ৰাশিফল মে মাহ ২০২৪

ৰাশিফল মে মাহ ২০২৪

মে’ মাহৰ ৰাশিফল ২০২৪
১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ
জ্যোতিষী-শ্ৰীৰেৱন দেৱ শৰ্মা দূৰভাষ-৯৮৬৪৫-১৩৮৪৫’

মেষ ৰাশি (অ, ল) : জ্বৰ কাহ, পেটৰ ৰোগ, উচ্চৰক্তচাপ, মধুমেহ আদি ৰোগত ভূগীব লাগিব। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। । ভাতৃ বন্ধুৰ লগত কোনো কাৰ্য্যত মতবিৰোধ হ’ব পাৰে । গৃহ উন্নয়ণত মানসিক সুখ শান্তি বাঢ়িব। বিদ্যাৰ্থীৰ শৈক্ষিক দিশত অগ্ৰসৰ । জ্যেষ্ঠজনৰ পৰা কাৰ্য্যত সহযোগ লাভ কৰিব । গোপন শত্ৰুৰ পৰা ক্ষতিৰ সন্মুখীন হ’ব পাৰে। ভ্ৰমণত সতৰ্ক হ’ব। উপাস্য দেৱতা বগলামুখী।

বৃষ ৰাশি (ই, উ, ব): স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব। পুৰণা ৰোগৰ বাবে সঞ্চিত ধন হঠাৎ খৰছ হ’ব পাৰে । ঘৰুৱা কোনো কাৰ্য্যত মতবিৰোধ হ’ব পাৰে। পাবলগীয়া ধন সম্পদ প্ৰাপ্তিত বাধাৰ সন্মুখীন হ’ব লাগিব । বিদ্যাৰ্থীৰ শংকা ভয় ভাব বাঢ়িব । কৰ্মত শুভ সংযোগ লাভ কৰিব। দূৰ ভ্ৰমণত সচেতন হ’ব। সাহিত্য, সাংস্কৃতিক দিশৰ লগত জড়িত ব্যক্তিৰ সুনাম অৰ্জন। উপাস্য দেৱতা ভূৱনেশ্বৰী।

মিথুন ৰাশি(ক,ছ): জ্বৰ কাহ, বাত বিষ, জণ্ডিচ, মধুমেহ, দাঁত, মুখমণ্ডলৰ ৰোগ,স্নায়ু আদি ৰোগত ভূগীব লাগিব । শৰীৰৰ প্ৰতি যত্ন ল’ব । খাদ্য গ্ৰহণত সতৰ্ক হ’ব। মাংগলিক কাৰ্য্যত সুখ প্ৰাপ্তি । ধন খৰছৰ পৰিমাণ বৃদ্ধি হ’ব । বিদ্যাৰ্থীৰ ভয় শংকা ভাৱ বাঢ়িব । যানবাহন চলাচলত সতৰ্ক হ’ব । ব্যৱসায়ত ধৈৰ্য্য আৰু সততাৰে আগবাঢ়ক সফল প্ৰাপ্তি হ’ব । চাকৰিয়ালৰ পদোন্নতি ও সামাজিক দিশত যশ-মান বৃদ্ধিৰ লগতে জ্যেষ্ঠজনৰ পৰা সহায়তা লাভ কৰিব। ভ্ৰমনত সচেতন হ’ব । উপাস্য দেৱতা ত্ৰিপুৰা সুন্দৰী।

কৰ্কট ৰাশি(ড ,হ): বাত বিষ, দাঁতৰ ৰোগ, উচ্চ ৰক্ত চাপ, মধুমেহ, জ্বৰ-কাহ, স্নায়ু আদি ৰোগত ভূগীব লাগিব । পাবলগীয়া ধন প্ৰাপ্তিত সুখ প্ৰাপ্তি। ভাতৃ, আত্মীয়ৰ লগত কোনো কাৰ্য্যত মতবিৰোধ হ’ব পাৰে। বন্ধুৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। গৃহ উন্নয়ণত সুখ প্ৰাপ্তি । বিদ্যাৰ্থীৰ শৈক্ষিক দিশত নতুন সংযোগ লাভ কৰিব। যান বাহন চলাচলত সতৰ্ক হ’ব । প্ৰেম প্ৰীতিত সমস্যাৰ সন্মুখীন হ’ব লাগিব। কোনো কাৰ্য্যত অপবাদৰ সন্মুখীন হ’ব পাৰে। ব্যৱসায়ত নতুন কাৰ্য্যৰ সংযোজন হ’ব পাৰে । মূল্যৱান সম্পদ হানি হ’ব পাৰে । উপাস্য দেৱতা কমলা।

সিংহ ৰাশি(ম,ট): সিংহ ৰাশিৰ শৰীৰৰ প্ৰতি সচেতন হ’ব । বদহজম, জণ্ডিছ, বাত বিষ, পেটৰ ৰোগ, মধুমেহ আদি ৰোগত ভুগিব লাগিব । সঞ্চিত ধন হঠাৎ খৰছ হ’ব পাৰে । যি কোনো খাদ্য গ্ৰহনত সচেতন হ’ব । ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব । বিদ্যাৰ্থীৰ সুনাম অৰ্জনৰ লগতে যশ- মান বাঢ়িব। মূল্যৱান সম্পদ হানি হ’ব পাৰে। সাংস্কৃতিক আৰু সামাজিক দিশত প্রশংসা লাভ কৰিব। কৰ্মত দায়িত্ব বাঢ়িব । প্ৰেমত মনোমালিন্য হ’ব পাৰে। উপাস্য দেৱতা মাতঙ্গী ।

কন্যা ৰাশি (প,ঠ): জ্বৰ -কাহ, মধুমেহ, পেটৰ ৰোগ উচ্চ ৰক্ত চাপ, স্নায়ু, চকুৰোগ আদি ৰোগত ভূগীব লাগিব । ধন সম্পদ প্ৰাপ্তিত সুখ বাঢ়িব। আনৰ বাবে হঠাৎ ধন খৰছ হ’ব পাৰে । গৃহ উন্নয়ণৰ নতুন পৰিকল্পনা । বিদ্যাৰ্থীৰ উচ্চ বিদ্যাৰ শুভ সংযোগ প্ৰাপ্তি । পুৰণি সমস্যা সমাধানৰ পথ প্ৰশস্ত হ’ব । মূল্যৱান সম্পদ হানিৰ বাবে মানসিক অশান্তি বাঢ়িব । গৃহ কৰ্মত দায়িত্ব বাঢ়িব। ব্যৱসায়ত নতুন কাৰ্য্যৰ পৰিকল্পনাত ব্যস্ততা বাঢ়িব । উপাস্য দেৱতা ত্ৰিপুৰা সুন্দৰী।

তুলা ৰাশি(ৰ, ত): স্বাস্হ্যৰ প্ৰতি সচেতন হব। খাদ্য গ্ৰহণত সতৰ্ক হ’ব। গৃহ কাৰ্য্যত ধন খৰছৰ পৰিমান বাঢ়িব । ভাতৃৰ লগতে পিতৃ -মাতৃৰ প্ৰতি দুশ্চিন্তা বাঢ়িব । ভাতৃ আত্মীয় স্বজনৰ লগত কোনো কাৰ্য্যত মতানৈক্য হ’ব পাৰে। বিদ্যাৰ্থীৰ সুনাম অৰ্জন। কৰ্মত পদোন্নতিৰ লগতে নতুন সংযোগ লাভ কৰিব। সামাজিক, আধ্যাত্মিক দিশত প্রশংসা লাভ কৰিব। নায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। ব্যৱসায়ত মিশ্ৰিত ফল। প্ৰেম প্ৰীতিত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হ’ব। উপাস্য দেৱতা ভূৱনেশ্বৰী।

বৃশ্চিক ৰাশি (ন,য): জ্বৰ -কাহ, জণ্ডিছ, অস্হি, বাত বিষ, পেটৰ ৰোগ আদিত ভূগীব পাৰে । সঞ্চিত ধন হঠাৎ খৰছ হ’ব পাৰে । ভাতৃ-বন্ধুৰ লগত কোনো কাৰ্যত মনোমালিন্য হ’ব পাৰে । আত্মীয় স্বজনৰ দু: সংবাদ পাব পাৰে । পিতৃ মাতৃৰ প্ৰতি দুশ্চিন্তা বাঢ়িব। গৃহ কাৰ্য্যৰ উন্নয়ণত সুখ প্ৰাপ্তি । কাৰ্য্যত জ্যেষ্ঠজনৰ পৰা সহযোগ লাভ কৰিব। সাংস্কৃতিক আৰু সামাজিক দিশৰ লগত জড়িত ব্যক্তি কিছু সতৰ্ক হ’ব । নায্য প্রাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে । প্ৰেম প্ৰীতিত শুভাশুভ।
উপাস্য দেৱতা বগলামুখী।

ধনু ৰাশি(ধ,ফ,ভ) : বাতবিষ , বদহজম, মধুমেহ, কাহ-জ্বৰ,চকু ৰোগ,দাঁতৰ ৰোগ আদিত ভূগীব লাগিব । মূল্যৱান সম্পদ ক্ৰয়ত সুখ প্ৰাপ্তি । ধন সঞ্চিত হ’ব । গৃহ কাৰ্য্যৰ উন্নয়ণত সুখ প্ৰাপ্তি। ভাতৃ-আত্মীয়ৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। কাৰ্য্যত বন্ধুৰ পৰা সতৰ্ক হ’ব। বিদ্যাৰ্থীৰ শিক্ষাগত দিশত অগ্ৰসৰ । চাকৰিয়ালৰ শুভ বাৰ্তা লাভ কৰিব। সন্তানৰ কৃতিত্বত আনন্দ প্ৰাপ্তি । উপাস্য দেৱতা তাৰা ।

মকৰ ৰাশি(খ , জ) : শৰীৰৰ প্ৰতি সচেতন হ’ব। অনাহকত ধন খৰচৰ পৰিমাণ বাঢ়িব পাৰে। ভাতৃ-ভগ্নীৰ পৰা কাৰ্য্যত সহযোগ লাভ কৰিব । ধনৰ ব্যৱহাৰিতাত সতৰ্ক হ’ব । গৃহ উন্নয়নত সুখ প্ৰাপ্তি । উচ্চ শিক্ষাৰ বাবে শুভাকাংক্ষীৰ পৰা সহায়তা লাভ কৰিব। কৰ্মত নতুন যোগাযোগত লাভান্বিত হ’ব । ব্যৱসায়ত শুভ সংযোগ প্ৰাপ্তিৰ যোগ দেখা যায় । বিবাহ প্ৰাৰ্থীৰ সিদ্বান্ত গ্ৰহণত সতৰ্ক হ’ব। উপাস্য দেৱতা দক্ষিণা কালী।

কুম্ভ ৰাশি(গ,শ ,স) : বাতবিষ, বদহজম, মধুমেহ, জণ্ডিছ জ্বৰ-কাহ আদি ৰোগত ভুগিব লাগিব । ধন খৰছৰ পৰিমাণ বাঢ়িব । গৃহ কাৰ্য্যৰ সিদ্ধান্তত সতৰ্ক হ’ব । আত্মীয় স্বজনৰ দুঃসংবাদত মনোকষ্ট বাঢ়িব । যান বাহন চলাচলত সতৰ্ক হ’ব । বিদ্যাৰ্থীসকল নিজৰ কৃতিত্বত উজ্বলি উঠিব । কোনো কাৰ্যত অপমানিত হ’ব পাৰে সতৰ্ক হ’ব । কৰ্ম ক্ষেত্ৰত শুভ সংবাদ লাভ কৰিব। প্ৰেমত ভয়, শংকা বাঢ়িব । দূৰ ভ্ৰমনত সতৰ্ক হ’ব । উপাস্য দেৱতা দক্ষিণাকালী।

মীন ৰাশি(দ ,চ) : ককালৰ বিষ, পেটৰ ৰোগ, স্নায়ু ৰোগ, জ্বৰ, কাহ, মুখমণ্ডল, জণ্ডিছ আদি ৰোগত ভূগীব লাগিব। ধন সম্পদ বাঢ়িব । পিতৃ মাতৃৰ প্ৰতি দুশ্চিন্তা বাঢ়িব । বিদ্যাৰ্থীসকলে প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব । কৰ্মৰ স্থান পৰিৱৰ্তন হ’ব পাৰে। সামাজিক কাৰ্য্যত প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা যায়। সাংস্কৃতিক দিশত কৃতিত্ব অর্জন । প্ৰেম প্ৰীতিত বন্ধুৰ পৰা পোৱা সহায়ত উপকৃত হ’ব । উপাস্য দেৱতা তাৰা।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *