5ৰঙালী বিহুৰ শুভেচ্ছাৰে
১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ
জ্যোতিষী-শ্ৰীৰেৱন দেৱ শৰ্মা দূৰভাষ-৯৮৬৪৫-১৩৮৪৫
মেষ ৰাশি(অ, ল) : মেষ ৰাশিৰ জাতক জাতিকা সমাজপ্রিয়, ন্যায় পৰায়ণা , উচ্চাভিলাষী, জেদী, দয়ালু, সাহসী, পণ্ডিত, ত্যাগী আদি স্বভাবৰ হয় । বছৰটোৰ আৰম্ভণিতে মেষ ৰাশিৰ জাতক জাতিকা জন্ম ৰাশিত ৰবি বৃহস্পতি, ধনস্থানত চন্দ্ৰ, শত্ৰু স্থানত কেতু, আয় স্থানত শনি- মঙ্গল যুক্ত আৰু ব্যয় স্থানত শুক্ৰ ৰাহু বুধ অৱস্থান কৰি শুভাশুভ ফল প্ৰদান কৰিছে । জ্বৰ, কাহ ,পেটৰ ৰোগ,ছালৰ ৰোগ, উচ্চৰক্তচাপ, মধুমেহ আদি ৰোগত ভুগিব লাগিব । ধন সম্পদ বৃদ্ধিত সুখ প্ৰাপ্তি । ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। । ভাতৃৰ লগত কোনো কাৰ্য্যত মতবিৰোধ হ’ব পাৰে । গৃহ উন্নয়ণত সুখ প্ৰাপ্তি । বিদ্যাৰ্থীৰ উচ্চ বিদ্যাৰ যোগাযোগত শুভ ফল প্ৰাপ্তি হ’ব । আত্মীয়, জ্যেষ্ঠজনৰ পৰা কাৰ্য্যতঃ সহায়তা লাভ কৰিব । অৱশ্যে আৰ্থিক দিশত সামান্য সমস্যাৰ সন্মুখীন হ’ব লাগিব। কৰ্মত নতুন যোগাযোগত লাভান্বিত হ’ব। ব্যৱসায়ত ধন অপচয় হ’ব । ৰাজনীতিত সতৰ্ক হ’ব । শুভ ৰং ৰঙা, গুলপীয়া, হালধীয়া। শুভ সংখ্যা ১, ৩, আৰু ৯ । উপাস্য দেৱতা বগলামুখী।
বৃষ ৰাশি (উ ,ব,ই ) : বৃষ ৰাশিৰ জাতক জাতিকা মাননীয়, ধনৱান, পৰোপকাৰী, দয়ালু, সামাজিক, বুদ্ধিজীৱি, স্বাভিমানী, ধৰ্মপৰায়ণ, ভোগী, দাৰ্শনিক আদি স্বভাৱৰ হয় |বছৰটোৰ আৰম্ভণিতে জন্ম ৰাশিত ধন স্থানত চন্দ্ৰ , বিদ্যাস্থানত কেতু, কৰ্ম স্থানত শনি মঙ্গল যুক্ত, আয় স্থানত শুক্ৰ ৰাহু বুধ যুক্ত, ব্যয় স্থানত ৰবি বৃহস্পতিৰ অৱস্হানে শুভাশুভ ফল প্ৰদান কৰিছে ।
স্বাস্হ্যৰ প্ৰতি সচেতন হব। পুৰণা ৰোগ বৃদ্ধিৰ লগতে মধুমেহ, জণ্ডিছ, পেটৰ বিষ, জ্বৰ কাহ, চকু ৰোগ আদিত ভুগিব লাগিব । সঞ্চিত ধন হঠাৎ খৰছ হ’ব পাৰে । ঘৰুৱা কাৰ্য্যত অশান্তি বাঢ়িব। পাবলগীয়া ধন সম্পদ প্ৰাপ্তিত আনন্দ । বিদ্যাৰ্থীৰ যশ মান বৃদ্ধি যদিও মনৰ আশা পূৰণত বাধাৰ সন্মুখীন হ’ব লাগিব। গোপন শত্ৰুৰ পৰা ক্ষতি হ’ব পাৰে । কৰ্মৰ লগতে ব্যৱসায়ত নতুন চিন্তা চৰ্চা আৰু অগ্ৰগতি লাভ কৰিব । ঠগ- প্ৰবঞ্চনাৰ ফলত ধন সম্পদ হানি হ’ব পাৰে । প্ৰেম প্ৰীতিত বিবাদ নিষ্পত্তিত মানসিক সুখ প্ৰাপ্তি। শুভ ৰং বগা, গুলপীয়া, চিত্ৰ বিচিত্ৰ । শুভ সংখ্যা ১, ৬ আৰু ৮ ।
উপাস্য দেৱতা ভূৱনেশ্বৰী।
মিথুন ৰাশি(ক,ছ): মিথুন ৰাশিৰ জাতক জাতিকা দয়ালু, সাহিত্যিক,
বুদ্ধিজীৱী, স্পষ্টবাদী , শাস্ত্ৰানুৰাগী, মৰমীয়াল, আইনজীবী আদি স্বভাবৰ হয় । বছৰটোৰ আৰম্ভভণিতে ৰাশিত চন্দ্ৰ, চতুৰ্থত কেতু, ভাগ্য স্থানত শনি মঙ্গল যুক্ত, কৰ্ম স্হানত শুক্ৰ ৰাহু বুধ, একাদশ স্হানত ৰবি বৃহস্পতিৰ অৱস্হানে শুভাশুভ ফল প্রদান কৰিছে । জ্বৰ কাহ, বাত বিষ, জণ্ডিচ, মধুমেহ, দাঁত, মুখমণ্ডলৰ ৰোগ, স্নায়ু আদি ৰোগত ভুগিব লাগিব । শৰীৰৰ প্ৰতি যত্ন ল’ব । ভাতৃ, আত্মীয়- স্বজনৰ লগত কোনো কাৰ্যত মতবিৰোধ হ’ব পাৰে । গৃহ উন্নয়ণত সুখ প্ৰাপ্তি । ধন খৰছৰ পৰিমাণ বৃদ্ধি হ’ব । বিদ্যাৰ্থীৰ ভয় শংকা ভাৱ বাঢ়িব । অৱশ্যে আশা কৰা কাৰ্যত বাধাৰ সন্মুখীন হ’ব লাগিব । ঠগ প্রৱঞ্চকৰ পৰা ধন ক্ষতি হ’ব পাৰে । যানবাহন চলাচলত সতৰ্ক হ’ব । ব্যৱসায়ত ধৈৰ্য্য, সততাৰে আগবাঢ়ক সফল প্ৰাপ্তি হ’ব । চাকৰিয়ালৰ পদোন্নতি ও সামাজিক দিশত যশ মান বৃদ্ধিৰ লগতে জ্যেষ্ঠজনৰ পৰা সহায়তা লাভ কৰিব। প্রেমত সহযোগ প্ৰাপ্তিত প্ৰশান্তি। । ভ্ৰমনত সচেতন হ’ব । শুভ ৰং বগা, সেউজীয়া । শুভ সংখ্যা ১, ৫ আৰু ৮ ।
উপাস্য দেৱতা ত্ৰিপুৰা সুন্দৰী।
কৰ্কট ৰাশি (ড ,হ): কৰ্কট ৰাশিৰ জাতক জাতিকা-জ্ঞানী, মাননীয়, দয়ালু, ধাৰ্মিক, পৰোপকাৰী
সমাজহিতৈষী,গুণৱান, ধনৱান, স্বাৱলম্বী আদি স্বভাবৰ হয় । বছৰটোৰ আৰম্ভণিতে তৃতীয়ত কেতু , অষ্টমত শনি মঙ্গল, নৱমত শুক্ৰ ৰাহু বুধ, কৰ্মত ৰবি বৃহস্পতি, ব্যয় স্হানত চন্দ্ৰৰ অৱস্হানে শুভাশুভ ফল প্রদান কৰিছে ।
বাত বিষ, দাঁতৰ ৰোগ, উচ্চ ৰক্ত চাপ, মধুমেহ, জ্বৰ কাহ, স্নায়ু আদি ৰোগত ভুগিব লাগিব । পাবলগীয়া ধন প্ৰাপ্তিত সুখ প্ৰাপ্তি। ভাতৃ, আত্মীয়ৰ লগত কোনো কাৰ্য্যত মতভেদ হ’ব পাৰে। অৱশ্যে বন্ধুৰ পৰা পোৱা সহায়ত উপকৃত হ’ব যদিও কাৰ্য্যত সতৰ্ক হ’ব। গৃহ উন্নয়ণত সুখ প্ৰাপ্তি । বিদ্যাৰ্থীৰ শিক্ষাগত দিশত নতুন যোগাযোগত শুভ ফল লাভ কৰিব । যান বাহন চলাচলত সতৰ্ক হ’ব । প্ৰেমত মতানৈক্য, জটিলতাৰ সন্মুখীন হ’ব লাগিব । ব্যৱসায়ত নতুন যোগাযোগে লাভান্বিত কৰিব যদিও কোনো কাৰ্য্যত অশান্তি পাব পাৰে সতৰ্ক হ’ব । মূল্যৱান সম্পদ হানি হ’ব পাৰে । শুভ ৰং বগা, হালধীয়া । শুভ সংখ্যা ২, ৪,আৰু ৫ উপাস্য দেৱতা কমলা।
সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক -জাতিকা সামাজিক, দয়ালু, পৰোপকাৰী, আত্মকেন্দ্ৰিক, জেদী, নেতৃত্বশীল, ক্ৰোধী আদি স্বভাৱৰ হয় । বছৰটোৰ আৰম্ভণিতে ধন স্থানত কেতু সপ্তমত শনি মঙ্গল, অষ্টমত শুক্ৰ ৰাহু বুধ, ভাগ্য স্হানত ৰবি বৃহস্পতি, আয় স্হানত চন্দ্ৰৰ অৱস্হানে শুভাশুভ ফল প্ৰদান কৰিছে । শৰীৰৰ প্ৰতি সচেতন হ’ব । বদহজম, জণ্ডিছ , বাত বিষ, পেটৰ ৰোগ, মধুমেহ আদি ৰোগত ভুগিব লাগিব । সঞ্চিত ধন হঠাৎ খৰছ হ’ব পাৰে । যি কোনো খাদ্য গ্ৰহনত সচেতন হ’ব । ন্যায্য প্ৰাপ্তিত বাধাৰ সন্মুখীন হ’ব লাগিব। বিদ্যাৰ্থীৰ সুনাম অৰ্জন । মূল্যৱান সম্পদ ক্ষতি হ’ব পাৰে । সাংস্কৃতিক ও সামাজিক দিশত প্রশংসা লাভ কৰিব । ক্ৰীড়াৰ লগত জড়িত ব্যক্তিৰ সুনাম অৰ্জন। কৰ্মত দায়িত্ব বৃদ্ধি । প্ৰেম প্ৰীতিত ভূল বুজাবুজি । ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি হ’ব পাৰে । শুভ ৰং ৰঙা,বগা । শুভ সংখ্যা ১, ২ আৰু ৯ উপাস্য দেৱতা মাতঙ্গী ।
কন্যা ৰাশি (প,ঠ): কন্যা ৰাশিৰ জাতক জাতিকা মাননীয়, ধনৱান, ধাৰ্মীক, মৰমীয়াল, মিতব্যয়ী, পৰোপকাৰী,গুণী, ক্ৰীড়াবিদ, বুদ্ধিমান আদি স্বভাৱৰ হয় । বছৰটোৰ আৰম্ভণিতে ৰাশিত কেতু, ষষ্ঠত শনি মঙ্গল, সপ্তমত শুক্ৰ ৰাহু বুধ, গুৰু অষ্টমত ৰবি বৃহস্পতি, কৰ্মত চন্দ্ৰৰ অৱস্হানে শুভাশুভ ফল প্রদান কৰিছে । জ্বৰ কাহ, মধুমেহ, পেটৰ ৰোগ উচ্চ ৰক্ত চাপ, স্নায়ু, চকু ৰোগ আদি ৰোগত ভুগিব লাগিব । ধন সম্পদ বৃদ্ধিত আনন্দ প্ৰাপ্তি । আনৰ হিতৰ বাবে ধন খৰছ হ’ব পাৰে । গৃহ উন্নয়ণত আনন্দ প্ৰাপ্তি । বিদ্যাৰ্থীৰ যশ মান বৃদ্ধি লগতে উচ্চ বিদ্যা প্ৰাপ্তিত সুখ লাভ । পুৰণি ৰোগৰ উপশম হ’ব । মূল্যৱান সম্পদ হানিত মানসিক অশান্তি বাঢ়িব । মূল্যৱান সম্পদ ক্ৰয়ত আনন্দ । দূৰ ভ্ৰমনত সতৰ্ক হ’ব । কৰ্মত দায়িত্ব বৃদ্ধি । ব্যৱসায়ত নতুন যোগাযোগ লাভ কৰিব । কোনো কাৰ্যত অপমানিত হ’ব পাৰে । শুভ ৰং সেউজীয়া, বগা । শুভ সংখ্যা ১, ৫, আৰু ৮, উপাস্য দেৱতা ত্ৰিপুৰা সুন্দৰী।
তুলা ৰাশি (ৰ, ত): তুলা ৰাশিৰ জাতক জাতিকা মাননীয়, সম্পদযুক্ত, মৰমীয়াল, কষ্ট সহিষ্ণু, পৰোপকাৰী, সামাজিক, ক্ৰীড়াবিদ
গুণৱন্ত, পণ্ডিত, দয়ালু স্বভাৱৰ হয়। বছৰটোৰ আৰম্ভণিতে তুলা ৰাশিৰ জাতক জাতিকাৰ জন্ম ৰাশিত পঞ্চম বা বিদ্যা লক্ষ্মী স্থানত শনি মঙ্গল, শত্ৰু স্হানত শুক্ৰ ৰাহু বুধ, সপ্তমত ৰবি বৃহস্পতি, ভাগ্য স্হানত চন্দ্ৰ, ব্যয় স্হানত কেতুৰ অৱস্থানে শুভাশুভ ফল প্ৰদান কৰিছে । ধন খৰছৰ পৰিমান ক্ৰমান্বয়ে বৃদ্ধি হ’ব । ভাতৃৰ লগতে পিতৃ -মাতৃৰ প্ৰতি দুশ্চিন্তা বাঢ়িব । ঘৰুৱা দিশত মানসিক উদ্বেগ বৃদ্ধি যদিও গৃহ উন্নয়ণত আনন্দ প্ৰাপ্তি । ধন সম্পদ বৃদ্ধিৰ যোগ । বিদ্যাৰ্থীৰ সুনাম অৰ্জন যদিও আশা কৰা কাৰ্যত মিশ্ৰিত ফল । ছালৰ ৰোগ, পেটৰ বিষ, বদহজম, ডিঙি ৰোগ, উচ্চৰক্ত চাপ, মূত্ৰাশয় আদি ৰোগত ভুগিব লাগিব । কৰ্মত নতুন সংযোগ লাভ । সামাজিক, আধ্যাত্মিক দিশত প্রশংসা লাভ । ন্যায্য প্ৰাপ্তিত বাধাৰ সন্মুখীন হ’ব লাগিব । ব্যৱসায়ত ধৈৰ্যৰে আগবাঢ়ক । দূৰ ভ্ৰমণত আনন্দ । প্ৰেম প্ৰীতিত মতবিৰোধ । শুভ ৰং বগা,নীলা, চিত্ৰ-বিচিত্ৰ । শুভ সংখ্যা ৬, ৮, উপাস্য দেৱতা ভূৱনেশ্বৰী।
বৃশ্চিক ৰাশি (ন, য) : বৃশ্চিক ৰাশিৰ জাতক জাতিকা জেদী, আত্মকেন্দ্ৰিক, দয়ালু, সামাজিক, ধন সম্পদ যুক্ত, গুণৱন্ত, বুদ্ধিমান আদি স্বভাৱৰ হয় | বছৰটোৰ আৰম্ভণিতে জন্ম ৰাশিৰ চতুৰ্থত শনি মঙ্গল, পঞ্চম বা বিদ্যা স্হানত শুক্ৰ ৰাহু বুধ, ষষ্ঠত ৰবি বৃহস্পতি অষ্টমত চন্দ্ৰ আয় স্হানত কেতুৰ অৱস্হানে শুভাশুভ ফল প্রদান কৰিছে । জ্বৰ, কাহ, জণ্ডিছ, অস্হি, বাত বিষ, পেটৰ ৰোগ আদিত ভুগিব পাৰে । সঞ্চিত ধন হঠাৎ খৰছ হ’ব । ভাতৃ বন্ধুৰ লগত কোনো কাৰ্যত সম্পৰ্ক বিঘ্নিত হ’ব পাৰে । আত্মীয় স্বজন কলহ। পিতৃ- মাতৃৰ প্ৰতি দুশ্চিন্তা । গৃহ উন্নয়ণত সুখ প্ৰাপ্তি । কৰ্ম ক্ষেত্ৰত লবলগীয়া সিদ্ধান্তত সতৰ্ক হ’ব । সাংস্কৃতিক আৰু ক্ৰীড়াৰ লগত জড়িত ব্যক্তিৰ প্ৰশংসা লাভ । নায্য প্রাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে । ব্যৱসায়ত সতৰ্ক হ’ব । প্ৰেমত বিবাদ, ভয় শংকা বাঢ়িব । শুভ ৰং গোলপীয়া, বগা, হালধীয়া । শুভ সংখ্যা ৩, ৯ । উপাস্য দেৱতা বগলামুখী।
ধনু ৰাশি (ধ,ফ,ভ) : ধনু ৰাশিৰ জাতক -জাতিকা গুণী, মাননীয়, ধনৱান, মিতব্যয়ী,বুধীয়ক,সামাজিক, নেতৃত্বশীল, দাৰ্শনিক, পূজনীয় স্বভাৱৰ হয় । বছৰটোৰ আৰম্ভণিতে ধনু ৰাশিৰ জাতক জাতিকাৰ তৃতীয়ত শনি মঙ্গল চতুৰ্থত শুক্ৰ ৰাহু বুধ, পঞ্চমত ৰবি বৃহস্পতি সপ্তমত চন্দ্ৰ, দশমত কেতুৰ অৱস্হানে শুভাশুভ ফল প্রদান কৰিছে। বাতবিষ, বদহজম, মধুমেহ, কাহ-জ্বৰ, চকু ৰোগ, দাঁতৰ ৰোগ আদিত ভুগিব লাগিব । মূল্যৱান সম্পদ ক্ষতি হ’ব পাৰে । সঞ্চিত ধন হঠাৎ খৰছ হ’ব পাৰে। গৃহ উন্নয়ণত আনন্দ প্ৰাপ্তি । ভাতৃ আত্মীয়ৰ লগত কোনো কাৰ্যত মত বিৰোধ হ’ব পাৰে । কাৰ্য্যত বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে । বিপৰীত লিঙ্গৰ প্ৰতি সতৰ্ক হ’ব । বিদ্যাৰ্থীৰ শিক্ষাগত দিশত অগ্ৰসৰ হ’ব যদিও সিদ্ধান্ত গ্ৰহণত সতৰ্ক হ’ব । চাকৰিয়ালৰ পদোন্নতি সৈতে স্থান পৰিৱৰ্তন হ’ব পাৰে । প্ৰেমত মতবিৰোধ, হতাশা । ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি হ’ব পাৰে । শুভ ৰং হালধীয়া,ৰঙা । শুভ সংখ্যা ৩, ৯ ! উপাস্য দেৱতা তাৰা ।
মকৰ ৰাশি (খ , জ) : মকৰ ৰাশিৰ জাতক -জাতিকা গুণৱন্ত, মাননীয়, ধৈৰ্য্যশীল, দয়ালু, মিতব্যয়ী, অভিমানী, ধনৱন্ত, যশস্বী স্বভাৱৰ হয় | বছৰটোৰ আৰম্ভণিতে জন্ম ৰাশিৰ দ্বিতীয়ত শনি মঙ্গল, তৃতীয়ত শুক্ৰ ৰাহু বুধ, চতুৰ্থত ৰবি বৃহস্পতি, ষষ্ঠত চন্দ্ৰ ভাগ্য স্হানত কেতুৰ অৱস্হানে শুভাশুভ ফল প্ৰদান কৰিছে। পেটৰ ৰোগ, স্নায়ু, ডিঙি ৰোগ , মধুমেহ, বাত বিষ আদি ৰোগত ভুগিব লাগিব । আনৰ বাবে ধন খৰচ হ’ব পাৰে। ভাতৃ ভগ্নীৰ লগত কাৰ্য্যত সামান্য মতবিৰোধ। বিদ্যাৰ্থীৰ যশ মান বৃদ্ধি । খৰছৰ পৰিমাণ বৃদ্ধি । ভাতৃ বন্ধুৰ পৰা উপকৃত হ’ব । গৃহ উন্নয়নত সুখ প্ৰাপ্তি । অৱশ্যে উচ্চ শিক্ষাৰ বাবে শুভাকাংক্ষীৰ পৰা সহায়তা লাভ কৰিব। কৰ্মত নতুন যোগাযোগৰ লগতে পদোন্নতি লাভ কৰিব । ব্যৱসায়ত ৰাজ সাহায্য প্ৰাপ্তিৰ যোগ দেখা যায় । বিবাহ প্ৰাৰ্থীৰ শুভ সংযোগ লাভ কৰিব । শুভ ৰং কজলা, নীলা । শুভ সংখ্যা ৫, ৮ । উপাস্য দেৱতা দক্ষিণা কালী।
কুম্ভ ৰাশি (গ,শ ,স) : কুম্ভ ৰাশিৰ জাতক জাতিকা ধাৰ্মিক, দয়ালু, পৰোপকাৰী, সামাজিক, সত্যবাদী মৰমীয়াল, জেদী ,চিন্তাশীল, গৱেষক আদি স্বভাৱৰ হয় । বছৰটোৰ আৰম্ভণিতে জন্ম ৰাশিত শনি মঙ্গল, দ্বিতীয়ত শুক্ৰ ৰাহু বুধ , তৃতীয়ত ৰবি বৃহস্পতি, পঞ্চমত চন্দ্ৰ, অষ্টমত কেতুৰ অৱস্হানে শুভাশুভ ফল প্ৰদান কৰিছে । বাতবিষ, বদহজম, মধুমেহ, জণ্ডিছ, জ্বৰ- কাহ আদি ৰোগত ভুগিব লাগিব । ধন খৰছৰ পৰিমাণ বাঢ়িব । গৃহ কাৰ্য্যত অশান্তি । আত্মীয় স্বজনৰ দুঃসংবাদে মনত কষ্ট দিব । ভাতৃ ক্লেশ। যান বাহন চলাচলত সতৰ্ক হ’ব । বিদ্যাৰ্থীৰ ভয় শংকা বৃদ্ধি যদিও যশ মান বাঢ়িব । উচ্চ শিক্ষা ক্ষেত্ৰত নানা সমস্যাৰ সন্মুখীন হ’ব । অসাধু ব্যক্তিৰ পৰা ধন সম্পদ হানি হ’ব পাৰে । কোনো কাৰ্যত অপমানিত হ’ব পাৰে সতৰ্ক হ’ব । কৰ্ম ক্ষেত্ৰত শুভ সংবাদ লাভ কৰিব। প্ৰেমত ভয়, হতাশা বাঢ়িব । দূৰ ভ্ৰমনত সতৰ্ক হ’ব । শুভ ৰং কজলা, নীলা । শুভ সংখ্যা ৩, ৮ । উপাস্য দেৱতা দক্ষিণাকালী।
মীন ৰাশি (দ, চ) : মীন ৰাশিৰ জাতক জাতিকা মৰমীয়াল, গুণৱন্ত, ধনৱান, মাননীয় পৰোপকাৰী, দাৰ্শনিক, পণ্ডিত , সাহিত্যিক স্বভাবৰ হয় । বছৰটোৰ আৰম্ভণিতে জন্ম ৰাশিত শুক্র ৰাহু বুধ , ধন স্হানত ৰবি বৃহস্পতি, চতুৰ্থত চন্দ্র, সপ্তমত কেতু, দ্বাদশত শনি মঙ্গলৰ অৱস্হানে শুভাশুভ ফল প্রদান কৰিছে । ককালৰ বিষ, পেটৰ ৰোগ,স্নায়ু ৰোগ, জ্বৰ, কাহ, মুখমণ্ডল ,জণ্ডিছ আদি ৰোগত ভুগিব লাগিব। ধন সম্পদ বৃদ্ধি হ’ব । পিতৃ মাতৃৰ দৈহিক পীড়া । বিদ্যাৰ্থীৰ মানসিক অশান্তি বাঢ়িব যদিও প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব । কৰ্মত স্থান পৰিৱৰ্তন হ’ব পাৰে । কাৰ্য্যত পদোন্নতি লগতে প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা যায়। দূৰ ভ্রমণ আৰু যানবাহন চলাচলত সতৰ্ক হ’ব । ধৈৰ্য্য আৰু একাগ্ৰতাৰে কৰ্মত আগবাঢ়ক সফলতা লাভ কৰিব । । মূল্যৱান সম্পদ ক্ষতি হ’ব পাৰে । মাংগলিক কাৰ্য্যত সুখ প্রাপ্তি । ব্যৱসায়ত শুভ সংযোগত লাভৱান্বিত হ’ব । প্ৰেম প্ৰীতিত বন্ধুৰ পৰা পোৱা সহায়ত উপকৃত হ’ব । শুভ ৰং হালধীয়া, ৰঙা । শুভ সংখ্যা ১, ৩, ৬ । উপাস্য দেৱতা তাৰা।