যাদৱ বৰাৰ গল্প ‘কাম’

যাদৱ বৰাৰ গল্প ‘কাম’

 

গ্ৰাহকজনক বাইকখনৰ “পাংচাৰ” টো মাৰি দি শশাংকই কাপোৰ খনেৰে হাত দুখন মচি ল’লে। তাৰ পাছত তাৰ গেৰাজৰ কাষতে থকা পান দোকানখনলৈ বুলি ওলাই গ’ল। আজি তাৰ মনটো ভাল। কাৰণ আজি পুৱাৰে পৰাই তাৰ এই অকণমাণি চকা “পাংচাৰ” মৰা দোকাণ খনৰ ভাল বিক্ৰী হৈছে । ইতিমধ্যে সি চাৰিখন বাইক আৰু ২খন গাড়ীৰ চকা পাংচাৰ মাৰিছে।অৱশ্যে অন্য দিনো যে তাৰ বিক্ৰী বেয়া হয় বুলি ক’ব নোৱাৰি। ভালেই হয়। অন্ততঃ তাৰ সৰু পৰিয়ালটো চলাই নিব পৰাকৈ ঠিকেই উপাৰ্জন হয়। বাটৰুৱাৰ অথবা গ্ৰাহকৰ বাবে সাধাৰণ যেন লগা এই সৰু গেৰাজ,ওৱৰ্কচপ নাইবা দোকাণ হ’লেও এইখন কিন্তু তাৰ বাবে মন্দিৰ স্বৰূপ। কাৰণ এইখনেই তাক উপাৰ্জনৰ এটা পথ দি আছে। বৃদ্ধ কালত তাৰ মাক বাপেকক এমুঠি ভাত, বেমাৰত দুটা টেবলেট যোগান নৰাৰ সক্ষমতা প্ৰদান কৰি আহিছে। সেয়ে কোনোবাই তাক মেকানিক বুলি উপলুঙা কৰিলেও তাত তাৰ ক’বলগা অথবা দূখ কৰিব লগা একো নাই বুলি ভাৱে। কাৰণ সি কাৰো একো অপকাৰ,অন্যায় নকৰাকৈ সততাৰে পৰিশ্ৰম কৰি মুৰ তুলি জীয়াই আছে।

স্নাতকোত্তৰ ডিগ্ৰীটো সুখ্যাতিৰে লোৱাৰ পাছত সি অন্যৰ দৰেই দুদিন মান চাকৰি বিচৰা অভিযানটোত নামিছিল। ইণ্ট্ৰাৰভিউ বোৰ ভাল হোৱাৰ পাছটো কিন্তু কিবা ৰহস্য জনক কাৰণত তাৰ নামটো নিযুক্তি প্ৰাপ্তৰ তালিকাত অহা নাছিল। ইফালে বৃদ্ধ দেউতাকেও লাহে লাহে সংসাৰৰ বোজা টানিব নোৱাৰা হৈ আহিল। এই অৱস্থাত কিবা ব্যৱসায় কৰিব পৰাকৈও তাৰ হাতত মূলধন নাছিল। সেয়ে এদিন উপায়ান্তৰ হৈ এখন টায়াৰৰ দোকানত সোমাই এই কামটোকেই ভালদৰে শিকি ল’লে। আৰু এদিন বেংকৰ পৰা সৰু লোণ এটা লৈ নিজাকৈ এই টায়াৰ পাংচাৰৰ দোকানখন খুলিলে। কামটো কৰি তাৰ ভাল লাগিছে। অন্ততঃ কামটোত স্বাধীনতা আছে। কাৰো তলতীয়া হৈ চলিব নালাগে।

পান দোকানখনৰ পৰা তামোল এখন মুখত ভৰাব লওঁতেই এখন দামী যেন লগা গাড়ী পানদোকানখনৰ সমুখত ৰ’লহি। চ্যুট-টাই পৰিধান কৰি সম্ভ্ৰান্ত যেন লগা ডেকা এজন গাড়ীৰ পৰা নামি আহিল। চকুত চান গ্লাছ।

——- এটা ৰজনীগন্ধা দিয়াচোন। যুৱকে পান দোকানী জনক উদ্দেশ্যী ক’লে।

——– হেই !!! শশাংক নহয়নে তই ?? এইবাৰ যুৱকে এটা হাঁহি মাৰি শশাংকৰ ফালে আগবাঢ়ি আহিল।
——– হয়। কিন্তু আপুনি..
——–তই মোক চিনা নাই ? আৰে ভাই,মই অৰৱিন্দ। কলেজত একেলগে পঢ়িছিলো দেখোন।
——– আৰে !! অৰৱিন্দ তই ?? তোক একদম চিনিবই পৰা নাছিলো ভাই।
——- পুৰা চেহেৰা বদলি গ’ল দেখোন তোৰ !! কি কৰি আছ তই আজিকালি ? কিবা ভাল চাকৰিয়েই পালি চাগৈ ?
——– তেনেকুৱাই ধৰ। ভাল কোম্পানী এটাত পালো। ডিভিজনেল মেনেজাৰ । আজি তিনিবছৰ হ’ল। তই কি কৰ আজিকালি ? আৰু তোৰ হাতত এইবোৰ ক’লা ৰং কি ?
——– সৌটো। শশাংকই গৌৰৱেৰে তাৰ সৰু গেৰাজ(ৱৰ্কচপ)টোলৈ আঙুলিয়াই দিলে।

——- কি ?? তাৰমানে শেষত গৈ তই এটা সাধাৰন মেকনিক হে হ’লি ?? হাঃ হাঃ হাঃ অৰৱিন্দই যেন এটা ডাঙৰ কৌতুক হে শুনিলে। শশাংকৰ ভাল নালাগিল।
——— অ তাতে কি হ’ল ? শশাংকই ক্ষুণ্ণ হৈ সুধিলে।
———- এটা মাষ্টাৰ ডিগ্ৰী কৰা ল’ৰা হৈ তই এটা সাধাৰন টায়াৰ পাংচাৰ মৰা মেকানিক হ’লি ? ধ্যুৰ !!
———– হ’লেও এইটো কামত মোৰ স্বাধীনতা আছে। যিটো তোৰ নাই।
———- হাঃ হাঃ স্বাধীনতা ??? কিন্তু দিনটোত তোৰ কিমান উপাৰ্জন হয় হা ? মোতকৈটো চাগৈ বেছি নহয় ? টকা।টকাই মেইন আজিৰ তাৰিখত। মই পৰাধীন হ’ব পাৰো। কিন্তু এমাহত মই যি উপাৰ্জন কৰো, সেয়া তোৰ দৰে মেকানিক এটাই বেংকৰ পৰা লোণ হিচাপে পাবলৈও যোগ্য নহ’বি চাগৈ। অৰৱিন্দ ৰ দম্ভালী পুৰ্ণ কথাবোৰে শশাংকৰ মনত শেলে বিন্ধাদি বিন্ধিলে। খংটো কোনোমতে দমাই তথাপি সি সহ্য কৰি থাকিল।

——— আহিছো দে। এইটো ল’ মোৰ ভিজিটিং কাৰ্ড। কেতিয়াবা দৰকাৰ হ”লে আহি যাবি। অৰৱিন্দই শশাংকক পকেটৰ পৰা কাৰ্ড এখন উলিয়াই তাৰ হাতত দিলে। সি সেইখন পকেটত ভৰাই থ’লে। অৰৱিন্দ এইবাৰ গাড়ীখনত উঠি গুছি গ’ল।

শশাংকই মাথো নিৰৱে চাই ৰ’ল তাৰ গাড়ী খন যোৱাৰ ফালে। মনতে সি ভাবিলে। মানুহ কিমান অহংকাৰী হ’লে এইদৰে এজন বন্ধুক অপমান কৰিব পাৰে। এইদৰে পদমৰ্যদাৰ,টকাৰ জয়গান গাব পাৰে। এই শিক্ষিত মানুহবোৰেই যদি নুবুজে,তেন্তে কোনে বুজিব DIGNITY OF LABOUR. সি পুনৰ তাৰ নিজৰ গেৰাজটোলৈ ওভতি আহিল। নাভাৱো বুলি ভাবিলেও বাৰে বাৰে অৰৱিন্দই তাক কোৱা কথাবোৰেই মনলৈ আহি থাকিল। সি যেন নিজকে নিজে ক’লে,” মই হতাশ হোৱা নাই। মই ভাগৰা নাই। এদিন হ’লেও সি বুজিব শ্ৰমৰ মৰ্যদা।”

কথাবোৰ ভাবি থাকোতেই হঠাৎ সি দেখিলে অৰৱিন্দ এইবাৰ খোজকাঢ়ি তাৰ দোকানলৈ আহি আছে। সি প্ৰশ্নবোধক দৃষ্টিৰে তাৰ ফালে চালে।
——— এটা ডাঙৰ বিপদত পৰিছো ভাই।
———- কি হ’ল ?
———– ইয়াৰ পৰা অলপ দূৰ যোৱাৰ পাছতে মোৰ গাড়ীখন ৰ পাছ চকাটো পাংচাৰ হ”ল। ব’লনা ভাই। ইফালে আজি বছ আহিছে। সোনকালে পাবগৈ লাগে। ফোন কৰি আছে।

অৰৱিন্দৰ কথা শুনি শশাংকই এইবাৰ উচ্চ স্বৰে হাঁহিলে। যেন বিদ্ৰুপৰ হাঁহি।
——— কি হ’ল ? হাঁহিলি যে ?
———- একো নাই ব’ল।

শশাংকই এইবাৰ হাথিয়াৰ কেইটা মোনাত ভৰাই অৰৱিন্দৰ লগত ওলাই গ’ল। আৰু অৰৱিন্দৰ গাড়ীখন ঠিক কৰি দিলে।
——- থেংকচ দোষ্ট। আজি তই নোহোৱা হ’লে যে কি হ’ল হয় !!! ওচৰত ক’তো বেলেগ গেৰাজো নাছিল। ইফালে “বচো”আহি বহি আছে…
——– এতিয়া বুজিলি ? প্ৰতিটো প্ৰফেশ্যনৰে গুৰুত্ব আছে। কোনো কামেই সৰু নহয়। আজি মই নোহোৱা হ’লে তোৰ গাড়ী ইয়াতে পৰি থাকিল হয় নাইবা সময়ত গৈ নোপোৱাহ’লে তই তোৰ “বছ”ৰ টান কথা শুনিব লাগিল হয়। কিন্তু তোতকৈ মোৰ উপাৰ্জন কম হ”লেও মোৰ কোনো বছ নাই। সেয়ে কৈছো, তোৰ চাকৰিটোকো মই শ্ৰদ্ধা কৰোঁ, গতিকে মোৰ কামটোকো শ্ৰদ্ধা কৰিবি। আশা কৰোঁ তই বুজি পাইছ। মোৰ পাৰিশ্ৰমিকটো দে। মই যাওঁ। শশাংকই গহীন ভাৱে কথাখিনি ক’লে। অৰৱিন্দই ৰ’ লাগি চাই ৰ’ল তালৈ।….

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *