বয়সে আঁচোৰা সৌন্দৰ্য

বয়সে আঁচোৰা সৌন্দৰ্য

*বয়স বাঢ়ক, দীপ্তিও বাঢ়ক*

গৰীমা ৰাজবংশী

চুলিবোৰ পকে যদি পকিবলৈ দিয়ক, যদি বলিৰেখাবোৰ বাঢ়ি যায় বাঢ়িবলৈ দিয়ক, কিন্তু উজ্জ্বলতা যেন কমি নায়ায় ! তাৰ বাবে বেলেগ একো বিশেষ কৰাৰো প্ৰয়োজন নাই । প্ৰয়োজন মাথো কিছু অনুশাসন, অলপ যত্ন আৰু কিছু আত্মপ্ৰেমৰ ! নিজক সজাই ৰাখিবলৈ নিজক ভাল পাবই লাগিব ।

 

নিজকে ভাল পাবলৈ শিকক

টিভিত, বিজ্ঞাপনত, আনকি বাটে-পথেও কিমান মহিলা লগ পোৱা যায়, যিসকলে গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাসেৰে নিজৰ বয়সক  বুঢ়া আঙুলি দেখুৱাই ঘূৰি ফুৰে ।  তেওঁলোকৰ এই বিন্দান মনৰ গোপন ৰহস্য কি জানেনে?  নিজৰ প্ৰতি অপৰিসীম ভালপোৱা।  বয়সৰ মাজতো তেওঁলোকে নিজৰ প্ৰতি থকা প্ৰেমক জীয়াই ৰাখিছে।  আইনাখনৰ সন্মুখত দেখা সেইগৰাকী আপুনি নিজেই নহয় জানো ? যোৱা দহ বছৰত হয়তো সেইগৰাকীৰ শ্ৰী চেহেৰা সলনি হৈছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ প্ৰতি থকা ভালপোৱাও আপোনাৰ ক্ৰমাৎ কমি গৈছে বা তেওঁক আৰু ভাল পাব নোৱাৰি, প্ৰথমে নিজক নিজৰ ওচৰত গ্ৰহণযোগ্য কৰি ৰাখিব লাগিব । চল্লিশৰ পিছত কাৰো ছাল আৰু চুলি পঁচিশ বছৰ বয়সৰ দৰে হৈ নাথাকে।  সেইটোৱেই বয়সৰ নিয়ম।  সেইটো মানি ল’বলৈ শিকক।  আৰু বিশ্বাস কৰিবলৈ শিকক যে নিজৰ যত্ন, তথা সাজোন-কাচোনৰ যোগেদি সেই পাৰ্থক্যৰ মাজতো নিজক ধুনীয়াকৈ ৰাখিব পাৰি । তুমি যিদৰে আছা ঠিক তেনেদৰেই ধুনীয়া। এই আত্মবিশ্বাস গঢ়ি তুলিব লাগিব।  তাৰ পিছত আহিব যত্নৰ বিষয়।

 

ৰাতিপুৱাৰ কাম

*ৰাতিপুৱা সাৰ পায়েই কৰিবলগীয়া প্ৰথম কামটো হ’ল ছালখন পৰিষ্কাৰ কৰা।  ক্ৰীম বা তেল ভিত্তিক (Oil Based) ফেচ ৱাছ ব্যৱহাৰ কৰাটো ভাল।  ছালখন কোমল হ’ব।

 

*চিটিএম ৰুটিন (ক্লিনিং, টোনিং, মইশ্ব’ৰাইজিং) অনুসৰণ কৰিব পাৰে।  এলকহলমুক্ত টোনাৰ কিনি লওক।  কিন্তু টোনাৰৰ সলনি গোলাপ জল, কেঁচা ঠাণ্ডা গাখীৰ বা চাউল ধোৱা পানীত কপাহী বল এটা ডুবাই মুখত লগাব পাৰে।

*মইশ্ব’ৰাইজাৰ কিন্তু অতি জৰুৰী।  যদি কোনো মইশ্ব’ৰাইজাৰৰ উপাদানত হাইয়ালুৰনিক এচিড, ৰেটিনল বা ভিটামিন এ থাকে তেন্তে ই ছালৰ বাবে অতিৰিক্ত উপকাৰিতাৰ সৃষ্টি কৰিব

*তাৰ পিছত অতিৰিক্ত সুৰক্ষাৰ বাবে ছিৰাম প্ৰয়োগ কৰিব লাগে।  ইয়াৰ উপৰিও ছিৰামে ছালত বিভিন্ন পুষ্টিকৰ উপাদান প্ৰদান কৰে, যিয়ে ছালখনক সুস্থ কৰি ৰখাত সহায় কৰিব।

*দিনত বাহিৰলৈ ওলাই যাওঁতে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে।  যিসকলে দিনটোৰ বেছিভাগ সময় পাকঘৰৰ জুইৰ সন্মুখত কটায় তেওঁলোকেও সূৰ্য্যৰ পৰা ৰক্ষা পোৱা ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে ।

*কেৱল মুখত নহয়, সমগ্ৰ শৰীৰত দৈনিক অলিভ অইল বা পুষ্টিকৰ বডি লোচন মালিচ কৰক।  গা ধোৱাৰ পিছত ছালখন তিতি থকা অৱস্থাত ছালখন মালিচ কৰিলে আৰ্দ্ৰতা ছালৰ গভীৰতালৈ যোৱাত সহায়ক হ’ব।

* সপ্তাহত এবাৰ বডি স্ক্ৰাব কৰক।  কোমল লুফা বা সৰু টাৱেল ব্যৱহাৰ কৰিব পাৰি।

 

ৰাতি শুই উঠাৰ আগতে পুনৰ মুখখন চাফা কৰি লওক আৰু টোনাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই।

অলপ ডাঠ মইশ্ব’ৰাইজাৰ লগাই তিতা ছালত মালিচ কৰিব।  কপাহখিনি ১০ মিনিট তিয়াই মচি পেলাওক । এতিয়া ছিৰামটো ছালত লগাওক। তাৰ পিছত লিপ বাম।

কঁকাল, আঁঠু, গোৰোহা, ভৰিত ক্ৰীম বা লোচন নিশ্চয়কৈ লগাব লাগে।চুলিখিনি লাহে লাহে বান্ধি শুই যাওক।

 

 নিজৰ যত্ন লোৱা

দুসপ্তাহৰ মূৰে মূৰে ফুল বডি ৱেক্সিং কৰক।  যদি শ্বেভিং সম্ভৱ নহয় তেন্তে চুলি আঁতৰোৱা ক্ৰীম ব্যৱহাৰ কৰক।

মাহত এবাৰ শৰীৰৰ মালিচ কৰক ।

পেডিকিউৰ আৰু মেনিকিউৰ মাহত এবাৰ কৰিব লাগিব।

কেইমাহমানৰ মূৰে মূৰে চুলি ট্ৰিম কৰক।

চুলিৰ ৰং, হাইলাইট বা ষ্ট্ৰিক লাভ কৰি একঘেয়ামী চুলিৰ ৰঙৰ পৰা মুক্তি পাব পাৰে।আচুৰি লওক ।  সপ্তাহত দুবাৰকৈ তেল, সপ্তাহত তিনিবাৰকৈ শ্বেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলক।

 

ৰাতিৰ যত্ন

*ৰাতি শুবলৈ যোৱাৰ আগতে পুনৰ মুখখন চাফা কৰি লওক।

*পুনৰ টোনাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই।

*অলপ ডাঠ মইশ্ব’ৰাইজাৰ লগাই তিতা ছালত মালিচ কৰিব।  কপাহখিনি ১০ মিনিট তিয়াই মচি পেলাওক ।

* এতিয়া ছিৰামটো ছালত লগাওক। তাৰ পিছত লিপ বাম।

*কঁকাল, আঁঠু, গোৰোহা, ভৰিত ক্ৰীম বা লোচন নিশ্চয়কৈ লগাব লাগে।

* চুলিখিনি লাহে লাহে বান্ধি শুই যাওক।

 

নিজৰ যত্ন লোৱা

*দুসপ্তাহৰ মূৰে মূৰে ফুল বডি ৱেক্সিং কৰক।  যদি শ্বেভিং সম্ভৱ নহয় তেন্তে চুলি আঁতৰোৱা ক্ৰীম ব্যৱহাৰ কৰক।

*মাহত এবাৰ বডি মাছাজ কৰক।

*পেডিকিউৰ আৰু মেনিকিউৰ মাহত এবাৰ নিশ্চয় কৰক ।

*কেইমাহমানৰ মূৰে মূৰে চুলি ট্ৰিম কৰক।

* হাইলাইট বা ষ্ট্ৰিক কৰি, ৰং লগাই একঘেয়ামী চুলিৰ ৰঙৰ পৰা মুক্তি পাব পাৰে।

 

পৰিপক্ক সাজ-পোছাক

মেক-আপৰ অৰ্থ এইটো নহয় যে ই আপোনাক কিবা এটা সাংঘাটিক কৰি তুলিব লাগিব।  ‘আপুনি ব্যৱহাৰ কৰিব পাৰে কেইটামান  টিপছ…

*ফাউণ্ডেচন, কনচিলাৰ, কম্পেক্ট, আই-ব্ৰ’ পেঞ্চিল, কাজল, ব্ৰাউন শ্বেড’ পেলেট, ব্লাছ, হাইলাইটাৰ, কাজল আৰু লিপষ্টিক আদি নিশ্চিতভাবে সংগ্ৰহ কৰি ৰাখক ।

 

*কিছু পৰিমাণৰ ফাউণ্ডেশ্যন লৈ আঙুলিৰ সহায়ত মুখ, ডিঙি আৰু গলধনত লগাওক ।

* ছালত থকা গ্লোটো ওলাই আহিবলৈ হাইলাইটাৰ ব্যৱহাৰ কৰক।  ফাউণ্ডেচনৰ লগত কেইটোপালমান লিকুইড হাইলাইটাৰ মিহলাই গোটেই মুখমণ্ডলত লগাওক ।

* যদি আপোনাৰ চকু ফুলি উঠে, ক’লা বৃত্ত বা কোনো পিগমেন্টেশ্যনৰ সমস্যা আছে, তেন্তে সেই নিৰ্দিষ্ট অংশত অলপ কনচিলাৰ লগাওক ।

*চকুৰ বাবে ভাৰতীয়সকলৰ দৃষ্টিত কাজলেই যথেষ্ট।  কিন্তু যদি চকু দুটা সৰু হয়, তেন্তে কাজলৰ সলনি

ব্রাউন শ্যাডো লৈ আঙুলিৰে সানক।  চকুৰ কোণ দুটাত খুব ভালকৈ সনক ।

*ভ্ৰূযুগল অংকণ কৰাটো অতি প্ৰয়োজনীয়।  পেঞ্চিল ব্যৱহাৰ কৰিলে আঁকিবলৈ সহজ হয়।  অতি গাঢ় ৰং ব্যৱহাৰ নকৰিব।  ভ্ৰূযুগলৰ ছিদ্ৰবোৰ ছাইৰঙী, গ্রে বা চাৰ্কোল শ্বেডৰ পেঞ্চিলেৰে অংকণ কৰিলে প্ৰাকৃতিক ৰূপ পায় ।

*কাজল লগোৱাৰ পিছত আঙুলিৰে লাহে লাহে ঘঁহি লওক।  ইয়াৰ ফলত স্মোকি এফেক্ট আহিব ।  কেৱল তলৰ পতাতে নহয়, ওৱাটাৰলাইনৰ বাহিৰতো অলপ ডাঠকৈ কাজল লগাওক।  দেখিবলৈ ভাল লাগিব।

*আপোনাৰ পছন্দৰ লিপষ্টিক নিৰ্বাচন কৰক।

 

যদি আপুনি চুলিখিনি খোলা ৰাখিব বিচাৰে তেন্তে ভালদৰে ফণীয়াই লৈ ব্ল’ ড্ৰাই কৰক।  কিন্তু নিশ্চিতভাৱে ছিৰাম ব্যৱহাৰ কৰক, চুলি সজোৱা পৰোৱা কৰাত সুবিধাজনক হ’ব।

যদি আপুনি আপোনাৰ চুলি বান্ধিব বিচাৰে – তেন্তে পোছাক, নিজৰ পছন্দ আৰু চুলিৰ দৈৰ্ঘ্য অনুসৰি লো-বান, পনিটেইল, ফ্ৰেঞ্চ ব্ৰেইড কৰিব পাৰে।

*বয়স বাঢ়ক, দীপ্তিও বাঢ়ক*

চুলিবোৰ পকে যদি পকিবলৈ দিয়ক, যদি বলিৰেখাবোৰ বাঢ়ি যায় বাঢ়িবলৈ দিয়ক, কিন্তু উজ্জ্বলতা যেন কমি নায়ায় ! তাৰ বাবে বেলেগ একো বিশেষ কৰাৰো প্ৰয়োজন নাই । প্ৰয়োজন মাথো কিছু অনুশাসন, অলপ যত্ন আৰু কিছু আত্মপ্ৰেমৰ ! নিজক সজাই ৰাখিবলৈ নিজক ভাল পাবই লাগিব ।

নিজকে ভাল পাওঁ, তুমি এতিয়া

টিভিত, বিজ্ঞাপনত, আনকি বাটে-পথেও কিমান মহিলা লগ পোৱা যায়, যিসকলে গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাসেৰে নিজৰ বয়সক বুঢ়া আঙুলি দেখুৱাই ঘূৰি ফুৰে । তেওঁলোকৰ এই বিন্দান মনৰ গোপন ৰহস্য কি জানেনে? নিজৰ প্ৰতি অপৰিসীম ভালপোৱা। বয়সৰ মাজতো তেওঁলোকে নিজৰ প্ৰতি থকা প্ৰেমক জীয়াই ৰাখিছে। আইনাখনৰ সন্মুখত দেখা সেইগৰাকী আপুনি নিজেই নহয় জানো ? যোৱা দহ বছৰত হয়তো সেইগৰাকীৰ শ্ৰী চেহেৰা সলনি হৈছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ প্ৰতি থকা ভালপোৱাও আপোনাৰ ক্ৰমাৎ কমি গৈছে বা তেওঁক আৰু ভাল পাব নোৱাৰি, প্ৰথমে নিজক নিজৰ ওচৰত গ্ৰহণযোগ্য কৰি ৰাখিব লাগিব । চল্লিশৰ পিছত কাৰো ছাল আৰু চুলি পঁচিশ বছৰ বয়সৰ দৰে হৈ নাথাকে। সেইটোৱেই বয়সৰ নিয়ম। সেইটো মানি ল’বলৈ শিকক। আৰু বিশ্বাস কৰিবলৈ শিকক যে নিজৰ যত্ন, তথা সাজোন-কাচোনৰ যোগেদি সেই পাৰ্থক্যৰ মাজতো নিজক ধুনীয়াকৈ ৰাখিব পাৰি । তুমি যিদৰে আছা ঠিক তেনেদৰেই ধুনীয়া। এই আত্মবিশ্বাস গঢ়ি তুলিব লাগিব। তাৰ পিছত আহিব যত্নৰ বিষয়।

ৰাতিপুৱাৰ কাম

*ৰাতিপুৱা সাৰ পায়েই কৰিবলগীয়া প্ৰথম কামটো হ’ল ছালখন পৰিষ্কাৰ কৰা। ক্ৰীম বা তেল ভিত্তিক (Oil Based) ফেচ ৱাছ ব্যৱহাৰ কৰাটো ভাল। ছালখন কোমল হ’ব।

*চিটিএম ৰুটিন (ক্লিনিং, টোনিং, মইশ্ব’ৰাইজিং) অনুসৰণ কৰিব পাৰে। এলকহলমুক্ত টোনাৰ কিনি লওক। কিন্তু টোনাৰৰ সলনি গোলাপ জল, কেঁচা ঠাণ্ডা গাখীৰ বা চাউল ধোৱা পানীত কপাহী বল এটা ডুবাই মুখত লগাব পাৰে।

*মইশ্ব’ৰাইজাৰ কিন্তু অতি জৰুৰী। যদি কোনো মইশ্ব’ৰাইজাৰৰ উপাদানত হাইয়ালুৰনিক এচিড, ৰেটিনল বা ভিটামিন এ থাকে তেন্তে ই ছালৰ বাবে অতিৰিক্ত উপকাৰিতাৰ সৃষ্টি কৰিব।

*তাৰ পিছত অতিৰিক্ত সুৰক্ষাৰ বাবে ছিৰাম প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰিও ছিৰামে ছালত বিভিন্ন পুষ্টিকৰ উপাদান প্ৰদান কৰে, যিয়ে ছালখনক সুস্থ কৰি ৰখাত সহায় কৰিব।

*দিনত বাহিৰলৈ ওলাই যাওঁতে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে। যিসকলে দিনটোৰ বেছিভাগ সময় পাকঘৰৰ জুইৰ সন্মুখত কটায় তেওঁলোকেও সূৰ্য্যৰ পৰা ৰক্ষা পোৱা ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে।

*কেৱল মুখত নহয়, সমগ্ৰ শৰীৰত দৈনিক অলিভ অইল বা পুষ্টিকৰ বডি লোচন মালিচ কৰক। গা ধোৱাৰ পিছত ছালখন তিতি থকা অৱস্থাত ছালখন মালিচ কৰিলে আৰ্দ্ৰতা ছালৰ গভীৰতালৈ যোৱাত সহায়ক হ’ব।

* সপ্তাহত এবাৰ বডি স্ক্ৰাব কৰক। কোমল লুফা বা সৰু টাৱেল ব্যৱহাৰ কৰিব পাৰি।

*গা ধোৱাৰ আগতে চুলিবোৰ ৰাতিৰ যত্ন

ৰাতি শুই উঠাৰ আগতে পুনৰ মুখখন চাফা কৰি লওক।

আৰু টোনাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই।

অলপ ডাঠ মইশ্ব’ৰাইজাৰ লগাই তিতা ছালত মালিচ কৰিব। কপাহখিনি ১০ মিনিট তিয়াই মচি পেলাওক।

এতিয়া ছিৰামটো ছালত লগাওক।

তাৰ পিছত লিপ বাম।

কঁকাল, আঁঠু, গোৰোহা, ভৰিত ক্ৰীম বা লোচন নিশ্চয়কৈ লগাব লাগে।

চুলিখিনি লাহে লাহে বান্ধি শুই যাওক।

নিজৰ যত্ন লোৱা

দুসপ্তাহৰ মূৰে মূৰে ফুল বডি ৱেক্সিং কৰক। যদি শ্বেভিং সম্ভৱ নহয় তেন্তে চুলি আঁতৰোৱা ক্ৰীম ব্যৱহাৰ কৰক।

মাহত এবাৰ শৰীৰৰ মালিচ কৰক।

পেডিকিউৰ আৰু মেনিকিউৰ মাহত এবাৰ কৰিব লাগিব।

কেইমাহমানৰ মূৰে মূৰে চুলি ট্ৰিম কৰক।

চুলিৰ ৰং, হাইলাইট বা ষ্ট্ৰিক লাভ কৰি একঘেয়ামী চুলিৰ ৰঙৰ পৰা মুক্তি পাব পাৰে।আচুৰি লওক । সপ্তাহত দুবাৰকৈ তেল, সপ্তাহত তিনিবাৰকৈ শ্বেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলক।

ৰাতিৰ যত্ন
*ৰাতি শুবলৈ যোৱাৰ আগতে পুনৰ মুখখন চাফা কৰি লওক।
*পুনৰ টোনাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই।

*অলপ ডাঠ মইশ্ব’ৰাইজাৰ লগাই তিতা ছালত মালিচ কৰিব। কপাহখিনি ১০ মিনিট তিয়াই মচি পেলাওক।

* এতিয়া ছিৰামটো ছালত লগাওক। তাৰ পিছত লিপ বাম।

*কঁকাল, আঁঠু, গোৰোহা, ভৰিত ক্ৰীম বা লোচন নিশ্চয়কৈ লগাব লাগে।

* চুলিখিনি লাহে লাহে বান্ধি শুই যাওক।

নিজৰ যত্ন লোৱা
*দুসপ্তাহৰ মূৰে মূৰে ফুল বডি ৱেক্সিং কৰক। যদি শ্বেভিং সম্ভৱ নহয় তেন্তে চুলি আঁতৰোৱা ক্ৰীম ব্যৱহাৰ কৰক।

*মাহত এবাৰ বডি মাছাজ কৰক।

*পেডিকিউৰ আৰু মেনিকিউৰ মাহত এবাৰ নিশ্চয় কৰক ।

*কেইমাহমানৰ মূৰে মূৰে চুলি ট্ৰিম কৰক।

* হাইলাইট বা ষ্ট্ৰিক কৰি, ৰং লগাই একঘেয়ামী চুলিৰ ৰঙৰ পৰা মুক্তি পাব পাৰে।

পৰিপক্ক সাজ-পোছাক

মেক-আপৰ অৰ্থ এইটো নহয় যে ই আপোনাক কিবা এটা সাংঘাটিক কৰি তুলিব লাগিব। ‘আপুনি ব্যৱহাৰ কৰিব পাৰে কেইটামান টিপছ…

*ফাউণ্ডেচন, কনচিলাৰ, কম্পেক্ট, আই-ব্ৰ’ পেঞ্চিল, কাজল, ব্ৰাউন শ্বেড’ পেলেট, ব্লাছ, হাইলাইটাৰ, কাজল আৰু লিপষ্টিক আদি নিশ্চিতভাবে সংগ্ৰহ কৰি ৰাখক ।

*কিছু পৰিমাণৰ ফাউণ্ডেশ্যন লৈ আঙুলিৰ সহায়ত মুখ, ডিঙি আৰু গলধনত লগাওক ।

* ছালত থকা গ্লোটো ওলাই আহিবলৈ হাইলাইটাৰ ব্যৱহাৰ কৰক। ফাউণ্ডেচনৰ লগত কেইটোপালমান লিকুইড হাইলাইটাৰ মিহলাই গোটেই মুখমণ্ডলত লগাওক ।

* যদি আপোনাৰ চকু ফুলি উঠে, ক’লা বৃত্ত বা কোনো পিগমেন্টেশ্যনৰ সমস্যা আছে, তেন্তে সেই নিৰ্দিষ্ট অংশত অলপ কনচিলাৰ লগাওক ।

*চকুৰ বাবে ভাৰতীয়সকলৰ দৃষ্টিত কাজলেই যথেষ্ট। কিন্তু যদি চকু দুটা সৰু হয়, তেন্তে কাজলৰ সলনি
ব্রাউন শ্যাডো লৈ আঙুলিৰে সানক। চকুৰ কোণ দুটাত খুব ভালকৈ সনক ।

*ভ্ৰূযুগল অংকণ কৰাটো অতি প্ৰয়োজনীয়। পেঞ্চিল ব্যৱহাৰ কৰিলে আঁকিবলৈ সহজ হয়। অতি গাঢ় ৰং ব্যৱহাৰ নকৰিব। ভ্ৰূযুগলৰ ছিদ্ৰবোৰ ছাইৰঙী, গ্রে বা চাৰ্কোল শ্বেডৰ পেঞ্চিলেৰে অংকণ কৰিলে প্ৰাকৃতিক ৰূপ পায় ।

*কাজল লগোৱাৰ পিছত আঙুলিৰে লাহে লাহে ঘঁহি লওক। ইয়াৰ ফলত স্মোকি এফেক্ট আহিব । কেৱল তলৰ পতাতে নহয়, ওৱাটাৰলাইনৰ বাহিৰতো অলপ ডাঠকৈ কাজল লগাওক। দেখিবলৈ ভাল লাগিব।

*আপোনাৰ পছন্দৰ লিপষ্টিক নিৰ্বাচন কৰক।

যদি আপুনি চুলিখিনি খোলা ৰাখিব বিচাৰে তেন্তে ভালদৰে ফণীয়াই লৈ ব্ল’ ড্ৰাই কৰক। কিন্তু নিশ্চিতভাৱে ছিৰাম ব্যৱহাৰ কৰক, চুলি সজোৱা পৰোৱা কৰাত সুবিধাজনক হ’ব।

যদি আপুনি আপোনাৰ চুলি বান্ধিব বিচাৰে – তেন্তে পোছাক, নিজৰ পছন্দ আৰু চুলিৰ দৈৰ্ঘ্য অনুসৰি লো-বান, পনিটেইল, ফ্ৰেঞ্চ ব্ৰেইড কৰিব পাৰে।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *