাহী দি অলপ থপ থপিয়াকৈয়ো ভাজিও খাব পাৰি। আচলতে কলপাত , তৰাপাত বা হালধিপাতত বান্ধি জুইৰ এঙাৰ বা গৰম ফুটছাইৰ মাজত সেক দি গৰমে গৰমে কেঁচা জলকীয়া,নিমখ , ধনিয়াৰ আদিৰ লগত মিহলাই খালে ইয়াৰ সোৱাদ দুগুণ বাঢ়ে। ইয়াৰোপৰি আলু পিটিকা,কচু পাতত দি পিটিকা নাইবা বিভিন্ন পিটিকাৰ লগত অলপ সানি লৈও খোৱা হয়। কলপাত, তৰাপাত, হালধিৰ পাতত টোপোলা বান্ধি অলপ পানী দি সিজাইয়ো খাব পাৰি। যি প্ৰকাৰে ৰান্ধি খোৱা নহওঁক লগত কিন্তু পিয়াজ, কেঁচা জলকীয়া, নিমখ আদিৰ দ্বাৰা অধিক সুস্বাদযুক্ত হৈ পৰে। শুকান মাছৰ পৰা তৈয়াৰ বাবে গন্ধযুক্ত হোৱা হেতুকে এই জনপ্ৰিয় খাদ্য সম্ভাৰ বিধৰ নাম নামচিং। ই অতি ৰুচি সমৃদ্ধ ও মুখৰোচক সুস্বাদু খাদ্য সম্ভাৰ হোৱাৰ উপৰিও বিভিন্ন ৰোগ নিৰাময়ক হিচাপে বিবেচিত কৰা হয়। মিচিং সমাজত মেলেৰিয়া , জন্দিজ আদিৰ ৰোগৰ প্ৰতিষেধক হিচাপে সুফলদায়ক বুলিও গন্য কৰে। মিচিং জনজাতীয় সমাজত নামচিংৰ সমাদৰ বহু বেছি । কৃষিজীৱী মিচিং সকলে খেতিৰ দিনত পথাৰত ভাত খাবলৈ নামচিং নহলে যেন পেটলৈ ভাতেই নাযায়। নামচিঙৰ জুতিৰে পথাৰত ভাত খোৱাৰ সোৱাদত সোণত সুৱগা চৰায়।
বৰ্তমান মিচিং সকলৰ বাহিৰেও বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো নামচিং সমানে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। নামচিঙৰ গুণগত দিশৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিজ্ঞানসন্মত সংৰক্ষণৰ ব্যবস্থা কৰিলে অধিক উপকৃত হোৱাৰ আকাংক্ষা নুই কৰিব নোৱাৰি। বৰ্তমান খাদ্যত যি ধৰণে ৰাসায়নিক বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰি মানৱ জীৱনলৈ বিভীষিকা কঢ়িয়াই আনিছে এই সময়ত যদি আমি প্ৰকৃতিগত ভাৱে খাদ্য সংৰক্ষণৰ দৰে ইতিবাচক দিশবোৰক প্ৰাধান্য দিও নিশ্চয় স্বাস্থসন্মত হৈ উঠিব বুলি মনে ধৰে, কাৰণ স্বাস্থ্যই পৰম ধন, অসমীয়াত আমাৰ “এষৰ কথা আছে নহয় দেহা থাকিলেহে বেহা “। কালৰ সোঁতত এই জনপ্ৰিয় সামগ্ৰী বিধৰ সময় সাপেক্ষ সংৰক্ষণৰ যথোপযুক্ত ব্যবস্থা নকৰিলে এদিন বিলুপ্তিৰ পথৰ সন্ধান কৰিব।