গৰ্ভাৱস্থা এক লজ্জা নেকি ?

গৰ্ভাৱস্থা এক লজ্জা নেকি ?

 

দেৱীকা বৰপূজাৰী

হয়তো সমাজত এনে লোক কমেই ওলাব যিয়ে যিয়ে গৰ্ভৱতী মহিলাক দেখিলে মুখত নিজেই হাঁহি এটা নামাৰে ! এগৰাকী গৰ্ভৱতী মহিলাই তেওঁৰ উদৰত এটা সৰু জীৱন লৈ ঘূৰি ফুৰিছে, সেই দৃশ্যই আমাক সততে আবেগিক কৰি তোলে। হঠাতে আমি দায়িত্বশীল হৈ পৰো- দুৱাৰ খন খুলি দিওঁ, বহিবলৈ চকী এখন আগুৱাই দিওঁ, আৰাম পাবলৈ পিঠিত গাৰু বা কুশ্বন এটা দিব খোজো, পানী খাব নেকি সুধি লওঁ ; মুঠতে কিবা সহায় কৰিবলৈ কুণ্ঠাবোধ নকৰো। কিয় বাৰু ?
সকলোৱে জানে, কেঁচুৱা কৰ পৰা কিদৰে নাৰীৰ উদৰলৈ আহে। ই এক অসাধাৰণ অনুভৱ আৰু ভিন্ন ধৰণৰ এক সৌন্দৰ্য্য। আগৰ দিনত সকলোৱে জনা কথাটো ও লুকঢাক কৰি ৰাখে ; যেনে মায়ে তিনিদিন পাকঘৰত কিয় কাম নকৰে বুলি সুধিলে কৈ দিয়ে ” কুকুৰৰ গু গছকিলো, এইবোৰ অতি বেয়া কথা। সেইদৰেই,গৰ্ভৱতী নাৰীৰ বিষয়েও সৰু লৰা ছোৱালীক যি মন যায় ,তাকে সাজি সাজি কয়।
ডাঙৰ পেট টো লৈ ওলাই সোমাই ফুৰা নাৰী গৰাকীলৈ চাই বহুতো নাৰীয়েই আকৌ ফিচিঙা ফিচিং কৰে, যেন নিজে গৰ্ভৱতী হোৱাই নাছিল! পুৰুষৰ আগে পিছে গৰ্ভৱতী নাৰী থাকিলেতো কথাই নাই, সেই গৰ্ভৱতী য়ে লাজ পোৱাতকৈ দেখা গৰাকীৰ হে লাজ লাগে। কিয় বাৰু এই দুতৰপীয়া মনোবৃত্তি ?
মুম্বাই চহৰত অগণন গৰ্ভৱতী নাৰী দিনে নিশাই ঘূৰিব লগীয়া হয়- পুলিচ কনিষ্টবল, ডাক্তৰ, নাৰ্ছ, স্কুল কলেজত কাম কৰা, শাক পাছলি বেচা, ঘৰত কাম কৰিবলৈ অহা বাই, গেলামালৰ দোকানত বহা, বাটৰ দাঁতিত বৰা, পকৰি ভাজি থকা, চিটি বাছত, লোকেল ৰেল ত কামলৈ ওলাই অহা আৰু চিটি বাছৰ মহিলা কনডাক্টৰ,বিভিন্ন অফিচ আৰু বহুজাতিক কোম্পানীৰ কৰ্মৰতা, সৰু হৈ থকা লৰা ছোৱালী ক স্কুলত সেই পেট টোৰেই অনা নিয়া কৰা– মুঠতে কেৱে বেঁকা চাৱনি মাৰিব নলগীয়া কৈ এই সকল ঘূৰি ফুৰিব পাৰে।
আগৰ স্বামীবোৰে মানুহক দেখুৱাই পত্নীৰ যত্ন লবলৈ সংকোচ কৰিছিল, শাহু সকলৰো কথাটো মনঃপুত নাছিল। কিন্তু, এই সময় খিনিত স্বামীৰ সাহচৰ্য্য যে পত্নীৰ বাবে কিমান প্ৰয়োজন, সেই কথা প্ৰত্যক জনী নাৰীয়েই বুজে,আগৰ দিনতো হয়তো নাৰীয়ে বিচাৰিছিল কিন্তু আমাৰ ৰক্ষণশীল সমাজত সেই কথাটো মুখ খুলি কবলৈ বা আশা কৰিবলৈ কো সাহ নকৰিছিল।
সময় সলনি হ’ল যদিও আমাৰ মন কিন্তু বৰ সলনি হোৱা নাই। আজিৰ স্বামীয়ে গৰ্ভৱতী পত্নীৰ লগত ছাঁ হৈ থাকিব বিচাৰে, কাৰণ তেওঁলোকে ভাল দৰেই জানে-এই যে সংসাৰ খন বাঢ়িব খুজিছে, ইয়াত দুয়োৰে হাত আছে !
সেয়েহে আজি চেলিব্ৰেতি কাপল বোৰ লগে ভাগে ওলাই আহি আন স্বামী সকলকো অনুপ্ৰাণিত কৰিছে। সন্তান সম্ভবা এক মধুৰতম পৰ্য্যায়; কিছুমান আধুনিক গৰ্ভৱতী নাৰীয়ে ভয় কৰে, জানোচা তেওঁৰ এই স্লিম ত্ৰিম শৰীৰ মেডবহুল হৈ
অশুৱনি হৈ পৰে !
ইএফালে আকৌ মাতৃ গৰ্বৰে গৰ্বিত কৰিনাই নিতৌ ব্যায়াম কৰি দেখুৱাই – ‘ মাতৃত্বক আদৰিবলৈ তেওঁ সাজু’।
বাতৰিৰ শিৰোনামাত খলকনি তোলা বিৰাট কোহলি আৰু অনুসকা শৰ্মাই আঠ মহীয়া শৰীৰৰ সৈতে যোগাভ্যাস কৰে, লগতে বিৰাট কোহলি য়ে পত্নীৰ ভৰি দুখন ওপৰলৈ দাঙি ধৰাত সহায় কৰি দিয়া ছবি ভায়ৰেল হৈ গৈছে।
তদুপৰি আজি বজাৰত গৰ্ভৱতী নাৰীৰ বাবে আৰাম দায়ক বিভিন্ন সাজ আছে।
নাৰীয়ে নোৱাৰা একো কাম নাই যেতিয়া নাৰীৰ এই স্পৰ্শকাতৰ মুহূৰ্ত বোৰ ধৰি ৰাখিবলৈ কৰা স্বামীৰ প্ৰয়াস শলাগিব লগীয়া। অৱশ্যে, পত্নীৰ বাঢ়ি অহা পেট টোৰ ওপৰত পতিৰ হাত থকা ছবি বোৰ সকলোৰে দৃষ্টিত ভাল নালাগিবও পাৰে, সেয়া দেখোতা জনৰ নিজা কথা, কাৰন সকলোৰে মন বেলেগ।
২৩ বাৰকৈ ‘ Grand Slams’ বিজয়ী চেৰীনা উইলিয়ামে কয় ” খেলুৱৈ, উদ্যোগী, জীয়ৰী,ভগ্নী,পত্নী–আৰু এতিয়া মাতৃ ; মই জানো জীৱন সদায় সেউজীয়া নহয়, কিন্তু সময়ে যি দিছে তাক ধৰি ৰাখিবলৈ মই চেষ্টা কৰিছো”।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *