মধুমিতা বৰুৱা শইকীয়া ।
বামণীমৈদাম গুৱাহাটী২১
৯১০১৩৪৯৫২৯
…..কাকলিয়ে নকয় ৷ মনত বদ্ধমূল ধাৰণা হৈ বহি থকা কেৰোণবোৰ আঁতৰাই পেলাবলৈ মানুহক পৰিবেশ দিব লাগে ৷ মুকলি বাতাবৰণ ৰচিব লাগে ৷ জীৱনক পৰাপক্ষত যুদ্ধক্ষেত্ৰ কৰি তুলিব নালাগে ৷ যিমানখিনি পৰা যায় বন্ধ খিৰিকিবোৰ খুলিবলৈ চেষ্টা কৰিব লাগে ৷ ৰুদ্ধশ্বাসত জীৱন নাথাকে ৷….
“…বেটাৰ লেইট দেন নেভাৰ…কাকলিয়ে হাঁহি এটা মাৰি নিজকে ক’লে ৷ জীৱনে কাকো বিমুখ নকৰে ৷ অলপ কৌশল লাগে, ধৈৰ্য লাগে জীৱন জুৱাত জিকিবলৈ ৷ তাই বাজীত জিকিছে ৷ পাছে বাজী কোনো প্ৰতিযোগিতাৰ নহয়।পৰম প্ৰত্যাশাৰ। প্ৰীতমৰ মনৰ ভ্ৰান্ত ধাৰণাবোৰ নোহোৱা হৈছে। প্ৰীতমৰ মনৰ কজলা ডাৱৰ লাহে লাহে আতৰি গৈ এখন নিৰ্মল আকাশ হৈছে। ইয়াতকৈ আৰু কি লাগে।…”
পুৰুষ আৰু নাৰীৰ মাজত প্ৰকৃতি পুৰুষৰ সমন্ধৰ বাহিৰে কোনো বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিব নোৱাৰে……
কথাবোৰ শুনি সহি যোৱাৰ বাহিৰে কাকলিৰ কোনো উপায় নাছিল ৷ যুক্তি আগবঢ়াই কথাষাৰ খণ্ডন কৰিব পৰাকৈ তাই বাকপটুও নাছিল৷
সিহঁতৰ বিয়া ঠিক হৈ আছিল যদিও তাইৰ ষষ্ঠ ইন্দ্ৰিয়ত কিবা এটা আশংকাই যেন টুকুৰিয়াইছিল ৷
একেটা অফিচতে কাম কৰাৰ বাবে গেট টুগেডাৰ, গ্ৰুপ মিটবোৰত সঘনাই সিহঁতে ঘনিষ্ঠ হোৱাৰ সুযোগ পাইছিল ৷ সুযোগ পাইছিল ইজনে সিজনৰ মনৰ বুজ লোৱাৰ ৷ এদিনৰ কথা, অফিচৰ পাৰ্টিটো জমি উঠিছিল ৷ স্থান কাল পাহৰি আটাইবোৰ লগ হৈ সিহঁতে নাচিবলৈ ধৰিছিল আধা পাচি ভুল মুদ্ৰাৰ ভাংৰা নাচ ৷ সন্ধিয়াটো গমগমাই উঠিছিল পাঞ্জাৱী হিট গীতৰ লহৰত- হায়ৈ ৰাব্বা হায়ৈ ৰাব্বা….৷
প্ৰীতমে কাণে কাণে কাকলিক কৈছিল, ‘বাহিৰৰ কেইজনমান আহি পাইছে কাকলি, এতিয়া আৰু নাচিব নালাগে দিয়া ৷ বাহিৰৰ মানুহবোৰৰ লগত নানাচিলেও হ’ব দিয়াছোন ৷ নিজৰ কলিগৰ লগত কথাটো বেলেগ ৷’
অলপ পৰ তবধ মাৰি ৰৈ গৈছিল কাকলি ৷ এৰা, হয়তো প্ৰীতমে ঠিকেই কৈছে ৷ তাইৰ নিজৰো সংস্কাৰে কিছুমান বাধা নিষেধ তাইৰ মূৰত সুমুৱাই থৈছেই ইতিমধ্যে ৷ কিন্তু পাৰ্টিটোতো আছিল সম্পূৰ্ণ শালীন আৰু নিৰ্মল বাতাবৰণৰ ৷ নাছিল কোনো সম্ভ্ৰমহীন শব্দৰ কোলাহল অথবা উচ্ছৃংখল আদিম অভিব্যক্তি ৷ আছিল মাত্ৰ জনাই নজনাই লৰচৰ কৰা হাতভৰিৰ আনন্দোচ্ছল সঞ্চালনহে ৷ কাৰো নিশ্বাসত উৰি অহা নাছিল সোমৰসৰ টেঙা টেঙা গোন্ধ ৷
মাত্ৰ প্ৰীতমেহে গৈ এচুকত বাদাম চোবাই চোবাই গিলি আছিল গিলাছৰ পিছত গিলাছ দামী সুৰা ৷
পাছলৈ এনে অভিজ্ঞতা তাইৰ বহুবাৰ হৈছিল ৷ প্ৰতিবাদ কৰা নাছিল তাই কেতিয়াওঁ ৷ সময়ৰ হাতত নিজৰ ভাগ্য এৰি দি তাই জীৱনৰ আটাইতকৈ ডাঙৰ জুৱাৰ বাজীত নামিছিল ৷ চাৰিজনীকৈ বিবাহযোগ্যা কন্যাৰ গধুৰ দায়িত্বৰ পৰা দেউতাকক কিছু সকাহ দিয়াৰ মানসেৰে তাই লৈছিল এই সমৰ্পণৰ ভূমিকা ৷
তাৰোপৰি প্ৰীতমৰ অলপ হকা বাধা কৰা স্বভাৱৰ বাহিৰে আন কোনো আপত্তি কৰিবলগীয়া কথাও নাছিল ৷ বিয়া হৈ গৈছিল সিহঁতৰ ৷ বিবাহিত জীৱনৰ তিতা- মিঠা মাদকতাময় অভিজ্ঞতাৰ মাজত এনেবোৰ কথা ভাবি থাকিবলৈ আজৰিও নাছিল ৷ সুন্দৰকৈ সংসাৰ চলিছিল ৷ মৰম চেনেহ, দায়বদ্ধতা পালন কৰি তাইক সুখী কৰাৰ ক্ষেত্ৰত প্ৰীতমে চেষ্টাৰ ত্ৰুটি কৰা নাছিল ৷
একান্তভাবে লগপোৱাৰ বহু কেইটা বছৰৰ বিৰতিত কাকলিয়ে বুজি উঠিছিল প্ৰীতমে তাইক পৰম বিশ্বাস কৰে ৷ এইযে প্ৰীতমে তাইক আবৰি ৰাখিব বিচাৰে, ইয়াৰ অন্তৰালত আছে প্ৰীতমৰ এক অসহজ নিৰাপত্তাহীনতাবোধ ৷ তাৰ বাহিৰে আন একো নহয় ৷ কোনো বাকবিতণ্ডাৰ অৱতাৰণা নকৰি তাই সহি গ’ল অজানিতে কৰা প্ৰীতমৰ সৰুতে আহৰণ কৰা কিছু মনোবৈজ্ঞানিক আচৰণৰ ভুলভালবোৰ ৷
জীৱন জুৱা ৷ কৌশলেৰে খেলিলে অথবা ভাগ্যই লগ দিলে জুৱাত জিকিব পাৰি ৷ ভগৱানে চাই থাকে মনুষ্যৰ লটি- ঘটিবোৰ ৷
জীৱনে বাৰে বাৰে সুযোগ দিয়ে।স্হিতপ্ৰজ্ঞ মনন থাকিলে,সুযোগ বোৰ সঞ্জীৱনীও হ’ব পাৰে।কাকলি একপ্ৰকাৰ মনস্বিনী। মনত মাধুকৰী থাকিলে, জীৱনক সজাব পাৰি ।কিছু কৌশল আৰু কিছু এৰাধৰাৰে।
কাকলিহতঁৰ চুবুৰীলৈ আশীৰ্বাদ হৈ আহিল এটা যোগকেন্দ্ৰ।কাকলিয়ে এনেয়েও মনে মনে ভাবি আছিল,এনে এটা কথাই। মনৰ বেমাৰ নাথাকিলেও কেতিয়াবা মনৰ একোণত কিছুমান ভ্ৰান্ত প্ৰত্যক্ষৰ প্ৰভাৱ সোমাই থাকে । জেদ বাদ আতঁৰাই তাই প্ৰীতমৰ অন্তৰখন পঢ়িছিল।অভাৱনীয় ভাবে কাকলিয়ে উদ্ধাৰ কৰিছিল, প্ৰীতমৰ ভাৱৰ অভিকেন্দ্ৰটো আছিল মাক। প্ৰীতমৰ বৰমাকৰ ওচৰত তাই প্ৰীতমৰ নিৰাপত্তা হীনতাৰ কথা কৈছিল। কৈছিল প্ৰীতমে কেনেকৈ তাইক অনবৰতে নিজৰ দখলত ৰাখিব বিচাৰে।আৰু বহুতো কিবাকিবি। সহানুভূতিৰে প্ৰীতমৰ বৰমাকে কাকলিৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰিছিল। তেওঁ দেখিছিল কোমল মনা বোৱাৰীজনীয়ে কেনেকৈ ৰুদ্ধশ্বাসৰ মাজেৰে জী আছিল।মনে সহা নাছিল তেখেতৰ।উপায়ন্তৰ বৰমাকে মনে মনে কৈছিল জায়েকৰ বিবাহ বৰ্হিভূত প্ৰেমৰ সম্পৰ্কৰ কথা। উপায়হীন হৈ পৰকীয়া প্ৰেমৰ মাজতে সেইগৰাকী নাৰীয়ে পাৰ কৰিছিল জীৱনৰ ৰুক্ষ সময়বোৰ। প্ৰীতমৰ দেউতাক আছিল মদমত্ত পুৰুষ। নৰক কৰি পেলাইছিল পত্নীৰ জীৱন। প্ৰীতমৰ মাকে দেউতাকৰ লগত মাথো প্ৰীতমৰ বাবেই সম্পৰ্কটো ৰাখিছিল যদিও তেওঁ মৰম বিচাৰি বাউলী হৈছিল। কিছু প্ৰতিবাদী হৈছিল। পাছে লক্ষণৰেখা চিঙি যোৱাৰ সাহস নাছিল তেওঁৰ।সকলোৰে অৱগত আছিল সেই অসামাজিক সম্পৰ্ক। কোনেও মুখ খুলি একো সোধাৰ প্ৰয়োজন অনুভৱ কৰা নাছিল। মদমত্ত পুৰুষৰ জ্বলন্ত উদাহৰণ আছিল প্ৰীতমৰ দেউতাক।সকলোৱে প্ৰকাশ্যে মানি লৈছিল প্ৰীতমৰ মাকৰ সেই সম্পৰ্ক। আনকি প্ৰীতমৰ দেউতাকেও শেষ বয়সত উপলব্ধি কৰিছিল পত্নীৰ স্খলনৰ মূল কাৰণ আচলতে দেউতাক নিজেই।
সৰুতে অনুমান কৰিব পৰা নাছিল যদিও লাহে লাহে উমান পাইছিল মাকৰ পৰকীয়া প্ৰেমৰ কথা। অনুমান সত্য নে সন্দেহ সেয়া প্ৰীতমৰ বোধগম্য হোৱা নাছিল । তেতিয়া সি বুজা নাছিল যে,খেয়ালী দেউতাকৰ অৱহেলা আছিল মাকৰ পৰকীয়া প্ৰেমৰ প্ৰথমটো কেৰোণ। মাকৰ প্ৰতি বীতশ্ৰদ্ধ আছিল প্ৰীতম। আচলতে এক অপ্ৰকাশিত মানসিক যন্ত্ৰনা ইমান বছৰে প্ৰীতমে কঢ়িয়াই ফুৰিছে। হয়তো সেই যন্ত্ৰনা এতিয়া ব্যাধিহৈ পৰিছে প্ৰীতমৰ।আচলতে পুৰণি অৱচেতন স্মৃতি কেতিয়াবা মনগহনত খোদিত হৈ
ৰৈ যায়।
প্ৰীতমৰ বৰমাকে কোৱা কথাবোৰ শুনাৰ পাছত
কাকলিৰ মনত সুমুৱাই থোৱা ক্ষোভখিনি প্ৰশমিত হৈছিল।
যোগ কেন্দ্ৰটো যেন এটা মনৰ বতৰাহৈ কাকলিৰ মূৰলৈ সমাধানসূত্ৰ হৈ আহিল।চেগবুজি কাকলিয়ে
কেতিয়াবা জোৰ কৰি প্ৰীতমক তালৈ পঠিয়াই দিয়ে। কাকলিয়ে জানে যোগে শৰীৰৰেই নহয়, মনৰো উৎকৰ্ষ সাধন কৰে ৷ মনৰ পৰিসৰ বঢ়ায় ৷ কাকলিৰ আজিকালি নিজকে প্ৰীতমৰ মাক যেন লাগে ৷ যোগকেন্দ্ৰৰ ছোৱালী, মহিলাসকলৰ লগত প্ৰীতমে মুকলি মনেৰে হাঁহি- ধেমালি কৰে ৷ কোনোবাজনী এতিয়া তাৰ ভনী, কোনোবা জনী তাৰ ভাল বান্ধৱী ৷ এই সহজ সম্পৰ্কবোৰ এতিয়া প্ৰীতমৰ বাবে সঞ্জীৱনী হৈ পৰিছে ৷ কাকলি সিহঁতৰ এতিয়া সমূহীয়া বৌ ৷ ঘৰৰ সকলো অনুষ্ঠানলৈ ছোৱালীবোৰ আহে ৷ খোৱা- বোৱা কৰে, তাইৰ লগত ধেমালি কৰে, প্ৰীতমৰ ওচৰত আবদাৰ তোলে ৷ কোনোবাজনীক ঘৰত থ’বলৈ কাকলিয়ে প্ৰীতমক পঠিয়ায় ৷ গাড়ীত কাষৰ চিটতে বহুৱাই প্ৰীতমে সিহঁতক থৈ আহে ৷ কেতিয়াবা আহি কয়, ‘ আজি বাটত জুমিয়ে ক’ল্ড কফি খুৱালে জানা’ ৷ কাকলিয়ে উৎসাহেৰে কৈ উঠে, ‘ ইয়ে মজা ভাই ৷’ কেতিয়াবা অৱশ্যে পুৰণি কথাষাৰ প্ৰীতমৰ আগত দোহাৰিবলৈ মন যায়, ‘ এসময়ত পুৰুষ নাৰীৰ মাজত বন্ধুত্ব হ’ব নোৱাৰে বুলি কৈছিলাচোন ৷’
কাকলিয়ে নকয় ৷ মনত বদ্ধমূল ধাৰণা হৈ বহি থকা কেৰোণবোৰ আঁতৰাই পেলাবলৈ মানুহক পৰিবেশ দিব লাগে ৷ মুকলি বাতাবৰণ ৰচিব লাগে ৷ জীৱনক পৰাপক্ষত যুদ্ধক্ষেত্ৰ কৰি তুলিব নালাগে ৷ যিমানখিনি পৰা যায় বন্ধ খিৰিকিবোৰ খুলিবলৈ চেষ্টা কৰিব লাগে ৷ ৰুদ্ধশ্বাসত জীৱন নাথাকে ৷
‘হেৰা কাকু কিমান আৰু কাম কৰি থাকা? সমীৰক মাতি আনি ছবি আঁকিবলৈ আৰম্ভ কৰাচোন ৷নিজৰ বেষ্ট ফ্ৰেইণ্ড ইমান ডাঙৰ আৰ্টিষ্ট, নিজৰ হবিটো পুনৰ আৰম্ভ কৰিবলৈ তাৰ পৰা সহায় ল’ব পাৰা নহয় তুমি….’
বেটাৰ লেইট দেন নেভাৰ…কাকলিয়ে হাঁহি এটা মাৰি নিজকে ক’লে ৷ জীৱনে কাকো বিমুখ নকৰে ৷ অলপ কৌশল লাগে, ধৈৰ্য লাগে জীৱন জুৱাত জিকিবলৈ ৷ তাই বাজীত জিকিছে ৷ পাছে বাজী কোনো প্ৰতিযোগিতাৰ নহয়।পৰম প্ৰত্যাশাৰ। প্ৰীতমৰ মনৰ ভ্ৰান্ত ধাৰণাবোৰ নোহোৱা হৈছে। প্ৰীতমৰ মনৰ কজলা ডাৱৰ লাহে লাহে আতৰি গৈ এখন নিৰ্মল আকাশ হৈছে। ইয়াতকৈ আৰু কি লাগে।
মুক্ত মনেৰে প্ৰীতমৰ জীৱনলৈ তাই মেলি দিছে এসোপা শুভকামনা আৰু এটি প্ৰেমৰ পাৰিজাত।…