✍️ সংকল্পজিৎ শইকীয়া
সেউজপুৰ গাঁৱলৈ সৰু টাউনৰ পৰা সোমাই বাটটোৰে ডাঃ বৰ্ণিল বৰুৱাৰ গাড়ীখন আগবাঢ়িছে। ৰাস্তাটো পকী যদিও বৰ্তমান ঠায়ে ঠায়ে গাঁতসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। স্পীডব্ৰেকাৰৰ পৰিমাণ ৰাস্তাটোত খুবেই ঘন। এবাৰ তেনেকুৱা স্পীডব্ৰেকাৰ এটাত গাড়ীখন জোৰেৰে উঠাই দিয়াত বাৰুকৈয়ে জোকাৰণি খালে ডাঃ বৰ্ণিল বৰুৱাই। তেওঁ চালক পদুমক এটা মৃদু ধমকি দি গাড়ী লাহে লাহে চলাবলৈ নিৰ্দেশ দিলে। বৰ্ণিল বৰুৱাই গাড়ীৰ খিৰীকিৰে বাহিৰলৈ চাই পঠালে। ইমান এখন সুন্দৰ গাঁও! আজন্ম নগৰবাসী বৰ্ণিল বৰুৱাই সেউজপুৰ গাঁৱৰ অপৰূপ সেউজীয়াৰ ৰূপ ধ্যান কৰি তাৰ মাদকতা লভি আপ্লুত হৈ পৰিল। ত্ৰিশ বা চল্লিশৰ বেগত গৈ থকা গাড়ীখনৰ খিৰীকিয়েদি তেওঁ দেখিলে অনন্য শ্যামল পথাৰ, যোজন বিয়পা হালধীয়া সৰিয়হৰ সাগৰ, পৰিধিবিহীন কঁহুৱাৰ শুভ্ৰ দলিছা, পথৰ দুকাষৰ মনোৰম ওখ ওখ বৃক্ষৰাজি।গাঁৱৰ অপৰূপ নৈসৰ্গিক শোভা দৰ্শন কৰি পুনৰাই আকৃষ্ট হ’ল বৰ্ণিল বৰুৱা; যেতিয়া তেওঁ দেখিলে সেউজপুৰৰ কাষেদি বৈ যোৱা শ্ৰান্ত তটিনী কপিলী। প্ৰতি পল-অনুপল বিৰামহীনভাৱে বৈ থকা নৈখনৰ নৈসৰ্গিক নান্দনিক শোভাই প্ৰলুদ্ধ কৰিলে তেওঁক। কপিলী নৈয়ে বুকুত সাৱটি লয় বসন্তৰ প্ৰতিটো কেতেকীৰ কুজন, বাৰিষাৰ কজলা মেঘৰ গৰ্জন, শৰতৰ শেৱালিৰ সুৰীয়া সুৱাস, হেমন্তৰ নগ্ন বনভূমিৰ বিষাদ অথবা আকোঁৱালি লয় ফাগুণৰ এজাক ৰক্তফুলৰ মানচিত্ৰ। কপিলী নদীয়েই সাক্ষী গঞাৰ জীৱনৰ অভিজ্ঞতাৰ। এই নদীয়েই সাহ, এই নদীয়েই ত্ৰাস।এই নদীৰ পাৰতেই শুই আছে গঞাৰ সংগ্ৰাম, এই নদীৰ পাৰতে আছে মিলন-বিৰহৰ অশেষ পৃষ্ঠা। কল্পনা আৰু চিন্তাত চকুৰ পতা ক্ৰমে জাপ খাওঁতেই অন্য এটা স্পীডব্ৰেকাৰত পদুমে উঠালে গাড়ীখন। পুনৰ বিৰক্ত হ’ল বৰ্ণিল বৰুৱা। গীত এটাৰ প্ৰয়োজন তেওঁ অনুভৱ কৰিলে। অৱশ্যে পদুমে ক’লে এতিয়া নবজালেও হ’ব। আহি পালোহিয়েই।
গাঁৱত প’ষ্টিং পাইছে বৰুৱাই। গ্ৰাম্য চিকিৎসালয়ত তেওঁ সেৱা আগবঢ়াব লাগিব।বয়স ২৫। দুদিনমান পূৰ্বে তেওঁৰ পিতৃ-মাতৃ আহি ইয়াত ঘৰ চাই গৈছে। নগৰকেন্দ্ৰিক সা-সুবিধাবোৰৰ পৰা বঞ্চিত হ’লেও তেওঁৰ অকণো বেয়া লগা নাই। গ্ৰাম্য বাতাৱৰণত যে তেওঁ পাব বাৰিষাৰ নিৰ্মল বৰষুণ, শৰতৰ সতেজ বতাহ, হেমন্তৰ ৰুণজুন নিয়ৰ অথবা শীতৰ উমাল ৰ’দ। ডাক্তৰী পঢ়িলেও বৰুৱাৰ মন কেৱল বিজ্ঞানৰ চিন্তা-চৰ্চাতে আবদ্ধ নহয়। উপন্যাস পঠনত সিদ্ধহস্ত বৰুৱাক তাহানি দিনৰ পৰাই গাঁৱৰ অপৰূপ নিৰ্মলতা আৰু সতেজতাই আকৰ্ষণ কৰি আহিছে। গাঁৱৰ লোকসকলক সেৱা কৰাৰ মনোভাৱ এটাও তেওঁ পুহি ৰাখিছিল। ডাক্তৰী সেৱা তেওঁৰ প্ৰিয় যদিও প্ৰশাসনিক বিষয়া এজন হোৱাটো তেওঁৰ হাবিয়াস। সেয়েহে কিতাপ-পত্ৰৰ এটা বিশাল বোজা লৈ তেওঁ আজি গাঁৱৰ ভাড়াঘৰটোলৈ আহিছে।নগৰৰ সুন্দৰ সুদৃশ্য আৱাসগৃহ গাঁৱত নাই; কিন্তু মৰমৰ আহিলাৰে সজা হৃদয়ৰ ঘৰ এখনত বৰ্ণিল বৰুৱাই থাকিবলৈ পালে।নিঃসন্তান হোৱা বাবে শিক্ষক ডিম্বেশ্বৰ বৰাৰ লগতে তেওঁৰ পৰিবাৰেও বৰ্ণিলক নিজৰ মানুহ বুলিয়েই ঘৰত আশ্ৰয় দিলে।
ইপিনে সাগৰৰ দৰে অন্তহীন নৈসৰ্গিক শোভা আৰু আনপিনে সৰলতাৰ অকৃত্ৰিম ভাণ্ডাৰ। জীৱন যাপন নহয় উদযাপনহে। সেইকথা বৰ্ণিল বৰুৱাই উপলদ্ধি কৰিলে।
সঁচাকৈয়ে সুখবোৰে হৃদয়ত ঘৰ সাজে…..
আৰু আশাবোৰে কলিজাত ৰং সানে…….
প্ৰথমকেইদিন যদিও বৰ্ণিল বৰুৱাই গাঁওখন ঘূৰাৰ কথা ভাবিছিল তেওঁ আহৰি নোপোৱাৰ ফলত যাবই নোৱাৰিলে। চহা ৰাইজে তেওঁলোকৰ গাঁৱৰ চিকিৎসালয়লৈ ডাক্তৰ আহিছে বুলি জানি প্ৰায় ভগৱানৰ দৰে তেওঁক মানিছিল আৰু নিজৰ অসুবিধাবোৰ বৰ্ণনা কৰিছিল।কিন্তু প্ৰায় দহদিনমানৰ পিছত কিছু আহৰি পাই তেওঁ কপিলী নৈৰ পাৰলৈ বুলি ফুৰিবলৈ গ’ল।
কপিলীৰ পাৰ আৰু তাতে শৰতৰ আগমনৰ মাহেন্দ্ৰ ক্ষণ। অপৰূপ সজীৱতা আৰু বিষন্নতাৰ ছবি বুলাই নদীখনে যেন কৈ যায় হৃদয়ৰ কথা। ব্যাকুল প্ৰকৃতিৰ বৰ্ণাভ সৌন্দৰ্য্যৰ ৰূপধ্যানত ব্ৰতী বৰ্ণিল বৰুৱাই দেখা পালে নৈৰ পাৰলৈ ভাটিবেলা ফুৰিবলৈ অহা গাভৰুৰ জাক।ইতিমধ্যে গাঁৱৰ সকলো মানুহৰ মাজত জনপ্ৰিয় হৈ পৰা ডাঃ বৰ্ণিল বৰুৱাক হয়তো গাভৰুজাকে চিনি পাইছিল। সিহঁতে কিছু আঁতৰত ৰৈ তেওঁলৈ চাইছিল।বৰ্ণিল বৰুৱাই ভাবিলে কিহৰ বাবেনো আহিছে গাভৰুজাক!তেওঁ দেখিলে কলহত পানী ভৰাইছে সিহঁতে আৰু সিহঁতৰ খিলখিল হাঁহিৰ জোনাকত মুখৰিত হৈ পৰিছে কপিলীৰ পাৰৰ আলফুল আবেলি।
মেঘালী। নামটো মেঘালী।যাৰ দুনয়নত নিবদ্ধ হৈ পৰিছিল হৰিষ বৰুৱাৰ দুনয়ন। যাৰ লাজুকী চাৱনিত বৰুৱাৰ হৃদয়লৈ জোনাক নামিছিল, যাৰ দীৰ্ঘ কেশৰাজিয়ে শৰতৰ মলয়াক আমন্ত্ৰণ কৰিছিল আৰু যাৰ হাঁহিয়ে উশাহৰ অৰণ্যত সেন্দূৰৰ পোহৰ বিলাইছিল।
পিছদিনা নিজৰ চেম্বাৰত বহি ডাঃ বৰুৱাই আগদিনাৰ কথাখিনিকে ভাবি আছিল।ৰোগী সেইদিনা বৰ বেছি নাছিল। তেওঁৰ মেঘালীৰ বিষয়ে অধিক জানিবৰ মন গৈছিল। ভাড়াঘৰৰ খুৰীয়েকৰ পৰা জানিব পাৰিছিল মাক নোহোৱা ছোৱালী মেঘালী।দেউতাকে মেঘালীৰ মাকৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ কৰালে। মাহী আয়েকৰ পুত্ৰ সন্তানটিৰ লগতে সিহঁতৰ পৰিয়াল চাৰিজনীয়া।খুৰীয়েকৰ মুখৰ পৰা কথাখিনি শুনি ডাঃ বৰুৱা বাকৰুদ্ধ হৈ পৰিল। ইমানবোৰ কষ্টৰ মাজতো মেঘালীয়ে ইমান ধুনীয়াকৈ জীৱনটো জী আছে, হাঁহি আছে। তাইৰ মুখখন ডাঃ বৰুৱাৰ মনত পৰি গ’ল। কিতাপ এখন লৈ পঢ়িব খুজিও ৰৈ গ’ল তেওঁ।মেঘালীক দেখাৰ পৰা, মেঘালীক জনাৰ পৰা, মেঘালীক অনুভৱ কৰাৰ পৰা হয়তো ডাঃ বৰুৱাৰ বুকুত ফুলিছে নতুন কৃষ্ণচূড়া। যাৰ সৌন্দৰ্য্য আৰু সৌৰভৰ জ্যোতিত তেওঁৰ দেহ-মন ভৰি পৰিছে। মেঘালীৰ ভাৱনাই ডাঃ বৰুৱাৰ হৃদয়ত শিপা মেলিছে। ধীৰে ধীৰে তেওঁ মেঘালীৰ প্ৰেমত পৰিছে। তেওঁ সিদ্ধান্ত ল’লে যে আবেলি তেওঁ নৈৰ ঘাটলৈ যাব আৰু মেঘালীৰ আগত তেওঁৰ মনৰ কথা ক’ব।মেঘালীক জনাব যে তাইক কেন্দ্ৰ কৰিয়েই আৱৰ্তিত হৈছে ডাঃ বৰুৱাৰ চিন্তাধাৰা। তাইৰ হৃদয়ৰ ৰুণজুন শব্দই মুগ্ধ কৰিছে বৰুৱাক। তাইক ক’ব- তোমাৰ বাবেই এমুঠি সপোনে চকুৰ পতাত পোহৰ সিঁচি যায়। লিহিৰী সুহুঁৰিৰ ছন্দে ছন্দে জীৱনে গুণগুণায়।
আবেলি কপিলীৰ পাৰত ডাঃ বৰ্ণিল বৰুৱাই মেঘালীৰ আগত সদৰী কৰিছিল মনৰ গুপুত কথা।সুলভ লাজ আৰু মিচিকি হাঁহিৰে আঁতৰি যোৱা মেঘালীয়ে দিছিল প্ৰস্তাৱ স্বীকাৰ কৰাৰ ইংগিত। দৌৰ মাৰি আঁতৰি যোৱা চঞ্চলা মেঘালীৰ মনত কি হৈছিল?তাইটো উপন্যাস নাজানে, তাইটো ৰোমান্টিক চিনেমা নাজানে, তথাপি তাইৰো এটা মন আছ। বৰ্ণিল বৰুৱাৰ ওঁঠৰ পৰা নিৰ্গত সেই মধুৰতম অমৃতময়ী শব্দকেইটিয়ে তাইৰ চকুযুৰি তৰাৰ দৰে কৰিছিল, সমুখৰ ফুলপাহ তাইৰ আৰু ধুনীয়া লাগিছিল, মনৰ আকাশত হেজাৰ জোনবাইৰ পোহৰ পৰিছিল, দুহাতৰ পৰশত নীলা পখিলাবোৰ যেন উৰি গুচি গৈছিল।
ঘুমটি হৰা সেই নিশা জোনবাইক বেছি ধুনীয়া লাগিছিল। এই যে কাৰোবাৰ দুটা কথাত মন ভাল লাগি যায়, কাৰোবাক নিঃস্বাৰ্থভাৱে মৰম দিবলৈ মন যায়- এইবোৰৰ মাজতে লুকাই আছে সঁচা আৰু নিভাঁজ প্ৰেম।
ডাঃ বৰুৱা আৰু মেঘালী দুয়ো দুয়োৰে আপোন হৈ পৰিল। মেঘালীৰ শেৱালিৰ দৰে অপৰূপা মুখনি দেখিয়েই ডাঃ বৰুৱা মুগ্ধ হোৱা নাছিল।মেঘালী তেওঁৰ চকুত প্ৰতিবিম্বিত হৈ উঠিছিল সৰলতাৰ মূৰ্ত প্ৰতীক হিচাপে।সেউজপুৰ গাঁৱত ডাঃ বৰুৱাই নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি আছিল। লগে লগে নৈৰ পাৰত আবেলিৰ মধুৰতম ক্ষণবোৰত দুয়ো কৰিছিল প্ৰেমালাপ। মাতৃহীনা মেঘালীৰ দুখবোৰ বৰুৱাই নিজৰ দুখ বুলি গ্ৰহণ কৰিছিল। বৰুৱাই বুজে । দৰিদ্ৰপীড়িত মেঘালীৰ মৰ্মান্তিক মুহূৰ্তবোৰৰ মৰ্মগাঁথা শুনি তেওঁ আৱেগবিহ্বল হৈ পৰে। মনে মনে তেওঁ পণ লয় মেঘালী আৰু তেওঁৰ দ্বৈত সপোন পূৰোৱাৰ। ডাক্তৰী কৰিলেও বৰুৱাৰ সপোন ভাল এ.চি.এছ বিষয়া হোৱাৰ। তেওঁ অসম প্ৰশাসনিক সেৱাত বহিছিল। ফলাফলৰ বাবে গভীৰভাৱে বাট চাই ৰৈছে তেওঁ। লগে লগে ভালপোৱাৰ স্পৰ্শৰে উম দিছে তেওঁৰ আৰু মেঘালীৰ যুটীয়া সপোনক। আশাৰ ছায়াৰে হৃদয় বননিত অযুত চৰাইৰ নাচোন।
দুয়োৰে কথাবোৰ মেঘালীৰ সংগীহঁতৰ বাহিৰে অন্যই নাজানিছিল। ডাক্তৰ বৰুৱা নিত্য-নৈমিত্তিকভাৱে অহা-যোৱা কৰিছিল নৈৰ পাৰলৈ। পিছে এদিনাখন নৈৰ পাৰলৈ অহা ৰংমন আৰু কানাইৰ চকুত আবদ্ধ হৈ ৰ’ল মেঘালী আৰু ডাঃ বৰুৱাৰ মৰমৰ সকৰুণ নিবিড় পল।ক্ষুন্ন হৈ পৰিল সংকীৰ্ণ মানসিকতাৰ যুৱকদ্বয়।
দেৱতাৰ দৰে গণ্য কৰা বৰ্ণিল বৰুৱাক বিভূষিত কৰা হ’ল ‘কুলাংগাৰ’ আৰু ‘চৰিত্ৰহীন’ হিচাপে। তেখেতৰ নামত যোগ হ’ল ‘নষ্ট চৰিত্ৰ’ৰ সংজ্ঞা। ডেকা-গাভৰুৰ মিলনক হীন চকুৰে চোৱা এখনি গাঁৱত মানসিকতা দেখি ডাঃ বৰুৱা বিচলিত হৈছিল। সৰলতাৰ প্ৰতিমূৰ্তি নৈসৰ্গিক শোভাৰে পৰিপূৰ্ণ গাঁওখনত নিকৃষ্ট আৰু সংকীৰ্ণ মানসিকতা দেখি তেওঁ দুখী হৈছিল।
গাঁওবুঢ়াই বিচাৰ কৰি দিছিল যে মেঘালীয়ে কোনোপধ্যেই বৰুৱাক লগ কৰিব নোৱাৰিব আৰু ডাঃ বৰুৱাই গাওঁ ত্যাগ কৰিব লাগিব। কাৰণ গাঁওবুঢ়াৰ মতে বৰুৱা গাঁৱত থাকিলে সৰু ল’ছালীবোৰ বিপথে পৰিচালিত হ’ব। তেওঁৰ দৰে ‘চৰিত্ৰহীন’ যদি থাকে তেন্তে গাঁৱৰ বদনাম হ’ব। অজস্ৰ কাঠৰ দৰে কঠোৰ শব্দৰ কাঁড়েৰে কলিজা থকা-সৰকা কৰিছিল বৰুৱাক। অগাধ বেদনাৰ নিৰন্তৰ প্ৰৱাহে বৰুৱাৰ অন্তৰ বাগিছাত অবিৰাম খুন্দা মাৰিলে।পক্ক-কেশ প্ৰৌঢ় মানুহজনৰ আদিম আস্ফালনৰ অৰ্থহীন অভিযোগৰ বিহ-শেলৰ আতংকিত আক্ৰমণত অন্তৰৰ অযত্ন-পালিত অযুত অভিমানৰ মৰ্মান্তিক মিছিলে হৃদয়ৰ মথাউৰি ভাঙি বোঁৱাই আনিলে বিষাদৰ কোবাল জলস্ৰোত।
মেঘালীৰ দেউতাকে তাইক দুটামান চৰ শোধাই ঘৰলৈ লৈ গৈছিল। ডিম্বেশ্বৰ মাষ্টৰৰ ঘৈণীয়েকে তেওঁক ঘৰ খালি কৰিবলৈ দিছিল। যদিও ডিম্বেশ্বৰ মাষ্টৰৰ মন উদাৰ আছিল তথাপি তেওঁ পত্নীৰ ওপৰত কথা কোৱাৰ সাহ কৰিব নোৱাৰিলে।
ইয়াৰ পিছৰ কাহিনী সংক্ষিপ্ত যদিও গতিময়। কিন্তু বৰুৱা অনুভূতিপ্ৰৱণ মানুহ, তেওঁৰ অন্তৰে কান্দে। কিন্তু এইবাৰ কান্দিবলৈ তেওঁৰ চকুলোৰো আকাল হ’ল।বিচাৰ হোৱাৰ দহদিনমানলৈ মেঘালীয়ে ঘৰৰ মানুহৰ পৰা, চুবুৰীয়াৰ পৰা অকথ্য নিৰ্যাতন সহিব লগা হ’ল।কোমল অন্তৰৰ ছোৱালীজনীক আঘাত কৰিলে বৰুৱাৰ প্ৰতি গাঁৱৰ মুখীয়াল মানুহকেইজনে নিক্ষেপ কৰা শব্দবোৰে। লগে লগেই তাই বহন কৰিছিল বৰুৱাক নিজৰ কৰি নোপোৱাৰ অপূৰ্ণতা। তাই শেষ সিদ্ধান্ত লৈছিল। পুৱা শুই উঠি মেঘালীৰ দেউতাকহঁতে দেখিছিল আপোনঘাতী হোৱা তাইৰ পুষ্পকোমল মৃতদেহ।
একেটা সময়তে এহেজাৰ ভূমিকম্পই ডাঃ বৰুৱাৰ মনৰ পৃথিৱীখন থানবান কৰি পেলালে।হাজাৰ কেকটাছৰ কাঁইটৰ তিক্ত বিহ-শেল বৰুৱাই একেটা ক্ষণত অনুভৱ কৰিলে।মেঘালীৰ মৃত্যুৰ পিছত কথা শুনাবলৈ ডিম্বেশ্বৰ মাষ্টৰৰ ঘৰৰ চৌহদলৈ এজাকমান মহিলা আহিল। চোতালত ৰৈ ৰৈ তেওঁলোকে অশ্লীল অকথ্য বাক্যৰে বৰুৱাক আক্ৰমণ কৰিলে। বাৰাণ্ডাত ৰৈ থকা বৰুৱাৰ চেতনা স্তদ্ধ হৈ গৈছিল হয়তো । মহিলাকেইগৰাকীয়ে তেওঁক কিদৰে অশালীন অত্যাচাৰ কৰিছিল সেয়া তেওঁৰ কাণত পৰাগৈ নাছিল।ডাঃ বৰুৱাৰ চেতনাত স্তুপীকৃত হৈ ৰৈছিল সহস্ৰ বেদনাৰ বোজা, আৱেগৰ আগ্নেয়গিৰিৰ উদগীৰণত পুৰি ছাঁই হৈছিল তেওঁৰ স্বপ্ন আৰু মমতাৰ টোপোলা, দুঃসময়ৰ আসুৰিক আলিংগনত ক্ষত-বিক্ষত হৈ পৰা বৰুৱাৰ সৰ্বাঙ্গত শিপাই পৰিছিল এটি নামহীন যন্ত্ৰণা। বুকুৰ পৰা ছুনামীৰ দৰে বাহিৰ হ’ব বিচাৰিছিল কৰুণ কান্দোন।ৰিক্ত, তিক্ত, সিক্ত, বঞ্চিত হাহাকাৰে মানসিকভাৱে তেওঁক পংগু কৰি পেলালে।
বাহিৰত কাকো বৰুৱাই তেওঁৰ আৱেগ নেদেখুৱালে। ধীৰে ধীৰে তেওঁ ভিতৰলৈ সোমাই গ’ল।
আজি বৰুৱাই সেউজপুৰ ত্যাগ কৰি আহিছে চহৰলৈ। কপিলীৰ পাৰে পাৰে চলিছে তেওঁৰ গাড়ী। মানুহৰ জীৱনলৈ কেতিয়াবা সুন্দৰৰ সেউজীয়া হাঁহি আৰু কেতিয়াবা ৰক্তাক্ত ৰঙা ৰঙৰ বেদনা আহে।জীৱনৰ এটি মুহূৰ্তত তেখেতৰ জীৱনলৈ অহা প্ৰাণপ্ৰিয়া মেঘালীয়ে বহন কৰা অপূৰ্ব সেউজীয়াখিনিক লৈয়ে তেওঁ জীৱন আগবঢ়াব। মেঘালীৰ মৃত্যু হোৱা নাই। বৰ্ণিল বৰুৱাৰ অন্তৰৰ উপত্যকাত তাই নদী হৈ বৈছে। পখী হৈ গীত জুৰিছে। তৰা হৈ জিলিকিছে।এই সেউজীয়াখিনিয়েই চিৰকাল তেওঁৰ জীৱন আহ্লাদিত কৰি ৰাখিব। ডাঃ বৰ্ণিল বৰুৱা নতুন ৰূপত আকৌ এদিন আহিব এই গাঁৱলৈ। ইয়াত তেওঁৰ মেঘালীৰ স্মৃতিৰ সঁফুৰা আছে। কপিলী নৈৰ পানীয়ে শিকোৱা মধুৰতাৰ শিক্ষা ইয়াত বিদ্যমান। তেওঁ নতুনকৈ গঢ়িব সমাজক। জুই হৈ বিনাশিব এটি এটি কলুষ চিন্তা, জেতুকাৰ ৰং সানিব গাঁৱৰ সৰলতাৰ সহস্ৰ প্ৰতিভাক। মেঘালীয়ে দি যোৱা সেউজীয়াখিনিৰ আঙুলিত ধৰিয়েই বৰ্ণিল বৰুৱাই ফুলাম হাঁহি পিন্ধিব আৰু বিচাৰিব জীৱনৰ নতুন এজাক ৰং।
কপিলীৰ পাৰে পাৰে সেউজপুৰ গাঁও ক্ৰমাৎ এৰি আহি নৱনিযুক্ত ACS বিষয়া বৰ্ণিল বৰুৱাই ঢাপলি মেলিলে এজাক নতুন সেউজীয়াৰ পৃথিৱীলৈ।