জ্যোতিষী-শ্ৰীৰেৱন দেৱ শৰ্মা দূৰভাষ-৯৮৬৪৫-১৩৮৪৫
মেষ ৰাশি( অ,ল): শৰীৰৰ আৰোগ্য লাভ । ন্যায্য প্ৰাপ্তিত সুখ লাভ । ভাতৃৰ লগত কোনো কাৰ্য্যত মনোমালিন্য হব পাৰে। বিদ্যাৰ্থীৰ কাৰ্য্যত এলাহ ভাৱ বাঢ়িব। কোনো কাৰ্য্যত অপবাদ পাব পাৰে সতৰ্ক হব। বিপৰীত লিঙ্গৰ পৰা সতৰ্ক হব। কৰ্মত সৌভাগ্য প্ৰাপ্তিৰ যোগ দেখা যায়। ব্যৱসায়িক দিশত নতুন কাৰ্য্যৰ সংযোজন হব পাৰে ।
বৃষ ৰাশি (ই,উ,ব): স্বাস্হ্যৰ প্ৰতি সচেতন হব । যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হব। ধন খৰছৰ পৰিমাণ বাঢ়িব পাৰে। গৃহ কাৰ্য্যত মতবিৰোধ হব পাৰে। বিদ্যাৰ্থীৰ প্ৰচেষ্টাৰ লগতে একাগ্ৰতা বাঢ়িব।পুৰণি ৰোগ বৃদ্ধি হব পাৰে । ন্যায্য প্ৰাপ্তিত বাধাৰ সন্মুখীন হব লাগিব।ব্যৱসায়ত উপাৰ্জনত মিশ্ৰিত ফল। সামাজিক, আধ্যাত্মিক, সাংস্কৃতিক দিশৰ লগত জড়িত ব্যক্তিৰ সুনাম অৰ্জন।
মিথুন ৰাশি( ক,ছ): শৰীৰ মধ্যম । যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হব। ঘৰুৱা অশান্তি বাঢ়িব । আত্মীয় স্বজনৰ দু: সংবাদ পাব পাৰে। বিদ্যাৰ্থীৰ আশা কৰা কাৰ্য্যত পূৰ্ণতা প্ৰাপ্তিৰ বাবে ভয়,শংকা বাঢ়িব। দাম্পত্যত সু সামঞ্জস্য বৰ্তি থাকিব । মাংগলিক কাৰ্য্যত সুখ শান্তি বাঢ়িব। ন্যায্য প্ৰাপ্তিত বাধাৰ সন্মুখীন হব লাগিব। কৰ্মত প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা যায় যদিও সিদ্ধান্ত গ্ৰহণত সতৰ্ক হব । ব্যৱসায়ত শুভ সংযোগ লাভ কৰিব।
কৰ্কট ৰাশি (ড,হ): শৰীৰৰ আৰোগ্য লাভ । খাদ্য গ্ৰহণত সতৰ্ক হব। ধন সম্পদ প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। ভাতৃ আত্মীয় স্বজনৰ লগত কোনো কাৰ্য্যত মতভেদ হব পাৰে। পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হব। বিশ্বাস ভাজন ব্যক্তিৰ পৰা প্ৰতাৰিত হব পাৰে সতৰ্ক হব। কাৰ্য্যত শুভ সংযোগ প্ৰাপ্তিৰ যোগ দেখা যায় । সাহিত্য, সামাজিক কাৰ্য্যৰ লগত জড়িত ব্যক্তিৰ প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। ভ্ৰমণত সচেতন হব।
সিংহ ৰাশি (ম ,ট): স্বাস্হ্যৰ প্ৰতি সচেতন হব। যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হব। পুৰণা ৰোগৰ বাবে অশান্তি বাঢ়িব । পাবলগীয়া ধন সম্পদ প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব । ভাতৃ আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহযোগ লাভ কৰিব । বিদ্যাৰ্থীৰ শিক্ষাগত দিশত অগ্ৰসৰ। জ্যেষ্ঠ জনৰ পৰা কাৰ্য্যত সহযোগ লাভ কৰিব। কাৰ্যত বিশ্বাস ভাজন ব্যক্তিৰ পৰা আৰ্থিক ক্ষেত্রত প্ৰৱঞ্চনা হব পাৰে। দাম্পত্যত সামান্য কলহ। ব্যৱসায়ত মিশ্ৰিত ফল।
কন্যা ৰাশি (প,ঠ): স্বাস্হ্যৰ প্ৰতি সচেতন হব। খাদ্য গ্ৰহণত সচেতন হব। ধন সঞ্চিত হব । ন্যায্য প্ৰাপ্তিত সুখ বাঢ়িব। বিদ্যাৰ্থীৰ আত্মপ্ৰকাশৰ সুযোগ লাভ কৰিব যদিও একাগ্ৰতা আৰু আন্তৰিকতা বৰ্তাই ৰাখিব লাগিব। কৰ্মত নতুন যোগাযোগ লাভ কৰিব । সামাজিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। ব্যৱসায়ত মিশ্ৰিত ফল । পাৰিবাৰিক সুখ শান্তি হানি হব পাৰে। যি কোনো সিদ্ধান্ত গ্ৰহণত সতৰ্ক হব। সন্তানৰ বুদ্ধি বিকাশৰ লগতে কৃতিত্ব লাভ । মাংগলিক কাৰ্য্যত সুখ প্ৰাপ্তি।
তুলা ৰাশি (ৰ, ত): শৰীৰৰ প্ৰতি যত্ন লব । ধন সঞ্চিত হব । পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হব । গৃহ কাৰ্য্যৰ নতুন পৰিকল্পনা।ভাতৃ ভগ্নীৰ লগত কোনো কাৰ্য্যত মনোমালিন্য হব পাৰে । সাহিত্য, সাংস্কৃতিক, ক্ৰীড়াৰ লগত জড়িত ব্যক্তিৰ সুনাম অৰ্জন । কৰ্মত প্ৰসংসা প্ৰাপ্তিৰ লগতে সৌভাগ্য প্ৰাপ্তিৰ যোগ দেখা যায় । দূৰ ভ্ৰমণত সতৰ্ক হব । ব্যৱসায়ত নতুন যোগাযোগ লাভ কৰিব । ৰাজনীতিৰ লগত জড়িত ব্যক্তি কিছু সতৰ্ক হব।
বৃশ্চিক ৰাশি (ন ,য): শৰীৰৰ আৰোগ্য লাভ । সঞ্চিত ধন হঠাৎ খৰচ হব পাৰে । আত্মীয় স্বজনৰ দু: সংবাদ পাব পাৰে। গৃহ কাৰ্য্যত অশান্তি বাঢ়িব। সন্তানৰ প্ৰতি সচেতন হব। বিদ্যাৰ্থীৰ এলাহ,ভয় ভাৱৰ লগতে চঞ্চলতা ভাৱ বাঢ়িব । কৰ্মত উদ্বিগ্নতা বাঢ়িব। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব । সামাজিক, আধ্যাত্মিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব । ব্যৱসায়ত শুভাশুভ ।
ধনু ৰাশি (ধ,ফ,ভ): শৰীৰ মধ্যম । ধন সঞ্চিত হব । ন্যায্য প্ৰাপ্তিত আত্মসন্তুষ্টি লাভ কৰিব। ভাতৃৰ লগত কাৰ্য্যত মনোমালিন্য হব পাৰে। আত্মীয় স্বজন কলহ। সন্তানৰ কৃতিত্বত আনন্দ প্ৰাপ্তি । বিদ্যাৰ্থীৰ সাহিত্য ,সংস্কৃতিত প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা যায় । কৰ্মত নতুন যোগাযোগৰ বাৰ্তা লাভ কৰিব । প্ৰেম প্ৰীতিত ভুল বুজাবুজিৰ বাবে সম্পৰ্ক বিঘ্নিত হব পাৰে।
মকৰ ৰাশি (খ,জ) : শৰীৰৰ প্ৰতি যত্ন লব । যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হব। আনৰ সহায়তাৰ বাবে ধন খৰছ হব পাৰে । ভাতৃ ক্লেশ। গৃহ কাৰ্য্যৰ উন্নয়নৰ নতুন পৰিকল্পনা। আত্মীয় স্বজনৰ পৰা শুভ সংযোগ লাভ কৰিব। কাৰ্য্যত মিত্ৰৰ লগতে বিশ্বাস ভাজন ব্যক্তিৰ পৰা পোৱা সহযোগত লাভান্বিত হব। পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সজাগ হব। দূৰ ভ্ৰমণ হব পাৰে ।
কুম্ভ ৰাশি (গ,শ,স): শৰীৰৰ প্ৰতি যত্ব লব । পুৰণা ৰোগৰ বাবে অশান্তি বাঢ়িব । সঞ্চিত ধন হঠাৎ খৰছ হব পাৰে । ভাতৃৰ পৰা কাৰ্য্যত শুভ সংযোগ লাভ কৰিব । ধন সম্পদ বৃদ্ধিত আত্মসন্তুষ্টি লাভ কৰিব । বিদ্যাৰ্থীৰ নতুন যোগাযোগত লাভান্বিত হব লগতে কৃতিত্ব লাভ কৰিব। পুৰণি সমস্যাৰ সমাধানত সুখ প্ৰাপ্তিৰ যোগ দেখা যায়। ব্যৱসায়ত শুভাশুভ।
মীন ৰাশি( দ,চ): স্বাস্হ্যৰ প্ৰতি সচেতন হব । পুৰণি ৰোগৰ বাবে অশান্তি বাঢ়িব। ধন সঞ্চিত হব । ন্যায্য প্ৰাপ্তিত মানসিক সুখ শান্তি লাভ কৰিব । যানবাহন ক্ৰয়ত সুখ প্ৰাপ্তি । বিদ্যাৰ্থীৰ আশানুৰূপ ফল প্ৰাপ্তিত বাধাৰ সন্মুখীন হব লাগিব। কৰ্মত নতুন সংযোগ লাভ কৰিব। আধ্যাত্মিক, সামাজিক কাৰ্য্যত দায়িত্ব বাঢ়িব । পাৰিবাৰিক দিশত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হব। ৰাজনীতিত দায়িত্ব বাঢ়িব।