*বিহু সম্পৰ্কে কিছু অনুভৱ*

*বিহু সম্পৰ্কে কিছু অনুভৱ*

 

 

✍️ ৰুমী কলিতা দত্ত

 

আমাৰ সৃষ্টিৰ সফলতাত, কৃতকাৰ্যতাৰ আনন্দত অন্তৰৰ অনন্ত অনুভূতি হিয়া উজাৰি সুললিত, সুশ্ৰাব্য ভাষাৰে, সুকুমাৰ অংগী-ভংগীৰে প্ৰকাশ কৰাটোৱেই মানুহৰ সহজাত প্ৰবৃত্তি । নৃত্য, গীত, এইবোৰ সেই সহজাত প্ৰবৃত্তিৰে মূৰ্ত প্ৰকাশ নহয় জানো ?  বিহুৰউৎপত্তিৰ উৎসও সেইবোৰ সহজাত প্ৰবৃত্তিৰেই নিদৰ্শন ।

বিহু নামৰ উৎপত্তি সমন্ধে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত ।বিষুব সংক্ৰান্তিত বিহু উৎযাপিত হয় বাবে বিষুব শব্দৰ পৰাই বিহু শব্দৰ উৎপত্তি হোৱা বুলি বহু পণ্ডিতে কৈছে ।

বহুলোকৰ মতে বড়ো ভাষাৰ বৈথ্যু শব্দৰ পৰাই বিহু উৎপত্তি । বৈদিক বিশ শব্দৰ অৰ্থ প্ৰজাসমুহ । প্ৰজাসমুহে পালন কৰা ৱিশ শব্দৰ পৰা বিশু—বিহু হোৱাটোও আচৰিত কথা নহয় ছাগে ।

বিহু অসমীয়া জাতিৰ প্ৰাণ, অসমীয়া জাতীয় উৎসৱ । জাতীয় জীৱনৰ সকলো উচ্ছ্বাহ,  আশা-আকাংক্ষা, ৰং-ৰহইচ, আবেগ-অনুভূতি ওতপ্ৰোতভাৱে জড়িত ।  প্ৰতিটো স্পন্দন, উশাহ-নিশাহ, কামনা-বাসনা, হেঁপাহবোৰ বিহুৰ বুকুতেই প্ৰবাহিত ।  বিহু গীতৰ সুৰে, ছন্দে-ছন্দে, প্ৰতিভাত হয় জাতীয় জীৱনৰ সৰলতা, উদাৰতা ইত্যাদিবোৰ …।

প্ৰথম বিহুৰ দিনা গৰুজাকক মাহ-হালধীৰে নোৱাই নদীৰ পাৰত গা ধুওৱাৰ আমেজেই সুকীয়া । আমি গাওঁ–

“দীঘলতীৰ দীঘল পাত

মাখি মাৰোঁ জাত জাত.

লাউ খা,বেঙেনা খা

দিনে দিনে বাঢ়ি যা ।

মাৰ সৰু, বাপেৰ সৰু তই হ’বি বৰ গৰু ।

সন্ধিয়া নতুন পঘাৰে গৰু বান্ধি, ন-বিচনীৰে বিচি পিঠা খুওৱা হয় । ন-বছৰৰ লগে লগে গাত নতুন বল বান্ধি, নতুন উদ্যমেৰে খেতি কৰিবলৈ গো-পূজা কৰি সাজু  হয় ।

দ্বিতীয় দিনা -মানুহ বিহু ।  বিহুৱানখন প্ৰধান আৰু পৰিধান এই বিহুৰ বিশেষত্ব বুলি ধৰা হয় ।

নৱাগত বছৰটো বিপদ-আপদ, বতাহ-ধুমুহা, অপায়-অমংগল, বিপদ-বিঘিনি দূৰ কৰিবলৈ নাহৰৰ পাতত এফাঁকি মন্ত্ৰ লিখি দুৱাৰমুখত আঁৰি থোৱা হয়।

“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধৰ।

বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে ।”

ব’হাগ মানেই যেন হাঁহি-আনন্দ, সীমাহীন সুখ । জাতীয় জীৱনৰ উলহ-মালহ,  বৰগছৰ তলত, মুকলি পথাৰত, ঢোল, পেঁপা, গগণাৰ হিয়া উতলা কৰা ঐক্যতানে জগাই তোলে বিপুল আনন্দ । বিহুৰ গীতবোৰে মন-পাণ হৰে, হিয়া উঠলি উঠে ।

অসমীয়াৰ হাড়ে -হিমজুৱে প্ৰাণৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিহু…

অতিকৈ চেনেহৰ       মুগাৰে মহুৰা

তাতোকৈ চেনেহৰ মাকো;

তাতোকৈ চেনেহৰ      ব’হাগৰ বিহুটি

নেপাতি কেনেকৈ থাকোঁ।

 

ঢোল,পেঁপা,গগণাৰ সুমধুৰ সমন্বয় তুলি নৃত্য-গীতেৰে মুখৰিত কৰি গৃহস্থক পুলকিত কৰি দহ ভকতক শুশ্ৰুষা কৰাটো অসমীয়া জাতিৰ স্বভাৱজাত ধৰ্ম ।

 

“চ’ততে চকৰি            ব’হাগত বগৰী

জেঠতে আমনা ধান ;

গৰুৰ বিহুৰ দিনাখন            শৰাই আগবঢ়াবা

তেহে পাবা বৈকুণ্ঠত থান ।

অসমীয়া জাতিৰ বাপতি সাহোন বিহুৱেই  সংস্কৃতি আৰু সভ্যতাৰ  বৰ মজিয়াখন এদনীয়াভাৱে দখল কৰি আহিছে ।

 

ভ্ৰাম্যভাষ- ৯৩৬৫৩-৭৫৩০৩

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *