*এই সংখ্যাৰ অতিথি*

*এই সংখ্যাৰ অতিথি*

 

*বিশিষ্ট কবি তথা লেখিকা দীপিকা শইকীয়া*

 সাক্ষাৎগ্ৰহণঃ বৰ্ণালী দাস 

*বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ জন্ম, শিক্ষা, পেচা, দাম্পত্য জীৱন ইত্যাদি৷

🌹দীপিকা=নমস্কাৰ।প্ৰথমেই বিন্দু পৰিয়ালৰ সকলোলৈকে কৃতজ্ঞতা সহ ধন্যবাদ জনালোঁ।ব্যক্তিগত জীৱনৰ বিষয়ে কবলৈ হলে জন্মৰ ঠাইখনলৈ যাব লাগিব।যিহেতু মোৰ জন্ম হৈছিল এটা সময়ৰ অসমৰ ডিব্ৰুগড় জিলাৰ এখন অত্যন্ত ভিতৰুৱা গাঁৱত(বৰ্তমান সময়ত গাঁওবোৰক ভিতৰুৱা বুলি কব নোৱাৰি।যিহেতু অত্যাধুনিক সা-সুবিধাৰে গাঁও, ঘৰ চহকী হৈছে)ডিব্ৰুগড় জিলাৰ চাচনী মৌজাৰ বামুনীবিল নামৰ গাঁও এখনৰ চেৰাশালিত মোৰ জন্ম।মাতৃ শ্ৰী যুতা মণিকা বড়া আৰু পিতৃ ঁ দেবেন চন্দ্ৰ বড়া।গাঁৱখনৰ মাজভাগলৈ আমাৰ ঘৰখন।গাঁৱৰ পথাৰ,হাবি, ফুল,ফলেৰে ভৰি থকা আগবাৰী,পাছবাৰী ,সঁজাল পথাৰ,বিশুদ্ধ বতাহ, নিঁভাজ মৰম,আদৰ,যৌথপৰিয়ালৰ তেজ-মঙহৰ সমন্ধৰ এনাজৰী, সংস্কাৰ সকলোবোৰ সামন্তৰালভাৱে কবলৈ গলে এটি সমৃদ্ধিশালী শৈশৱ অতিবাহিত কৰিলোঁ।যি শৈশৱ সোণালী হৈ আজিও আছে বুকুত।যিহেতু নতুন প্ৰজন্মই তেনে এক শৈশৱ দেখা নাই আৰু কেতিয়াও নাপায়।বামুনীবিল প্ৰথমিক বিদ্যালয়তে মোৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষা জীৱন আৰম্ভ হৈছিল।তাৰপাছত দেউতাই তেল কোম্পানীত চাকৰি যোগদান কৰা বাবে তৈল নগৰী দুলিয়াজানলৈ আহি পূব জালনী প্ৰাথমিক বিদ্যালয় দুলিয়াজানত নাম ভৰ্তি কৰাইছিল।পুনৰ আমাৰ বাসস্থান সলোৱাৰ বাবেই টিপলিং প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ত নাম ভৰ্তি কৰোৱা হ’ল।প্ৰাৰম্ভিক শিক্ষা প্ৰাৰ্থমিক পৰ্যায়ৰ চাৰিটা শ্ৰেণীকেই তিনিখনকৈ বিদ্যালয় অতিক্ৰম কৰিছোঁ।তাৰ পাছত ক্ৰমে টিপলিং ঘাট হাইস্কুল, দুলিয়াজান মহাবিদ্যালয়ত শিক্ষা  জীৱন সামৰিছোঁ।বিবাহিত জীৱনৰ আৰম্ভণি হ’ল যদিও বিভিন্ন বিষয়ত সময় ,সুবিধা পালেই আচুটীয়াকৈ অধ্যয়ন কৰিছিলোঁ।হিন্দী বিষয়ত স্নাতকোত্তৰ হৈ কিছুদিন শিক্ষকতা কৰিলোঁ।কিছুমান ব্যক্তিগত অসুবিধাৰ বাবে চাকৰি জীৱন এৰা পৰিল।শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰ প্ৰতি অত্যন্ত আগ্ৰহী ।সেয়ে তেখেতৰ সৃষ্টি খোলবাদ্য আৰু বৰগীতৰ বিশাৰদ ডিগ্ৰী লৈছিলোঁ।বৰ্তমান স্বামী আৰু দুটি সন্তানৰ মাতৃ।স্বামী শ্ৰী যুত প্ৰদীপ শইকীয়া আৰু দুটি সন্তান ৰাজদীপ আৰু মেঘনাৰ সৈতে বৰ্তমান চৌত্ৰিশ বছৰীয়া সংসাৰখন সুখ,সন্তোষৰ মাজেৰেই চলি আছে।

*বিন্দুঃ  লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো৷ কেতিয়াৰ পৰা সাহিত্য জগতলৈ আআপোনাৰহিল?

🌹দীপিকা=লেখক জীৱনৰ কথা সঠিককৈ নিৰ্ধাৰণ কৰি ক’ব নোৱাৰি।কিন্তু আখৰ লিখিবলৈ শিকাৰ পৰাই ফলিখনত কিবা এটা লিখি থকাৰ অভ্যাস আছিল।মনত এটা শব্দ আহিলেও লিখি থৈছিলো।ফলিহে ব্যৱহাৰ কৰিছিলোঁ চতুৰ্থ শ্ৰেণীলৈকে।তাৰ পাছত পঞ্চম শ্ৰেণীৰ পৰা বাহিৰা বহী বুলি ব্যৱহাৰ কৰা বহীখনত মনৰ ভাৱবোৰ লিখি নিজেই কবিতাৰ দৰে পঢ়ি চাইছিলোঁ।সেই সময়ত ছন্দ মিলাই কবিতাবোৰ আছিল।কিবা এটা লিখি কেতিয়াবা ছন্দ মিলাব নোৱাৰি মনৰ ভিতৰত পাগুলিয়াই থকাৰ অভ্যাস আছিল।সেইসময়ত শিশুৰ বাবে প্ৰকাশ পোৱা আলোচনীৰ কবিতা সমুহ বেছিকৈ পঢ়িছিলোঁ।ঘৰলৈ বজাৰ কৰি অনা কাগজৰ থুনাবোৰ মেলি মেলি পঢ়িছিলোঁ।অসমীয়াত লিখা থুনাবোৰ পঢ়িছিলোঁ, তাতো কেতিয়াবা গল্প,কবিতা পঢ়িবলৈ পাইছিলোঁ।লাহে লাহে তেনেকৈয়েই কবিতা লিখিবলৈ ভাল পোৱা হৈছিলোঁ।অষ্টম মান শ্ৰেণীত এখন নাটক লিখি নিজেই অভিনয় কৰিছিলোঁ।শ্ৰেষ্ঠ নাটকৰ পুৰস্কাৰ পোৱাৰ লগে লগে যথেষ্ঠ উৎসাহিত হৈছিলোঁ।তেনেকৈ বিভিন্ন সময়ত অনুষ্ঠিত হোৱা অনুষ্ঠান সমূহৰ স্মৃতিগ্ৰন্থ লৈ কবিতা ,মনৰ অনুভৱ লিখা দিছিলোঁ।লাহে লাহে অসমৰ বৌদ্ধিক জগতৰ আলোচনী, বাতৰি কাকত ,মাহেকীয়া, পষেকীয়া সকলোলৈকে কবিতা, অনুভৱ প্ৰেৰণ কৰিবলৈ ললোঁ আৰু আজিও অব্যাহত।দৈনিক জনমভূমি, অসমীয়া প্ৰতিদিন, সাদিন, সম্ভাৰ,জনসাধাৰণ,নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ,প্ৰিয় সখী, অগ্ৰদূত, দেশৰ প্ৰগতি, প্ৰান্তত, প্ৰান্তিক, গৰিয়সী,সাতসৰী,আদি সকলোতেই কেৱল কবিতা নহয় গল্পও দুই এটা মাজেমধ্যে প্ৰকাশ কৰি পাইছে।লিখিত ৰূপ সীমিত যদিও এটা গতিত সাহিত্যৰ চৰ্চা অব্যাহত ৰাখিব খোজোঁ।

*বিন্দুঃ এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে? অলপ বিস্তাৰিতভাবে কওকচোন!

🌹দীপিকা=সাহিত্য ভালপাঁও।সাহিত্য প্ৰীতিক শ্ৰদ্ধা কৰিয়েই বিভিন্ন সময়ত কেইবাখনো গ্ৰন্থ সম্পাদনা কৰাৰ দায়িত্ব লৈছিলোঁ।তাৰ মাজতে নিজাকৈও গ্ৰন্থ প্ৰকাশ কৰিছোঁ। মোৰ কাব্যগ্ৰন্থ সমূহ একাদিক্ৰমে

(১)মোক তোমাৰ প্ৰেমিক হবলৈ দিয়া

(২)জলফাই ফুলৰ বৰষুণ

(৩)জয়মতী(শিশু গ্ৰন্থ)

(৪)দলনিৰ ইতিহাস

(৫)আঁঠুৱাৰ পাণ্ডুলিপি

(৬)কৰ্ণৰ স্বগতোক্তি

(৭)জুনুকা

মাজতে প্ৰিয় সখী,খবৰ ,জনসাধাৰণ,অগ্ৰদূত আদিত প্ৰকাশ পোৱা গল্পসমূহ লৈ এখন গল্প সংকলন প্ৰকাশ কৰিবলৈ আগবাঢ়িছিলো।কিন্তু যান্ত্ৰিক বিজুতি ঘটি সকলো গল্প যন্ত্ৰৰ ভিতৰত জাহ গল।পুনৰ সংৰক্ষণ কৰি থোৱা বাতৰি,আলোচনীৰ পৰা সংগ্ৰহ কৰি এখন গল্প সংকলন প্ৰকাশ কৰাৰ যো- জা চলাই আছোঁ।

*বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি? বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে তেওঁলোকে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে?

🌹মোৰ দৃষ্টিত সাহিত্যই হৈছে দেশ,জাতি,ভাষা আদিৰ পৰিচয় প্ৰকাশ কৰা এক মাধ্যম।পুংখানুপুংখ ভাৱে জীৱনৰ সত্যবোৰ সাহিত্যত প্ৰকাশ কৰিব পাৰি।পৃথিৱীৰ আকাশ, বতাহ,মাটি পানী সকলোকে লৈয়েই সাহিত্য আৰু ঈশ্বৰৰ শ্ৰেষ্ঠ সৃষ্টি মানুহৰ দ্বাৰা মোৰ আইৰ মুখৰ ভাষা নিৰ্মিত।সংস্কৃতি হৈছে আখৰী-অনাখৰী লোকৰ এক শৃংখলা।সংস্কৃতিৰ দ্বাৰা দেশ,জাতি, মাটি, ভেটিৰ মূল্যবোধৰ স্বত:স্ফূৰ্ত প্ৰকাশ ঘটে।গতিকে ঈশ্বৰৰ সৃষ্টি মানুহৰ সচেতনতা, সহমৰ্মিতা হ্ৰাস পালেই সংস্কৃতিৰ স্খলন ঘটে।গতিকে ডিজিটেল পৃথিৱীৰ কোলাহলত সংস্কৃতিৰ স্খলন ঘটিবলৈ নিদিলে ভাষাৰ সংকট নহয় আৰু গৌৰৱে সাহিত্য, সংস্কৃতিৰ জগতখন জগতসভালৈ  আগবাঢ়ি যোৱাত সহজ হৈ পৰিব।তেতিয়া সন্তুষ্টি অসন্তুষ্টিৰ কথা আহি নপৰে।পৃথিৱীৰ প্ৰতিটো বিষয়বস্তুক সমৃদ্ধিশালী, সৌন্দৰ্যশালী ৰূপত দৃষ্টিনন্দন কৰিবলৈ পৌৰাণিক কালতো অধিক কৃচ্ছসাধনৰ প্ৰয়োজনীয়তা আছিল আৰু বৰ্তমানৰ সময়তো একেই ধ্যান,চৰ্চা, সাধনাৰ প্ৰয়োজন হয়।

*বিন্দুঃ এগৰাকী কবি, লেখিকা হিচাপে আপুনি আপোনাৰ সৃষ্টিত কোনবোৰ কথাক প্ৰাধান্য দিয়ে?

🌹দীপিকা=এগৰাকী সাধাৰণ কবি বা লেখিকা হিচাপে মোৰ একান্ত অনুভৱৰ দ্বাৰা কৈছোঁ যে প্ৰথমেই প্ৰেম লাগিব হৃদয়ত।নিঁভাজ প্ৰেম।প্ৰেমৰ গভীৰতা নাথাকিলে হৃদয়ৰ পৰা কেতিয়াও অকৃত্ৰিম শব্দৰ অনুভূতি নিস:ৰিত নহয়।প্ৰকৃতিৰ প্ৰতি প্ৰেম হবই লাগিব, মানুহ ভালপাব লাগিব।লোক-জীৱনৰ অভিজ্ঞতা লাগিব।ইতিহাসৰ ৰূপান্তৰ বৰ্তমান। গতিকে ইতিহাস, বৰ্তমান ইট্যাদিৰ প্ৰান-প্ৰাচুৰ্যক হিয়াত তুলিব লাগিব প্ৰেমৰ দ্বাৰা।সকলোবোৰ মাজত মহাজাগতিক জীৱনবোধ অনুভৱ কৰিব নোৱাৰিলে কোনো বিষয়বস্তুৰ সৃষ্টি নহয় আৰু সেই সৃষ্টিৰ বাবেই কেৱল প্ৰেমৰ প্ৰয়োজন।বোধৰ উদ্বোধন প্ৰেমৰ দ্বাৰা হয়।শুদ্ধতাৰ স্পৰ্শ, আত্মানুসন্ধান, চৰিত্ৰৰ বিশিষ্ট ছবি,কণ্ঠ প্ৰেমৰ তাড়নাত অধিক গভীৰভাৱে আৱিষ্কাৰ হয়।যেতিয়ালৈকে প্ৰেমৰ অনুভৱ হৃদয়ত থাকিব আৰু লেখক এজনৰ হৃদয়ত ধ্বনি বা প্ৰতিধ্বনি হৈ চকুত বা শৰীৰৰ চৌপাশে এক বাংময় ৰূপত তেওঁৰ সৈতে থাকিব সেই লেখকৰ কলম কেতিয়াও থমকি নৰয়।

*বিন্দুঃ নতুন কবিসকলৰ কবিতাত কি দেখিছে আপুনি? আজিৰ কবিৰ কবিতাত কিহৰ সন্ধান নিহিত থকা লক্ষ্য কৰিছে আপুনি?

🌹দীপিকা=নতুন কবিসকলেও ভাল কবিতা লিখিছে।পঢ়িছোঁ।নতুন কবিসকলেও বিজ্ঞান, ইতিহাস, সাহিত্যৰ তত্ত্ব বোধেৰে মহাবিশ্বৰ মহাজাগতিকতা,মহাজীৱন,ৰহস্য উদ্ঘাটন কৰি,ব্যাখ্যা কৰি ,বোধন শক্তিৰে কবিতা কিছু লিখিছে।বেয়া দিশৰ কোনো ভৱিষ্যত নাই,খন্তেকীয়া। গতিকে বেয়া খিনি এৰাই চালে সৃজনশীল প্ৰানস্ৰোত অনুভৱ কৰিব পাৰি।যিহেতু জীৱন, বাস্তৱতেই প্ৰকৃত তত্ত্ব থাকে।আনহাতে ভাল আৰু বেয়া প্ৰতিটো যুগতেই আছিল আৰু থাকিব।কিন্তু মই নতুন কবিসকলক লৈ বহসময়ত আশাবাদী।

*বিন্দু ঃ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ অধিক প্ৰশস্ত হৈছে বুলি ভাবেনে? আপোনাৰ দৃষ্টিত সামাজিক মাধ্যমৰ এটা ভাল দিশ আৰু এটা বেয়া দিশৰ বিষয়ে কওকচোন!

দীপিকা– সামাজিক  মাধ্যমৰ কথা কবলৈ গ’লে ধনাত্মক-ঋণাত্মক দুটা দিশেই আছে আচলতে ব্যৱহাৰৰ লগতেই এই দিশ সমূহৰ প্ৰভাৱ নিৰ্ধাৰণ কৰা হয়।সামাজিক মাধ্যম সমূহৰ সক্ৰিয়তাই মানুহৰ যিকোনো কাম সোনকালে কৰাত সহায়ক হৈছে।অতি সোনকালে কৰিবলৈ যাওঁতে কেতিয়াবা কেঁচা,অপূৰঠ অপৈনত ফচল সোনকালে নষ্ট হোৱাৰ দৰেই সহজতে তীব্ৰ গতিত সম্পন্ন কৰা কামে কিছু ক্ষেত্ৰত ঋণাত্মক দিশলৈ গতি কৰে।তথাপিও মাধ্যম সমূহৰ ব্যৱহাৰ সুচাৰুভাৱে হলে মানৱসভ্যতাৰ কৰ্মসমূহৰ দুৰ্বোধ্যতা,দুৰ্বলতা নাথাকিব বিৰল পৰিৱৰ্তন ঘটিব বুলি বিশ্বাস।সামাজিক মাধ্যমসমূহৰ প্ৰয়োগৰ ওপৰতে ভাল বেয়া সকলো নিৰ্ভৰ কৰে।

*বিন্দুঃ সৃষ্টিৰ বক্তব্য আৰু স্ৰষ্টাৰ মানসিকতা- এই দুয়োটাৰ সামঞ্জস্যহীনতাই কি সূচায়? 

🌹দীপিকা=সৃষ্টিৰ ব্যক্তব্য আৰু স্ৰষ্টাৰ মানসিকতাৰ ওপৰতেই  সমগ্ৰতা সোমাই আছে।পোনপ্ৰথমে সৃষ্টিকৰ্তাজনৰ দৃষ্টিভংগী, অনুভূতিক প্ৰবনতাৰ গভীৰতা কিমান ,সৃষ্টি কৰ্তাজনৰ সৃজনশীল পৰিশ্ৰম, চেতনাৰ উজ্জ্বল পটভূমিয়েই স্ৰষ্টাৰ বিচিত্র শব্দৰ ব্যৱহাৰিক ভাৱনাৰ বাণী বা বক্তব্য হৈ পৰিব।ব্যক্তব্য আৰু মানসিকতা সৃষ্টিৰ আৰু স্ৰষ্টাৰ কল্পনা, শ্ৰৱণ, বোধন একত্ৰিত হৈয়ে সৃষ্টি হয়।

*বিন্দুঃ  ইণ্টাৰনেটৰ আগমনে ছপা মাধ্যমৰ প্ৰতি ভাবুকি অনা বুলি অনুভৱ কৰেনে ? আপুনি নিজে কোনটো মাধ্যমক পচন্দ কৰে ?

🌹দীপিকা=ইন্টাৰনেটৰ ব্যৱহাৰৰ বাবে বিশেষকৈ বাতৰি কাকত সমূহৰ বা উৎপাদিত কাগজ সমূহৰ অৰ্থনৈতিক ভাৱে দূৰ্বল হৈছে।বহু সময়ত বাতৰি কাকতৰ সম্পাদক সকলেও ৰাজহুৱা অনুষ্ঠান সমূহত ব্যক্তৃতা প্ৰদান কৰিবলৈ গলে সম্প্ৰতি বাতৰি কাকতৰ পঢ়ুৱৈ হ্ৰাস পোৱা, দুখ লগা অৱস্থাৰ কথা কয়। অসমৰ ভালেকেইখন বাতৰি কাকতৰ বৰ্তমান মৃতপ্ৰায় অৱস্থাত আছে।মই কিন্তু দুয়োটা মাধ্যমৰ ব্যৱহাৰ পচন্দ কৰো।পুৱা বাতৰিখন হাতত তুলি লৈ সকলোখিনি পঢ়ি ললেহে দিনটোৱে পূৰ্ণতা পোৱা যেন লাগে।কিন্তু চাবলৈ গলে দেখোন ছপা মাধ্যমৰে উন্নত ৰূপ ইন্টাৰনেট।গতিকে ভাবুকি বুলি নাভাবো।

*বিন্দুঃ অসমৰ সমাজ জীৱনত নাৰীৰ মৰ্যাদা সম্পৰ্কে আপোনাৰ অভিজ্ঞতা কেনেকুৱা? আজিৰ আধুনিক নাৰী সুৰক্ষিত নে?

🌹দীপিকা=অসমৰ সমাজ জীৱনৰ নাৰীৰ মৰ্যাদা সম্পূৰ্ণ নাৰীৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে।নাৰী সম্পৰ্কীয় বহুতো ভাল আৰু বেয়া অভিজ্ঞতা আছে।মহাকাব্যতো নাৰীৰ মৰ্যাদা স্থিতি বিভিন্নতা আছিল।নাৰী দেৱী আছিল, নাৰী স্বৰ্গৰ অপেশ্বৰী,নৰ্তকী,ৰাণী, লিগিৰী, সতী,বান্দী,ৰাক্ষসী ।এতিয়াও তেনেকৈয়ে ভাল বেয়া বহু অভিজ্ঞতা আছে।নিজেও এগৰাকী নাৰী হয় বাবে বিভিন্ন সময়ত বিভিন্ন অভিজ্ঞতাক সামৰি থৈছোঁ।সুৰক্ষিত, অসুৰক্ষিত এনেকুৱা অৱস্থা আগতেও আছিল।সেইকথা পৌৰাণিক গ্ৰন্থ সমূহ পঢ়িলেই ওলাই পৰে।আজিৰ নাৰীও কেতিয়াবা অসুৰক্ষিত হৈ পৰে।কিন্তু অতীতৰ কথা অতীততেই শেষ কিন্তু বৰ্তমান অত্যাধুনিক যুগ এটাত যদিহে নাৰী সুৰক্ষিত নহয় তেনেহলে তাতকৈ আৰু দূখজনক ঘটনা থাকিব নোৱাৰে।কিছুমান পৰিবেশত নাৰী আজিও অসুৰক্ষিত হৈ আছে।

*বিন্দুঃ নাৰীৰ “সমঅধিকাৰ“ শব্দটোক আপুনি কেনেদৰে গ্ৰহণ কৰে? সমঅধিকাৰ বিচৰা মানেই নিশ্চিতভাবে কিবা অধিকাৰৰ পৰা বঞ্চিত থকা৷ নাৰী বঞ্চিত নে? যদি হয় তাৰ বাবে কোন জগৰীয়া আপোনাৰ মতে? পুৰুষ?

🌹দীপিকা=বৰ্তমান নাৰীসকল বহু শিক্ষা-দীক্ষাৰে শিক্ষিত, অভিজ্ঞতা পুষ্ট।গতিকে উচ্চ ন্যায়ালয়ে ও ন্যায়গত ভাৱেই অধিকাৰ সমূহ পুৰুষৰ সমানকৈয়েই প্ৰদান কৰিছে।গতিকে বৰ্তমান যুগত লাঞ্চনা,বঞ্চনা এইবোৰৰ মাজত সোমাই সতী দাহ প্ৰথাৰ দৰে পাকচক্ৰত কোনো নাৰীয়েই থকা যুগ এতিয়া নাই। শিক্ষিত,সবল শক্তিশালী হৈ উঠিছে বৰ্তমানৰ নাৰীসকলৰ। পিছপৰা অঞ্চল, অশিক্ষিত পৰিবেশ ক্ৰমে হ্ৰাস পাইছে।আজিৰ যুগত নাৰীসকল বঞ্চিত হৈ নাথাকে বাবেই কোনো পুৰুষক জগৰীয়া কৰিবলগীয়া নহয়গৈ। সমঅধিকাৰ শব্দটো বৰ্তমান সময়ত ইতিবাচক।কাৰণ অতি সাম্প্ৰতিক কালত নাৰীয়ে নিজৰ জীৱনৰ পচন্দ অপচন্দ ,বিচাৰ বিবেচনা নিজে কৰিব পৰাকৈ নিজকে সকলো প্ৰকাৰে যোগ্য কৰি নিজকে আগবঢ়াই নিয়ে।আজিৰ নাৰী সকলো দিশতে সক্ষম হৈ দক্ষতাৰ যোগে অধিকাৰ সমূহ গ্ৰহণ কৰিছে।তাৰ পাছতো যদিহে  সমঅধিকাৰ লাগে বুলি এফালে হৈ চৈ লগাই তেতিয়াহে নাৰী বঞ্চিত হোৱা যেন অনুভৱ হয়।বৰ্তমান যুগৰ কোনো নাৰী বঞ্চিত নহয় আৰু বঞ্চিত কৰিবও নোৱাৰে। ৰাজনৈতিক, অৰ্থনৈতিক,সামাজিক, উদ্যোগ ,দেশ চলোৱাৰ পৰা উৰাজাহাজ চলোৱালৈ নাৰীৰ অৱদান ক’ত নাই! সম্প্ৰতি পুৰুষক জগৰীয়া কৰিবলগীয়া কোনো ধৰণৰ অজুহাত ,দিশ নাই।আজিৰ সময়ত যদিহে কোনো নাৰীয়ে নিজক বঞ্চিত বুলি ভাৱে তেন্তে তাৰবাবে নিজেই জগৰীয়া।

*বিন্দুঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব?

🌹দীপিকা=এটা সময়ত অসমৰ সৰ্বাধিক প্ৰচাৰিত অসমীয়া বাতৰি কাকত আমাৰ অসমত এটা কবিতা লিখিছিলোঁ।তেতিয়া সম্পাদক আছিল শ্ৰদ্ধাৰ প্ৰশান্ত ৰাজগুৰু ।বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত  সজাই প্ৰকাশ কৰা কবিতাটো পুৰুষক লৈয়েই লিখা হৈছিল। কবিতাৰ শিৰোনামা আছিল “ধুনীয়া পুৰুষৰ বুকুত ঘা বোৰ”।গতিকে পুৰুষ প্ৰকৃতি দুটাই জাতি আছে পৃথিৱীত।ঈশ্বৰৰ সৃষ্টি এই দুটা জাতিৰ এটি আনটিৰ পৰিপূৰক।ঈশ্বৰৰ সৃষ্টিৰ বিপৰীতে যোৱাটো সম্ভব নহয়।একাত্ম হৈ বহু দূৰ বাট, দুৰ্গম বাট অতিক্ৰম কৰাত সহজ হৈ পৰে।

*বিন্দুঃ নাৰী নিৰ্যাতনৰ বিষয়ে যথেষ্ট চৰ্চা হয় সমাজত৷ কিন্তু একাংশ পুৰুষৰ অভিযোগ মতে পুৰুষসকলো নিৰ্যাতিত হয় নাৰীৰ হাতত৷ বহু পুৰুষে সংসাৰখন ধৰি ৰখাৰ বাবে নীৰৱে সহ্য কৰি যায় সকলো৷ তদুপৰি আমাৰ দেশৰ প্ৰচলিত আইনী ব্যৱস্থাও পুৰুষৰ অনুকূলে নাই বুলি কোৱা হয়৷ এই লৈ অলপতে দিল্লীৰ জন্তৰ মন্তৰত নিযাৰ্তিত পুৰুষসকলে ধৰ্ণা প্ৰদৰ্শনো কৰিছিল৷ আপুনি কি বক্তব্য ৰাখিব এই বিষয়ত?

🌹দীপিকা=হয় দিল্লীত তেনে এক ঘটনা সংঘটিত হৈছিল।কিন্তু এইবোৰ সমাজৰ হওক, পৰিয়ালৰ হওক বা দেশৰ হওক আচলতে এটা পৰিবেশ,পৰিস্থিতিৰ বিপৰীতে  সৃষ্টি হোৱা ব্যতিক্ৰমী ঘটনা।ক্ষণিকৰ বাবে হৈ চৈ লাগে আকৌ নোহোৱা হয়।তেনেকুৱা ব্যতিক্ৰম আমাৰ দেশতো হৈ থাকে বিভিন্ন বিষয়ত। সেইবুলিয়ে আমি সেই ব্যতিক্ৰম ধ্যান ধাৰণাক মনত লৈ বাৰে বাৰে টানি থাকিব নালাগে। আন্দোলনৰ পিছত সিদ্ধান্ত হল আৰু পুনৰ স্বভাৱিক গতিলৈ আহিল।

*বিন্দুঃ একাংশ লোকে ক’ব বিচাৰে যে ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়ে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীতা আনি দিছে৷ আপুনি কি ভাবে ? বৃদ্ধাৱস্থাটোক সৰ্বতোপ্ৰকাৰে সুখী কৰিব পৰাকৈ পৰিৱেশ ৰচনা কৰি বৃদ্ধাশ্ৰমবোৰ যদি পৰিকল্পিতভাবে গঢ়ি তুলিব পৰা যায় আৰু পৰিয়ালৰ লোকসকল প্ৰতিদিনে এবাৰ হলেও তেওঁলোকক সংগ দিবলৈ বাধ্য থাকে তেন্তে আপুনি বিষয়টো কেনেদৰে গ্ৰহণ কৰিব?

🌹দীপিকা=বৃদ্ধাশ্ৰমৰ বিষয়টো বৰ্তমান সময়ত অধিক চৰ্চিত বিষয়।কেতিয়াবা এনেকুৱা প্ৰশ্ন মানুহৰ মুখত, বাতৰি কাগজত, টেলিভিছনৰ বিশেষ পাৰিবাৰিক অনুষ্ঠানত প্ৰশ্ন কিছুমান অৱতাৰণা  হয় যে বৃদ্ধাশ্ৰম কিয় লাগে?! বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা নাই গতিকে আঁতৰাই দিব লাগে এনেদৰে… একান্ত ব্যক্তিগত ভাৱে কওঁ যিহেতু মই এখন বৃদ্ধাশ্ৰমৰ কাষতে থাকো সেয়ে মই বৃদ্ধ কালত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আছে বুলিয়েই কম।অসমৰ বিভিন্ন ঠাইৰ বৃদ্ধ লোক সকল এই আশ্ৰমখনত আশ্ৰয় লৈ আছে।তেওঁ লোকক দেখি এনেকুৱা বোধ হয় যেন তেওঁলোকে বয়স পাহৰি পেলাইছে।কেতিয়াবা শিশুৰ দৰে,কেতিয়াবা চম্ফল ডেকা-গাভৰুৰ দৰে নাচে,গান গায়, কথা পাতে।মোৰ শাহু আছে, মা আছে ।সকলোৱে বিভিন্ন ব্যস্ততাৰ মাজতেই থাকে নিজৰ সংসাৰৰ চলোৱাৰ দায়িত্ব আছে পৰিয়ালৰ আন আন সদস্যৰ।সেয়ে সিংহভাগ সময় ভোক আৰু ভোগৰ পাছত দৌৰি থাকি নিচেই কম সময় বৃদ্ধ মা,শাহু মাৰ কাষত থকা হয়।সেইখিনি সময়ত তেওঁলোকৰো মনৰ কথাপতা উৎসাহ নোহোৱা হয়। বৃদ্ধাশ্ৰমত যিসকল আছে তেওঁলোক অকলশৰীয়া অনুভৱ কৰা সময় নাথাকে। ইতিবাচক চিন্তাৰে ললে বৃদ্ধাশ্ৰমৰ বিষয়টো উচ্চ পৰ্যায়ত পৰে।তাতো কিছুমান পাৰিবাৰিক কথা থাকে ।পৰিয়ালৰ মাজত সকলো সুবিধা থাকিও বৃদ্ধ জনক পৰিয়ালৰ বোজা বুলি বৃদ্ধাশ্ৰমত ৰাখিবলৈ বিচৰাটো ক্ষমাৰ বাহিৰলৈ যায়।

*বিন্দুঃ ল’ৰা সন্তানৰ সমানে কন্যা সন্তানকো ভাৰতীয় আইনে পৈতৃক সম্পত্তিৰ আধিকাৰ  কৰিপ্ৰদানছে৷ কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিবাহিতা কন্যা সন্তানে পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বৰ পৰা আঁতৰি থাকে৷ কি ক’ব আপুনি?

🌹দীপিকা=আজি কালি ল’ৰা সন্তান, ছোৱালী সন্তান বুলি কথা নাথাকে।পিতৃ মাতৃৰ দায়িত্ব লৰাৰ সমানেই ছোৱালীৰ থাকে।তেনে দায়িত্বৰ পৰা আঁতৰি যোৱাতকৈ পিতৃ মাতৃৰ দায়িত্ব সমান্তৰাল ভাৱেই লবলৈ দায়বদ্ধতা হব লাগিব।

*বিন্দুঃ গতিশীল সময়ৰ হাত ধৰি বহু নতুন চিন্তা, নতুন ধাৰণাৰ আমদানী হয়৷ সময়ৰ গতিৰ সৈতে ছন্দ মিলাব নোৱাৰাজনকে পুৰণি বুলি কোৱা হয়৷ সেই সময়ৰ হাত ধৰিয়েই আমাৰ সমাজলৈও সোমাই আহিব ধৰিছে লিভ ইন টুগেদাৰ ব্যৱস্থা৷ আপুনি কেনেদৰে চাইছে বিষয়টো?

🌹দীপিকা=যুগৰ বিপৰীতে যুজঁ দিয়াতকৈ পৰিস্থিতি, পৰিবেশ সকলো বুজি শৃংখলাৰ মাজত যুগৰ লগতে যোৱা ভাল।লিভ ইন টুগেদাৰৰ ক্ষেত্ৰত কথাষাৰ কলোঁ।

*বিন্দু ঃ শেহতীয়াভাৱে বাল্য বিবাহ, বহু বিবাহ, তালাক ব্যৱস্থা আদি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিবোৰ সংস্কাৰকামী ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে সিবোৰৰ প্ৰতি আপোনাৰ অভিমত কি?

🌹দীপিকা=বাল্যকালৰ বিবাহ,তালাক এনেবোৰ প্ৰথা পচন্দ নকৰোঁ।

*বিন্দুঃ শাহু আৰু বোৱাৰীৰ মাজৰ সংঘাত বা দ্বন্দ্ব্ব আমাৰ সমাজত চিৰাচৰিতভাবে চলি আহিছে৷ এগৰাকী বোৱাৰী বা শাহু হিচাপে আপোনাৰ ব্যক্তিগত অভিজ্ঞতা?

🌹দীপিকা=শাহু আই আছে, কিন্তু আজিলৈকে তেনে কোনো অভিজ্ঞতা নাই।একেদৰেই স্বাভাৱিক ভাৱেই চলি আহিছে ।

*বিন্দুঃ আমাৰ সমাজত গাৰ্হস্থ্য হিংসা বা বোৱাৰী নিৰ্যাতনৰ যিসমূহ ঘটনা সংঘটিত হয় তাত স্বামীৰ পৰিয়ালৰ অন্যান্য নাৰীও জড়িত থকা সততে পৰিলক্ষিত হয়৷ ইয়ে নাৰীয়ে যে নাৰীৰ শত্ৰু সেইটোকে প্ৰতিপন্ন নকৰেনে? আপুনি কি ভাবে?

🌹দীপিকা°=সময়ে সময়ে গৃহ,পৰিয়াল, পাৰিবাৰিক সমস্যাই গা কৰি উঠে।আনহাতে নাৰী নাৰীৰ শত্ৰু হৈ পৰে বহু সময়ত।তেনে অভিজ্ঞতা মোৰো অজস্ৰ আছে।কিন্তু নিজৰ সামৰ্থ  অনুসৰি পৰিবেশ আঁজুৰি নিজকে তেনে সময়ত যেনে প্ৰয়োজন তেনেকৈ প্ৰতিপন্ন কৰিব পাৰিছোঁ আৰু নিজৰ গতিত অগ্ৰসৰ হৈছো।

*বিন্দুঃ জীৱনৰ এনে এক আকাংক্ষাৰ কথা কওক যাক আপুনি আহৰণ কৰিব নোৱাৰিলে,  যিটোৰ বাবে হয়তো গোপন মনে এতিয়াও মাজে মাজে ব্যকুলতা অনুভৱ কৰে?

🌹দীপিকা=কেতিয়াবা অধিক আকুলতাৰে সঁচাকৈয়ে ব্যাকুল হৈ পৰোঁ এটা কাৰণত।যিহেতু মোৰ ছয়খনকৈ কাব্য গ্ৰন্থৰ এটা কবিতায়ো আজিৰ পৰ্যন্ত আত্মসন্তুষ্টি দিব পৰা নাই।কলিজাখন কুৰুকি থাকে এনেকুৱা এটা অসন্তুষ্টি ভাৱনাই।

*বিন্দুঃ আপোনাক যদি এই মুহূৰ্তত ঈশ্বৰে তিনিটা বৰ দিব বিচাৰে তেন্তে আপুনি কি কি বিচাৰিব?

🌹দীপিকা=প্ৰথমে ঈশ্বৰক সদায়েই ধন্যবাদ যে মোক মানুহ হিচাপে এই পৃথিৱীলৈ পঠিয়ালে। লগতে চকু, কাণ হাত,ভৰি  পূৰ্ণাংগৰে  পৃথিৱীৰ সৌন্দৰ্য পান কৰি কৰ্ম কৰিবলৈ পঠিয়াইছে।ঈশ্বৰৰ পৰা বিছাৰিলৈ নিজৰ বাবে একো নাই।তথাপি ও বৰ বিচাৰিবলৈ ক’লে বিচাৰিম প্ৰথমে ভোক আৰু ভোগক সজ পথে নিবাৰণ কৰিব পৰাকৈ মানুহ সৃষ্টি কৰক আৰু  প্ৰাকৃতিগত কিছুমান দুৰ্যোগেও ভোক,ভোগৰ ক্ষেত্ৰত অন্তৰায় হৈ পৰে।অভাৱত পৰিও  স্বভাৱ নষ্ট হয় কেতিয়াবা ।দ্বিতীয়তে স্বাৰ্থপৰ নামৰ ৰিপুটো নোহোৱা হওক।স্বাৰ্থপৰতাৰ ধামখুমীয়াত মানুহ মানুহৰ পৰা আঁতৰি গৈছে।তেজমঙহৰ সমন্ধো আওকাণ কৰি মানুহ এতিয়া স্বাৰ্থৰ শীৰ্ষ স্থানত। সেয়ে মৰম,চেনেহ ,দয়া, সহানুভূতি ক্ৰমে হ্ৰাস হৈছে আৰু মানুহ মানুহৰ বাবে নোহোৱা হৈছে।তৃতীয়তে দেশত কোনো ধৰণৰ অপায় অমংগল নহওক, যুদ্ধ, বিগ্ৰহ নহওক। বিশেষকৈ নাগৰিকত্ব সংশোধনী আইন (citizenship Amendment Act 2019) ,কৰ’নাভাইৰাছ বৈশ্বিক মহামাৰী ৰোগ(coronavirus ) এই ধৰণৰ সময়ে সময়ে দেখা দিয়া ব্যাধিসমূহৰ পৰা দেশ,জাতি, মানুহ ভীষণ ক্ষতিগ্ৰস্ত হয় আৰু বহুত পিছলৈ গুছি যায়।আনহাতে যুদ্ধ বিগ্ৰহৰ দ্বাৰা  কোনো  সু -সিদ্ধান্তত উপনীত হোৱাত সহায় নকৰে।সহজ পন্থা, উন্নত পৰ্যবেক্ষণ, শীতল মস্তিষ্কৰ আলোচনাৰ দ্বাৰাহে সু-ব্যৱস্থা তথা সু-সিদ্ধান্তৰে শান্তি স্থাপন কৰিব পাৰি।

*বিন্দুঃ ধৰি লওক এটা জনপ্ৰাণীহীন দ্বীপত আপোনাক নিৰ্বাসন দিয়া হ’ল৷ লগত কি বিচাৰিব আপুনি?

🌹দীপিকা=অকলশৰীয়াকৈ ক’ৰবাত থাকিবলৈ দিলে লগত খোৱা বস্তু থাকিব,দুখনমান ভাল লগা কিতাপ লম । মদ্ভাগৱত গীতাৰ অসমীয়া ভাঙনিৰ গ্ৰন্থ থাকিবই।বহী আৰু কলম।

*বিন্দুঃ আগন্তুক দহটা বছৰৰ পিছত আপুনি নিজক কেনে অৱস্থাত পাব বিচাৰে?

🌹দীপিকা=আগন্তুক দহবছৰৰ পিছত শাৰীৰিক ভাৱে এতিয়াৰ দৰে একে নাথাকো।কিন্তু মানসিকতা ,মনৰ শক্তি এনেদৰেই থকাটো বিচাৰিম। প্ৰেম আছে পৃথিৱীৰ প্ৰতি এই প্ৰেম একেদৰেই অটুট থকাটো বিচাৰিছোঁ জীয়াই থকালৈকে।

*প্ৰিয় ফুল ?

🌹দীপিকা=সকলো ফুল ভালপাওঁ

*প্ৰিয় মানুহ

🌹দীপিকা=মা,দেউতা

*প্ৰিয় ৰাজনৈতিক নেতা ?

🌹দীপিকা=আব্দুল কালাম

*প্ৰিয় ৰং ?

🌹দীপিকা=ৰঙা

*প্ৰিয় ঠাই ?

🌹দীপিকা=ঘৰখন

*প্ৰিয় গ্ৰন্থ ?

🌹দীপিকা=গীতা

*প্ৰিয় সাহিত্যিক ?

🌹দীপিকা=শ্ৰীমন্ত শংকৰদেৱ

*প্ৰিয় ব্যঞ্জন ?

🌹দীপিকা=ভোকৰ সময়ত খাবলৈ লোৱা সাধাৰণভাৱে ৰন্ধা আহাৰ।

*প্ৰিয় সময় ?

🌹দীপিকা=পৰিয়াল, পৰিজনৰ সৈতে কটোৱা সময়খিনি

*আজৰি সময়ৰ কাম ?

🌹দীপিকা=আজৰি সময়ত নিজৰ একান্তত কৰি ভালপোৱা কামবোৰ কৰোঁ। মনলৈ অহা অনুভৱবোৰৰ লিখিত ৰূপক হাত ফুৰাই অলংকৃত কৰিবলৈ যত্ন কৰোঁ, ভাল লগা গ্ৰন্থৰ পৃথিৱীলৈও যাঁও ।

*বিন্দুঃ শেষত আপোনাৰ নিজৰ ভাল লগা স্বৰচিত কবিতা এটা আগবঢ়াওক বিন্দুৰ পাঠকসকলৰ বাবে!

🌹দীপিকা=মোৰ তৃতীয় গ্ৰন্থ “আঁঠুৱাৰ পাণ্ডুলিপি”ৰ কবিতা এটিকে আগবঢ়াছোঁ——-

                কৃষ্ণস্পৰ্শ

মাটি মগন প্ৰহৰত

নাচে শাল-চেগুনৰ পাত

থেকেৰামাহীৰ টিকণিত

ওলমি থাকে আকাশ

বুকুত অস্থিৰ চবকা চবকা ডাৱৰ

 

নিজানত নিঘূণীয়া ছাঁ

ছাঁৰ বাবেই অগ্নি; ঘৰ আৰু প্ৰাৰ্থনা

প্ৰাৰ্থনাৰ ভক্তিবিম্বত জিলিকি উঠে

ভালপোৱাৰ পানচৈ

 

গীত গঙ্গাৰ সুৰ এটা কুৰুকি কুৰুকি

সোমাই দেহৰ মাজলৈ

 

হেপাঁহদানিত হিয়া কটালি

দিনবোৰে বৰণ সলায়

উমান নোপোৱালৈকে

যাব লাগে ক’ৰবালৈ

 

মই হেনো মূগাবৰণীয়া পাপহীন মানুহ

নিষাদ জীৱন গোন্ধাই নীলপদুমৰ দৰে

 

মুগ্ধ দিনত ফুল-বৰষুণৰ দৃশ্য চাঁও

মাটিৰ সৰগত দেৱতাৰ মাত শুনো

স্পৰ্শ কৰোঁ ইজনে সিজনক।

 

*বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো৷ আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওক তাৰে কামনা কৰিছো৷

     দীপিকা– আচলতে সৃজনশীলতাৰ মূলতেই অসামান্য ত্যাগ, দান।আয়ে মুখত দিয়া ভাষা সম্পদক আমিও চেষ্টা কৰিছো আইৰ নামতেই আগবঢ়াই দিবলৈ।মনৰ একান্ত পৃথিৱীখনৰ অনুভৱ সমূহৰ মাধ্যমেৰে বিনিময়ৰ দলং সাজি,স্বপ্ন,বাস্তৱক উন্মোচন কৰি ইজনে সিজনৰ কাষলৈ  যাবলৈ।এই মুহূৰ্তত আপোনালোকৰ সৈতে ভাৱ বিনিময় কৰিও মুগ্ধ হৈ পৰিছোঁ।নাজানো আপোনাৰ প্ৰশ্নৰ উত্তৰ আপুনি বিচৰাৰ দৰেই সন্তোষজনক হৈছে নে নাই! তথাপিও মই যথেষ্ট আনন্দ পাইছো মনৰ কথা কবলৈ সুবিধা পালো সেয়ে সুখবোধৰ লগতে ঋণী  কৰি তুলিছে।শেষত বিন্দুৰ সম্পাদকৰ লগতে বিন্দু পৰিয়ালৰ সকলো সদস্যলৈকে কৃতজ্ঞতা সহ ধন্যবাদ জনালোঁ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *