কেনে আছা তুমি ?
কেনে আছা তুমি ?
এটা গতানুগতিক প্রশ্ন,
কিন্তু অগতানুগতিক সময়ৰ অনুভৱ….
সদায় তো মনত নপৰে তোমাৰ কথা,
গতানুগতিকতাই মনত পেলাবই নিদিয়ে |
এতিয়া পলাশ ফুলাৰ বতৰ
সময় ৰাঙলী হোৱাৰ বতৰ
মৰমে কুঁহিপাত মেলাৰ বতৰ….
আৰু এতিয়াই হৃদয়ে বিচাৰে
সি প্রশ্নৰ উত্তৰ |
জানো, উত্তৰ বিচৰাটো বা পোৱাৰ আশা কৰাটোও অবান্তৰ…
তথাপি হৃদয়ত শেষ হয় জানো কাহানিবা প্রশ্নৰ ?
পলাশ ফুলিলেই সেই কথা মনত পৰে,
বুকুৰ তেজেৰেই যে লিখিছিলা ইতিহাস
পলাশৰ পাহিতেই থৈছিলা উশাহ
আৰু ক্ৰমান্বয়ে শেষ হৈ আহিছিল
আমাৰ, পলাশৰঙী অভিলাষ……
এতিয়া জীৱনৰ অপৰাহ্নতো ফুলিছে একেজুপি পলাশ,
একেই ৰং একেই পাত…..
যেন আমাৰ বুকুৰ তেজহে সানি লৈ গাত !
এতিয়াও মনত আছে, যাবৰ পৰত কোৱা কথাষাৰ —
“হয়তো মই নাথাকিম, বিচাৰি নাপাবা মোক
কেতিয়াও নুসুধিবা সময়ক, মইনো এতিয়া কাৰ ?
মাথো জানিবা জীয়াই থকালৈকে হৃদয়ৰ মৃত্যু নহয়,
আৰু ক’ৰবাত কিছু
তেজৰঙী আশাৰ….!!