নিজৰ স্তন কাটি কৰ দিয়া এগৰাকী সাহসী নাৰী

নিজৰ স্তন কাটি কৰ দিয়া এগৰাকী সাহসী নাৰী

 

পুতুমা মহন্ত শৰণীয়া

উপযুক্ত ঐতিহাসিক তথ্য আৰু প্ৰমাণৰ অভাৱত অতীজৰ বহু বীৰ বীৰাংগনাৰ জন্ম আৰু তেওঁ লোকে কৰি যোৱা বিৰল ঘটনাৰাজীক আমি কাল্পনিক অথবা কিংবদন্তি হিচাপে গণ্য কৰি উৰুৱাই দিব বিচাৰিলেও নংগেলীৰ বীৰত্বপূৰ্ণ বিৰল সাহসক আমি নিশ্চয় উলাই কৰিব নোৱাৰো । নংগেলী হৈছে কেৰালাৰ এঝাভা সম্প্ৰদায়ৰ এগৰাকী নিৰক্ষৰ বহুজন মহিলা যিয়ে ‘নাৰীৰ শৰীৰ ঢাকি ৰখা’ৰ অধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ প্ৰাণ আহুতি দিছিল, অত্যাচাৰৰ বিৰুদ্ধে এক শক্তিশালী প্ৰতিবাদ সাব্যস্ত কৰিছিল । নাংগেলিৰ কাহিনী বৰ্ণবাদী ইতিহাসৰ এক অপৰিহাৰ্য অংশ আৰু ই প্ৰজন্মৰ পিছত প্ৰজন্মৰ বাবে এক বিৰল প্ৰেৰণাৰ উৎস। এক কথাত তেওঁক সন্মান প্ৰদৰ্শন কৰা মানেই ভাৰতত জাতিভিত্তিক অত্যাচাৰৰ বিৰুদ্ধে চলি থকা সংগ্ৰামক সমৰ্থন কৰা আৰু সন্মান প্ৰদৰ্শন কৰা ।

কোন এই নংগেলী ?
সেয়া জানিবলৈ আমি ঘূৰি যাব লাগিব প্ৰায় ২০০ বছৰ আগৰ এক বৰ্ণবাদী পৰম্পৰাৰ মাজলৈ । সেই পৰম্পৰা হৈছে “উদং বক্ষ” পৰম্পৰা ।

কি এই উদং বক্ষ’ পৰম্পৰা (‘bare-chest’ tradition ) ?

কেৰালাত ২০০ বছৰতকৈও অধিক পূৰ্বে অৰ্থাৎ ১৯ শতিকাৰ ট্ৰেভাংকোৰত ব্যক্তিসকলে উচ্চ মৰ্যাদাৰ লোকৰ উপস্থিতিত নিজৰ বুকুখন উদং কৰি ৰখাৰ প্ৰথা আছিল। এই প্ৰথা পুৰুষ-মহিলা উভয়েই পালন কৰিছিল, নাদাৰ পৰ্বতাৰোহী আৰু এঝাভাসকলৰ দৰে নিম্ন বৰ্ণৰ ব্যক্তিসকলে তেওঁলোকতকৈ উচ্চ বৰ্ণৰ নাইৰ জাতিৰ লোকৰ উপস্থিতিত নিজৰ বুকুখন উদং কৰি ৰাখিবলগীয়া হৈছিল। আনহাতে নাইৰ জাতিয়েও একেধৰণে তেওঁলোকতকৈ উচ্চ বৰ্ণৰ নম্বুদিৰি ব্ৰাহ্মণৰ সন্মুখত একে কাম কৰিব লগা হৈছিল। হিন্দু বৰ্ণবাদী ব্যৱস্থাৰ উচ্চতম স্থানত থকা ব্ৰাহ্মণসকলে কেৱল কোনো দেৱতাৰ সন্মুখতহে নিজৰ বুকুখন উদং কৰি ৰাখিব লাগিছিল। সেয়াই হৈছে “উদং বক্ষ” পৰম্পৰা ।

মুলাক্কাৰম বা “স্তন কৰ”

নিজৰ স্তনযুগল ঢাকি ৰখা দলিত, পিছপৰা আৰু অন্যান্য নিম্নবৰ্গৰ মহিলাসকলৰ ওপৰত এই “স্তন কৰ” আৰোপ কৰা হৈছিল। এই কৰ উচ্চবৰ্ণৰ জমিদাৰসকলে আৰোপ কৰিছিল আৰু ইয়াক স্থানীয় ভাষাত “মুলাক্কাৰম” বা “স্তন কৰ” বোলা হৈছিল । এই কৰত মহিলাসকলে স্তনৰ আকাৰৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট পৰিমাণৰ ধন দিব লাগিছিল। এই অপমানজনক আৰু অন্যায় ব্যৱস্থাই বহু নাৰীক দৰিদ্ৰতা, নিৰ্যাতন আৰু বঞ্চনাৰ মাজত জীয়াই থাকিবলৈ বাধ্য কৰাইছিল। সেই সময়ৰ জাতিভেদ ব্যৱস্থা আৰু লিংগ বৈষম্যৰ স্পষ্ট উদাহৰণ আছিল স্তন কৰ।

সাহসী নাৰী নাংগেলি

সেই সময়তে চেৰথালাৰ এঝাভা সম্প্ৰদায়ৰ নাংগেলি নামৰ এগৰাকী সাহসী মহিলাই, এই অমানৱীয় প্ৰথাক প্ৰতিহত কৰাৰ সিদ্ধান্ত লয়। ১৮০৩ চনত যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভূমিকৰ আৰোপ কৰি ৰাজহ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল, সেই একে সময়তে জমিদাৰৰ প্ৰতিনিধিয়ে অঞ্চলটোৰ সকলো মহিলাক স্তন কৰ দিবলৈ নিৰ্দেশ দিছিল। এই কথাত ক্ষুব্ধ আৰু অপমানিত হোৱা নাংগেলীয়ে এনে অন্যায়ক প্ৰতিহত কৰাৰ সিদ্ধান্ত লয়। ‘থুকাদী’ অৰ্থাৎ ৰাজহ সংগ্ৰাহকসকলে যেতিয়া তেওঁৰ ঘৰলৈ কৰ সংগ্ৰহ কৰিবলৈ গৈছিল (সাধাৰণতে কৰৰ নামত চাউল লোৱা হৈছিল), তেতিয়া কৰৰ পৰিৱৰ্তে নাংগেলীয়ে নিজৰ স্তনযুগল কাটি কৰ সংগ্ৰাহকসকলৰ হাতত তুলি দি এইদৰে কৈছিল “মোৰ স্তনৰ প্ৰয়োজন নাই, লৈ যোৱা, তোমালোকৰ মহাৰজাক দিয়াগৈ।”
এনেদৰেই জাতিভেদ ব্যৱস্থা আৰু অন্যায় কৰ প্ৰতিহত কৰিবলৈ গৈ প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত তেওঁ পিছত মৃত্যুমুখত পৰে। উল্লেখযোগ্য যে নংগেলীৰ স্বামী কন্দপ্পনে পত্নীৰ সিদ্ধান্তক সমৰ্থন কৰি পত্নীৰ চিতাজুইত জপিয়াই নিজকে বলিদান দিছিল।

তেওঁলোকৰ ঘৰটো বৰ্তমান ‘মুলাচিপাৰম্বু’ নামেৰে জনাজাত ৷ মুলাচিপাৰম্বু মানে মালয়ালম ভাষাত দুটা শব্দৰ সংমিশ্ৰণ, য’ত “মুলা”ৰ অৰ্থ ‘স্তন’, আৰু “পৰম্বু”ৰ অৰ্থ হৈছে ‘ভূমি’ বা বসতি’। গতিকে, মুলাচিপাৰম্বুক মোটামুটিভাৱে ‘স্তনভূমি’ বুলি অনুবাদ কৰিব পাৰি। স্তন কৰ বিৰোধিতা কৰা নাংগেলীৰ সৈতে জড়িত হোৱাৰ বাবেই মুলচিপাৰম্বু নামটোৱে ভাৰতৰ দলিত মহিলাসকলৰ অত্যাচাৰ আৰু বৈষম্যৰ বিৰুদ্ধে সংগ্ৰামক প্ৰতিনিধিত্ব কৰি আহিছে। তাইৰ ত্যাগৰ ফলত সৃষ্টি হোৱা প্ৰতিবাদৰ লহৰে পিছলৈ “সমাৰাম” নামেৰেও পৰিচিত “চান্নাৰ লহলা (আন্দোলন)”ক অনুপ্ৰাণিত কৰে।

বিবিচিৰ প্ৰতিবেদন আৰু নাংগেলি পেইন্টিং

‘স্তন কৰ’ৰ সৈতে জড়িত এই নাংগেলী কিংবদন্তিটোৱে ২০১৬ চনত ব্যাপক চৰ্চা লাভ কৰে যেতিয়া বিবিচিৰ ৰিপ’ৰ্টাৰ দিব্যা আৰ্যাই শিল্পী মুৰালী টিৰ দ্বাৰা কিংবদন্তিটোক বিষয়বস্তু হিচাপে লৈ চিত্ৰিত কৰা ধাৰাবাহিক ছবি এখনৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছিল। এই ছবিখনৰ অনুপ্ৰেৰণাৰে যোগেশ পাগাৰেও নাংগেলীৰ ওপৰত আন এখন চুটি ছবি নিৰ্মাণ কৰে ।

চান্নাৰ বিদ্ৰোহ (১৮১৩-১৮৫৯)

“চান্নাৰ বিদ্ৰোহ” যাক “মাৰু মৰাক্কল সমৰাম” বুলিও জনা যায়; ই হৈছে ১৯ শতিকাৰ আৰম্ভণিতে বৰ্তমানৰ কেৰালা ৰাজ্যত সংঘটিত হোৱা এক সৰ্বাত্মক বিদ্ৰোহ । মাৰু মৰাক্কল হৈছে তামিল শব্দ যাৰ অৰ্থ হৈছে ‘স্তন ঢাকি ৰখা’। সমৰাম শব্দৰ অৰ্থ হৈছে ‘সংগ্ৰাম’ বা ‘যুদ্ধ। এই বিদ্ৰোহে নাদৰ সম্প্ৰদায়ৰ মহিলাসকলৰ ‘মেল-মুণ্ডু’ বা শৰীৰৰ ওপৰৰ অংশ ঢাকি ৰখাৰ অধিকাৰৰ দাবী সাব্যস্ত কৰেউচ্চ জাতিৰ মহিলাসকলে, যদিহে আৰু উচ্চ পদবীৰ সম্প্ৰদায়ৰ লোকৰ উপস্থিতিত নহয়, তেওঁলোকৰ স্তন আৰু কান্ধ দুয়োটা ওপৰৰ কাপোৰেৰে ঢাকি ৰাখিছিল। নাদৰ পৰ্বতাৰোহী মহিলাসকলক অৱশ্যে বুকু ঢাকিবলৈ দিয়া হোৱা নাছিল, কিয়নো ইয়াক সমাজত তেওঁলোকৰ নিম্ন মৰ্যাদাৰ চিন হিচাপে গণ্য কৰা হৈছিল। বহুতো নাদৰ পৰ্বতাৰোহীয়ে নিজৰ সামাজিক মৰ্যাদাক লৈ অস্বস্তি অনুভৱ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি “দীঘল কাপোৰ” পিন্ধিবলৈ আৰম্ভ কৰে, যিয়ে পুৰুষ আৰু মহিলা উভয়কে সমান অধিকাৰ প্ৰদান কৰিছিল।

উচ্চ জাতিৰ মহিলাসকলে পুৰুষৰ অনুপস্থিতিত তেওঁলোকৰ স্তন আৰু কান্ধ কাপোৰেৰে ঢাকি ৰাখিব পাৰিছিল। নিম্নবৰ্গৰ মহিলাসকলৰ বাবে অৱশ্যে সেই অনুমতিও নাছিল; কিয়নো ইয়াৰ ফলত তেওঁলোক যে নিম্নবৰ্গৰ সেয়া চিন নোহোৱা হৈ যোৱাৰ আশংকা আছিল। বহুতো নাদৰ পৰ্বতাৰোহী সম্প্ৰদায়ে নিজৰ সামাজিক মৰ্যাদাক লৈ অস্বস্তি অনুভৱ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি “দীঘল কাপোৰ” পিন্ধিবলৈ আৰম্ভ কৰে, যিয়ে পুৰুষ আৰু মহিলা উভয়কে সমান অধিকাৰ প্ৰদান কৰিছিল।
এনেদৰেই নাদৰ বৰ্ণৰ অধিক সংখ্যক লোকেই খ্ৰীষ্টান ধৰ্মৰ ফালে ধাবিত হ’বলৈ লৈছিল আৰু তেওঁলোকে পৰম্পৰাগতভাৱে ব্ৰাহ্মণ মহিলাসকলে পিন্ধা “স্তন কাপোৰ” পিন্ধিবলৈ আৰম্ভ কৰিছিল। এইটো আছিল এক উল্লেখযোগ্য পৰিৱৰ্তন, কিয়নো ইয়াৰ দ্বাৰা তেওঁলোকৰ আত্মমৰ্যাদা প্ৰতিষ্ঠা হৈছিল । তদুপৰি পৰম্পৰাগতভাৱে চলি অহা শ্ৰেণী বৈষম্য তথা নাৰীৰ প্ৰতি থকা দমনমূলক ৰীতিৰ বিৰুদ্ধে গঢ় লোৱা সংগ্ৰামক মাত্ৰা প্ৰদান কৰিছিল ।

নাদৰ সম্প্ৰদায়ৰ মহিলাসকলে স্তন ঢাকি ৰখাৰ অধিকাৰ সাব্যস্ত কৰাৰ সংগ্ৰামত ট্ৰাভাংকোৰ চৰকাৰৰ পক্ষৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সমুখীন হৈছিল । ১৮১৩ চনত ব্ৰিটিছ দেৱানৰ পৰা প্ৰথমে স্তনযুগল ঢাকি ৰখাৰ অনুমতি লাভ কৰাৰ পিছতো ৰজাৰ পৰিষদৰ সদস্যসকলৰ প্ৰতিৰোধৰ বাবে পিছলৈ এই আদেশ প্ৰত্যাহাৰ কৰে ব্ৰিটিছ দেৱানে । উচ্চবৰ্ণৰ লোকসকলে আশংকা কৰিছিল যে ইয়াৰ ফলত সমাজত “জাতিগত পাৰ্থক্য নিঃশেষ” হৈ যাব আৰু সমাজত ব্যাভিচাৰ হ’ব ।

সামন্তবাদীসকলৰ নিৰ্যাতন আৰু বিৰোধিতা সত্ত্বেও মহিলাসকলে প্ৰতিবাদ অব্যাহত ৰাখে । ইয়াৰ ফলত ১৮২০ চনত নাদৰ মহিলাৰ ওপৰত হিংসা বাঢ়ি যায়, প্ৰতিবাদৰ সময়ত বহু বিদ্যালয় আৰু গীৰ্জা জ্বলাই দিয়া হয় ।

১৮২৯ চনত ট্ৰাভাংকোৰ ৰাণীয়ে ঘোষণা কৰি নাদৰ মহিলাসকলক ওপৰৰ কাপোৰ পিন্ধাৰ অধিকাৰৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত কৰে। ১৮৫৯ চনলৈ স্তন ঢাকি ৰখাৰ অধিকাৰৰ বাবে নাদৰ মহিলাসকলৰ সংগ্ৰাম নিৰন্তৰ অব্যাহত থাকে । ১৮৫৮ চনত ট্ৰেভানকোৰৰ কেইবাঠাইতো সৃষ্টি হোৱা হিংসাত্মক অশান্তিৰ পৰিণাম স্বৰূপে ট্ৰেভাংকুৰৰ ৰজাই অৱশেষত ১৮৫৯ চনৰ ২৬ জুলাইত মহিলাসকলৰ সপক্ষে ৰায় ঘোষণা কৰিবলৈ বাধ্য হয় ।

মাদ্ৰাজৰ গৱৰ্ণৰ চাৰ্লছ ট্ৰেভেলিয়ানৰ হেঁচাত হোৱা এই ঘোষণাই অৱশেষত সকলো নাদৰ মহিলাক খ্ৰীষ্টান নাদাৰৰ দৰে জেকেট পিন্ধি অথবা মুক্কাভাট্টিগালৰ দৰে (মাছমৰীয়া মহিলা) শৰীৰৰ ওপৰৰ অংশত মোটা কাপোৰ বান্ধি স্তন ঢাকি ৰখাৰ অধিকাৰ প্ৰদান কৰে । কিন্তু তেতিয়াও তেওঁলোকক উচ্চ শ্ৰেণীৰ নাইৰ মহিলাৰ ষ্টাইলত স্তন ঢাকিবলৈ দিয়া হোৱা নাছিল।
লিংগ সমতাত বিশ্বাস কৰা আৰু সকলো পুৰুষ-মহিলাক সমান বুলি ভবা মিছনেৰীসকলৰ বাবে এই কথাটো সন্তোষজনক নাছিল । যি নহওক, বাধা-নিষেধৰ মাজতো নাদৰ মহিলাসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰি থাকিল আৰু উচ্চ শ্ৰেণীৰ হিন্দু মহিলাসকলৰ শৈলীৰ সৈতে মিল থকা এক নিজস্ব পৰিধানৰ শৈলী গঢ়ি তুলিলে, যিটোক একাংশ উচ্চ বৰ্ণৰ হিন্দুৱে মিছনেৰীসকলৰ প্ৰৰোচনা হিচাপে গণ্য কৰিছিল।

যদিও প্ৰাথমিকভাবেএই ঘোষণা নাদৰ মহিলাসকলৰ বাবে এক উল্লেখযোগ্য সফলতা আছিল, তথাপিও ১৯১৫-১৯১৬ চনলৈকে এই সংহিতা বৈষম্যমূলক আছিল, আৰু ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল আয়ংকালী নামৰ এগৰাকী সমাজ সংস্কাৰক আৰু দলিত নেত্ৰীয়ে; যিয়ে সেই সময়ত দলিত আৰু নাৰী অধিকাৰৰ যুঁজত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। নাদৰ মহিলাসকলে নিজৰ স্তন ঢাকি ৰখাৰ অধিকাৰৰ বাবে কৰা সংগ্ৰাম কেৰালাৰ ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি আছিল, যিয়ে লিংগ সমতা আৰু সামাজিক ন্যায়ৰ যুঁজত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত কৰিছিল।

আজি সাধাৰণতে মূলসুঁতিৰ কেৰালাৰ দলিতসকলে আন যিকোনো সম্প্ৰদায়ৰ দৰেই একে মৰ্যাদা লাভ কৰে। তেওঁলোকে উপযুক্ত শিক্ষাৰ সুবিধা লাভ কৰে আৰু ভাল দৰমহা পোৱা চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ চাকৰিৰ সুবিধা লাভ কৰে। শিক্ষা আৰু চাকৰিৰ বাবে কঠোৰ সংৰক্ষণ নীতিয়ে পিছপৰা নিপীড়িত সম্প্ৰদায়টোক অন্যান্য শ্ৰেণীৰ সমতুল্য হ’বলৈ তথা নিজৰ মানদণ্ড উন্নীত কৰাত সহায় কৰিছে।

বিভিন্ন ইতিহাসবিদে নাংগেল চৰিত্ৰটোকলৈ বিভিন্ন দৃষ্টিভংগী নিক্ষেপ কৰি আহিলেও এটা কথা ঠিক যে এক জঘন্য পৰম্পৰাৰ বিৰুদ্ধে গ্ৰহণ কৰা নাংগেলৰ প্ৰতিবাদী ভাষা সকলো নাৰীৰ বাবেই সাহস আৰু অনুপ্ৰেৰণাৰ প্ৰতীক হৈ ৰ’ব চিৰকাল । …

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *