বিদূষী লেখিকা মধুমিতা বৰুৱা শইকীয়া
________
বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ । প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো । জন্ম, শিক্ষা, পেচা, দাম্পত্য জীৱন ইত্যাদি ।
উত্তৰ–ধন্যবাদ।ময়ো প্ৰতি নমস্কাৰ জনালো।
কবলৈ গ’লে মই এগৰাকী সাহিত্য আৰু সংগীত অনুৰাগী গৃহিণী। আমাৰ পৰিয়াল হিচাবে মোৰ স্বামী আৰু একমাত্ৰ জীয়ৰীৰ সৈতে সৰু সংসাৰ। স্বামী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া। জীয়ৰী বৰ্তমান নয়দাস্হিত পেংগুইন পাব্লিকেচন হাউচত কৰ্মৰত।
পেচাত মই এগৰাকী অধিবক্তা হিচাবে নগাঁও আদালতত কাৰ্যনিৰ্বাহ কৰিছিলো। বৰ্তমান গৃহিনী।
বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো । কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল ?
উত্তৰ-কবলৈ গ’লে কলেজৰ দিনতে অলপ লেখা মেলা কৰিছিলো যদিও সময়ত সেয়া অনভ্যাসৰ নামান্তৰ হলগৈ। তাৰপাছত দুই এটা মহিলা সাহিত্য অনুষ্ঠানৰ লগত জড়িত হৈ সাধাৰণ ভাৱে মনৰ সন্তুষ্টিৰ বাবে সাহিত্যৰ লগত একাত্ম হৈ পৰো।
দুহেজাৰ সাত মানৰ পৰা প্ৰায় নিয়মীয়া ভাৱে অসমবাণী আৰু অধুনালুপ্ত প্ৰিয় সখীত লিখিবলৈ ধৰো।
২০১৩ চনত ছোৱালীয়ে মোক ফেচবুক একাউণ্টটো খুলি দিয়ে। আচলতে তেতিয়াৰ পৰাই সাহিত্যৰ অনুৰাগ পুনৰ উজ্জীৱিত হৈ উঠে। কলমটোক খামুচি ধৰো। অৱসৰ বিনোদনৰ বাবেই সাধাৰণতে লেখা হয় যদিও সাতসৰী,গৰীয়সী, দৈনিক অসম কাকত, জনমভূমি, নন্দিনী,আইনা,পূজা বিহু সংখ্যাৰ আলোচনী আদিত লেখা প্ৰকাশ হৈছে । আপোনালোকৰ বিন্দুতো আগতে লেখা প্ৰকাশ হৈছে।
বিন্দুঃ এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে ?
উত্তৰ-অকপটে কবলৈ গ’লে সাহিত্যৰ দিশত বিশেষভাৱে উল্লেখনীয় একো কাম কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই। সেইখিনিৰ বাবে নিজকে এতিয়াও সফল আৰু উপযুক্ত বুলি নাভাৱো। সাহিত্য মোৰ অনুৰাগ আৰু অৱসৰ সময়ৰ সৰ্বোত্তম আকৰ্ষণহে আচলতে। সাহিত্য সম্পৰ্কীয় পৰিমণ্ডলত থাকি জীৱনটোক দিব পৰা খোৰাকী আৰু বৰ্ণিল অনুভৱ বুলি ভাৱো।
বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি !
সাহিত্য জীৱনৰ জলছবিৰ দৰে। সাহিত্যৰ মাজেৰে পৰিস্ফুট হয় সমাজৰ বিভিন্ন সৃষ্টি আৰু দৃষ্টি। সমাজৰ সাংস্কৃতিক কাঠামো সাহিত্যৰ মাজেৰেই পাদপ্ৰদীপলৈ ওলায় আহে। প্ৰাত্যহিক জীৱনধাৰাৰ সকলো দিশ, আবেগিক অনুৰণন যেনে ৰাগ অনুৰাগ, প্ৰেম প্ৰত্যয়,পংকিলতা , সংঘৰ্ষ, সংঘাট , মানৱীয় মূল্যবোধ আদিৰ নান্দনিক উপস্থাপনেই সাহিত্য।
বিন্দুঃ বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে তেওঁলোকে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে ?
উত্তৰ -ইতিবাচক দৃষ্টিভংগীৰে চাবলৈ গ’লে বৰ্তমান সাহিত্য সংস্কৃতিৰ জগতখন ন ন প্ৰতিভাৰ কঠীয়াতলী হৈ পৰিছে। নমস্য লেখকসকলৰ খোজ অনুসৰণ কৰি নতুনসকল আগবাঢ়ি গৈছে। তদুপৰি সাহিত্যৰ ধ্যানধাৰণাৰ আমূল পৰিবৰ্তন ঘটিছে। বহু ধৰণৰ পৰীক্ষা নিৰীক্ষাও চলিছে। সাহিত্য এতিয়া মাথো প্ৰেমৰ পৰিমণ্ডলতে আৱদ্ধ নহয়। বিজ্ঞান আৰু প্ৰযুক্তিও এতিয়া সাহিত্যৰ আকৰ্ষণীয় বিষয়বস্তু । বিশেষকৈ পৰিবৰ্তিত সামাজিক প্ৰমূল্য আৰু বৰ্তমানৰ জনসাধাৰণৰ মানসিকতাও এতিয়া সাহিত্যৰ অন্যতম বিষয় বস্ত।এক কথাত সাহিত্যৰ স্বৰূপ এতিয়া বিশাল ব্যাপ্তিৰ।
সাহিত্য এক সাধনা।সেইফালৰ পৰা অধিক অধ্যয়ন আৰু কৃচ্ছসাধনা নিশ্চিতভাৱে লাগিবই।
বিন্দুঃ এগৰাকী লেখিকা হিচাপে আপুনি আপোনাৰ লিখনিত কোনবোৰ কথাক প্ৰাধান্য দিয়ে ?
উত্তৰঃ এগৰাকী লেখিকাতকৈ মই নিজকে পাঠক বুলিয়েই ভাৱো। এতিয়া অৱশ্যে পঢ়া-শুনা কমিল। তথাপি কলমটো হাতত লৈ সুখী হৈ উঠো। মোৰ লিখনি সাধাৰণ।মোৰ সক্ষমতাই সাধাৰণ লেখনিকে সামৰি লয়। জীৱনৰ কথাবোৰেই মোৰ লেখনিৰ উপজীৱ্য।পৰীক্ষা নিৰীক্ষাৰ বিশাল ব্যাপ্তি মোৰ লেখনিয়ে চুব নোৱাৰে।হয়তো মোৰ সীমাবদ্ধতা। লেখা এটাৰ ক্ষেত্ৰত মই সদায়েই সাৱলীল প্ৰকাশ আৰু উপস্থাপনত গুৰুত্ব দিওঁ। লগতে ভাষাৰ ওপৰতো গুৰুত্ব দিওঁ।
বিন্দুঃ অসমৰ সমাজ জীৱনত নাৰীৰ মৰ্যাদা সম্পৰ্কে আপোনাৰ অভিজ্ঞতা কেনেকুৱা ? নাৰীৰ সমঅধিকাৰ প্ৰতিষ্ঠা হোৱা বুলি ভাবে নে ? অলপ বহলাই কওকচোন !
উত্তৰ -অসমৰ সমাজ জীৱনত নাৰীৰ মৰ্য্যদা তাহানিৰ পৰাই অক্ষত হৈ আছে। নাৰীৰ মৰ্য্যদা আচলতে নাৰীৰ নিজ কৰ্ম আৰু ব্যক্তিত্বৰে নিজেই আহৰণ কৰা সম্পদ। অধিকাৰ সম্পৰ্কে সচেতন হ’লেই নাৰীয়ে আপোনাআপুনি নিজকে মৰ্যদাপূৰ্ণ বুলি ভাবিব লাগে। নিজৰ স্হিতি আৰু অস্তিত্ব বজায় ৰখাৰ সমৰ্থতা নাৰীয়ে নিজে আহৰণ কৰিব লাগে। পুৰুষৰ লগত প্ৰতিযোগিতাত নামি নাৰীৰ সমধিকাৰ বিচৰা কথাটো হাস্যকৰ। পুৰুষ আৰু নাৰী ভিন্ন। ভিন্নতা মানিও পুৰুষৰ লগত সমিলমিলেৰে আৰু সমানে আগবাঢ়ি যোৱাৰ শক্তিশালী ভূমিকা ল’ব পৰাই সমধিকাৰ। বাস্তৱ ক্ষেত্ৰত আজি সেয়াই দেখা গৈছে। সকলো ক্ষেত্ৰতে এতিয়া নাৰী এটা স্বয়সম্পূৰ্ণ সত্বা। সন্তান ধাৰণ আৰু পালনৰ পৰা মহাকাশ গৱেষণালৈকে
এতিয়া নাৰীৰ জয়জয় ময়ময় যাত্ৰা।
বিন্দুঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব ?
উত্তৰ -পুৰুষৰ সংজ্ঞা নিৰুপন এগৰাকী নাৰী হিচাবে কৰিবলৈ গলে, এগৰাকী বন্ধু আৰু পথপ্ৰদৰ্শক। নাৰী যেনেকৈ অৰ্ধাকাশ পুৰুষ তেনেকৈ এখন মিলিত পৃথিৱীৰ পৰমবন্ধু।
বিন্দুঃ কিছুদিন আগত এইখন অসমতে পুত্ৰৰ দ্বাৰা অৱহেলিতা এগৰাকী মাতৃৰ কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হৈছিল । সৌ সিদিনা একে ঘটনাৰে পুনৰাবৃত্তি হোৱা দেখা গ’ল । অৱহেলিতা বৃদ্ধা মাতৃক প্ৰশাসনে চিকিৎসাৰ ব্যৱস্থা কৰিব লগা হ’ল । মানৱতাৰ এই অৱক্ষয়ক আপুনি কেনেধৰণে বিশ্লেষণ কৰিব ?
উত্তৰ -এয়া ভোগবাদ আৰু পৰিবৰ্তিত মানসিকতাৰ পৃথিৱী। ধাতৱ সংস্কৃতিৰ গ্ৰাসত মানুহৰ মাজত কোমল অনুভূতিৰ অপমৃত্যু ঘটিছে। মানুহৰ মাজত বিচ্ছিনতা ঘটিছে। সকলো এতিয়া আপোন সৃষ্ট পৃথিৱীৰ বাসিন্দা। সময় এতিয়া সংগীন।দয়া মমতা, দায়িত্ব কৰ্তব্যসমূহ এতিয়া পুৰণি মূল্যবোধ হৈ পৰিল। আন্তৰিকতা এতিয়া দুৰ্লভ হৈ পৰিছে। তাৰ পৰিপ্ৰেক্ষিতত এই অৱক্ষয় এতিয়া নতুন সময়ৰ ফচল।
বিন্দুঃ ল’ৰা সন্তানৰ সমানে কন্যা সন্তানকো ভাৰতীয় আইনে অধিকাৰ প্ৰদান কৰিছে পৈতৃক সম্পত্তিৰ । কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিবাহিতা কন্যা সন্তানে পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বৰ পৰা আঁতৰি থাকে । কি ক’ব আপুনি ?
উত্তৰ-ইয়াৰ আগৰ প্ৰশ্নটোৰ উত্তৰখিনিয়ে এই প্ৰশ্নৰ উত্তৰ হিচাবে প্ৰাসংগিক।
বিন্দুঃ শেহতীয়াভাবে ৰাজ্যত নাৰী সম্পৰ্কীয় এনে কিছু হিংসাত্মক ঘটনা দৈনিক পোহৰলৈ আহিব লাগিছে যিবোৰ আমাৰ সমাজৰ বাবে একেবাৰে খাপ নোখোৱা ধৰণৰ । এইক্ষেত্ৰত অবলা নাৰীও পিছপৰি থকা নাই । ডাবল মাৰ্ডাৰাৰ বন্দনা কলিতা তাৰ উদাহৰণ । আপুনি এনে অবাঞ্চিত ঘটনাবোৰৰ সম্পৰ্কত কি বক্তব্য ৰাখিব ?
উত্তৰ -এককথাত এয়া স্খলনৰ শেষ সীমা। এইদিশৰ পৰা চাবলৈ গ’লে আমি মানু্হ হিচাবে পৰিচয় দিয়াৰ যোগ্য হৈ থকা নাই।আমি লজ্জিত।ভোগবাদৰ আধিক্য আৰু নৈতিক ক্ষয়িষ্ণুতাৰ বলি হৈ নাৰীয়ে নিজৰ সত্বাৰ অপমৃত্যু নিজেই ঘটাইছে। এই অবাঞ্চিত কথাবোৰক ধিক্কাৰ দিয়াৰ লগতে আইনৰ কঠোৰতাৰ পোষকতা কৰো।
বিন্দুঃ শাহু আৰু বোৱাৰীৰ মাজৰ সংঘাট বা দ্বন্দ্ব আমাৰ সমাজত চিৰাচৰিতভাবে চলি আহিছে । এগৰাকী বোৱাৰী বা শাহু হিচাপে আপোনাৰ ব্যক্তিগত অভিজ্ঞতা ?
উত্তৰ-আৱহমানৰ কালৰে পৰা এই সম্পৰ্ক এক জটিল সম্পৰ্ক। আবেগিক টনা আজোৰাৰ এক মনোবৈজ্ঞানিক দ্বন্দ। মোৰ শাহু হিচাবে অভিজ্ঞতা নাই। বোৱাৰী হিচাবে মোৰ অভিজ্ঞতা ভাল। কাৰণ বোৱাৰী হিচাবে মোৰ আৰু শাহুৰ মাজত অধিকাৰৰ দম্ভ আৰু দ্বন্দ নাছিল।শাহু যিহেতু আগৰদিনৰ মহিলা আছিল তেখেতৰ সকলো দিহা মোৰ পচন্দৰ নাছিল যদিও অনিচ্ছাকৃতভাৱে হ’লেও প্ৰায়খিনি মানি লৈছিলো। সেইদৰে তেখেতেও মোৰ আধুনিক ধ্যান ধাৰণাবোৰ বুজিবলৈ চেষ্টা কৰিছিল। কেতিয়াবা মতানৈক্য হ’লেও মাক জীয়েকৰ দৰেই অতি সোনকালেই সকলো ঠিক হৈছিল।
বিন্দুঃ জীৱন আৰু প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা ?
উত্তৰ -মোৰ মতে প্ৰেম পৃথিৱীৰ অন্যতম ঐশ্বৰ্য। লগতে প্ৰেম হৈছে পৃথিৱীৰ অন্যতম আশ্বৰ্য। প্ৰেম ঈশ্বৰীয় অনুভৱ।
জীৱন এক যাত্ৰা।জীৱন এক অন্বেষণ। জীৱন এক যুদ্ধ।
জীৱনত সুখ আৰু সংঘাত আছে বাবেই জীৱন আকৰ্ষণীয়।
বিন্দুঃ জীৱনৰ এনে এক আকাংক্ষাৰ কথা কওক যাক আপুনি আহৰণ কৰিব নোৱাৰিলে, যিটোৰ বাবে হয়তো গোপন মনে এতিয়াও ব্যগ্ৰতা অনুভৱ কৰে ।
উত্তৰ-তেনেকুৱা একো নাই।অপ্ৰাপ্তি আৰু অতৃপ্তি নেওচি সুখী হৈ থাকিব পৰাকৈ জীৱন যাপন কৰাত মই বিশ্বাসী।
বিন্দুঃ আপোনাক যদি এই মুহূৰ্তত ঈশ্বৰে তিনিটা বৰ দিব বিচাৰে তেন্তে আপুনি কি কি বিচাৰিব ?
উত্তৰ-নাই।বৰ আদিৰ প্ৰতি মোৰ মোহ নাই।মোৰ কোনো প্ৰত্যাশা নাই।নিজে নিজতে মগন মহিলা মই।
বিন্দুঃ ধৰি লওক এটা জনপ্ৰাণীহীন দ্বীপত আপোনাক নিৰ্বাসন দিয়া হ’ল । লগত কি বিচাৰিব আপুনি ?
উত্তৰ -পুৰণি হিন্দী চিনেমাৰ গান আৰু লগত মোৰ পৰিয়ালটো।যদি পৰিয়াল মঞ্জুৰ নহয়,তেনে পৰিয়াল পৰিজনৰ স্মৃতি।লগতে প্ৰিয় কিতাপ দুখনমান।
বিন্দুঃ প্ৰিয় ফুল ?
স্হলপদ্ম
বিন্দুঃ প্ৰিয় মানুহ ?
ভদ্ৰতা জনা মানুহ। লগতে অনুভূতিসম্পন্ন মানুহ।
বিন্দুঃ প্ৰিয় ৰাজনৈতিক নেতা ?
শৰৎ সিংহ ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া।
বিন্দুঃ প্ৰিয় ৰং ?
হালধীয়া আৰু বেঙুনীয়া।
বিন্দুঃ প্ৰিয় ঠাই ?
নগাঁও
বিন্দুঃ প্ৰিয় কিতাপ ?
দেওলাংখুই, কোমল গান্ধাৰ ,বুঢ়ীআইৰ সাধু।
বিন্দুঃ প্ৰিয় সাহিত্যিক ?
ড: ভৱেন্দ্ৰ নাথ শইকীয়া।
বিন্দুঃ প্ৰিয় ব্যঞ্জন ?
মাছৰ টেঙা
বিন্দুঃ প্ৰিয় সময়
নিজৰ সৈতে আত্মলাপ কৰাৰ সময় খিনি।
বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনলো । আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওক তাৰে কামনা কৰিছো ।
উত্তৰঃ ধন্যবাদ। মোক আপোনালোকে দিয়া এই সন্মানৰ বাবে আজীৱন কৃতজ্ঞ হৈ থাকিম।
লগতে আপোনালোকৰ সকলোকে ধৰি বিন্দুৰ সাৰস্বত যাত্ৰাৰ বাবে থাকিল অপাৰ শুভকামনা। ধন্যবাদ।
(বিন্দুৰ হৈ সাক্ষাৎগ্ৰহণ কৰিলে দীপ্তি দেৱী কোঁৱৰ- এ ।)