✍️প্ৰিয়ম ৰাগিনী
“শামুকৰ খোলাৰ ভিতৰত কি থাকে জান ?”
“জানো দে। তই মানে ক’ব খুজিছ যে বাহ্যিকত তই শামুকৰ খোলাটোৰ লেখীয়া আৰু ভিতৰৰখিনি লুপথুপীয়া?”
“অতো”
এই বুলি কৈ বনানীয়ে
চকুৰে মনিব পৰালৈকে ঠিয় হৈ থকা সমুখৰ বিল্ডিঙটোলৈ চাই পঠিয়ালে। লোপামুদ্ৰাই জানে বনানী এনে এক সত্বা যি জীৱনক হলাহল পাণ কৰাৰ দৰেই পাণ কৰি এতিয়া নীলকন্ঠী হৈ সফলতাৰ দুৱাৰৰ বাট কাটি স্থিতপ্ৰজ্ঞ এক সত্বালৈ পৰ্যবসিত হৈ পৰিছে। বনানীৰ পৰা বহুত শিকিবলগীয়া আছে।লোপামুদ্ৰথাই সেয়ে সময় পালেই এতিয়া বনানীৰ ওচৰলৈ দৌৰি আহে।’ৱইমেন এমপাৱাৰমেন্ট’ৰ বনানী এক প্ৰতিভূ। বনানী এগৰাকী এন্টাৰপ্ৰিনিউৰ। বহু বিল্ডাৰে তাইৰ লগত ডীল কৰে। তাইৰ চহৰৰ ফ্লেট বিলাকৰ দায়িত্বত থকা লোকৰ কামবোৰৰ বচ।গতিকে সদাকৰ্মব্যস্ত তাইৰ জীৱন।
লোপামুদ্ৰা তাইৰ কলেজীয়া বান্ধৱী। বনানীৰ জীৱনৰ সকলো কথাৰে সহচৰী। সকলো সুখদুখৰ কথা চেয়াৰ কৰাৰ লগৰী লোপামুদ্ৰা।
বনানীৰ জীৱনত বৰ ডাঙৰ দূৰ্ঘটনা ঘটি গৈছে। মাক দেউতাকৰ একমাত্ৰ কন্যাসন্তান আছিল আৰু দুজন ককায়েকৰ বৰ আলাসৰ আছিল বনানী।বিয়াও হৈছিল উচ্ছপদস্থ পুলিচ বিষয়া হিমাংশু মহন্তৰ সৈতে। লোপামুদ্ৰা আছিল বনানীৰ কইনাধৰা। বিয়াৰ দুবছৰ সুন্দৰকৈ কাটি যোৱা বনানীৰ সংসাৰত হঠাতে
আউল লাগিল। এবছৰীয়া নিশিগন্ধাৰ জন্মদিনৰ দিনাই কেক আনিবলৈ গৈ আততায়ীৰ হাতত নিহত হৈছিল বাপেক জীয়েক।বনানী শিল হৈছিল। তাৰ পিছৰ পৰাই বনানী তেনেই অকলশৰীয়া হৈ পৰিল।লোপামুদ্ৰা বনানীৰ এই সকলোবোৰ সুখদুখৰে
লগৰীয়া হৈ পৰিল। লোপাৰো সংসাৰ হ’ল। তথাপিও কিন্তু বনানীক সংগ দিবলৈ দৌৰি আহে যিহেতু একেখন চহৰতে থাকে দুয়ো। বনানীৰ এই দুখৰ দিনৰ সহচৰ কিন্তু ককায়েক বৌৱেকহঁত নহ’ল।মাক পিতাকৰ ইতিমধ্যে মৃত্যু হৈছিল। বুকু শিল হৈ পৰা বনানীক কিন্তু ককায়েক বৌৱেকহঁতে ওভতিও চোৱা নাছিল। আজিৰ যুগত মানুহবোৰ ভীষণ স্বাৰ্থপৰ হৈ উঠিছে। এয়াই সত্য। কিন্তু লোপামুদ্ৰাই নিজৰ সংসাৰখন সুকলমে ৰাখিও বনানীক সময় দিবৰ যত্ন কৰে।বনানীয়ে ভাৱে পূৰ্বজন্মৰ ভাল কৰ্মৰ ফলশ্ৰুতিতহে যেন তাই লোপাক বান্ধৱী হিচাপে পাইছে।
“তই যেতিয়াই বিচাৰ তেতিয়াই আহি তোৰ কাষত থিয় দিম মই”
বনানী বাকৰুদ্ধ হৈ পৰে। সুখী হ’বৰ যত্ন কৰে।যন্ত্ৰনাই ফুটা কৰি থৈ যোৱা বুকুখন লোপামুদ্ৰা নামৰ সূতাদালেৰে চিলাই ফুটাবোৰ বন্ধ কৰাৰ যি প্ৰয়াস সি বহুখিনি সমাধান হয়।
শামুকৰ ভিতৰৰ মঙহখিনি কিন্তু একেই থাকে।বাহিৰখনতো কঠিন বৰ্মৰে আৱৰা। হ’বই লাগিব আজিৰ দিনত। নহ’লে সকলোৱে সুবিধা ল’ব।
অনবৰতে মুখখন কঠিন কৰি থাকিব খোজা বনানীৰ মনৰ কোমলতাখিনিক লোপাৰ বাদে কোনেও নুবুজে। লোপা তাইৰ মাক পিতাক ককায়েক বৌৱেক গিৰিয়েক আনকি নিশিগন্ধাও।
জীৱন জটিলতাৰ সমষ্টি। প্ৰাপ্তিৰ প্ৰাচুৰ্যতাতকৈ অপ্ৰাপ্তিৰ শূন্যতা বেছি। অভাৱ একো নাই। কিন্তু কাৰ বাবে আৰ্জিছে বনানীয়ে তাৰ উত্তৰ নাই তাইৰ হাতত। কিন্তু অনাথ আশ্ৰম বৃদ্ধাশ্ৰমৰ পৰা অন্যান্য অনুষ্ঠানলৈ শকত অংকৰ বৰঙণি যায় তাইৰপৰা। সেয়া তাইৰ মনৰ চৰম সুখ। যা চাল্লা জীৱন!