ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
মহিলাসকলৰ বাবে উপযোগী কেইটামান কেৰিয়াৰ হ’ল –নাৰ্ছিং (Nursing),বিমান সেৱিকা (Air Hostess),ফেশ্বন ডিজাইনাৰ (Fashion Designer), বিউটিচিয়ান (Beautician), ইণ্টেৰিয়ৰ ডিজাইনাৰ (Interior Designer),মডেল (Model),ডায়েটিচিয়ান (Dietician) আদি। এই কেৰিয়াৰ কেইটাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হৈছে।
নাৰ্ছিং (Nursing) : বৰ্তমান ভাৰতবৰ্ষত নাৰ্ছিং (Nursing) এটা আকৰ্ষণীয় কেৰিয়াৰ । চিকিৎসালয়, নাৰ্ছিং হোম আদিত নাৰ্ছসকলে ৰোগীসকলক শুশ্ৰূষা কৰে । ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বৃদ্ধি হোৱাৰ ফলত কেৰিয়াৰ হিচাপে নাৰ্ছিঙৰ গুৰুত্ব বাঢ়িব ধৰিছে । চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম, ক্লিনিক, ডায়েগন’ষ্টিক চেণ্টাৰ, লেবৰেটৰী আদিৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত নাৰ্ছৰ আৱশ্যকতা বৃদ্ধি পাব ধৰিছে । নাৰ্ছিঙৰ বিভিন্ন পাঠ্যক্রম আছে , যেনে – অক্সিলিয়াৰি নাৰ্ছিং এণ্ড মিডৱাইফৰি (এ এন এম) [Auxiliary Nursing and Midwifery(ANM)], জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফৰি (জি এন এম) [General Nursing and Midwifery(GNM)], বি এছ চি নাৰ্ছিং (বেচিক) [B.Sc. Nursing(Basic)], বি এছ চি নাৰ্ছিং (পোষ্ট বেচিক) [B.Sc. Nursing(Post Basic)], এম এছ চি নাৰ্ছিং (M.Sc. Nursing) , এম.ফিল. ইন নাৰ্ছিং (M.Phil. In Nursing), পি.এইচ.ডি. ইন নাৰ্ছিং (Ph.D in Nursing) , ডিপ্লো’মা ইন ছাইকেট্রিক নাৰ্ছিং (Diploma in Psychiatric Nursing) , ডিপ্লো’মা ইন ক্ৰিটিকেল কেয়াৰ নাৰ্ছিং (Diploma In Critical Care Nursing), পোষ্ট বেচিক ডিপ্লো’মা (Operation Room Nursing, Cardio Thoracic Nursing, Neurology Nursing, Midwifery Nursing, Psychiatric Nursing, Critical Care Nursing, Emergency & Disaster Nursing, Oncology Nursing, Ortho and Rehabilitation Nursing, Geriatric Nursing, Neonatal Nursing, Forensic Nursing, Haematology Burn & Reconstructive Surgery Nursing – Residency Programme) আদি ।
নাৰ্ছিঙৰ যিকোনো পাঠ্যক্রম অধ্যয়ন কৰি এক নিশ্চিত নিয়োগৰ সুবিধা আশা কৰিব পাৰি । চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম, ক্লিনিক, ডায়েগন’ষ্টিক চেণ্টাৰ, লেবৰেটৰী আদিৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত নাৰ্ছৰ আৱশ্যকতা বৃদ্ধি পাব ধৰিছে । নাৰ্ছিঙৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিযুক্তি লাভ কৰিব পাৰে, যেনে- চৰকাৰী চিকিৎসালয় , ব্যক্তিগত খণ্ডত নাৰ্ছিং হোম, ক্লিনিক, ডায়েগন’ষ্টিক চেণ্টাৰ, লেবৰেটৰী , শিক্ষানুষ্ঠান , উদ্যোগ , অনাথাশ্ৰম , বৃদ্ধাশ্রম তথা চিকিৎসা বিষয়ৰ লগত জড়িত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ NGO বোৰেও নাৰ্ছ নিযুক্তি দিয়ে । নাৰ্ছিঙৰ শিক্ষানুষ্ঠানত শিক্ষক হিচাপেও কেৰিয়াৰ আৰম্ভ কৰিব পাৰে । ইয়াৰ উপৰিও নাৰ্ছ এগৰাকীয়ে ইচ্ছা কৰিলে স্বাধীন ভাবে নাৰ্ছিঙৰ সেৱা আগবঢ়াব পাৰে ।
বিমান সেৱিকা (Air Hostess): বিমান সেৱিকাসকলে উৰাজাহাজত যাত্রীসকলৰ সুবিধাৰৰ বাবে সকলো ধৰণৰ চোৱা-চিতাৰ দায়িত্ব পালন কৰে । বিমান সেৱিকাৰ প্রশিক্ষণ গ্রহণ কৰিব বাবে ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত উত্তীৰ্ণ হ’ব লাগে । হোটেল ব্যৱস্থাপনা বা পৰ্যটন ব্যৱস্থাপনাত ডিপ্লমা/ডিগ্ৰী থকা প্ৰাৰ্থীসকলক বিমান সেৱিকা বা এয়াৰ হোষ্টেজ চাকৰিৰ বাবে অগ্ৰাধিকাৰ দিয়ে। এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে বিমান সেৱিকা হিচাবে নিযুক্তি পাবৰ বাবে কোনো শিক্ষানুষ্ঠানত প্রশিক্ষণ গ্রহণ কৰিবই লাগিব কোনো ধৰা বন্ধা কথা নাই । বিমান সেৱিকাসকলক নিযুক্তি লাভ কৰা পিছত বিমানসেৱাবোৰত প্রশিক্ষণ দিয়ে।
বিমান সেৱিকা চাকৰিৰ বাবে প্রাৰ্থীৰ বয়স সাধাৰণতে ১৮ বছৰৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগে, কিন্তু বিমানসেৱা কোম্পানীলৈ প্রাৰ্থীৰ বয়সৰ সীমা বেলেগ বেলেগ হ’ব পাৰে । প্রাৰ্থীৰ নূন্যতম উচ্চতা ১৫৭.৫ চেণ্টিমিটাৰ হ’ব লাগে । প্রাৰ্থীৰ উচ্চতাৰ অনুপাতে ওজন হ’ব লাগে । শৰীৰত কোনো ধৰণৰ দৃশ্যমান চিন, টেটু আদি থাকিব নালাগে। কোনো মানসিক ৰোগৰ ৰেকৰ্ড থাকিব নালাগিব । পৰীক্ষাৰ্থীজনে ডি অ’ টি ফিংগাৰপ্ৰিণ্টিং আৰু ড্ৰাগছ স্ক্ৰীনিং টেষ্টত উত্তীৰ্ণ হ’ব লাগিব। প্রাৰ্থীগৰাকী অবিবাহিত হ’ব লাগিব , অৱশ্যে সকলো বিমানসেৱাৰ ক্ষেত্রত এই চৰ্ত প্রযোজ্য নহয় । প্রাৰ্থীগৰাকী সুস্বাস্থ্য অধিকাৰী হ’ব লাগিব , দৃষ্টিশক্তি সঠিক ভাবে থাকিব লাগে , শ্ৰৱণ ক্ষমতা ঠিকে থাকিব লাগে , প্রাৰ্থীগৰাকী হিন্দী আৰু ইংৰাজী ভাষাত দক্ষতা থাকিব লাগিব , লগতে বিদেশী ভাষাৰ জ্ঞান থাকিলে ভাল হয় ।
বিমান সেৱিকাৰ যোগেদি কেৰিয়াৰ গঢ়িব খোজা সকলৰ কিছুমান ব্যক্তিগত গুণাৱলী থকা দৰকাৰ, যেনে – সুন্দৰ ব্যক্তিত্ব , সুন্দৰ চেহেৰা , যোগাত্মক দৃষ্টিভঙ্গী ,সাধাৰণ জ্ঞান,বন্ধুত্বসুলভ ব্যৱহাৰ , উপস্থিত বুদ্ধি , ভাল যোগাযোগ দক্ষতা ,দীৰ্ঘসময় কাম কৰাৰ দক্ষতা , দক্ষতাৰে কাম কৰাৰ ক্ষমতা,দায়িত্বৰ প্রতি সংবেদশীল , সোনকালে সমস্যা সমাধান কৰাৰ দক্ষতা আদি ।
বিমান সেৱিকাৰ পাঠ্যক্রম আৰু প্রশিক্ষণ সমাপ্ত কৰা পিছত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাত নিযুক্তি লাভ কৰিব পাৰে ।
ফেশ্বন ডিজাইনাৰ (Fashion Designer): এজন সফল ফেশ্বন ডিজাইনাৰ হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে- এজন ফেশ্বন ডিজাইনাৰ কলাত্মক আৰু সৃষ্টিশীল হ’ব লাগে;তেওঁলোকৰ ধাৰণাবোৰ স্কেচ্ছত প্ৰকাশ কৰিবলৈ সক্ষম হ’ব লাগে;তেওঁলোক হয়তো দক্ষ শিল্পী নহ’বও পাৰে কিন্তু ৰং, ছাঁ আদিৰ সংমিশ্ৰণ ঘটাব পাৰিব লাগে; ডিজাইনাৰসকলৰ কাপোৰৰ সৈতে সৃষ্টি কৰাৰ ক্ষমতা থাকে আৰু বস্ত্ৰ কেনেদৰে কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিব লাগে জানে;ডিজাইনাৰসকলৰ দৃশ্যগত কল্পনাশক্তি থকাটো প্ৰয়োজন আৰু তেওঁলোকে যি কল্পনা কৰে তাক পোছাকলৈ ৰূপান্তৰ কৰিবলৈ ত্ৰিমাত্ৰিকভাৱে চিন্তা কৰাৰ সামৰ্থ্য থাকিব লাগে ;এজন ফেশ্বন ডিজাইনাৰ ফেশ্বন সচেতন হ’ব লাগে আৰু বজাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত হ’ব লাগে;এক আন্তৰ্জাতিক দৃষ্টিভংগী ৰাখিবলৈ, তেওঁলোকে ইতিহাস আৰু কলাৰ ওপৰত অধিকসংখ্যক আন্তৰ্জাতিক ফেশ্বন আলোচনী, কিতাপ পঢ়িব লাগে;লগতে তেওঁলোকে বিভিন্ন আৰ্ট গেলেৰী আৰু প্ৰদৰ্শনী পৰিদৰ্শন কৰিব লাগে আৰু সুযোগ পালে পৰম্পৰাগত শিল্পীৰ সৈতে মত বিনিময় কৰিব লাগে; এজন ডিজাইনাৰ হিচাপে প্ৰাথমিক টেইলাৰিং দক্ষতা অৰ্থাৎ কাটিব, চিলাই কৰা, ড্ৰেপিং কৰা আদিৰ জ্ঞান আৰু অভিজ্ঞতা থাকিব লাগে; ইয়াৰ উপৰিও তেওঁলোকে বিভিন্ন কাপোৰৰ মানদণ্ডৰ মাজত পাৰ্থক্য কৰিব আৰু কাম কৰিবলৈ ভাল কাপোৰ বাছনি কৰিব পাৰিব লাগে; বজাৰ আৰু গ্ৰাহকৰ জীৱনশৈলীৰ বিষয়ে বুজাটো প্ৰয়োজনীয়, যাতে ডিজাইনটো তৈয়াৰ কৰা লোকসকলৰ বাবে উপযোগী হয়;ডিজাইনাৰসকল ভাল যোগাযোগকাৰী আৰু তেওঁলোকৰ ধাৰণাসমূহৰ সৈতে অতি স্পষ্ট হ’ব লাগে যিটো ফেশ্বন শ্ব’ৰ উপস্থাপনত প্ৰতিফলিত হয়;শীৰ্ষ ডিজাইনাৰসকল অতি মৌলিক আৰু উদ্ভাৱনীমূলক হ’ব লাগে।
ফেশ্বন ডিজাইনাৰে প্ৰায় যিকোনো বস্তুৰ বাবে ডিজাইন তৈয়াৰ কৰে, যিটো পুৰুষ, মহিলা আৰু শিশুৰ পোছাকৰ অংশ। ডিজাইনাৰসকলে তেওঁলোকৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা বুজি পোৱাৰ ফলত শেহতীয়া প্ৰৱণতা, বজাৰৰ স্থিতি, বতৰ অনুসৰি আকৰ্ষণীয় আৰু কাৰ্য্যক্ষম কাপোৰ আৰু আনুষংগিক সামগ্ৰী তৈয়াৰ কৰে আৰু ষ্টাইল, ৰং, গাঁথনি, আকাৰ আৰু সামগ্ৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে।
ফেশ্বন ডিজাইনিং (Fashion Designing) পঢ়িব বাবে ছাত্র-ছাত্রীসকলে হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে । ফেশ্বন ডিজাইনিঙত চাৰ্টিফিকেট, ডিপ্লমা , স্নাতক আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে – আনুষ্ঠানিক শিক্ষা অবিহনেও পৰম্পৰাগত প্রশিক্ষণেৰেও এজন সফল ফেশ্বন ডিজাইনাৰ হ’ব পাৰে।
ফেশ্বন ডিজাইনিঙৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন খণ্ডত নিযুক্তি লাভ কৰিব পাৰে । চৰকাৰী খণ্ড- বিদ্যালয়ত কলা আৰু শিল্প শিক্ষক, বস্ত্ৰ মূল্যায়ক, বৃত্তিমূলক প্ৰশিক্ষক আদি হিচাপে নিযুক্তি লাভ কৰিব পাৰে । ব্যক্তিগত খণ্ড – ব্ৰেণ্ড মেনেজাৰ, কষ্টুম ডিজাইনাৰ, ক্ৰিয়েটিভ মেনেজাৰ, ক্ৰিয়েটিভ পেটাৰ্ণ মেকাৰ, ডিজাইন ডাইৰেক্টৰ, ডিজাইন মেনেজাৰ, ডিজাইন কনচালটেণ্ট, ডিজাইন মাৰ্চেণ্ডাইজাৰ, ফেশ্বন এণ্ড লাইফষ্টাইল ব্ৰেণ্ড মেনেজাৰ, ফেশ্বন এনালাইষ্ট, ফেশ্বন ব্লগাৰ, ফেশ্বন বিজনেছ এডমিনিষ্ট্ৰেটৰ, ফেশ্বন কনচালটেন্ট, ফেশ্বন ইলাষ্ট্ৰেটৰ, ফেশ্বন ষ্টাইলিষ্ট, প্ৰডাক্ট ডেভেলপাৰ, ফেশ্বন ডিজাইনাৰ , যিকোনো ৰাজ্য আৰু কেন্দ্ৰীয় দক্ষতা খণ্ডৰ কাৰ্যসূচীত বৃত্তিমূলক প্ৰশিক্ষক,আন্তৰ্জাতিক বিদ্যালয় আৰু ফেশ্বন খণ্ডত পোছাক ডিজাইনাৰ,টেক্সটাইল ডিজাইনাৰ, মাৰ্চেণ্ডাইজাৰ,ষ্টাইলিষ্ট,দৃশ্য প্ৰদৰ্শন বিশেষজ্ঞ,ফেশ্বন আৰু লাইফষ্টাইল সাংবাদিক,ফেব্ৰিক সমন্বয়ক, ইলাষ্ট্ৰেটৰ আদি হিচাপে নিযুক্তি লাভ কৰিব পাৰে ।
বুটিক , ফ্ৰীলান্স ডিজাইন কনচালটেন্ট, ফেশ্বন ডিজাইনিং প্ৰশিক্ষক আদি যোগেদি স্ব-নিয়োজনৰ বাট মুকলি কৰি ল’ব পাৰে।
বিউটিচিয়ান (Beautician): বিউটিচিয়ান হ’ল এজন পেছাদাৰী যিয়ে প্ৰডাকচন হাউচ, থিয়েটাৰ শ্ব’, টেলিভিছন বা প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা যিকোনো ব্যক্তিৰ চেহেৰা উন্নত কৰাৰ বাবে কাম কৰে। কিছুমানে মেক-আপ আৰ্টিষ্টে প্ৰডাকচন হাউচ, ষ্টেজ শ্ব’, নিউজ চেনেলত স্থায়ীভাৱে কাম কৰাৰ বিপৰীতে কিছুমানে ফ্ৰীলান্স বিউটিচিয়ান হিচাপে কাম কৰে। সাধাৰণতে বেছিভাগ বিউটিচিয়ানে স্থায়ী ভাৱে চেলুন, বিউটি স্পা আৰু পাৰ্লাৰ তথা স্বাস্থ্য আৰু সুস্থতা ক্লিনিকত নিয়োজিত হয়।
বিভিন্ন বিশেষজ্ঞতাৰ বিউটিচিয়ান আছে। যেনে – ১। প্ৰসাধন বিশেষজ্ঞ (Cosmetologist), ২। হেয়াৰ ষ্টাইলিষ্ট (Hair Stylist), ৩। মেনিকিউৰিষ্ট (Manicurist), ৪। স্পা থেৰাপিষ্ট (Spa Therapist) ,৫। টেটু আৰ্টিষ্ট (Tattoo artist) আদি ।
এজন সফল বিউটিচিয়ান হবলৈ হ’লে কিছুমান গুণ থকা দৰকাৰ, যেনে – মানুহৰ প্ৰতি ভাল পোৱা, কল্পনা শক্তি, কলাত্মক ক্ষমতা, যোগাযোগৰ দক্ষতা, ধৈৰ্য্য, শাৰীৰিক শক্তি, সংগঠিত দক্ষতা, সৃষ্টিশীল দক্ষতা আদি ।
দশম বা দ্বাদশ শ্রেণী উত্তীৰ্ণ হোৱাৰ পিছত বিউটিচিয়ানৰ বিভিন্ন পাঠ্যক্রম অধ্যয়ন/ প্ৰশিক্ষণ গ্রহণ কৰিব পাৰে। এই পাঠ্যক্ৰমসমূহৰ সময়সীমাৰ বিভিন্ন হয়। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰত্যক্ষৰ প্ৰতিষ্ঠিত বিউটিশিয়ানসকলে প্ৰমাণিত প্ৰশিক্ষণ কাৰ্যসূচীও পৰিচালনা কৰে যিবোৰ বৃত্তিত ভালদৰে স্বীকৃত। এই সকলোবোৰ কাৰ্যসূচীৰ বাবে ইংৰাজী ভাষাত সাৱলীল হোৱাটো প্ৰয়োজনীয়তা। সফল হ’বলৈ এজন বিউটিচিয়ানে ভালকৈ কথা ক’ব পৰা হ’ব লাগে। স্থানীয় ভাষাৰ জ্ঞান থাকিলেও সহায়ক হয়। বিলাসী হোটেলৰ লগত জড়িত বৃহৎ প্ৰতিষ্ঠানবোৰত এটা বিদেশী ভাষাই এক ডাঙৰ বৃহৎ সহায়ক ।
পাঠ্যক্ৰমসমূহৰ তাত্ত্বিক (Theoretical) পাঠ্যক্ৰমত শৰীৰতত্ব, পৰিষ্কাৰ-পৰিচ্ছন্নতা, ৰসায়ন বিজ্ঞান, চুলিৰ প্ৰকৃতি, চুলি সৰা, চেলুন সংগঠন, বৈদ্যুতিক চিকিৎসা আদি আৰু ব্যৱহাৰিক (Practical) পাঠ্যক্ৰম ফেচিয়েল, মেক-আপ, বিভিন্ন ধৰণৰ মালিচ, টিন্টিং আৰু ব্লিচিং দিয়াৰ আদিৰ বিষয়ে অন্তৰ্ভুক্ত থাকে।
ইণ্টেৰিয়ৰ ডিজাইনাৰ (Interior Designer): ইণ্টেৰিয়ৰ ডিজাইনাৰসকলে স্থপতিবিদ বা স্থাপত্য প্ৰতিষ্ঠান, বিল্ডাৰ, ৰাজহুৱা কাম বিভাগ, হোটেল আৰু ৰিজৰ্ট , চিকিৎসালয়, টাউন প্লেনিং ব্যুৰো, আঞ্চলিক আৰু মহানগৰ উন্নয়ন কাম, ব্যক্তিগত পৰামৰ্শদাতা, ষ্টুডিঅ’ আৰু থিয়েটাৰ আৰু প্ৰদৰ্শনী আয়োজক আদিৰ সৈতে নিযুক্তি পাব পাৰে। নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে।
এজন সফল ইণ্টেৰিয়ৰ ডিজাইনাৰ হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ চফ্ট স্কিল আৰু হাৰ্ড স্কিল থকা দৰকাৰ। ইণ্টেৰিয়ৰ ডিজাইনাৰ এজনৰ বাবে প্ৰয়োজনীয় কিছুমান চফ্ট স্কিল হ’ল- সৃজনশীলতা, সমস্যা সমাধান,যোগাযোগ, নেতৃত্ব, দলীয় কাম, নমনীয়তা, ধৈৰ্য্য, নেতৃত্ব , সময় ব্যৱস্থাপনা, সাংগঠনিক দক্ষতা, দীঘলীয়া সময়ৰ বাবে কাম কৰিবলৈ সক্ষম আদি । ইণ্টেৰিয়ৰ ডিজাইনাৰসকলৰ বাবে প্ৰয়োজনীয় কিছুমান হাৰ্ড স্কিল হ’ল- অংকন কৰাৰ দক্ষতা, ছফ্টৱেৰ দক্ষতা, ডিজাইনৰ ধাৰা, ষ্টাইলৰ জ্ঞান আদি ।
ইণ্টেৰিয়ৰ ডিজাইনিং (Interior Designing) পঢ়িব বাবে ছাত্র-ছাত্রীসকলে হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে । ইণ্টেৰিয়ৰ ডিজাইনিঙত চাৰ্টিফিকেট, ডিপ্লমা , স্নাতক ,স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে – একাগ্রতা আৰু সৃজনশীলতা মন থাকিলে আনুষ্ঠানিক শিক্ষা অবিহনেও পৰম্পৰাগত প্রশিক্ষণেৰেও এগৰাকী সফল ইণ্টেৰিয়ৰ ডিজাইনাৰ হ’ব পাৰে।
মডেল (Model): মডেল হ’বলৈ প্ৰয়োজনীয় মূল বৈশিষ্ট্যসমূহ হ’ল- এক ভাল আৰু স্বাস্থ্যকৰ বৰণ আৰু উজ্জ্বল চুলি। মডেল ওখ হ’ব লাগে, শ্ৰেষ্ঠ মডেলৰ বাবে ফেশ্বন উদ্যোগৰ মাপকাঠী হ’ল ৫.৭”ৰ পৰা ৬ বা ৬’ তকৈ বেছি । এজন পুৰুষ মডেলৰ বাবে উচ্চতা ৬’ বা ৬’ তকৈ বেছি আৰু তেওঁ পেশীবহুল হ’ব লাগে। ফটোজেনিক হোৱাটো হৈছে মডেলৰ বাবে থকা একমাত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গুণ। অভিনয়ৰ ভাল জ্ঞানৰ উপৰিও কেমেৰা অনুকূল মনোভাৱ আৰু যথেষ্ট পৰিমাণৰ আত্মবিশ্বাসে এই বৃত্তিত সফলতা দিশে আগ বঢ়াত সহায় কৰে। মডেলসকলে সমালোচনাৰ মুখা-মুখি হ’বলৈ সাজু থাকিব লাগিব। মডেল হ’বৰ বাবে ধৈৰ্য্য, দক্ষতা, পাৰস্পৰিক দক্ষতা, যোগাযোগ দক্ষতা, মনোবল, আত্মবিশ্বাস, ব্যৱসায়িক দক্ষতা আদি থাকিব লাগে।
এজেঞ্চী বা সমন্বয়কে মডেলসকলক প্ৰতিনিধিত্ব কৰিব লাগে। মডেলসকলৰ এটা পৰ্টফলিঅ’ আৰু কম্প কাৰ্ড থাকিব লাগে । কম্প কাৰ্ড হৈছে এখন কাৰ্ড য’ত কেইখনমান ছবি আছে। মডেলিং এজেন্সীত কেনেকৈ উপনীত হ’ব লাগে তাৰ তথ্যও ইয়াত আছে। ইয়াত মডেলৰ পৰিসংখ্যা আৰু জোখ-মাখ থাকে। এজেন্সী/ সমন্বয়কে মডেলসকলক ফটোগ্ৰাফাৰৰ নাম দিয়ে। ফটো শ্বুটৰ বাবে ফটোগ্ৰাফাৰক ধন দিব লাগে, এজেন্সী/ সমন্বয়কক নহয়। এজেন্সী/সমন্বয়কে মডেলসকলক সুৰক্ষিত কামৰ পৰিৱেশ প্ৰদান কৰে আৰু চাকৰিৰ বাবে কাগজৰ কামৰ বৈধতা চোৱাচিতা কৰে। এজেঞ্চী বা সমন্বয়কে গ্ৰাহকসকলক “পেছাদাৰী” মডেল প্ৰদান কৰে। সকলো গুৰুত্বপূৰ্ণ কাগজৰ যেনে- চুক্তি আদিৰ প্ৰতিলিপি মডেলসকলৰ লগত ৰাখিব লাগে যাতে এজেন্সী/সমন্বয়কৰ সৈতে বিবাদ হ’লে এইবোৰৰ প্ৰয়োজন হ’ব পাৰে। মডেলসকলে
এজেন্সী/ সমন্বয়কক ভালদৰে বাছি লোৱাটো বুদ্ধিমানৰ কাম যাতে তেওঁলোকৰ লগত থাকিব পাৰে।
মডেলিং ক্ষেত্ৰখনত প্ৰৱেশ কৰিবলৈ কোনো নিৰ্দিষ্ট অৰ্হতা বা বয়সৰ সীমা নাই। এই ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ প্ৰথম পদক্ষেপ হ’ল এটা পৰ্টফলিঅ’ প্ৰস্তুত কৰা। পৰ্টফলিঅ’ত এজন পেছাদাৰী ফটোগ্ৰাফাৰৰ দ্বাৰা তোলা কেইবাখনো ফটোগ্ৰাফ থাকে। তাৰ পিছত পৰ্টফলিঅ’টো এটা বিজ্ঞাপন সংস্থা, প্ৰয়োজনীয়তা অনুসৰি উপযুক্ত মডেল প্ৰদান কৰা এক মডেল সমন্বয়কাৰী সংস্থা বা ফেশ্বন ডিজাইনাৰক দেখুৱাব পাৰি। এই কেৰিয়াৰত প্ৰৱেশ কৰাৰ আন এটা উপায় হ’ল আলোচনী, কাপোৰ নিৰ্মাতা, প্ৰসাধন কোম্পানী আদিৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ বাবে আবেদন কৰা আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা।
এই ক্ষেত্ৰত প্ৰশিক্ষণৰ কোনো নিৰ্দিষ্ট মানদণ্ড নাই আৰু মডেলসকলে সাধাৰণতে চাকৰিৰ সময়ত শিকিব বুলি আশা কৰা হয়। এই ক্ষেত্ৰত প্ৰশিক্ষণৰ বাবে এক আৰম্ভণি কৰা হৈছে প্ৰাক্তন মডেলসকলৰ দ্বাৰা স্থাপন কৰা প্ৰশিক্ষণ বিদ্যালয়ত প্ৰশিক্ষণ গ্রহণ। প্ৰশিক্ষণ কাৰ্যসূচীবোৰত সৌন্দৰ্য যত্ন, মেক-আপ, চুলিৰ ষ্টাইলিং, খাদ্য আৰু ব্যায়াম, কেনেদৰে খোজ কাঢ়িব লাগে আৰু নিজকে সুন্দৰভাৱে কঢ়িয়াই নিব লাগে ইত্যাদি অন্তৰ্ভুক্ত থাকে । এই প্ৰশিক্ষণ কাৰ্যসূচীসমূহৰ ভিতৰত কেনেদৰে চুক্তি কৰিব লাগে আৰু অন্যান্য কাৰিকৰী বিষয়ৰ ওপৰত নিৰ্দেশনা অন্তৰ্ভুক্ত থাকে। পৰ্টফলিঅ’ বনোৱাৰ নিৰ্দেশনাও এনে প্ৰশিক্ষণ কাৰ্যসূচীৰ এটা অংশ।
মডেলসকলৰ বাবে চাকৰিৰ সম্ভাৱনা ক্ষেত্ৰবোৰ হৈছে -টেলিভিছনৰ অনুষ্ঠান বা ছবিত অভিনয় কৰা,লাইভ ফেশ্বন শ্ব’ কৰা, ই-কমাৰ্চ / ৱেবছাইট শ্বুট, সংগীত ভিডিঅ’ত প্ৰদৰ্শন কৰা,সামগ্ৰীৰ বিজ্ঞাপন,মডেলৰ বাবে বিদ্যালয় খোলা,সমন্বয়কাৰী সংস্থা স্থাপন কৰা,শ্ব’ৰুমৰ প্ৰদৰ্শন বা কাপোৰৰ মেলা আদি।
ডায়েটিচিয়ান (Dietician): ডায়েটিচিয়ান হৈছে পৰামৰ্শদাতা যি ব্যক্তিৰ খাদ্যাভ্যাস পৰীক্ষা আৰু মূল্যাঙ্কন কৰে; ডায়েটেটিক আৰু পুষ্টিৰ বিভিন্ন নীতি অনুসৰি সুষম খাদ্য গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়ে। ডায়েটিচিয়ানসকলে পুষ্টি বিজ্ঞানৰ সৈতে মোকাবিলা কৰে আৰু সেই জ্ঞান স্বাস্থ্য সেৱা আৰু পুনৰ্সংস্থাপনত প্ৰয়োগ কৰে।
এজন সফল ডায়েটিচিয়ান হবলৈ হ’লে কিছুমান গুণ থকা দৰকাৰ, যেনে – বৈজ্ঞানিক মানসিকতা , বিশ্লেষণাত্মক দক্ষতা, সহানুভূতি, সাংগঠনিক দক্ষতা, সমস্যা সমাধানৰ দক্ষতা, ভাল যোগাযোগ দক্ষতা থকা আদি।
ডায়েটিচিয়ানৰ বাবে বিভিন্ন ধৰণৰ সুযোগ আছে । ক্লিনিকেল ডায়েটিচিয়ানসকলে স্বাস্থ্যসেৱাৰ পৰিৱেশ, যেনে চিকিৎসালয়, নাৰ্চিং কেয়াৰৰ সুবিধা আদিত ৰোগীৰ সৈতে কাম কৰে আৰু ৰোগীসকলৰ পুষ্টিগ্ৰহণ বজাই ৰখাত সহায় কৰে। কমিউনিটি ডায়েটিচিয়ানসকলে বিভিন্ন ফিটনেছ ক্লাব, জনস্বাস্থ্য সংস্থা আৰু চৰকাৰী প্ৰকল্পৰ সৈতেও কাম কৰিব পাৰে, ব্যক্তিসকলক খাদ্য পুষ্টিৰ বিষয়ে শিক্ষিত কৰিবলৈ আৰু ৰোগ প্ৰতিৰোধৰ বাবে সুষম খাদ্য খোৱাৰ বিষয়ে জ্ঞান দিবলৈ। পেডিয়াট্ৰিক ডায়েটিচিয়ানসকলে সকলো বয়সৰ শিশু যেনে- নৱজাতক আৰু কিশোৰক পুষ্টিৰ বিষয়ে পৰামৰ্শ দিয়ে। ক্ৰীড়া আৰু স্বাস্থ্য ডায়েটিচিয়ানসকলে বিভিন্ন ক্ৰীড়া ক্লাব, ক্ৰীড়া হোষ্টেল আৰু এথলেটিক দলৰ সৈতে কাম কৰে। তেওঁলোকে ক্ৰীড়া কৰ্মীসকলৰ ওজন আৰু শৰীৰৰ পেশী বজাই ৰাখিবলৈ আৰু পুষ্টিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ বাবে খাদ্য পৰিকল্পনা কৰে। খাদ্য সামগ্ৰীৰ মানদণ্ড আৰু পুষ্টিগত মূল্য নিশ্চিত কৰিবলৈ ডায়েটিচিয়ানসকলে গৱেষণাৰ ক্ষেত্ৰতো কাম কৰিব পাৰে। তেওঁলোকে পৰীক্ষাগাৰত কাম কৰি বিভিন্ন ধৰণৰ খাদ্যৰ শৰীৰত প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰে। তেওঁলোকে বিদ্যালয় আৰু মহাবিদ্যালয়ত তেওঁলোকৰ পুষ্টিৰ জ্ঞান উচ্চাকাংক্ষী ডায়েটিচিয়ানসকলৰ ওচৰলৈ আগবঢ়ায়। এই সকলোবোৰৰ উপৰিও তেওঁলোকে ব্যক্তিগত পৰামৰ্শদাতা বা ব্যক্তিগত অনুশীলনকাৰী হিচাপেও কাম কৰিব পাৰে।
বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।