হিয়া দাস
দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম ।
অসমীয়া সমাজ জীৱনৰ ব’হাগ বিহু আৰু কেতেকী ফুলৰ আছে এৰাব নোৱাৰা সম্পৰ্ক । প্ৰকৃতি সৃষ্ট কেতেকী ফুলৰ অপৰূপ সৌন্দৰ্য আৰু সুগন্ধি সৰ্বজনবিদিত ।
কেতেকী ফুল বা পাণ্ডানাছ অড’ৰিফাৰ (বৈজ্ঞানিক নাম: Pandanus odoratissimus ) হৈছে পেণ্ডানেছিয়া পৰিয়ালৰ এবিধ উদ্ভিদ। ই পলিনেছিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ এছিয়া, (আন্দামান দ্বীপপুঞ্জ)
আৰু ফিলিপাইনছৰ থলুৱা উদ্ভিদ ।ভাৰত আৰু বাৰ্মাতো ইয়াক বনৰীয়া হিচাপে পোৱা যায়।ইয়াক সুগন্ধি স্ক্ৰু-পাইন বুলিও জনা যায়।
ই এবিধ সৰু ডালযুক্ত, কলগছৰ দৰে সপুষ্পক উদ্ভিদ। ইয়াৰ উচ্চতা ৪ মিটাৰ উচ্চতা পৰ্যন্ত হ’ব পাৰে। ইয়াৰ পাতবোৰ তৰোৱালৰ আকৃতিৰ আৰু কাঁইটীয়া। পাতবোৰ ৪০–৭০ চে.মি. দীঘল । গছজোপাত সুগন্ধি ফুল ফুলে । য়েমেনত কেতেকী ফুলৰ গছ প্ৰধানকৈ পশ্চিমৰ পাদদেশৰ নৈৰ কাষৰীয়া ঠাইত পোৱা যায় । অধিক বৰষুণ হোৱা অঞ্চলত ইয়াক বেছিকৈ দেখা যায় । কিছুমানে কয় যে ইয়াক ভাৰতৰ পৰা য়েমেনলৈ নিয়া হৈছিল । ইয়াৰ ফুলবোৰ মূলতঃ সুগন্ধি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
ঔষধি ব্যৱহাৰ : পৰম্পৰাগত চিকিৎসা বিজ্ঞানত স্ক্ৰু পাইনৰ বিভিন্ন অংশ একাধিক ৰোগৰ চিকিৎসা কৰা হৈছে। শিপা, পাত আৰু ফুলত এন্টিমাইক্ৰ’বিয়াল, এন্টিঅক্সিডেন্ট আদি ঔষধি যৌগ থাকে। স্ক্ৰু পাইনৰ পৰা বিজ্ঞানসন্মতভাৱে তৈয়াৰ কৰা ঔষধ
ছালৰ খৰ-খজুৱতি , গেষ্ট্ৰাইটিছৰ সমস্যা, ব্ৰণ, চ’ৰিয়াচিছ, মূৰ কামোৰণি, কঁকালৰ বিষ, কাঁহ, জ্বৰ ৰক্তপ্ৰদৰ, একজিমাৰ আৰু বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহৃত হৈছে ।
অতীজৰে পৰা বৰ্তমানলৈকে মানুহে কেতেকী ফুলৰ সুগন্ধি ব্যৱহাৰ কৰি আছে । ইয়াৰ নিৰ্যাস বিভিন্ন মিঠাই, প্ৰসাধন সামগ্ৰী, আৰু পানীয়ত ব্যৱহাৰ কৰা হয়।
ইয়াৰ ৰসত প্ৰচুৰ পৰিমাণে ৰাসায়নিক পদাৰ্থ, যেনে- ফেনল, টেনিন, গ্লাইকোচাইড, আইছ’ফ্লেভন, কেৰটিন থাকে। এইবোৰে মুখখনক কোমল, মসৃণ আৰু উজ্জ্বলতা দিয়ে । ইয়াৰ ৰস টোনাৰ হিচাপে ব্যৱহাৰ কৰা হয় । ই ভিতৰৰ পৰা নিস্তেজ আৰু ৰ’দত ক্ষতিগ্ৰস্ত হোৱা ছালখনক সজীৱতা প্ৰদান কৰে । ইয়াৰ আৱশ্যকীয় তেলে
শুকান ছালখন হাইড্ৰেট কৰে । প্ৰদূষণত হেৰুওৱা আৰ্দ্ৰতা কেতেকীৰ ৰসে পৰিপূৰ্ণ কৰে । লগতে শীতলতাও প্ৰদান কৰে ।
কেতেকীৰ নিৰ্যাস বজাৰত ‘কেৱৰা ৱাটাৰ’ ( Kewra Water) হিচাপে উপলব্ধ । এই নিৰ্যাস বিভিন্ন মিঠাই, পানীয়, বিৰিয়ানি আদিত ব্যৱহাৰ কৰা হয় । আনহাতে প্ৰসাধন সামগ্ৰী– ফেচ-পেক, ক্ৰীম, স্ক্ৰাৱ, ফেচিয়েল মিষ্ট আদিত ব্যৱহাৰ কৰা হয় । আতৰ প্ৰস্তুত কৰা হয় ।
বসন্ত ঋতুত ফুলা বহু ঔষধি গুণেৰে সমৃদ্ধ । সুগন্ধি কেতেকী ফুল মানুহৰ বাৰীতকৈ হাবি-বননিত বেছিকৈ পোৱা যায় । কিন্তু বৰ্তমান বনাঞ্চলৰ অবাধ ধংসকাৰ্যৰ ফলস্বৰুপে এইবিধ গছ দুষ্প্ৰাপ্য হৈছে ।
সাধাৰণতে দীঘলীয়া,ঘন আৰু কাঁইটীয়া পাতেৰে কেতেকী ফুলৰ দুবিধ প্ৰজাতি থাকে । এবিধ বগা আৰু আনবিধ হালধীয়া । কেতেকী ফুল ফেব্ৰুৱাৰী মাহৰ পৰা ফুলিবলৈ আৰম্ভ কৰে । কেতেকী গছৰ পাতেৰে শীতল পাটী,ছাতি আৰু টুপী প্ৰস্তুত কৰা হয় । এই গছৰ কুমলীয়া পাত আৰু ভিতৰৰ শাহ অংশক ভাৰতবৰ্ষৰ কোনো কোনো ঠাইত শাক হিচাপেও খোৱা হয় ।
এছিয়া, অষ্ট্ৰেলিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ গ্রীষ্মপ্ৰধান অঞ্চলত পাণ্ডানাছৰ ৭৫০ টাতকৈও অধিক প্ৰজাতি আছে। ইয়াৰ এটা প্ৰজাতি সুগন্ধি কেৱৰা ৱাটাৰ প্ৰস্তুত কৰা হয় ।
কেতেকী ফুলৰ বৈজ্ঞানিক নাম Pandanus odoratissimus
ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ইয়াক বিভিন্ন নামেৰে জনা যায়। বাংলা ভাষাত কেওৰা, কেয়া আৰু কেটাকি বুলি জনা যায়, ইংৰাজীত স্ক্ৰু পাইন বা স্ক্ৰু গছ বুলি জনা যায়, ফৰাচী ভাষাত পাণ্ডানাছ, হিন্দীত কেৱৰা বুলি জনাজাত, মাৰাঠী কেটাকি, কেভড়া আৰু কেগাড়, উৰিয়া ভাষাত কিয়া, আৰু উৰ্দুত কিউৰা, কেভৰা, জাম্বালা, জাম্বুল, পঞ্চুকা আৰু কেটাকি বুলি কোৱা হয় ।
লেখিকাৰ ঠিকনা-
শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ
গাঁও/ডাক শুৱালকুছি
কামৰূপ অসম 781103
মোবাইল 9706776143
===================================
তথ্য সংগ্ৰহ: বিভিন্ন উৎস আৰু ইন্টাৰনেট