বিন্দু জুন সংখ্যা, ২০২৪
বিন্দু ঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ জন্ম, শিক্ষা, পেচা, দাম্পত্য জীৱন, কৰ্মজীৱন ইত্যাদি৷
বন্দনা বৰঠাকুৰ ঃ মোৰ জন্ম হৈছিল লক্ষিমপুৰ জিলাৰ বিহপুৰীয়াত৷ মোৰ পিতৃ সাহিত্যিক, সাংবাদিক তথা শিক্ষক ধৰ্মেশ্বৰ কটকীয়ে বিহপুৰীয়াত লোহিত ডিক্ৰং হায়াৰ চেকেণ্ডাৰী স্কুলত শিক্ষকতা কৰিছিল৷ মোৰ পিতৃৰ ঘৰ আছিল মাজুলীত৷ জমিদাৰ পৰিয়ালৰ ল’ৰা আছিল মোৰ দেউতা৷ মাজুলীয়াল বুলি নিজকে গৰ্ব অনুভৱ কৰে৷ স্কুলীয়া শিক্ষা শেষ কৰি আমি স্থায়ীভাৱে শোণিতপুৰ জিলাৰ তেজপুৰত থাকিবলৈ লওঁ৷ তাতে দৰং কলেজত হায়াৰ চেকেণ্ডাৰী পঢ়ি থাকোঁতে মোৰ বিয়া হয় তেজপুৰৰ এক ঐতিহাসিক পৰিয়াললৈ৷ তেজপুৰৰ শ্ৰীশ্ৰীমা ভৈৰবী দেৱালয়ৰ বৰঠাকুৰ ঁপূৰ্ণ চন্দ্ৰ বৰঠাকুৰৰ পুত্ৰ প্ৰশাসনিক বিষয় দিলীপ বৰঠাকুৰলৈ মোৰ বিয়া হয়৷ বিয়াৰ পাছত মোৰ বাকী থকা শিক্ষা শেষ কৰাৰ উপৰিও সাংবাদিকতাৰ শিক্ষাও গ্ৰহণ কৰোঁ৷ মোৰ পিতৃ এগৰাকী সাংবাদিকো আছিল আৰু তাৰ বাবেই হয়তো মই সাংবাদিকতাক সৰুৰে পৰা ভাল পাইছিলো৷ পৰৱৰ্তী সময়ত মই প্ৰিণ্ট মিডিয়া আৰু ইলেকট্ৰ’নিক মিডিয়াৰ স’তে জড়িত হৈ পৰিলো৷ বিভিন্ন পদত মই কাৰ্যনিৰ্বাহ কৰিছিলো৷ সাহিত্য চৰ্চাৰ এটি পৰিবেশ সৰুৰে পৰাই পাইছিলো৷ শৈশৱৰ পৰাই বিভিন্ন আলোচনী-পেপাৰত কবিতা-গল্প লিখিছিলো৷ মই অনুবাদ কৰি ভাল পাওঁ৷ এই অনুবাদ সাহিত্যৰ প্ৰতি মোৰ যথেষ্ট দুৰ্বলতা আছে৷ এতিয়ালৈকে মোৰ চাৰিখন অনুবাদ গ্ৰন্থ, এখন মৌলিক কবিতাৰ সংকলন প্ৰকাশ পাইছে৷ বৰ্তমান আৰু দুখন অনুবাদ গ্ৰন্থ প্ৰকাশৰ পথত৷ মোৰ মাতৃ প্ৰয়াত নীলিমা কটকী এগৰাকী প্ৰতিষ্ঠিত কবি আছিল৷ দাম্পত্য জীৱনত মোৰ স্বামী দিলীপ বৰঠাকুৰ এগৰাকী আই.এ.এচ. বিষয়া আছিল৷ কৰ’ণা মহামাৰীত আক্ৰান্ত হৈ তেখেতৰ ২০২১ চনত পৰলোক প্ৰাপ্তি হয়৷ মোৰ দুজন ল’ৰা, দুয়োগৰাকীয়ে উচ্ছশিক্ষিত৷
মই সমাজৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত থকাৰ উপৰি প্ৰশাসনিক সেৱাৰ এটা কচ্ছিং চেণ্টাৰ ‘বৰঠাকুৰ আই.এ.এচ. একাডেমী’ৰ মুখ্য পৰিচালন সঞ্চালক হিচাপে আছো৷ ২০১৪ চনত আৰম্ভ কৰিছিলো এই একাডেমী৷
বিন্দু ঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো৷ কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল?
বন্দনা বৰঠাকুৰ ঃ স্কুলত পঢ়াৰ সময়ত কবিতা লিখিছিলো৷ অনভিজ্ঞ চিন্তাৰে লিখা কবিতাবোৰ স্কুলৰ আলোচনীত প্ৰকাশ পোৱাৰ লগতে পাছলৈ বিভিন্ন কাকত-পত্ৰত প্ৰকাশ পাইছিল৷ পিছলৈ অনুবাদ সাহিত্যৰ জগতখনে মোক বেছি আকৰ্ষিত কৰিবলৈ ধৰে৷ বহুকেইখন অনুবাদ গ্ৰন্থ প্ৰকাশ পাইছে আৰু দুখন প্ৰকাশৰ পথতো আছে৷ বিভিন্ন বাতৰি কাকতত মোৰ প্ৰবন্ধ আৰু কবিতা প্ৰকাশ পাইছে৷
বিন্দু ঃ এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে? অলপ বিস্তাৰিতভাৱে কওকচোন!
বন্দনা বৰঠাকুৰ ঃ সাহিত্যৰ ক্ষেত্ৰত মৌলিক গল্প-উপন্যাস লিখাৰ লগতে অনুবাদ জগতত সোমাই পৰিছো৷ বিভিন্ন লেখকৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি ভাল পাওঁ৷ অনুবাদে আন এখন ঠাইৰ সাহিত্যৰ লগত, চিন্তাধাৰাৰ লগত পাৰিপশ্বিৰ্কতাৰ লগত চিনাকি কৰাই দিয়ে৷ অনুবাদৰ জৰিয়তে আমি সাহিত্যৰ নানা দিশ জানিব পাৰো৷ কবিতাও মই লিখো৷ বিভিন্ন অনুষ্ঠানত স্ব-ৰচিত কবিতা পাঠ কৰি আহিছো৷ সাহিত্য বিষয়ৰ নানা কৰ্মশালাত ভাগ লৈ আহিছো৷ ভৱিষ্যতলৈ এই ক্ষেত্ৰখনত আৰু বেলেগ বেলেগ ধৰণৰ কাম কৰাৰ হেঁপাহ আছে৷ এই জগতখন বহুত বিশাল৷ জ্ঞানৰ কোনো পৰিসীমা নাথাকে৷ প্ৰতিটো দিনতে বেলেগ বেলেগ কথা শিকিব বিচাৰো৷
বিন্দু ঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি? বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে তেওঁলোকে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে?
বন্দনা বৰঠাকুৰ ঃ সাহিত্যই আচলতে এটা জাতিক সমৃদ্ধ কৰে৷ সাহিত্যই জাতিক প্ৰতিফলন কৰে৷ প্ৰতিটো বস্তুৰে ভাল বেয়াৰ দুটা দিশ আছে৷ আমি যিমানে বেয়াবোৰক গুৰুত্ব দিম সিমানে মনটো নিগেটিভ হৈ পৰে৷ পজিটিভ দিশটোত মনোনিবেশ কৰিলে মন সুখী হৈ পৰে৷ বৰ্তমান এই জগত বহু ক্ষেত্ৰত আগবাঢ়িছে৷ তাৰ মাজত ক্ষোভ নোহোৱা নহয়৷ হয়, বৰ্তমান বহু কবি সাহিত্যিকৰ জন্ম হৈছে৷ সাহিত্যৰ দিশ আগবাঢ়িছে৷ কিন্তু এটা কথা ঠিক যে আমি যিমান পাৰো অধ্যয়ন কৰিব লাগে৷ অকল নিজৰ সাহিত্যই নহয়, বেলেগ বেলেগ দেশ-জাতিৰো সাহিত্য অধ্যয়ন কৰিব লাগে৷ কিতাপ কিনি কেৱল সজাই থ’লেই নহয়৷ সেয়া পঢ়িবও লাগিব৷ ম’বাইলটোৰ ভিতৰতে সীমাবদ্ধ নাথাকি জ্ঞানৰ গভীৰতা বঢ়াবলৈ অধ্যয়ন অতি জৰুৰী৷ গুগলত সকলো তথ্য পোৱা গ’লেও সেই তথ্যসমূহ খৰচি মাৰি জানিবৰ বাবে অধ্যয়নৰ দৰকাৰ৷ নতুন প্ৰজন্ম সাহিত্যৰ ক্ষেত্ৰত বিভিন্ন চিন্তাধাৰাৰে আগবাঢ়িছে যদিও অধিক¸ কৃচ্ছ্ৰসাধনাৰ দৰকাৰ বুলি ভাবো৷
বিন্দু ঃ সচেতন লেখিকা হিচাপে আপুনি আপোনাৰ লেখাত কোনবোৰ কথাক প্ৰাধান্য দিয়ে?
বন্দনা বৰঠাকুৰ ঃ এগৰাকী লেখিকা হিচাপে মই সমাজৰ বিভিন্ন সমস্যাৰ ওপৰত লিখি ভাল পাও নিজৰ চিন্তাধাৰাৰে৷ সমাজৰ বহু নিষ্পেষিত নাৰী আছে তেওঁলোকৰ মনোজগতৰ ওপৰত অধ্যয়ন কৰি তেওঁলোকৰ দুখবোধৰ ওপৰত কিবা কৰিব পাৰি নেকি এনেধৰণৰ বিষয়বোৰৰ ওপৰত গুৰুত্বসহকাৰে লিখি ভাল পাওঁ৷
বিন্দু ঃ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ অধিক প্ৰশস্ত হৈছে বুলি ভাবেনে? আপোনাৰ দৃষ্টিত সামাজিক মাধ্যমৰ এটা ভাল দিশ আৰু এটা বেয়া দিশৰ বিষয়ে কওকচোন৷
বন্দনা বৰঠাকুৰ ঃ সামাজিক মাধ্যম এতিয়া সাহত্যি চৰ্চাৰ অন্যতম ক্ষেত্ৰ হৈ পৰিছে৷ বহুতো লেখক লেখিকাৰ জন্ম হৈছে৷ মই নিজেও সামাজিক মাধ্যমৰ সাহিত্যৰ কিছু গোটৰ লগত আছো৷ তাত বিভিন্ন বয়সৰ বহুতে লিখি আহিছে৷ ভাল লাগে একেখন মজিয়াতে বিভিন্নজনৰ বিভিন্ন চিন্তাধাৰাৰ লিখনী পঢ়ি৷ সামাজিক মাধ্যমে বহু সম্ভাৱনা থকা লেখক-লেখিকাৰ জন্ম দিছে৷
এই মাধ্যমত ভাল দিশ বুলি ক’লে দেখা যায় বহুজনে এই মাধ্যমত নিজৰ মুক্ত চিন্তা প্ৰকাশ কৰিছে৷ তাৰ লগতে সমাজৰ বহু ভাল ভাল কমো হৈছে৷ এই মাধ্যমে মানুহক ভৌগোলিক সীমা অতিক্ৰম কৰাই বিভিন্ন ঠাইৰ মানুহৰ লগত সংযোগ কৰাইছে৷ সামাজিক মাধ্যমে যোগাযোগৰ সুবিধা প্ৰদান কৰে৷ চ’ছিয়েল মিডিয়াই তথ্য আৰু প্ৰচাৰত আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত সংযোগ বৃদ্ধিৰ বাবে শক্তিশালী আহিলা হিচাপে কাম কৰে৷ এই সামাজিক মাধ্যমে বহু সময়ত বিভিন্ন কেৰিয়াৰৰ উন্নতিৰ লগতে ব্যৱসায়িক বিকাশৰ সুযোগ প্ৰদান কৰে৷
এই জগতৰ নেতিবাচক কিছু দিশ হ’ল চাইবাৰ ক্ৰাইম৷ এই চাইবাৰ ক্ৰাইমে বহু সময়ত মাৰাত্মক ৰূপ ধৰি মানুহৰ জীৱনত বেয়া প্ৰভাৱ পেলাই৷ দ্বিতীয়তে কেতিয়াবা এই মাধ্যমত বিভিন্ন ডাটা, পৰিচয় চুৰি হয়৷ অনলাইন কেলেংকাৰী হয়৷ তৃতীয়তে চ’ছিয়েল মিডিয়া কেতিয়াবা নিচাত পৰিণত হয়৷ অনবৰতে এই মাধ্যমত থকাৰ ফলত বিভিন্ন কাম কাজ পিচুৱাই যায়৷ বিভিন্ন কামত মনোযোগৰ অভাৱ হয়৷ বিশেষকৈ বহু ক্ষেত্ৰত নতুন প্ৰজন্মক ই ভয়াবহভাৱে আক্ৰমণ কৰে৷
বহু অসুবিধা থাকিলেও বৰ্তমান সময়ত এই মাধ্যম সামাজিক জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে৷ যোগাযোগ, সামাজিক, পাৰস্পৰিক ক্ৰিয়া-কলাপ তথ্য প্ৰচাৰত ই উল্লেখযোগ্য ভূমিকা পালন কৰে৷
বিন্দু ঃ আপোনাৰ সাংবাদিক জীৱনৰ বিষয়ে কওকচোন! কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ কৰিলে? এতিয়াও সাংবাদিকতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নেকি?
বন্দনা বৰঠাকুৰ ঃ মোৰ সাংবাদিক জীৱন আৰম্ভ হৈছিল ২০০৩ চনৰ পৰা৷ মোৰ স্বামীৰ চাকৰি সূত্ৰে বিভিন্ন ঠাইত থাকোঁতে সেই ঠাইবোৰৰ কিছু সংবাদ মই নিজে সংগ্ৰহ কৰি বাতৰি কাকতবোৰলৈ পঠাইছিলো৷ সেইয়া মোৰ আৰম্ভণি৷ ২০০০ চনত স্থায়ীভাৱে গুৱাহাটীলৈ আহিলো আৰু তাৰ পাছতে ২০০৩১ পৰা সংবাদ জগতৰ লগত জড়িত হ’লো৷ পূৰ্বদোয়, দৈনিক বাতৰি, চেণ্টিনেল, আজিৰ অসম, দৈনিক বাতৰি কাকত, ফ্ৰণ্টিয়াৰ টিভি, প্ৰাগ নিউজ, ফ’কাচ এন.ই. টিভিত বহু বছৰ কাম কৰিলো৷
বিভিন্ন টকশ্ব’, ইনডৰ প্ৰগ্ৰেম, সমাজৰ বিশেষ বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰৰ অনুষ্ঠান আদিৰ লগতে ইণ্টাৰনেচনেল নিউজৰ এংকৰ হিচাপে কাম কৰিছিলো৷
সাংবাদিকতা মোৰ অতি প্ৰিয় এক বিষয়৷ বৰ্তমান বিভিন্ন ব্যস্ততাৰ প্ৰত্যক্ষভাৱে জড়িত নাই যদিও পৰোক্ষভাৱে আছো৷
বিন্দু ঃ সংবাদ সেৱাৰ সৈতে জড়িত এটা কমন শব্দ হৈছে “নিৰপেক্ষ সাংবাদিকতা’’৷ আপোনাৰ মতে ইয়াৰ দ্বাৰা কি বুজাব বিচৰা হয়? ইকুল-সিকুল দুয়োকুল ৰক্ষা কৰি কথা কোৱা সাংবাদিকতা নে দুয়োকুলৰ পৰা সমদূৰত্ব বজায় ৰাখি সত্যৰ পক্ষত অৱস্থান কৰা সাংবাদিকতা? কোনটো ‘নিৰপেক্ষ সাংবাদিকতা’?
বন্দনা বৰঠাকুৰ ঃ সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তমভ বুলি কোৱা হয়৷ জনজীৱনত সংবাদ মাধ্যমৰ প্ৰভাৱ অসীম৷ বৰ্তমান সময়ত নিৰপেক্ষ সাংবাদিকতা যেন কমিছে এনে লাগে৷ সাংবাদিকতা হ’ল এক মহান পেচা, নিৰপেক্ষ সাংবাদিকতা কৰিবলৈ হ’লে লোভ, প্ৰলোভনৰ চিকাৰ হ’ব নালাগিব৷ নিজস্বতাক বজাই ৰাখি সমাজৰ বিভিন্ন দিশ দৃঢ়তাৰে সমাজত দাঙি ধৰিব পৰা ব্যক্তিয়েহে নিৰপেক্ষ সাংবাদিকতা কৰিব পাৰে৷ সাংবাদিকতাৰ দৃষ্টি বস্তুনিষ্ঠ হ’ব লাগে৷ সত্যৰ পক্ষত থকা দৰকাৰ সাংবাদিকসকল৷ নৈতিকতা আৰু পেশাদাৰিত্বই সাংবাদিকতাৰ মূল শক্তি৷ সাংবাদিকতা হ’ল স্বাধীন বৃত্তি৷ স্বাধীন চিন্তা কৰাৰ সুযোগ সাংবাদিকৰ আছে৷ এজন ভাল সাংবাদিক হ’বলৈ বহু কষ্ট কৰিব লাগে কাৰণ সাংবাদিকক কোৱা হয় জাতিৰ বিবেক৷ পৃথিৱীত এটা শ্ল’গান আছে সেয়া হ’ল এজন প্ৰকৃত সাংবাদিকৰ কোনো বন্ধু নাই৷ গোটেই পৃথিৱীখনেই বন্ধু৷ এই বৃত্তিত সততা আৰু দায়িত্বশীলতা প্ৰথম কথা৷ সাংবাদিক সদায় নিৰপেক্ষ হ’ব লাগে৷ বৰ্তমান এই নিৰপেক্ষ সাংবাদিকতা কিছু হয়তো আছে কিছু নাই৷ পক্ষপাতিত্ব বা ভুল বাতৰি পৰিবেশন কৰাৰ পৰা বিৰত থাকিব লাগে৷ কাৰণ ভুল বাতৰি পৰিবেশনে সমাজৰ লগতে কোনো ব্যক্তিৰ জীৱনো ধ্বংস কৰিব পাৰে৷
বিন্দু ঃ এচামৰ মতে সংবাদ মাধ্যম ‘উপস্থাপক’হে, সিদ্ধান্ত দিয়া বা সমাধানৰ দায়িত্ব সংবাদ মাধ্যমৰ নহয়৷ আপোনাৰ মতে?
বন্দনা বৰঠাকুৰ ঃ এই ক্ষেত্ৰত বিশেষ মতামত নাই৷ সংবাদ মাধ্যমে যদিও বহু সময়ত বহু কথা উপস্থাপন কৰে তাৰ সমাধান ক’ত কেনেদৰে হয় সেয়া গম পোৱা নাযায়৷ সেয়েহে মতামত বিশেষ নাই৷
বিন্দু ঃ প্ৰকৃত সংবাদ সেৱাৰ ধৰ্ম পালন কৰিছে ‘সামাজিক মাধ্যম’-এ৷ কথাষাৰ কেনেদৰে গ্ৰহণ কৰে আপুনি?
বন্দনা বৰঠাকুৰ ঃ যোগাযোগ মাধ্যমৰ সাহায্যত সাংবাদিকতা সামাজিক মাধ্যমত বেছি সম্পৃক্ত হৈ পৰিছে৷ বৰ্তমান যুগ হৈছে তথ্যৰ যুগ৷ সেয়েহে বহু সময়ত হয়তো সেয়া ইতিবাচক হয়৷ বিশ্বজুৰি বৰ্তমান সামাজিক মাধ্যমত সাংবাদিকৰ গুৰুত্ব বাঢ়িছে৷ অনলাইন সংবাদ মাধ্যমসমূহে সংবাদ গ্ৰহণ আৰু প্ৰকাশৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ সহায় লয়৷ ইন্দোনেছিয়াৰ ‘দ্যা জাকাট পোষ্ট’ৰ পৰিচালক দামাৰ হাৰমানতে কৈছে যে সামাজিক যোগাযোগ মাধ্যমে সংবাদৰ ঠাই হিচাপে হয়তো খুব সহজে তাৰ প্ৰাধান্যতা হেৰুৱাব৷ কাৰণ সামাজিক যোগাযোগৰ মাধ্যমতকৈ প্ৰকৃত সংবাদ মাধ্যমকহে গুৰুত্বপূৰ্ণ কৰি তুলিব৷ এতিয়া চ’ছিয়েল মিডিয়াই সামাজিক গণমাধ্যম হিচাপে বিজ্ঞাপন কৰা দেখা গৈছে৷
বিন্দু ঃ আপুনি সংবাদ সেৱাৰ পৰা আঁতৰি আহি বৰ্তমান আন এক দিশৰ সৈতে জড়িত হৈ পৰিছে৷ আপুনি বৰ্তমান বৰঠাকুৰ আইএএছ একাডেমীৰ মুখ্য পৰিচালন সঞ্চালক৷ এই যাত্ৰাৰ বিষয়ে বিন্দুৰ দৰ্শকক অলপ কওকচোন৷
বন্দনা বৰঠাকুৰ ঃ বৰ্তমান মই সংবাদ সেৱাৰ পৰা অলপ আঁতৰি নিজৰ এটা ব্যৱসায়ত মনোনিবেশ কৰিছো৷ ২০১৪ চনত ‘বৰঠাকুৰ আই.এ.এচ. একাডেমী’ আৰম্ভ কৰিছিলো৷ খুব কম ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ কৰা হৈছিল৷ তাৰ পাছত লাহে লাহে সময় আগবঢ়াৰ লগে লগে ছাত্ৰ-ছাত্ৰী বাঢ়িল৷ মই অসমৰ বাহিৰৰ বিভিন্ন ঠাইৰ পৰা ফেকাল্টি আনিলো৷ আমাৰ অসমত বহুতো চোকা ল’ৰা-ছোৱালী আছে৷ বহুতে আৰ্থিক অসুবিধাৰ বাবে অসমৰ বাহিৰত কোচিং ল’ব নোৱাৰে, সেয়েহে মই এনে এটা ষ্টেপ লৈছিলো; যাতে কম খৰচত অসমতে আমাৰ ল’ৰা-ছোৱালীয়ে কোচিং ল’ব পাৰে৷ মই কেতিয়াও কোৱালিটিৰ লগত কম্প্ৰ’মাইজ কৰা নাই৷ নিজৰ বহু অসুবিধা থাকিলেও যিমান পাৰো সা-সুবিধা ছাত্ৰ-ছাত্ৰীসকলক দিয়াৰ ব্যৱস্থা কৰিছো৷ এগৰাকী নাৰীয়ে যেতিয়া এটা স্বাধীন ব্যৱসায় কৰিবলৈ যায় বহুতো প্ৰত্যাহ৩ানৰ সন্মুখীন হয়৷ ময়ো তেনে বহু প্ৰত্যাহ৩ানৰ সন্মুখীন হৈ নিজৰ কাম কৰি গৈছো৷ ক’ভিদৰ সময়ছোৱাত আমি অনলাইনৰ ব্যৱস্থা কৰোঁ৷ বৰ্তমান আমাৰ অফলাইন আৰু অনলাইন দুয়োটা মাধ্যমতে ক্লাছ হয়৷ আমাৰ ফেকাল্টিসকল বৰ বন্ধুত্বসুলভ যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যি কোনো সময়তে তেওঁলোকক পায়৷ প্ৰতিগৰাকী ষ্টাফে ষ্টুডেণ্টৰ সুবিধা-অসুবিধাৰ ওপৰত চকু ৰাখে৷ আমাৰ ইয়ালৈ আমি অৱসৰ লোৱা আৰু চাকৰিত থকা প্ৰশাসনিক বিষয়াসকলক নিমন্ত্ৰণ কৰো৷ তেওঁলোকে তেওঁলোকৰ বহুমূলীয়া অভিজ্ঞতাৰে আমাৰ শিক্ষাৰ্থীসকলক আগবঢ়াই নিয়ে৷ তাৰ উপৰিও apscৰ Final Examৰ পাছত হ’ব লগা ইণ্টাৰভিউৰ বাবে আমি বিভিন্ন ক্ষেত্ৰত কাৰ্যনিৰ্বাহ কৰি থকা প্ৰশাসনীয় বিষয়াসকলক মাতি আনো৷ তেওঁলোকে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণেৰে সাক্ষাৎকাৰৰ বাবে প্ৰস্তুত কৰি তোলে৷ আজি আমি ১০ বছৰত ভৰি দিলো৷ আমাৰ সাফল্যৰ হাৰ লাহে লাহে বাঢ়ি আহিছে৷ এইবাৰ আমাৰ apsc-২২/২৩ ৰিজাল্টত আমাৰ অনুষ্ঠানৰ পৰা ৩৫২ গৰাকী উত্তীৰ্ণ হৈছে৷ আগলৈ আৰু অধিক সফলতা আশা কৰিছো৷ আমাৰ গুৱাহাটীত দুটা শাখা, যোৰহাট, ডিব্ৰুগড়, তেজপুৰত আমাৰ শাখা আছে৷ খুব সোনকালে নগাঁৱতো আমি আৰম্ভ কৰিম৷ মই সদায়ে সকলো ক্ষেত্ৰতে আশাবাদী৷ এন্ধাৰ নাথাকিলে পোহৰৰ সন্ধান পাম জানো? সেয়েহে কাম কৰি গৈছো ফলাফল ভগৱানৰ ওপৰত৷
বিন্দু ঃ নাৰীৰ “সমঅধিকাৰ’’ শব্দটোক আপুনি কেনেদৰে গ্ৰহণ কৰে? সমঅধিকাৰ বিচৰা মানেই নিশ্চিতভাৱে কিবা অধিকাৰৰ পৰা বঞ্চিত থকা৷ নাৰী বঞ্চিত নে? যদি হয় তাৰ বাবে কোন জগৰীয়া আপোনাৰ মতে? পুৰুষ?
বন্দনা বৰঠাকুৰ ঃ নাৰীৰ সমঅধিকাৰ থকাটো উচিত বুলি ভাবো৷ এটা কথা আমি যদি পিছলৈ উভতি চাওঁ তেনেহ’লে দেখো যে প্ৰাচীন কালত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা আছিল৷ তাত নাৰীৰ স্থান পুৰুষৰ সমপৰ্যায়ৰ আছিল৷ ঋগ্বেদৰ সময়তো নাৰীৰ অধিকাৰ সমান আছিল৷ সেই সময়ত নাৰীয়ে পুৰুষৰ সমানে সমানে একাধিক সংস্কাৰৰ ৰীতি-নীতিত ভাগ লৈছিল৷ লাহে লাহে বিভিন্ন কাৰণত নাৰীৰ অধিকাৰ খৰ্ব কৰা হৈছিল৷ কিন্তু এগৰাকী নাৰী নহ’লে এখন সমাজ নচলে৷ পৃথিৱীক আমি মাতৃজ্ঞান কৰো৷ নাৰীও সেই একে মাতৃ৷ বহু সময়ত আধুনিক সমাজখনতো নাৰীৰ সমঅধিকাৰৰ কথা কোৱা যায় যদিও তাৰ বিশেষ কাৰ্যকাৰিতা দেখা নাযায়৷ মই এইটো নকও যে নাৰীয়ে বৰ্তমান তেওঁলোকৰ অধিকাৰ পোৱা নাই৷ পাইছে; কিন্তু তাৰ বাবে কষ্ট কৰিবলগা হৈছে৷ ঘৰখনতে ল’ৰা সন্তান আৰু ছোৱালী সন্তানক লৈ কিছু ভেদ ভাব আমিয়ে কৰো৷ আমি যদি নিজে সংস্কাৰী নহও তেনেহ’লে এই সমঅধিকাৰ বিচাৰি হাহাকাৰ কৰি লাভ নাই৷ পুৰুষ দায়ী বুলি মই ক’ব নোখোজো৷ বহু আগতে প্ৰাচীন সমাজ ব্যৱস্থাৰ সময়ৰ পৰাই অৰ্থাৎ বেদৰ সময়ৰ পৰাই সমাজত নাৰীৰ স্থান অবদমিত কৰা হৈছিল৷ এতিয়া আধুনিক চিন্তাধাৰাত কিছু কমিল যদিও একেবাৰে শেষ হোৱা নাই৷ হয়তো একেবাৰে মুক্ত হ’বলৈ সময় আৰু লাগিব৷
বিন্দু ঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব?
বন্দনা বৰঠাকুৰ ঃ নাৰী নহ’লে যদি সংসাৰ নচলে তেনেহ’লে পুৰুষ নহ’লেও নচলে৷ কাৰণ নাৰী পুৰুষৰ একে সংজ্ঞা৷ ইয়ে শিৱ আৰু শক্তি৷ দুয়ো দুয়োৰে পৰিপূৰক৷ পুৰুষ হ’ল বুলিয়ে তেওঁৰ কোনো দুখ থাকিব নোৱাৰিব বা তেওঁ কেৱল ধন ঘটাৰ মেচিন এইবোৰ মনোভাৱ আমি নাৰীসকলে এৰিব লাগিব৷ নাৰী পুৰুষ দুয়ো অভিন্ন, দুয়ো দুয়োৰে পৰিপূৰক৷ দুয়োৰে সহযোগত হে সংসাৰ সুন্দৰভাৱে আগবাঢ়িব৷
বিন্দু ঃ একাংশ লোকে ক’ব বিচাৰে যে ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়ে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আনি দিছে৷ আপুনি কি ভাবে? বৃদ্ধাৱস্থাটোক সৰ্বতোপ্ৰকাৰে সুখী কৰিব পৰাকৈ পৰিৱেশ ৰচনা কৰি বৃদ্ধাশ্ৰমবোৰ যদি পৰিকল্পিতভাৱে গঢ়ি তুলিব পৰা যায় আৰু পৰিয়ালৰ লোকসকল প্ৰতিদিনে এবাৰ হ’লেও তেওঁলোকক সংগ দিবলৈ বাধ্য থাকে তেন্তে আপুনি বিষয়টো কেনেদৰে গ্ৰহণ কৰিব?
বন্দনা বৰঠাকুৰ ঃ বৃদ্ধাশ্ৰম ব্যৱস্থাটোক মই অন্তৰেৰে গ্ৰহণ নকৰো৷ পিতৃ-মাতৃ আমাৰ বোজা তেতিয়াও হ’ব নোৱাৰে৷ এটা কথা হয়, বহুতে হয়তো ব্যস্ততাপূৰ্ণ সময়ৰ কাৰণে পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত ৰাখে, তেওঁলোকৰ বাবে সময়ৰ অভাৱ পিতৃ মাতৃক অকমান সংগ দিবলৈ৷ এইটো এটা যুক্তি হয়নে? যি পিতৃ-মাতৃয়ে গোটেই জীৱন সন্তানৰ বাবে নিঃশেষ কৰে সেই পিতৃ-মাতৃক যেতিয়া সন্তানে নিজৰ সুখৰ বাবে এৰিব পাৰে সেইবোৰৰ প্ৰতি মোৰ কোনো শ্ৰদ্ধা নাই৷ আমি মন কৰিলে সকলো কৰিব পাৰো৷ তাকে নকৰি অদ্ভুত যুক্তিৰে পিতৃ-মাতৃৰ বৃদ্ধ বয়সত সংগ দিবলৈ বৃদ্ধাশ্ৰমত থ’বলৈ যোৱাতো চূড়ান্ত অমানৱীয় কথা৷ কোনোবাই হয়তো এই ধাৰা সমৰ্থন কৰে, কিন্তু মই নকৰো৷
বিন্দু ঃ ল’ৰা সন্তানৰ সমানে কন্যা সন্তানকো ভাৰতীয় আইনে পৈতৃক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিবাহিতা কন্যা সন্তানে পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বৰ পৰা আঁতৰি থাকে৷ কি ক’ব আপুনি?
বন্দনা বৰঠাকুৰ ঃ আইনে ল’ৰা-ছোৱালী দুয়োকে পৈতৃক সম্পত্তিত সমান অধিকাৰ দিছে৷ কিছু ক্ষেত্ৰত কিছু কন্যা সন্তানে পিতৃ-মাতৃৰ দায়িত্ব বিশেষ নলয়৷ সেয়া হয়তো কেনোবাই ভাল নাপায়, কোনোবাই হয়তো স্বামীৰ ঘৰে ভাল নোপোৱাৰ বাবে কৰিব নোৱাৰে৷ কিন্তু নিজৰ দায়িত্বৰ পৰা আঁতৰি থাকি দিয়া কোনো যুক্তিক মই সমৰ্থন নকৰো৷ সম্পত্তিয়েই সকলো নহয়৷
বিন্দু ঃ গতিশীল সময়ৰ হাত ধৰি বহু নতুন চিন্তা, নতুন ধাৰণাৰ আমদানী হয়৷ সময়ৰ গতিৰ সৈতে ছন্দ মিলাব নোৱাৰাজনকে পুৰণি বুলি কোৱা হয়৷ সেই সময়ৰ হাত ধৰিয়েই আমাৰ সমাজলৈও সোমাই আহিব ধৰিছে লিভ ইন টুগেদাৰ ব্যৱস্থা৷ আপুনি কেনেদৰে চাইছে বিষয়টো?
বন্দনা বৰঠাকুৰ ঃ লিভ ইন টুগেদাৰ আজিৰ আধুনিক যুগত এটা চিন্তা৷ আমাৰ চিন্তাধাৰা আজি প্ৰায় পাশ্চাত্যমুখী হৈ পৰিছে৷ বিয়াৰ প্ৰতি লাহে লাহে হয়তো আস্থা কমিছে৷ কোনোবাই জীৱনসংগী বিচাৰি দুয়োজনে বিবাহ বৰ্হিভূতভাৱে একেলগে আছে৷ ভাল লাগিছে থাকিব, বেয়া লাগিলে নাথাকে৷ মই ভাবো এইবোৰত হৃদয়ৰ টান নাথাকে৷ লিভ ইন টুগেদাৰ শাৰীৰিক চাহিদাৰ বিকল্পহে৷ ইয়াত কোনো আবেগ বা নৈতিকতা নাথাকে৷
বিন্দু ঃ শেহতীয়াভাৱে বাল্য বিবাহ, বহু বিবাহ, তালাক ব্যৱস্থা আদি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিবোৰ সংস্কাৰকামী ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে সিবোৰৰ প্ৰতি আপোনাৰ অভিমত কি?
বন্দনা বৰঠাকুৰ ঃ বাল্যবিবাহ, বহু বিবাহ মই কেতিয়াও সমৰ্থন নকৰো৷ তিন তালাক চৰকাৰে নিৰ্মূল কৰিছে৷ চৰকাৰৰ এই সংস্কাৰধৰ্মী ব্যৱস্থাবোৰক মই অন্তৰেৰে সমৰ্থন কৰোঁ৷
বিন্দু ঃ শাহু আৰু বোৱাৰীৰ মাজৰ সংঘাত বা দ্বন্দ্ব্ব আমাৰ সমাজত চিৰাচৰিতভাৱে চলি আহিছে৷ এগৰাকী বোৱাৰী বা শাহু হিচাপে আপোনাৰ ব্যক্তিগত অভিজ্ঞতা?
বন্দনা বৰঠাকুৰ ঃ নাৰীয়ে নাৰীৰ শত্ৰু অতীজৰে পৰা৷ শাহু-বোৱাৰীৰ মাজৰ মনোমালিন্য এক নিত্তনৈমিত্তিক ঘটনা৷ দুয়ো যেতিয়া নিজৰ খোপনি নেৰে, এৰা-ধৰা নকৰে তেতিয়াই অশান্তিৰ সূত্ৰপাত হয়৷ শাহুৱেও বোৱাৰীক নিজৰ ছোৱালীৰ স’তে একে বুলি ভাবিব লাগিব আৰু সেইদৰে বোৱাৰীয়েও ভাবিব লাগিব৷ মই মোৰ শাহুমাৰ সৈতে অত্যন্ত সুখী আছিলো৷ খুব কম বয়সত বিয়া হোৱা বাবে একো বিশেষ কাম নাজানিছিলো৷ তেওঁ শিকোৱাৰ দৰে প্ৰতিটো কাম শিকিছিলো৷ মোক লৈ তেখেত যে সুখী আছিল আজি তেখেতৰ অৱৰ্তমানতো মই ডাঠি ক’ব পাৰো৷
বিন্দু ঃ আমাৰ সমাজত গাৰ্হস্থ্য হিংসা বা বোৱাৰী নিৰ্যাতনৰ যিসমূহ ঘটনা সংঘটিত হয় তাত স্বামীৰ পৰিয়ালৰ অন্যান্য নাৰীও জড়িত থকা সততে পৰিলক্ষিত হয়৷ ইয়ে নাৰীয়ে যে নাৰীৰ শত্ৰু সেইটোকে প্ৰতিপন্ন নকৰেনে? আপুনি কি ভাবে?
বন্দনা বৰঠাকুৰ ঃ মই কলোৱেই, নাৰীয়ে নাৰীৰ শত্ৰু৷ আৰু বহু সময়ত বোৱাৰী নিৰ্যাতনৰ ঘটনা বিশেষকৈ নাৰীয়েই জড়িত থকা দেখা যায়৷ সেয়েহে এই ‘নাৰীয়ে নাৰীৰ শত্ৰু’ বোলা কথাষাৰ সত্য৷
বিন্দু ঃ নাৰী নিৰ্যাতনৰ সমান্তৰালভাবে পুৰুষ নিৰ্যাতনৰ প্ৰসংগয়ো বৰ্তমান সময়ত চৰ্চা লাভ কৰিছে৷ দুবছৰমান আগত দিল্লীৰ জন্তৰ মন্তৰত নিৰ্যাতিত পুৰুষ কিছুমানে ধৰ্ণা প্ৰদৰ্শনো কৰা দেখা গৈছিল৷ আইনে প্ৰদান কৰা বিশেষাধিকাৰসমূহ উদ্দেশ্যমূলকভাৱে ব্যৱহাৰ কৰি এচাম নাৰীয়ে পুৰুষ নিৰ্যাতন চলাই আহিছে বুলি ভিন্ন সময়ত অভিযোগ উত্থাপিত হ’বলৈ লৈছে৷ এই অভিযোগ যদি সঁচা হয় তেন্তে ইয়ে নাৰীকেই ক্ষতিগ্ৰস্থ নকৰিব নে? আপুনি কি ভাবে?
বন্দনা বৰঠাকুৰ ঃ পুৰুষক নাৰীয়ে নিৰ্যাতন চলোৱা কথাষাৰ সত্য৷ বহু সময়ত দেখা যায় এজন পুৰুষ নাৰীগৰাকীৰ পৰা মানসিক বা শাৰীৰিকভাৱে নিৰ্যাতিত হয়৷ এইটো একেবাৰে ভাল কথা নহয়৷ নাৰীক সমঅধিকাৰ যদি দিব লাগেই তেনেহ’লে এই অত্যাচাৰ, আতিশায্য অত্যন্ত গৰ্হিত৷ বুজা-পৰাৰে বহু সমস্যাৰ সমাধান হয়৷ নিজকে সকলোৰ উদ্ধৰ্ত বুলি ভাবি এনে ধৰণৰ আতিশায্য চলোৱা ভুল৷ মানসিকভাৱেও বহু নিৰীহ পুৰুষ নাৰীৰ পৰা নিগ্ৰহিত হয়৷ এই নিৰ্যাতন কৰাৰ কোনো মহত্ত্বতা নাথাকে৷ এনেবোৰ কথাই কিন্তু নাৰীকহে ক্ষতি কৰে৷ সমাজৰ চকুতে নহয় সকলোৰে ওচৰত নাৰীগৰাকী দোষী হ’ব লগা হয়৷
বিন্দু ঃ ধনৰ বাবেই হওক অথবা যৌনক্ষুধা পুৰণৰ বাবেই হওক, প্ৰাপ্তবয়স্ক নাৰীক ভাৰতৰ আইনী ব্যৱস্থাই সম্পূৰ্ণ যৌন স্বাধীনতা প্ৰদান কৰিছে! এই ক্ষেত্ৰত আপোনাৰ অভিমত?
বন্দনা বৰঠাকুৰ ঃ এই কথাত মন্তব্য নিষ্প্ৰয়োজন বুলি ভাবো৷
বিন্দু ঃ ৰাজনীতি এতিয়া সমাজৰ সৰ্বস্তৰলৈ বিয়পিছে৷ ইয়াক আপুনি শুভলক্ষণ বুলিব নে অন্য প্ৰকাৰে ব্যাখ্যা আগবঢ়াব? কেনেকুৱা ৰাজনীতিৰ প্ৰতি আপুনি ব্যক্তিগতভাৱে আগ্ৰহ অনুভৱ কৰে?
বন্দনা বৰঠাকুৰ ঃ ৰাজনীতিত যিসকল আছে তেওঁলোকৰ চিন্তাধাৰাৰে ৰাজনীতি আগবাঢ়ে৷ এতিয়া প্ৰতিজন লোকেই ৰাজনীতিৰ বিষয়ে নানা আলোচনা, মত বিনিময় কৰে৷ মোৰ যিহেতু ৰাজনীতিৰ প্ৰতি বিশেষ আগ্ৰহ নাই গতিকে মই বিশেষ নাজানো৷
বিন্দু ঃ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক জন্ম দিনৰ শুভেচ্ছা দিবলৈ যাওঁতে আপুনি এঠাইত কৌটিল্যৰ প্ৰসংগ টানি আনিছে৷ বৰ্তমান সময়ত ড॰ শৰ্মাৰ ৰাজনৈতিক উত্থানক আপুনি কেনেদৰে গ্ৰহণ কৰিছে?
বন্দনা বৰঠাকুৰ ঃ মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিটো দিশ মই পৰ্য্যবেক্ষন কৰি তাক সমালোচনা কৰাৰ ধৃষ্টতা মোৰ নাই৷ মই দেখো যে বহু সময়ত তেখেতৰ কৰ্মপটুতা, বাকপটুতা, প্ৰত্যুৎপন্নতা স্বীকাৰ কৰিবলগা৷ তেখেতক মই চানক্যৰ লগত তুলনা কৰিছিলো আৰু মই ভাবো মই ভুল কৰা নাই৷
বিন্দু ঃ CAA আন্দোলনৰ ন্যায্যতাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন কৰি থকা পৰিলক্ষিত হৈছে৷ তেওঁৰ মতে সমস্ত আন্দোলনটোৱেই আছিল ভুল তথ্যৰ আধাৰত প্ৰতিষ্ঠিত৷ আপুনি কেনেধৰণে বিশ্লেষণ কৰিব বিষয়টো?
বন্দনা বৰঠাকুৰ ঃ কা আন্দোলনৰ ক্ষেত্ৰত মোৰ মতামত একো নাই৷
বিন্দু ঃ ধৰি লোৱা হ’ল আপোনাক এদিনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠীত কৰা হ’ল৷ প্ৰথম কামটো আপোনাৰ কি হ’ব?
বন্দনা বৰঠাকুৰ ঃ মুখ্যমন্ত্ৰী হোৱাৰ সপোন মোৰ নাই৷ মই যিহেতু ৰাজনীতিৰ প্ৰাতিও আসক্ত নহয় সেয়ে এই বিষে¸য় মই ভবা নাই কাহানিও৷ ক্ষমা কৰিব, ইয়াৰ উত্তৰ নাই৷
বিন্দু ঃ জীৱনৰ এনে এক আকাংক্ষাৰ কথা কওক যাক আপুনি আহৰণ কৰিব নোৱাৰিলে, যিটোৰ বাবে হয়তো গোপন মনে এতিয়াও মাজে মাজে ব্যাকুলতা অনুভৱ কৰে৷
বন্দনা বৰঠাকুৰ ঃ হয় কিছু আশা মানুহৰ অপূৰ্ণ থাকে৷ পূৰ্ণতা আৰু অপূৰ্ণতাৰ নামেই জীৱন৷ মোৰ এটা আশা আছিল ডক্তৰেট ডিগ্ৰী লোৱাৰ মোৰ পিতৃ থাকোঁতেই৷ কিন্তু সেই আশা পূৰণ নহ’ল৷ এটা জীৱনতে মানুহৰ সকলো পুৰণ নহয়, সেয়েহে মনটোৱে মাজে মাজে আক্ষেপ কৰে যদিও সেয়া সাময়িক৷
বিন্দু ঃ আপোনাক যদি এই মুহূৰ্তত ঈশ্বৰে তিনিটা বৰ দিব বিচাৰে তেন্তে আপুনি কি কি বিচাৰিব?
বন্দনা বৰঠাকুৰ ঃ বৰ যদি দিয়েই তেনেহ’লে মই সেই মুহূৰ্তত মনলৈ যি আহিব তাকেই খুজিম৷
বিন্দু ঃ ধৰি লওক এটা জনপ্ৰাণীহীন দ্বীপত আপোনাক নিৰ্বাসন দিয়া হ’ল৷ লগত কি বিচাৰিব আপুনি?
বন্দনা বৰঠাকুৰ ঃ জনপ্ৰাণীহীন দ্বীপত মোৰ একমাত্ৰ সংগী হ’ব কিতাপ৷ কাৰণ কিতাপ মোৰ প্ৰতিটো সময়ৰ অভিন্ন সংগী৷ তাৰ বাহিৰেও থাকিব সংগীত৷ কাৰণ সংগীতে সুৰৰ মূ২৬১্নাৰে বহু অসহনীয় সময় সুন্দৰ কৰি তোলে৷ আপাততঃ এয়াই হ’ব মোৰ নিৰ্জন দ্বীপৰ সংগী৷
বিন্দু ঃ আগন্তুক দহটা বছৰৰ পিছত আপুনি নিজক কেনে অৱস্থাত পাব বিচাৰে?
বন্দনা বৰঠাকুৰ ঃ মানুহৰ জীৱন কচুপাতৰ পানী৷ বৰ্তমান সময়ততো আৰু স্থায়িত্ব নাই৷ গতিকে ১০ বছৰ বহুত সময়৷ যদি ঠিকে থাকো, এগৰাকী স্বাৰ্থহীন সফল সমাজকৰ্মী, সত্ৰীয়া সংস্কৃতিৰ এগৰাকি কৰ্মী আৰু লেখিকা হিচাপে নিজক পাব বিচাৰো৷
প্ৰিয়ফুল – তগৰযগোলাপ
প্ৰিয় মানুহ – স্বাৰ্থহীন সঁচা অন্তৰৰ ব্যক্তি৷ যাক চকু জপাই বিশ্বাস কৰিব পাৰো৷
প্ৰিয় ৰাজনৈতিক নেতা – যি গৰাকীয়ে সমাজৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়ায় তেৱেঁ মোৰ প্ৰিয় হ’ব৷
প্ৰিয় ৰং – বগাযগোলাপী [White/Pink]
প্ৰিয় ঠাই – হৰিদ্বাৰ
প্ৰিয় কিতাপ – প্ৰতিখন কিতাপেই মোৰ প্ৰিয়
ভাল লগা গান – ড॰ ভূপেন হাজৰিকাৰ “বিমূৰ্ত মোৰ নিশাটি যেন…”
প্ৰিয় সাহিত্যিক – মণিকুন্তলা ভট্টাচাৰ্যযবিপুল দেউৰী
প্ৰিয় ব্যঞ্জন – খুতুৰা-বিলাহীৰ টেঙা৷
প্ৰিয় সময় – নিজৰ স’তে যেতিয়াই একাত্ম হ’ও সেয়া যি কোনো সময়তে প্ৰিয়৷ তথাপিও ৰাতিৰ নিৰ্জনতা মোৰ প্ৰিয়৷
আজৰি সময়ৰ কাম – খাদ্য বনোৱাযপেইণ্টিং কৰি ভাল পাওঁ৷ কিতাপ পঢ়ি ভাল পাও৷
বিন্দু ঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো৷ আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওক তাৰে কামনা কৰিছো৷