*সময়ৰ পাকচক্ৰ

*সময়ৰ পাকচক্ৰ

 

         ✍️ কল্পনা বৰা

 

এৰা! কথাবোৰ বহুত পুৰণি হৈ গ’ল মেঘালীৰ বাবে। অতীত কেতিয়াও বৰ্তমান হ’ব নোৱাৰে -এয়া ধ্ৰুৱসত্য; কিন্তু পুৰণি স্মৃতিবোৰক এলাগী কৰি বৰ্তমানৰ কৃত্ৰিম ৰংবোৰেৰে নিজক ঢাকিবলৈ চেষ্টা কৰি সময়ৰ লগত খাপ খাই চলাটো জানো সম্ভৱ কথা হ’ব পাৰে! স্মৃতিবোৰ মনৰ একোণত সদায় সজীৱ হৈ থাকে। অতীতক অনাদৰ কৰি বৰ্তমানক আদৰি লোৱাটোও সহজ নহয় কাৰোৱে বাবে – এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে আজি মেঘালীয়ে।আজি অত বছৰে তেওঁ সোঁৱৰণীৰ পাতখিলা মেলিব বিচৰা নাছিল, বিচৰা নাছিল পুৰণি স্মৃতিবোৰ পুনৰ স্মৰণ কৰি বুকুত বিষ এটা গুঁজি ল’বলৈ। এই সকলোবোৰক তেওঁ সময়ৰ পাকচক্ৰ বুলিয়েই মানি লৈছে। সহজ নহয় কাৰোৱে বাবে অতীতৰ স্মৃতিবোৰৰ পৰা পলাই ফুৰাটো।

“আইতা, তোমাৰ বেৰত ওলোমাই থোৱা ঘড়ীটো দেখোন বহুত পুৰণি হ’ল। দেউতাকনো নোকোৱা কিয় নতুন ঘড়ী এটা কিনি দিবলৈ ?”

আশীটা বছৰ গৰকা মেঘালীৰ ওঁঠত আজি বহু বছৰৰ মূৰত পুৰণি হাঁহিটো বিৰিঙিছে।একেবাৰে নিমজ হাঁহি এয়া। সোঁতোৰা পৰা গালদুখনত বিয়পি পৰা হাঁহিটো আজি যেন বেছিকৈ জিলিকিছে, ঠিক ৰাতিৰ আন্ধাৰ আকাশত জোনটোৱে মৰা মিচিকিয়া হা‌ঁহিৰ দৰেই। আজি বিশ বছৰে বুকুৰ বিষটো সকলোৰে পৰা লুকুৱাই ৰাখিবলৈকে এটি কৃত্ৰিম হাঁহি দুওঁঠত কঢ়িয়াই ফুৰিব লগা হৈছিল। লাহে লাহে যেন এই হাঁহিটোৱেই মেঘালীৰ অভ্যাসত পৰিণত হৈছিল। তেওঁ হেৰুৱাই পেলাইছিল জীৱনৰ সেউজীয়া হাঁহিবোৰ, আনকি মুখত অনবৰতে লাগি থকা আলসুৱা হাঁহিটোও।

চেগুন কাঠেৰে তৈয়াৰী আলমাৰীটোত সেই তাহানিতে নাতিনীয়েকৰ বাবে থোৱা সাঁচতীয়া উপহাৰটো বিচৰাত ব্যস্ত হৈ আছিল মেঘালী । সময়ে সকলোবোৰ থান বান কৰি দিয়াত উপহাৰটো তাতেই পৰি ৰৈছিল। নাতিনীয়েকৰ প্ৰশ্নত থতমত খাই ঘূৰি চালে মেঘালীয়ে।মুখৰ হাঁহিটো যেন নিমিষতে ম্লান পৰি গ’ল। আজি বিশ বছৰে কাৰোৰে আগত নিজৰ দুখবোৰ বুকু উজাৰি কোৱা নহ’ল। সেয়ে হয়তো বুকুৰ বিষটোৰ ওজন ইমান বেছি গধুৰ হৈ পৰিছে মেঘালীৰ বাবে। মনৰ একোণত আঁতি আঁতি বান্ধি থোৱা সোঁৱৰণীৰ পাতখিলা তেওঁ কেতিয়াও লুটিয়াব বিচৰা নাছিল। নাতিনীয়েকৰ প্ৰশ্নত আজি প্ৰথমবাৰৰ বাবে মেঘালীৰ মনটো অতীতলৈ উৰা মাৰিছে। আজি অত বছৰৰ মূৰত স্মৃতিৰ পেৰাটো খুলি চাবলৈ বাধ্য হ’ল মেঘালী। ক’ত গ’ল সেই সময় য’ত আছিল তেওঁৰো এখন সুখৰ ঘৰ, এটা সুখী পৰিয়াল!তেওঁনো নাতিনীয়েকক কেনেকৈ কয় এই ঘড়ীটোৱেই যে সকলো সুখ-দুখৰ একমাত্ৰ সাক্ষী বুলি। ঘড়ীটো আৰু মেঘালী দুয়ো দুয়োৰে সংগী। কিন্তু ঘড়ীটোৰ লগত মেঘালীৰ জীৱনৰ কোনো সাদৃশ্য নাই। ঘড়ীৰ কাঁটাডাল নদীৰ বোৱতী সুঁতিৰ দৰেই সেই তাহানিৰ পৰা বৰ্তমানলৈ নিৰৱিচ্ছিন্ন ভাৱে গতি কৰি আছে। কিন্তু মেঘালীৰ জীৱনটোহে ক’ৰবাত উজুটি খাই স্থবিৰ হৈ ৰ’ল । ঘড়ীৰ কাঁটাৰ ঘূৰ্ণনৰ লগত সমান্তৰালভাৱে মেঘালীৰ জীৱনটোও গতি কৰি থাকিল। সেই যে পুৰণি ঘৰটোৰ পৰা বিদায় লৈ গাঁৱৰ একোণত নতুন মাটি এডোখৰ কিনি টিনপাত আৰু বাঁহৰ বেৰেৰেই এটি সপোনৰ ঘৰ সাজি লৈছিল স্বামী প্ৰণৱ চলিহাৰ সৈতে । সপোনবোৰ তেওঁলোকৰ তেনেই সাধাৰণ আছিল। বাৰীৰ ঢাপত শাৰী-শাৰীকৈ গছপুলিবোৰ ৰুই চৌপাশ সেউজীয়াৰে সজাই তুলিছিল, ঘৰৰ সন্মুখত এখনি সৰু ফুলনি বেৰ দি লৈছিল। তেওঁলোকৰ সপোন আৰু হেঁপাহবোৰে ঠন ধৰি উঠাৰ দৰেই ফুলবোৰো ফুলি উঠিছিল — ৰঙা, নীলা, হালধীয়া নানাৰঙী ফুল। জাক জাক পাৰ, কপৌ, শালিকাক পুৱাতে উঠি মেঘালীয়ে চাউল চটিয়াই দিয়ে। লাহে লাহে যেন বনৰীয়া পক্ষীজাকেও মেঘালীক আপোন কৰি লৈছিল, মেঘালীৰ বাবে অভ্যাসত পৰিণত হৈছিল পক্ষীজাকক সোণগুটি চটিয়াই দিয়াটো ।

প্ৰণৱ চলিহা আৰু মেঘালীৰ সপোন আৰু হেঁপাহবোৰ ইমানতেই সীমাবদ্ধ। অতি উচ্চ, বিলাসী জীৱন মেঘালীয়ে বিচৰা নাছিল, বিচৰা নাছিল প্ৰণৱেও।এক অভিন্ন মনৰ মিলনত তেওঁলোকৰ সপোনবোৰ জী উঠিছিল, জী উঠিছিল দুগুনে তেওঁলোকৰ ভালপোৱাবোৰো ।

কিন্তু সময় জানো সকলোৰে বাবে সদায় একে হৈ থাকে! ঠিক তেনেদৰে মেঘালীৰ জীৱনেও গতি সলাইছিল সময়ৰ লগে লগে। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস ! এদিন প্ৰণৱে কোনোদিন উভতি নহাৰ বাটেৰে মেঘালীক অকলশৰে এৰি গুছি গ’ল কোনোবা অজান দেশলৈ। মেঘালীৰ সপোনৰ ঘৰখনো যেন তাতেই থমকি ৰ’ল । সন্তান দুটিক মানুহ হিচাপে গঢ়ি তোলাটোৱেই মেঘালীৰ জীৱনৰ একমাত্ৰ পণ হৈ পৰিল । কিন্তু বিধাতাৰ কপালৰ লিখন কোনোবাই জানো মচিব পাৰে? মেঘালীৰ ক্ষেত্ৰতো তেনেকুৱাই হ’ল। ঈশ্বৰেও যেন মেঘালীৰ লগ এৰি দিছিল। প্ৰণৱ আৰু মেঘালীৰ কনিষ্ঠ পুত্ৰ অৰ্ণৱেও এদিন জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে। ভাগ্যৰ কি বিপৰ্যয় ! লাহে লাহে একেবাৰে অকলশৰীয়া হৈ পৰিছিল মেঘালী।

ডাঙৰ পুতেক আৰু বোৱাৰীয়েকৰ সৈতে মেঘালীৰ জীৱনটো ঠিকেই চলি থাকিল। কিন্তু সকলোবোৰ যেন আগৰ দৰে হৈ থকা নাই।কাক দোষীব মেঘালীয়ে? ভাগ্যক নে সময়ক ? এফালে আপোন মানুহক চিৰকাললৈ হেৰুৱাৰ বেদনা আনফালে পুত্ৰ বোৱাৰীৰ অৱহেলা। মেঘালীয়ে উপলব্ধি কৰিলে যে তেওঁ পুতেকক মানুহ কৰিব নোৱাৰিলে । ক্ৰমশঃ যেন জীৱনৰ সৈতে যুঁজি যুঁজি হাৰি গৈছিল মেঘালী, ভাগি পৰিছিল অকলশৰে। মেঘালীৰ হেঁপাহৰ ঘৰখন আৰু ঘৰ হৈ নাথাকিল ।পুতেক-বোৱাৰীয়েক চাকৰিসূত্ৰে নগৰত থাকিবলগীয়া হোৱাত মেঘালীক গতাই থৈ আহিল এখন বৃদ্ধাশ্ৰমত। সেইদিনা যেন আকাশৰ ডাৱৰবোৰেও মেঘালীৰ দুখত দুখী হৈ চকুলো টুকিছিল, বৰষুণ হৈ সৰি পৰিছিল মেঘালীৰ দুগালত। মেঘালীৰ চকুপানীবোৰ একাত্ম কৰি ল’বলৈহে যেন বৰষুণজাক আহিছিল। বুকুৰ বিষটো লুকুৱাব নোৱাৰি দুগালেৰে নিগৰা চকুৰ টোপালবোৰ সামৰি লৈছিল বৰষুণজাকে ।মেঘালীয়ে অনুভৱ কৰিছিল বৰষুণজাক হৈয়ে যেন প্ৰণৱে তেওঁৰ লগে লগে গৈ আছে।আকৌ এবাৰ মেঘালীয়ে স্মৃতি সুঁৱৰিলে– এনে এজাক বৰষুণক সাক্ষী কৰিয়েই প্ৰণৱ আৰু মেঘালীয়ে জীৱনৰ প্ৰতিটো সুখ-দুখৰ লগৰী হিচাপে দুয়ো দুয়োকে আকোঁৱালি লৈছিল।

দুখবোৰ লুকুৱাই ওঁঠত এটি বিষাদৰ হাঁহি মাৰি বৃদ্ধাশ্ৰমৰ পৰা বিদায় দিলে মেঘালীয়ে পুত্ৰ বোৱাৰীক । তেতিয়াৰ পৰা যেন এই বিষাদৰ হাঁহিটোৱেই মেঘালীৰ সংগী হৈ ৰ’ল আৰু মেঘালীৰ সময়বোৰৰ সাক্ষী হৈ ৰ’ল লগত লৈ অনা পুৰণি দিনৰ ঘড়ীটো। বৃদ্ধাশ্ৰমত সমবয়সীয়া মহিলাসকলৰ সৈতে মেঘালীৰ জীৱন প্ৰৱাহ তেনেদৰেই গতি কৰি থাকিল। বুকুৰ দুখবোৰ লুকুৱাই ৰাখিবলৈ অনবৰতে কঢ়িয়াই ফুৰিব লগা হ’ল এটি কৃত্ৰিম হাঁহি। কেতিয়াবা দুখবোৰে বুকুত খুন্দিয়াই বৰকৈ জুৰুলা কৰে মেঘালীক। সেয়ে হয়তো মেঘালীয়ে পলাই ফুৰিব বিচাৰে অতীতৰ পৰা।

আজি হঠাৎ বৃদ্ধাশ্ৰমৰ তত্বাৱধায়িকাগৰাকীয়ে মেঘালীক খবৰ দিলেহি যে তেওঁক বিচাৰি কোনোবা আহিছে। খবৰটো পায়েই মেঘালীৰ আশ্চৰ্যৰ সীমা নোহোৱা হ’ল। লাখুটিত ভৰ দি খৰখেদাকৈ ওলাই আহিল আশীটা বসন্তই গৰকা মেঘালী । পুতেক, বোৱাৰীয়েক আৰু কোনোদিনে নেদেখা অকণমানি নাতিনীয়েকজনীক দেখি মেঘালীৰ দুগালেৰে অশ্ৰু নিগৰি আহিল। দুখৰ অশ্ৰু নহয় এয়া, হেৰুওৱা সুখৰ অশ্ৰু। কঁপা কঁপা আঙুলিৰে আঁচলখন টানি মুখত পুৰণিকলীয়া হাঁহিটি বিৰিঙাই চকুৰ টোপালবোৰ মোহাৰি ল’লে মেঘালীয়ে। এতিয়াৰ পৰা যে মেঘালীৰ ঘৰখন নতুনকৈ ঠন ধৰি উঠিব, হেৰাই যোৱা হাঁহিবোৰ পুনৰ উভতি আহিব।

“আইতা, তোমাক কিবা এটা সুধিছিলো মই। নক’লা যে তুমি?…”

চাৰিবছৰীয়া নাতিনীয়েকৰ মাততহে সম্বিত ঘূৰাই পালে মেঘালীয়ে। অতপৰে যে স্মৃতিৰ পাতখিলাৰ মাজতেই আবদ্ধ হৈ আছিল মেঘালী ।মৰম লগা নাতিনীয়েকজনীৰ মুখলৈ চাই সামান্য এটি হাঁহি মাৰি স্বস্তিৰ নিশ্বাস এৰিলে মেঘালীয়ে।

“তুমি সময়ৰ পাকচক্ৰ নুবুজিবা মাজনী । ঘড়ীটো মোৰ সংগী হৈ আছে বাবেই তোমালোক কাষত নাথাকিলেও মই তোমালোকৰ উপস্থিতি অনুভৱ কৰোঁ মাজনী।”

সোঁতোৰা পৰা আঙুলিকেইটাৰে কণমানিজনীৰ মূৰত মৰমেৰে হাত বুলাই মেঘালীয়ে ক’লে । ঠিকেই, মেঘালীৰ প্ৰতিটো ক্ষণৰ সাক্ষী হৈ ৰ’ল ঘড়ীটো। ঘড়ীটোক আঁতৰাই ৰাখি মেঘালীয়ে জীৱনত আগুৱাই যোৱাৰ কথা ভাবিব নোৱাৰে। নতুন সপোনে যেতিয়া মেঘালীৰ বুকুত পোখা মেলিছিল, তেতিয়াৰ পৰা এতিয়ালৈকে সকলো সময়ৰ সাক্ষী হৈ আছে ঘড়ীটো। নাতিনীয়েকজনীয়ে কি বুজিলে মেঘালীয়ে নাজানে। তাই মাকক বিচাৰি ক্ষন্তেক পাছতে তাৰ পৰা আঁতৰি গ’ল। ভৰিৰ থুপুক-থাপাক খোজকেইটালৈ চাই মেঘালীয়ে বহুদিনৰ মূৰত এটি সন্তোষৰ হাঁহি মাৰিলে ।….

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *