৫ জুন বিশ্ব_পৰিবেশ_দিৱস

৫ জুন বিশ্ব_পৰিবেশ_দিৱস

 

পংকজ বৰুৱা

পৰিবেশ বুলিলে আমি সাধাৰণতে আমাৰ চৌপাশৰ সমাজ তথা ইয়াত বসবাস কৰা মানুহ খিনিক বুজো, পৰিবেশ বুলিলে বহল অৰ্থত পাঁচটা উপাদানৰ উপযুক্ত সমম্বয়, মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণী, অৰ্থাৎ জীৱজগতেই নহয় জীৱজগতক আৱৰি যি সামগ্ৰিক প্ৰকৃতি আছে সেয়াই হ’ল আমাৰ পৰিবেশ৷ ‌ পৰিবেশৰ বিভিন্ন উপাদান বোৰ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল৷ ‌ এটা নাথাকিলে আনটো থাকিব নোৱাৰে এই নিৰ্ভৰশীলতাই মানুহ আৰু প্ৰকৃতিৰ মাজত এক সমতাৰ সৃষ্টি কৰে যিটো জীৱন ধাৰণৰ বাবে অতিকৈ প্ৰয়োজনীয় ৷

১৯৭২ চনৰ ৫ জুনত চুইডেনৰ ষ্টকহোমত ৬০খন দেশে এখন সন্মিলনত ভাগ লৈছিল, ইয়াত গুৰুত্বপূৰ্ণ গ্ৰীণ হাউছ গেছৰ প্ৰভাৱ আৰু ইয়াৰ লগত জড়িত বিষয়ৰ আলোচনা হৈছিল, বহুৰাষ্ট্ৰৰ সিদ্ধান্ত গ্ৰহণকাৰী আৰু পৰিবেশ বিদে ইয়াত অংশ গ্ৰহণ কৰিছিল, বিশ্বৰ তাপমাত্ৰা বৃদ্ধি আৰু সাগৰৰ উপকূল ভাগত ইয়াৰ প্ৰভাৱৰ বিষয়ে শংকা প্ৰকাশ কৰিছিল৷ ‌ তেতিয়াৰ পৰাই ৫ জুন তাৰিখ টোক বিশ্ব পৰিবেশ দিৱস ৰূপে পালন কৰি অহা হৈছে৷ ‌
আমাৰ মানৱ সমাজে যিমানেই উন্নতি কৰিছে সিমানেই প্ৰাকৃতিক পৰিবেশক প্ৰদূষিত কৰি তুলিছে, বৰ্তমান সময়ত ই এক ভয়াবহ সমস্যা ৰূপে থিয় দিছে প্ৰাকৃতিক পৰিবেশৰ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু সকলো ৰাষ্ট্ৰৰ নাগৰিকৰ মাজত এই বিষয়ে সজাগতা অনাই হল বিশ্ব পৰিবেশ দিৱসৰ মূল উদ্দেশ্য ৷ ‌

পৰিবেশ প্ৰদূষণ বুলিলে বায়ু পানী আৰু মাটিৰ প্ৰদূষণক বুজায়৷ যিদিনাই মনুহে শিলে শিলে ঘঁহনি খুৱাই জুইৰ আৱিষ্কাৰ কৰিছিল সেই দিনাৰ পৰাই বায়ু প্ৰদূষিত হৈ আহিছে৷ ‌ শক্তি উৎপাদন কেন্দ্ৰ, গাড়ী মটৰৰ ধোঁৱা প্ৰধানকৈ ডীজেল চালিত ইঞ্জিন যিবোৰে প্ৰেট’ল চালিত ইঞ্জিন কৈ ৭ গুন অধিক প্ৰদূষণ কৰে, বিভিন্ন উদ্যোগ কাৰখানাৰ উৰাজাহাজ, পেলনীয়া আৱৰ্জনা জ্বলোৱা আদিয়ে ঘাইকৈ বায়ু প্ৰদূষিত কৰে৷ ‌ এই প্ৰদূষণে জলবায়ুক আক্ৰান্ত কৰে৷ ‌ বায়ু প্ৰদূষণে আমাৰ শৰীৰৰ ক্ষতি সাধন কৰাৰ উপৰিও প্ৰস্তৰ মূৰ্তি কংক্ৰিট, ইটা, ৰঙীন চিত্ৰ আদিও নষ্ট কৰে৷ ‌ বায়ু প্ৰদূষণত বিশ্বৰ চহৰ সমূহৰ ভিতৰত ভাৰতৰ চহৰ সমূহ সাৰ্বাধিক প্ৰদূষিত৷ ‌ দিল্লী পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বায়ু প্ৰদূষিত চহৰ বুলি WHO ৰ এক সমীক্ষাত প্ৰকাশ, ভাৰতৰ প্ৰায়বোৰ মহানগৰেই বায়ু প্ৰদূষণৰ মাত্ৰা সাৰ্বাধিক৷ কাৰ্বনডাইঅক্সাইডৰ পৰিমাণ বায়ুত বৃদ্ধি পোৱাৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি পাইছে ই পৰিবেশৰ প্ৰতি ডাঙৰ ভাবুকি ৷ ‌ উষ্ণতাৰ সামান্য পৰিবৰ্তনৰ ফলো ভয়ংকৰ হ’ব পাৰে খৰাং বতৰ, আকস্মিক বান সৃষ্টি কৰিব পাৰে, দুই মেৰুৰ বৰফ গলি সমুদ্ৰ পৃষ্ঠৰ উত্থিত হৈ পৃথিৱীৰ বহু অঞ্চল জলমগ্ন কৰিব পাৰে গতিকে বায়ু প্ৰদূষণ গোলকীয় উত্তাপ বৃদ্ধি মানৱ জাতিৰ বাবে এক অভিশাপ হৈ দেখা দিব ৷ ‌

জীৱজগতৰ বাবে পানী আৰু বায়ু অতিকৈ প্ৰয়োজনীয়৷ ‌ পানী প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়৷ ‌ বৰ্তমান সময়ত উদ্যোগ, কৃষি পাম, ঘৰুৱা পেলনীয়া বস্তু, কীটনাশক, তৃণ নাশক আদি দ্ৰব্য বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ আদিয়ে পানী দূষিত কৰি তুলিছে৷ ‌পানী প্ৰদূষণৰ বাবে মানুহৰ যথেষ্ট অনিষ্ট হৈছে৷ ‌ ভাৰতৰ জনজীৱনৰ সৰহসংখ্যক ৰোগ পানীৰ দ্বাৰাই সংক্ৰমিত হৈছে৷ ‌জণ্ডিছ, কলেৰা, টাইফয়ড, পেটৰ ৰোগ পানীৰ পৰা হোৱাৰ লগতে বহু নতুন ৰোগ পানীৰ পৰা হোৱা বুলি প্ৰমাণিত হৈছে৷ ‌ সম্প্ৰতি যি হাৰত পানী প্ৰদূষিত হৈছে সেই অৱস্থা অব্যাহত থাকিলে অদূৰ ভবিষ্যতে বিশুদ্ধ খোৱা পানী যে আপুৰুগীয়া সামগ্ৰীত পৰিণত হ’ব সি ধুৰূপ ৷ ‌

উদ্যোগিক বিকাশৰ লগে লগে ই ভূ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হয়৷ ‌ পৃথিৱীৰ ভূভাগৰ ১/৪ ভাগহে মাটি৷ ‌পৃথিৱীৰ উপৰিভাগতে জীৱজন্তু উদ্ভিদৰ প্ৰয়োজনীয় উপাদান বোৰ থাকে জীৱজগতৰ বিকাশৰ বাবে এই উপাদান সমূহ অক্ষত অৱস্থাত থকাটো অতিকৈ প্ৰয়োজন৷ ‌ কিন্তু মানৱ সমাজৰ কাৰ্য কলাপে জীৱ জগতৰ আৰু উদ্ভিদ জগতৰ আবাসস্থল পৃথিৱীৰ স্থলভাগ প্ৰদূষিত কৰি তুলিছে৷ ‌ মাটি প্ৰদূষণৰ প্ৰধান কাৰণ হ’ল ঔদ্যোগিক উচ্ছিষ্ট, নগৰাঞ্চলৰ আৱৰ্জনা, কৃষিজ আবৰ্জনা আদি৷ ‌ গছ গছনিৰ অৰণ্য ৰ ধ্বংস আদিৰ বাবে ভূমিস্খলন হয় আৰু প্ৰাকৃতিক ভাৰসম্য নষ্ট হয়৷ ‌ মাটিৰ ওপৰত পৰা জনসাধাৰণৰ অত্যধিক হেঁচা পৰিবেশ প্ৰদূষণত ইন্ধন যোগাইছে৷ ‌
মানৱ জীৱনৰ সকলো ক্ষেত্ৰতে পৰিবেশৰ প্ৰভাৱ অনস্বীকাৰ্য, মানৱ জাতিৰ অস্তিত্ব নিৰ্ভৰ কৰে পৰিবেশ সুৰক্ষাৰ ওপৰত৷ ‌সেই বাবেই মানৱ জাতিৰ পৰিবেশ সংৰক্ষণৰ বাদে বিকল্প নাই তাৰ বাবে বিশ্বৰ ৰাষ্ট্ৰ বোৰৰ সমন্বিত প্ৰচেষ্টা অতিকৈ প্ৰয়োজন৷ ‌ আমি প্ৰকৃতিৰ পৰা মুক্ত বায়ু সেৱন কৰো, বিশুদ্ধ পানী খাওঁ, প্ৰাকৃতিক প্ৰদত্ত সুন্দৰ বস্তু সমূহ উপভোগ কৰোঁ সেই বাবেই বায়ু পানী মাটিৰ প্ৰদূষণ বাধা দিয়াটো আমাৰ কৰ্তব্য৷ ‌ প্ৰকৃতিৰ যত্ন ল’লেহে প্ৰকৃতিয়ে আৰ যত্ন ল’ব৷ ‌ মানুহে প্ৰত্যেকেই নিজকে প্ৰকৃতিৰ অবিচ্ছেদ্য অংগ বুলি ধৰি ল’লে, প্ৰকৃতিক শোষণ নকৰিলে, দীৰ্ঘকালীন লক্ষ্য আগত ৰাখি কাম কৰিলে পৰিবেশ সংৰক্ষণত সফলতা লভিব পৰা হ’ব ৷

পৰিবেশ সুৰক্ষিত কৰি ৰাখিবলে হ’লে সমাজৰ প্ৰতিজন লোক সজাগ হ’ৱ লাগিব, পৰিবেশ সংৰক্ষণৰ গুৰুত্ব বুজিব লাগিব তাৰ বাবে ৰাষ্ট্ৰসংঘৰ লগতে প্ৰতি দেশৰ চৰকাৰে জনসজাগতা অনাৰ বাবে কিছুমান নীতি উপায় ল’ব লাগিব , প্ৰকৃতিৰ ওপৰত বিভিন্ন সভা সমিতি পতা আলোচনা চক্ৰ, হস্তীমহোৎসৱ, পক্ষীমহোৎসৱ,উপকূলীয় মহোৎসৱ , দ্বীপ মহোৎসৱ আদি পাতি জনসাধাৰণক প্ৰকৃতিৰ প্ৰতি আকৃষ্ট কৰিব লাগিব ,তেহে জনসজাগতা আহিব ।‌চৰকাৰে বনাঞ্চলৰ ৰক্ষাৰ বাবে বননীতি ঘোষণা কৰিব লাগিব, চৰকাৰী পৰিবেশ দিৱস পালন , পৰিবেশ প্ৰদূষণ ৰোধৰ বাবে কঠোৰ উদ্যোগিক নীতি গ্ৰহণ কৰিব লাগিব ।‌পৰিবেশৰ ভাৰসম্য ৰক্ষাৰ বাবে ভৈয়ামত ৩৩ভাগ মাটি আৰু পাহাৰত ৬০ ভাগ বনাঞ্চল থাকিব লাগে যিটো বৰ্তমান ক’তো নাই, আৰু এটা চিন্তাৰ বিষয় Co2 ৰ পৰিমান ২০৫০ চনত বৰ্তমানৰ দুগুন হ’ব যাৰ বাবে ভূপৃষ্ঠৰ উষ্ণতা ৩ ডিগ্ৰী বাঢ়িব যাৰ ফলত পৃথিৱীৰ হিমৱাহ সমুহ গলি সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰিব যাৰ বাবে পৃথিৱীৰ বহু ঠাই জলমগ্ন হ’ব ।‌ বহু মানুহ গৃহহীনা হ’ব ।‌ গতিকে আমি সজাগ হবৰ হ’ল ।
পৃথিৱীৰ যি প্ৰাকৃতিক পৰিবেশ এই পৰিবেশ প্ৰদূষিত হোৱাৰ একমাত্ৰ কাৰকে হ’ল মানৱ জাতি ৷ আজি আমি কৰা ভুলৰ পৰিণাম আগন্তুক আমাৰ ভৱিষ্যত প্ৰজন্মই ভুগিব লাগিব ৷ আগতে কৰা কিছুমান ভুলৰ পৰিণাম বৰ্তমান আমি ভোগ কৰিছোৱে ৷ দূৰলৈ জাবই নালাগে আমাৰ অসমতে অত্যাধিক ৰাসায়নিক দ্ৰব্য খেতি পথাৰত ব্যৱহাৰৰ ফলত নৈ বিল জান জুৰিৰ পৰা বহু প্ৰজাতিৰ মাছ কাছ লুপ্তপ্ৰায় হ’ল ৷ অলপ দিনৰ আগত গোলাঘাটৰ বানপানী,কেৰেলাৰ বানপানী, দিল্লীৰ গেছ ধূলকণা ভৰা কুঁৱলী, বিভিন্ন ঠাইত হোৱা এচিড বৰষুণ আদিবোৰ আমাৰ মানৱ জাতিয়ে কৰা ভুলৰে ফল ৷

পৃথিৱীৰ পৰিবেশ প্ৰদূষণৰ বাবে আটাইতকৈ বেছি দায়ি হ’ল মানুহৰ দ্বাৰা বহুল ব্যবহৃত পলিথিন ৷ এই পলিথিনেে পৃথিৱীৰ মাটি, পানী, বায়ু তিনিওকে প্ৰভাৱিত কৰে ৷ পুৰণা পেলাইথোৱা পলিথিনৰ পৰা কাৰ্বনডাইঅক্সাইড গেছ নিকৰ্ষিত হয় যি সূৰ্য্যৰ পৰা অহা তাপক শোষণ কৰি পৃথিৱীৰ বাতাবৰণ উষ্ম কৰি তুলে ৷ সৌৰজগতৰ সূৰ্য্যৰ আটাইতকৈ ওছৰৰ গ্ৰহ বুধ সেয়ে হয়টো আপুনি ভাবিব সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ বুধ, কিন্তু এই ধাৰণা শুদ্ধ নহয় ৷ সূৰ্য্যৰ পৰা দূৰত্বৰ দিশেৰে দ্বিতীয় গ্ৰহ শুক্ৰহে সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ ৷ এনে হোৱাৰ কাৰণ হ’ল কাৰ্বনযুক্ত গেছৰ অধিক উপস্থিতি যিয়ে সূৰ্য্যৰ পৰা অহা তাপক শোষণ কৰি ধৰি ৰাখে বাহিৰলৈ ওলাই জাব নিদিয়ে যাৰ বাবে শুক্ৰগ্ৰহৰ বায়ুমণ্ডল ক্ৰমান্বয়ে উষ্মৰ পৰা উষ্মৰ দিশলৈ গতি কৰে ৷ পৃথিৱীৰ মানব জাতি সচেতন ন’হ’লে এদিন পৃথিৱীৰ গতিও শুক্ৰৰ বায়ুমণ্ডলৰ দৰে গৰম হৈ পৰিব আৰু পৃথিৱী জীৱন শূন্য হৈ পৰিব ৷ ইতিমধ্যে যোৱা শতিকাৰ পৰা পৃথিৱীৰ উষ্ণতা কেইবা ফাৰেনহাইত বাঢ়িলেই ৷২০১৬ চনত পৃথিৱীত ৩২ কোটি টন প্লাষ্টিক উৎপাদন হৈছিল ২০৩৪ চনলৈকে ই বাঢ়ি দুগুণ হোৱাৰ সম্ভাৱনা আছে ৷ প্লাষ্টিক এনে এক যৌগ যি এবাৰ সৃষ্টি হ’লে তাৰ পৰা হোৱা দূপ্ৰভাৱ জীৱজগতৰ ওপৰত পৰিবই ৷ ইয়াক মাটিত পুটি, নৈ পানীত উতাই দি বা জ্বলাই শেষ কৰিব নোৱাৰি প্লাষ্টিকৰ পৰা ই অন্য অপকাৰী গেছলৈহে পৰিবৰ্তন হ’ব, জ্বলাই দিলেও হ’ব নজ্বলালৈও হ’ব ৷ প্লাষ্টিক জ্বলালে বিষাক্ত ডিঅ’ক্সিন নিৰ্গত হয় যি অতি মাৰাত্মক ৷ আমি প্লাষ্টিকৰ ব্যৱহাৰ একেবাৰে কমাই দিব লাগে ৷ ভাৰতবৰ্ষৰ বহু ৰাজ্যত প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে যদিও ইয়াৰ ব্যৱহাৰক সম্পূৰ্ণ বন্ধ আজিও সম্ভৱ হোৱা নাই ৷

পৃথিৱীৰ বনাঞ্চলৰ সমুহৰ ধ্বংসও প্ৰাকৃতিক পৰিবেশ বিনষ্ট হোৱাৰ এক অন্যতম কাৰণ ৷ পৃথিৱীত জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ বাবে বনাঞ্চল সমুহ জধে মধে কাটি পেলোৱা হৈছে যাৰ ফলত জীৱ তথা উদ্ভিদৰ হাজাৰ হাজাৰ প্ৰজাতিৰ লুপ্তপ্ৰায় অৱস্থা হৈছে ৷ এক তথ্যৰ মতে ২০৩০ চনলৈকে পৃথিৱীৰ মূঠ বৰ্ষাবনৰ ১০% হে থাকিবগৈ আৰু আগন্তুক ১০০ বছৰত সকলো বনাঞ্চল ধ্বংস হৈ জাব ৷ বনাঞ্চলৰ এই ধ্বংসৰ বাবেই আগন্তুক ২৫ বছৰৰ ভিতৰত পৃথিৱীৰ পৰা ২৮ হাজাৰ জীৱ প্ৰজাতি বিলুপ্ত হৈ জাব ৷ বিশ্বৰ ক্ৰান্তিয় উষ্ম বৰ্ষাবন সমুহে বছৰি ২১০ গীগাটন কাৰ্বনডাইঅক্সাইড শোষণ কৰি পৃথিৱীৰ বায়ুমণ্ডলীয় উষ্ণতাক বৃদ্ধি হোৱাত বাধা দিয়ে ৷ পৃথিৱীৰ বৃহৎ বৰ্ষা অৰণ্য হ’ল দক্ষিণ আমেৰিকাৰ আমাজন বৰ্ষা অৰণ্য ৷ এই বৰ্ষা অৰণ্যক পৃথিৱীৰ হাওঁফাওঁ বুলি অভিহিত কৰা হয় ৷ এই বৰ্ষা অৰণ্যই আমাক কাৰ্বনডাইঅক্সাইড শোষণ কৰি সৰ্বাধিক অক্সিজেন যোগান ধৰে ৷ পৃথিৱীৰ মুঠ অক্সিজেনৰ ২০% কেৱল আমাজন বৰ্ষাঅৰণ্যই যোগান ধৰে ৷আমাজন বৰ্ষা অৰণ্যৰ দৰে আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ বৰ্ষা অৰণ্যখন হ’ল দিহিং পাটকাই বৰ্ষা অৰণ্য ৷ অসম আৰু অৰুণাচল প্ৰদেশ জুৰি এই বৰ্ষা অৰণ্য আছে এই বৰ্ষা অৰণ্যক পূবৰ আমাজন বুলিও অভিহিত কৰা হয় ৷ এই অৰণ্য জৈৱবৈচিত্ৰতাৰ লগতে প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰতো চহকী ৷ এই সম্পদ সমূহৰ ওপৰত বৰ্তমান চৰকাৰৰ চকু ৷ কয়লা খননৰ দ্বাৰা এই বনাঞ্চল ধ্বংস কৰাৰ পৰিকল্পনা লৈছে কেন্দ্ৰই ৷ এই বনাঞ্চল ধ্বংসই সমগ্ৰ উত্তৰপূব ভাৰতলৈ বিপদ আনিব ৷ সমগ্ৰ অঞ্চলটোৰ কেৱল মানুহেই নহয় সকলো জীৱকুল, তথা খেতি বাতিৰ ওপৰত কু প্ৰভাৱ পৰিব কিয়নো এই বনাঞ্চল ধ্বংসই উত্তৰ পূব ভাৰতৰ জলবায়ু প্ৰাকৃতিক পৰিবেশক সলনি কৰিব, অক্সিজেন আৰু কাৰ্বনডাইঅক্সাইডৰ যি সমতা তাক বিনষ্ট কৰিব গতিকে প্ৰতিজন উত্তৰ পূব বাসীয়ে উত্তৰ পূূূ ভাৰতৰ মানুহক অক্সিজেন যোগান ধৰা আমাৰ হাওঁফাওঁ স্বৰূপ দিহিং পাটকাই বৰ্ষা অৰণ্যক ৰক্ষা কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য ৷

পৃথিৱীৰ ৯৭% বৈজ্ঞানিকৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ একমাত্ৰ কাৰণ হ’ল বিগত ১০০ বছৰত মানৱ জাতিয়ে কৰা কিছুমান ভুলৰ ফল ৷ বিগত ১০০ বছৰত সাগৰপৃষ্ঠৰ জলস্তৰ প্ৰায় ৮ ইঞ্চিলৈকে বাঢ়িছে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই বহু ঠাই জলমগ্ন হৈছে ৷ গোলকীয় উষ্ণতা বঢ়াৰ লগে লগেই দুই মেৰুৰ বৰফাবৃৃত অঞ্চল কমি গৈছে ৷ দক্ষিণ গোলাৰ্ধত ৩২ হাজাৰ পেংগুইনৰ যোৰাৰ পৰা কমি মাত্ৰ ১১ হাজাৰ হে আছেগৈ এতিয়া আৰু কমিব পেংগুইনৰ সংখ্যা ৷

পৃথিৱীৰ দ্ৰুত জনসংখ্যা বৃদ্ধিও পৃথিৱীৰ প্ৰাকৃতিক পৰিবেশ নষ্ট হোৱাৰ আন এক প্ৰধান কাৰণ ৷ পৃথিৱীত যিমানেই জনসংখ্যা বাঢ়িব সিমানেই পৃথিৱী খন ৰুগীয়া হৈ গৈ থাকিব ৷ জনসংখ্যা বাঢ়াৰ লগে লগেই প্ৰয়োজনীয় সা সামগ্ৰী হ্ৰাস পাব ৷ বিগত ৫০ বছৰত মানুহে সাৰ্বাধিক হাৰত নিত্যপ্ৰয়োজনীয় সামগ্ৰী সমুহ ব্যৱহাৰ কৰিছে ৷ ২০২৫ চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ অৰ্ধসংখ্যক মানুহে বিশুদ্ধ পেয়জলৰ সমস্যাত ভুগিব ৷ দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে বনাঞ্চল ধ্বংসত অৰিহণা যোগাইছে যাৰ বাবে এই পৃথিৱীৰ ৫০% বন্য জীৱ সংকটৰ দিশলৈ গৈ আছে আগন্তুক দিনবোৰত ৷ বহু জীৱ ইতিমধ্যে লোপ পাইছে বহু লুপ্তপ্ৰায় অৱস্থাত আছে ৷ সময় থাকোঁতে সজাগ ন’হ’লে পৃথিৱীখন জীৱকুল হীন মংগল শুক্ৰ গ্ৰহৰ দৰে হ’বলৈ বেছি দিন নালাগিব ইয়াৰ বাবে দায়ী কিন্তু আমি মানবেই হম ৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *