*ফাগুন নিঠৰুৱা প্ৰেমিক*
✍️:- শ্ৰী সুৰজিৎ ভূঞা
ফাগুন আহিছিল মনৰ জোখাৰে
ফাগুন গুচি গ’ল নিঠৰুৱা প্ৰেমিক কৰি
মোৰ এই প্ৰেমিক মনটিক ।
ফাগুন বুলি ফাগুনীক চালোঁ
প্ৰেম বুলি বুকুত কাঁইট বিন্ধাই ল’লো
ফাগুনে চ’তৰ ৰঙ সানি দি গ’ল
নিঠৰুৱা প্ৰেমিকক ।
কুলি চৰাই বুলি ৰাতিৰ আকাশত
বাদুলি চৰাইজাকক ভাবিলোঁ
একেই ক’লা বৰণৰ ।
সেই বাবেই হয়তো ফাগুন নালাগে
নিঠৰুৱা প্ৰেমিকক
উদং মনটিক জীপাল কৰিবলৈ
মনত নতুন ৰহণ সানিবলৈ ।
ফাগুন প্ৰেম নহয়
উদং কৰি যোৱা ঋতু
ফাগুন উৎসৱ নহয়
ফাগুন এটা গানৰ কলি ।
ফাগুন নিঠৰুৱা প্ৰেমিক
ফাগুন নিঠৰুৱা প্ৰেমিক ।
কবিৰ ঠিকনা:- মেটুৱাকুছি, শান্তিনগৰ, বৰপেটা ।
*এজাক বৰষুণৰ কামনাৰে*
✍️ নাছিৰ আহমেদ
এজাক বৰষুণৰ কামনাৰে
মই ৰৈ আছো পদূলি মুখত
নিলাজ পছোৱা বতাহজাক বৈ আছে
বাৰে বাৰে বুকুৰ আঁচল খহায় ।
ধূলিয়ৰি আকাশখনে ঘোপাকৈ চাইছে
আইতাকৰ নিষ্পলক ঘোলা চকুযুৰীৰ দৰে।
গছবোৰ লঠঙা হৈ পৰিছে
সৰাপাতৰ মৰ্মৰ ধ্বনিতো মৃত্যুৰ যন্ত্ৰণা!
গছৰ ডালত লুকাই লুকাই কুলিটিয়ে ভূমুকি মাৰিছে
এজাক বৰষুণৰ কামনাৰে
মই ৰৈ আছো পদূলি মুখত ।
চঞ্চলা গাভৰুজনী নৈৰ পাৰলৈ যায় ,
মুখত গুণগুণ বসন্তৰ আগমনি গীত
উঠন বুকুত মৰুভূমিৰ শুকান হাঁহাকাৰ
এজাক বৰষুণৰ কামনাৰে…
কেতিয়া তাইৰ গা-মূৰ তিঁয়াই নামিব এজাক বৰষুণ
বাজিব মাদল ,বাজিব শঙ্খ -কাহ
ঢোল- খোলৰ তাক ধিনা ধিন , ধিনা ধিন মাতত
মৰুৰ বুকুত নামিব মৰুদ্যান
গাভৰুজনীৰ হিয়াত ফুলি উঠিব
ৰঙচুৱা মদাৰ,পলাশ আৰু কৃষ্ণচূড়া ফুল !
এজাক বৰষুণৰ কামনাৰে-
মই ৰৈ আছো পদুলি মুখত
কেতিয়া অশান্ত হৃদয় মোৰ পৰিব শাঁত
কেতিয়া জ্বলাই যাম নৱতম সৃষ্টিৰ শলিতা !!
*লোডশ্বেডিং*
মুন ৰাজবংশী
আশী আৰু নব্বৈৰ দশকৰ,
ল’ৰালি কালৰ এটি চিনাকি শব্দ
স্মৃতিৰ পাতত কতনা কাব্য!
শৈশৱৰ প্ৰচণ্ড গৰমৰ দুপৰীয়া
নিশাৰ উচপিচ্ কিন্তু ভাল লগা সন্ধিয়া।
কাৰেন্ট গ’লেই আহি চোতালত বহা
আইতাৰ মুখৰ সাধু, দেউতাৰ কৌতুক, মাৰ নিচুকনি গীত,
আকাশত মুৰ তুলি চাও
হাতীপটীত বেগাই দৌৰা তৰাৰ মেলা।
শিশু মনৰ প্ৰাৰ্থনা,
কুমলীয়া মনৰ সপোন!
ময়েই হাঁহিৰ ৰজা,
বুদ্ধিজীবি বীৰবল,
ময়েই মোগলী, ময়েই সৰবজান
ময়েই বণিজলৈ যোৱা সদাগৰ।
কৈশোৰ আৰু যৌৱনৰ,
ভাল লগা বিৰক্তিকৰ সন্ধিক্ষণত
জীৱ-জন্তু, চৰাইৰ চলচিত্র
মমৰ পোহৰত হাতৰ ছাঁয়াৰে দেৱালত অঁকা।।
মন গ’লেই মনত মধুৰ বীণাৰ টান,
আৰম্ভ হয় জুবিনৰ গান
ঘৰ্মাক্ত সপোনত ৰূপালী পৰ্দাৰ নায়কৰ ভংগীমাত
ময়েই যতীন, ময়েই শ্বাহৰুখ ময়েই চলমান খান,
শেষ হ’ব নোখোজা
শাৰদী শন্ধিয়াৰ ময়েই প্ৰতিমাৰ প্ৰাণ।।
কবিৰ ঠিকনা- নলবাৰী হাঁহদলী
মোঃ ৮১৩৩৯৩১৮১৩
*নাৰী মই*
✍️ মেঘালী বৰা
যুগে যুগে শোষিতা বঞ্চিতা প্ৰতাৰিতা
নিপীড়িতা অৱহেলিতা ধৰ্ষিতা নাৰী মই
নুচুবি নেযাবি কূলক্ষণী শাখিনী ডাংকাটী
কত কিমান বিশেষণেৰে বিভূষিতা নাৰী মই
আবিয়ৈ বন্ধ্যা গজমূৰী সন্তানহীনা নাৰী তই
শুভকাৰ্য্যত নিদিবি বিঘিনী
মানুহে দেখিলে বুলিব কি আতৰি যা কূলক্ষণী তই
ভিতৰত মনে মনে সকলো কৰিবি
তই নহলে যে মোৰ দিনতে ৰাতি
যিমান যি উপলুঙা নকৰা আই মই যে নাৰী
চকু থাকিও গান্ধাৰীৰ দৰে হ’ব নোৱাৰো আই
মই হ’ব বিচাৰোঁ মূলাগাভৰুৰ দৰে বীৰাংগনা
হ’ব বিচাৰো বীৰুবালা ৰাভাৰ দৰে সাহসী
কুসংস্কাৰ অন্ধবিশ্বাস ডাইনী হত্যাৰ প্ৰতিবাদকাৰী
ঝাঞ্চীৰ ৰাণী লক্ষ্মীবাইৰ দৰে মহীয়সী
নাইটিংগেলৰ দৰে হাতত লেম্প জ্বলাই
আতুৰ জনৰ ধাত্ৰীবিদ্যাৰ অধিষ্ঠাত্ৰী
হ’ব বিচাৰোঁ বিশেষ ভাবে সক্ষম হৈয়ো
বিশ্ব বৰেণ্য হেলেন কিলাৰ ।
*ডাৰ্ক চাৰ্কোল*
✍️ সুমন বিশ্বাস
মই ক’ব পাৰোঁ
তুমি তেজপিয়া
তুমি বহুৰঙী আকাশ
তুমি ঘোৰ অমানিশা
তুমি হীৰাৰ টুকুৰা
তুমি যাদুকৰ
তুমি অভিনেতা
তুমি খলনায়ক
কিন্তু ভাষাৰ দৰিদ্রতাৰ বাবে
মই ক’ব নোৱাৰোঁ,
তুমি যে আৰু কি ……!
মোৰ মনাকাশৰ
তুমি ঠিক
সেই পূর্ণিমাৰ জোনটিয়েই।
তুমি মোৰ চকুৰ তলৰ
সেই ক’লা দাগৰ ৰহস্য নাজানা
য’ত জীয়াই আছে
জীৱনৰ প্রাণ ভোমোৰা
মানুহে যাক নাম দিছে
ডাৰ্ক চার্কোল..!!
*তোমাক পাবলৈ…*
✍️ মুহাম্মাদ আফজাল
তোমাক পাবলৈ মোৰ
ওৰে ৰমজান
ত্যাগ আৰু সংগ্ৰাম।
তোমাক পাবলৈ মোৰ
দিনে-ৰাতি
চিয়াম আৰু কিয়াম।
তোমাক পাবলৈকে
ভোগ-বিলাসিতা পৰিহাৰ।
তোমাক পাবলৈকে
ৰিপু সমগ্ৰ পুৰি ছাৰখাৰ।
ৰিক্ত হৃদয়ত এতিয়া
মাথোঁ তোমাৰ নাম,
তোমাৰ ধ্যান।
জীৱনৰ সৰ্ব স্তৰতে
মহামহিম প্ৰভু মোৰ,
তোমাৰ তুষ্টিৰে সন্ধান।।
*জীৱন,তোৰ গন্তব্য জাননে ?*
✍️ কল্পনা বৰা
(১)
জীৱনৰ সংজ্ঞা খেপিয়াই খেপিয়াই
মই চুই চাব বিচাৰোঁ আকাশৰ তৰাটি ,
পৰ্বতমালাৰ সিটোপাৰে সপোনৰ ঘৰটোৰ বসতি
আৰু মই দুহাত মেলি থপিয়াই আনি
নিজৰ কৰিব খোজো,
অবাস্তৱিক স্বপ্নবোৰ মোৰ পৰা হাজাৰ যোজন দূৰৈত
তথাপি সাগৰ সাঁতুৰি মই গঢ়িব বিচাৰোঁ বিশ্ব অভিলেখ
এয়া,কল্পনাই ঢুকি নোপোৱা এক অদিঠক প্ৰসংগ।
(২)
ধনৰ কলহটো ডিঙিত ওলোমাই
স্বইচ্ছাৰে মৰিব খোজাটো
মোৰ জীৱনৰ প্ৰতি মোহ !
মন গ’লেই ৰাষ্ট্ৰদ্ৰোহ
মন গ’লেই সন্ত্ৰাসবাদত জঁপিয়াই পৰি
কাঢ়িব বিচাৰোঁ আমি জীৱনৰ চৰম প্ৰাপ্য ।
(৩)
যান্ত্ৰিকতাৰ কৰালত পৃথিৱীখন মোৰ হাতৰ মুঠিত
মই যে এতিয়া অসভ্যতাৰ গ্ৰাসত
সভ্যতাই মোক কেতিয়াবাই গাৰ সমস্ত বলেৰে ঠেলি পঠালে।
আৰু ঠিক এই সময়তে…
বিশ্বৰ এক অনামী প্ৰান্তত উদ্ভাৱিত হ’ল নতুন তত্ত্ব
মই ভগ্ন স্তূপৰ দৰেই ঠিয় দি ৰ’লো।
(৪)
ঘন কুঁৱলীৰ ফাঁকেৰে
অৰণ্যৰ ভিতৰখন মণিব নোৱাৰা এটি মাজনিশাৰ বেলা…..
কোনোবা ৰমণীৰ কান্দোন মিহলি বিকট চিঁঞৰ
বতাহত কল্লোলিত হৈ মোৰ কাণৰ পৰ্দা ফালিছে,
গ’ম পালো তাই পলাব খুজিও হাৰি গ’ল কোনোবা যমদূতৰ হাতত ।
যদি মৃত্যুৱে জীৱনৰ শেষ কাম্য
জীৱনক লৈ ইমান আয়োজন কিহৰ ?
প্ৰশ্নবোধক! এক বৃহৎ প্ৰশ্নবোধক এয়া!
(৫)
জীৱন, তোৰ গন্তব্য বিচাৰি
ঐদহে-বৈদহে ঘূৰি চলাথ কৰিছোঁ ।
নিজেই নিজক হেৰুৱাই পেলোৱাৰ মুহূৰ্তত
সময়বোৰে মোক গিলি পেলাইছে
কেতিয়াবা কাঁচৰ টুকুৰাৰ দৰে খণ্ড-বিখণ্ড হৈ ভাগি পৰিছো;
নতুনত্বৰ আকৌ জানো আৰম্ভণি হ’ব পাৰে ?
কাৰাগাৰৰ লোহাৰ শিকলিত বন্দী
কয়েদীৰ শ্বাসৰুদ্ধ উশাহবোৰক সুধিবা
গতিশীল সময়ক পাৰিছে জানো টকাৰ বিনিময়ত ভেঁটা দি ৰাখিব?
ভোগ বিলাসৰ লালসাত উদণ্ড পুৰুষৰ হাতত
নিজক সঁপি দিয়া এগৰাকী নাৰীয়ে ক’ব
জীৱনৰ শেষ গন্তব্য মৃত্যু !
মোৰ প্ৰশ্ন-
যদি মৃত্যুৱে জীৱনৰ শেষ কাম্য
জীৱনক লৈ ইমান আয়োজন কিহৰ ?….
*বিনিদ্ৰ ৰজনী*
✍️ ইভা গন্ধীয়া ফুকন
জীৱন নামৰ বহীখনত
কিনো লিখিলোঁ অতদিনে
কলম ধৰিবলৈ শিকা শিশুৱে
অঁকা যেন আঁক বাক
অৰ্থহীন, ৰংহীন…
হৃদয়ৰ খিৰিকী খুলি
লিখিব মন যায় অনুভৱ বুলাই
স্নেহ আৰু মৰমেৰে
মথি মথি গঢ়ি তোলা সম্বন্ধ।
কিন্তু মই বাকৰুদ্ধ
ৰিক্ত হৃদয়ৰ পৰা নিগৰি নাহে
ছন্দময় কোমল শব্দ
যিয়ে প্ৰকাশ কৰিব পাৰে
মায়াবী স্বপ্ন…
এজাক বৰষুণ আহিছে
মুষলধাৰ বৰষুণ
সাৰ পালে বিনিদ্ৰ ৰজনীয়ে
মৰম আৰু বুজনিৰ চাদৰেৰে
ঢাকি ৰখা মোৰ হিয়াৰ ভাঁজে ভাঁজে
উম লৈ থকা হেঁপাহে পোখা মেলিছে
বলিয়া মনটো ক্ৰমশঃ
মাতাল হৈ পৰিছে
মাজ ৰাতিৰ বৰষুণত তিতি
প্ৰেমৰ মদিৰা পান কৰিবলৈ…
*ৰে’ল ষ্টেচনত*
✍️ অৰূপজ্যোতি হাজৰিকা
মোৰ দৰে বহুতো বহি আছে
এক নিদিষ্ট গন্তব্যস্থলৰ উদ্দেশ্যে ৰে’ল ষ্টেচনত
আৰু সকলোৱে প্ৰত্যক্ষ কৰিছে এখন নতুন পৃথিৱী।
দুডাল সৰল ৰেখাৰ ইপাৰে-সিপাৰে
মানুহবোৰৰ দৌৰা-দৌৰি
কাৰোবাৰ যদি বেগ থাকি গৈছে
আন কাৰোবাৰ আকৌ মানুহক লৈ লতি-ঘতি
এটা কেৰেলুৱা আহে,
এটা কেৰেলুৱা যায়
কণমানিহঁতে উকিয়াই,
খেলে ৰেলৰ শব্দ কৰি ঝকঝক ঝকঝক।
সময় বুলিলে সময়,
অংক বুলিলে অংক,
ষ্টেচনে শিকাই তাৰ পিছত এক নীৰৱতা । নীৰৱতাই সুবিধা লয় নীৰৱতা নামৰ এক বজাৰৰ।
বেশ্যা বজাৰ বেশ্যা সময়।
গৰম নে ঠাণ্ডা,
এজাক বতাহ আহে মাজে মাজে
কিছু সময়ৰ বাবে ভবাই তোলে ষ্টেচনক
ইয়াত কথাবোৰ বতাহ নহয়,
বতাহে কথা হয়
পৃষ্ঠভূমি কি, ক’ত, কেতিয়া কোনেও নাজানে !
ষ্টেচনত যেতিয়া সংগ দিয়ে চোৰ, ডকাইত, প্ৰৱঞ্চকে
বা হত্যাকাৰী, ধৰ্ষণকাৰী আৰু নিচাযুক্ত সৰ্বগ্ৰাসীয়ে
তাৰ পিছত দেখা দিয়ে আন এখন নতুন নাটকে,
ৰে’ল ষ্টেচন মুকলি ৰাস্তাৰ জুপুৰী মালিকৰ দৰে
য’ত সপোনবোৰ তছনচ কৰি উবুৰি খাই পৰে ব্যস্ততা
সময়ৰ ডিঙিত মালা পিন্ধি ষ্টেচনে মেলা পাতে
মেলাবোৰত সিন্ধি দিবলৈ নাপাহৰে কাউৰীজাকে
শালিকাবোৰে বাহ সাজি সৌষ্ঠৱ বৃদ্ধি কৰে ষ্টেচনৰ।
দোকানখনৰ কাষতে দেখিলো এহাল প্ৰেমিক-প্ৰেমিকা
যাৰ যি মন গৈছে তাকে কৰিছে, হাঁহিছে, দেখাই দেখিছে
বাধা দিয়াৰ পৰিবৰ্তে নাক কোঁচাই আঁতৰি আহিছে
বয়সৰ বাবে সকলো এদিন এনেকুৱা হয়েই
ৰে’ল ষ্টেচনে সকলো জানে কথাহে নাপাতে
সিদিনা, দবাৰ পৰা পেলাই দিয়া খাদ্যবোৰ
এজাক শিশুৱে বুটলি নিয়া চকুত পৰিল
সেয়াও এখন তথ্যচিত্ৰ ৰে’ল ষ্টেচনৰ
মাটিত পৰি, ভিক্ষা পাত্ৰ আগবঢ়ায় দিয়া মানুহবোৰ
সেয়াও এখন তথ্যচিত্ৰ ৰে’ল ষ্টেচনৰ।
এজন বন্ধুয়ে আন এজনক কোৱা দূৰৈৰ পৰা শুনিলো-
সখি, নলগা জেঙত লাগি নপৰিবা বিপদত ৰে’ল ষ্টেচনত !