মুখ্য সম্পাদকঃ মালবিকা চৌধুৰী
কৃতজ্ঞতাৰ শৰাই
বিন্দু সাহিত্য বটাঁ ,এটা দীঘলীয়া বাট। জমা দিয়া তাৰিখৰ দুদিনমান আগলৈকে ৰাতিও অফিচ খুলিলগীয়া হয়। এখন দুখনকৈ জমা হৈ হৈ সৰ্বাধিক ২৯ খনলৈকে হৈছিলগৈ। ২০২২-২৩ ৰ বাবে ২৩ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।
তিনিখলপীয়া বিচাৰকৰ নিৰ্বাচনৰ পিছত প্ৰতিজন বিচাৰকৰ দৃষ্টিত প্ৰথম স্থান পোৱাবোৰ মূখ্য বিচাৰকৰ হাতত পৰেহি।
অসমৰ কেইবাজনো জনপ্ৰিয় লেখকে গোপনীয়তা ৰক্ষা কৰি আমাৰ এই যাত্ৰাত সহায় কৰি আহিছে ।
তেওঁলোক সকলোকে আমাৰ হিয়া ভৰা কৃতজ্ঞতাৰে শলাগৰ শৰাই আগবঢ়ালোঁ ।
প্ৰতিযোগীসকল, আমাৰ যাত্ৰাৰ প্ৰথম লাখুটি। উপন্যাস একোখন লিখি উলিওৱা সহজ নহয়। আমাৰ আহ্বান, আপোনালোকে স্থান নেপালেও সেইখনকে আকৌ পুণৰ লেখিব। এইখিনিতে আমাৰ ২৩ মে’ত হৈ যোৱা সভাৰ ভাষণ প্ৰসংগত সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰা ডাঙৰীয়াই জ্ঞানপীঠ বটাঁ বিজয়ী মামনি ৰয়চম গোস্বামী বাইদেউৰ প্ৰথম গল্পটো কিদৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ চন্দ্ৰ প্ৰসাদ শইকীয়া ডাঙৰীয়াই তেখেতৰ সম্পাদিত কাকতত অনুপযোগীতাৰ বাবে প্ৰকাশ নকৰি বাৰে বাৰে একেটা গল্পকে নতুনকৈ লিখিবলৈ দিছিল , ঘটনাটো অতি অনুপ্ৰেৰণামূলক। হয়তো সভাগৃহত সেইদিনা অনেকেই লেখাৰ অনুপ্ৰেৰণা পাইছে।স্থান নোপোৱাসকলে কিন্তু কেতিয়াও নিজৰ সৃষ্টিক হীন বুলি নাভাবিব। কলম কেতিয়াও এৰি নিদিব। বিন্দু সাহিত্য বটাঁৰ আয়োজক ড০ পাৰুল চৌধুৰী বাইদেউৰ আশা আছিল অসমীয়া উপন্যাসক অধিক চহকী কৰাৰ। আমাৰ মূখ্য বিচাৰক, তথা প্ৰতিযোগিতা পৰিচালনা সমিতিৰ মূখ্য উপদেষ্টা সকলোৰে শ্ৰদ্ধা আৰু সকলোৰে মৰমৰ মনিকুন্তলা
ভট্টাচাৰ্য বাইদেউৰ বিচাৰৰ অন্তত দিয়া ভাষণৰ যি আহ্বান সেয়া প্ৰতিগৰাকী ভৱিষ্যতৰ ঔপন্যাসিকৰ বাবে অতি গুৰুত্বপূৰ্ণ ।
বাইদেৱে চালি জাৰি চাই দোষ ত্ৰুটিবোৰ আঙুলিয়াই শুদ্ধ ৰূপত প্ৰকাশৰ বাবে পৰামৰ্শ দিয়ে।
সেয়েহে বিন্দু সাহিত্য বটাঁ কেৱল উপন্যাস পাণ্ডুলিপি প্ৰতিয়োগিতা নহয় , এয়া এক উপন্যাসৰ কৰ্মশালাও।
পোণ প্ৰথমে আমি ড০ দণ্ডীনাথ চৌধুৰী আৰু ডক্তৰ পাৰুল চৌধুৰী বাইদেউৰ প্ৰতি প্ৰণিপাত জনাই বিগতে ৫ বছৰ ধৰি আমাৰ লগত নেপথ্যত জড়িত সমূহ বিচাৰক মণ্ডলী, অসমৰ বিভিন্ন প্ৰান্তৰ সকলো প্ৰতিযোগী তথা মৰমৰ মনিকুন্তলা ভট্টাচাৰ্য বাইদেউলৈ শলাগৰ শৰাই আগবঢ়ালোঁ ।
বিন্দু সাহিত্য বটাঁ-৫ , বটাঁ প্ৰাপক ববিতা কলিতাৰ লগতে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্বীকৃতি প্ৰাপ্ত মঞ্জু মজুমদাৰ বৰ্মণ আৰু যুটীয়াভাৱে তৃতীয় স্বীকৃতি প্ৰাপ্ত লক্ষ্মী সন্দিকৈ আৰু গায়ত্ৰী গোস্বামীক পুণৰ বাৰ অভিনন্দন জ্ঞাপন কৰিলোঁ । এই বৰ্ষৰ পৰা কেৱল উপন্যাস পাণ্ডুলিপি নহয়, জন্ম লগ্নৰে পৰা ২০১৮ বৰ্ষলৈকে বিন্দুৰ সৌজন্যত বিভিন্ন শিতানত স্বীকৃতি ৰূপে সততা, নিষ্ঠা আৰু ঐকান্তিক প্ৰচেষ্টাৰে কাম কৰি অহা অসমৰ বিভিন্ন প্ৰান্তৰৰ লোকক সন্মান জনোৱা সেই ধাৰাটো বৰ্তমানৰ সম্পাদক ৰাতুল দাস শৰণীয়াই পুণৰ আৰম্ভণি কৰিলে, আৰু একেদিনাই মুঠ সাতগৰাকী ব্যক্তিক বিন্দু যুগপ্ৰভা বটাঁ মাজুলীৰ কৃষ্ণা দাস আৰু ড০ স্নেহলতা অধিকাৰী চহৰীয়া , সৌষ্ঠৱ বঁটা উজ্জ্বল ডেকা আৰু জ্যোতিময় কলিতা, বিন্দু প্ৰজ্ঞান বটাঁ ধৰণীধৰ নাথ আৰু অনিমা চহৰীয়া আৰু বিন্দুৰ বিভিন্ন সংখ্যাত বেতুপাতত উজ্জলি উঠা বিশিষ্ট অভিনেত্ৰী জেৰিণা বৰুৱাক। প্ৰতিগৰাকী বটাঁ প্ৰাপকে উপস্থিত থাকি আমাৰ অনুষ্ঠানটো সফশ কৰি তোলাৰ বাবে কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ ।
আমাৰ সন্মনীয় মূখ্য অতিথি অসম সাহিত্য সভাৰ সভাপতি সন্মানীয় সূৰ্য কান্ত হাজৰিকা, বিশিষ্ট ঔপন্যাসিক , সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰা ডাঙৰীয়া , গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মাননীয় প্ৰশান্ত কুমাৰ ডেকা ডাঙৰীয়া, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপসভাপতি হৰেশ্বৰ ডেকা ডাঙৰীয়া, গুৱাহাটী মিউনিচিপেলিটিৰ ১৪ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জু বৰা বাইদেউ, আটাইকেইগৰাকীকে তেখেতসকলৰ বহু মূল্যৱান সময় দি আমাৰ অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো ।
আৰু সন্মানীয় দৰ্শক সকল, যিয়ে সভাত উপস্থিত থাকি কেৱল সভা শুৱনি নকৰে সভাখনৰ গুৰুত্বপূৰ্ণ ভূমিকা এইসকল অতিথিৰ। নাম উল্লেখ কৰিলেই ৰৈ যাব অনেক সেইবাবে সকলোকে একেলগে আমাৰ কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ ।
আৰম্ভনীতে বন্তি প্ৰজ্বলনৰ লগে লগে ভক্তিমূলক ভজনেৰে সভাগৃহক এক আধ্যাত্মিক পৰিবেশৰে সকলোকে মনোযোগ গঢ়ি তোলা কালীৰাম বৰুৱা ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী ৰীতা ভৃঞা , সাৱলীল কণ্ঠৰে আবৃত্তি পৰিবেশন কৰি সকলোকে আপ্লুত কৰা কালীৰাম বৰুৱা ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী কৃপাঞ্জলি কটকী, কুহিঁমেলৰ ছাত্ৰ ৰূদ্ৰ দাস আৰু বৰ্ণ টু ডেন্স একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল তথা নৃত্য পৰিচালক শ্ৰুতি, সাগৰ আটাইকে আমাৰ কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ ।
বিশাল কাৰ্যসূচী , সময় সীমিত, সকলোৰে মনৰ কথা শুনিবলৈ হেপাহ, কাকো নিৰাশ নকৰি সুন্দৰকৈ সভাখনিক গতি প্ৰদান কৰা আমাৰ মৰমৰ দীপাঞ্জলী দাস পাঠক আৰু তেখেতক সহায় কৰা বিন্দু স্মাৰ্টৰ সদস্য আমাৰ ভগ্নীপ্ৰতীম ভাৰতী দত্ত , প্ৰয়াত ডক্তৰ দণ্ডীনাথ চৌধুৰী আৰু ডক্তৰ পাৰুল চৌধুৰী বাইদেউৰ একমাত্ৰ বোৱাৰী নয়না , আমাৰ বিন্দু স্মাৰ্টৰ সক্ৰিয় সদস্য হেমেন, জিতু, কংকনা, নয়না, বিউতী দাস, জ্যোতিষ শৰ্মাৰ লগতে আমাৰ অভিভাৱক স্বৰূপ মাননীয় প্ৰমোদ চন্দ্ৰ দাস আৰু মঞ্জুলা দাস বাইদেউকক বিশেষ বিশেষ ভাৱে কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ ।
শেষত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সংবাদদাতাসকলক আমি আমাৰ কৃতজ্ঞতা শৰাই আগবঢ়ালোঁ ।
সকলোৱে আশীৰ্বাদ কৰিব, সততা, নিষ্ঠা আৰু সেৱাৰ মনোভাৱেৰে কৰি অহা আমাৰ যাত্ৰা সদায় গতিময় হৈ থাকক।