ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক )
নাৰীয়ে জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন দায়িত্ব পালন কৰে বা পৰিয়ালৰ সকলোৰে সুস্বাস্থ্যৰ বাবেও চিন্তা কৰে। সকলোৰে প্ৰতি দায়িত্ব পালন কৰি থাকোতে বহু নাৰীয়ে নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰিবলৈও কেতিয়াবা আহৰি নাপায়। সেয়েহে সকলোৱে জনা কেইটামান সহজ টিপছ দিব খুজিছো যিবোৰ মানি চলিলে মহিলা সকলে নিশ্চয় উপকৃত হ’ব পাৰিব। মহিলাসকলে নিজক কিমান ভাল পায় নিজেই গম পাব। সুস্বাস্থ্যৰ বাবে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মহিলাসকলে এনেকুৱা কি কি টিপছ বা দিহা মানি চলিব পাৰে জানোচোন আহক-
**ৰাতিপুৱা কেতিয়া উঠে আপুনি ? এটা সুন্দৰ দিনটোৰ আৰম্ভণি এটা সুন্দৰ ৰাতিপুৱাৰে কৰিব লাগে। ৰাতিপুৱাৰ প্ৰথম ভাল অভ্যাস হৈছে সোনকালে শুই উঠাটো। শুই উঠি ৰাতিপুৱাৰ কোমল ৰ’দ আৰু মুকলি বিশুদ্ধ বতাহ ল’ব লাগে। ই দেহ মন দিনটোৰ বাবে সতেজ কৰি তুলিব। তদুপৰি সোনকালে শুই উঠিলে দিনটোৰ কামখিনি নিয়াৰিকৈ কৰিব পাৰি আৰু মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ সময়ো পাব। আৰু দেৰিকৈ উঠা মহিলাৰ দিনটোৰ সকলো ৰুটিন খেলিমেলি হয় ।
**ৰাতিপুৱা খালি পেটত কি খায় আপুনি? সুস্বাস্থ্যৰ বাবে এটা ভাল অভ্যাস হৈছে খালি পেটত পানী খোৱা অভ্যাস। ৰাতিপুৱা পানী কিয় খাব লাগে? গোটেই ৰাতি শুই থকা সময়খিনিত আমি একো নাখাও আনকি পানীও নাখাও। সেই সময়ত আমাৰ দেহত অলপ দিহাইড্ৰেচন হয় আৰু দেহত বৰ্জিত পদাৰ্থ বা টক্সিন জমা হয়।গতিকে ৰাতিপুৱা পানী খালে দিহাইড্ৰেচন দূৰ হয়, টকচিন্স বা দেহৰ বৰ্জিত পদাৰ্থ ওলাই যায় আৰু লগতে পেট চাফা হয়, হজমী শক্তিও বৃদ্ধি হয়। কলেষ্টৰল, কৌষ্ঠকাঠিন্য, পাইলছ, মেদবহুলতা আছে যদি গৰম পানী খাব পাৰে। ঠাণ্ডাত সকলোৱে কুহুমীয়া পানী খাব পাৰিলে ভাল। বাকী মানুহে ঠাণ্ডা বা নৰমেল পানী খালেই হয়।
** ৰাতিপুৱা কি আহাৰ খায় আপুনি? ইয়াৰ লগতো আপোনাৰ স্বাস্থ্য নিৰ্ভৰ কৰে। বহু মহিলাই কামৰ ব্যস্ততাৰ বাবে ব্ৰেকফাষ্ট ভালকৈ কৰিবলৈ সময় নাপায়। কিছুমানে ক্ষিণাবলৈ জানিবুজি ব্ৰেকফাষ্ট নকৰে ৷ কিছুমান মহিলাৰ খুব গাখীৰ চাহ খাই থাকে যাৰ বাবে ভোক কমি যায়। কিছুমান মহিলাই মেগী বা তেনেকুৱা ধৰণৰ ৰেডিমেদ খাদ্য খায়। আচলতে ব্ৰেকফাষ্ট নোখোৱাকৈ থাকিব নালাগে। ( অৱশ্যে যিসকলে ফিটনেছ এক্সপাৰ্টৰ তত্বাৱধানত ডায়েটিং কৰে তেওঁলোকৰ কথা বেলেগ)। গোটেই ৰাতি সাত আঠ ঘণ্টা শুই থাকোতে নেচাৰেলি ফাষ্টিং কৰাৰ দৰে হয় যাৰ বাবে ৰাতিপুৱা পেট পুৰাই খাব লাগে যাতে দিনটোৰ বাবে এক্তিভ হৈ থাকিব পৰা যায়।মেগী বা এনেকুৱা ৰেডিমেদ বস্তু খাব নালাগে। ৰাতিপুৱাই ঘৰতে বনোৱা ফ্রেছ বস্তুহে খাব লাগে। ভাত, ৰুটি, জলপান, ডালিয়া,ওটছ আদিৰ দৰে স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট সকলোৰে বাবে উপকাৰী।অসমীয়াত এষাৰ কথা আছে ‘ ৰাতিপুৱা খাবা ৰজাৰ দৰে, দুপৰীয়া খাবা প্ৰজাৰ দৰে, ৰাতি খাবা দৰিদ্ৰৰ দৰে ।
** ৰুটিন মতে খায়নে আপুনি? সুস্বাস্থ্যৰ বাবে ৰুটিনমতে খোৱাটো প্ৰয়োজনীয়। আপুনি যিটো সময়ত খায় সেইটো সময়তে খাবলৈ অভ্যাস কৰক। যদি ৰাতিপুৱা ৮ তাত ব্ৰেকফাষ্ট কৰে তেন্তে ৮ তাতে খাব লাগে। কোনোবাই ৯ তাত খালে সেই টাইমতে খাব লাগে। এইদৰে ৰুটিনমতে খালে এটা বায়লজিকেল ক্লকৰ নিচিনা হৈ যায় আৰু শৰীৰে সেইমতে এডজাষ্ট কৰে। সেয়ে আমি যিটো সময়তে খাওঁ সেইটো সময়তে আমাৰ সদায় ভোক লাগে ৷ অনিয়মিয়া হলে পেটৰ গণ্ডগোল বেছি হয় । যেনে হোষ্টেলত থকা লৰা ছোৱালী বোৰৰ গেছ, এচিডিটি বা ডিচেন্ত্রী ডায়েৰীয়া বেছি হয় নহয়নে?
** নিজকে ফিট ৰাখিবলৈ কি কৰে? প্রকৃততে ঘৰুৱা কাম কাজৰ মাজেদিয়েই সকলো ফিট থাকিব পাৰি। কিন্তু ইয়াৰ উপৰিও খোজকঢ়া, জগিং বা নিজৰ সুবিধা মতে অন্য কিছুমান ব্যাম কৰি থাকিব লাগে। ইয়াৰ পৰা কি কি লাভ হয়? শাৰীৰিক পৰিশ্ৰম কৰিলে দেহত তেজৰ চলাচল ভালকৈ হয় আৰু বিপাক ভালকৈ হয়, খাদ্য হজম হয়, অলাগতিয়াল টকচিন্স ওলাই যায় আৰু ফিট থাকিব পাৰি। কাম বন কৰি থাকিলে মনবোৰ ভাল লাগে। বেয়া চিন্তা নাহে, সময়ৰ সদব্যৱহাৰ হয়। আত্মনির্ভৰশীল হোৱা যায়। দৃঢ়তা, আত্মবিশ্বাস, দৃঢ় মনোবলৰ প্রতিগৰাকী নাৰীয়েই নিজকে ফিট ৰাখিব পাৰে।
**ৰাতিৰ আহাৰ কেনেকুৱা হ’ব লাগে? ৰাতিৰ আহাৰ পাতল হলে ভাল কাৰণ ৰাতি শুই থাকোতে আমাৰ পাচনতন্ত্ৰৰ কামকাজ লেহেমীয়া গতিত হয়। সেয়ে সহজে হজম হোৱা খাদ্য খাব লাগে। ৰাতিৰ আহাৰ খোৱাৰ দুই তিনি ঘণ্টাৰ পিছত শুব লাগে। বাওঁ কাটি কৰি শুলে ভাল। তেতিয়া খাদ্যখিনিৰ লগত এইছ.চি .এল এচিড আৰু পেপচীন ভালকৈ মিহলি হয় আৰু গেছ ,এচিদিটি, বদহজম নহয়। বাওঁ কাটি কৰি শুলে দেহত তেজৰ চলাচল ভালকৈ হয়। টোপনিও ভালকৈ আহে।
**আপুনি ঋতু অনুসৰি খাদ্য খাদ্য খায়নে বা সৌন্দৰ্য চৰ্চা কৰেনে ? সুস্বাস্থ্যৰ বাবে ঋতু অনুসৰি খাদ্য খোৱা উচিত আৰু সৌন্দৰ্য চৰ্চা কৰা উচিত। যেনে ধৰক বসন্ত কালত নিমপাত, তিতাকেৰেলা, তিতাফুল, দোৰোণ শাক আদি খাব লাগে যাতে বসন্ত কালৰ বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। সুস্বাস্থ্যৰ বাবে প্ৰাকৃতিক ভাবে তুলসী, হালধি, পদিনা আদি বনৌষধিৰে মাজে মাজে শৰীৰ শোধন কৰিব লাগে। সৌন্দৰ্য চর্চাতো প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰিলে ছাল চুলিৰ সৌন্দৰ্য বৰ্ধন হয়। পৰম্পৰাগত ভাবে চলি অহা কিছুমান নীতি নিয়মে আমাক স্বাস্থ্যবান আৰু দীর্ঘয়ু কৰি ৰাখে।
**নিজৰ স্বাস্থ্যক লৈ কিমান সচেতন আপুনি? ভাৰতীয় মহিলাসকলৰ বহুতৰে ৰক্তহীনতা বা এনিমিয়া থাকে। ইয়াৰ মুখ্য কাৰণ হৈছে পুষ্টিহীনতা, মাহেকীয়া সময়ত হোৱা অত্যাধিক ৰক্তস্ৰাৱ আৰু অন্যান্য কিছুমান কাৰণ। কলদিল, বীট, পালেং, ডালিম আদি আইৰণ যুক্ত খাদ্য আৰু ভিটামিন চি যুক্ত খাদ্যই মহিলাসকলৰ ৰক্তহীনতা দূৰ কৰাত সহায় কৰে। বগাস্ৰাবৰ সমস্যাত ভোগা সকলেও লাজ, ভয় সংকোচৰ বাবে ডাক্তৰৰ পৰামৰ্শ ল’ব নোখোজে। আজিকালি বহুতো মহিলাই গম নোপোৱাকৈ থাইৰয়ডৰ সমস্যা, পলিচিষ্টিক অভেৰিয়ান ডিজিজ আৰু অন্যান্য হৰমনজনীত সমস্যাত ভোগে। উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপ, মাহেকীয়া বন্ধ হোৱাৰ সময়ত গাঁঠিৰ বিষ, অষ্টিওপ’ৰচিছ এনেকুৱা বহুতো স্বাস্থ্যজনীত সমস্যাত মহিলাসকল ভুগিব লগা হয়। এই সকলোবোৰ সমস্যাৰ সমাধান আয়ুৰ্বেদত আছে। সঠিক জীৱনশৈলী, সঠিক খাদ্যভ্যাস আৰু আয়ুৰ্বেদিক চিকিৎসাৰ সহায়ত মহিলাই এনেবোৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে । বয়সন্ধিৰ সময়, গৰ্ভাৱস্থা, প্ৰসূতাৱস্হাত , ৰজনিবৃত্তিৰ সময়ত বিশেষভাবে মহিলাসকলে যত্ন ল’ব লাগে। ককা আইতাৰ দিহাবোৰে এইক্ষেত্ৰত যথেষ্ট সহায় কৰে
** ৰাতি টোপনি খতি কৰে নেকি? সুস্বাস্থ্যৰ বাবে ৰাতি পৰ্যাপ্ত পৰিমাণৰ টোপনিৰ প্ৰয়োজন। শুই থাকোতে বডি ৰিপেয়াৰ হয় ৷ স্কিন ৰিপেয়াৰ হয় আৰু মগজু বা ব্ৰেইন ও ফ্রেচ হয়। প্রতিগৰাকী মহিলাই দৈনিক সাত আঠ ঘণ্টাকৈ শুব চেষ্টা কৰক। ৰাতি টোপনি খতি হ’লে স্বাস্থ্যত বেয়া প্ৰভাৱ পৰে, হৰমনৰ খেলিমেলি ও বেছি হয় আৰু স্কিনৰ সমস্যা ও বাঢ়ে।
** নিগেটিভ চিন্তাই আপোনাক অশান্তি দিয়ে নেকি? আমাৰ স্বাস্থ্যত নিগেটিভ বা ঋণাত্মক চিন্তাই স্বাস্থ্যত বেয়া প্ৰভাৱ পেলায়, ব্ৰেইন, হৰমনসমূহৰ ওপৰতো প্ৰভাৱ পেলায়। সেয়ে নিগেটিভ চিন্তা ত্যাগ কৰি পজিটিভ চিন্তা কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে সদায়ে মনতো ভাল লগা অনুভূতিৰে ভৰাই ৰাখক। যোগ, প্রানায়ম, মেডিটেছনৰ সহায় ল’লে এই কাম সহজ হৈ পৰে।
এই সৰু সৰু কথাবোৰ যদি প্রতিগৰাকী নাৰীয়ে মানি চলে তেন্তে তেওঁলোক নিঃসন্দেহে সুস্বাস্থ্যৰ গৰাকী হ’ব। এটা লেখাত গোটেইবোৰ কথা সাঙুৰি লোৱাটো সহজ নহয়। তথাপি যিমান পাৰোঁ কথাবোৰ আপোনালোকলৈ আগবঢ়াই দিলোঁ ৷ সকলো স্বাস্থ্যবান আৰু দীৰ্ঘায়ু হওক তাৰে কামনা কৰিলোঁ ৷