,এই সংখ্যাৰ অতিথি
✍️ সাক্ষাৎগ্ৰহণঃ জবা দাস
*বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ জন্ম, শিক্ষা, পেচা, দাম্পত্য জীৱন ইত্যাদি৷*
উত্তৰ: নমস্কাৰ। সৰ্ব প্ৰথমে বিন্দুৰ পৰিয়াল বৰ্গলৈ হিয়া ভৰা কাব্যিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে বিন্দুৰ সমূহ পাঠক, শুভাকাংক্ষীলৈ অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহুৰ ওলগ জনালোঁ আৰু নৱ বৰ্ষৰ শুভ কামনা জনালোঁ। নতুন বছৰে সকলোৰে বাবে অনাৱিল সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক।
মই এই সুন্দৰ পৃথিবীৰ অংশ হোৱাৰ মুহূৰ্তত ভূমিষ্ঠ হৈছিলোঁ যোৰহাটৰ ৰজা মৈদামত। পিতৃ স্বৰ্গীয় ৰমেশ চন্দ্ৰ বৰুৱাৰ ঔৰষত আৰু মাতৃ স্বৰ্গীয় লিলি দত্ত বৰুৱাৰ গৰ্ভত । মোক ধাৰণ কৰা মাতৃয়ে খুব সৰুতেই আমাৰ পৰিয়ালটিক দুখৰ সাগৰত পেলাই স্বৰ্গ প্ৰাপ্তি কৰিছিল। তেতিয়া মোৰ বয়স আছিল মুঠেই সাত বছৰ। মোৰ শৈশব বৰ সুখকৰ নাছিল। মোৰ জন্মৰ আগতে মা দেউতাৰ ডাঙৰ পুত্ৰ সন্তানজনৰ মৃত্যু ঘটে। তাৰ পাছত বাইদেউ দেৱযানী বৰুৱা হাজৰিকাৰ জন্ম হয় ( বৰ্তমান যোৰহাটৰ সৰ্বাইবন্ধাৰ বাসিন্দা)। কিয় নাজানো, দেউতা হতাশ হৈছিল। পুত্ৰ বিয়োগৰ পিছত তেওঁ বোধহয় ল’ৰা সন্তান কামনা কৰিছিল। বাইদেউক তথাপিও মন প্ৰাণ সঁপি মৰম- আদৰ কৰিছিল বৰ জীয়াৰী হিচাপে। মোৰ যেতিয়া জন্ম হৈছিল, দেউতা সুখী নাছিল বুলি ডাঙৰ হোৱাৰ পিছত আইতাহঁতে কোৱা শুনিছিলোঁ। সেয়ে বিশেষ মৰম আদৰ অবিহনে ডাঙৰ হৈছিলোঁ যদিও আইৰ মৰমৰ মাজত অভাৱ অনুভব কৰা নাছিলোঁ। কিন্তু পিছলৈ দেউতাক এজন দায়িত্বশীল মৰমীয়াল পিতৃ হিচাপে মই আৱিষ্কাৰ কৰিছিলোঁ। কাৰণ আইৰ মৃত্যুৰ পিছত তেওঁ সন্তান দুটিকে সাৱটি বাকী থকা জীৱন পাৰ কৰিছিল। দ্বিতীয় বিবাহৰ বাবে দুয়ো পৰিয়ালে জোৰ দিছিল যদিও তেওঁ অমান্তি হয়। পিছে নিয়তিয়ে আইক আমাৰ পৰা কাঢ়ি নিলে। মই পুনৰ নিঠৰুৱা হৈ পৰিছিলোঁ । তেনেকুৱা সময়তে আইতায়ো (মোৰ দেউতাৰ মাক) আমাক এৰি অজান দেশলৈ গুচি যায়। দেউতা মই আৰু বাইদেউ অনাথ যেন হৈ পৰিলোঁ। আমি দুয়ো তেতিয়া নিচেই সৰু। মোৰ বয়স প্ৰায় সাত বছৰ আৰু বাইদেউৰ ন বছৰ হৈছিল। দেউতা নিজৰ কৰ্ম ক্ষেত্ৰলৈ গ’লে আমাৰ দায়িত্ব লোৱা মানুহ কোনো নাছিল। সেয়ে আমাক মামাই তেওঁৰ ঘৰতে (যোৰহাটৰ টিয়ক)ডাঙৰ হ’বলৈ বুলি লৈ আহে। দুয়োগৰাকী মামাই, ক্ৰমে শ্ৰীৰত্নেশ্বৰ দত্ত আৰু শ্ৰী সোমেশ্বৰ দত্তই পিতৃৰ দ্বায়িত্ব পালনৰ বাবে সাজু হ’ল আৰু আইতা ( মাৰ মাক) ই মাতৃত্বৰ উমেৰে আমাক সাৱটি ল’লে। অতি দুখৰ কাৰণ যে মোৰ শ্ৰদ্ধাৰ দেউতাও আজিৰ পৰা প্ৰায় পোন্ধৰ বছৰৰ আগত স্বৰ্গগামী হয় ।
প্ৰাথমিক শিক্ষাৰ বাবে যোৰহাটৰ কল্যাণ সংঘ নামৰ প্ৰাথমিক বিদ্যালয় ( ৰজা মৈদামৰ কাষত) ত নাম ভৰ্তি কৰাই দিছিল যদিও আধাতে টিয়কলৈ গুচি অহাত বাকী শিক্ষা তাতেই গ্ৰহন কৰা হয়। ক্ৰমে টিয়ক হাইস্কুল আৰু টিয়ক চন্দ্ৰ কমল বৰুৱা মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰি পঢ়া সিমানতে সামৰণি পৰে। বৰ্তমান মই অসম চৰকাৰৰ এগৰাকী কৰ্মচাৰী হিচাপে মোৰ কৰ্তব্য পালন কৰি আহিছোঁ। পৰিয়ালৰ সদস্য বুলিবলৈ মোৰ স্বামী শ্ৰীদুগ্ধ শইকীয়া, তেওঁ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী। একমাত্ৰ পুত্ৰ শ্ৰী মাধুৰ্য প্ৰতীম শইকীয়া, শিক্ষা বিভাগৰ কৰ্মচাৰী আৰু 2023 চনত আমাৰ ঘৰলৈ লখিমী কৰি আদৰি অনা শ্ৰী পূজা ৰাজকুমাৰী এগৰাকী শিক্ষয়িত্ৰী। শাহু আই আৰু শহুৰ দেউতাই ইহ সংসাৰ ত্যাগ কৰিছে। দাম্পত্য জীৱনত মই সুখী আৰু এগৰাকী সফল পত্নী আৰু মাতৃ বুলি দাবী কৰিব পাৰোঁ।
*বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো৷ কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল?*
উত্তৰঃ লেখাৰ চৰ্চা স্কুলীয়া দিনৰ পৰাই আছিল। তেতিয়াৰ ৰহস্য, বিস্ময়, প্ৰান্তিক, মৌচাক , চান্দ মামা আদি আলোচনীবোৰৰ নিয়মীয়া পাঠক হৈ সাহিত্যৰ প্ৰেমত পৰিছিলোঁ। নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই “বোৱাৰী” নামৰ একাংকিকা নাটক ৰচনা কৰি টিয়ক হাইস্কুলৰ “বিদ্যালয় সপ্তাহ”ত মঞ্চস্থ কৰি তাত অভিনয়ো কৰিছিলোঁ। শ্ৰদ্ধাৰ স্বৰ্গীয় তাৰা বৰুৱা চাৰ প্ৰধান শিক্ষক আছিল। ভূৱন চাৰ, কিৰণ চাৰ, স্নেহলতা বাইদেউ আদিয়ে ভূয়সী প্ৰশংসা কৰিছিল। তেতিয়াৰ দিনত নাটক লেখা বা লেখা-মেলা কৰাটো যে এটা ভাল কাম সেয়া বুজি পোৱা হোৱা নাছিলোঁ বা কোৱা মানুহো নাছিল। কাজেই নাটকখন সংৰক্ষণ কৰা নহ’ল। ইয়াৰ পিছত “কাঁৰ্গিল” “ন বোৱাৰী” “ঘাট মাউৰা” নামেৰে তিনিখন নাটক ৰচনা কৰি মইনা পাৰিজাতৰ বাৰ্ষিক অধিবেশনত মঞ্চস্থ কৰা হৈছিল। দুখৰ কথা যে নাটকসমূহ হয়তো বৰ্তমানো চলি আছে বা হেৰাই গৈছে, মোৰ লগত একো তথ্য নাই। সাক্ষী হিচাপে টিয়কৰ পুৰনি মানুহখিনিৰ মনত হয়তো আছে।
বিদ্যাল়য় আৰু মহা বিদ্যালয়ৰ শিক্ষা শেষ কৰাৰ পিছতে শ্ৰীযুত শইকীয়াৰ লগত বিবাহ পাশত আবদ্ধ হওঁ। অলপ দিনৰ বাবে গৃহস্থী ধৰ্ম পালন কৰি সাহিত্য চৰ্চাৰ পৰা আঁতৰি কেৱল ঘৰ সংসাৰত ব্যস্ত হৈ পৰোঁ। সন্তানৰ লালন পালন, ঘৰুৱা কাম কাজ আদিৰ লগতে নিত্য-নৈমিত্তিক কৰ্তব্য পালন কৰি তাৰ মাজত কেৱল নতুন নতুন কিতাপ আলোচনীৰ সোৱাদ লোৱাত কোনোদিনে কৃপনালি কৰা নাছিলোঁ। সেইবাবেই চাগে’ স্বামী দেৱতাৰ আগ্ৰহ আৰু পুত্ৰৰ সহযোগীতাৰে 2019 চনত নিজাকৈ এখন আলোচনী প্ৰকাশ কৰাৰ কথা ভাৱি “আত্মপ্ৰত্যয়ৰ পাটকাই” নামৰ তিনিমহীয়া আলোচনীখনৰ জন্ম দিলোঁ। সম্পূৰ্ণ সহযোগীতা দিলে উপদেষ্টা শ্ৰী গুণিন্দ্ৰ নাথ গগৈ আৰু শ্ৰী জয়ন্ত শৰ্মাই। তাৰ আগলৈকে বিভিন্ন কাকত আলোচনীৰ পাতত দুই এটা কবিতা প্ৰকাশ হৈ আছিল। কিন্তু 2016 বৰ্ষৰ পৰা নিয়মীয়াকৈ চৰ্চা কৰিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈ এই ধাৰা অব্যাহত ৰাখিছোঁ যদিও চৰ্চা তেনেই সীমিত যেন হে অনুভব হয়।
*বিন্দু : এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে?অলপ বিস্তাৰিত ভাৱে কওক চোন !*
উত্তৰঃ সীমিত পৰিমাণৰ জ্ঞানক আধাৰ হিচাপে লৈ 2018 চনৰ জুলাই মাহত প্ৰথমখন কবিতা পুথি “মই ধৰ্ষিতা হ’লো” ছপা আকাৰত প্ৰকাশ কৰা হয়। উল্লেখযোগ্যভাবে এই পুথিখনে শ্ৰেষ্ঠ পাণ্ডুলিপি খিতাপ অৰ্জন কৰে (নাটক কেইখনৰ পিছত প্ৰকাশ হোৱা প্ৰথম খন পুথি)। ইয়াৰ পিছত 2020 চনত প্ৰথমখন ৰহস্য গল্পৰ সংকলন “বঙহৰদেউ”, একেই বছৰৰ নবেম্বৰ মাহত অন্য খন ৰহস্য গল্পৰ সংকলন “এৰাসুতি” আৰু এখন পুৰুষবাদী কথাকবিতাৰ পুথি “পুৰুষ” প্ৰকাশ পায়। ৰহস্য গল্পৰ সংকলন দুখন প্ৰকাশ হোৱাৰ পিছত গল্পৰ ক্ষেত্ৰখনত সোমাই পৰিলোঁ। অৰ্দ্ধ আকাশ নামৰ ফেচবুক পেজত অসংখ্য পাঠকৰ সমাদৰ লাভ কৰি উৎসাহিত হ’লো। কিতাপ কেইখন ৰাইজে বিপুল ভাৱে আদৰি লৈছিল। তেনে সময়ত ফেচবুক পেজবোৰত গল্প লিখা এটা নিচা হৈ পৰে; কিন্তু সেই সময়ত এটা ঘটনা ঘটে। মোৰ এটা চুটি গল্পৰ হুবহু নকল কৰি এগৰাকী স্বনাম ধন্য লেখিকাই প্ৰতিযোগিতাত অংগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰে। মই এই কথা বহুত পলমকৈ জ্ঞাত হওঁ। তেতিয়াৰে পৰা ফেচবুকত গল্প লিখা এৰি দিলোঁ। কবিতা লিখিবলৈও প্ৰায় কমাই দিয়াৰ দৰেই হৈছে। কবিতা লিখাৰ পিছত অনুভব হয়, যেন কবিতাটিত কৰোবাৰ প্ৰভাৱ পৰিছে, যেন হুবহু মিলি পৰিছে, ফলত মনতে অসন্তুষ্টি আহে। সমাজৰ জ্বলন্ত সমস্যাসমূ্হৰ উপৰত প্ৰবন্ধ লিখা আৰু প্ৰতিকাৰৰ বাবে কিবা এটা সংযোগ কৰিব পৰাটোৱে বৰ্তমান ভাল লগা বিষয় হৈ আহিছে। মোৰ লেখা বিভিন্ন বাতৰি কাকত আলোচনীৰ পাতত প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিয়া কাকত আলোচনীৰ গোষ্ঠীসমূহলৈ বিন্দুৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ অসম, খবৰ, দৈনিক জনমভূমি, গনঅধিকাৰ, দৈনন্দিন বাৰ্তা, নিয়ামিয়া বাৰ্তা, জখলা, শব্দ সাঁকো, বকিয়া , ছন্দগুচ্ছ, বিৰিণা, জাৰ্নেলিষ্ট বাৰ্তা, ৰণাংগন, সাদিন, অসম আদিত্য, ৰঙীলি বাৰ্তা, ৰ’দালি, ৰহস্য, প্ৰান্তিক আদিৰ লগতে বিভিন্ন স্মৰণিকা আদিত গল্প , কবিতা, প্ৰবন্ধ আদি প্ৰকাশ পাইছে। চুটি গল্প “কহয় মাধৱ দাসে, মানুহে মানুহে আছে” ৰ পৰা নিউজ ট্ৰেক অসম চেনেলে এখন চুটি ছবি নিৰ্মান কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিলে। পৰিচালক প্ৰশান্ত কুমাৰ বৰা। এই অভাজনৰ সম্পাদিত গ্ৰন্থ: তেজ, পাটকাই, নাজিৰা টিং তামূলী পৰ্যটন উৎসৱ, জেৰেঙা, হাচতি, লাভলিনা, তিনিচুকীয়া জিলা কবি সন্মিলনৰ মুখপত্ৰ “আলোক” , আৰু কাব্য পুথি “কৰুণা”। বৰ্তমান “জেৰেঙা_ 2024 ” ৰ কাম চলি আছে আৰু “হাচতি 2024″ ৰ সম্পাদনাৰ কাম হাতত আছে। 2018 চনত পৰিকল্পনা কৰা মোৰ সপোনৰ আঁচনি ” পাটকাই”ৰ 2019 চনৰ জানুৱাৰী মাহত ছপা আকাৰত আত্ম প্ৰকাশ ঘটে। সেই সময়ত ডিগবৈৰ বৌদ্ধিক মহলৰ দুই একে এই কামটো বৰ ভাল পোৱা নাছিল। এগৰাকী মহিলাই এখন আলোচনী প্ৰকাশ কৰাৰ কথা ভবাটো তেওঁলোকৰ বাবে হয়তো সহজে ল’ব পৰা বিষয় নাছিল। প্ৰত্যাহ্বান আহিছিল আলোচনীখনৰ বাবে। সাহস হৈ ঠিয় দিছিল উপদেষ্টা দুয়োগৰাকী আৰু পৰিয়ালৰ সদস্যসকল। 2019 চনৰ পৰা 2023 চনলৈ নিয়মীয়া গতিত আলোচনীখন প্ৰকাশ পায় আহিছে। 2024 চনৰ প্ৰথম সংখ্যাৰ কাম চলি আছে। এই আলোচনীৰ দ্বাৰা নতুন লেখক-লেখিকাসকলক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হৈছে আৰু মই ভাবোঁ বিষয়টোত পাটকাই গোষ্ঠী সফল হৈছে। অসমৰ যিকোনো জিলাৰ পৰা প্ৰেৰণ কৰা লেখা ইয়াত প্ৰকাশ কৰা হয়। কবিতাৰ জগতখনত নৱ প্ৰজন্মৰ কবিসকলক আগুৱাই নিবলৈ তিনিচুকীয়া জিলাত অসম কবি সন্মিলনৰ জিলা গঠন কৰা হৈছিল। জিলাখনৰ চুকে কোনে সোমাই থকা, কাৰো দৃষ্টিত নপৰা কবিসকলক আলোচনীৰ পাতৰ পৰা আৰু কেতিয়াবা ফেচবুকৰ পৃষ্ঠাৰ পৰা উলিয়াই আনি এক গোট কৰি চৰ্চাৰ বাবে এডোখৰ ঠাই তৈয়াৰ কৰি দিয়াক লৈ কবিসকলৰ মাজত বেছ উৎসাহ দেখা পাইছোঁ আৰু মই সুখী হৈছোঁ।
*বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি? বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে তেওঁলোকে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে?*
উত্তৰঃ মোৰ দৃষ্টিত সাহিত্য কেৱল সমাজৰ দাপোন নহয়, সাহিত্য হ’ল এটা জাতিৰ ধৰূহৰ। জাতিটোৰ ইতিহাস, বীৰত্ব, গৌৰৱ, জাতিৰ স্বকীয়তা, জাতিৰ স্বভিমান এই সকলো সাহিত্যৰ দ্বাৰা প্ৰকাশ হয়। আনহাতে সমাজ জীৱনৰ প্ৰতিটো ধাৰা, আবেগ অনুভূতি, আকাংক্ষা সাহিত্যৰ মাধ্যমে এখন সমাজৰ পৰা অন্য এখন সমাজলৈ প্ৰেৰণ কৰাৰ এক উত্তম আহিলা হিচাপে কাম কৰে। সাহিত্য অবিহনে সমাজ শূন্য।
বৰ্তমান অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনক লৈ মুঠেও সন্তুষ্ট নহও। হয়, বৰ্তমান সাহিত্য সংস্কৃতিৰ উত্তৰণ ঘটিছে। বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিছে। কিন্তু তাৰ মাজতো যেন কৰবাত নহয় কৰবাত অসমৰ সাহিত্য সংস্কৃতিয়ে স্বকীয়তা হেৰুৱাই পেলাইছে। সাহিত্য জগতখনত সৃষ্টিৰ তুলনাত বঁটাবাহনৰ প্ৰয়োভৰ বাঢ়িছে। এচাম অসাধু বেপাৰীৰ কবলত সাহিত্য জগতখন চেপা খাই আছে। ইয়াৰ বাবে জগৰীয়া লেখকসকলক কৰিম। সস্তীয়া জনপ্ৰিয়তা বিচাৰি বঁটা লাভ কৰিবলৈও বক্ৰ পথত ভৰি দিয়ে। যাৰ বাবে সাহিত্য চৰ্চাতকৈ গ্লেমাৰ বিচাৰি দৌৰা বেছি হৈছে। সংস্কৃতিৰ ক্ষেত্ৰখনত এই গ্লেমাৰ বিচাৰি একাংশই অপ সংস্কৃতিৰ সংযোগ কৰিছে। গীতৰ কথাত আধুনিক প্ৰভাৱ পৰিবই লাগিব , সেইবুলি কৰ্ণত বিন্ধা কিছূমান শব্দ প্ৰয়োগ কৰি সংস্কৃতি ৰক্ষা হ’ব জানো! গছ তলৰ বিহু মঞ্চ পোৱালৈকে আমি মানি ল’ব পাৰোঁ, ই সময়ৰ আহ্বান। কিন্তু সেইবোৰ জেঠ আহাৰ মাহলৈ যদি মঞ্চত উদযাপন হৈ থাকে তেনে বিহুৰ স্বকীয়তা হেৰায়। আমাৰ পুৰনি গীত-মাত, নৃত্যসমূহৰ চৰ্চা কমি আহিছে, তাৰ ঠাইত কিছূমান অদ্ভুত ধৰণৰ গীত- মাতে ঠাই লৈছে। আইনাম, কুঁৱৰী নাম, নিচুকনি গীত আজিৰ প্ৰজন্মৰ কেইজনে চৰ্চা কৰে ? ইয়াৰ মাজতে কিন্তু দিহানামৰ চৰ্চাই শেহতীয়া ভাৱে কিছু অগ্ৰাধিকাৰ পোৱা দেখা গৈছে। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অধিক সাধনা কৰাৰ প্ৰয়োজন আছে। দিনটোৰ ভিতৰত ১০/১২ টাকৈ কবিতা লিখা আৰম্ভ হৈছে, এনেধৰনৰ প্ৰতিযোগিতাক আমি প্ৰশ্ৰয় দিয়া উচিত নহয়। কবিতা হ’ল “মনৰ নিভৃত কোণৰ পৰা নিগৰি ওলোৱা অনুভূতি” । কবিৰ আকুল হৃদয়ৰ টানে কেতিয়া কবিতাৰ ৰূপ লয় কোৱা টান। দেখা গৈছে “বিষয়” ভিত্তিক কবিতা লিখিবলৈ প্ৰেৰণা দি কবিতা পুথি প্ৰকাশ কৰে। এইটো মোৰ মতে শুদ্ধ কথা নহয়। উদাহৰণ স্বৰূপে,নিৰিবিলি প্ৰাকৃতিক সৌন্দৰ্য পান কৰি কবিৰ মুখৰ পৰা স্বত্স্ফুতভাবে ওলাব “সেউজীয়া চুমি থকা নীলা আকাশখনত, সৌ কুৰা কিহৰ জুই” । পাঠকে নোকোৱাকৈ বুজি পাব সেয়া বিয়লি বেলিৰ ৰং। যদি বিষয় দিয়া যায়,,,, “আৱেলিৰ কবিতা” হয়তো এই অনুভূতি সেই সময়ত নাহিবও পাৰে। সাহিত্য কেৱল শব্দ বা বাক্যৰ প্ৰয়োগ নহয়। সাহিত্যৰ দ্বাৰা সমাজলৈ বাৰ্তা প্ৰেৰণ কৰা, সমাজখন সংস্কাৰিত কৰাৰ কামো কৰিব পাৰিব লাগিব। সাধনাই পৰিপক্কতা আনে। সেয়ে প্ৰতি ক্ষেত্ৰতে সাধনা অতি প্ৰয়োজন।
*বিন্দুঃ এগৰাকী কবি, লেখিকা হিচাপে আপুনি আপোনাৰ সৃষ্টিত কোনবোৰ কথাক প্ৰাধান্য দিয়ে?*
উত্তৰঃ যাৰ জীৱনত প্ৰেম নেথাকে, সেইজন হয় দানৱ নহয় ৰবট। যি জীৱনত প্ৰেমৰ কবিতা লিখা নাই, তেওঁ একোৱেই লিখা নাই বুলি ভাবোঁ। মোৰ সৃষ্টি প্ৰেমৰ অনুভূতি, বিৰহ, বেদনাৰ পৰা আৰম্ভ হৈছিল। আকাংক্ষা আৰু যন্ত্ৰণা সমূহীয়াকৈ প্ৰকাশ পোৱাৰ সমান্তৰালকৈ অনুভব কৰিলোঁ, এগৰাকী নাৰী যিদৰে নিৰ্যাতনৰ বলি হয়, পুৰুষজনো হ’ব পাৰে। সেই সময়ত পুৰুষৰ আবেগ অনুভূতি অধ্যয়ন কৰি “পুৰুষ” নামৰ কথা কবিতাৰ পুথিখন ৰচনা কৰিছিলোঁ। সমাজত নিৰ্যাতিত পুৰুষ মোৰ প্ৰিয় বিষয় আছিল। লগতে সমাজৰ জ্বলন্ত সমস্যাসমূ্হৰ ওপৰত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰি, সেই সেই বিষয়সমূহ মুখ্য ৰূপত লৈ যিকোনো উত্তম সৃষ্টি কৰিব পাৰোঁ নেকি চেষ্টা কৰোঁ। মোৰ ইচ্ছা কলমৰ আগে জুই নিগৰিত হওক আৰু সেই জুইত সমাজৰ কালীমাবোৰ নাশ হওক।
*বিন্দুঃ নিজে অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক হিচাপে নতুন কবিসকলৰ কবিতাত কি দেখিছে আপুনি? আজিৰ কবিৰ কবিতাত কিহৰ সন্ধান নিহিত থকা লক্ষ্য কৰিছে আপুনি?*
উত্তৰঃ অসম কবি সন্মিলন এনে এখন মঞ্চ য’ত নতুন কবিসকলক অধিক গুৰুত্ব প্ৰদান কৰা হয়। তেওঁলোকক লিখিবলৈ উৎসাহিত কৰা হয় আৰু লেখাসমূহ ৰাইজৰ মাজত উলিয়াই দিয়া হয়। কিন্তু কেইজমানৰ বাহিৰে প্ৰায় নতুন কবিসকল এতিয়াও গছ, ফুল, পাত, আকাশ, নদী আদিত সাঁতুৰি থকা দেখা গৈছে। সাহসী কবিৰ অভাৱ অনুভব হৈছে। সমস্যা জৰ্জৰিত পৃথিৱীৰ সমস্যাসমূ্হ কবিতাৰ জৰিয়তে পঠকক দিবলৈ এতিয়াও বাকী আছে। জাতীয় প্ৰেমত উদ্বুদ্ধ কৰিব পৰা লেখা বিচাৰি পোৱা টান হৈ পৰিছে। নাৰীৰ সমস্যাসমূহ, বাল্য বিবাহ, ধৰ্ষণ, নাৰী নিৰ্যাতন আদিবোৰ এতিয়াও নতুন কবিসকলৰ কলমত কমকৈ নিগৰি ওলোৱা দেখা গৈছে। “এখন তৰোৱালত কৈ এটা কলম বেছি শক্তিশালী” বোলা কথাষাৰ নতুন কবিসকলে উপলব্ধি কৰিবলৈ যেন আৰু অলপ বাকী । আজিৰ কবিতাত সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ বাৱে দুৰ্বল শব্দ চয়ন ব্যবহাৰ কৰা আৰম্ভ হৈছে। উদাহৰণ স্বৰূপে এগৰাকী নাৰী ধৰ্ষিতা হ’লে, ধৰ্ষণৰ চিত্ৰ আঁকি কবিতা ৰচনা হয় যাৰ পৰা সমাজত একো উপকাৰ নহয়। কিন্তু সেই একেজন কবিয়ে যদি সেই ধৰ্ষণৰ বিৰোধ কৰি কবিতা ৰচনা কৰে, সজাগতা অনাৰ বাবে কবিতা ৰচনা কৰে তেন্তে সমাজলৈ এটা বাৰ্তা৮ যাব।
*বিন্দুঃ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ অধিক প্ৰশস্ত হৈছে বুলি ভাবেনে? আপোনাৰ দৃষ্টিত সামাজিক মাধ্যমৰ এটা ভাল দিশ আৰু এটা বেয়া দিশৰ বিষয়ে কওকচোন৷*
উত্তৰঃ হৈছে। সামাজিক মাধ্যম এনে এটা প্লেট ফৰ্ম য’ত তাৎক্ষণিক ভাৱে পাঠক পোৱা যায় লগতে পোৱা যায় পাঠকৰ প্ৰতিক্ৰিয়া। সামাজিক মাধ্যমত লেখাৰ কোনো বাধা নাই। যাৰ ইচ্ছা যায়, এশাৰী লিখি থৈ যায়। পাঠকসকলে প্ৰত্যক্ষভাবে লেখকজনক অধিক লিখি যাবলৈ উৎসাহ যোগায়। বহুত প্ৰতিষ্ঠিত লেখকে বৰ্তমান সামাজিক মাধ্যমক সাহিত্য চৰ্চাৰ মঞ্চ হিচাপে ব্যবহাৰ কৰিছে। মই ভাবোঁ ই শুভ লক্ষণ।
ভাল আৰু বেয়া ব্যবহাৰ আৰু নিজৰ দৃষ্টিকোণ ৰ ওপৰত নিৰ্ভৰ কৰে। ভাল দিশ হিচাপে কওঁ, সামাজিক মাধ্যম এনে এখন ক্ষেত্ৰ য’ত দ্ৰুত গতিত সকলো ধৰণৰ বা বাতৰি পাব পাৰি। ই এখন শক্তিশালী মঞ্চলৈ পৰিবৰ্তিত হৈছে। বহু সময়ত দেখা গৈছে যে স্পৰ্শকাতৰ বিষয় কিছূমানকলৈ সামাজিক মাধ্যমযোগে প্ৰতিবাদ বা অধিক চৰ্চা হ’লে সেই বিষয়টোৱে অধিক গুৰুত্ব পায়। এক কথাত সমাজিক মাধ্যম এক শক্তশালী গণ মঞ্চ।
বেয়া দিশ বুলিবলৈ বহুত আছে। মোৰ দৃষ্টিত সমাজ জীৱনত ঋণাত্মক প্ৰভাব পেলাব পৰা দিশটো হৈছে অৰ্দ্ধ উলংগ ৰীলছসমূহ। এইসমূহ চৰকাৰে বেণ্ড কৰা উচিত।
*বিন্দুঃ সৃষ্টিৰ বক্তব্য আৰু স্ৰষ্টাৰ মানসিকতা- এই দুয়োটাৰ সামঞ্জস্যহীনতাই কি সূচায়?*
উত্তৰঃ এখন নষ্ট গ্ৰন্থৰ উপহাৰ দিয়াক বুজাব। “আছে গৰু নাবায় হাল, থকাত কৈ নথকাই ভাল ” ধৰনৰ কিছূমান অলাগতীয়াল জাবৰৰ উৎপন্ন হয়।
*বিন্দুঃ আপুনি পাটকাই নামৰ আলোচনীখনৰ স্বত্বাধিকাৰী৷ আজিৰ এই ইণ্টাৰনেটৰ যুগত আলোচনীৰ প্ৰতি পাঠকৰ আগ্ৰহ কেনে দেখিছে? লেখকসকলে স্বেচ্ছাই সহযোগ কৰে নে?*
উত্তৰঃ পাটকাই আলোচনীখন মোৰ পৰিচয়। মোৰ অহংকাৰ, মোৰ স্বাভিমান । 2018 চনত পৰিকল্পনা হাতত লৈ 2019 চনৰ জানুাৰীত প্ৰথম সংখ্যা প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিয়া দিনৰ পৰাই আজিলৈকে এই যাত্ৰা অব্যাহত ৰাখিছোঁ। ছপা আলোচনীৰ মান সুকীয়া। ইণ্টাৰনেট জগতত প্ৰতিদিনে অসংখ্য আলোচনী প্ৰকাশ পায়। শুভ লক্ষণ। ইয়াৰ মাজতো কিন্তু ছপা আলোচনীৰ মৰ্যাদা হ্ৰাস পোৱা নাই। পাঠকে বিচাৰে ” পাটকাই” দীৰ্ঘজীবি হওক, সেয়ে চাগে’ এটা সংখ্যা প্ৰকাশ পোৱাৰ পিছতেই পৰবৰ্ত্তী সংখ্যাৰ বাবে কবি/ লেখকসকলে লেখা প্ৰেৰণ কৰে। এই সহাঁৰি স্বতঃস্ফুৰ্ত।
আলোচনী এখন প্ৰকাশ কৰিবলৈ যথেষ্ঠ অৰ্থৰ প্ৰয়োজন হয় এই কথা দুনাই কোৱা আবশ্যক নাই। কিন্তু কেতিয়াও, কোনো সংখ্যা অৰ্থৰ অভাৱত প্ৰকাশ নোহোৱাকৈ থকা নাই। প্ৰকাশৰ পৰিমাণ সীমিত যদিও পাঠকসকলে ক্ৰয় কৰে আৰু সময়ৰ পূৰ্বে সেই প্ৰকাশিত আলোচনী শেষ হয় । আলোচনীখনৰ মূল্য তেনেই নগণ্য ৰখা হয় বাবেই হয়তো ক্ৰয় কৰিবলৈ অসুবিধাও নাপায় । অসমৰ বিভিন্ন জিলাৰ লেখকসকলৰ লেখা প্ৰকাশ পায় আৰু আলোচনীখন তেওঁলোকলৈ ডাক যোগে প্ৰেৰণ কৰা হয়। কেতিয়াও সদস্য ভৰ্তিৰ মাছুল, আজীৱন সদস্য আদিৰ ব্যবস্থা কৰা নাই। গাঁঠিৰ ধন ভাঙি প্ৰকাশ কৰি আহিছোঁ আৰু উপদেষ্টাদ্বয় সমাজকৰ্মী শ্ৰী গুনীন্দ্ৰ নাথ গগৈ (ডিগবৈ) আৰু সাংবাদিক শ্ৰীজয়ন্ত শৰ্মা (ৰঙিয়া) ৰ সাহস, অনুপ্ৰেৰণা আৰু সহযোগৰ বাবে এইখনি সম্ভব হৈছে। লগতে সম্পাদনা সমিতিখন খুব সক্ৰিয় । পাঠকৰ মাজত জনপ্ৰিয় হোৱাৰ এইটোও অন্যতম কাৰণ।
*বিন্দুঃ অসমৰ সমাজ জীৱনত নাৰীৰ মৰ্যাদা সম্পৰ্কে আপোনাৰ অভিজ্ঞতা কেনেকুৱা? আজিৰ আধুনিক নাৰী সুৰক্ষিত নে?*
উত্তৰঃ নাৰী মাতৃ, নাৰী ভগ্নী, নাৰী পত্নী, নাৰী প্ৰেমিকা। অসমৰ সমাজ জীৱনত এগৰাকী নাৰীক মাতৃ জ্ঞান কৰি শ্ৰেষ্ঠ আসনত অধিষ্ঠিত কৰা হয়। পিতৃ প্ৰধান অসমীয়া সমাজত নাৰী দেৱী তুল্য। মই কোনোদিনে সমাজত তিক্ত অভিজ্ঞতাৰ সম্মুখীন হোৱা নাই বুলি নকওঁ, কিন্তু সমাজে মোক বহুত দিছে সেয়া লৈ মই সুখী। নাৰীৰ শত্ৰু নাৰী। এই কথা মোৰ ক্ষেত্ৰত প্ৰমাণিত হৈছিল বহুত সময়ত। আগুৱাই যোৱাত অনুপ্ৰেৰণা পুৰুষৰ তুলনাত নাৰীৰ পৰা কমকৈ পোৱা যায়। আজিৰ নাৰী অৱলা নহয়। মৰ্যাদ্যা ল’বলৈ সক্ষম। “ভালে পায় ভালক, জাবৰে পায় খালক” । গুণী নাৰীক অসমীয়া সমাজত পুজা কৰা হয়।
আধুনিক নাৰীৰ সংজ্ঞা কি নাজানো কিন্তু অত্যাধুনিক নাৰীয়ে নিজেই নিজৰ বিপদ চপাই লোৱা যেন৭ লাগে। নাৰী সুৰক্ষা বুলিলে কেৱল পুৰুষলৈ আঙুলি টোৱালে ভুল হ’ব। দুৰ্বল নাৰী নিজৰ ঘৰতে অসুৰক্ষিত। সবল নাৰীৰ ভয় নাই। কাৰণ নোহোৱাকৈ একো ঘটনাৰ সূত্ৰপাত নহয়। সেয়ে নাৰী হিচাপে যদি সেই সেই কাৰণসমূহৰ উৎপত্তি হ’বলৈ দিয়াই নহয় তেনে অসুৰক্ষিত কেনেকৈ হ’ব?
*বিন্দুঃ নাৰীৰ “সমঅধিকাৰ“ শব্দটোক আপুনি কেনেদৰে গ্ৰহণ কৰে? সমঅধিকাৰ বিচৰা মানেই নিশ্চিতভাবে কিবা অধিকাৰৰ পৰা বঞ্চিত থকা৷ নাৰী বঞ্চিত নে? যদি হয় তাৰ বাবে কোন জগৰীয়া আপোনাৰ মতে? পুৰুষ?*
উত্তৰঃ নাৰী বঞ্চিঅ, নাৰী লাঞ্চিতা
সৃষ্টিকাৰিনী নাৰী নিস্পেষিতা,
কোনে কয় নাৰী আজি নিৰ্যাতিা ?
জন্মদায়ীনি নাৰী কত বীৰ পুত্ৰৰ
অন্নদায়িনী নাৰী ভোকাতুৰজনৰ
আশ্ৰয়দায়িনী নাৰী কত সম্বন্ধৰ,,,,
সম অধীকাৰ বুলি হুংকাৰ টানি
নাৰীয়ে নাৰীক কৰে এই অতপালি,,,,,,
উপৰত উল্লেখ কৰিছোঁ এতিয়াৰ নাৰী দূৰ্বল নহয়। নিজৰ যোগ্যতাৰ ভিত্তিত নাৰীয়ে নিজৰ অধিকাৰ আজুৰি আনিছে। পুৰুষৰ সমানে প্ৰতিটো খোজত আগুৱাই আছে। য’ত য’ত শিক্ষিতৰ সংখ্যা অধিক মাত্ৰাত বাঢ়ি আহিছে ত’ত ত’ত নাৰী বঞ্চিত হোৱাৰ প্ৰশ্নই নুঠে। নাৰীশিক্ষা প্ৰসাৰৰ লগে লগেই মাতৃসকল শিক্ষিত হৈ পৰে আৰু শিক্ষিত মাতৃৰ চত্ৰছায়াত নাৰী কেনেকৈ বঞ্চিত হ’ব? নাৰীৰ বাবে আসন সংৰক্ষণ হৈছে, আৰু সেই সংৰক্ষণ কৰা সমিতিবোৰ পুৰুষৰ দ্বাৰাই যদি গঠিত হৈছে তেনে নাৰী কিবা কাৰণত কৰবাত বঞ্চিত হলেও পুৰুষ জগৰীয়া হ’বই নোৱাৰে।
*বিন্দুঃ আপুনি এঠাইত লিখিছে “নাৰী এক অবিৰত ধাৰা, যি বৈ যায় কেৱল বৈ যায়৷ নাৰী দুৰ্বল নহয়, কিন্তু যেতিয়া দুৰ্বল হয়, জানিব তেওঁ কৰোবাৰ মৰমৰ বাবে, অলপ আত্মীয়তাৰ বাবে, অলপ আদৰ যত্ন পাবৰ বাবে নিজকে দুৰ্বল কৰি তুলিছে….. মৰমৰ ওচৰত নাৰীয়ে আত্ম সমৰ্পন কৰে, …..৷ ” – এতিয়া কথা হ’ল এই ‘আত্মসমৰ্পণ’ক কিছু পুৰুষে সুযোগ বুলি গ্ৰহণ কৰি আহিছে নেকি?*
উত্তৰঃ নাৰীয়েই হওক বা পুৰুষেই হওক, সুযোগ দিলেহে সুযোগ গ্ৰহন কৰিব। আত্মসমৰ্পন এক সন্তুষ্টি। সেই সন্তুষ্টি পাবলৈ বিশেষজনৰ ওচৰত দুৰ্বল হয়। কিন্তু নাৰীয়ে জানে, বুজে কোন কোন ক্ষেত্ৰত, কিমান দূৰলৈকে আৰু কাৰ কাৰ ওচৰত দুৰ্বল হ’ব লাগে। নাৰী দুৰ্গা, নাৰী কালী। সুযোগ গ্ৰহন কৰা পুৰুষৰ বাবে নাৰী চামূণ্ডা। সুযোগ গ্ৰহন কৰিব বিচৰাটোও নাৰীগৰাকীৰ ওপৰতে নিৰ্ভৰ বুলি ভাবোঁ।
*বিন্দুঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব?*
উত্তৰঃ নাৰী যদি আকাশ, পুৰুষ দিগন্ত, যিয়ে নাৰীক সদায় পৃথিৱীৰ লগত সংযোগ কৰি ৰাখে। (পৃথিৱী বুলিলে ধৰোহৰ, অস্তিত্বক বুজাম। )
*বিন্দুঃ নাৰী নিৰ্যাতনৰ বিষয়ে যথেষ্ট চৰ্চা হয় সমাজত৷ কিন্তু একাংশ পুৰুষৰ অভিযোগ মতে পুৰুষসকলো নিৰ্যাতিত হয় নাৰীৰ হাতত৷ বহু পুৰুষে সংসাৰখন ধৰি ৰখাৰ বাবে নীৰৱে সহ্য কৰি যায় সকলো৷ তদুপৰি আমাৰ দেশৰ প্ৰচলিত আইনী ব্যৱস্থাও পুৰুষৰ অনুকূলে নাই বুলি কোৱা হয়৷ এই লৈ অলপতে দিল্লীৰ জন্তৰ মন্তৰত নিযাৰ্তিত পুৰুষসকলে ধৰ্ণা প্ৰদৰ্শনো কৰিছিল৷ আপুনি কি বক্তব্য ৰাখিব এই বিষয়ত?*
উত্তৰঃ “পুৰুষ ” নামৰ মোৰ কথা কবিতাৰ কিতাপখন নিৰ্যাতিত পুৰুষক বিষয় বস্তু হিচাপে লৈ ৰচনা কৰা হৈছিল। কিতাপখনৰ কবিতাসমূহৰ শিৰোনামাসমূহ চকু ফুৰায় চালে আৰু বিশেষ বাখ্যাৰ প্ৰয়োজন নহ’ব ভাৱি কবিতাৰ শিৰোনামাসমূহ তুলি দিলোঁঃ
1, সফল পুৰুষ চিকাৰ হ’ব পাৰে ব্যভিচাৰী নাৰীৰ হাতত ,
2,পুৰুষৰ হাঁহিত লুকাই থাকে কান্দোন!
3, পুৰুষক দিয়া থাকে সুখী কৰাৰ ঠিকা
4, পুৰুষৰ হৃদয় গোপনে জ্বলি থাকে তুঁহজুইৰ দৰে ।
5, পুৰুষ বলি হয় আধুনিক নাৰীৰ ভোগবাদৰ,
6, পুৰুষ মানেই এখন মুক্ত কিতাপ..
7,নাৰী মোহিত হয় পুৰুষৰ কেঁচা ঘামত..|
8,পুৰুষে নাজানে সকলো নাৰী ঠুনুকা নহয়.
9, স্বাভিমানী পুৰুষে প্রতাৰিত হ’ব নোখোজে নাৰীসকলৰ ওচৰত-
10,পুৰুষৰ হেঁপাহৰ কোঠালিত নাৰী এক স্থাপিত মূৰ্তি |
11, পুৰুষৰ জেপত থাকে নাৰীৰ হৃদয়ৰ ঠিকন|
12,অহংকাৰী পুৰুষ প্ৰেমিক হ’ব নোৱাৰে ।
13, পুৰুষক মিথ্যাচাৰী হ’বলৈ বাধ্য কৰে নাৰীসকলে ।
14, পুৰুষৰ মন জানে৷ বুজি পায় নাৰীসকলে।
15,পুৰুষ যেতিয়া অভাবী হয় ।
16, পুৰুষৰ পেটত ভোকৰ জুই।
17,পুৰষে মৰমেৰে বান্ধি ৰাখিব খোজে নাৰী মনক। 18, পুৰুষ ধৰ্ষিত হয় প্রেমিকাৰ হাতত।
19,পুৰুষ আছিল বাবেই 20,পুৰুষ যেতিয়া নিৰ্লজ হয়। 21,পুৰুষৰ হাতৰ মুঠিত থাকে কুবেৰৰ খাজনা।
…ইত্যাদি।
*বিন্দুঃ একাংশ লোকে ক’ব বিচাৰে যে ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়ে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীতা আনি দিছে৷ আপুনি ক ভাবে? বৃদ্ধাৱস্থাটোক সৰ্বতোপ্ৰকাৰে সুখী কৰিব পৰাকৈ পৰিৱেশ ৰচনা কৰি বৃদ্ধাশ্ৰমবোৰ যদি পৰিকল্পিতভাবে গঢ়ি তুলিব পৰা যায় আৰু পৰিয়ালৰ লোকসকল প্ৰতিদিনে এবাৰ হলেও তেওঁলোকক সংগ দিবলৈ বাধ্য থাকে তেন্তে আপুনি বিষয়টো কেনেদৰে গ্ৰহণ কৰিব?*
উত্তৰঃ বৃদ্ধাশ্ৰম বিষয়টো মোৰ পক্ষে কেতিয়াও গ্ৰহন যোগ্য নহয়। চৰ্ত সাপেক্ষভাবে যদি এই আশ্ৰমৰ প্ৰয়োজনীয়তাৰ কথা ভাবোঁ , তেনে মোৰ মতে কেৱল কেও কিছু নথকা, যাৰ সতি সন্ততি এতিয়া কোনো নাই, নাতি পুতিও নাই তেনে বৃদ্ধ লোকৰ বাবে এটা আশ্ৰয়ৰ প্ৰয়োজন হয়। ব্যস্ততাৰ অজুহাতত পিতৃ মাতৃক বৃদ্ধাশ্ৰমৰ বাসিন্দা কৰাত মই সহমত নহয়। পৰিয়ালৰ পৰা আঁতৰি কোনো বৃদ্ধ সৰ্বতোপ্রকাৰে সুখী হ’বই নোৱাৰে, সুখী হোৱাৰ অভিনয় কৰি জীৱনৰ অন্তিম সময়চোৱা পাৰ কৰিবহে পাৰে। ঘৰত ৰাখিয়ে
যদি পৰিয়ালৰ সদস্যই দিনটোত অলপ সময় দিয়ে তেওঁলোক তাতে সুখী হয়। একেবাৰে অনাথজনৰ ক্ষেত্ৰত পিছে আশ্ৰমত বিশেষ কিছূমান ব্যবস্থা গ্ৰহন কৰাৰ থল আছে।
*বিন্দুঃ ল’ৰা সন্তানৰ সমানে কন্যা সন্তানকো ভাৰতীয় আইনে পৈতৃক সম্পত্তিৰ আধিকাৰ প্ৰদান কৰিছে৷ কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিবাহিতা কন্যা সন্তানে পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বৰ পৰা আঁতৰি থাকে৷ কি ক’ব আপুনি?*
উত্তৰঃ এই নীতিত অলপ আসোঁৱাহ আছে। অবিবাহিত কন্যা সন্তানৰ ক্ষেত্ৰত এই আইনখন বিশেষ ভাৱে সকাহ দিছে যদিও বিবাহিত কন্যা সন্তানৰ ক্ষেত্ৰত এই আইনখনৰ প্ৰভাৱে সম্পৰ্কত ফাট আনিছে। কন্যা এগৰাকীক এঘৰলৈ উলিয়াই দিওঁতে ককাই ভাইৰ দ্বায়িত্ব অপৰিসীম। কেতিয়াবা মাটি বাৰী বিক্ৰী কৰি বিয়াখন পাতি কন্যা দান কৰি বহুত ভাই ককাই সৰ্বস্বান্ত হয়। পুনৰ আইনৰ দোহাই দি সম্পত্তি দাবী কৰি সেই ককাই ভাইক ৰাম টাঙোন সোধোৱাৰ দৰে নহয় নে ?
বিবাহিতা কন্যা সন্তানৰ নিজা ঘৰ এখন, নিজা পৰিয়াল এটা থাকে আৰু সেই নিজা পৰিয়ালৰ দ্বায়িত্ব পালন কৰি জন্ম দিয়া ঘৰখনৰ দায়িত্ব পালন কৰা যিহেতু কঠিন হৈ পৰে সেয়ে বিবাহৰ পিছত পৈত্ৰিক সম্পত্তি দাবী কৰা অধিকাৰ নাথাকে।
*বিন্দুঃ গতিশীল সময়ৰ হাত ধৰি বহু নতুন চিন্তা, নতুন ধাৰণাৰ আমদানী হয়৷ সময়ৰ গতিৰ সৈতে ছন্দ মিলাব নোৱাৰাজনকে পুৰণি বুলি কোৱা হয়৷ সেই সময়ৰ হাত ধৰিয়েই আমাৰ সমাজলৈও সোমাই আহিব ধৰিছে লিভ ইন টুগেদাৰ ব্যৱস্থা৷ আপুনি কেনেদৰে চাইছে বিষয়টো?*
উত্তৰঃ মই এই ব্যবস্থাৰ ঘোৰ বিৰোধীতা কৰোঁ। এই বিষয়ে “দৈনিক অসম” কাকতত লিখিছোঁ । সেইখিনিকে ইয়াত সন্নিৱিষ্ট কৰি দিলোঁ।
“প্ৰেম শাশ্বত জানিও দৈহিক সুখত আসক্ত হৈ লিভিং টুগেদাৰত থকা প্রেম স্বৰ্গীয় হয়নে? প্রেম যদি দুটা আত্মাৰেই মিলন, তেন্তে লিভিং টুগেদাৰ কিয় লাগে? অন্য কথাত দৈহিক আকৰ্ষণ মানেই প্রেম, য’ত লিভিং টুগেদাৰ নামেৰে সম্পূৰ্ণ কৰা হয়। আমাৰ সমাজ ব্যৱস্থাত এইটো এটা অতি আধুনিক ব্যাধি বুলিব পাৰি। বহুতে যুক্তি দিব খোজে যে ঘৰৰ পৰা দূৰৈত যিসকল যুৱক-যুৱতী কৰ্মৰত, তেওঁলোকৰ মাজত যদি কোনোবা দুজনৰ প্ৰেম হয়, তেওঁলোকে লিভিং টুগেদাৰত থাকি অৰ্থ ৰাহি কৰিব পাৰে-_ অৰ্থাৎ লিভিং টুগেদাৰ আৰ্থিক দিশত সহায় হোৱাৰ আহিলা। এই ক্ষেত্ৰত কথাবোৰ ইতিবাচক দিশত শুদ্ধ। যুবক এজনৰ ভাৰাঘৰৰ কোঠাটো যদি যুৱতী এগৰাকীয়েও ব্যৱহাৰ কৰে, ফলত ভাৰাৰ টকাখিনি আধা আধা ৰাহি হ’ব, যিথিনি অন্য এটা জৰুৰী কামত ব্যৱহাৰ কৰিব পাৰি। দুয়ো বিপদ-আপদত দুয়োৰে সহায়ক হ’ব পাৰিব। আমিও এই দিশত সমৰ্থন জনাম এটা চৰ্তত যদি দুয়োজনে ভৱিষ্যতে বিয়া-বাৰু কৰাই সংসাৰ কৰে। প্ৰেমিক-প্ৰেমিকাৰ মাজত দৈহিক আকৰ্ষণ স্বাভাৱিক। প্রেম অন্তৰৰ অনুভূতি, আত্মিক মিলন হ’লেও দৈহিক অনুভূতিহে ইয়াৰ চালিকা শক্তি প্ৰেমে জাতি-কুল নামানে, প্ৰেমে বয়সৰ সীমা নামানে, প্ৰেমে দূৰত্ব নামানে। কিন্তু প্ৰেমে সদায় এটা ধৰ্ম মানি আহিছে, সেয়া হ’ল–প্রেম হ’বলৈ এজন পুৰুষ আৰু এগৰাকী নাৰীৰ প্ৰয়োজন। এই প্ৰয়োজনক যিয়েই যি বাখ্যা নিদিয়ক, তথাপি দৈহিক প্রয়োজন সৰ্বোচ্চ । ইয়াৰ ফলতে লিভিং টুগেদাৰৰ প্ৰচলন দেখা গৈছে।
আমি অসমীয়া হিচাপে এই ব্যৱস্থাৰ ঘোৰ বিৰোধী । বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্কৰ নাম লিভিং টুগেদাৰ বুলি যদি ধৰি লওঁ, তেন্তে ইয়াৰ সুফল-কুফল দুয়োটা আছে। সুফল মাথো এয়াই যে ইজনে-সিজনক দৈহিকভাৱে চিনাকি হোৱাই নহয়, শাৰীৰিক প্রয়োজন পূৰ কৰিবলৈ সক্ষম হ’ল, লগতে কিছু পৰিমাণে অৰ্থ ৰাহি হ’ল। প্ৰতিজন নাৰী-পুৰুষৰ দৈহিক প্ৰয়োজন আছে আৰু সমান্তৰালকৈ সেই প্রয়োজন পূৰ কৰাৰ ব্যৱস্থা প্ৰাকৃতিকভাৱে সমাজেও স্বীকৃতি দিয়াৰ উপযুক্ত নিয়ম প্ৰচলন আছে। সেই প্রাকৃতিক নিয়মৰ উলংঘা কৰি, সমাজক ভেঙুচালি কৰি লিভিং টুগেদাৰৰ জৰিয়তে নিজৰ দৈহিক প্রয়োজন পূৰণ কৰাৰ এই ব্যৱস্থাই সমাজক গ্রাস কৰাৰ বাহিৰে অন্য একো নহয়। লিভিং টুগেদাৰৰ দৰে ব্যবস্থাক আইনেও সন্মতি দিবলৈ বাধ্য হৈছে যে দুজন প্ৰাপ্তবয়স্কৰ সেয়া মৌলিক অধিকাৰ। লিভিং টুগেদাৰ দৈহিক প্রয়োজন ৷ ইয়াত প্ৰেমভাবৰ নহয়, কামভাবৰ প্রাধান্য বেছি। দুটা দেহৰ প্রয়োজনে দুটা মনক এক কৰাৰ নাম লিভিং টুগেদাৰ। বছ সময়ত দেহৰ প্ৰয়োজন শেষ হ’লে মনৰ মাজৰ যোগসূত্ৰত ঘুণে ধৰে। আইনে অনুমতি দিলেও প্রতিগৰাকী যুৱতীয়ে নিজক সংযত কৰাৰ খুবেই প্ৰয়োজন ৷ লিভিং টুগেদাৰ বিফল হ’লে অধিক ক্ষতি যুৱতীগৰাকীৰ হোৱা দেখা যায় বাবে যুৱতীসকলে এই বিষয়টো এৰাই চলিব পাৰিলে এখন সুস্থ সমাজৰ আশাও কৰিব পাৰি।”
*বিন্দুঃ শেহতীয়াভাৱে বাল্য বিবাহ, বহু বিবাহ, তালাক ব্যৱস্থা আদি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিবোৰ সংস্কাৰকামী ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে সিবোৰৰ প্ৰতি আপোনাৰ অভিমত কি?*
উত্তৰঃ সমৰ্থন কৰোঁ। এইসমূহ সামাজিক ব্যাধী নিৰ্মূল হ’ব লাগে। চৰকাৰে উচিত পদক্ষেপ গ্ৰহন কৰিছে ।
*বিন্দুঃ শাহু আৰু বোৱাৰীৰ মাজৰ সংঘাত বা দ্বন্দ্ব্ব আমাৰ সমাজত চিৰাচৰিতভাবে চলি আহিছে৷ এগৰাকী বোৱাৰী বা শাহু হিচাপে আপোনাৰ ব্যক্তিগত অভিজ্ঞতা?*
উত্তৰঃ বোৱাৰীৰ পৰা শাহুলৈ প্ৰমোচন হোৱা প্ৰায় ডেৰ বছৰ হৈছে। দুয়োটা পৰ্যায়ত এটাই অনুভব, যদি শাহুৱে নিজৰ জীয়াৰী বুলি আদৰি লয়, তেনে বোৱাৰীয়েও নিজৰ মাতৃ বুলি গ্ৰহন কৰিব লাগিব । তেতিয়া সংঘাত বা দ্বন্দ্বৰ অৱকাশ নেথাকে। ব্যক্তিগত জীৱনত মই দুয়োটা পৰ্যায়ত সৌভাগ্যশালী। আমাৰ যিহেতু কন্যা সন্তান নাছিল, এতিয়া বোৱাৰীয়ে সেইখিনি অভাৱ পূৰণ কৰিছে। আমাৰ ঘৰখনলৈ পূৰ্ণতা আহিল।
*বিন্দুঃ আমাৰ সমাজত গাৰ্হস্থ্য হিংসা বা বোৱাৰী নিৰ্যাতনৰ যিসমূহ ঘটনা সংঘটিত হয় তাত স্বামীৰ পৰিয়ালৰ অন্যান্য নাৰীও জড়িত থকা সততে পৰিলক্ষিত হয়৷ ইয়ে নাৰীয়ে যে নাৰীৰ শত্ৰু সেইটোকে প্ৰতিপন্ন নকৰেনে? আপুনি কি ভাবে?*
উত্তৰঃ স্বামীৰ পৰিয়াল বুলিলে ননদ বা জা যুৱালিৰ ভূমিকা অধিক। পৰৰ ঘৰৰ ছোৱালী এজনীয়ে স্বামী ঘৰৰ দ্বায়িত্ব পালন কৰি গুৰুত্ব পোৱা যেন দেখিলে ননদ বা আগৰে পৰাই সেইখন ঘৰত দ্বায়িত্ব পালন কৰি অহা বোৱাৰীসকলৰ ঈৰ্ষা ওপজে। নিজৰ গুৰুত্ব কমি অহা যেন পায়। যিকোনো প্ৰকাৰে বোৱাৰীগৰাকীক তল পেলাবলৈ ষড়যন্ত্ৰ ৰচনা কৰিবলৈ লয়। ফলত অবাঞ্চিত পৰিস্থিতিৰ উৎপন্ন হৈ বোৱাৰীগৰাকী নিৰ্যাতনৰ বলি হয়। অন্তৰ্নিহিত কাৰণ এইখিনি হ’লেও ‘নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু’ কথাষাৰ সত্য ।
*বিন্দুঃ আপোনাৰ কবিতাৰ এটা পংক্তি- “তেওঁক কৈছিলো/তোমাৰ হাঁহিত মুকুতা সৰে৷ /তেওঁ হাঁহিবলৈ এৰি দিলে৷ /তেওঁক কৈছিলো,
তোমাৰ হৃদয়ত মোৰ প্ৰেমৰ দীপ জ্বলে৷ /তেওঁ হৃদয়খনেই কাৰোবাক বন্ধকত দিলে৷” – এই পংক্তিটোৰ উদ্ধৃতি সমুখত ৰাখি আপোনাক সোধো- জীৱন আৰু প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা কি?*
উত্তৰঃ প্ৰেম এক ঐশ্বৰীয় অনুভূতি। এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ গতি কৰে য’ত কোনো স্বাৰ্থ নেথাকে, পোৱাৰ আকাংক্ষা নেথাকে, হেৰুওৱাৰ ভয়ো নেথাকে। জীৱন থকালৈকে শ্বাস্বত প্ৰেম বৈ থাকে।
*বিন্দুঃ জীৱনৰ এনে এক আকাংক্ষাৰ কথা কওক যাক আপুনি আহৰণ কৰিব নোৱাৰিলে, যিটোৰ বাবে হয়তো গোপন মনে এতিয়াও মাজে মাজে ব্যকুলতা অনুভৱ কৰে৷*
উত্তৰঃ আকাংক্ষা বুলিলে এটাই মনলৈ আহে। যেতিয়া মই কলেজীয়া ছাত্ৰী আছিলো, আমি 64 বেটেলিয়ানৰ অধীনত NCC কেদাৰ আছিলো আৰু ‘C’ চাৰ্টিফিকেট সফলতাৰে লাভ কৰা পিছত খুব ইচ্ছা হৈছিল মহিলা আৰক্ষী হিচাপে আত্ম প্ৰকাশ কৰাৰ। সুযোগ আহিছিল যদিও সেই সময়ৰ ৰক্ষণশীল সমাজ বা আমাৰ পৰিয়ালৰ অনুমতি নাপালোঁ। কন্যা সন্তান বাবেই এই অনুমতি দিয়া নহল। ( ছোৱালী হৈ পুলিচত ভৰ্ত্তি হবি নে ?) তেতিয়াৰ পৰাই মই জিদ্দি হৈ পৰিছিলোঁ, আৰু অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ ভয় কৰা নাছিলোঁ। এই আকাংক্ষাই এতিয়াও মোক ব্যথিত কৰে।
*বিন্দুঃ আপোনাক যদি এই মুহূৰ্তত ঈশ্বৰে তিনিটা বৰ দিব বিচাৰে তেন্তে আপুনি কি কি বিচাৰিব?
উত্তৰঃ প্ৰথম বৰ হিচাপে বিছাৰিম যেন সুস্থ সবল হৈ থাকোতেই ঈশ্বৰে তেওঁৰ ওচৰলৈ মাতি নিয়ে।
দ্বিতীয়তে পৃথিৱীলৈ কোনোদিনে যাতে একো যুদ্ধ নাহে। যুদ্ধৰ ভয়াহতাত কাৰো মঙ্গল নহয়।
তৃতীয়তে পৃথিৱীৰ কোনো লোকৰ যাতে আকস্মিক দুৰ্ঘটনা নঘটে। কেতিয়াও যেন প্ৰলয় নহয়।সকলোৰে আয়ু থকালৈ সুখে সন্তোষে বাস কৰক আৰু স্বাভাৱিক মৃত্যু হওক।
*বিন্দুঃ ধৰি লওক এটা জনপ্ৰাণীহীন দ্বীপত আপোনাক নিৰ্বাসন দিয়া হ’ল৷ লগত কি বিচাৰিব আপুনি?*
উত্তৰঃ লগত ধৈৰ্য আৰু সাহস লৈ গ’লে যিকোনো ঠাইত জীৱন নিৰ্বাহৰ সমান্তৰাল ভাৱে যিকোনো সৃষ্টি সম্ভব হ’ব।
*বিন্দুঃ আগন্তুক দহটা বছৰৰ পিছত আপুনি নিজক কেনে অৱস্থাত পাব বিচাৰে?*
উত্তৰঃ সকলোৰে প্ৰিয় নাৰী হিচাপে।
*বিন্দুঃ প্ৰিয় ফুল?*
উত্তৰঃ তগৰ
*বিন্দুঃ প্ৰিয় মানুহ?*
উত্তৰঃ আই
*বিন্দুঃ প্ৰিয় ৰাজনৈতিক নেতা?*
উত্তৰঃ নৰেন্দ্ৰ মোদী
*বিন্দুঃ প্ৰিয় ৰং?*
উত্তৰঃ ৰঙা
*বিন্দুঃ প্ৰিয় ঠাই?*
উত্তৰঃ নিজৰ ঘৰ খন
*বিন্দুঃ প্ৰিয় কিতাপ?*
উত্তৰঃ ৰামায়ন
*বিন্দুঃ প্ৰিয় সাহিত্যিক?*
উত্তৰঃ হোমেন বৰগোহাঞি
*বিন্দুঃ প্ৰিয় ব্যঞ্জন?*
উত্তৰঃ নিৰামিষ যিকোনো ব্যঞ্জন
*বিন্দুঃ প্ৰিয় সময়?*
উত্তৰঃ পৰিয়াল আৰু আপোনজনৰ লগত কটোৱা সময় খিনি।
*বিন্দুঃ আজৰি সময়ৰ কাম?*
উত্তৰঃ কিতাপ পঢ়া আৰু লিখা।
*বিন্দুঃ শেষত আপোনাৰ নিজৰ ভাল লগা স্বৰচিত কবিতা এটা আগবঢ়াওক বিন্দুৰ পাঠকসকলৰ বাবে!*
,উত্তৰঃ
*দ্ৰৌপদী*
কিহৰ অভিশাপ শিৰত লৈ
পঞ্চপতিধাৰিণী তুমি !
সতী দ্ৰৌপদী।।
তোমাৰ আশাৰ সমূদ্ৰত
নাম মাথোঁ ধনুৰ্ধৰ অৰ্জুনৰ ।
কত হেঁপাহেৰে তুমি নয়নৰ মণিক
মাল্য দান কৰি,
শয়নে সপোনে চিত্তে দেহে মনে ,
স্বামী বৰণ কৰি হৃদয় মণিকোঠত
ৰাখিছিলা সযতনে,
হেঁপাহবোৰে আমনি কৰিছিল তোমাকো।
মাতৃ কুন্তীৰ আশীষ বিচাৰি
আশ্ৰমলৈ আহিছিলা দৌৰি ঢাপলি,,,,
কি পালা দ্ৰৌপদী??
প্ৰতাৰিত হ’লা কুন্তীৰ বচনত !
থান বান হ’ল সপোনৰ কাৰেং
পদ তলে ভূমি তলমল কৰি
মাতৃৰ উপহাৰ , আশীষ নে অভিশাপ?
নাজানিলা তুমি,,,,,
নাৰী তুমিও কুন্তী !
অজ্ঞাতে বাক্যবাণ প্ৰক্ষেপ কৰি
ভোগ্য সামগ্ৰী জ্ঞান কৰি
পাঁচপাণ্ডৱক দিলা ভগাই,,,,,,,,,
কুন্তীআই তুমি নাৰী নে !
নহয়,,,,,,, নহয়,,,,,,
মাতৃ তুমি শাহু আই ।
খণ্ডিত নোহোৱা বাক্যৰে দ্ৰৌপদীৰ মন কাৰেঙত
স্থাপিত কৰিলা পঞ্চ পুৰুষক।
হয়তো এয়েই নাৰীৰ বিড়ম্বনা ।
কাললৈ থৈ গ’লা নাৰীৰ অন্য এক আখ্যান ।
কুন্তী হৈ নিদাৰুন নিদৰ্শন।
নুবুজিলা দ্ৰৌপদীৰ হৃদয়ৰ টান…
*বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো৷ আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওক তাৰে কামনা কৰিছো৷*
বিন্দু আলোচনীয়ে এই অভাজনক বিচাৰি উলিয়াই সম্পূৰ্ণ জীৱন সমন্ধে জানিবলৈ বিচাৰি, কবলৈ সুবিধা কৰি দিয়া বাবে বিন্দুৰ সমূহ পৰিয়াল বৰ্গ লৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ। বহুতৰ মাজত একক অনুভব কৰোৱা এই আলোচনীখনৰ কলেৱৰ দিনে দুগুণ হৈ বৃদ্ধি পাওক। অসমীয়া সাহিত্য জগতলৈ বিন্দুৰ অৱদান যুগে যুগে স্মৰণীয় হৈ ৰওক। বিন্দুৰ সৰ্বাঙ্গ উন্নতি কামনা কৰিলোঁ।