*ব’হাগ বিহুৰ স্বৰূপ আৰু অন্যান্য…

*ব’হাগ বিহুৰ স্বৰূপ আৰু অন্যান্য…
  • *
  • ✍️ উজ্জল ডেকা
  • বিহু । শব্দটো মনলৈ অহাৰ লগে লগেই যেন প্ৰতিগৰাকী অসমীয়াৰ ৰন্ধ্ৰে ৰন্ধ্ৰে জাগে এক অনামী শিহৰণ । কি শিশু-কি বৃদ্ধ, কি ডেকা-কি গাভৰু, সকলোৰে অন্তৰত আনন্দৰ লহৰ সিঁচি যাব পৰা, সকলোৰে হৃদয়ত থৌকি বাথৌ খলকনিৰ সৃষ্টি কৰিব পৰা বিহু হৈছে অসমৰ প্ৰাণ । বিষেষকৈ ব’হাগ বিহুৱে অসম আৰু অসমীয়াক এনে এক বান্ধোনেৰে সম্পৃক্ত কৰি থৈছে যে যাক হয়তো ভাষাৰে বৰ্ণনা কৰা সম্ভৱ নহয় । এইখিনিতে বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ “ব’হাগ মাথো এটি ঋতু নহয়/নহয় ব’হাগ এটি মাহ….” শীৰ্ষক গীতটো উল্লেখযোগ্য হিচাপে বিবেচিত হয় । বিহুক বিহঙ্গম দৃষ্টিৰে বুজিবলৈ, অনুভৱ কৰিবলৈ উক্ত গীতটিৰ বিকল্প নাই । গীতটিৰ প্ৰতিটো শব্দ, প্ৰতিটো বাক্যই অসম আৰু অসমীয়াৰ সৈতে থকা বিহুৰ যি গভীৰ আত্মীক সম্পৰ্ক তাক নিৰহ নিপানিকৈ তুলি ধৰিছে ।
  • বসন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল উৎসৱ হৈছে এই ৰঙালী বিহু । ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলিও কোৱা হয়। এই উৎসৱত ডেকা গাভৰুৱে বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কোৱা হয়, এই বিহুৰ আগমনত অশীতিপৰ বৃ্দ্ধা-বৃদ্ধয়ো যৌৱন ঘূৰাই পায় । কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।
  • বিহু অসমৰ জাতীয় উৎসৱ। আমাৰ তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহুৱেই প্ৰধান। চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। ইয়াক চ’তৰ বিহু বুলিও জনা যায়। জনবিশ্বাস মতে ডেকা-গাভৰুৱে মুকলি পথাৰত প্ৰেম- যৌৱনৰ গীতেৰে পুৰুষস্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্ৰকৃতি(পৃথৱী)ক উত্তেজিত কৰি বৰষুণৰ মাধ্যমত মিলন ঘটোৱাৰ ফলশ্ৰুতিত বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্ৰক্ৰিয়া তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে। বসন্তৰ আগমনত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই প্ৰকৃতি ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়; প্ৰকৃতি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে।
  • ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। সেই নামবোৰো যথেষ্ট তাৎপৰ্যপূৰ্ণ । সেইবোৰ মন কৰকচোন- গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু।
  • এই সাতটা বিহুক ‘সাতবিহু’ নামেৰে জনা যায়। আনহাতে কিছুমান ব্যক্তিয়ে আকৌ বহাগৰ বিহুৰ এই অনুষ্ঠানসমূহক  এইদৰে ভাগ কৰিছে-
  • চ’ত বিহু: চ’তৰ নিশা ডেকা-গাভৰুৱে বিহুৰ আখৰা কৰে আৰু আখৰা কৰা প্ৰথম নিশাটোয়ে হ’ল চ’ত বিহু।
  • ৰাতি বিহু: চ’ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰা নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়।
  • গৰু বিহু: চ’তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ-ধূনা আদি দিয়া হয়।
  • মানুহ বিহু বা চেনেহী বিহু: এক ব’হাগৰ দিনাখন এই বিহু পতা হয়। এই বিহুটোক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীত, হুঁচৰি গীত গাই অতি আনন্দ কৰে।
  • কুটুম বিহু: ব’হাগৰ দ্বিতীয় দিনটো কুটুম বিহু। এই দিনা জী-জোঁৱাইসকল মাকহঁতৰ ঘৰলৈ যায়। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সৎকাৰ কৰে।
  • মেলা বিহু বা হাট বিহু: এই বিহুৰ দিনা পথাৰৰ মাজত এডাল গছক প্ৰতীক হিচাপে লৈ তাৰ তলত গাভৰুসকলে বিহু নাচে। গছ জোপালৈ বিহুৱান, তামোল-পাণ আদি আগবঢ়ায়। শিমলুগুৰি, নাহৰকটীয়া, টেঙাখাট আদি অঞ্চলত এই বিহু দেখা যায়।
  • চেৰা বিহু বা এৰা বিহু: বহাগ বিহুত ডেকা-গাভৰুৱে নাচি-বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিক সমাপ্ত ঘটায়। সেই দিনাখন বিহুৱানবোৰ পুনৰ ধুই বিহুক বিদায় দিয়ে।
  • এনেদৰে অঞ্চল বিশেষে ব’হাগ বিহুৰ ভাগ সমূহ ভিন ভিন দেখা যায়। উজনি অসমৰ কোনো কোনো ঠাইত সাত বিহুৰ এটা দিন দেউৰী বিহু বুলিও পালন কৰা দেখা যায়। আজিকালি কোনো কোনো অঞ্চলত গোটেই ব’হাগ মাহ ধৰি বিহুৰ ৰং-ৰহইচ, নাচ-বাগ চলে যদিও প্ৰথম ছদিন আৰু শেষৰ দিনটোৰ বাহিৰে বাকী দিনবোৰৰ নিৰ্দিষ্ট কোনো নাম নাথাকে। অৱশ্যে বিহু সাতদিনেই থাকক বা এমাহেই থাকক বিহুৰ শেষৰ দিনা চেৰা বিহু। কিছুমানে ইয়াক “এৰা” বিহু বুলিও কয়। সেইদিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়- “ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক। ” এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।
  • গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে। ই অসমীয়া সমাজৰ অতীজৰে পৰা চলি অহা পুৰণিকলীয়া পৰম্পৰা । এশ এবিধ শাকৰ আঞ্জা ৰোগৰো মহৌষধ বুলি বিশ্বাস আছে অসমীয়া সমাজত ।  সেইবোৰ হৈছে-
  • সৰু মানিমুনি, বৰ মানিমুনি, মচন্দৰী, নৰসিংহ , তিতা ভেঁকুৰী , পনৌনৌৱা, ভেদাইলতা, ঢেঁকীয়া, তিতামৰা, টেঙেচি, চজিনা, কালমেঘ, জিলমিল, কচুঠুৰি, কলমৌ শাক, কেহৰাজ, খুতুৰা শাক, কাটা খুতুৰা, গাজৰ, লাইজাবৰি, শুকলতি, দহিকচু, ওলকচু, টিকনিবৰুৱা, ধনিয়া পাত, চুকাশাক, দোৰোণবন, নেফাফু, পদিনা, পুৰৈশাক, পালেংশাক, পাতেগজা, পানীটেঙেচ, ব্ৰাহ্মীশাক, বাহক তিতা, ভাঙৰ পাত, মহাভৃংগৰাজ, মটৰ মাহ, মহানিম, মেথিশাক, মূলা, মালভোগ শাক, মৰিচা শাক, মানকচু, সৰিয়হ শাক, কাচকল, বনজালুক, টেঙামৰা, তিতাফুল, চেংমৰা, মধুসোলেং, তিতা কেৰেলা, কপৌঢেঁকীয়া, বেতগাজ, তেজপাত, তিয়ঁহ, চিৰতা, কেঁচা জলকীয়া, কালজিৰা, উৰহী, পচলা, কঁঠাল, অমিতা, ৰঙালাউ, মৰলীয়া, বাবৰিশাক, হেলচি শাক, শুহনিবন, তিতাফুল, মোৱা, বকফুল, ভাতকেৰেলা, আদা, হালধি, ভূতমলা, ফুটকলা, জেতুলীপকা, কলডিল, বিলাহী, চয়াবিন, নহৰু, পিয়াঁজ, জালুক, ৰঙাআলু, আলু, পানীলাউ, ৰঙা মৰিচা, ভোট জলকীয়া, কাজিনেমু, শেৱালি ফুল, বেঙেনা, জিকা, ভোল, ফেচবিন, ভেন্দি, মানধনিয়া, লেচেৰামাহ, হাতীভেঁকুৰি, ভুঁই আমলখি আৰু ধঁপাত তিতা।
  • কিন্তু আজিৰ প্ৰজন্মৰ বেছিভাগ মানুহেই নাজানে বা চিনি নাপায় এই এশ এবিধ শাক । আনকি নাজানে শাক সমূহৰ নাম। অৱশ্যে ইয়াৰে যথেষ্ট সংখ্যক শাক আজিকালি পাবলৈয়ে নোহোৱা হ’ল। সেয়ে এশ এবিধ নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়। ইয়াকে ‘সাতশাকী’ বোলে।
  • এই শাকসমূহ হৈছে এক প্ৰকাৰৰ বন দৰৱ। বহুতো ঔষধি গুণেৰে পৰিপুষ্ট এই শাকসমূহ অতীজৰে পৰা পৰম্পৰা আৰু সংস্কৃতি হিচাপে ব্যৱহাৰ কৰি আহিছে ।
  • এয়াই হৈছে আমাৰ মৰমৰ ব’হাগ বিহুটিৰ মূল স্বৰূপ কথা ।  সাংস্কৃতিক চেতনা এটা জাতিৰ বাবে অতিকৈ প্ৰয়োজনীয় চেতনা। ই জাতিটোৰ অন্তঃজগতত প্ৰৱেশৰ সুযোগ প্ৰদান কৰে। বিহু হ’ল অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অতীতৰ পৰাই অসমত বিহু উদযাপন কৰি অহা হৈছে। অসমক যদি বিশ্বই কিহৰ বাবে জানে বুলি সোধা যায় তেনেহ’লে সেই উত্তৰত কাজিৰঙাৰ এশিঙীয়া গঁড় আৰু ৰঙালী বিহুৰ নামেই মনলৈ আহিব। অসমীয়া মানুহৰ মুখ্য সাংস্কৃতিক পৰিচয়য়েই হৈছে বিহু।
  • এদিন মানুহে পথাৰত, গছৰ তলত বিহু গাইছিল। ঘৰে ঘৰে হুঁচৰি জুৰিছিল। তাৰ পাছত সময়ৰ সৈতে বিহুৰ স্বৰূপো সলনি হৈ বিহু গৈ মঞ্চ পাইছিল। আমাৰ জাতীয় চেতনাৰ উদ্দিপনৰ অন্যতম বাহক হৈ পৰা বিহুৱে অসমীয়া জাতি সত্বাক গঢ়ি তোলাৰ অৱকাশ সদায় থাকিব।
  • বহুতে হয়তো জ্ঞাত নহয় যে বিহুৰ এই যাত্ৰাকালত ই বহু ঘাট প্ৰতিঘাটৰ সম্মুখীন হ’ব লগীয়া হৈছে । বহুত পণ্ডিতপ্ৰৱৰ লোকেই বিহুক সামাজিক মৰ্যাদা দিব বিচৰাৰ পৰিৱৰ্তে ইয়াক অশ্লীল আৰু যৌনগন্ধী সংস্কৃতি বুলি নিঃশেষ হোৱাটো বিচাৰিছিল । সেই বিষয়ে ইয়াত বহলাই আলোচনা নকৰো । কিন্তু এইটো ঠিক যে কৃষিজীৱি মানুহেই বিহুক ধৰি ৰাখিলে, জীয়াই ৰাখিলে। মাজে মাজে বিহুক বিকৃতকৰণৰ অভিযোগ উঠে। বিহু মানেই কেৱল লাখ টকা ব্যয় কৰি অনুষ্ঠিত কৰা বিহু সন্মিলন হৈ  পৰা পৰিলক্ষিত হৈছে যিবোৰ আমি কেতিয়াও কামনা নকৰো ।
  • সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কথা আৰম্ভনীতে উল্লেখ কৰা হৈছে । তেৱোঁ বিহুক মৰ্যাদাসহ মানুহৰ মাজলৈ লৈ যোৱাত যথেষ্ট অৰিহণা যোগাইছিল । বিহুৰ জৰিয়তেই হেমাংগ বিশ্বাস আৰু মঘাই ওজাই শান্তিবাহিনী গঠন কৰি মানুহৰ মাজত শান্তি বিলাইছিল। তাৰ পিছত সম্পূৰ্ণ ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত নতুন প্ৰজন্মই বিশুদ্ধ ৰূপত বিহুক পৰিৱেশন কৰাৰ বিৰল সুযোগ পালে যোৱাটো বছৰত অৰ্থাৎ ১৪ এপ্ৰিল, ২০২৩ ত ।
  • এই দিনটোতে সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত বিহুৰ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে পালিত হয় বিহু । বিভিন্নজনে বিভিন্ন সমালোচনা কৰিলেও এই আয়োজনে আমাৰ বাবে আন এক প্ৰাপ্তি কঢ়িয়াই আনে । সেয়া হ’ল বিভিন্ন স্থানত কৰ্মাশালা পাতি বিহুক অনুশীলনৰ বাবে, চৰ্চাৰ বাবে দিয়া এক পৰিৱেশে বিহুক আকৌ অধিক গণমুখী কৰি তুলিলে। সেই পৰিৱেশ এনে আয়োজন নচলা হ’লে ঘূৰি নাহিল হেঁতেন!
  • ১১ হাজাৰৰো অধিক নাচনী, ঢুলীয়াই একেলগে বিহু মাৰিলে । যদি আন্তৰিকতাৰে এই আয়োজনক বিশ্লেষণ কৰা হয় তেনেহ’লে বিভিন্ন খুতি-নাটিৰ মাজতো ৰঙালীৰ বতৰত এই বিহু নাচ, গীত চৰ্চাৰ বাবে চৰকাৰে লোৱা উদ্যোগো কিন্তু দলিয়াই পেলাব লগা বিষয় নহয়।
  • আমিও বিচাৰো বিহুক লৈ কেতিয়াও ৰাজনীতি হ’ব নালাগে। বিহু ৰাজনীতিৰ উৰ্ধত। ই আমাৰ জাতীয় পৰিচয়। একতাৰ দোলেৰে বান্ধে বিহুৱে আমাক। বিহুৰ প্ৰতি কাৰ আগ্ৰহ, আকৰ্ষণ নাথাকে বাৰু ? শেষত ড০ ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতটোৰ এফাঁকিৰে বিহু বলীয়া অসমৰ ৰাইজলৈ বিহুৰ ওলগ জনালোঁ-
  • ব’হাগ মাথোঁ এটি ঋতু নহয়
  • নহয় ব’হাগ এটি মাহ;
  • অসমীয়া জাতিৰ ই আয়ুসৰেখা
  • গণজীৱনৰ ই সাহ ।
  • গণজীৱনৰ ই সাহ ॥ 

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *