নাট পৰ্য্যালোচনা

নাট পৰ্য্যালোচনা

 

নবযানী বৰুৱা শইকীয়া,ডিগবৈ
জিলা তিনিচুকীয়া ,অসম।
মোবাইল 9101767437

নাটক: হেড চাৰ
নাট্যকাৰ: ৰাজীৱ লোচন বৰা , ডুমডুমা
নাটৰ ধৰণ: একাংক
সময়: 45 মিনিট
চৰিত্ৰ: পাঁচ
( হেড চাৰ, ৰান্ধনী, অভিভাৱক, CRCC, জিলা শিক্ষা বিষয়া।)
মঞ্চস্থ: অসমৰ বিভিন্ন ঠাইত।(নাট্যকাৰৰ মতে)

” তৰোৱালত কৈ কলমৰ ধাৰ বেছি” বিজ্ঞ জনে কৈ যোৱা কথাখিনি কাণত বাজি উঠিছিল। সৌ সিদিনা ডিগবৈ ইণ্ডিয়া ক্লাবৰ মঞ্চত উপৰোক্ত শিৰোনামেৰে এখন নাট উপভোগ কৰাৰ সুযোগ পাইছিলোঁ। বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালাই কলমেৰে বিপ্লৱ অনিছিল। তেওঁলোকৰ বিপ্লৱী গীত সমূহে প্ৰতিজন অসমীয়াক স্বাধীনতা আন্দোলনৰ বাবে অনুপ্ৰেৰিত কৰি তুলিছিল। শ শ মানুহ ইংৰাজৰ বিৰুদ্ধে একত্ৰিত হৈছিল। মুখে মুখে যুগমীয়া গীত বোৰ প্ৰেৰণাৰ শ্লোগান হৈ বাগৰি আছিল।
তেনে এখন নাটক ” হেড চাৰ”। এইখন নাটক ৰচনা কৰিছে অসমৰ বিখ্যাত নাট্যকাৰ ৰাজীৱ লোচন বৰাই। নাটক খনে চৰকাৰী শিক্ষা বিভাগৰ মইমতালিক প্ৰতিফলন কৰাৰ প্ৰয়াস কৰিছে।
কাহিনী ভাগ এখন চৰকাৰী এজনীয়া শিক্ষকৰ বিদ্যালয়ক কেন্দ্ৰ কৰি আগবাঢ়ে। প্ৰথম দৃশ্যতে হেড চাৰ আৰু বিদ্যালয় খনৰ ৰান্ধনী বাইদেউৰ কথোপকথনৰ মূলভাব আছিল এনেধৰনৰ, ” চকু টিপিয়াই টিপিয়াই উপস্থিতি দিওঁতে লওঁতে যেন হেড চাৰৰ চকু যেতিয়াই তেতিয়াই তিপিয়াবলৈ অভ্যাসত পৰিণত হৈছে।” শিক্ষা সেতু নামৰ চৰকাৰী যন্ত্ৰৰ উপৰত এই দৃশ্য যেন উচিত প্ৰত্যুত্তৰ। শিক্ষক সকলক উত্তেজিত কৰিব পৰাকৈ সংলাপ সংযোজন অতি সুন্দৰ হৈছে। এইটো দৃশ্য উপভোগ কৰাৰ পিছত শিক্ষক সকলে নিজকে প্ৰশ্ন কৰিব,” ভুল শিক্ষা নীতিৰ অনুসৰণ কৰা উচিত নে ” । এইখিনিলৈকে লেখক সফল।
ইয়াৰ পিছত কাহিনী ভাগ কেৱল আৰু কেৱল হেড চাৰৰ কোঠাতে আগবাঢ়ি যায়। অভিভাৱকৰ চৰিত্ৰৰে চৰকাৰী বিদ্যালয়ৰ অভিভাৱক সকলক প্ৰতিনিধিত্ব কৰি এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ পৰা নিজৰ মেধাৱী সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নাম ভৰ্তি কৰোৱা দৃশ্য বাস্তব ৰূপত প্ৰতিফলন ঘটিছে। অভিভাৱক সকলক এই দৃশ্যই চৰকাৰী বিদ্যালয়ৰ পৰা নিজৰ মেধাৱী সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ লৈ যোৱাৰ চিন্তা এটাৰ উদ্ৰেক হোৱাৰ থল আছে। অভিভাৱকৰ চৰিত্ৰই গাঁওৰ বিদ্যালয় খনৰ প্ৰতি থকা মৰম আদৰ সুন্দৰকৈ ফুটাই তুলিছে লগতে হেড চাৰৰ প্ৰতি থকা শ্ৰদ্ধা খিনিক ফুটাই তুলিছে।
চৰকাৰী বিদ্যালয়ত কেৱল ভাত খিচিৰি খোৱাৰ বাবেহে যেন বোধগম্য হ’ল, পাঠদান দৃশ্য একেবাৰেই উপস্থাপন কৰা নহ’ল। মাজতে দুই এজন ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ দাঙি ধৰা অৱকাশ আছিল।
মণ্ডল সমন্বয়ক ( CRCC) ৰ চৰিত্ৰত এগৰাকী নিষ্ক্ৰিয় বিষয়া হিচাপে উপস্থাপন কৰা হৈছে যি কেৱল তথ্য সংগ্ৰহ কৰাত হে গুৰুত্ব আৰোপ কৰে, বিদ্যালয়ৰ প্ৰতি বিশেষ ভাৱে তৎপৰ নোহোৱা এটা দূৰ্বল চৰিত্ৰ যিটো নহলেও নাটকৰ কাহিনী ভাগ আগবাঢ়িব পৰা থল আছিল।
জিলা শিক্ষা বিষয়াৰ চৰিত্ৰত বিষয়া জনক এজন ৰুক্ষ বিষয়া হিচাপে উপস্থাপন কৰা হৈছে। ডাম্ভিক বিষয়া জনে কোনো তথ্য বিচৰা দেখা নগ’ল। বিদ্যাল়য়খনত পৰিদৰ্শন কৰোতে যিখিনি কথা সুধিব লাগে, যিখিনি তেওঁ ন’ট কৰি নিয়ে , সেই সমূহৰ বিষয়ে একো দেখুওৱা হোৱা নাই। মাথোঁ তৰ্জন গৰ্জন কৰা এটা চৰিত্ৰ হিচাপে ৰৈ গ’ল । শিক্ষক সকলৰ মনত চুই যাব পৰা এই দৃশ্যই শিক্ষা বিষয়াক ওচৰৰ পৰা নোপোৱা শিক্ষক সকলৰ দৃষ্টিত মুৰব্বী জনৰ প্ৰতি শ্ৰদ্ধা কমাই অনাৰ বাবে সফল হৈছে নাট্যকাৰ।
শেষৰ ফালে হেড চাৰৰ মনোস্থিতি বুজি, বিদ্যালয় খনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মেধাৱী ছাত্ৰ দুজনক সেই বিদ্যালয়তে ৰখাৰ সিদ্ধান্ত অভিভাৱক জনৰ চৰিত্ৰত দিয়া হ’লে হাজাৰ জন অভিভাৱক অনুপ্ৰাণিত হ’ল হেঁতেন আৰু নাটক খনে এক যোগাত্মক দিশৰে আগুৱাব পাৰিলে হয়।
অন্তিম দৃশ্যত শাসনাধীন চৰকাৰৰ মুখত পূৰ্ণ হতীয়া কোব মাৰি হেড চাৰৰ কিছু সংলাপ প্ৰক্ষেপ কৰা হৈছে। মূলভাৱ এনেধৰনৰ,” বিভিন্ন চৰকাৰী আঁচনি সমূহ দিয়াতকৈ শিক্ষক নিযুক্তি দিব লাগে।”
ইয়াতেই নাটকৰ যবনিকা পৰিছে।
এজন সাধাৰন দৰ্শক হিচাপে ভাবোঁ নাটক এখন উপভোগ কৰি চিন্তাৰ উদ্রেক ঘটিব পাৰে সেই নাটক খনেই সফল নাট।অনুভব কৰোঁ এই খন নাটকে নিৰ্বাচনলৈ কেইদিন থকা মূহুৰ্তত সমাজত বেচ প্ৰভাৱ পেলাব পৰা বিধৰ এখন নাটক মঞ্চস্থ হৈছে। চৰকাৰী বিদ্যালয়ত চলি থকা নীতি নিয়ম সমূহক ভূল (?) প্ৰমাণিত কৰিবলৈ যেন নাট্যকাৰ উঠি পৰি লাগিছে। এখন সমাজত নাটকে সুদূৰ প্ৰসাৰি প্ৰভাৱ বিস্তাৰ কৰে আৰু ৰাজীৱ লোচন বৰাৰ ” হেড চাৰ” নাটক খন শিক্ষক সমাজক উত্তেজিত কৰিব পৰাকৈ এখন সফল নাটক হিচাপে পৰিগণিত হৈছে। নাটক খনে এই বাৰ্তা প্ৰেৰণ কৰিছে যে চৰকাৰী বিদ্যালয়ত শিক্ষা সেতু নামৰ যিটো এপ ব্যবহাৰ আৰম্ভ হৈছে সেইটো লৈ শিক্ষক সমাজ সুখী নহয়। আঁচনিৰ ঊল্লেখ কৰি চৰকাৰক গভীৰ প্ৰত্যাহ্বান জনাই শিক্ষক নিযুক্তি বিচৰাটো সময় সাপেক্ষ হৈছে। নাটক খন কেৱল এটা অংকৰ একাংক নাট যদিও এক ঘেয়ামি পৰিবেশ এটা আছিল, দৰ্শকে একে খিনি দৃশ্য চাই বিৰক্ত হ’ব পৰা এখন নাটক। সংলাপ সংযোজন অতি বলিষ্ঠ আৰু স্পষ্ট। ৰাইজৰ মাজত সোমাই এই নাটে ভাবিবলৈ বাধ্য কৰিব পাৰে, এইখন চৰকাৰে এনে এক শিক্ষা ব্যবস্থা গ্ৰহন কৰিছে যত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিশ্চিত নহয়, অথবা শিক্ষক সকলক হাৰাশাস্তি কৰি বিপাঙত পেলোৱা এক ব্যবস্থা। নাটক খনে ক’তো এবাৰো বিদ্যালয় খনৰ আন্ত গাঁথনিৰ পুঁজি, ঐক্য পোচাক আদিৰ বিষয়টো উত্থাপন কৰা দেখা নগ’ল। চৰকাৰী প্ৰাথমিক বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ৰচনা কৰা হেড চাৰ নাটক খনত মাহেকীয়া সভা, মাতৃ গোটৰ সভা , শনি বৰীয়া আদিৰ কোনো দৃশ্য দেখা নগ’ল। কেইবাবাৰো গুনুৎসব ত A প্লাছ লাভ কৰা বিদ্যালয় খনৰ হেড চাৰৰ মুখত পুৰস্কৃত ধনৰ পঁচিশ হাজাৰ টকা লাভ কৰাৰ এটা সংলাপ দৰ্শকে আশা কৰিছিল। নাটক খনৰ সমাপ্তি এক বিদ্ৰোহ ঘোষণাৰে হোৱা পৰিলক্ষিত হৈছে। যোগাত্মক সংলাপ সংযোজন হোৱা দেখা নগ’ল।

“হেড চাৰ ” ৰাজীৱ লোচন বৰাৰ এখন সুন্দৰ সফল নাটক। এই নাটকৰ দৃশ্যাংশ কলমেৰ চুই চোৱা ধৃষ্টত মাথোঁ। নাটকৰ জয় হওক। সমাজ জীৱনত প্ৰভাব পৰাকৈ এনে নাটকৰ ৰচনা হৈ থাকক । আমি আশাবাদী।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *