আপোনাৰ পাচলি বাৰীখন

আপোনাৰ পাচলি বাৰীখন

ববিতা কলিতা

অসমীয়া মানুহৰ প্ৰত্যেকৰে সৰুকৈ হলেও তামোল পাণৰ বাৰী এখন আছিল । তাতেই বাঁহ, বেতকে আদি কৰি বিভিন্ন ঔষধি গছ-বনৰ লগতে ফলমূলৰ গছ আৰু অসংখ্য প্ৰজাতিৰ শাক- পাচলি ভৰি আছিল । আগ চোতাল, পাছ চোতালৰ লগতে পদূলিত হাঁহ চৰিব পৰাকৈ আৰু থাওকতে মাছ ধৰি খাব পৰাকৈ একোটা পুখুৰীও আছিল । আজিৰ পৰা ৫০ বছৰ আগৰ পৰিয়ালবোৰৰ ছবি অন্ততঃ এনেকুৱাই আছিল । কি নাছিল ঘৰ এখনত ? ওপৰত উল্লেখ কৰি অহাবোৰৰ উপৰি প্ৰত্যেকৰে আছিল ভঁৰালঘৰ, ঢেকীশাল, তাঁতশাল, গোহালীঘৰ, খৰি থোৱা ঘৰ, খেৰৰ পুঁজি…। পদূলিত ঠিয় হৈয়ে অনুভৱ কৰিব পৰা গৈছিল একোখন ঘৰৰ সমৃদ্ধি ।

এতিয়া বহু কথাৰে সলনি হ’ল । আধুনিক যন্ত্ৰৰ আগমনে বহু কথাকে অপ্ৰয়োজনীয় কৰি পেলালে । ৰান্ধনিঘৰৰ খাদ্য বস্তু নিজেই উৎপাদন কৰি লোৱা মানুহবোৰ এতিয়া বজাৰৰ ওপৰত নিৰ্ভৰশীল হ’ল । কেৰাচিন আৰু নিমখৰ বাহিৰে একোকে নিকিনা মানুহবোৰে এতিয়া সকলো বস্তুৰ বাবে কান্ধত মোনাখন লৈ বজাৰলৈ লৰ মৰা হ’ল । অথচ অলপ কষ্ট কৰিলেই অপতৃণেৰে ভৰি থকা কাষৰ মাটিডৰাত আমি জলকীয়া, বেঙেনা, লাই-পালেং আদি কৰিব পাৰো ।

এনে এখন বাগিচাৰ পৰা আমি কেনেদৰে লাভবান হ’ব পাৰো বাৰু ?

১) স্বাস্থ্যসন্মত আহাৰঃ
নিজহাতে ঘৰতে উৎপাদন কৰা সেউজীয়া শাক পাচলি সদায় স্বাস্থ্যসন্মত হয় । বজাৰৰ ভেজেলুৱা পাচলিৰ বিপৰীতে ই নিৰোগী শৰীৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

২) খৰচ ৰাহিঃ
হাত মেলিলেই থাওকতে ঢুকি পোৱা পাচলিৰ বাগিচাখনত উৎপাদিত কৃষিজাত সামগ্ৰীয়ে ঘৰুৱা খৰচ ৰাহি কৰিব পাৰে ।

৩) প্ৰাকৃতিক উৎপাদনঃ
নিজৰ বাৰীত কৰা খেতিডৰা যিহেতু প্ৰাকৃতিক পদ্ধতিৰে কৰা হয় আৰু ইয়াত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ কৰা নহয়, সেয়ে ই প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰাত সহায় কৰে।

৪) পৰিয়ালৰ বন্ধনঃ
এনে বাগিচা এখনত ব্যস্ত হৈ থাকি মনত যথেষ্ট প্ৰশান্তি পোৱা যায় । ইয়ে পৰিয়ালৰ সদস্যসকলৰ মাজত এক সামূহিক আনন্দ প্ৰদান কৰে । এনে সমূহীয়া প্ৰচেষ্টাই পৰিয়ালৰ সকলো সদস্যৰ মাজত এক উপৰঞ্চি আন্তৰিকতাও গঢ়ি তোলে । ইজনে সিজনৰ লগত সময় কটোৱাৰ পৰিৱেশ ৰচনা কৰে ।

৫) শিক্ষাৰ মাধ্যমঃ
এনে বাগিচা এখনৰ জৰিয়তে পৰিয়ালৰ শিশু সদস্যসকলে খেতিৰ প্ৰকৃতি আৰু প্ৰাকৃতিক জগতৰ বিষয়ে জ্ঞান আহৰণ কৰে, যিটো তেওঁলোকৰ বাবে তথ্যসমৃদ্ধ।

এইদৰে একোটা পৰিয়ালত এখন সৰু পাচলিৰ বাগিচাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যিটো শাৰীৰীক, অৰ্থনৈতিক, পাৰিপাৰ্শ্বিক আৰু সামাজিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ।

পাকঘৰৰ বাৰীত তলত দিয়া শাক-পাচলিবোৰ আৰু শস্য অনায়াসে ৰোপণ কৰিব পাৰে:

১/ বিলাহী : ই হৈছে খোৱাৰ টেবুলৰ এবিধ অপৰিহাৰ্য ফল যিটোৰ খেতি বাৰীত সহজে কৰিব পাৰি। ইয়াৰ বাবে ভাল বালিচহীয়া মাটিৰ প্ৰয়োজন।

২) কেপচিকাম: পাচলিৰ বাগিছাখনত সহজে কেপচিকাম খেতি কৰিব পাৰি। ইয়াৰ বাবে ভাল পানী নিষ্কাশন কৰা মাটি আৰু ডাঠ সূৰ্য্যৰ পোহৰৰ প্ৰয়োজন।

৩) গাজৰ: গাজৰৰ বাবে উপযুক্ত সূৰ্যৰ পোহৰ আৰু সঠিক পৰিমাণৰ পানীৰ প্ৰয়োজন। ইয়াৰ বাবেও বালিচহীয়া মাটি ব্যৱহাৰ কৰাটো উপযুক্ত।

৪) মেথি: বাৰীত মেথি ৰোপণ কৰিব পাৰি। ইয়াৰ বাবে মিহি মাটিৰ প্ৰয়োজন।

৫) পিঁয়াজ: নিজৰ বাৰীখনতে পিঁয়াজো ৰোপণ কৰিব পাৰি। ইয়াৰ বাবে উপযুক্ত পৰিমাণৰ পানীৰ প্ৰয়োজন।

৬) পোৱাল বেঙেনা: বাৰীখনত পোৱাল বেঙেনাৰ খেতি কৰিব পাৰি। ইয়াৰ বাবে উপযুক্ত পৰিমাণৰ পানীৰ প্ৰয়োজন। অলপ যতন ললে ই খুব লাগে ।

৭) কবি: বিভিন্ন প্ৰকাৰৰ কবিও ৰোপণ কৰিব পাৰি। ইয়াৰ বাবে উপযুক্ত সূৰ্যৰ পোহৰ আৰু উপযুক্ত পৰিমাণৰ পানীৰ প্ৰয়োজন।

৮) জলকীয়াঃ আজিকালি জলকীয়াৰ দাম বজাৰত বহুত । সৰু পৰিয়াল হ’লে এজোপা দুজোপা হলেই যথেষ্ট । ভোট জলকীয়া হলেতো কথাই নাই, নিজে খোৱাৰ উপৰি আনকো দিব পাৰিব ।

এয়া উদাহৰনবৰ বাবেহে দিয়া হৈছে । ইয়াৰ উপৰিও অসংখ্য পাচলি আৰু শাক আপুনি লগাব পাৰে যিবোৰ উৎপাদন কৰি নিজৰ প্ৰয়োজন পুৰ কৰাৰ লগতে চুবুৰীয়াকো যোগান ধৰিব পাৰি । তিয়ঁহ, জিকা, ভোল, লাউ, কোমোৰা, উৰহী, ভাত কৰেলা আদি ঘৰৰ চালখনতে তুলি দিও আমি খাদ্যবস্তুৰ ক্ষেত্ৰত স্বাৱলম্বী হ’ব পাৰো ।
আজৰি সময়খিনি হামিয়াই হিকতিয়াই থকাতকৈ কথাটো দকৈ লৈ এবাৰ ট্ৰাই কৰি চাওঁকচোন !!

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *